November 6, 2024

Shubchanee Puja | সূবচনী পূজা

আহোমসকলৰ সূবচনী পূজা

আহোম যুগৰ লোকাচাৰসমূহৰ ভিতৰত বিভিন্ন শক্তিপূজাৰ প্ৰচলন আছে। ড° লীলা গগৈয়ে ‘আহোম যুগৰ পূজাশক্তি’ নামৰ প্ৰবন্ধত উল্লেখ কৰিছে এনেদৰে— “আহোম ৰাজগৃহত বছৰেকীয়া দুর্গাপূজাৰ উপৰি অনেক আহোম প্ৰজাৰ মাজত লোকাচাৰ মতে এক বিশেষ শক্তিপূজাৰ প্ৰচলন আছিল। এই পূজা ঠাইবিশেষে এতিয়াও প্ৰচলন হৈ আছে। কলপটুৱা, কেঁচামাটি বা পিঠাৰে সৰুকৈ সজা মূৰ্তিৰ আগত এই পূজা কৰা হয়। ইয়াকে সুবচনী পূজা বোলে।

নামনি অসম আৰু বংগদেশৰ পূজাতকৈ এই পূজাৰ পদ্ধতি সুকীয়া সূবচনী হ’ল দুর্গা মহামায়া। সংসাৰ ধৰণী, সৃষ্টিৰ মাতৃ, জগতৰ ঈশ্বৰী আই বুলি পূজে। বুঢ়ী সূবচনীয়ে শদিয়াত কেঁচাইখাতী বুলি, নীলাচলত কামাখ্যা বুলি ঠায়ে ঠায়ে সুকীয়া নামেৰে পূজা লয়। পূজাত ছাগলী, হাঁহ, পাৰ, কুকুৰা বলি দিয়ে।” সাধাৰণতে শৰৎ কালৰ অষ্টমীৰ দিনা এই পূজা পাতে। চাও চুকাফাৰ দিনৰে পৰা সূবচনী পূজা প্ৰতি বছৰে দুৰ্গা পূজাৰ আগে আগে ব্যক্তিগত গৃহত আহোম পুৰোহিতসকলৰ দ্বাৰা আয়োজন কৰা হয়। স্বাস্থ্য, ধন-সম্পত্তি, মানসন্মান, যশস্যা, ৰজাঘৰ আদিত নিজ শক্তি, ন্যায় আৰু সততা প্ৰকাশৰ বাবে শক্তি দিবলৈ এইগৰাকী দেৱীক পূজিবলৈ আয়োজন কৰে। আহোমসকলে ম্যুংদুন-চুন-খামলৈ আহোঁতে সূবচনী পূজাৰ পৰম্পৰা লগত আনিছিল বুলি বিশ্বাস কৰা হয়। চাও চুকাফাই এই ঠাইলৈ অহাৰ সঁহাৰি পাই দেৱী আৰু কোঁৱৰৰ নাটকীয়ভাৱে এটি জুৰিৰ পাৰত ভেটা-ভেটি হয়। কথাৰ মেৰপাকত পৰি দেৱী চাও চুকাফাৰ আৰাধ্য দেৱী হৈ পৰে। কোঁৱৰে কেঁচাইখাতীক শৱ দিয়াৰ পৰিৱৰ্তে জীৱ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। এনেকৈয়ে চাও চুকাফাই ম্যুং-দুন-চুন খামত আনুষ্ঠানিকভাৱে স্বকীয় ৰীতিৰে সুবচনীক পূজিবলৈ ল’লে।

চেনিকলৰ পুলি, বৰশী ডাৰিকী, কুঁহিয়াৰ, জাতিবাঁহ, পিঠাগুৰি, কল, নিমখ, জলকীয়া, আদা, বাঁহৰ ফণি, কটাৰী, তেল, গামোচা, কাপোৰ, ঘটি, চৰু, কলপটুৱা, ধূপ-ধূনা, তামোল-পাণ, ছাগলী, কুকুৰা, হাঁহ, পাৰ আদি এই পূজাৰ প্ৰয়োজনীয় সামগ্রী। পূজাৰ দিনা ঘৰৰ সকলো লোক উপবাসে থাকে। সাধাৰণতে ঘৰৰ চোতালত বা চোতালৰ কোণত এই পূজা অনুষ্ঠিত কৰা হয়। এই পূজালৈ নিমন্ত্ৰণ কৰি অনা ভকতসকলক গৃহস্থই আপ্যায়ন কৰে। তংলতি, তুলসী আৰু অন্যান্য ফল-মূল পূজাৰ বাবে প্ৰয়োজন। কল দহ আখি, বিশেষকৈ পকা কল প্ৰসাদৰ বাবে প্ৰয়োজন। বলিৰ বাবে ৯ টা কুকুৰা সততে দিয়া হয়। কিন্তু কোনো কোনো লোকে কুকুৰাৰ পৰিৱৰ্তে পাৰ চৰাই দিয়া দেখা যায়। তদুপৰি মহাদেৱক পূজিবৰ বাবে এটি ক’লা আমলৰিয়া হাঁহ অপৰিহাৰ্য। হাঁহৰ পৰিৱৰ্তে এটি মতা কুকুৰাও কিছুমান অঞ্চলত দিয়া হয়। এযোৰ বগা হাঁহ, দুযোৰ পাৰ চৰাই বা কুকুৰা বৰ বলি দিয়াৰ পাছত মুহুদিৰ বাবে প্ৰয়োজন। জীয়া মাছ, কেঁচা পিঠাগুৰিৰ আৱশ্যক। গুটি জালুক, এৱাঁ সূতাৰে মেৰিওৱা মাটিৰ এৱাঁ টেকেলি বা ঘট, এট৷’ এৱা চৰু, প্ৰতি পাঙৰ (বেদী) বাবে থোক তামোল, কটা তামোল, চেওপাত, আমপাত, আহোম পদ্ধতিৰে তৈয়াৰী ডোং, বাঁহৰ চুঙা দহটি য’ত পানী, ৰূপ, পইচা, তংলতি, তুলসী আদি দিয়া হয়।

বুঢ়া মহাদেও, সুবচনী, বিধি, বিধাতা, জজালি, সজালি আৰু তামুলী টেকেলাক দিব লগা প্রতিখন বেদ) বা পাঙত যুৰীয়া আগ কলপাতৰ ওপৰত কল পিঠা, থোক তামোল, খনিয়া তামোল, তুলসী, তংলতি, ফুল, ধূপ-ধুনা, বাঁহৰ চুঙাৰ ঘটৰ জল, পইচা আদি পাঙত দিয়া হয়। মূল সুবচনীৰ পাঙত চাৰিফালে চাৰিটি বাঁহৰ ঘট, এৱাঁ টেকেলিৰ ঘট, চৰু স্থাপন কৰা হয়। দেৱীৰ সাজ-পোছাক এখনি শৰাইত সজাই মূল বেদী প্রতিষ্ঠা কৰা হয়। সুবচনীত পাতচি অর্থাৎ ঘপিয়াই কটা উদ্দেশ্য হ’ল সৰ্বশক্তি ৰূপেৰে দেৱীক সন্মান জনোৱা।

টাই-আহোমসকলে পৰম্পৰাগত বিধি-বিধানেৰে সুবচনী পূজা অনুষ্ঠিত কৰি আহিছে। সূবচনী পূজা আৰম্ভ হোৱাৰ পৰম্পৰা সম্পৰ্কত এই বিষয়ক এটা প্ৰবন্ধত তুলিকা চেতিয়া য়েইনে লিখিছে এনেদৰে— “সূবচনী পূজা সম্পর্কে এক লোককথা আমাক টাই মলুং তিলেশ্বৰ মহনে কৈছিল। এই কথা টাইআহোম ভাষাত ৰচিত দেওবুৰঞ্জীত উল্লেখ আছে বুলি তেওঁ আমাক জনাইছিল— কেঁচাইখাতী আছিল চুতীয়াসকলৰ আৰাধ্য দেৱী। অসামান্য শক্তিৰ অধিকাৰী এইগৰাকী দেৱীক চুতীয়াসকলে প্রত্যেক দিনেই এটা মৰাশ খাবলৈ পাই বিতুষ্ট হৈছিল। সেয়ে ৰাতি পানীৰ যুঁৱলিত বহি কেঁচা মাছ খাইছিল। সেই সময়চোৱাত অতি নাটকীয়ভাৱে চাওলং চুকাফাৰ সৈতে ৰাতি মাছ খাই থকা অৱস্থাত এটা জুৰিৰ পাৰত দেৱীৰ সাক্ষাৎ হয়। চুকাফাৰ কথাৰ মেৰপাকত পৰি, দেৱী চাওলুং চুকাফাৰ আৰাধ্য দেৱী হৈ পৰে। কোঁৱৰে কেঁচাইখাতীক শ দিয়াৰ পৰিৱৰ্তে জীৱ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। আৰু এনেকৈয়ে জীৱ উছৰ্গা কৰি দেৱীক সন্তুষ্ট কৰিবলৈ আনুষ্ঠানিকভাৱে স্বকীয় ৰীতিৰে সুবচনী পূজা পৰম্পৰাৰ আৰম্ভ হয়।”

এই পূজাৰ কাৰণে এখন বেদী স্থাপন কৰা হয়। পৰম্পৰাগত ৰীতি অনুসাৰে প্ৰস্তুত কৰা এই বেদীক আহোমসকলে ‘পাঙ’ বুলি কয়। এই্ ‘পাঙ’তেই দুৰ্গা দেৱীয়ে স্থিতি লয়হি। বলিপ্ৰথা এই পূজাৰ লগত জড়িত। দেৱ-দেৱীৰ নামত হাঁহ-কুকুৰা-ছাগলী এই পূজাত বলি দিয়া হয়। পৰিয়ালৰ সকলোৰে মংগলৰ কাৰণে এই পূজাত দেৱ-দেৱীক স্তুতি কৰা হয়। পূজাত আগবঢ়োৱা দ্রব্য গৃহস্থ, পুৰোহিত আৰু ৰাইজৰ মাজত ভাগ কৰা হয়। এই পূজা সামৰণিৰ লগে লগে বেদীত স্থিতি লোৱা দেৱ-দেৱী পুনৰ নিজ-নিজ স্থানলৈ গতি কৰে বুলি বিশ্বাস কৰা হয়। এই সূবচনী পূজাৰ মাজেৰে টাই-আহোমৰ পৰম্পৰাগত লোক-বিশ্বাসৰ স্বৰূপ বুজা যায়। দুৰ্গা-পূজাৰ অন্য এক ৰূপ হিচাপে পালন কৰা এই সূবচনী পূজা টাই-আহোমৰ জীৱন পদ্ধতিৰ এক এৰাব নোৱৰা লোকপৰম্পৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *