September 8, 2024

প্ৰফুল্ল কুমাৰ মহন্ত | Prafulla Kumar Mahanta Biography in Assamese | CM of Assam

This article covers Prafulla Kumar Mahanta’s early life, education, political career, personal life in a brief overview of his journey

প্ৰফুল্ল কুমাৰ মহন্ত হৈছে অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। ইয়াৰ উপৰিও তেওঁ অসম আন্দোলনৰ এজন উল্লেখযোগ্য নেতা আৰু অসম গণ পৰিষদ (অগপ)ৰ প্ৰাক্তন সভাপতি। ১৯৮৫ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। এনেদৰে তেওঁ আটাইতকৈ কনিষ্ঠতম মুখ্যমন্ত্ৰী হিচাবে পৰিগণিত হয়। ইয়াৰ পিছত ১৯৯৬ চনত দ্বিতীয়বাৰৰ বাবে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে তেওঁ অসম আন্দোলনৰ এজন উল্লেখযোগ্য নেতা আছিল।

Prafulla Kumar Mahanta image
কাৰ্যকাল
২৪ ডিচেম্বৰ, ১৯৮৫ – ২৭ নৱেম্বৰ, ১৯৯০
পূৰ্বসূৰী হিতেশ্বৰ শইকীয়া | উত্তৰসূৰী হিতেশ্বৰ শইকীয়া
অসমৰ মুখ্যমন্ত্ৰী কাৰ্যকাল
১৫ মে', ১৯৯৬ – ১৭ মে', ২০০১
পূৰ্বসূৰী ভূমিধৰ বৰ্মন | উত্তৰসূৰী তৰুণ গগৈ
বিধায়ক নগাওঁ কাৰ্যকাল
১৯৮৫ – ১৯৯১
পূৰ্বসূৰী মুকুট শৰ্মা | উত্তৰসূৰী মুকুট শৰ্মা
বিধায়ক বঢ়মপুৰ কাৰ্যকাল 
১৯৯১ – ....
পূৰ্বসূৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা
ব্যক্তিগত তথ্য
জন্ম - ১৯৫২
ৰাজনৈতিক দল - অসম গণ পৰিষদ | অসম গণ পৰিষদ (প্ৰগতিশীল)
দাম্পত্যসঙ্গী - জয়শ্ৰী গোস্বামী মহন্ত

২০০৫ চনত প্ৰফুল্ল কুমাৰ মহন্তক অসম গণ পৰিষদ (অগপ) দলৰ পৰা বহিষ্কাৰ কৰা হয়। ইয়াৰ পিছত ২০০৫ চনৰ ১৫ ছেপ্তেম্বৰ তাৰিখে তেওঁ অসম গণ পৰিষদ (প্ৰগতিশীল) নামৰ নতুন ৰাজনৈতিক দল এটা গঠন কৰে। ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তই পুনৰ অসম গণ পৰিষদত যোগদান কৰে।

১৯৯৮-২০০১ চনৰ ভিতৰত হোৱা আলফা সদস্য সকলৰ পৰিয়ালবৰ্গৰ গুপ্তহত্যাৰ বাবে “শইকীয়া কমিছন” (Saikia Commission)-এ সেই সময়ৰ অসমৰ গৃহমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত অভিযোগ উঠায়।

Prafulla Kumar Political Life ৰাজনৈতিক জীৱন

প্ৰফুল্ল কুমাৰ মহন্তক অসমৰ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ শাৰীত গণনা কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে তেওঁ অসম আন্দোলনৰ এজন নেতা আছিল। ইয়াৰ পিছত তেওঁ আৰু কেইজনমান সহযোগীৰ লগ হৈ অসম গণ পৰিষদ দলটো গঠন কৰে। তেওঁ দলটোৰ সভাপতি পদত অধিষ্ঠিত হয়। ইয়াৰ পিছত তেওঁ ১৯৮৫ চনত নগাঁও বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়। ইয়াৰ পিছৰ পৰাই বৰ্তমানলৈকে তেওঁ বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ আহিছে।

Prafulla Kumar as a CM of Assam অসমৰ মুখ্যমন্ত্ৰী হিচাবে

১৯৮৫ চনত প্ৰফুল্ল কুমাৰ মহন্ত নগাঁও বিধানসভাৰ সমষ্টিৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। ১৯৮৫ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। এনেদৰে তেওঁ আটাইতকৈ কনিষ্ঠতম মুখ্যমন্ত্ৰী হিচাবে পৰিগণিত হয়। কাৰ্য্যকাল আছিল ১৯৮৫ চনৰ ২৪ ডিচেম্বৰৰ পৰা ১৯৯০ চনৰ ২৭ নৱেম্বৰলৈ। ইয়াৰ পিছত ১৯৯৬ চনত তেওঁ বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। কাৰ্য্যকাল আছিল ১৯৯৬ চনৰ ১৫ মে’ৰ পৰা ২০০১ চনৰ পৰা ১৭ মে’লৈ।

অসম গণ পৰিষদৰ পৰা বহিষ্কাৰ

আলফা সদস্য সকলৰ পৰিয়ালবৰ্গৰ গুপ্তহত্যাৰ বাবে “শইকীয়া কমিছন”-এ প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত অভিযোগ উঠায়। ইয়াৰ পিছতে ২০০৫ চনত অসম গণ পৰিষদ-এ প্ৰফুল্ল কুমাৰ মহন্তক দলৰ পৰা বহিষ্কাৰ কৰে।

অসম গণ পৰিষদ (প্ৰগতিশীল)

প্ৰধান প্ৰবন্ধ: অসম গণ পৰিষদ (প্ৰগতিশীল)

২০০৫ চনৰ ১৫ ছেপ্তেম্বৰ তাৰিখে অসম গণ পৰিষদ (প্ৰগতিশীল) নামৰ নতুন ৰাজনৈতিক দল এটা তেওঁ গঠন কৰে[ আৰু দলৰ সভাপতিৰ পদত অধিষ্ঠিত হয়। ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে অসম গণ পৰিষদত উপযুক্ত নেতৃত্বৰ অভাৱৰ বাবে দলটোত তেওঁৰ প্ৰয়োজন অনুভৱ কৰা হয়। চন্দ্ৰমোহন পাটোৱাৰীৰ সভাপতিত্বৰ সময়ত অসম গণ পৰিষদ (প্ৰগতিশীল) দল ভংগ কৰা হয় আৰু পুনৰ অগপ দলত গ্ৰহণ কৰা হয়।

২০১০-বৰ্তমান

২০১০ চনৰ ৪ ছেপ্তেম্বৰত প্ৰফুল্ল কুমাৰ মহন্তক সৰ্বসন্মতিক্ৰমে অসম বিধান সভাত বিৰোধী পক্ষৰ নেতা নিৰ্বাচন কৰা হয়।পুনৰ অগপৰ সভাপতি পদ গ্ৰহণ

প্ৰায় ১১ বছৰ বিৰতিৰ পাছত প্ৰফুল্ল কুমাৰ মহন্তই পুনৰ অগপৰ সভাপতি পদ গ্ৰহণ কৰে। অসম গণ পৰিষদে প্ৰথমবাৰৰ বাবে কাৰ্য্যনিৰ্বাহক পদসমূহৰ কাৰণে নিজ দলৰ মাজতে নিৰ্বাচন পাতে। দলৰ জ্যেষ্ঠ নেতা হিতেন্দ্ৰনাথ গোস্বামীৰ অনুমোদনত এই নিৰ্বাচন অনুষ্ঠিত কৰা হয়। প্ৰফুল্ল কুমাৰ মহন্তই তেওঁৰ অগপৰ বিধায়ক পদ্ম হাজৰিকাক ৩৭টা ভোটত হৰুৱাই সভাপতি পদৰ বাবে নিৰ্বাচিত হয় আৰু কয় যে নিজ দলক অসমৰ শাসনভাৰত থকা কংগ্ৰেছ দলৰ বিকল্প হিচাবে প্ৰতিষ্ঠা কৰাই তেওঁৰ প্ৰধান লক্ষ্য।

এনডিটিভিৰ সৈতে হোৱা সাক্ষাৎকাৰ

“ভাৰতৰ সুৰক্ষা আৰু একতাৰ বাবে যিকোনো দোষ মূৰ পাতি ল’বলৈআমি সাজু আছোঁ। যদি কোনো বিদ্ৰোহী দলে সুৰক্ষা বলক আক্ৰমণ কৰে তেন্তে তেওঁলোকৰো ইয়াক প্ৰতিহত কৰাৰ অধিকাৰ আছে। কিন্তু আলফাৰ সমৰ্থকসকলক কৰা আইনৰ বাহিৰৰ হত্যাৰ ক্ষেত্ৰত অনা অভিযোগবোৰৰ দ্বাৰা মোৰ ভাৱমূৰ্তি বিকৃত কৰাৰ প্ৰচেষ্টা কৰা হৈছে”।
— প্ৰফুল্ল কুমাৰ মহন্ত (এনডিটিভিৰ ৱাক দা টক অনুষ্ঠানত দিয়া এটা সাক্ষাৎকাৰ)

২০১০ চনত দা ইণ্ডিয়ান এক্সপ্ৰেছৰ এডিটৰ-ইন-চিফ শেখৰ গুপ্তাৰ সৈতে এনডিটিভিৰ ৱাক দা টক অনুষ্ঠানত প্ৰফুল্ল কুমাৰ মহন্তই এটা সাক্ষাৎকাৰ দিছিল। তাত তেওঁ কৈছিল যে, দেশৰ সুৰক্ষা আৰু একতাৰ বাবে তেওঁ যিকোনো দোষ মূৰ পাতি ল’বলৈ সাজু আছে। যদি কোনো বিদ্ৰোহী দলে সুৰক্ষা বলক আক্ৰমণ কৰে তেন্তে তেওঁলোকৰো ইয়াক প্ৰতিহত কৰাৰ অধিকাৰ আছে। কিন্তু আলফাৰ সমৰ্থকসকলক কৰা আইনৰ বাহিৰৰ হত্যাৰ ক্ষেত্ৰত অনা অভিযোগবোৰৰ দ্বাৰা তেওঁৰ ভাৱমূৰ্তি বিকৃত কৰাৰ প্ৰচেষ্টা কৰা হৈছে। সেই একে সাক্ষাৎকাৰতে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কোনো অজ্ঞাত বিভাগক অসম আন্দোলনৰ ১৯৮০ ৰ সময়ত হোৱা গণহত্যাবোৰৰ বাবে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ আনে

সমালোচনা আৰু বিবাদ

গুপ্তহত্যা

প্ৰধান প্ৰবন্ধ:

The secret killings of Assam (1998–2001) was probably the darkest chapter in Assam’s political history when relatives, friends, sympathisers of ULFA insurgents were systematically killed by unknown assailants. These extra-judicial murders happened in Assam between 1998 and 2001.

During the government of AGP leader Prafulla Kumar Mahanta, a number of family members of ULFA leaders were assassinated by unidentified gunmen. With the fall of this government following elections in 2001, the secret killings stopped. Investigations into the killings culminated in the report of the “Saika Commission”, presented to the Assam Assembly November 15, 2007. The report provides details about the killings, which were organized by Prafulla Mahanta in his role as the Assam Home Minister, and executed by the police, with cooperation from the Indian Army. The actual killers were surrendered elements of the ULFA, who would approach their targets at home, at night, knocking on the door and calling out in Assamese to allay suspicion. When the victims answered the door, they were shot or kidnapped to be shot elsewhere.

Reference Site

Wikipedia

You can read also

Note

  • Learning, Awareness and Education is the purpose of this Blog/Website
  • If any mistake or error please kindly inform us

Leave a Reply

Your email address will not be published. Required fields are marked *