July 24, 2024

Life History of Sarbananda Sonowal in Assamese

সৰ্বানন্দ সোণোৱাল। Sarbananda Sonowal

সৰ্বানন্দ সোণোৱাল এজন ৰাজনীতিবিদ আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। তেখেতৰ জন্ম হয় ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত। তেওঁ লক্ষীমপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত ভাৰত গণৰাজ্যৰ যুৱ কাৰ্যক্ৰম আৰু খেল মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি আছিল। বৰ্তমান তেওঁ মাজুলী বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈ অসমৰ মুখ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত

সৰ্বানন্দ সোণোৱাল

চতুৰ্দশ অসমৰ মুখ্যমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৪ মে’ ২০১৬
ৰাজ্যপালজগদীশ মুখী
পদ্মনাভ আচাৰ্য
বানৱাৰীলাল পুৰোহিত
পূৰ্বসূৰীতৰুণ গগৈ
অসম বিধানসভাৰ বিধায়ক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৬
পূৰ্বসূৰীৰাজীৱ লোচন পেগু
সমষ্টিমাজুলী
কাৰ্যকাল
২০০১ – ২০০৪
পূৰ্বসূৰীজয় চন্দ্ৰ নাগবংশী
উত্তৰসূৰীজীৱনতৰা ঘাটোৱাৰ
সমষ্টিমৰাণ
যুৱ কাৰ্যক্ৰম আৰু খেলৰ কেবিনেট মন্ত্ৰী
কাৰ্যকাল
২৬ মে’ ২০১৪ – ২৩ মে’ ২০১৬
প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদী
পূৰ্বসূৰীজিতেন্দ্ৰ সিং
উত্তৰসূৰীজিতেন্দ্ৰ সিং
কৌশল বিকাশৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী
কাৰ্যকাল
২৬ মে’ ২০১৪ – ৯ নৱেম্বৰ ২০১৪
প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদী
পূৰ্বসূৰীকাৰ্যালয় গঠন
উত্তৰসূৰীৰাজীৱ প্ৰতাপ ৰুডী
লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ
কাৰ্যকাল
১৬ মে’ ২০১৪ – ২৩ মে’ ২০১৬
পূৰ্বসূৰীৰাণী নৰহ
উত্তৰসূৰীপ্ৰদান বৰুৱা
সমষ্টিলক্ষীমপুৰ
ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ
কাৰ্যকাল
১৩ মে’ ২০০৪ – ১৫ মে’ ২০০৯
পূৰ্বসূৰীপবন সিং ঘাটোৱাৰ
উত্তৰসূৰীপবন সিং ঘাটোৱাৰ
সমষ্টিডিব্ৰুগড়
ব্যক্তিগত তথ্য
জন্ম৩১ অক্টোবৰ, ১৯৬১ (৫৯ বছৰ)
ডিব্ৰুগড়, অসম, ভাৰত
ৰাজনৈতিক দলভাৰতীয় জনতা পাৰ্টী (২০১১-বৰ্তমান)
অসম গণ পৰিষদ (২০০১-২০১১)
শিক্ষানুষ্ঠানডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়

জন্ম

ডিব্ৰুগড় জিলাৰ মুলুক গাঁৱত ১৯৬২ চনৰ ৩১ অক্টোবৰত সৰ্বানন্দ সোণোৱালৰ জন্ম হয়৷ তেখেত আছিল স্বৰ্গীয়া জীৱেশ্বৰ সোণোৱাল আৰু স্বৰ্গীয় দীনেশ্বৰী সোণোৱাল ৰ নুমলীয়া পুত্ৰ৷ তেওঁৰ আছিল ছজনকৈ ককায়েক আৰু দুজনী ভনীয়েক৷ Sarbananda Sonowal in Assamese

শিক্ষা

সৰ্বানন্দ সোণোৱালে মুলুক গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি বিন্ধাকাটা মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰে৷ইয়াৰ পিছত তেওঁ ডিব্ৰুগড় ডনবস্কো স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ইয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত আইন শিক্ষা সমাপ্ত কৰাৰ উপৰিও সাংবাদিকতা আৰু মাছ কমিউনিকেচনত ডিগ্ৰী লাভ কৰে Life History of Sarbananda Sonowal in Assamese

ছাত্ৰনেতা

মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল৷আৰু ১৯৯২চনৰ পৰা ১৯৯৯চনলৈ সন্থাটোৰ সভাপতিৰ দায়িত্ব বহন কৰে৷লগতে ১৯৯৪চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত থাকে

ৰাজনৈতিক জীৱন

সৰ্বানন্দ সোণোৱালে ১৯৯৯ চনত অসম গণ পৰিষদত যোগদান কৰে আৰু আঞ্চলিকতাবাদক শক্তিশালী কৰিবলৈ চেষ্টা আগবঢ়ায়৷ তেখেতে লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ ৰাণী নৰহৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও পৰাজয়ৰ সন্মুখীন হয়৷ ইয়াৰ পিছত তেওঁ ২০০১ চনত বিধানসভা নিৰ্বাচনত মৰাণ সমষ্টিত কংগ্ৰেছৰ পৱনসিং ঘাটোৱাৰক পৰাজিত কৰে৷

সৰ্বানন্দ সোণোৱালে বিতৰ্কিত আই এম ডি টি আইনৰ বিৰুদ্ধে আদালতত যুঁজ চলায় আৰু আইনখন বাতিল কৰিবলৈ সক্ষম হয়৷ যাৰফলত তেওঁক জাতীয় নায়ক আখ্যা দিয়া হয়৷

তেখেতে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় সমষ্টিৰ সাংসদ হিচাপে কাৰ্যনিবাহ কৰে৷ ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হয়৷ একে বছৰতে তেখেতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ মন্ত্ৰীৰ দায়িত্ব কান্ধ পাতি লয়৷

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিদ্বন্দ্বী ৰাজীৱ লোচন পেগুক ১৮৯২৩টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ এই বিজয়ৰ দ্বাৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পদভাৰ গ্ৰহণ কৰে Life History of Sarbananda Sonowal in Assamese

References

  1. I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *