September 8, 2024

ভূমিধৰ বৰ্মন | Bhumidhar Barman Biography in Assamese | CM of Assam

We discuse in the article Bhumidhar Barmans Early life and education, Political career, Personal life, Death etc

ডাঃ ভূমিধৰ বৰ্মন হৈছে অসমৰ এজন ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন উল্লেখযোগ্য ৰাজনীতিক আছিল। তেওঁ ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ চনৰ ১৪ মে’লৈ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল। তেওঁ অসম বিধানসভালৈ সাতবাৰকৈ সদস্য নিৰ্বাচিত হৈছিল। ১৯৬৭ চনত প্ৰথমবাৰৰ বাবে বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।

Bhumidhar Barman image
অসমৰ মুখ্যমন্ত্ৰী
কাৰ্যকাল
২২ এপ্ৰিল ১৯৯৬ – ১৪ মাৰ্চ ১৯৯৬
পূৰ্বসূৰীহিতেশ্বৰ শইকীয়া
ব্যক্তিগত তথ্য
জন্ম১২ অক্টোবৰ, ১৯৩১
বেলশৰ গাঁও, নলবাৰী, অসম
মৃত্যু১৮ এপ্ৰিল, ২০২১ (৮৯ বছৰ)
গুৱাহাটী, অসম
ৰাজনৈতিক দলভাৰতীয় জাতীয় কংগ্ৰেছ
পিতৃভকতৰাম বৰ্মন
মাতৃমঠোপ্ৰিয়া বৰ্মন

Bhumidhar Early life জন্ম আৰু বংশ পৰিচয়

১৯৩১ চনৰ ১২ অক্টোবৰত ডাঃ ভূমিধৰ বৰ্মনৰ নলবাৰী জিলাৰ বেলশৰ গাঁৱত জন্ম হয়। পিতৃৰ নাম আছিল ভকতৰাম বৰ্মন আৰু মাতৃৰ নাম আছিল মঠোপ্ৰিয়া বৰ্মন। ভকতৰাম বৰ্মন এজন প্ৰখ্যাত ব্যৱসায়ী আছিল। ভকতৰাম বৰ্মনৰ পাঁচটা সন্তান আছিল তিনিজন পুত্ৰ আৰু দুজনী কন্যা। পিতৃ-মাতৃৰ আটাইতকৈ কণিষ্ঠ পুত্ৰ আছিল ডাঃ ভূমিধৰ বৰ্মন।

Bhumidhars Education শিক্ষা

ডাঃ ভূমিধৰ বৰ্মনে সৰুতে বেলশৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল। ১৯৫১ চনত তেওঁ টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ১৯৫৩ চনত কটন কলেজৰ পৰা আই. এছ. চি. পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে। ১৯৫৮ চনত তেওঁ সুখ্যাতিৰে এম. বি. বি. এছ. পৰীক্ষাত উত্তীৰ্ণ হয়।

Bhumidhar Career কৰ্মজীৱন

এম. বি. বি. এছ. পৰীক্ষাত উত্তীৰ্ণ হৈ নিজ গাঁও বেলশৰতে এখন ব্যক্তিগত চিকিৎসা সেৱা কেন্দ্ৰ এটা স্থাপন কৰে। ১৯৬৩ চনত তেওঁ অসম চৰকাৰৰ চাকৰিত যোগদান কৰি শ’লমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰূপে সেৱা আগবঢ়ায়। তেওঁ বৰপেটাৰোড স্বাস্থ্য কেন্দ্ৰত প্ৰথম শ্ৰেণীৰ সহকাৰী ছাৰ্জনৰূপে নিযুক্তি লাভ কৰিছিল।

Bhumidhar Political Life ৰাজনৈতিক জীৱন

ডাঃ ভূমিধৰ বৰ্মন এজন ভাল ডাক্তৰ হিচাপে সমগ্ৰ অঞ্চলটোত তেওঁ খ্যাতি আছিল। সেয়ে ৰাজনৈতিক নেতাসকলে তেওঁক ৰাজনীতিত অন্তৰ্ভুক্ত কৰাৰ কথা ভাবিলে। অসমৰ প্ৰাক্তন সাংসদ তথা বিধায়ক প্ৰফুল্ল গোস্বামী আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ হেঁচাত তেওঁ ভাৰতীয় কংগ্ৰেছ দলত যোগদান কৰে। ১৯৬৬ চনত তেওঁ চাকৰিৰ পৰা ইস্তাফা দিয়ে।

  • ১৯৬৭ চনত তেওঁ পশ্চিম নলবাৰী (বৰ্তমান ধৰ্মপুৰ) সমষ্টিৰ পৰা বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।
  • ১৯৭২ চনত তেওঁ পুনৰ বাৰ বিধান সভালৈ নিৰ্বাচিত হয়। সেই সময়ৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই তেওঁৰ মন্ত্ৰীসভাত ডাঃ ভূমিধৰ বৰ্মনক ৰাজ্যিক ৰাজহ আৰু শিক্ষামন্ত্ৰীৰূপে নিযুক্তি দিয়ে।
  • ১৯৭৮ চনৰ নিৰ্বাচনত তেওঁ জনতা দলৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়।
  • ১৯৮৩ চনত তেওঁ পুনৰ বিধান সভালৈ ধৰ্মপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়। সেইবাৰ তেওঁক মন্ত্ৰীসভাত শিক্ষা, স্বাস্থ্য, পৰিয়াল আৰু পঞ্চায়ত বিভাগৰ দায়িত্ব দিয়া হৈছিল।
  • ১৯৮৫ চনত হোৱা নিৰ্বাচনত তেওঁ পুনৰাই বিধানসভাৰ প্ৰাৰ্থীৰূপে থিয় দিছিল। কিন্তু, সেইবাৰ তেওঁ অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হয়।
  • ১৯৯১ চনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা ডাঃ ভূমিধৰ বৰ্মন অসম বিধান সভালৈ চতুৰ্থ বাৰৰ বাবে নিৰ্বাচিত হয়। সেইবাৰ তেওঁ বিপুল ভোটত জয়লাভ কৰিছিল। হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত তেওঁক জ্যেষ্ঠ মন্ত্ৰীৰূপে স্থান লাভ কৰি, স্বাস্থ্য, শিক্ষা আৰু চুক্তি ৰূপায়ণ দপ্তৰৰ কাৰ্যভাৰ গ্ৰহণ কৰে।
  • ১৯৯৬ চনত তেওঁ বৰক্ষেত্ৰী সমষ্টিৰ পৰা অসম বিধান সভাৰ নিৰ্বাচনত নামি পৰাজিত হয়।
  • ২০০১ চনত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বৰক্ষেত্ৰী সমষ্টিৰ পৰা তেওঁ বিধায়ক ৰূপে নিৰ্বাচিত হয়। সেইবাৰ মুখ্যমন্ত্ৰীৰূপে তৰুণ গগৈয়ে শপত গ্ৰহণ কৰে। তেওঁ তৰুণ গগৈৰ মন্ত্ৰীসভাত স্বাস্থ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ নিযুক্তি লাভ কৰে।

বিভিন্ন বিষয় পদত ডাঃ বৰ্মন

  • ডাঃ ভূমিধৰ বৰ্মন ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ নলবাৰী জিলা কংগ্ৰেছ (ই) কমিটীৰ সভাপতি আছিল।
  • ১৯৮৫-৮৬ চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আছিল।
  • ১৯৯৭-৯৮ চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি আছিল।
  • ইয়াৰ উপৰিও অসম কংগ্ৰেছ কমিটীৰ ভাৰপ্ৰাপ্ত সভাপতিৰূপে কাৰ্য্যনিৰ্বাহ কৰিছে।
  • ১৯৭৮ চনত টিহুত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ তেওঁ সভাপতি আছিল।
  • ২০০৬ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বিশষ বাৰ্ষিক বেলশৰ অধিৱেশনৰো সভাপতি আছিল।

Personal Life ব্যক্তিগত জীৱন

১৯৬১ চনত ডাঃ ভূমিধৰ বৰ্মন কামৰূপ জিলাৰ পলাশবাৰীৰ মালতী দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ চাৰিটা সন্তান, এজন পুত্ৰ আৰু তিনিজনী কন্যা। পুত্ৰৰ নাম দিগন্ত বৰ্মন। তেওঁ এজন এ. চি. এছ. বিষয়া। কন্যা তিনি গৰাকী হ’ল: দীপালী বৰ্মন, ৰীণা বৰ্মন আৰু ৰীতা বৰ্মন।

উগ্ৰপন্থীৰ আক্ৰমণ

ডাঃ ভূমিধৰ বৰ্মনক হত্যা কৰিবৰ বাবে উগ্ৰপন্থীয়ে তিনিবাৰকৈ আক্ৰমণ কৰিছিল। প্ৰথম আক্ৰমণ ১৯৮৬ চনত নলবাৰী জিলাৰ বেলশৰ পুলিচ থানাৰ সন্মুখত, দ্বিতীয় আক্ৰমণ ১৯৯০ চনৰ ২০ জানুৱাৰীত বেলশৰত নিজ বাসভৱনত জাতীয় পতাকা উত্তোলন কৰাৰ সময়ত আৰু তৃতীয়টো আক্ৰমণ ১৯৯৫ চনৰ ৩০ ডিচেম্বৰৰ দিনা বৰক্ষেত্ৰী সমষ্টিৰ লাউপাৰা গাঁৱত। এই তিনিওতা আক্ৰমণত কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে

Reference Site

Wikipedia

You can read also

Note

  • Learning, Awareness and Education is the purpose of this Blog/Website
  • If any mistake or error please kindly inform us

Leave a Reply

Your email address will not be published. Required fields are marked *