July 1, 2022

Vekuli Biya Festivale in Assamese | ভেকুলী বিয়াৰ ইতিহাস

Vekuli Biya Festivale in Assamese

খৰাং বতৰত বৰষুণৰ কামনাৰে অসমীয়া লোকসমাজত প্রচলিত এক জনপ্ৰিয় লোকাচাৰ হ’ল ভেকুলী বিয়া। আমাৰ সমাজত এক বিশ্বাস আছে যে ভেকুলীৰ বিয়া পাতিলে আৰু ভেকুলীয়ে টোৰ-টোৰালে বৰষুণ দিয়ে। এই বিশ্বাসক আধাৰ কৰিয়েই ভেকুলী বিয়া পতা হয়। সাধাৰণতে ফাগুন-চ’ত মাহৰ অনাবৃষ্টিৰ সময়ত অথবা খৰাংপীড়িত সময়ত বছৰৰ যিকোনো সময়ত ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। ভেকুলী বিয়া কৃষি উৎসৱ হিচাপেও গণ্য কৰিব পাৰি। কাৰণ কৃষকক পথাৰত পানী প্রয়োজন হোৱাৰ সময়ত বৰষুণ নাহিলে ভেকুলী বিয়া পতা হয়।

ভেকুলী বিয়া উৎসৱ পালন

একপ্ৰকাৰ মানুহে পতা বিয়াৰ দৰেই ভেকুলী বিয়া পতা হয়৷ সাধাৰণতে দুখন গাঁৱৰ ৰাইজ একগোট হৈ ভেকুলী বিয়া পাতে। এখন গাঁৱত দৰা আৰু আন এখন গাঁৱত কইনা সজাই লোৱা হয়৷ কেতিয়াবা একেখন গাঁৱৰে পুখুৰী অথবা  ঘৰৰ চুকৰ দুটা ভেকুলী ধৰি আনি দুঘৰ মানুহত দৰা আৰু কইনাৰূপে থৈ ভেকুলী বিয়া পতা হয়। ভেকুলী বিয়াৰ নিৰ্দিষ্ট দিনটো ধার্য কৰাৰ লগে লগে দুয়োখন গাঁৱৰ ডেকা-গাভৰুৱে ভেকুলী বিচৰাৰ কামত লাগি যায়। দুটা ভেকুলী যোগাৰ হ’লেই বিয়াৰ পৰ্ব আৰম্ভ হয়। অসমীয়া সমাজৰ পৰম্পৰাগত বিবাহ পদ্ধতিৰ সকলো নীতি-নিয়ম ভেকুলী বিয়াত মানিবলৈ চেষ্টা কৰা হয় ৷ জোৰণ দিয়া পৰ্বৰেই ভেকুলী বিয়াৰ কাৰ্যসূচী আৰম্ভ হয়। নাৰিকলৰ টুকুৰাৰে কাণফুলি, শামুকৰ খোলাৰে নেক্‌লেছ্, কাউৰী মণিৰে চেইন, খাৰু, আঁহত গছৰ পাতেৰে মেখেলা-চাদৰ আদি জোৰণ হিচাপে দিয়া হয়। ঠিক তেনেদৰে কইনা ঘৰৰ পৰাও গছৰ পাতেৰে তৈয়াৰ কৰা দৰাৰ সাজ দিয়া হয়। পানী তোলা পৰম্পৰাও ভেকুলী বিয়াৰ লগত জড়িত। ভগা বাল্টি, টিন আদি বজাই ডেকা-গাভৰুৱে ওচৰৰ নদী, বিল নাইবা ৰাজহুৱা পুখুৰীৰ পৰা পানী তোলে।

কইনা আৰু দৰা দুয়োটা ভেকুলীকে দৰা-কইনাৰ সাজেৰে সজায়। তাৰ পাছত দৰা কইনাৰ ঘৰলৈ যায়। কইনাঘৰৰ চোতালত দৰাক আদৰণি জনোৱা হয়। কইনা ঘৰত দুয়োকে কাঠৰ চালপীৰাত বহুৱাই বিবাহ কাৰ্য আৰম্ভ কৰা হয় ৷ দৰা-কইনাক উপহাৰ দিয়া পৰ্বও তাতেই আৰম্ভ হয়। নাৰিকলৰ টুকুৰা, কলপটুৱাৰ দোং আদি বস্তু উপহাৰ হিচাপে দিয়া হয়। বিয়াৰ অন্তত দৰা আৰু কইনাক কলৰ দোনাৰে সজা দোলাত লৈ ঢোল-পেঁপা বজাই দৰা-কইনাক দুয়োখন গাঁও ফুৰাই নদীত এৰি দিয়া হয়। দৰাৰূপী ভেকুলীটোক কাপোৰ পিন্ধোৱাৰ দৰে কইনাৰূপী ভেকু লীটোকো কাপোৰ পিন্ধোৱা হয়। এনেকৈয়ে জাত জাত বিয়া নাম গাই দুয়োটা ভেকুলীৰ মাজত বিয়া পাতি দিয়া হয়। বিশেষকৈ ৰাতি অনুষ্ঠিত ভেকুলী বিয়াত বৰ্তমান ভোজ-ভাত খোৱাও দেখিবলৈ পোৱা যায় আৰু মানুহে অতি আনন্দ-উল্লাসেৰে এই বিয়া উপভোগ কৰে।

ভেকুলী বিয়া সম্পৰ্কে লোকবিশ্বাস

ভেকুলী বিয়াৰ সৈতে দেৱতাসকলৰ অধিপতি ইন্দ্ৰৰো  এক সম্পর্ক আছে বুলি বিভিন্ন ঠাইত উল্লেখ আছে। বিশেষকৈ ইন্দ্ৰ পূজাৰ লগত এই বিয়াৰ সম্পৰ্ক আছে। বর্তমান ইন্দ্ৰপূজা পতা নহয় যদিও ভেকুলী বিয়া পাতিলে ইন্দ্ৰ দেৱতা সন্তুষ্ট হৈ বিয়ালৈ আহে বুলি এক বিশ্বাস আছে। ইন্দ্ৰ ভেকুলী বিয়ালৈ অহাৰ বাবেই তেওঁক বৰুণ দেৱতাই বৰষুণেৰে বিবাহৰ মংগল কামনা কৰে। সেয়ে ভেকুলী বিয়াত ইন্দ্ৰৰ নাম উল্লেখেৰে আয়তীসকলে গায়—

‘ৰাম ৰাম, ভেকুলীৰ বিয়ালৈ,

ৰাম ৰাম, আহে ইন্দ্ৰদেৱ

ৰাম ৰাম, বতাহ বৰষুণত তিতিহে,

আকৌ আয়তী সকলে গায়—

খহুলী ভেকুলীৰ বিয়া এ

ইন্দ্ৰে বৰষুণ দিয়া এ।’”

ভেকুলী বিয়াত গোৱা নামবোৰ অসমীয়া লোক-সাহিত্যৰ অন্যতম সম্পদ। ড° লীলা গগৈয়ে এই গীতবোৰৰ সম্পৰ্কত ‘অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা’ত কৈছে— ‘ভেকুলী বিয়াৰ নামৰ পৰিমাণ তাকৰীয়া হ’লেও লোকবিশ্বাসৰ ঐতিহ্য জড়িত কৃষিজীৱী সমাজৰ গীত হিচাপে লোক-সাহিত্যত ইয়াৰ মূল্য বৈশিষ্ট্যপূর্ণ।’

ভেকুলী বিয়াৰ তাৎপৰ্য

অসমীয়া কৃষিজীৱী লোকৰ ভেকুলী বিয়াখন যেন গভীৰ বিশ্বাস আৰু আস্থাৰ ভেঁটিত প্রতিষ্ঠিত হৈ আছে। ভেকুলী বিয়া আয়োজনৰ লগত কৃষিজীৱী গাঁৱলীয়া সমাজৰ সৰল চহা মনকেই যেন তুলি ধৰে। আজিৰ তাৰিখত বিজ্ঞানে বৰষুণ হোৱা আৰু নোহোৱাৰ কাৰণ ব্যাখ্যা কৰিলেও ভেকুলী বিয়াই অসমীয়া লোকজীৱনৰ এছোৱা ৰূপ ধৰি ৰাখিছে।v

Leave a Reply

Your email address will not be published.