লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাত উদযাপন কৰা ফাটবিহু অসমৰ এক পৃথক বৈশিষ্ট্যপূর্ণ সাংস্কৃতিক সম্পদ। প্রাচীন অসমৰ বিহুৰ ঐতিহ্যক এই ফাটবিহুৱে জীয়াই ৰাখিছে। ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰিত অনুষ্ঠিত হোৱা বিহু। পূৰ্বতে ব’হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব’হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।
![](https://assamintro.com/wp-content/uploads/2022/06/image-2.png)
নামটোৰ উৎপত্তি : Origin Phat Bihu in Assamese
‘ফাটবিহু’ নামটোৰ উৎপত্তি সম্পৰ্কত প্রধানতঃ দুটা মত আছে। প্রথমতঃ চাৰিকড়ীয়া নদীৰ ‘ফাট’ত অনুষ্ঠিত হোৱা বাবেই এই বিহুৱে ফাটবিহু নাম পালে। টাই ভাষাৰ শব্দ ‘ফাট’ৰ অৰ্থ হ’ল নৈ বা গভীৰ পানী থকা ঠাইৰ দাঁতিত বেহা-বেপাৰ, ৰাজহ সংগ্ৰহ আদিৰ উদ্দেশ্যে মানুহ সমবেত হোৱা ঠাই। আহোম ৰাজত্বকালত ৰজাঘৰীয়া ডা-ডাঙৰীয়াসকলে কৰ-কাটল সংগ্ৰহ কৰিবলৈ নতুন বছৰ সোমোৱাৰ আগে আগে হাবুঙ (ঢকুৱাখনাৰ পুৰণি নাম)ৰ চাৰিকড়ীয়াৰ ফাটত অস্থায়ী ছাউনী পাতিছিলহি৷ ইয়াৰ লগতে ঠাইখণ্ড বেপাৰবাণিজ্যৰো কেন্দ্ৰস্থল হৈ পৰিছিল। ৰজাঘৰীয়া লোকৰ মনোৰঞ্জনৰ কাৰণে হাবুঙীয়া ৰাইজে বিহু মাৰিছিল। চাৰিকড়ীয়া নৈৰ ফাটত ব’হাগৰ সাদিন জুৰি হোৱা বিভিন্ন জনগোষ্ঠীৰ এই সমূহীয়া বিহুৱেই কালক্ৰমত ‘ফাটবিহু’ৰূপে আখ্যায়িত হ’ল।
দ্বিতীয়তঃ কোনো কোনোৰ মতে বিহু মাৰোঁতে আনন্দৰ আতিশয্যত কেতিয়াবা ঢোল ফাটে, চোলা-চুৰিয়া-ৰিহা-মেখেলা ফাটে, বিহুনাম গাওঁতাৰ মাত ফাটে, বিহুৱা-বিহুৱতীৰ গিৰিপনিত মাটিয়ে ফাট মেলে। এই অৰ্থতে হাবুঙৰ এই বিহুৱে নাম পালে ‘ফাটবিহু’। আৰু বিকাশ :
ফাটবিহুৰ সূচনা আৰু বিকাশ :
ঐতিহ্যপূৰ্ণ ফাটবিহুৰ সূচনা কেতিয়াৰপৰা হৈছিল তাৰ কোনো নিৰ্ভৰযোগ্য তথ্য পোৱা নাযায়। আনুমানিক সপ্তদশ শতিকাৰ মাজভাগৰপৰা চাৰিকড়ীয়াৰ পাৰৰ ম’হঘুলি চাপৰিৰ অপূৰ্ব প্ৰাকৃতিক পৰিৱেশত ফাটবিহু উদযাপিত হৈ আহিছে। ঢকুৱাখনাৰ আহোম, চুতীয়া, মিচিং, দেউৰী, কৈৱৰ্ত, সোণোৱাল কছাৰী, কোচ, কলিতা, বামুণ, নেপালী আদি বিভিন্ন জাতিজনজাতিৰ লোকে ব’হাগ বিহুৰ সময়ত দল বান্ধি চাৰিকড়ীয়া নৈৰ পাৰত সমবেত হয়। সাদিন-সাতৰাতি একেৰাহে বিহু চলে। বিহু চাবলৈ দূৰ-দূৰণিৰ গাঁৱৰপৰাও ভাগি-ভুঁহৰি মানুহ আহে। দূৰণিৰ বিহুদলবোৰৰ থকা-খোৱাৰ দায়িত্ব তথা কর্তব্য ওচৰ-পাঁজৰৰ ৰাইজে অতি আগ্ৰহেৰে মূৰ পাতি লয়। বিহুতলীত গঢ় লৈ উঠা ফাটবিহুকেন্দ্রিক বাণিজ্য মেলাখনেও মানুহক আকর্ষণ কৰে। আবৰ, ডফলা, মিচিমি আদি পাহাৰীয়া জনজাতিৰ লোক ভৈয়ামলৈ নামি আহি চাৰিকড়ীয়াৰ ফাটত বয়-বস্তু বিনিময় কৰে।
১৯১৮ চনলৈকে ফাটবিহু পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ বহু আগৰেপৰা সামাজিক, প্রাকৃতিক, ৰাজনৈতিক আদি কাৰণত ফাটবিহুৰ ধাৰাবাহিকতাত যতি পৰিছিল। এই কাৰকবোৰৰ ভিতৰত ১৯৫০ চনৰ বৰ ভূঁইকঁপ, ১৯৫৪ চনৰ বাৰেচহৰীয়া সবাহ, ১৯৫৬ চনৰ কৃষক সভা, ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৬২ চনৰ ভয়াৱহ বানপানী আৰু চীন-ভাৰতৰ যুদ্ধ, ১৯৬৪ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধ আদি উল্লেখযোগ্য। ১৯৪৮ চনত পোনপ্ৰথমবাৰৰ বাবে ঢকুৱাখনাৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত আনুষ্ঠানিক ফাটবিহু অনুষ্ঠিত হয়। ইয়াৰ পাছত ১৯৫৮ আৰু ১৯৫৯ চনত ফাটবিহু অনুষ্ঠিত হোৱাৰ কথা জনা যায় (১৯৫৯ চনৰ ১১ মে’ত ‘নতুন অসমীয়া’ নামৰ কাকতত প্ৰকাশিত ফাটবিহু-সম্পৰ্কীয় এটা বাতৰি ইয়াৰ প্ৰমাণ)। সত্তৰৰ দশক (১৯৭৬ চন)ত আধুনিক ফাটবিহুৰ সূচনা হয়।
বৰ্তমানৰ ফাটবিহু :
সময়ৰ লগত তাল মিলাই চলিবলৈ যাওঁতে ফাটবিহুৰ ক্ষেত্ৰতো কিছু পৰিৱৰ্তনক আদৰি ল’বলগীয়া হৈছে। অতীজত হোৱা সাতদিনীয়া ফাটবিহুৰ পৰিৱৰ্তে বৰ্তমান এই বিহু-উৎসৱ তিনি দিন ধৰি উদ্যাপিত হয়। বৰ্তমান বিভিন্ন প্রতিযোগিতামূলক কার্যসূচী, যেনে— মুকলি বিহু, জেং বিহু, টকা বিহু, মহিলা বিহু, মিচিং বিহু, চেমনীয়া বিহু আদিবোৰ ফাটবিহুৰ অংগীভূত হৈ পৰিছে। ইয়াৰে কেতবোৰ কাৰ্যসূচী পৰিৱেশনৰ বাবে স্থায়ীকৈ সুদৃশ্য মঞ্চ সাজি উলিওৱা হৈছে। এনেধৰণৰ পৰিৱৰ্তনবোৰ সামৰি লৈছে যদিও ফাটবিহুৰ প্ৰাচীন ঐতিহ্য তথা মূল গৰিমা কিন্তু ঢকুৱাখনীয়াই হ্রাস পাবলৈ দিয়া নাই। ফাটবিহুত গোৱা বিহুনামবোৰৰ সুৰ আৰু কথা, নাচোনৰ ভংগি, বিহুৱা-বিহুৱতীৰ সাজ-পোচাক আদি লক্ষ্য কৰিলে ইয়াত যে প্রাচীন পৰম্পৰা নিহিত আছে সেই কথা স্পষ্ট হয়। উদাহৰণস্বৰূপে, ফাটবিহুৰ অন্তৰ্ভুক্ত টকাবিহুৰ নাচনীসকলে আগফালে হাওলি কঁকাল ভাঙে আৰু হাত দুখন পিছফালে নি কঁকালটো এবাৰ খামোচ মাৰি ধৰি আৰু এবাৰ এৰি এক বিশেষ ভংগিমাৰে নাচে। অসমৰ আন কোনো টকাবিহুত এনে বিশেষত্ব পৰিলক্ষিত নহয়। ফাটবিহুৰ বিহুনাম আৰু জাতনামৰ সুৰৰ পৃথকতাও লক্ষণীয়। এফাকি পুৰণি ঢঙৰ জাতনাম হ’ল ঃ—
“এ লিলিং লালাং কচুশাকত তেল নাই
ঢুলীয়া কাংকান ঐ নাচনী মাকন ধিদাংদাং নীলমণি দাং
লামডিং লতপ ঐ মণিৰাম চপ ঐ
হাতীয়ে মাউতক পলুৱাই নিলেগৈ ম’ইঘুলি চাপৰিলৈ।”
ফাটবিহুত নচা নাচনীসকলৰ প্ৰায় সকলোৱে ঘৰতে বোৱা মুগাৰ ৰিহামেখেলা পৰিধান কৰে। খোপাত কৃত্রিম ফুলৰ পৰিৱৰ্তে কপৌফুল, ভাটৌফুল, চম্পাফুল আদি গুঁজি লয়। নাচনীয়ে পৰিধান কৰা ৰিহাবোৰ কেচ বছা আৰু মেখেলাবোৰ ফুলাম নাইবা উকা হয়। উল্লেখযোগ্য যে ফাটবিহুতলীৰ মূল মঞ্চত উদযাপন সমিতিৰ বিষয়ববীয়া অথবা অতিথি-শিল্পীক ধুতী-পাঞ্জাবী (পুৰুষ) আৰু মেখেলা-চাদৰ (মহিলা) পৰিধান নকৰাকৈ প্ৰৱেশ কৰিবলৈ দিয়ানহয়।
ফাটবিহুৰ অন্তিমদিনা গছৰ তলে তলে বিহুদলবোৰে অৱস্থান কৰি পৰিৱেশন কৰা মুকলি বিহু ফাটবিহুৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বিহু চলি থকা অৱস্থাত জাকৈ-খালৈ, নাঙল-যুৱলি, জাল-জুলুকি, কাচি আদি লৈ কিছুমান ডেকা-গাভৰু হঠাতে কোনো দলৰ মাজত সোমাই বিহুনাচ নাচে। তেওঁলোকৰ সাজ-পোচাক লক্ষ্য কৰিলে এনে লাগে যেন খেতিপথাৰত কাম কৰা অথবা মাছ মৰা অৱস্থাতে ঢোল-পেঁপা-গগনাৰ মাত শুনি উদগ্ৰীৱ হৈ ঢপলিয়াই আহিছে। কোনো কোনো ডেকাই ম’হৰ পিঠিত পেঁপা বজাই থকা ভংগিৰেও বিহুদলত প্ৰৱেশ কৰেহি।
ফাটবিহুৰ সৌন্দৰ্য দুগুণে চৰাইছে চাৰিকড়ীয়াৰ পাৰৰ ম’হঘুলি চাপৰিৰ মনোৰম প্ৰাকৃতিক পৰিৱেশে। ম’হঘুলি চাপৰিৰ চিচুগছবোৰে পৰিৱেশ সেউজ, সজীৱ আৰু অকৃত্ৰিম কৰি তুলিছে।
কেৱল ঐতিহ্যৰ ক্ষেত্ৰতে নহয়, অর্থনৈতিক আৰু সামন্বয়িক দিশৰপৰাও ফাটবিহুৰ গুৰুত্ব আছে। ফাটবিহুস্থলী বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। বিস্তীর্ণ ঢকুৱাখনা অঞ্চলৰ বিভিন্ন গাঁৱৰ (যেনে— কপৌহুৱা,হুজগাঁও, আমকটীয়া, বাঁহপৰা, বাস্তৌ, বাগিচা, জামুগুৰি, হিলৈদাৰী, মাছখোৱা, পিঠিয়াল,কচুগাঁও, মাণিকাচুক, কমাগাঁও, চাউৰুকীয়া, সুঁতিমুখ, খজুৱা, চেতিয়া গাঁও, জালভাৰী, খামন, বালিদেউৰী, কেঁকুৰি,মেধিসুঁতি, কান্দালা, বকুলগুৰি, মাতমৰা, মইনাপৰীয়া, খেৰকটামুখ আদি) লোক দলেবলে আহি একেখন বিহুতলীতে বিহু মাৰেহি। সম্প্ৰতি অসমৰ বিভিন্ন প্ৰান্তৰ লোক ফাটবিহু চাবলৈ অহা পৰিলক্ষিত হৈছে। আনহাতে, অর্থনৈতিক ক্ষেত্ৰত, অতীজতে চাৰিকড়ীয়াৰ ফাটত যি বাণিজ্য মেলা আৰু বিনিময় প্রথা চলিছিল তাক পৰিকল্পিতভাৱে আধুনিক সময়-সমাজৰ উপযোগীকৈ নতুন ৰূপত গঢ়ি তোলাৰ থল আছে।
ফাটবিহুৰ মুখপাত্র হিচাপে ‘বিহুৱান’ নামৰ এখন আলোচনী প্ৰতিবছৰে প্ৰকাশ পাই আহিছে। ফাটবিহুৰ প্রথম আলোচনী সম্পাদক আছিল মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি ছবিলাল জৈন। ফাটবিহু সম্পর্কে আলোচনা কৰি সমগ্ৰ অসমতে ইয়াৰ পৰিচিতি দিয়াৰ ক্ষেত্ৰত বিশিষ্ট লেখক ইছমাইল হোছেইন, বিহু সংস্কৃতিৰ গৱেষক জয়কান্ত গন্ধীয়া, ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰবক্তা ডিম্বেশ্বৰ গগৈ, ড° জিতৰাম কলিতা, উদ্যোগী ব্যক্তি জগদীশ গগৈ আদিৰ নাম উল্লেখযোগ্য।
অসমৰ ভিতৰত কেৱল ঢকুৱাখনাতহে অনুষ্ঠিত হোৱা ফাটবিহু নামৰ প্রাচীন ঐতিহ্য-আধাৰিত উৎসৱটি কৃষিজীৱী ঢকুৱাখনাবাসীৰ বাপতিসাহোন। সাংস্কৃতিক দিশৰপৰা ই অসমৰ প্ৰাচীন বিহু পৰম্পৰাৰ ধাৰক আৰু বাহক। উল্লেখযোগ্য যে ‘ফাট’ শব্দৰ ‘ট’ ব্যঞ্জনান্ত নহয়— স্বৰান্তহে। অর্থাৎ ফাবিহু নহয়— ফাটবিহুহে।
ভেকুলী বিয়া খৰাং বতৰত বৰষুণৰ কামনাৰে অসমীয়া লোকসমাজত প্রচলিত এক জনপ্ৰিয় লোকাচাৰ হ’ল ভেকুলী বিয়া। আমাৰ সমাজত এক বিশ্বাস আছে যে ভেকুলীৰ বিয়া পাতিলে আৰু ভেকুলীয়ে টোৰ-টোৰালে বৰষুণ দিয়ে। এই বিশ্বাসক আধাৰ কৰিয়েই ভেকুলী বিয়া পতা হয়। সাধাৰণতে ফাগুন-চ’ত মাহৰ অনাবৃষ্টিৰ সময়ত অথবা খৰাংপীড়িত সময়ত বছৰৰ
কোনো দলৰ মাজত সোমাই বিহুনাচ নাচে। তেওঁলোকৰ সাজ-পোচাক লক্ষ্য কৰিলে এনে লাগে যেন খেতিপথাৰত কাম কৰা অথবা মাছ মৰা অৱস্থাতে ঢোল-পেঁপা-গগনাৰ মাত শুনি উদগ্ৰীৱ হৈ ঢপলিয়াই আহিছে। কোনো কোনো ডেকাই ম’হৰ পিঠিত পেঁপা বজাই থকা ভংগিৰেও বিহুদলত প্ৰৱেশ কৰেহি।