March 25, 2024

Baith Puja in Assamese | বাইথ’ পূজাৰ ইতিহাস

সোণোৱাল কছাৰীৰ বাইথ’ পূজা

সংস্কৃতিৰ লীলাভূমি অসম ৰাজ্যত বাস কৰা বিভিন্ন জনজাতিৰ ভিতৰত সোণোৱাল কছাৰীসকল অন্যতম। প্ৰবাদ অনুসৰি নৰক ৰজাই হৈছে গোষ্ঠীটোৰ পূৰ্বপুৰুষ। অন্যহাতে নৃতাত্বিকভাৱে সোণোৱাল কছাৰীসকল মংগোলীয় প্ৰজাতিৰ লোক। নিজস্ব সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ সোণোৱাল কছাৰী সমাজত প্ৰচলিত হৈ অহা পৰম্পৰাগত পূজা-পাতল, গীত-মাত, লোক-উৎসৱ আদিৰ ভিতৰত বাইথ’ পূজা (বাথৌ), গজাই পূজা, কুলাচামন পূজা, খিন ভঙা পূজা, গোৱেলিকা পূজা, ভূৰুলী শাল, বাঘদেও, মনাই পূজা, ইন্দ্ৰদেৱতা বা সৰুগদেও পূজা, লখিমী সবাহ, ভূৰ উটোৱা সবাহ, বালি সবাহ, নৰাচিগা সবাহ, গৰখীয়া সবাহ, হাইদাং নৃত্য, বহুৱা নৃত্য আদি অন্যতম।

সোণোৱাল কছাৰী মহিলা সোণোৱাল কছাৰী সমাজত বাইথ’ পূজা প্ৰচলনৰ প্ৰসংগত এটা জনশ্ৰুতি আছে। বাইথ’ বা খিৰিং (শিৱ) দেৱতাক সন্তুষ্ট কৰি গৰখীয়া ল’ৰাই ফৰিং বলি দিয়াৰ জনশ্ৰুতিয়েই অৱশেষত বাইথ’ শালা (থান)ৰ প্ৰতিষ্ঠা আৰু পূজাৰ পৰম্পৰা আদি কালৰে পৰা চলি আহিছে বুলি ভবা যায়। বাইথ’ পূজা উদ্যাপনৰ নিৰ্দিষ্ট সময় আছে। চ’ত মাহৰ দ্বিতীয় সপ্তাহ অৰ্থাৎ ব’হাগ বিহুৰ চৈধ্যদিনৰ আগতে সোণোৱাল কছাৰীসকলৰ বসতি থকা নিজ নিজ বাইথ’ মন্দিৰত এই পূজা উদ্যাপন কৰা হয়। চ’ত মাহৰ দ্বিতীয় সপ্তাহৰ কোনোবা এটা দেওবাৰে ৰাতি দেও নমায় আৰু সোমবাৰে বলি-বিধান, পূজা-পাঠ কৰি মংগলবাৰে পুৱা হাইদাং গীত গাই বাইথ’ শালৰ আসনত বহুৱাই পূজা সমাপ্ত কৰাৰ নিয়ম আছে। বাইথ’ পূজাৰ আৰম্ভণিৰ দিনা পূজাৰ মুখ্য পূজাৰীজনে বাইথ’ বুঢ়াৰ ঘৰত সংৰক্ষণ কৰি ৰখা পূজাৰ প্ৰয়োজনীয় বস্তুবোৰ নমাই আনে। সেইবোৰৰ ভিতৰত হাইদাং গীতৰ বাদ্যযন্ত্রসমূহ, বলি কটা দা, বাঁহী, সৰু সৰু বাঁহৰ টকা, মাৰি, ম’ৰা চৰাইৰ পাখি, খুটিতাল আদি অন্যতম। পৰম্পৰাগত বিশ্বাস অনুসৰি সোণোৱাল কছাৰী সমাজত এই বস্তুবোৰক অতি পৱিত্ৰ জ্ঞান কৰা হয়। তামোল-পাণৰ টোপোলা আগবঢ়াই দেৱ-দেৱীক স্তুতি কৰিহে সামগ্ৰীবোৰ নমোৱা হয়। এয়ে হ’ল আনুষ্ঠানিকভাৱে দেও নমোৱা পৰ্ব।

পাছদিনা সোমবাৰে পূজাৰ মূল কাম আৰম্ভ হয়। মূল পূজাৰীজনে বাইথ’ শালৰ বেদীত ডালি নিৰ্মাণ কৰে। তাত মাটিৰ চাকি আৰু ধূপ-ধূনা জ্বলোৱা হয়। মূল পূজাৰীজনে ৰহী মদৰ শান্তি জলেৰে পূজাৰ সামগ্ৰীসমূহ পৱিত্ৰ কৰে। মন্দিৰৰ মূল বেদীত ৰঙা ৰঙৰ কুকুৰা বলি দিয়া হয়। ইয়াক খিৰিং দেৱতালৈ উৰ্গা কৰা মাননি হিচাপে গণ্য কৰা হয়। বাইথ’ শালৰ বেদীৰ উপৰি বাইথ’ বুঢ়াৰ ঘৰৰ বিভিন্ন স্থানতো পূজা-পাতল কৰাৰ নিয়ম সোণোৱাল কছাৰী সমাজত আছে। সকলোৰে মংগলৰ বাবে বৰদৈচিলাক কৰা প্ৰাৰ্থনা, স্বৰ্গৰ দেৱতা ইন্দ্ৰক স্মৰণ আদি প্ৰসংগ এই পূজাৰ সৈতে সাঙুৰ খাই আছে। ৩৩ কোটি দেৱতাৰ মুখ্য ৩৩ গৰাকী দেৱতাক বেদী স্থাপনেৰে এই পূজাত সন্মান জনোৱা হয়। প্ৰতিগৰাকী দেৱ-দেৱীৰে স্থান বেলেগ-বেলেগ। সেইবোৰৰ ভিতৰত ফুল-কোঁৱৰ, ভুৰুলী, হাবুকী, বুঢ়া-বুঢ়ী, বলিয়া বাবা, টকালি পৰা দেউতা, সুহুৰি মৰা দেউতা, ঢোল বজোৱা দেউতা, কুলামন গোসাঁই আদি অন্যতম। দেৱ-দেৱী অনুসৰি পূজাৰ সামগ্ৰীসমূহ ভিন্ন হয়। এইবোৰৰ অবিহনে বাইথ’ পূজাৰ সম্পূৰ্ণতা সোণোৱাল কছাৰীসকলে আশা নকৰে। এই পূজাত মাহ-প্ৰসাদৰ ব্যৱহাৰ আছে।

অতীজতে পায়সৰ প্ৰচলনৰ পৰম্পৰ’ আছিল। ঠাইভেদে এই পূজা পালনৰ অসমৰ উৎসৱ : ১০১
নীতি-নিয়মৰ সালসলনিও লক্ষ্য কৰা যায়। বাইথৰী, চেলেং আদি পৰিয়ালৰ লোকে বাইথ’ পূজাত পূজাৰীৰ কাম কৰে। প্ৰতিবছৰে পৰম্পৰাগতভাৱে পালন কৰি অহা এই বাইথ’ পূজাৰ জৰিয়তে সমূহ সোণোৱাল কছাৰীৰ মংগল কামনা কৰা হয় যদিও এই পূজা মূলতঃ বিহু নমোৱা উৎসৱৰ লগত জড়িত। এই পূজা উদযাপনৰ জৰিয়তে সোণোৱাল কছাৰীসকলৰ সমাজ জীৱনলৈ স্বাগতম জনোৱা হয় অনাগত ৰঙালী বিহুক। বাইথ’ পূজাত বিভিন্ন নৃত্য-গীতৰ ব্যৱহাৰো লক্ষ্য কৰিবলগীয়া। সোণোৱাল কছাৰীসকলৰ প্ৰাচীনতম আৰু প্ৰথম গীত হিচাপে বিবেচনা কৰা হয় হাইদাং গীতক। বাইথ’ পূজাৰ সময়ত মন্দিৰত বুঢ়া লোকসকলে হাইদাং গীত পৰিৱেশন কৰে। এই গীতৰ তালে তালে, ছেৱে ছেৱে যি নৃত্য কৰা হয়, সিয়েই হাইদাং নৃত্য। এই নৃত্যক প্ৰজননৰ প্ৰতীক হিচাপেও বিবেচনা কৰা হয় ৷ এটি হাইদাং গীতৰ কিছু অংশ এনেধৰণৰ । হা অ-হা আ-হা অ-হা অ।

হা ইয়হ পৃথিৱী হেনো সৃজইছে, হা ইয়হ প্রকাশ হেনো সৃজইছে। হা ইয়হ জল হেনো সৃজইছে।

—এই গীত আৰু নৃত্য বাইথ’ পূজাৰ বাহিৰে তেওঁলোকৰ পৰম্পৰাগত আন আন অনুষ্ঠানসমূহতো ব্যৱহাৰ কৰা দেখা যায়। বাইথ’ পূজাৰ হাইদাং নৃত্যত ঢোল, খুটিতাল, বাঁহী আদি ব্যৱহাৰৰ উপৰি বাঁহৰ এডাল টকামাৰি ব্যৱহাৰ কৰা হয়। এই টকামাৰিডাল চৈধ্যতা গাঁঠি আৰু তেৰটা পাবযুক্ত। অৱশ্যে ঠাইভেদে ইয়াৰ ভিন্নতাও লক্ষ্য কৰা যায়। সোণোৱাল কছাৰীসকলৰ নিজ নিজ অঞ্চলৰ বাইথ’ মন্দিৰত বাইথ’ পূজা উদ্যাপন কৰোঁতে সমূহ ৰাইজ মিলি গাহৰি মাংসৰে সৈতে ভোজ খোৱা পৰম্পৰাও তেওঁলোকৰ মাজত আছে।

মুঠ কথাত বিহু নমোৱা উৎসৱৰ সৈতে জড়িত এই বাইথ’ পূজাই সোণোৱাল কছাৰীসকলৰ জাতীয় পৰিচয়কো প্রতিনিধিত্ব কৰিব পাৰিছে।

মন্দিৰৰ বাহিৰ চোতালত ভুৰুলী শাল প্রতিষ্ঠা কৰা হয়। ব্ৰহ্মাক স্মৰণ কৰি অগ্নি কুণ্ড প্রতিষ্ঠাৰে চাৰিওফালে বিভিন্ন দেৱ-দেৱীৰ আসন প্রতিষ্ঠা কৰা নিয়ম। ১) ফুল কোঁৱৰ ২) ভুৰুলী ৩) ছাবুকী ৪) বুঢ়া-বুঢ়ী ৫) বলিয়া বাবা ৬) টকালি পৰা দেউতা ৭) সুহুৰি মৰা দেউতা ৮) ঢোল বজোৱা দেউতা ৯) কুলামন গোসাঁই ১০) ৰিগিৰাগাম দেউতা ১১) চাৰি বুঢ়া চাৰি গোসাঁই ১২) ওঠৰ কোঁৱৰ ১৩) বৰ গতিয়াল ১৪) জলখাই ডাঙৰীয়া ১৫) বৰচামান সাত ভাই ১৬) চেলাজহ ১৭) লোহিত অসমৰ উৎসৱ : ১০২
কোঁৱৰ ১৮) বৰ্মবাহু ১৯) হৰিচৰণ, ৰঙা চৰণ, নমতা, সমতা ২০) দেলৌ, হেলৌ, কনৈ, কণ কণ, বায়ু, বাংৰি, বৰুণ ২১) সাত ভাই ডাঙৰীয়া ২২) নাক্লেং চাক্লেং ৰজা ২৩) সূৰ্য ২৪) থলৰ ন-ভনী ২৫) কুবেৰ বুঢ়া-বুঢ়ী ২৬) ন-ভনী লখিমী ২৭) বাৰ্ভনী ২৮) হৰ-পাৰ্বতী ২৯) সৰস্ফতী ৩০) আই ন-ভনী ৩১) জল কুবেৰ ৩২) জলৰ ন-ভনী ৩৩) ৰাজমৰা ৷

তেত্রিশ কোটি দেৱতাৰ মুখ্য তেত্রিশ গৰাকীক বেদী প্রতিষ্ঠাৰে সন্মান জনোৱাৰ লগতে আই বসুমতীকো বিশেষ স্থান দিয়া হয়। ভুৰুলীঃ হাকুকী শালত কুকুৰা, গাহৰি বলি দিয়া হয়। আই ন-ভনী লখিমী, আই সৰস্বতী, আই বসুমতী, মালিনী বুঢ়ী আদি দেৱীসকলক মাহ-প্ৰসাদেৰে পূজা দি সন্মান জনোৱা হৈছিল। সোমবাৰে নিশাৰ ভিতৰত বিভিন্ন দেৱ-দেৱীৰ বেদীত কুকুৰা, গাহৰি বলি, বহু বিধ অৰ্ঘৰে পূজা-সেৱা কৰি মংগলবাৰৰ পুৱা ভাগত অনুষ্ঠান সমাপণ কৰা হয়।

বাইথ’ পূজা আচলতে সোণোৱালসকলৰ জাতীয় পৰম্পৰা সমৃদ্ধ মানৱীয় গুণৰ সৰ্বাত্মক ভাবমূৰ্তিৰ আদৰণীয় অনন্য অনুষ্ঠান।

You can read also

References

  1. I collected from Wikipedia
  2. …..

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *