July 27, 2024

পশ্চিম কাৰ্বি আংলং জিলা | West Karbi Anglong district Data and Facts

সংবিধানৰ ষষ্ঠ অনসূচী অনুসৰি স্বায়ত্ত শাসন লাভ কৰা কাৰ্বি আংলং জিলাৰ এটা অংশ হৈছে পশ্চিম কাৰ্বি আংলং জিলা। ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱে ৫খন নতুন জিলা চৰকাৰীভাৱে ঘোষণা কৰিছিল। তাৰ ভিতৰত পশ্চিম কাৰ্বি আংলং জিলাও এখন ৷ জিলাখনৰ সদৰ হামৰেন গুৱাহাটীৰ পৰা ২৪৭ কিঃমিঃ দূৰত্বত অৱস্থিত। আগতে হামৰেন কাৰ্বি আংলং জিলাৰ মহকুমা আছিল। ২০১৬ চনৰ ফেব্ৰুৱাৰীত – প্রশাসনিক জিলা হিচাপে পশ্চিম কাৰ্বি আংলং জিলাখন উদ্বোধন কৰা হয়। জিলাখনৰ প্ৰথমজন উপায়ুক্ত হিচাপে দেৱ কুমাৰ নাথে আৰু প্ৰথমজন আৰক্ষী অধীক্ষক হিচাপে এম চি শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰে।

চাৰিসীমা ঃ-

জিলাখনৰ চাৰিসীমাত আছে পূবে কাৰ্বি আংলং জিলা, পশ্চিমে নগাঁও জিলা আৰু মেঘালয় ৰাজ্য, উত্তৰে নগাঁও জিলা আৰু দক্ষিণে ডিমা হাছাও জিলা অৱস্থিত।

মহকুমা, ৰাজহ চক্ৰ, উন্নয়ন খণ্ড ইত্যাদি :

কাৰ্বি আংলং জিলাৰ পৰা দ্বিখণ্ডিত হৈ পশ্চিম কাৰ্বি আংলং জিলা গঠন হৈছে। জিলা হিচাপে ঘোষণা কৰাৰ আগলৈকে পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ ঠাই হামৰেন কাৰ্বি আংলং জিলাৰ এটা মহকুমা আছিল। জিলাখনৰ প্রধান ঠাইসমূহ হ’ল— হামৰেন, বৈঠালাংছ’, ককা, খান্দুলি, ডনকামোকাম, খেৰনি, আম্‌ৰি, চিনথং, ৰংখান ইত্যাদি। জিলাখনে ৩০৫৫ বর্গকিঃমিঃ ঠাই আগুৰি আছে। নতুনকৈ গঠন হোৱা জিলাখনৰ একমাত্ৰ ৰাজহ চক্ৰটো হৈছে: ডনকামোকাম ৰাজহ চক্র । উন্নয়ন খণ্ডকেইটা হৈছেঃ ৰংখাং উন্নয়ন খণ্ড, চোচেং উন্নয়ন খণ্ড, চিনথং উন্নয়ন খণ্ড আৰু আমৰি উন্নয়ন খণ্ড। জিলাখনত থকা বিধানসভা সমষ্টিটো হৈছে বৈঠালাংছ’। এই বিধানসভা সমষ্টিটো কাৰ্বি আংলং লোকসভা সমষ্টিৰ অন্তৰ্গত। ২০১১ চনৰ লোকপিয়লমতে নতুনকৈ গঠন হোৱা পশ্চিম কাৰ্বি আংলং জিলাৰ মুঠ জনসংখ্যা ৩,১০,০০০ জন।

ভাষা, ধর্ম, সংস্কৃতি ঃ

জিলাখনৰ অধিবাসীৰ প্ৰায়ভাগেই কাৰ্বি জনগোষ্ঠীৰ লোক। কার্বি জনসংখ্যাই বেছি যদিও তিৱা, লালুং, গাৰো, বড়ো আদি লোক কম পৰিমাণে বাস কৰে। তাৰ ভিতৰত অজনজাতীয় লোকো আছে। জিলাখনৰ প্ৰধান ভাষা হ’ল কাৰ্বি। অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাও কিছুসংখ্যক লোকে কয়।

পর্যটন :

পশ্চিম কাৰ্বি আংলং জিলাখন সেউজীয়া পাহাৰেৰে আৱৰি আছে। জিলাখনৰ মাজেদি কপিলী নৈ বৈ গৈছে। জিলাখনৰ দক্ষিণ দিশত মেঘালয়ৰ কেইবালানি সেউজীয়া পাহাৰৰ লগতে বৰাপানী হ্রদ আছে। পৰ্যটকৰ আকৰ্ষণৰ আন কেইখনমান ঠাই হ’ল বৈঠালাংছ’, আমট্রেং, ডংকা, খাণ্ডুলি, টিকা পাহাৰ আদি।

যাতায়াত ঃ

জিলাখনৰ সদৰ হামৰেনৰ পৰা ৪৭ কিঃমিঃ দূৰত্বত হোজাই জিলাৰ হোজাই ৰে’লষ্টশ্যন অৱস্থিত। জিলাখনৰ পৰা গুৱাহাটী, ডিফু, হোজাই আদিলৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ দৈনিক বাছসেৱা আছে।

References

  1. I collected from Wikipedia
  2. Official site
  3. and different books

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *