July 25, 2024

Baikho Festival | বসন্তকালীন উৎসৱ ‘বাইখো পূজা’

ৰাভাসকলৰ বসন্তকালীন উৎসৱ ‘বাইখো’

ৰাভাসকলৰ একপ্ৰকাৰৰ বসন্তকালীন উৎসৱ হ’ল ‘বাইখো’৷ ‘বাইখো’ৰ কেইবাটাও ৰূপ বা নাম আছে। যথা— দাদুৰি, নাকাতি, ছুচাৰি, তামাই, বাইখো অথবা খোকচি। ভিন ভিন পূজাত আনুষংগিক দেৱী হিচাপে এওঁলোক পূজিত হয় যদিও মায়তাৰি ৰাভাৰ বাইখো (জেঠ মাহৰ পূৰ্ণিমাত উদ্‌যাপিত) আৰু দাহৰি ৰাভাৰ খোকচি পূজাতহে প্রধানভাৱে এওঁলোক পূজিত হয়। এই উৎসৱৰ প্ৰথম দিনটোক ‘নক খি’থাৰ কায়’ অর্থাৎ ঘৰ শুদ্ধিকৰণ বুলি কোৱা হয়। এই দিনটোত ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰা হয়। সেই দিনটোতে ওজাপালিয়ে গীত গোৱা আৰম্ভ কৰে। সন্ধিয়া হ’লে বাটি এটাত পিঠাগুৰি লৈ মংগলসূচক গীত গাই গাঁৱৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰৰ চালে চালে পিঠাগুৰি ছটিয়ায়। তেনে কৰিলে ৰাভাসকলৰ বিশ্বাস অনুসৰি খোক্‌চি দেৱীয়ে পূজা খাবলৈ আহে। চালত পিঠাগুৰি ছটিওৱা কাৰ্যক ‘নক্ জুমকায়’ বোলা হয়। এই কাৰ্য কৰি কৰি ওজাই সকলোকে বাইখো উৎসৱত ভাগ ল’বলৈ আহ্বান জনায়। এনেদৰেই ৰাভাসকলৰ বাইখো উৎসৱ আৰম্ভ হয়। দ্বিতীয়দিনাক ভৰ বা পূজা দিন বোলা হয়। বাইখো দেৱী আৰু অন্যান্য দেৱ-দেৱীক দ্বিতীয় দিনা পূজা কৰা হয়। এই দিনটোতে ‘হৈমাৰু’ নামৰ একপ্ৰকাৰৰ গীত গোৱা হয়। ওজাই এই গীতবোৰ নাগায়। পূৰ্বতে নিযুক্ত ‘গীতালি’ দুজনে এই গীতবোৰ পৰিৱেশন কৰে। এই গীতৰ লগে লগে ভেকুলীৰ দৰে জঁপিয়াই জঁপিয়াই কৰা একপ্রকাৰৰ নৃত্য দেখা যায়। ৰাভাসকলৰ বিশ্বাস অনুসৰি এনে কৰিলে মেঘে বৰষুণ দিয়ে। হৈমাৰ গীতৰ জৰিয়তে বসুমতীক উৰ্বৰা হ’বলৈ প্ৰাৰ্থনা জনোৱা হয়। বাইখো উৎসৱৰ বাহিৰে আন উৎসৱ-অনুষ্ঠানত ‘হৈমাৰু’ গীতবোৰ গোৱা নহয়।

বাইখো উৎসৱ ৰাভাসকলৰ এক আনন্দমুখৰ জনপ্ৰিয় উৎসৱ। নতুন বছৰটোক আদৰণি জনোৱাৰ লগতে কৃষিভূমিৰ উৰ্বৰা শক্তি বৃদ্ধি কামনা কৰি লক্ষ্মীদেৱীক আদৰি ল’বলৈ এই উৎসৱ পালন কৰা হয়। প্রাচীন কালত ব’হাগ মাহত এই উৎসৱ পালন কৰা হৈছিল যদিও বৰ্তমান জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। পূৰ্বতে এই উৎসৱ এসপ্তাহ ধৰি পালন কৰা হৈছিল যদিও বৰ্তমান কেৱল তিনিদিন নাইবা চাৰিদিন ধৰিহে এই উৎসৱ পালন কৰা হয়। “বাইখো পূজাৰ আগদিনা চাৰি-পাঁচজন বয়স্কলোকে দল বান্ধি দেৱস্তুতি আৰু ৰাভাসকলৰ বীৰ বীৰাংগনাসকলৰ স্মৃতি বিজড়িত কাহিনী গীত গাই গাই গাঁৱৰ প্ৰতি ঘৰে ঘৰে যায় আৰু দান-দক্ষিণা সংগ্ৰহ কৰে। বিৰামহীনভাৱে চলা এই অনুষ্ঠান পাছৰ দিনালৈকে চলি থাকে। ইয়াকে ‘হয়মাৰু’ গীত বোলে। এই গীত প্রথমে মূল পূজাৰীৰ ঘৰত আৰম্ভ কৰি পাছতহে অইনৰ ঘৰে ঘৰে গায়। এই গীতবোৰৰ লগত ঢাক, ডাইদি, ব্রাংচিং, খুতিতাল সংগত কৰে। দদান, মাৰুক্ষেত্ৰী, চম্পায়, দাদুৰী, চাচুৰী, জিমাৰী, ৰংবদী, নাকাতি, তামাই আদিৰ কথা বা আখ্যানেৰে এইবোৰ কাহিনী গীত।”’ৰাভাসকলৰ বাইখো উৎসৱৰ লগত জড়িত গীতক দুটা ভাগত ভাগ কৰিব পাৰি— (ক) হৈমাৰু গীত আৰু (খ) ছাথাৰ গীত। হৈমাৰ গীতক অতি পৱিত্ৰ বুলি বিশ্বাস কৰা হয়। তাত যৌনতাৰ প্ৰসংগ থাকিব নোৱাৰে। এই গীত অতি পৱিত্ৰ আৰু শুদ্ধ আচাৰেৰে পৰিৱেশন কৰা হয়। তাৰ বিপৰীতে ছাথাৰ গীতসমূহ যৌনতাসর্বস্ব। এইবোৰ গীতত কেতিয়াবা গোপন মিলন বা অশ্লীল কথাৰ ইংগিতো লক্ষ্য কৰা যায়। নৃত্য-গীত চলি থকাৰ সময়ত পুৰোহিতে উৎসৱৰ মূল অনুষ্ঠানটো পৰিচালনা কৰি থাকে।

বাইখোত ডেকা-গাভৰুৱে নৃত্য কৰাৰ সময়ত গোৱা কিছুমান গীতৰ উদাহৰণ

হ’ল—

(ক) জেঠ লাংগ্রে নায় নায়/ বাইখো ট্রঙা নেমা দৰে-গাবুৰ মিলি বিবা-চালে /বাইখো চাতালায়না। (জেঠমহীয়া জোনাকত আমি ডেকা-গাভৰু মিলি বাইখো চোতালত নাচো আহা)

  • এই গীতবোৰৰ মাজত প্ৰেমৰ চিত্ৰ সুন্দৰভাৱে পোৱা যায়। উৎসাহআনন্দতে গোৱা গীতবোৰৰ মাজত ডেকা-গাভৰুৰ মনৰ গোপন বাতৰি দি প্রেম নিবেদন কৰে। ডেকা-গাভৰুৰ ধেমালিৰ চিত্ৰও গীতবোৰৰ মাজত পোৱা যায়। এই গীতবোৰ পৰিৱেশনৰ সময়ত নৃত্য কৰোঁতে ডেকাবোৰে কঁকালত ‘আৱছা’ বান্ধে আৰু গাভৰুবোৰে বুকুত ‘ৰেিফান’ মেথনি মাৰে। বিভিন্ন অঞ্চলৰ পৰা ডেকা-গাভৰু এই নৃত্যত অংশ ল’বলৈ আহে। নিজৰ মনৰ মানুহজনক বা ভালপোৱাজনক দেখা কৰাৰ আশাৰে এই নৃত্য-গীতত ডেকা-গাভৰুবোৰে অংশ লয়৷ আকৌ কিছুমানে নতুনকৈ মনৰ মানুহ এজন বিচাৰিও এই নৃত্য-গীতত অংশ লয়। ইয়াৰ কিছুমান গীতত যৌন বাসনাৰ ছবিও লক্ষ্য কৰা যায়। যথা— খাপাক চুৰচুৰ তংকায় দৰায় ব’ক ব’ব নেমা উবো পাক্‌ঙা মানচায়-চালে চিঙি খাপাক খা’মা

(উঠন বুকুৰ গৰাকী গাভৰুজনী বগা আৰু শুৱনি, তাইক আঁকোৱালি ল’বলৈ আমি হিয়া পুৰি মৰো)

এই উৎসৱ হ’ল ৰাভাসকলৰ কৃষিনির্ভৰ বসুমতীক উৰ্বৰা কৰি তুলিবলৈ, বাইখো দেৱীক সন্তুষ্ট কৰি খেতিপথাৰৰ নদন-বদন হোৱাৰ কামনাৰে আয়োজন কৰা এক উৎসৱ। ডেকা-গাভৰুসকলে নতুনকৈ আৰম্ভ কৰিবলৈ লোৱা বছৰটোৰ কৰ্মময় জীৱনৰ প্ৰেৰণাৰ এক উৎসৱ হিচাপে বাইখো উৎসৱ বিবেচিত হৈ ৰ’ব। ৰাভাসকলৰ বাইখো উৎসৱ এনেকুৱা এটা লোক-উৎসৱ, য’ত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে। এই উৎসৱৰ জৰিয়তে যেনেদৰে বসুমতীক উৰ্বৰা হ’বলৈ প্ৰাৰ্থনা জনোৱা হয়, তেনেদৰে ডেকা-গাভৰুৰ মিলনেৰে যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবেও এই উৎসৱে প্ৰেৰণা যোগায়। এই উৎসৱৰ লগত অসমৰ জাতীয় উৎসৱ বিহুৰ যথেষ্ট সাদৃশ্য আছে। দুয়োটাতে সৃষ্টিধৰ্মী উৰ্বৰা বিশ্বাস জড়িত হৈ আছে। ডেকা-গাভৰুৱে মিলি একেলগে পথাৰত নৃত্য কৰিলে উৰ্বৰা শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। নৃত্য-গীতবোৰ যৌন আবেদনমূলক। নৃত্য-গীত আৰম্ভ কৰাৰ আগতে তেওঁলোকৰ উপাস্য দেৱী দাদুৰীক প্রণাম জনাই লোৱা হয়।

এনেদৰেই ৰাভাসকলে বাইখো উৎসৱ পালন কৰে। এই উৎসৱৰ লগত বিভিন্ন বিশ্বাস জড়িত থকাৰ উপৰি বছৰটো যাতে তেওঁলোকৰ কোনো অপায়অমংগল নোহোৱাকৈ পাৰ হয়, তাৰো কামনা কৰা হয়।

প্রসংগ সূত্র : ১. তালুকদাৰ, ধ্ৰুৱকুমাৰ: অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক-উৎসৱ, পৃঃ ২৭ 

Leave a Reply

Your email address will not be published. Required fields are marked *