July 24, 2024

Sangken Festival History in Assamese | পয়চাংকেনৰ ইতিহাস

Sangken Festival History in Assamese

বছৰটোৰ ভিতৰত পালন কৰা বিভিন্ন পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত ‘পয়চাংকেন’ উৎসৱ টাই বৌদ্ধ জনগোষ্ঠীসকলৰ জাতীয় উৎসৱ। তেওঁলোকে ইয়াক বসন্ত উৎসৱ হিচাপে পালন কৰাৰ উপৰি ‘সংক্রান্তি উৎসৱ’ আৰু ‘বুদ্ধ মূর্তি ধোওৱা উৎসৱ’ হিচাপেও পালন কৰে। এই উৎসৱক ‘পয়ছননাম’ (পানীৰ উৎসৱ) বুলিও কোৱা হয়৷ টাই ভাষাত ‘পয়’ মানে উৎসৱ, ‘চাংকেন’ মানে সংক্রান্তি আৰু পানী। সেয়ে ‘পয়চাংকেন’ মানে পানীৰ উৎসৱ। কৃষি আৰু ঋতু পৰিৱৰ্তনৰ লগত জড়িত এই উৎসৱ বসন্তকালীন উৎসৱ।

সম্পুৰ্ণ নামচাংকেন উৎসৱ
পালন কৰেউত্তৰ পূব ভাৰতৰ খামতি জনগোষ্ঠী, চিংফৌ জনগোষ্ঠী, টাংছা জনগোষ্ঠী, টাই খাময়াং জনগোষ্ঠী, টাই আহোম জনগোষ্ঠী টাইফাকে জনগোষ্ঠী, টাই আইটন জনগোষ্ঠী
মহত্বটাই বসন্ত উৎসৱ, খামতি নৱবৰ্ষ
আৰম্ভ হয়১৩ এপ্ৰিল
শেষ হয়১৫ এপ্ৰিল
তাৰিখ১৩-১৫ এপ্ৰিল
উদযাপনপানী চটিওৱা
সম্পৰ্কিতচংক্ৰান (থাইলেণ্ড), চাংকান (চীন) দক্ষিণ আৰু দক্ষিণ-পূৱ এছীয় সৌৰ নৱবৰ্ষ
সংঘটনবাৰ্ষিক

পৰম্পৰাগত নৱবৰ্ষ

টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলে চ’ৰ সংক্ৰান্তিৰ দিনাৰপৰাই ‘পয়চাংকেন’ উৎসৱৰ আৰম্ভণি উপলক্ষে ‘লিকচাংকেন’ এমাহ ধৰি পালন কৰে। ‘লিকচাংকেন’ৰ সময়ছোৱাত পৰিৱেশন কৰা লিক্‌ (টাই পুথি) স্তুতিত পি-হু-উ (‘পি’ মানে বছৰ, ‘হু’ মানে আৰম্ভণি, ‘উ’ মানে ৰং-ৰহইচ, উল্লাহ উৎসৱ অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিৰ উৎসৱ) ) বুলি বৰ্ণনা কৰা আছে। তেওঁলোকে এমাহ ধৰি ‘লিক্‌’ শিকে আৰু ‘পয়চাংকেন’ উৎসৱৰ সময়ত বুদ্ধৰ মূৰ্তিৰ ওপৰত পানী ঢালি পাঠ কৰে।

পয়চাংকেনৰ আয়োজন এমাহৰ আগৰপৰা চলে। উৎসৱৰ কেইদিনমান আগতে সকলোৱে মিলি বৌদ্ধ বিহাৰসমূহৰ প্ৰাংগণত ‘ক্যংফ্ৰা’ (ক্যং— বিহাৰ, ফ্ৰা—বুদ্ধ) সাজে। কাঠৰ নেওৰা এখন বাহিৰৰপৰা ভিতৰফালে এটা সুন্দৰ‘কোংপান’ৰ (বিবিধ ৰঙৰ সূতাৰে বনোৱা বাঁহৰ চুঙাৰ চকৰি) লগত সংযোগ কৰি দিয়া হয়। এই চুঙাৰ চকৰিটো ওপৰৰ ফালে নেওৰাখনৰ বিন্ধাত সুমুৱাই দিয়া হয় আৰু তলফালে এটি সৰু শিলৰ ওপৰত বহুৱাই দিয়া হয়।

চাংকেন উৎসৱৰ তিনিদিন

পয়চাংকেন উৎসৱৰ দিনা বুদ্ধমূৰ্তিসমূহ মূল বিহাৰৰপৰা আনি বিশেষভাৱে নিৰ্মিত ‘ক্যংফ্ৰা’ত স্থাপন কৰা হয় আৰু লগে লগে পয়চাংকেন উৎসৱৰ আনুষ্ঠানিক আৰম্ভণি ঘটে। ক্যংফ্ৰাত থাপনা কৰাৰ আগতে সমুখত বিশেষভাৱে সজাই থোৱা এখন বহল আসনত কিছু সময় মূৰ্তি ৰখা হয় আৰু সময়ত সকলোৱে সুগন্ধী পানী মূৰ্তিৰ ওপৰত ঢালিবলৈ লয় আৰু সেৱা-পূজা কৰে। ইয়াৰ পাছত ভিক্ষুবা শ্ৰমণে মূৰ্তি ক্যংফ্ৰাৰ ভিতৰলৈ নিয়ে আৰু পঞ্জিকাৰ নিৰ্দেশমতে মূৰ্তি থাপনাত প্ৰতিষ্ঠা কৰে। সেই সময়ৰপৰা প্ৰত্যেক ল’ৰা-ছোৱালী, ডেকা-গাভৰু আৰু বুঢ়া-বুঢ়ীয়ে হাতত বিবিধ পাত্ৰ লৈ নতুন সাজ-পোছাক পিন্ধি শাৰী পাতি সেই পাত্ৰসমূহত চন্দন বা আন সুগন্ধী তেলৰ লগত মিহলোৱা পানী ভৰাই আনি মূৰ্তিবিলাকক স্নান কৰায়। ইয়াক টাই ভাষাত ‘চনফ্ৰা’ (চন মানে ধোৱা আৰু ফ্ৰা মানে বুদ্ধ) বোলে। পাত্ৰসমূহত ভৰাই নিয়া পানী পোনে পোনে মূৰ্তিবোৰৰ ওপৰত ঢালি নিদি নেওৰাখনতহে ঢালি দিয়া হয় আৰু তেতিয়া সেই পানীখিনি গৈ চকৰিটোৰ (কোংপান) গাত থকা সৰু সৰু নলী চুঙাৰ বিন্ধাইদি জোৰেৰে ওলাই যায়। সেই জোৰতে চকৰিটো ঘূৰিবলৈ ধৰে। এইদৰে গোটেই দিনটো ‘চনফ্ৰা’ কৰা হয়। ডেকা-গাভৰু, বুঢ়া-বুঢ়ীসকলেও ইজনে সিজনৰ গাত পানী ছটিয়াই ৰং-তামাচা কৰে। ইয়াক জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰে। সন্ধ্যাৰ লগে লগে ‘চনফ্ৰা’ বন্ধ হয়। সন্ধ্যা ৰাইজ ‘ক্যংফ্ৰা’ৰ সমুখত সমবেত হৈ প্ৰাৰ্থনা, বন্তি প্ৰজ্বলন আদিৰ আয়োজন কৰে ৷ ডেকা-গাভৰুহঁতে টাই গীত আৰু নৃত্য পৰিৱেশন কৰি গোটেই ৰাতি মূৰ্তিৰ ৰখীয়া হৈ থাকে। পাছদিনা পুৱা ৰাইজ পুনৰ সমবেত হৈ পূজা, অন্নদান, পুষ্পদান আদিৰে সমগ্ৰ মানৱ জাতিৰ মংগলৰ বাবে ভগৱান বুদ্ধৰ ওচৰত প্ৰাৰ্থনা কৰে। তাৰ পাছত পুনৰ ‘চনফ্ৰা’ আৰম্ভ হয়।এইদৰে চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা তিনি-চাৰি দিনলৈ ‘পয়চাংকেন’ উৎসৱ পালন কৰা হয়।

টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলে অতি উলহ-মালহেৰে পালন কৰে। উৎসৱ সামৰণি পৰাৰ লগে লগে মূৰ্তিবিলাক পৰম্পৰাগত ৰীতি-নীতি অনুসৰি ভিক্ষু শ্ৰমণে ৰাইজৰ সৈতে ‘ক্যংফ্ৰা’ৰপৰা একেধৰণৰ শোভাযাত্রা কৰি আনি পুনৰ বিহাৰবিলাকৰ ভিতৰলৈ লৈ যায় আৰু বছৰটোৰ বাবে স্থায়ী থাপনাত আগৰ দৰে থয়। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰণি জনোৱাৰ বাবে আৰু সুখ-শান্তি কামনা কৰি ‘মাংগালা মৌং’নামৰ ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। তাৰ পাছত ভিক্ষু শ্রমণে বুদ্ধমূৰ্তিবিলাক টাই আৰু বাৰ্মীজ আৰ্হিত নিৰ্মিত বিচনীৰে বা দিয়ে। ইয়াৰ পাছৰপৰা ৰাইজেও নিজস্বভাৱে বিচনী ব্যৱহাৰ কৰে।

অন্য স্থানত চাংকেন’ উৎসৱ

উল্লেখযোগ্য, ‘পয়চাংকেন’ উৎসৱ অসম আৰু উত্তৰ-পূব ভাৰতৰ টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ লগতে থাইলেণ্ড আৰু অষ্ট্ৰেলিয়াত ‘সংক্রান্ত’, ম্যানমাৰত ‘সাদিন-য়ুট’, কম্বোডিয়াত ‘চৌউল-চনাম্‌-থমে’নামেৰে আৰু লাওচ, চীন, ভিয়েটনাম আদি দেশসমূহৰ উপৰি বিশ্বৰ আন আন দেশৰ টাই বৌদ্ধ জাতিৰ লোকসকলে ভিন ভিন নামেৰে একে সময়তে একে পৰম্পৰা আৰু একে ৰীতি-নীতিৰে পালন কৰে। পশ্চিমীয়া লোকসকলে এই উৎসৱক পানীৰ উৎসৱ (Water Festival) আৰু দক্ষিণপূব এছিয়াৰ দেশসমূহত পানী ছটিওৱাৰ উৎসৱ (Water Sprinkle Festival) বুলি কোৱা হয়

Leave a Reply

Your email address will not be published. Required fields are marked *