July 24, 2024

ষ্টেট বেংক দিৱস | State Bank Day in Assamese

ষ্টেট বেংক দিৱস (১ জুলাই)

১৯৫৫ চনৰ ১ জুলাই তাৰিখে সংসদত বেংক সম্পর্কত এখন আইন অনুমোদন কৰি ‘ইম্পিৰিয়েল বেংক অৱ ইণ্ডিয়া’ক ষ্টেট বেংক অব ইণ্ডিয়া’ নামে নামকৰণ কৰা হয়। সেয়েহে ‘ষ্টেট বেংক অব্ ইণ্ডিয়াই ১ জুলাই দিনটোক প্ৰতি বছৰে ‘ষ্টেট বেংক দিৱস’ হিচাপে উদযাপন কৰি আহিছে। এই দিৱসৰ লগত সংগতি ৰাখি ষ্টেট বেংক অব ইণ্ডিয়াৰ শাখাসমূহে ভালেমান জনসেৱামূলক কাৰ্যসূচী পালন কৰে।

স্বাধীনতাৰ পূৰ্বতে ১৮৭৬ চনত বেংগল, বোম্বাই আৰু মাদ্ৰাজৰ সমগোত্রীয় চৰকাৰী যুটীয়া বেংকসমূহক এশক সংহত প্রাদেশিক বেংক আইনৰ অধীনলৈ আনে। প্রথম বিশ্বযুদ্ধৰ আগলৈকে প্রাদেশিক বেংকৰ সমগোত্রীয়কৰণ ব্যৱস্থাটোক ১৯২০ চনত ‘ইম্পিৰিয়েল বেংক অব ইণ্ডিয়া’ নামে নামকৰণ কৰাৰ সিদ্ধান্ত লৈ কাৰ্যকৰী কৰা হয়।

উত্তৰ-পূৰ্বাঞ্চলত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ ইতিহাস অঞ্চলটোৰ বেংকিং । ব্যৱস্থাৰ ইতিহাসৰ সমানেই পুৰণি। সমগ্ৰ অঞ্চলটোৰ ভিতৰত কুৰি শতিকাৰ একেবাৰে আদি ভাগতে ডিব্ৰুগড়ত ইম্পিৰিয়েল বেংক অব্ ইণ্ডিয়া’ৰ প্ৰথমটো শাখাৰ শুভাৰম্ভ হয়। ইয়াৰ পিছত ক্ৰমে তেজপুৰ আৰু চিলঙতো সূচাৰুৰূপে ইয়াৰ শাখা স্থাপিত হয়। বর্তমান উত্তৰ-পূৰ্বাঞ্চলৰ চুকে-কোণে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ মুঠ ৪৫০টা শাখাই জনসাধাৰণক সেৱা আগবঢ়াই আহিছে। এই শাখাসমূহ অকল যে নগৰ অঞ্চলতে স্থাপন কৰা হৈছে সেয়া নহয়। তাৰে আধাতকৈ বেছি সংখ্যক শাখাই গ্রামাঞ্চলত স্থাপন কৰি অঞ্চলটোৰ আঞ্চলিক গাঁৱলীয়া বেংকৰ পিছপৰা পাহাৰীয়া ভূখণ্ডতো বহু সংখ্যক শাখাই ষ্টেট বেংকৰ উদ্যোগত সেৱা আগবঢ়াই আহিছে।

১৯৮১ চনৰ ২৯ এপ্ৰিলত বেংগল কেন্দ্ৰৰ পৰা আঁতৰাই আনি ষ্টেট বেংকে প্রশাসনীয় ন্যায়িক ক্ষমতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ কাৰণে গুৱাহাটীত এটা মাণ্ডলিক মুখ্য কার্যালয় স্থাপন কৰিছে। ইয়াৰ অধীনত তিনিটা আঞ্চলিক কার্যালয় স্থাপন কৰা হৈছে। যথাক্রমে গুৱাহাটী, যোৰহাট আৰু চিলঙত। তাৰোপৰি নাগালেণ্ডত বেংকৰ কাৰ্য পর্যবেক্ষণ কৰিবৰ বাবে ডিমাপুৰত উপ-মহাপ্রবন্ধকৰ অধীনত এটা ক্ষেত্রীয় কার্যালয়ে কার্য পৰিচালনা কৰি আছে। তাৰোপৰি আগৰতলা, ডিব্ৰুগড়, আইজল, ইটানগৰ, শিলচৰ আৰু তুৰাতো বেংকৰ সিদ্ধান্ত কার্যকৰীকৰণ আৰু শাখা পৰিচালনা প্ৰশাসনৰ মাজত দূৰত্ব নাইকিয়া কৰিবৰ বাবে একোটাকৈ ক্ষেত্র কার্যালয় স্থাপন কৰা হৈছে।

কিছুবছৰ আগলৈকে এই অঞ্চলত ষ্টেট বেংকৰ প্ৰসাৰ মন্থৰ গতিত আছিল। কুৰি বছৰ আগলৈকে সমগ্ৰ অঞ্চলটোৰ শাখা আছিল ১৬৫টা। কিন্তু বর্তমান উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়া মণ্ডল স্থাপন হোৱাৰ পিছত শাখা প্ৰসাৰণ প্ৰক্ৰিয়াই যথেষ্ট উৎসাহজনক গতি লাভ কৰিছে।

বৰ্তমান ইয়াৰ প্ৰায় তিনিগুণ শাখা প্ৰতিষ্ঠাৰ লগতে বেংকৰ লিড বেংক কার্যালয় প্রশিক্ষণ কাৰ্য আৰু অন্যান্য প্রশাসনীয় একক আদি স্থাপন পৰিসৰে এক বিস্তৰ প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈ ষ্টেট বেংকে উত্তৰ-পূৰ্বাঞ্চলত কৃষি উদ্যোগ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *