March 26, 2024

Universal Declaration of Human Rights in Assamese | মানবীয় অধিকাৰ সমুহৰ বিশ্বজনীন ঘোষণা

Universal Declaration of Human Rights in Assamese

মানবীয় অধিকাৰ সমুহৰ বিশ্বজনীন ঘোষণা

ইংৰাজী ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে মানবীয় অধিকাৰ সমূহৰ বিশ্বজনীন ঘােষণা গ্রহণ কৰে আৰু উৎঘােষিত কৰে। ইয়াৰ পাছৰ পৃষ্ঠা কেইটিত ঘােষণাৰ সম্পূর্ণ পাঠটো দিয়া হল। এই ঐতিহাসিক উৎঘােষণাৰ পাছতেই, পৰিষদে অন্তর্ভুক্ত সকলো দেশলৈ অনুৰোধ জনায়, যাতে, কোনাে দেশ নাইবা ৰাজ্যৰ ৰাজনৈতিক অৱস্থাৰ কোনো পার্থক্য নকৰি, এই ঘোষণাটি প্রকাশ কৰি সকলােৰে মাজত বিতৰণ কৰে, প্ৰচাৰ কৰে, আৰু মুখ্যত স্কুল আৰু আন শিক্ষানুষ্ঠানত পঢ়ায় আৰু ব্যাখ্যা কৰি বুজাই দিয়ে।

মূল ঘােষণাটো চীন, ইংৰাজী, ফৰাছী, ৰুছ আৰু স্পেনীয়, ৰাষ্ট্ৰসংঘৰ এই পাচোট। ভাষাত পােৱা যায়। দিয়া পাঠঠো ভাৰত চৰকাৰে অনুমােদন কৰিছে।

মানবীয় অধিকাৰ সমুহৰ বিশ্বজনীন ঘােষণা প্ৰস্তাবনা

যিহেতু মানবগােষ্ঠীৰ প্ৰতি ব্যক্তিৰে স্বাভাবিক মর্যাদা আৰু সমান আৰু অবিচ্ছেদ্য অধিকাৰ সমূহৰ স্বীকৃতিৰ ওপৰতে নিৰ্ভৰ কৰে পৃথিবীৰ স্বাতন্ত্র্য, ন্যায় আৰু শান্তি,

যিহেতু মানবীয় অধিকাৰ সমূহক অবমাননা আৰু অসন্মান কৰাৰ ফলত এনেকুৱা পাশবিক ঘটনা ঘটিছে যি মানুহৰ বিবেকবুদ্ধিক নৃশংস ভাবে আঘাত কৰিছে— অাৰু যিহেতু উৎঘােষণা কৰা হৈছে যে লােক সাধাৰণৰ উচচতম আকাঙক্ষ। এনেকুৱা এখন পৃথিবীৰ বাবে যত মানুহৰ থাকিব বাক স্বাতন্ত্র, বিশ্রাম স্বাতন্ত্ৰ, আৰু যত মানুহ হব ভয় আৰু অভাবৰ পৰা মুক্ত,

যিহেতু ই অপৰিহাৰ্য্য যে যদি মানুহে উপায়ান্তৰ হৈ অত্যাচাৰ আৰু উৎপীড়নৰ বিৰুদ্ধে বিদ্রোহৰ পন্থা অবলম্বন কৰিবলৈ বাধ্য হব নালাগে, তেনে মানবীয় অধিকাৰ সমুহ বিধি নিয়মৰ দ্বাৰ। সংৰক্ষিত হব লাগিব,

যিহেতু ই অপৰিহাৰ্য যে ৰাষ্ট্ৰ সমূহৰ মাজত বন্ধুতা ভাব বঢ়াব লাগিব,

যিহেতু ৰাষ্ট্ৰসংঘৰ সমূহ জাতিয়ে তেওঁলোকৰ চনত মানবীয় মৌলিক অধিকাৰ সমূহৰ ওপৰত, ব্যক্তি মৰ্যদা আৰু ব্যক্তি যােগ্যতাৰ ওপৰত, মতা-তিৰোতা সকলোৰে সমান অধিকাৰৰ ওপৰত, পুনৰ আস্থা স্থাপন কৰিছে ; আৰু যিহেতু এক পূর্ণতৰ স্বাতন্ত্রৰ মাজত সমাজৰ উদগতি

সাধিবলৈ আৰু জীৱন-যাত্ৰাৰ মান উন্নততৰ কৰিবলৈ এই সংঘই মনস্থ কৰিছে,

যিহেতু ৰাষ্ট্ৰ সংখৰ অন্তর্ভুক্ত রাষ্ট্র সমূহে, ৰাষ্ট্ৰ সংঘৰ সহযােগেদি, মানবীয় অধিকাৰ আৰু মৌলিক স্বতন্ত্রত। ৰক্ষা কৰাৰ অৰ্থে আৰু তাৰ প্রতি বিশ্বজনীন সমান জগাবৰ অৰ্থে প্রতিজ্ঞাবদ্ধ হৈছে,

যিহেতু এই প্রতিজ্ঞা পালনৰ অর্থে, এই অধিকাৰ আৰু স্বাতন্ত্র্যৰ সম্যক আৰু সাধাৰণ উপলব্ধি নিতান্ত প্রয়ােজনীয়,

সেইহেতুকে এতিয়া সাধাৰণ পৰিষদে উৎঘােষিত কৰিছে

এই মানবীয় অধিকাৰ সমুহৰ বিশ্বজনীন ঘােষণা। ই ইব লোক সমূহৰ বাবে আৰু ৰাষ্ট্ৰসমূহৰ বাৱে প্ৰগতিৰ এক সাধাৰণ মান। ইয়াৰ উদ্দেশ্য হল যে এই ঘােষণা সদায় মনত ৰাখি প্রতিব্যক্তি আৰু সমাজৰ প্রতি সদাই শিক্ষা আৰু বুজনিৰ দ্বাৰা এই অধিকাৰ অাৰু স্বাতন্ত্ৰৰ প্রতি শ্রদ্ধা জগাই তুলিবলৈ চেষ্টা কৰিব, আৰু অন্তর্ভুক্ত ৰাষ্ট্ৰ সমূহৰ স্বকীয় ক্ষেত্রধিকাৰত অথবা নিজ ক্ষেত্ৰাধিকাৰৰ আন লােক সমূহৰ মাজত, ৰাষ্ট্ৰীয় নাইবা আন্ত:ৰাষ্ট্ৰীয় প্রগতি মুলক ব্যবস্থাৰ দ্বাৰা ইয়াৰ স্বীকৃতি আৰু পালনৰ ব্যৱস্থা কৰিব।

১ম অনুচ্ছেদ

জন্মগত ভাবে সকলো মানুহ মৰ্যদা আৰু অধিকাৰত সমান আৰু স্বতন্ত্র। তেওঁলােকৰ বিবেক আছে, বুদ্ধি আছে। তেওঁলােকে প্রত্যেকে প্রত্যেকক ভাতৃ ভাবে ব্যৱহাৰ কৰা উচিত।

২য় অনুচ্ছেদ

(১) জাতি, বর্ণ, লিঙ্গ, ভাষা, ধর্ম, ৰাজনৈতিক বা আমি কোনো মত, ৰাষ্ট্ৰগত অথবা সমাজগত বৈষম্য সাসম্পত্তি, জনম নাইবা আন সামাজিক স্থান, এই বিলাকৰ কোনো পার্থক্য নােহােৱাকৈ, প্রতি ব্যক্তিৰে, এই ঘােষণাত থকা অধিকাৰ স্বতন্ত্ৰতাৰ ওপৰত দাবী থাকিব।

অধিকন্তু, যি দেশ নাইবা ৰাজ্যত কোনাে ব্যক্তিৰ জন্ম, সেই দেশ বা ৰাজ্যৰ ৰাজনৈতিক, আন্তঃৰাষ্টিক নাই। ক্ষেত্ৰাধিকাৰ সম্বন্ধীয় কোনো বৈষম্যৰ ওপৰত কোনো পার্থক্য কৰা নহব, সেই দেশ স্বাধীনে হওক বা ন্যাসজাতীয় হওক বা অনাস্বশাসিত বা তাৰ সম্পূর্ণ প্রভুত্ব আন কোনো ভাবে সীমাবদ্ধই হওক |

৩য় অনুচ্ছেদ

সকলোৰে নিজৰ জীৱন আৰু ব্যক্তিনিপত্তা সম্বন্ধে অধিকাৰ থাকিব।

৪র্থ অনুচ্ছেদ

কোনো ব্যক্তিকে দাসত্বত বা দাসবৃত্তি ৰাখিব নােৱাৰিব। যেই কোনো প্রকাৰ দাসপ্রথা আৰু দাস বেপাৰ নিষিদ্ধ হব।

৫ম অনুচ্ছেদ

কোনো মানুহক উৎপীড়ন কৰা নহব, নাইবা তেনে শাস্তি দিয়া নহব ।

৬ষ্ঠ অনুচ্ছেদ

সকলো ঠাইতে প্রতিব্যক্তিৰে, বিধিৰ ক্ষেত্ৰত ব্যক্তি হিচাবে স্বীকৃত হােৱাৰ অধিকাৰ থাকিব।

৭ম অনুচ্ছেদ

বিধিৰ প্রত্যেক ক্ষেত্ৰত প্রত্যেকে সমান; আৰু কোনো পার্থক্য নোহােৱাকৈ বিধিৰ সমান সংৰক্ষণৰ অধিকাৰী; এই ঘােষণা অমান্য কৰি, অভাব পার্থক্য দেখুৱাৰ খুজিলে বা তেনেকুৱা পার্থক্যৰ বাবে উচটনি দিলে তাৰ বিৰুদ্ধে সমান সংৰক্ষণৰ বাবে সকলােৰে অধিকাৰ থাকিব।

৮ম অনুচ্ছেদ

যি কাৰ্যই কোনাে ব্যক্তিৰ সংবিধানদত্ত বিধি-দত্ত মৌলিক অধিকাৰ সমুহ খর্ব কৰে, সেই কাৰ্য্যৰ কাৰ্যকৰী প্রতিষেধক ব্যৱস্থাৰ বাবে ৰাষ্টীয় ন্যায়াধিকৰণৰ ওচৰত প্রতি ব্যক্তিৰে অধিকাৰ থাকিব।

৯ম অনুচ্ছেদ

কোনো ব্যক্তিকে যুক্তি নোহােৱাকৈ বন্দী কৰিব নােৱাৰিব, নিৰোধ কৰিব নোৱাৰিব বা বহিষ্কাৰ কৰিব নোৱাৰিব।

১০ম অনুচ্ছেদ

কোনো ব্যক্তিৰ অধিকাৰ অাৰু কৰ্তব্য নির্ণয় ক্ষেত্ৰত ; নাইবা তেওঁৰ বিৰুদ্ধে কোনো অপরাধ অভিযােগৰ ক্ষেত্ৰত, ন্যায় আৰু মুক্ত বিচাৰৰ বাবে, কোনাে স্বাধীন আৰু নিৰপেক্ষ ন্যায়াধিকৰণৰ ওচৰত তেওঁৰ সমান আৰু সম্পূর্ণ অধিকাৰ থাকিব।

১১শ অনুচ্ছেদ

(১) যদি কোনো ব্যক্তিক শান্তিমুলক অপৰাধত অভিযুক্ত কৰা হয়, তেনে, নিজকে নির্দোষী প্রমাণ কৰাৰ সকলাে সুবিধা দিয়াৰ পাছত,

বিধিসমত ভাবে লােকবিচাৰত দোষী সাব্যস্ত নোহোৱা পৰ্যন্ত তেওঁক নির্দোষী বুলি ধৰিব লাগিব,এই অধিকাৰ সকলােৰে থাকিব।

(২) যি সময়ত কোনো এটা শাস্তিমুলক অপৰাধ ৰাষ্টয় নাইবা আন্তঃৰাষ্টীয় বিধিমতে শাস্তিমূলক অপৰাধ বুলি গণ্য কৰা নহৈছিল, সেই সময়ত কৰা তেনেকুৱা অপৰাধৰ বাবে পাছত কোনাে ব্যক্তিকে সেই অপৰাধত দোষী বুলি ধৰিব নােৱাৰিৱ; নাইবা সেই সময়ত যেনেকরা শান্তিৰ ব্যৱস্থা আছিল, পাছত তাতকৈ গধুৰ শাস্তিৰ বিধান কৰিব নোৱাৰিব;

১২শ অনুচ্ছেদ

কোনাে ব্যক্তিৰে স্বকীয় গােপনতা, ঘৰ পৰিবাৰ বা চিঠি বিনিময়ত কোনোৱে খামখিয়ালিকৈ হস্তক্ষেপ কৰিব নােৱাৰিব ; অথবা তেওঁৰ মৰ্যদা আৰু সুনামৰ ওপৰত আক্ৰমণ কৰিব নােৱাৰিব। এনেকুৱা হস্তক্ষেপ বা আক্রমণৰ বিৰুদ্ধে বিধি-সংৰক্ষণৰ বাবে প্রত্যেকৰে অধিকাৰ থাকিব।

১৩শ অনুচ্ছেদ

(১) প্রতি ৰাজ্যৰ সীমাৰ ভিতৰত প্রতি ব্যক্তিৰে আবাস স্বাতন্ত্র্য আৰু গতি স্বাতন্ত্র্য থাকিব।

(২) প্রতি ব্যক্তিৰে তেওঁৰ নিজৰ দেশ বা আন কোনাে দেশ পৰিত্যাগ কৰাৰ অধিকাৰ থাকিব আকৌ নিজ দেশলৈ প্রত্যাবর্তনৰ অধিকাৰ থকিব।

১৪শ অনুচ্ছেদ

(১) শান্তিৰ পৰা অব্যাহতি পাবৰ অর্থে প্রতি ব্যক্তিৰে আন দেশত আশ্রয় বিচাৰিবৰ বাবে আৰু গ্ৰহণ কৰিবৰ বাবে অধিকাৰ থাকিব।

(২) কিন্তু কোনো অ-ৰাজনৈতিক অপৰাধৰ বাবে যদি কাৰো বিৰুদ্ধে অভিযােগ উপস্থিত কৰা হয়, নাইবা সেই অপৰাধ যদি ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতিৰ পৰিপন্থী হয়, তেনে সেই ক্ষেত্ৰত এই অধিকাৰৰ দাবী কৰিব নোৱাৰিব ।

১৫শ অনুচ্ছেদ

(১) কোনো এক ৰাষ্টৰ অন্তর্ভুক্ত হবৰ বাৰে প্ৰতি ব্যক্তিৰে অধিকাৰ থাকিব।

(২) স্বকীয় ৰাষ্টয়তাৰ পৰা কোনো ব্যক্তিকে অযুক্তিক ভাবে বঞ্চিত কৰিব নোৱাৰিব নাইবা স্বৰাষ্ট পৰিত্যাগ কৰি অন্য গ্ৰহণ কৰাৰ অধিকাৰত বাধা দিৰ নােৱাৰিব।

১৬শ অনুচ্ছেদ

(১) পূর্ণবয়স্ক মতা-তিৰােতাৰ বৈবহিক গৃহস্থী স্থাপন কৰাৰ অধিকাৰ থাকিব। ইয়াত জাতি, ৰাষ্ট্ৰ আৰু ধৰ্মৰ ফালৰ পৰা কোনো পৰিসীমা থাকিব নোৱাৰিব। বিয়াৰ সময়ত, বিয়াৰ পাছত আৰু বিয়া ভঙ্গ হৈ যােৱাৰ পাছত তেওঁলােকৰ সমান অধিকাৰ থাকিব।

(২) দৰা-কন্যাৰ স্বাধীন আৰু পূর্ণ সম্মতিৰ পাছত হে বিয়া হব পাৰিব।

(৩) প্রত্যেক পৰিয়াল সমাজৰ এক স্বাভাবিক আৰু মৌলিক অঙ্গ সমষ্টি। সেইহেতুকে ই সমাজ আৰু ৰাজ্যৰ পৰা সংৰক্ষণৰ দাবী কৰিব পাৰিব ।

১৭শ অনুচ্ছেদ

(১) ব্যক্তিগত ভাবে আৰু মিলিত

ভাবে সম্পত্তিৰ স্বামিত্বৰ বাবে প্রতি ব্যক্তিৰে অধিকাৰ থাকিব।

(২) মুক্তি নোহােৱাকৈ কোন ব্যক্তিকে নিজ সম্পত্তিৰ পৰা বঞ্চিত কৰিব নােৱাৰিব।

১৮শ অনুচ্ছেদ

প্রতি ব্যক্তিৰে চিন্তা-স্বাতন্ত্র, বিবেকআত, ধর্মস্বাতন্ত্রৰ অধিকাৰ থাকিব। এই অধিকাৰৰ ভিতৰতে স্ব ধর্ম আৰু বিশ্বাস পৰিত্যাগ কৰাৰ অধিকাৰে। থাকিব। আৰু অকলে নাইবা মিলিত ভাবে, গােপনে বা সামাজিক ভাবে তেওঁৰ ধৰ্ম্ম বা বিশ্বাস, শিক্ষা, প্রার্থনা, উপাসনা পালন আদি কাৰ্যৰ দ্বাৰা প্রকাশ কৰিব পাৰিব।

১৯শ অনুচ্ছেদ

প্রতি ব্যক্তিৰে মত-স্বাতন্ত্র্য থাকিব আৰু সেইমত প্রকাশৰ অধিকাৰ থাকিব। কোনো বাধা নোহােৱাকৈ কোনো মত অবলম্বন কৰাৰ অধিকাৰ থাকিব, আৰু ৰাজ্যৰ সীমান্তৰ কোনাে বাধা নােহােৱাকৈ ভাবধাৰা আৰু সমাচাৰ কোনো উপায়ে প্ৰহণ কৰিব পাৰিব আৰু প্ৰেৰণ কৰিব পাৰিব । 1

২০শ অনুচ্ছেদ

(১) প্রতিব্যক্তিৰে শান্তিপূর্ণভাবে সভা আৰু সংঘ পতাৰ অধিকাৰ থাকিব।

(২) কোনো নির্দিষ্ট সংঘৰ সভ্য হবলৈ কোনো ব্যক্তিকে বাধ্য কৰিব নোৱাৰিব।

২১শ অনুচ্ছেদ

(১) স্বাধীন ভাবে বাচি দিয়া প্রতিনিধিৰ যােগেদি, নাইবা পােনপটীয়াকৈ নিজৰ দেশ প্রশাসনত প্রত্যেকে অংশ গ্ৰহণ কৰিব পাৰিব।

(২) নিজৰ দেশৰ লোেক সেৱাৰ বাবে প্রত্যেকৰে সমান দাবী থাকিব।

(3) লোকমতেই হব প্রশাসনীয় প্রাধিকাৰৰ ভেটি। এই মত সময়ে সময়ে আৰু সাৰ্বজনীন মতাধিকাৰৰ, আৰু গােপন ভোটদান নাইবা আন তেমেকুৱা ভােটদান প্ৰথাৰ, নির্বাচনৰ দ্বাৰা প্ৰকাশ কৰিব।

২২শ অনুচ্ছেদ

সমাজৰ সভ্য হিচাপে প্রত্যেকে সামাজিক সংৰক্ষণৰ অধিকাৰী হব পাৰিব। আৰু ৰাষ্ট্ৰীয় চেষ্টা আৰু আন্তঃৰাষ্ট্ৰীয় সহযােগৰ যোগেদি আৰু প্ৰতি ৰাজ্যৰ সংখটন আৰু সম্প অনুসৰি স্বকীয় মৰ্যাদা আৰু নিজ ব্যক্তিত্বৰ পুর্ণতাৰ বাবে অপৰিহাৰ্য্য বিত্তীয়, সামাজিক আৰু কৃষ্টিমূলক অধিকাৰ সমূহৰ দাবী কৰিব পাৰিব।

২৩শ অনুচ্ছেদ

(১) প্রত্যেকৰে কৰ্ম-অধিকাৰ থাকিব নিয়ােগ সম্বন্ধে স্বাথীন মত থাকিব, কৰ্মৰ অনুকুল ব্যৱস্থাৰ দাবী থাকিব আৰু বেকাৰ অৱস্থাৰ বিৰুদ্ধে সংৰক্ষণৰ দাবী থাকিব।

(২) কোনো বৈষম্য নােহোৱাকৈ, সমান কাৰ্যৰ সমান্ত বেতনৰ বাবে প্ৰত্যেকৰ দাবী থাকিব। 1

যি সকলে কাম কৰে, মানবীয় মর্যাদা অনুসৰি নিজৰ আৰু পৰিয়ালৰ প্ৰতিপালনৰ অৰ্থে ন্যায্য পাৰিশ্ৰমিকৰ বাবে তেওঁলােকৰ দাবী থাকিব ; আৰু আৱশ্যক হলে আন সামাজিক উপায়ে তেওঁলােকৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব।

(৪) নিজ নিজ স্বার্থ সংৰক্ষণৰ অৰ্থে কাৰ্মিক সংঘ স্থাপন কৰাত নাইবা এই সংঘত যোগদান দিয়াত সকলোৰে অধিকাৰ থাকিব

২৪শ অনুচ্ছেদ

বেতনসহ সময়ে সময়ে বন্ধ উপভোগ কৰি, আৰু নির্দিষ্ট ন্যায্য সময়ৰ বাবে কাম কৰি, বিৰতি আৰু বিশ্রাম লভিবলৈ সকলােৰে অধিকাৰ থাকিব।

২৫শ অনুচ্ছেদ

(১) খাদ্য, বস্ত্র, আবাস, চিকিৎসাব্যৱস্থা আৰু অন সামাজিক সেৱা আদি লৈ নিজৰ আৰু নিজ পৰিয়ালৰ স্বাস্থ্য আৰু উন্নতিৰ জোখাৰে জীৱনযাত্ৰাৰ মান পাবলৈ প্ৰতি ব্যক্তিৰে অধিকাৰ থাকিব। বেকাৰ অৱস্থা হলে, বা যি পৰিস্থিতি নিজ শক্তিৰ বাহিৰত তেনেকুৱা পৰিস্থিতিত পৰি আৰ্জনৰ পথ বন্ধ হলে, সংৰক্ষণৰ ব্যৱস্থ থাকিব লাগিব।

(২) মাতৃ আৰু শিশুৰ বিশেষ যত্ন আৰু সাহায্যৰ দাবী থাকিব। বিবাহজনিত হওক বা নহওক, সকলে। শিশুৰে সমান সামাজিক সংৰক্ষণ ব্যৱস্থাৰ বাবে দাবী থাকিব।

২৬শ অনুচ্ছেদ

(১) প্রতি ব্যক্তিয়ে শিক্ষাৰ দাবী কৰিব পাৰিব। শিক্ষাত কোনো কৰ নাথাকি—অন্তত: প্রাথমিক আৰু মৌলিক শিক্ষাত। প্রাথমিক শিক্ষা বাধ্যতামুলক হব। কাৰ্যকৰী আৰু ব্যৱসায়ী শিক্ষা সাধাৰণতে সকলােৰে বাবে সুলভ্য হব লাগিব আৰু উচচ শিক্ষাও গুণ আৰু যােগ্যতা অনুসৰি সকলােৰে বাবে সুলভ্য হব লাগিব।

(২) শিক্ষা এনেকুৱা হব যি মানুহৰ ব্যক্তিত্ব সম্পূর্ণ ফুটাই তুলিব আৰু মানবীয় অধিকাৰ আৰু মৌলিক স্বাতন্ত্রৰ প্রতি শ্রদ্ধা দৃঢ়তৰ কৰিব । সমস্ত ৰাষ্ট্ৰৰ মাজত জাতিগত আৰু ধৰ্ম্মগত সমষ্টিবিলাকৰ মাজত ই জগাই তুলিৰ পৰস্পৰ বিশ্বাস, সহনশীলতা আৰু বন্ধুতা, আৰু ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ প্ৰচেষ্টাত দিব অগ্রগতি।

(৩) লৰা-ছোৱালীক কি শিক্ষা দিব লাগিব, সেই সম্বন্ধে প্রথম অভিমত মাক-বাপেকৰ থাকিব ।

২৭শ অনু-সামাজিক কৃষ্টিমূলক জীৱনত যােগদান দিবলৈ প্রতি ব্যক্তিৰে অধিকাৰ থাকিব। কলা-কানন্দ উপভােগ কৰিবলৈ আৰু বৈজ্ঞানিক অগ্রগতি আৰু তদজাত ফলৰ অংশ গ্রহণ কৰিবলৈ সকলােৰে অধিকাৰ থাকিব।

(২) স্বৰচিত বৈজ্ঞানিক, সাহিত্যিক বা কলামূলক অবদানৰ ফল স্বৰূপে হোৱ। নৈতিক আৰু আর্থিক স্বার্থ সংৰক্ষণৰ অধিকাৰ প্ৰতি ব্যক্তিৰে থাকিব।

২৮শ অনুচ্ছেদ

যি সামাজিক আৰু অন্তঃৰাষ্ট্ৰীক অৱস্থাত এই ঘােষণাত থকা অধিকাৰ আৰু স্বাতন্ত্র্যপূর্ণ উপলব্ধি হব পাৰে, তেনেকুৱা অৱস্থাৰ বাবে সকলােৰে দাবী থাকিব।

২৯শ অনুচ্ছেদ

(১) সি সমাজত কেৱল, কোনো ব্যক্তিৰ পূর্ণ ব্যক্তিত্ব বিকাশ সম্ভবপৰ সেই সমাজৰ প্ৰতি সেই ব্যক্তিৰ কৰ্তব্য থাকিব।

(২) অধিকাৰ আৰু স্বাতন্ত্র্যৰ বাটত প্ৰতি ব্যক্তিবেৰ মাত্র সেই পৰিসীমা থাকিব যি অন্য ব্যক্তি অধিকাৰ আৰু স্বাতন্ত্রৰ স্বীকৃতি আৰু মৰ্যদা সংৰক্ষণৰ অর্থেহে বিধি-নিবদ্ধ, আৰু গণতান্ত্রিক সমাজত নীতি, লোক সংগঠন আৰু সাধাৰণ কল্যাণৰ প্ৰতিকাৰৰ অৰ্থেহে যাৰ প্রয়োজন।

(৩) ৰাষ্ট্ৰসংঘৰ নীতি আৰু উদ্দেশ্যৰ পৰিপন্থীৰূপে কেতিয়াও এই অধিকাৰ আৰু স্বতন্ত্রতা ব্যৱহাৰ কৰিব নোৱাৰিব।

৩Oশ অনুচ্ছেদ

এই ঘোষণাৰ এনে কোনো অর্থ কৰিব নােৱাৰিব যাৰ দ্বাৰা এইটো বুজাই যে কোনো ৰাজ্য বা সমষ্টি বা ব্যক্তি বিশেষৰ ইয়াত উল্লিখিত অধিকাৰ আৰু স্বাতন্ত্র্য ধ্বংস কৰাৰ উদ্দেশ্যে কোনো কাৰ্য কৰাৰ বা তেনে কাৰ্য্যত লিপ্ত হোৱাৰ অধিকাৰ আছে ।

You also reads

মানৱ অধিকাৰ দিৱসৰ ৰচনা

References

  1. And I collected from Wikipedia
  • Learning, Awareness and Education is the purpose of this Blog/Website.
  • If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *