September 7, 2024

হিমন্ত বিশ্ব শৰ্মা | Himanta Biswa Sarma Biography in Assamese | CM of Assam

This article covers Himanta Biswa Sarma’s early life, education, political career, personal life, and death in a concise manner, offering a brief overview of his journey

হিমন্ত বিশ্ব শৰ্মা  হৈছে অসমৰ এগৰাকী ৰাজনীতিবিদ তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা পাঁচবাৰকৈ – ২০০১, ২০০৬ আৰু ২০১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ সদস্য, শৰ্মাই ২০১৫ চনৰ আগষ্ট মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

পৰৱৰ্তী সময়ত শৰ্মাই ২৪ মে’ ২০১৬-ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ ৰাজনৈতিক দক্ষতাৰ স্বীকৃতি হিচাপে বিজেপি নেতৃত্বয়ে তেওঁক নৱ গঠিত উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক ৰূপে নিযুক্তি দিয়ে। অঞ্চলটোৰ সৰ্বাংগীণ উন্নতিৰ লগতে উত্তৰ-পূব ৰাজ্যসমূহ আৰু কেন্দ্ৰৰ সুসংযোগ স্থাপন কৰায়ে ইয়াৰ মূল উদ্দেশ্য। ২০২১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়।

প্ৰাৰম্ভিক জীৱন

১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৯৬ৰ পৰা ২০০১ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। তেওঁ ৰিণিকি ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু নন্দীল আৰু সুকন্যা তেওঁলোকৰ সন্তান।

ৰাজনৈতিক জীৱন

শৰ্মাই ২০০১ চনত অসম গণ পৰিষদৰ নেতা ভৃগু কুমাৰ ফুকনক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে জালুকবাৰীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৬ চনত তেওঁ পুনৰ নিৰ্বাচিত হয়, তাৰ পিছত ২০১১ চনত ৭৮,০০০ ভোটৰ ব্যৱধানত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। ২০০২ চনৰ পৰা ২০১৪ চনলৈকে কৃষি, পৰিকল্পনা আৰু উন্নয়ন, বিত্ত, স্বাস্থ্য, শিক্ষা, আৰু অসম চুক্তি ৰূপায়ণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শৰ্মাই গুৰুত্বপূৰ্ণ (ৰাজ্য আৰু কেবিনেট উভয়তে) লাভ কৰিছিল।

২০০৬ চনত তেওঁক স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰী নিযুক্তি দিয়া হয়, আৰু ২০১১ চনত তেওঁক শিক্ষাৰ অতিৰিক্ত দায়িত্বও অৰ্পণ কৰা হয়। তেওঁৰ কাৰ্যকালত যোৰহাট, বৰপেটা আৰু তেজপুৰত তিনিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হয়।

ভাৰতীয় জনতা পাৰ্টী

অমিত শ্বাহ আৰু কামাখ্যা প্ৰসাদ তাছাৰ সৈতে হিমন্ত বিশ্ব শৰ্মা।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে ৰাজনৈতিক মতানৈক্যৰ পিছত ২০১৪ চনৰ ২১ জুলাইত শৰ্মাই সকলো চৰকাৰী পদৰ পৰা পদত্যাগ কৰে । ২০১৫ চনৰ ১৫ ছেপ্টেম্বৰত বিধানসভাৰ পৰা পদত্যাগ কৰে। ২০১৫ চনৰ ২৩ আগষ্টত শৰ্মাই অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচন(২০১৬ চনৰ বিধানসভা নিৰ্বাচন)ৰ বাবে নিৰ্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল । ২০১৬ চনৰ মে’ মাহত শৰ্মাই একেৰাহে চতুৰ্থবাৰৰ বাবে জালুকবাৰী সমষ্টিত জয়লাভ কৰি ২৪ মে’ত সোনোৱাল মন্ত্ৰণালয়ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। উত্তৰ-পূব ভাৰতৰ প্ৰথমখন বিজেপি চৰকাৰত তেওঁক বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, শিক্ষা, পৰিকল্পনা আৰু উন্নয়ন, পৰ্যটন, পেঞ্চন আৰু জনসংযোগ আদিৰ দৰে বিভাগৰ মন্ত্ৰীত্ব দিয়া হৈছিল।

মুখ্যমন্ত্ৰী হিচাপে

নিযুক্তি

বিজেপি মিত্ৰজোঁট-এ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত নতুন চৰকাৰ গঠনৰ আলোচনাৰ বাবে ২০২১ চনৰ ৮ মে’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে শৰ্মাক নতুন দিল্লীলৈ মাতি অনা হৈছিল। সেই সময়ৰ বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ৪ ঘণ্টাৰো অধিক সময় ধৰি ধাৰাবাহিক বৈঠকত শৰ্মা আৰু সোণোৱাল মিলিত হয় । ৯ মে’ত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত লোৱাৰ বাবে আয়োজিত এখন বৈঠকৰ পূৰ্বে সোণোৱালে ৰাজ্যপাল জগদীশ মুখীক পদত্যাগ পত্ৰ প্ৰদান কৰে । হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছিল বিদায়ী সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু নৱনিৰ্বাচিত বিধায়িকা নন্দিতা গাৰ্লোছাই। যিহেতু মুখ্যমন্ত্ৰী পদৰ বাবে আন কাৰো নাম প্ৰস্তাৱ কৰা হোৱা নাছিল, সেয়েহে সৰ্বসন্মতিক্ৰমে শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

২০২১ চনৰ ১০ মে’ত সোণোৱালৰ পিছত ৰাজ্যপাল জগদীশ মুখীয়ে অসমৰ ১৫তম মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক শপত গ্ৰহণ কৰোৱায়।

অন্যান্য

শৰ্মা ভাৰতীয় বেডমিণ্টন সন্থাৰ (Badminton Association of India) সভাপতি। তেওঁ ২০১৬ চনৰ পৰা ২০১৯ চনলৈ অসম ক্ৰিকেট সন্থাৰ (Assam Cricket Association) সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তাৰ পূৰ্বে ২০০২ৰ পৰা ২০১৬লৈ তেওঁ ইয়াৰ উপ-সভাপতি হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ বৰ্তমানলৈ লিখি উলিওৱা কিতাপ কেইখন হ’ল : ‘ভিন্ন সময় অভিন্ন মত’, ‘এটা সপোনৰ পম খেদি’, ‘সমাগত সময়’,’অন্য এক দৃষ্টিকোণ’।

Reference Site

Wikipedia

You can read also

Note

  • Learning, Awareness and Education is the purpose of this Blog/Website
  • If any mistake or error please kindly inform us

Leave a Reply

Your email address will not be published. Required fields are marked *