February 25, 2024

Raslila festival in Assamese | ৰাসোৎসৱৰ ইতিহাস

ৰাস শব্দটো গঠিত হৈছে— ৰ-আ-স—এই তিনিটা বৰ্ণৰে। ৰ মানে ৰমণ, আ মানে আনন্দ, স মানে হৈছে সংযোগ বা মিলন। কৃষ্ণই গোপীসকলৰ লগত ৰমণ কৰি পোৱা আনন্দ আৰু সেই আনন্দৰ বাবে গোপীৰ মিলন হোৱা হেতু ৰাস উৎপত্তি হৈছে। পাৰমাৰ্থিক দিশত গোপীৰূপী আত্মাৰ লগত কৃষ্ণৰূপী পৰমাত্মাই ৰমণ কৰি লাভ কৰা পৰমানন্দ আৰু সেই পৰমানন্দত ডুব গৈ আত্মাই পৰমাত্মাৰ লগত মিলন হোৱাটোৱেই হৈছে মহাৰাস।

‘ৰাস’ শব্দটো প্ৰধানতঃ ‘ৰস’ৰ পৰা অহা বুলি অনুমান কৰা হয়। কিয়নো ৰসৰ আস্বাদনকেই ৰাসসদৃশ বুলি কৈ ‘কীৰ্ত্তনঘোষা’ত স্পষ্টভাৱে উল্লেখ কৰা আছে। হিন্দুধৰ্মৰ তাত্ত্বিক বিচাৰত ৰাসক্ৰীড়াত উপলব্ধ ইন্দ্রিয় বা যৌন সুখানুভূতি

সম্পূৰ্ণ প্ৰতীকাত্মক হোৱাৰ উপৰি ইয়াত কামনাৰ বিপৰীতে আধ্যাত্মিকতাৰ ছবিখনহে স্পষ্ট বুলি কোৱা হয়। ৰাসলীলাত নিহিত থকা দিশকেইটা হৈছে শাৰদীয় পূর্ণিমা ৰাতি, চন্দ্ৰ, নানাবিধ পুষ্পৰে বিকশিত বৃন্দাবন, কৃষ্ণৰ মোহন বংশীধ্বনি, কদম গছৰ তল, যমুনা নৈ, নায়িকা গোপীসকল, শংখচূড় আৰু জগতৰে নায়ক কৃষ্ণ। এই দিশকেইটাৰ বাহ্যিক বা প্রাতিপদিক অৰ্থৰ লগতে মহাপুৰুষসকলে তাত্ত্বিক অর্থও প্ৰকাশ কৰি ৰাসলীলাক ভক্তিমাৰ্গৰ যে এক উচ্চ পৰ্যায়ৰ বিষয়, সেই কথাৰো প্ৰমাণ দাঙি ধৰিছে।

মহাপুৰুষ গুৰুজনাই এই ৰাসক্ৰীড়াক ভক্তিপ্ৰাণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াসেৰে বৰ্ণনা কৰিছিল এনেদৰে— “শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন। ৰাস ক্রীড়া কৰিতে কৃষ্ণৰ ভৈলা মন।” (কীৰ্ত্তন ঘোষা) দুষ্টক দমন কৰি সত্যক প্রতিষ্ঠা কৰাৰ নৈতিক শিক্ষা দিয়াৰ উদ্দেশ্যক সাৰোগত কৰি মহাপুৰুষজনাই ৰাসলীলাক এক আয়তন দিছিল। বর্তমান সময়ত অসমৰ বিভিন্ন ঠাইত আজি বিভিন্ন ধৰণে ৰাস মহোৎসৱ পালন কৰা হয়। কিন্তু আধুনিকতাৰ প্ৰভাৱত সময়ৰ সৈতে খোজ মিলাই এদিন ৰাসৰ প্ৰতীক হিচাপে পুতলা বা মূর্তিকো জীৱন্ত ৰূপ প্ৰদান কৰাৰ প্ৰয়াস কৰা হ’ল। দীর্ঘদিন ধৰি দক্ষিণ কামৰূপৰ পলাশবাৰী, মির্জা, ৰামপুৰ, ছয়গাঁও আদিকে ধৰি বিভিন্ন ঠাইত পালন কৰি অহা ৰাস মহোৎসৱে আজিও বহন কৰি আহিছে সমন্বয় সম্প্ৰীতিৰ এনাজৰী আৰু আধ্যাত্মিকতাৰ বর্ণিল নিদর্শন। দ্বাপৰ যুগৰ কোনো এটা শাৰদীয় পূৰ্ণিমাৰ নিশা যমুনাৰ পাৰত ভগৱান শ্রীকৃষ্ণই গোপীসকলৰ লগত কৰা ৰাসক্ৰীড়াৰ দৃশ্যাৱলীসমূহ মৃণ্ময় মূর্তিৰে সজাই দক্ষিণ কামৰূপৰ ৰাস মহোৎসৱসমূহত উপস্থাপন কৰাৰ প্ৰয়াস কৰি আহিছে। শৰৎ কালৰ জ্যোৎস্না বিধৌত যমুনাৰ বালিত ভগৱাশ্ৰীকৃষ্ণই ৰাসক্রীড়া আৰম্ভ কৰিছিল। ৰাসলীলা বা ৰাস-উৎসৱ সকলো জাতিবর্ণ, ধর্ম-নির্বিশেষে সকলো লোকৰে মনোৰঞ্জনৰ অন্যতম অনুষ্ঠানৰূপে সমাদৃত।

 ৰাসলীলাৰ তত্ত্ব চৰম আধ্যাত্মিক তত্ত্ব। ৰাসলীলা প্ৰকৃততেই ভাৰতীয় জনগণৰ অটল আধ্যাত্মিকতাৰ জ্বলন্ত উদাহৰণ। সমস্ত বিষয়-বাসনা পৰিত্যাগ কৰি ভগৱন্ত কৃষ্ণৰ চৰণ-কমলত নিজৰ দেহ-মন সমৰ্পণ কৰাটোৱেই প্ৰকৃত ভক্তৰ লক্ষ্য। ৰাসলীলাৰ মাজত অন্তর্নিহিত হৈ আছে পৰমাত্মাৰ আনন্দবিহাৰৰ অনন্য ৰূপ। সেয়ে ইয়াত ক্রীড়া নাই, আছে ফল। কামনা নাই, আছে তৃপ্তি। সৌন্দর্য আছে, ভোগ নাই। আনন্দ আছে, সম্ভোগ নাই।

উজনি আৰু নামনিঅসমৰ ৰাসৰ মাজত গীতমাত তথা পৰিৱেশন শৈলীৰ পাৰ্থক্য আছে। উজনি অসমৰ মঞ্চতপৰিৱেশন কৰা ৰাসসমূহত প্রদর্শিত ৰাসলীলাৰ মূল পর্যায়কেই টা হ’লএনেধৰণৰ— অনন্তশয্যা,কংসালয়, নন্দালয়, গোপবালকৰ নৃত্য, কালীয় দমন, মহাৰাস আৰু শংখচূড় বধ। শাৰদীয় পূৰ্ণিমাত অসমৰ বিভিন্ন ঠাইত ৰাসৰ আয়োজন হয়। কোনো কোনো ঠাইৰ ৰাসৰ তাৎপৰ্য মন কৰিবলগীয়া।

মাজুলীৰ ৰাস

মাজুলীৰ ৰাসৰ ৩৫০ বছৰীয়া এক প্রাচীন ঐতিহ্য আছে। শৰৎ কালৰ পূৰ্ণিমা ৰাতি বৃন্দাবনলৈ পৰিণত হোৱা মাজুলীৰ আকাশে-বতাহে মুখৰিত হৈ পৰে কৃষ্ণ প্ৰেমৰ অমল বন্দনা। অসমৰ সমাজ-সংস্কৃতিত মাজুলীৰ ৰাসলীলাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শাৰদীয় ৰাস পূৰ্ণিমাত মাজুলীৰ সত্ৰসমূহত পালন কৰা ৰাস পূজা আৰু মাজুলীৰ বিভিন্ন স্থানত থকা স্থায়ী আৰু অস্থায়ী মঞ্চসমূহত মঞ্চায়িত কৰা ৰাস মহোৎসৱৰ লগত জাতি, ধর্ম, বর্ণ, সম্প্রদায় নির্বিশেষে সকলো শ্ৰেণীৰ মানুহে অতি আন্তৰিকতাৰে জড়িত হৈ পৰে।

মাজুলীৰ ৰাস মূলতঃ সত্ৰ আৰু মঞ্চকেন্দ্ৰিক। কেইখনমান উল্লেখযোগ্য সত্ৰত পৰম্পৰাগতভাৱে উদ্‌যাপন কৰি অহা ৰাস আৰু ৰাস পূজাৰ বিপৰীতে মাজুলীৰ বিভিন্ন প্ৰান্তত ব্যৱসায়িকভিত্তিত ৰাসোৎসৱ উদ্‌যাপন কৰা হয়। দক্ষিণপাট সত্ৰ, আউনীআটী সত্ৰ, চামগুৰি সত্ৰ, ভোগপুৰ, বিহিমপুৰ, কমলাবাৰী, উত্তৰ কমলাবাৰী আদি সত্ৰসমূহৰ লগতে মাজুলীৰ গাঁৱে-ভূঁয়ে প্রায় ৬০ খনৰো অধিক মঞ্চত ৰাসলীলা উদযাপন কৰা হয়। ৰাস উৎসৱত উজনি-নামনিৰ উপৰি দেশী-বিদেশী পর্যটকৰ আগমনে মাজুলীক এক মহামিলন ক্ষেত্ৰলৈ পৰিণত কৰে। চামগুৰি সত্ৰত ১৬৬৩ চনৰ প্ৰতিষ্ঠা কালৰে পৰা মহাপুৰুষ গুৰুজনা ৰচিত কেলিগোপাল নাট, কীর্তন ভাগৱত আৰু নাটখনিত বর্ণিত সময়মতে শৰৎকালৰ পূৰ্ণিমা তিথিত অভিনয় কৰি আহিছে। তেতিয়াৰে পৰাই মহাপুৰুষীয়া বৈষ্ণৱ সমাজৰ বাবে তথা শংকৰী-সংস্কৃতিৰ অনুগামীসকলৰ বাবে ৰাসোৎসৱ শৰৎকালীন এক আধ্যাত্মিক ভাবসম্পন্ন পৱিত্ৰ ধৰ্মীয় উৎসৱ হিচাপে পৰিগণিত হয়। মাজুলীত প্রতিষ্ঠিত প্রায়বিলাক নিকাসংহতি আৰু পুৰুষসংহতিৰ সত্ৰতেই সেই প্রতিষ্ঠা কালৰেপৰাই ৰাসোৎসৱ উৎযাপিত হৈ আহিছে। সময়ৰ বিৱৰ্তনৰ লগে লগে আধুনিক কলা-কৌশল প্রয়োগেৰে নতুন চামগুৰি সত্ৰৰ মুখাশিল্পীসকলে মুখাক বিশ্ব জনমুখী শিল্পলৈ ৰূপান্তৰ কৰি ৰাস-ভাওনাত ইয়াৰ সফল প্রয়োগেৰে এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। এই ৰাস মহোৎসৱত তিনিচাৰিশৰো অধিক বিপণিৰে ভৰপূৰ এখন বৃহৎ বাণিজ্যিক মেলা হয়। নতুন চামগুৰি সত্ৰৰ ৰাস হৈ পৰে দেশী-বিদেশী পর্যটক, গৱেষক, পণ্ডিত, কলাকাৰ আদি লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

নলবাৰীৰ ৰাস

ৰাসলীলা শান্তি-সম্প্ৰীতি আৰু আনন্দৰ মহামিলনৰ উৎসৱ। ৰাস উৎসৱে আধ্যাত্মিক চিন্তা-চেতনাৰে সৰ্বস্তৰৰ লোকক সমন্বয় আৰু ঐক্য-সংস্কৃতিৰ এনাজৰীৰে বান্ধ খুৱাই বিমল আনন্দ প্ৰদান কৰে। নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ এক ঐতিহ্যপূৰ্ণ ৰাস উৎসৱ হিচাপে উত্তৰ-পূব ভাৰতৰ ভিতৰতে উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে।

নলবাৰীৰ ৰাস উৎসৱত বর্ণাঢ্য ৰং সানি শোভিত কৰা মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শনী স্থাপন কৰা হয়। এই মৃন্ময় মূৰ্তিবোৰৰ জৰিয়তে মহাভাৰত, ৰামায়ণ, গীতা-ভাগৱতৰ আখ্যান জড়িত ভগৱানৰ ঐশ্বর্য শক্তি প্রকাশ পায়। মূৰ্তিসমূহৰ শৈল্পিক মূক ভাষ্যতে শাস্ত্ৰৰ বিভিন্ন কাহিনীৰ অন্তর্নিহিত দৰ্শন প্রকাশ পায়। ওজাপালি, ঢুলীয়া নাট্যাভিনয়, চার্কাচ, যাদু, সাংস্কৃতিক সমাৰোহ, মনোৰঞ্জনমূলক অনুষ্ঠান আৰু বৈষ্ণৱ ধৰ্মৰ দিহানাম, থিয়নাম, নাগাৰা নাম, খেৰাই, বাগৰুম্বা, ঝুমুৰ আদি অনেক পৰিৱেশ্যকলাৰ মনোৰঞ্জনমূলক অনুষ্ঠান নলবাৰীৰ ৰাসত দর্শকে উপভোগ কৰে।

নলবাৰী ৰাস মহোৎসৱৰ দৰে পলাশবাৰী, হাউলি, মঙলদৈ আদিতো ৰাস মহোৎসৱ উলহ-মালহেৰে পালন কৰা হয়।

– ৰিণ্টু শইকীয়া

উজনি আৰু নামনি অসমৰ ৰাসোৎসৱৰ পাৰ্থক্য

উজনি অসমৰ দৰে নামনি অসমতো এই ৰাস মহোৎসৱৰ প্ৰাধান্য দেখা পোৱা যায়। নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাউলী, টিহু, পলাশবাৰী আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰে। কিন্তু উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়। কালীয় দমন, পুতুনা বধ, দধিমথন, কংসবধ, বৃন্দাবনৰ ৰঅসলীলা আদি মৃণ্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয়। ঠাইভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি খোলা গান (অপেছাদাৰী নাট), নাম-প্ৰসংগ আদি পালন কৰা হয়। পলাশবাৰীৰ ৰঅসত জীৱন্ত মূৰ্তিও প্ৰদৰ্শন হয়। নামনি অসমৰ ৰাসত বংগীয় প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিভিন্ন আলোকসজ্জাৰে প্ৰদৰ্শনস্থলী সজাই দৰ্শকৰ মন আকৰ্ষণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *