March 29, 2024

Sogra Festival in Assamese | ছগ্ৰা মিছাৱা

তিৱাসকলৰ ছগ্ৰা মিছাৱা

অসমৰ অন্যতম জনগোষ্ঠী তিৱাসকল প্রধানত কৃষিজীৱী। সেয়ে তেওঁলোকে পালন কৰা উৎসৱবোৰো কৃষিকেন্দ্রিক। তিৱাসকলে স্বকীয় বৈশিষ্ট্যৰে পালন কৰা কৃষিভিত্তিক বসন্ত উৎসৱেই হ’ল ‘ছগ্ৰা মিছাৱা’। তিৱা ভাষাত ‘ছগ্ৰা’ আৰু ‘মিছাৱা’ শব্দৰ অৰ্থ হৈছে একাদিক্ৰমে সকলোৱে নাচ নচা। ফাগুন মাহৰ মাজভাগত পালন কৰা ‘ছগ্ৰা মিছাৱা’ পালনৰ বাবে ৰবিবাৰ নাইবা বুধবাৰে দিন ধার্য কৰা হয়।

‘ছগ্ৰা মিছাৱা’ত ব্যৱহৃত কেইবিধমান বাদ্যযন্ত্ৰ হ’ল— দীঘল বাঁহীসদৃশ থুৰাং, নাগাৰা সদৃশ গদাৰা (তুংম্বাং) বা খোলটোৰ দৰে খ্ৰাম আদি। এইবোৰ তিৱাসকলৰ জাতীয় উৎসৱ-অনুষ্ঠান আয়োজনৰ সময়তহে সেৱা-সৎকাৰ কৰি ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে। আন সময়ত এইবোৰ বিশেষভাৱে সংৰক্ষণ কৰি ৰখা হয়।

‘ছগ্ৰা মিছাৱা’ পালনৰ ৰীতি-নীতিৰ কথা চাও লোকেশ্বৰ গগৈয়ে লিখিছে এনেদৰে— “তিৱাই ছগ্ৰা মিছাৱা উছৱৰ কেইদিন কিছুমান ৰীতি-নীতি পালন কৰে। বাৰিখাই ছগ্ৰা উছৱৰ চাৰিদিন আগৰ পৰা চাৰিওফালে চিঞৰে। এনে


কৰাৰ উদ্দেশ্য হ’ল, নিজ নিজ ঘৰ-বেৰ লিপি-মচি চাফা কৰা, অতিথিক পৰিচৰ্যা নকৰা, কোনেও গাঁৱত চলাচল নকৰা, জীৱ-জন্তু বধ নকৰা, হাই-কাজিয়া নকৰা, পাদুকা নিপিন্ধা, কাপোৰ নোধোৱা, লংপেণ্ট-পাইজামা নিপিন্ধা, যানবাহনত নুঠা, মাছ নমৰা, হাল নোবোৱা, ধান নুখুন্দা, তাঁতশাল স্পর্শ নকৰা, চাউল নজৰা, কোৰ নমৰা, গছ নকটা, খৰি বা লাখুটি নোলোৱা, নৃত্যতলীত ধূমপান নকৰা, ঘৰত আলহী নৰখা, ছগ্ৰাত ব্যৱহৃত বাদ্যৰ বাদে আন বাদ্যত হাত নিদিয়া, ভঁৰাল নুচুৱা, চুলি নকটা আৰু ছগ্ৰাতলীত সকলোৱে উপস্থিত থকা ইত্যাদি। আলহীয়েও এনে ৰীতি-নীতি পালন কৰিব লাগে। পাতৰসকল বিবাহিত লোক, তেওঁলোকে ঘৰৰ ভিতৰত আৰু ফুৰাখেলে ঘৰৰ বাহিৰত চোৰাংগিৰি কৰে। ছগ্ৰাৰ কেইদিন ‘চামচুৰি’, ‘মায়ংমচুৱা’ আদি পাত খাৰ দি খোৱাৰ নিয়ম। পাতৰ আৰু ফুৰা খেলে দায়-জগৰবোৰ চাংদলৈক জনাইহি। তেওঁ মন্ত্ৰণা সভা পাতি দোষীক কঠোৰ শাস্তি বিহে।””

এই উৎসৱ আৰম্ভ কৰাৰ আগেয়ে ছগ্ৰা মিছাৱাৰ পুৰোহিত বা মুখ্য পৃষ্ঠপোষকৰ ঘৰৰ চোতালত গোট খায়। এই উৎসৱৰ মূল পৰিচালকজনৰ নিৰ্দেশত নতুন বাঁহীৰ বাবে বাঁহ কাটিবলৈ মানুহবোৰ পাহাৰলৈ যায়। ‘ছগ্রা মিছাৱা’ৰ মূল পৰিচালকজনক ‘চাংদলৈ’ বুলি কোৱা হয়। ‘ছগ্ৰা মিছাৱা’ত নৃত্যগীতৰ বাবে ‘ওজা’, চাংদলৈৰ সহায়কাৰী হিচাপে ‘চাংমাজী’, ৰন্ধা-বঢ়াৰ বাবে ‘ভাণ্ডাৰী’, আখৰাৰ গুৰি ধৰাৰ বাবে ‘হোৰমাধৰ’ আদি থাকে। আন আন জনগোষ্ঠীৰ দৰে ডেকাসকলৰ বাবে ‘ডেকাচাং’ আৰু বুঢ়াসকলৰ বাবে ‘বুঢ়াচাং’ৰ ব্যৱস্থা থাকে। চাংদলৈৰ নিৰ্দেশমতেই ডেকাচাঙৰ ডেকাসকলে পাহাৰলৈ বাঁহ কাটিবলৈ যায়। আৰু তেনেকৈ পাহাৰৰ পৰা নিয়ম অনুসৰি কাটি অনা বাঁহৰ পৰাই তিৱাসকলে বাঁহী প্ৰস্তুত কৰে। বাঁহ কটাৰ সময়ত পৰম্পৰাগত পদ্ধতিৰে পূজা পাতল কৰাৰ নিয়মো আছে। বাঁহ কাটি হোৱাত আটাইবোৰ লোক পাহাৰৰ পৰা ‘হে কুৰু হে কুৰু’ (হে গুৰু হে গুৰু) বুলি কৈ গাঁৱলৈ উভতি আহে। এনে সময়তে পূৰ্বপুৰুষৰ পৰাও আশীৰ্বাদ বিচৰা হয়।

এই কাম সমাধা হোৱাৰ পাছত ‘ছগ্ৰা মিছাৱা’ৰ বাবে প্ৰয়োজনীয় নৃত্যগীতৰ আখৰা কৰা হয়। তিৱা সমাজৰ মূল বিষয়াসকলে এইখিনি সময়তে ‘ছগ্ৰা মিছাৱা’ৰ বাবে যৌথভাৱে বৰঙনি সংগ্ৰহ কৰে। সামর্থ্য অনুসৰি সকলোৱে এই উৎসৱৰ বাবে ধন, ধান আদি আগবঢ়ায়। ডেকাসকলে ‘ছগ্ৰা মিছাৱা’ আয়োজনৰ বাবে দা-কোৰ হাতত লৈ গাঁৱৰ ৰাস্তা-ঘাট, হাবি-বন পৰিষ্কাৰ কৰে। এই উৎসৱৰ বাবে এখন আটকধুনীয়াকৈ তোৰণো তৈয়াৰ কৰা হয়। এনেদৰেই

সৱ :


বিমল আনন্দ উৎসৱৰ মাজেৰে তিৱাসকলৰ পৰম্পৰাগত লোক-উৎসৱ ‘ছগ্রা মিছাৱা’ৰ আৰম্ভণি হয়।

উৎসৱৰ দিনা পুৰোহিতে প্রথমতে দেউ পিতৃসকলক সম্বোধি পূজাসেৱা কৰে। উৎসৱৰ্থলীত একুৰা জুই জ্বলাই লোৱা হয়। এই জুইকুৰা যাতে উৎসৱৰ দিনকেইটাত নুমাই যাব নোৱাৰে, তাৰ সকলো ব্যৱস্থা লোৱা হয়। যিকোনো প্ৰকাৰে এই জুইকুৰা উৎসৱৰ আটাইকেইটা দিন অহৰহ জ্বলাই থোৱা হয়। তেওঁলোকে মুখ্য আৰাধ্য দেৱতা আৰু দেউ-পিতৃসকলক সম্বোধি স্তুতিপ্ৰাৰ্থনা কৰি ‘ছগ্ৰা মিছাৱা’ উৎসৱৰ মূল আকর্ষণীয় নৃত্য-গীত আৰু বাজনাৰ অনুষ্ঠান আৰম্ভ কৰা হয়।

নৃত্য-গীতবোৰ উৎসৱৰ আটাইকেইটা দিনেই চলি থাকে। এই উৎসৱৰ সময়ত ডেকা-গাভৰু সকলোৱে তিৱাসকলৰ জাতীয় সাজ-পাৰ পৰিধান কৰে। বাঁহী আৰু ঢোলৰ সুমধুৰ ধ্বনিত উৎসৱথলীৰ পৰিৱেশ মুগ্ধকৰ হৈ উঠে। দিনত উৎসৱস্থলীত আৰু ৰাতি নৃত্য-গীতবোৰ তিৱা সংস্কৃতিৰ মূল কেন্দ্ৰ চামাদিত অনুষ্ঠিত হয়। পুনৰ পুৱা উৎসৱস্থলীলৈ তেওঁলোক আহি নৃত্য-গীত আৰম্ভ কৰে। এইবোৰৰ মাজতে মদ, মাছ, মাংস আদিৰে সকলোকে আপ্যায়িত কৰা হয়। তিৱা যুৱতী বা গাভৰুসকলক কিন্তু এই নৃত্য-গীতত ভাগ ল’বলৈ দিয়া নহয়।

“বুধবাৰৰ পৰা শনিবাৰলৈকে তিৱা সমাজৰ বৈচিত্র্যময় নিয়ম-নীতি, বাধা-নিষেধৰ মাজেদি দিনে-ৰাতিয়ে অহৰত ৪৮ ঘণ্টা পৰিৱেশন কৰা হয়। তেওঁবিলাকৰ জীৱন পৰিচয়ৰ প্ৰেম-প্রীতি, আশা-আকাংক্ষা, বিৰহ-আনন্দ আৰু ধর্মীয় সৃষ্টি-তত্ত্বমূলক মনোমোহা উপভোগ্য নৃত্য-গীতসমূহ। আকৌ উৎসৱৰ চতুর্থ দিনা শনিবাৰে অৰ্থাৎ উৎসৱৰ অন্তিম দিনা লৰ’ আৰু উৎসৱ পালনৰ অন্যান্য বিষয়ববীয়াসকলে ছগ্ৰা উৎসৱৰ কঠোৰ বাধা-নিষেধবোৰ উঠাই লৈ সমজুৱাক, উৎসৱ উপভোগকাৰীসকলক উৎসৱটিৰ সামৰণিৰ ইংগিত দিয়ে।”২

‘ছগ্ৰা মিছাৱা’ উদ্যাপন কৰা ৰাইজে শেষবাৰৰ বাবে জুইকুৰাৰ চাৰিওফালে সাতপাক ঘূৰি মাংগলিক বিধি-নিয়ম অনুসৰি ছগ্ৰা নৃত্য-গীতৰ সামৰণি মাৰে আৰু ‘ছগ্ৰা মিছাৱা’ উৎসৱকো সমূহীয়াভাৱে বিদায় দিয়া হয়। তিৱাসকলৰ লোক-পৰম্পৰা অনুসৰি উৎসৱত ব্যৱহাৰ কৰা বাঁহীসমূহ এজোপা মদাৰ গছত বান্ধি ‘ছগ্ৰা মিছাৱা’ক বিদায় দিয়াৰ পৰম্পৰাও আছে। উৎসৱটি বিদায় দিয়াৰ সময়ত কৰুণ গীত গোৱাৰ নিয়ম আছে।

তিৱাৰ জাতীয় জীৱনৰ পূৰ্ণাংগ প্ৰতিচ্ছবি এই ‘ছগ্ৰা মিছাৱা’ৰ মাজেৰে


বিচাৰি পোৱা যায়। সমন্বয়, একতা, ভাতৃত্ববোধ আৰু দায়িত্ববোধৰো পৰিচয় ‘ছগ্ৰা মিছাৱা’ৰ মাজত সংৰক্ষিত হৈ ৰৈছে। ‘ছগ্ৰা মিছাৱা’ত ব্যৱহৃত গীতবোৰ মূলতঃ আদি ৰসাত্মক। ডেকা-গাভৰুৰ মাজত প্রেম নিৱেদন ছগ্ৰাৰ গীতৰ মাজেৰেও লক্ষ্য কৰা যায়। ছগ্ৰাত গোৱা গীতবোৰৰ প্ৰতিটো দফা একেটা সুৰতে সাতবাৰকৈ গোৱা হয়। ছগ্ৰাৰ গীতবোৰৰ লগত সঠিকভাৱেই বাদ্য সংগত কৰা হয়। গীতবোৰৰ লগে লগে নৃত্যৰ সমাহাৰো লক্ষ্য কৰা যায়।

ছগ্ৰাত গোৱা গীতৰ দফা এটি তলত উদ্ধৃত কৰা হ’ল—

“চাল্ নাৱানে দাও দাও অমুখী বালিক’ নিখাল থ’ য়াংথ’ য়াংকৰা দাও থ

জনাই নাৱানে দাও

থাচুখী বালিক’ নিখাল,

জনাই লেখা মখাং ব্লাও।”

ভাৱাৰ্থ : চোৱাচোন চোৱা, মোৰ সোণজনীৰ ভৰিকেইখনিলৈ চোৱা,

কেনেনো ধুনীয়া। ভৰিৰ পটাকিখনি তেজৰঙা গোলাপৰ দৰে, মুখনি সাইলাখ পূৰ্ণিমাৰ জোনটোহে।

নৃত্যৰ লগে লগে গোৱা হয় এনেদৰে— “ছামাদিনা খালং খালং, ছামাদিনা খালং লক কইচ্যা পাহাই বইচ্যা মিসাই মুসুই খালং।


(ভাৱাৰ্থ : ডেকা চাঙলৈ পলাও যাওঁ। মোৰ কোনো সংগী নাই। নাচি বাগি ডেকা চাঙলৈ পলাই যাওঁ।) উৎসৱৰ সামৰণিত গোৱা হয় এনেদৰে— “তুগে তুগলৰী খাগে খাগলৰী আয়ুসন ছদে নাছনী ৰাজা আয়ুসন ছদে ফাল্গুনী ৰাজা পাৰ মাখানে পল চল লাৱে পাৰ থুং গানে লাইচল লাৱে নাগ ফুজিগাং অ’ নাছনী ৰাজা নাগ ফালে গাং অ’ ফাগুনী ৰাজা য়ানে পাখু যাও ছদে গাং মানে খাংৰা খাং খাও ছদে গাং অ’ ছদে নাছনী ৰাজা, অ’ ছদে ফাগুনী ৰাজা।।” (ভাৱাৰ্থ : দুখ-বেজাৰ কাটি কৰি কষ্টৰ মাজেৰে পাহাৰৰ পৰা খৰি আনি নাচনী ৰজা আৰু ফাগুনী ৰজাক পূজিলো। খেতিৰ শেষত নাচনী ৰজা আৰু

ফাগুনী ৰজাৰ হাতত আমাৰ দা-কুঠাৰ, কোৰ আদি অৰ্পণ কৰিলো।)º এই উৎসৱ পালনৰ দিনকেইটাত কোনো অপ-সংস্কৃতিমূলক গীত গোৱা নহয়। তিৱা সংস্কৃতিৰ অন্তৰ্গত গীত-মাতহে এইখিনি সময়ত গোৱা হয়। উৎসৱ পালনৰ দিনকেইটাত সকলোৱে নিৰ্ধাৰিত বাধা-নিষেধবোৰ মানি চলিছেনে নাই, তাক তদাৰক কৰিবৰ বাবে কিছুমান ‘ফুৰাখেল’ (চোৰাংচোৱা)ক নিযুক্তি দিয়া হয়। ‘ছগ্ৰা মিছাৱা’ত তিৱাসকলৰ পৰম্পৰাগত নীতি-নিয়ম মানি নচলিলে বা উলংঘন কৰিলে তেনে লোকক উপযুক্ত দণ্ড দিয়া হয়। ‘ছগ্ৰা মিছাৱা’ তিৱাসকলৰ বসন্ত উৎসৱ, যৌৱনৰ উৎসৱ, প্ৰজননৰ উৎসৱ। অসমৰ বাৰে বৰণীয়া কৃষ্টি-সংস্কৃতিৰ ঐতিহ্যত তিৱাসকলৰ এই ‘ছগ্ৰা মিছাৱা’ উৎসৱে এক বিশেষ মাত্রা প্রদান কৰিছে।

প্রসংগ সূত্র :

১. কায়স্থ, পুতলী, বৰুৱা, উৎপলা (সম্পা) : অসমৰ বিভিন্ন জনগোষ্ঠীৰ বসন্ত উৎসৱ, ংঃ পৃঃ ৯৬-৯৭ ২. দাস, ড° অংশুমান : অসমৰ উৎসৱ পাৰ্বণ বুটলি, পৃঃ ২১০-২১১

৩. গগৈ, চাও লোকেশ্বৰ: অসমৰ বিভিন্ন জনগোষ্ঠীৰ বসন্ত উৎসৱ,

তিৱাসকলৰ ছগ্ৰা মিছাৱা (বসন্ত উৎসৱ), পৃঃ ৯৭ ৪. তালুকদাৰ, ধ্ৰুৱকুমাৰ: অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক-উৎসৱ, পৃঃ ৪১

You can read also

References

  1. I collected from Wikipedia
  2. assam.gov.in

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *