December 5, 2022

ডিমাছাসকলৰ হাংচেউ-মানাউবা

প্ৰতিটো জনগোষ্ঠীৰে ব’হাগ বিহু উদযাপনৰ কিছুমান স্বকীয় পৰম্পৰা থাকে। ডিমাছাসকলে ব’হাগ বিহুক ‘হাংচেউ-মানাউবা’ বুলি কয়। অসমীয়া নতুন বছৰক আদৰিবলৈ ডিমাছাসকলে ভোজ-ভাত খাই একপ্ৰকাৰৰ উৎসৱ পালন কৰে। “তেওঁলোকে বিহু উদযাপনৰ অৰ্থে এজন ‘নাগা হজা’ (ডেকা নেতা) আৰু এজনী ‘মাটলা হজা’ (গাভৰু নেত্ৰী) পূৰ্বতে কৰে। আৰু তেওঁলোক দুজনৰ পৰিচালনাৰে বিহুৰ কাম-কাজ সম্পাদন কৰে।””

ডিমাছাসকলৰ হাংচেউ-মানাউবাৰ লগত বিভিন্ন লোক-বিশ্বাস জড়িত হৈ আছে। ব’হাগ বিহুৰ প্ৰথম দিনা বাৰবিধ শাকেৰে প্ৰস্তুত কৰা আঞ্জা খালে বিভিন্ন বেমাৰ নিৰ্মূল হয় বুলি বিশ্বাস আছে।

“ডিমাছা ডেকা-গাভৰুসকলে বিহুত ‘বৈধদমা, আওহাইবানী, বাইখন, বাইমাই যাই’ আদি নৃত্য অংগি-ভংগিৰে নাচে আৰু ‘খ্ৰাম’ (ঢোল, মাদল), ‘মৰী বা মুৰী’ (দীঘল বাঁহী) বজায়। বুঢ়া-মেঠাসকলে কথোপকথনৰ শৈলীৰে ‘দোহা’ (গীত) গাই সকলোকে আনন্দ দিয়ে।”২

ভৈয়াম অঞ্চলত বসবাস কৰা ডিমাছাসকলৰ ‘হাংচেউ-মানাউবা’ আৰু উত্তৰকাছাৰৰ ডিমাছাসকলে পালন কৰা এই উৎসৱৰ মাজত কিছু পার্থক্য আছে। এই উৎসৱত ম’হ বলি দিয়াৰ পৰম্পৰা আছে। ম’হ বলি দিয়া কার্যক তেওঁলোকে ‘ছাটাইবা’ বোলে৷ গাহৰি আৰু কুকুৰাও ‘হাংচেউ-মানাউবা’ উৎসৱত বলি দিয়া হয়। নৃত্য-গীত কৰি তেওঁলোকে ভোজ ভাত খায়। এই উৎসৱত ‘জু’ (মদ)ৰ ব্যৱহাৰ আছে। এই উৎসৱত পৰিয়ালৰ মৃত ব্যক্তিসকলৰ আত্মাৰ শান্তিৰ কাৰণে ‘জু’ উচ্চৰ্গা কৰা হয়। বিভিন্ন প্রতিযোগিতা আয়োজনৰ পৰম্পৰাও আছে। এই উৎসৱৰ শেষৰ দিনা ‘গৰবা’ (সমূহীয়াকৈ পতা পূজা) অনুষ্ঠান পালন কৰা হয়। এনেদৰেই ডিমাছাসকলে সাতদিনীয়াকৈ ‘হাংচেউ-মানাউবা’ৰ সামৰণি মাৰে।

ডিমাছাসকলে এই বিহুত নৃত্য-গীত কৰে আৰু আনন্দত মতলীয়া হয়। ওচৰৰ গাঁৱৰ লোকসকল আহি একেলগে বিহুতলীত গোট খায়। ডেকা-গাভৰুসকলৰ লগতে বয়সস্থ লোকসকলেও গীত গাই আনন্দ কৰে। “ডিমাছা ভাষাত হাংচেউ শব্দৰ অৰ্থ হৈছে যুৱকৰ দল। এই শব্দটো জেমী-নগা ভাষাৰ পৰা আহিব পাৰে। অতীতত হেড়ম্ব ৰাজ্যৰ ৰজাই, জেমী-নগাৰ কন্যা এগৰাকীক বিয়া কৰাইছিল। এইগৰাকী ৰাণীয়ে ডিমাছা যুৱকৰ দল (হাংচেউ) এটিক কহিমাত জেমী-নগাৰ বৃষ্টিবোৰ শিকিবলৈ পঠাইছিল৷ ডিমাছাসকলৰ ‘হাউবা’, ‘বাগউবা’ আদি উ ইয়াৰেই ফল বুলিব পাৰি।”

বলি দিয়া পশু-পক্ষীৰ মাংস ভোজত ব্যৱহাৰ কৰে। ডিমাছাসকলৰ এই উৎসৱত মদক অপৰিহাৰ্য হিচাপে বিবেচনা কৰে৷ চুঙাত মদ দিয়াৰ পৰম্পৰা আছে। ভোজ-ভাত খোৱাৰ অন্তত ডিমাছাসকলৰ লোকবাদ্যবোৰৰ ব্যৱহাৰেৰে নৃত্য-গীত কৰাৰ পৰম্পৰা আছে।

এই উৎসৱ চলি থকাৰ সময়ত বাহিৰৰ মানুহ গাঁৱত প্ৰৱেশ কৰিলে গাঁও অপৱিত্ৰ হয় বুলি ডিমাছাসকলে বিশ্বাস কৰে। আৰু সেই পৱিত্ৰতা ৰক্ষা কৰিবলৈকে ‘গৰৱা পূজা’ (‘গৰবা’ শব্দৰ অৰ্থ হৈছে সমূহীয়াকৈ পূজা আগবঢ়োৱা) পতা হয়। এই পূজা অনুষ্ঠিত কৰাৰ দিনা গাঁৱৰ কোনো মানুহ বাহিৰলৈ যাবলৈ দিয়া নহয়৷ এই পূজা পতাৰ লগে-লগেই ডিমাছাসকলৰ বসন্ত উৎসৱ ‘হাংচেউ-মানউবা’ৰো অন্ত পৰে। ই একপ্ৰকাৰৰ কৃষিভিত্তিক উৎসৱ।

উৎসৱটো পালনৰ বাবে কোনো নির্দিষ্ট দিন-বাৰ নাই। ওচৰা-ওচৰিকৈ থকা কেইবাখনো ডিমাছা গাঁৱৰ লোক লগ হৈ উৎসৱ পালনৰ বিষয়ে আলোচনা কৰে। আঘোণ মাহৰ পৰা ফাগুন মাহৰ ভিতৰত এই উৎসৱ পালন কৰা হয়। পূর্ব প্রস্তুতিৰে আৰম্ভ কৰা এই উৎসৱটো এসপ্তাহ ধৰি পালন কৰা হয়। হাংচেউ মানাউবাৰ বাবে চাউল, মদ, মাছ-মঙহ আৰু অন্যান্য ভোগৰ সামগ্ৰীবোৰ যোগাৰ কৰি লোৱা হয়৷ “উৎসৱ আৰম্ভৰ আগদিনাই নির্দিষ্ট নীতি-নিয়মেৰে নিৰ্দিষ্ট কৰি থোৱা এটি নিপোটল ম’হ কাটি আৰম্ভ কৰা হয় ডিমাছাসকলৰ হিয়া মন জুৰ পেলোৱা বহু আকাংক্ষিত হাংচেউ মানাউবা উৎসৱ তথা বিষু বা বুষু। ইফালে ম’হটোৰ লগে লগে ভোগৰ বাবে নিৰ্দিষ্ট পৰম্পৰাৰে বধ কৰা হয় গাহৰি আৰু কুকুৰা চৰাই। এই মঙহেৰে নানা মুখৰোচক ব্যঞ্জন প্ৰস্তুত কৰা হয়। লগতে ভাত আৰু বিভিন্ন জুতিকৰ খাদ্যসম্ভাৰ। ইফালে পর্যাপ্ত ৰূপত প্ৰস্তুত হয় পানীয় জুতিকৰবিধ।”

স্বকীয় পৰম্পৰা আৰু ৰীতি-নীতিৰে হাংচেউ-মানাউবা নৃত্য-গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। ডিমাছাসকলৰ জাতীয় বাদ্য-যন্ত্ৰ এই অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। হাংচেউ-মানাউবা চলি থকাৰ সময়ত জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰে৷ প্ৰথম দিনাৰ দৰে পাছৰ দিনকেইটাতো আনন্দ-উল্লাসৰ মাজেৰেই উৎসৱৰ কাম-কাজ আগবাঢ়ে। মৃতকৰ সদ্‌গতিৰ কাৰণেও এই উৎসৱত পূজা-অৰ্চনা কৰা হয়। হাংচেউ-মানাউবাত মুকলি পথাৰত খেল-ধেমালি অনুষ্ঠিত কৰাৰ পৰম্পৰাও আছে। গীত-নৃত্যৰ প্ৰতিযোগিতাও এই উৎসৱত লক্ষ্য কৰা যায়। হাংচেউ-মানাউবা উৎসৱৰ শেষৰ দিনা ‘গৰবা’ নামৰ এটি লোক-অনুষ্ঠান অনুষ্ঠিত হয়। বিভিন্ন মানুহৰ সমাগমে অশুচি কৰি তোলা বুলি ভবা গাঁওখন শুচি হোৱাৰ কামনাৰেই ‘গৰবা’ পূজা পতা হয়৷ আৰু ইয়াৰ লগে লগেই হাংচেউ-মানাউবা উৎসৱৰো অন্ত পৰে। কৃষিভিত্তিক একঘেয়ামি জীৱনটোলৈ এই উৎসৱে নতুনৰ বতৰা আনে। ডিমাছা ডেকা-গাভৰুসকলৰ বাবেও হাংচেউ-মানাউবা হৈ পৰে আশা আৰু সপোনৰ সম্ভাৱনা কঢ়িয়াই অনা এক ‘জীৱনৰ উৎসৱ’। **

You can read also

References

  1. I collected from Wikipedia
  2. …..

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *