July 21, 2024

সংবিধান কি | What is Indian Constitution in Assamese

সংবিধান : কিয় আৰু কেনেকৈ? (Constitution : Why and How?)

সংবিধান হ’ল জাতিৰ সপোনস্বৰূপ। প্রত্যেক ৰাষ্ট্ৰৰ এখন নিজস্ব সংবিধান থাকে। সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰি। ৰাষ্ট্ৰৰ উদ্দেশ্য হ’ল ব্যক্তিৰ ব্যক্তিত্ব বিকাশ আৰু প্ৰতিভা প্ৰকাশৰ পথ সুগম কৰা। এই উদ্দেশ্য সিদ্ধিৰ বাবে ৰাষ্ট্ৰই প্ৰয়োজনীয় নীতি-নিয়ম প্ৰৱৰ্তন কৰিব লাগিব। এই নীতি-নিয়মবিলাকে ৰাষ্ট্ৰৰ গঠন প্রণালী, প্রকৃতি, নাগৰিক আৰু সামাজিক সংস্থাবিলাকৰ লগত চৰকাৰৰ সম্পৰ্ক, চৰকাৰী কাৰ্য পৰিচালনাৰ নীতি, চৰকাৰী বিভাগবিলাকৰ মাজত ক্ষমতা বণ্টন প্রণালী, নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য ইত্যাদিক নিয়ন্ত্ৰণ কৰে। এই নীতিনিয়মবিলাককেই সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়।

  • ভাৰতীয় সংবিধান হৈছে ভাৰতৰ সৰ্বোচ্চ আইন, যি দেশৰ মৌলিক আইনী পৰিকাঠামো হিচাপে কাম কৰে।
  • ইয়াক ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰ আইন (১৯৩৫)ৰ সলনি গ্ৰহণ কৰা হৈছিল, আৰু ই চৰকাৰৰ বিভিন্ন শাখাৰ গাঁথনি, ক্ষমতা আৰু কাৰ্যনিৰ্ধাৰণ কৰে।
  • এই ধাপে ধাপে নিৰ্দেশিকাখনে ভাৰতীয় সংবিধান কিয় প্ৰয়োজনীয় আছিল আৰু ইয়াক কেনেদৰে সৃষ্টি কৰা হৈছিল সেয়া বৰ্ণনা কৰিব।

সংবিধান কি? আমাক এখন সংবিধান কিয় লাগে? [What is Constitution? Why do we need a Constitution?]

সংবিধান কি? (What is Constitution?) : লেটিন শব্দ “constitute” ৰ পৰা ইংৰাজী প্রতিশব্দ ‘Constitution’ৰ উৎপত্তি হৈছে। ‘Constitution’ শব্দটিত অসমীয়া ভাঙনি হৈছে ‘সংবিধান’। এই শব্দৰ অৰ্থ হ’ল গঠন বা প্রতিষ্ঠা কৰা৷ ৰোমান আইন শাস্ত্ৰৰ পৰা ৰাষ্ট্ৰীয় আইনৰ ক্ষেত্ৰত এই শব্দটো প্ৰয়োগ কৰা হৈছে। ৰোমান আইনে এই শব্দৰ দ্বাৰা সর্বোচ্চ ৰাজকীয় কৰ্তৃত্বৰ আদেশ আৰু আন আন কামক বুজায় l

বিভিন্ন পণ্ডিতে সংবিধানৰ সংজ্ঞা সম্পর্কে নানা মত প্ৰকাশ কৰিছে। মার্কিন আইনজ্ঞ কুলী (Cooley)-ৰ মতে, “সংবিধান হ’ল সেইবিলাক মৌলিক নীতি আৰু নিয়মাৱলী যিবিলাকৰ দ্বাৰা ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্রয়োগ কৰা হয়।” (1) লর্ড ব্ৰাইছে (Lord Bryce) সংবিধানৰ সংজ্ঞা নিৰূপণ কৰিছে এনেদৰে, “সংবিধান হ’ল সেইবিলাক আইন আৰু প্ৰথাৰ সমষ্টি যিবিলাকৰ দ্বাৰা ৰাষ্ট্ৰৰ জীৱন পৰিচালিত হয়(bা অধ্যাপক লাস্কি (Prof. Laski)-ৰ ভাষাত ঃ “প্রত্যেক সুসংবদ্ধ ৰাষ্ট্ৰৰ একোখনকৈ সংবিধান থাকে, যাৰ দ্বাৰা চূড়ান্তভাৱে আইন অনুজ্ঞাসমূহ প্ৰণয়ন কৰা হয়।”

মুঠতে সংবিধান হ’ল সেইবিলাক বিধি-বিধানৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰৰ ক্ষমতা, শাসিতৰ অধিকাৰ আৰু শাসকশাসিতৰ মাজৰ সম্পৰ্ক স্থিৰ কৰা হয়। সংকীৰ্ণ অৰ্থত সংবিধান বুলিলে কেৱল লিখিত নিয়ম কানুনসমূহক বুজায়। কিন্তু ব্যাপকঅৰ্থত সংবিধান বুলিলে লিখিত আৰু অ-লিখিত, আইনগত আৰু আইনবহির্ভূত সকলো ধৰণৰ নিয়ম-কানুনকে বুজায়। অর্থাৎ সংবিধান কেৱল ৰাষ্ট্ৰ পৰিচালনাৰ নিয়মাৱলীৰ সমষ্টিয়েই নহয়। ইয়াৰ মাধ্যমত কোনো দেশৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক আদি নীতিও ব্যক্ত কৰা হয়।

আমাক সংবিধান কিয় লাগে? [Why do we need Constitution?]

মানুহ নিয়মৰ দাস। প্রাকৃতিক জগত আৰু সামাজিক জীৱন দুয়োটাই কিছুমান ধৰা বন্ধা নিয়মৰ দ্বাৰা পৰিচালিত। প্রাকৃতিক জগত ইয়াৰ নিজস্ব নিয়মাৱলীৰ দ্বাৰা নিয়ন্ত্রিত হয়। আমাৰ সামাজিক জীৱনো ৰীতি-নীতি আৰু স্বীকৃত আচাৰব্যৱহাৰৰ দ্বাৰা নিয়ন্ত্রিত। মানুহৰ পাৰিবাৰিক জীৱনো নিয়মৰ পৰা মুক্ত নহয়৷ এইবিলাক নিয়ম পালন, ৰীতি-নীতি অবিহনে প্রাকৃতিক, সামাজিক আৰু পাৰিবাৰিক জীৱন অচল হৈ পৰিব।

The Constitution is the body of rules and motions in accordance with which the powers of sovereigntly are habitually exercised. -Lord Bryce -Cooley “Constitution is the aggregate of laws and customs under which the life of the state goes on.”

  • স্বাধীনতাৰ পিছত প্ৰত্যাহ্বান: ১৯৪৭ চনত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত, ভাৰতে বিভিন্ন জনসংখ্যা আৰু সংস্কৃতিৰ সৈতে এখন সাৰ্বভৌম ৰাষ্ট্ৰলৈ পৰিৱৰ্তনৰ কঠিন কামৰ সন্মুখীন হৈছিল।
  • আইনী শূন্যতা: আনুষ্ঠানিক সংবিধানৰ অনুপস্থিতিয়ে এক আইনী শূন্যতা এৰি দিছিল, যাৰ ফলত শাসনৰ বাবে এক নতুন আইনী পৰিকাঠামো স্থাপন কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছিল।
  • গণতন্ত্ৰ নিশ্চিত কৰা: ভাৰতৰ নেতাসকল এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল, আৰু গণতন্ত্ৰৰ নীতি আৰু প্ৰণালী নিৰ্ধাৰণ কৰিবলৈ এখন সংবিধান অপৰিহাৰ্য আছিল।

……………….

Leave a Reply

Your email address will not be published. Required fields are marked *