July 27, 2024

South Salmara Mankachar District Data and Facts | দক্ষিণ শালমৰা-মানকাচাৰ

  •   Division: Lower Assam
  •   Headquarter: Hatsingimari
  •   Sub-Divisions: 1
  •   Revenue Circles: 2
  •   Development Blocks: 3
  •   Geographical Area: 568 sq. km
  •   Population: 388673(2011 Census)
  •   Literacy: 50.76%(2011 Census)
  •   Revenue Villages: 152
  •   Panchayats: 35
  • Shri Rahul Kumar Gupta,IAS — District Commissioner
  • Official Website Click Here

Helpline Numbers

  1. Child Helpline: 1098
  2. Fire emergency: 102
  3. Medical: 108
  4. Women’s Helpline 181
  5. Assam Police: 100
  6. Fire Station: 235605
  7. All India Railway: 1512
  8. Disaster Mgmt: 1077/1070
  9. SP. Office: 03662 286614
  10. APDCL Number: 1912 

২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে তদানীনন্তন অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱে ৫খন নতুন জিলা চৰকাৰীভাৱে ঘোষণা কৰিছিল। তাৰ ভিতৰত দক্ষিণ শালমৰা-মানকাছাৰ জিলা অন্যতম। জিলাখনৰ সদৰ হাটশিঙিমাৰি গুৱাহাটীৰ পৰা ২৪৫ কিঃমিঃ দূৰত্বত অৱস্থিত। আগতে হাটশিঙিমাৰী ধুবুৰী জিলাৰ মহকুমা আছিল। ২০১৬ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে প্রশাসনিক জিলা হিচাপে সহস্ৰাধিক ৰাইজৰ উপস্থিতিত তদানীন্তন নামনি অসমৰ আয়ুক্ত মেহতাবউদ্দিন আহমেদে উদ্বোধন কৰে ৷ জিলাখনৰ প্ৰথমজন উপায়ুক্ত হিচাপে আব্দুৰ ৰহিম শেইক (Abdur Rahim Sheik) ডাঙৰীয়াই কাৰ্যভাৰ গ্ৰহণ কৰে ৷ জিলা হিচাপে ঘোষণা কৰাৰ পূৰ্বে ২০১৫ চনৰ ১ জানুৱাৰী তাৰিখে দক্ষিণ শালমৰা আৰু মানকাচাৰ মহকুমাক আৰক্ষী জিলা হিচাপে ঘোষণা কৰা হৈছিল।

১৯৮৩ চনতে দক্ষিণ শালমৰা-মানকাচাৰ মহকুমা হিচাপে ঘোষিত হৈছিল৷ তেতিয়াৰে পৰা মহকুমাটোৰ ৰাইজে পূর্ণাংগ প্রশাসনিক জিলা হিচাপে মহকুমাটোক উন্নীতকৰণ কৰিবলৈ দাবী জনাই আহিছিল৷ কিয়নো মহকুমাটোৰ তিনিওটা দিশে ৰাষ্ট্ৰীয় সীমা (মেঘালয় ৰাজ্য) আৰু আন্তঃৰাষ্ট্ৰীয় সীমা (বাংলাদেশ)ই আগুৰি আছে। বাকী আনটো দিশত থকা ব্ৰহ্মপুত্ৰ নদীৰ মুক্ত অঞ্চলেদি মহকুমাটোত অসামাজিক কাম-কাজ বৃদ্ধি পাইছিল।

নামটোৰ উৎপত্তিঃ

দক্ষিণ শালমৰা আৰু মানকাচাৰ, এই দুয়োটা বিধানসভা সমষ্টিৰ নামৰ পৰাই দক্ষিণ শালমৰা-মানকাচাৰৰ নামটো আহিছে।

চাৰিসীমা ঃ

জিলাখনৰ চাৰিসীমাই আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমা আগুৰি আছে। জিলাখনৰ পূবে মেঘালয় ৰাজ্য, পশ্চিমে বাংলাদেশ, উত্তৰ দিশে গোৱালপাৰা জিলা আৰু ধুবুৰী জিলা আৰু দক্ষিণে বাংলাদেশ আৰু মেঘালয় ৰাজ্য।

মহকুমা, ৰাজহ চক্ৰ, উন্নয়ন খণ্ড ইত্যাদি :

পুৰণি ধুবুৰী জিলাৰ পৰা দ্বিখণ্ডিত হৈ দক্ষিণ শালমৰা-মানকাচাৰ জিলা গঠন হৈছে। জিলা হিচাপে ঘোষণা কৰাৰ আগলৈকে দক্ষিণ শালমৰা-মানকাচাৰ ধুবুৰী জিলাৰ মহকুমা আছিল। জিলাখনৰ প্ৰধান ঠাইসমূহ হ’ল— হাটশিঙিমাৰী, মানকাচাৰ, দক্ষিণ শালমৰা, ফকিৰগঞ্জ, ফেকামাৰী, কুকুৰমাৰা, বাঘাপাৰা, যৌদংগা, সুখচৰ ইত্যাদি। জিলাখনে ৫৬৮ বর্গকিঃমিঃ ঠাই আগুৰি আছে। নতুনকৈ গঠন হোৱা দক্ষিণ শালমৰা-মানকাচাৰ জিলাত থকা ৰাজহ চক্ৰকেইটা হৈছেঃ দক্ষিণ শালমৰা ৰাজহ চক্ৰ আৰু মানকাচাৰ ৰাজহ চক্ৰ। উন্নয়ন খণ্ডকেইটা হৈছে: ফেকামাৰী উন্নয়ন খণ্ড, ফকিগঞ্জ উন্নয়ন খণ্ড, যৌদংগা উন্নয়ন খণ্ড। জিলাখনত থকা বিধানসভা সমষ্টি হৈছে দক্ষিণ শালমৰা আৰু মানকাচাৰ ।

দুয়োটা সমষ্টিয়েই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। জিলাখনৰ পশ্চিম দিশে মহাবাহু ব্রহ্মপুত্র নদী পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে। জিলাখনত থকা আন কেইখনমান নৈ হৈছেঃ জিঞ্জিৰাম, কালনদী আদি।

জিলাখনত তিনিখন পুলিচ থানা আছে। ২০১১ চনৰ লোকপিয়লমতে জিলাখনৰ জনসংখ্যা ৫,৫৫,১১৪ জন। ইতিহাসপ্রসিদ্ধ জিলাখনৰ মানকাচাৰত থকা মিৰ জুমলা দ্বিতীয় আৰু কামাখ্যা মন্দিৰ ঐতিহাসিক ঠাই।

অর্থনীতি :

জিলাখনৰ অধিকাংশ লোকেই কৃষি আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল। জিলাখনত মৰাপাট আৰু সৰিয়হ খেতি প্ৰধান বুলি ক’ব পাৰি। গম, মাকৈ, মাহ, কুঁহিয়াৰ আদি খেতিও কিছু পৰিমাণে হয়। কাঠ, বাঁহ আদিও কিছু লোকৰ জীৱিকাৰ প্ৰধান উৎস। জিলাখনত ১৩৬২.৩৩ হেক্টৰ মাটি জুৰি তিনিখন চাহ-বাগিচাও আছে।

শিক্ষাঃ জিলাখনত উচ্চ শিক্ষাৰ বাবে হাটশিঙিমাৰী কলেজ, মানকাচাৰ কলেজ আৰু দক্ষিণ শালমৰা কলেজ নামেৰে তিনিখন কলেজ আছে। তদুপৰি জে.এম উচ্চতৰ মাধ্যমিক বিদ্যালয়, মানকাচাৰ আৰু এছ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয় ইত্যাদি কেইবাখনো শিক্ষানুষ্ঠান আছে।

ভাষা, ধর্ম, সংস্কৃতি ঃ

জিলাখনৰ ৮৫ শতাংশ মুছলিম, ১৪ শতাংশ হিন্দু আৰু ১ শতাংশ খ্ৰীষ্টান আৰু শিখ ধৰ্মৰ লোকে বসবাস কৰে। ইয়াৰে কিছু লোকে গোৱালপৰীয়া বেংগলী আৰু আন কিছু লোকে মৈমনসিংহী বেংগলী ভাষা কয়। জিলাখনত গোৱালপৰীয়া বেংগলী কোৱাসকলক উজনী আৰু মৈমনসিংহী বেংগলী কোৱা সকলক ভাটিয়া বুলি কোৱা হয়। উজনী আৰু ভাটিয়াসকলৰ কলা-সংস্কৃতিৰ ক্ষেত্ৰত কিছু পার্থক্য আছে।

যাতায়াত ঃ

জিলাখনলৈ যাতায়াতৰ ব্যৱস্থা সুচল নহয়। জিলাখনত কোনো ৰে’লপথ নাই। জিলাখনতৰ সদৰ হাটশিঙিমাৰীৰ পৰা ৯০ কিঃমিঃ দূৰত্বত থকা ধুবুৰী জিলাৰ ৰূপসী বিমান বন্দৰটিও বৰ্তমান বন্ধ হৈ আছে। জিলাখনত কোনো ৰাষ্ট্ৰীয় ঘাইপথ নাই যদিও কেইবাটাও গড়কাপ্তানি পথ আছে। জিলাখনত যাতায়াতৰ বাবে এটা ব্যস্ত পাৰঘাট আছে। দৈনিক অসংখ্য সৰু সৰু ফেৰী জিলাখনলৈ চলাচল কৰে।

References

  1. I collected from Wikipedia
  2. Official site
  3. and different books

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *