December 3, 2022

Ojapali Festival in Assamese | ওজাপালিৰ ইতিহাস

Ojapali Festival in Assamese

ওজাপালি  অসমৰ এক অৰ্ধ নাটকীয় পৰিবেশ্য কলা। সৰ্বভাৰতীয় কথকতা পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহক ওজাপালি প্ৰাচীন কালৰে পৰা অসমত এক জনপ্ৰিয় কলা হিচাপে প্ৰচলিত হৈ আহিছে। ১৯৭৪ চনত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সঞ্চালক লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা আৰু আনন্দমোহন ভাগৱতীৰ সহযোগত ওজাপালি ৰাস্ত্ৰীয় কাৰ্য্যসূচীত অন্তৰ্ভুক্ত হয়।

উদ্ভৱ আৰু বিকাশ

ওজাপালি কলাৰ উৎপত্তি সম্বন্ধে বিভিন্ন জনশ্রুতি আছে। একাংশ পণ্ডিতে ভাৰতীয় মাৰ্গীয় সংগীত পৰম্পৰাৰপৰাই ওজাপালি সংগীতৰ জন্ম হৈছে বুলি মত প্ৰকাশ কৰিছে। আনহাতে এক জনশ্রুতিমতে, মহাকবি বাল্মীকি আৰু ব্যাসদেৱে ক্ৰমে ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীভাগ নিজৰ শিষ্যৰ আগত আবৃত্তি কৰি শুনাইছিল আৰু এই আবৃত্তিৰ পৰম্পৰাই ওজাপালি অনুষ্ঠানৰ জন্ম দিছিল। অন্য এক জনশ্রুতি অনুসৰি বৃহন্নলাৰূপী অৰ্জুনে বিৰাট ৰজাৰ কন্যা উত্তৰাক যি গান্ধৰ্ববিদ্যাৰ শিক্ষা দিছিল, তাৰেই পৰিৱৰ্তিত ৰূপ আজিৰ ওজাপালি। আকৌ দৰঙত বহুলভাৱে প্ৰচলিত ব্যাসসংগীত (বিয়াহৰ ওজাপালি বা সভা গোৱা ওজাপালি) পাৰিজাতী নামৰ এগৰাকী নাৰীয়ে সপোনতে লাভ কৰিছিল বুলি এক জনবিশ্বাস প্রচলিত আছে। কথিত আছে যে এই পাৰিজাতীৰপৰাই হেনো ব্যাসকলায়ে ওজাপালি বিদ্যা শিকিছিল।

বিষয়বস্তু, প্ৰকাৰ

ওজাপালি অনুষ্ঠানক বিষয়বস্তু ফালৰ পৰা দুটা ভাগত ভগাব পাৰি।

  • মহাকাব্য আশ্ৰয়ী
  • মহাকাব্য অনাশ্ৰয়ী

মহাকাব্য আশ্ৰয়ীক আকৌ সাঁতোটা ভাগত ভগাব পাৰি।

  • বিয়াহৰ ওজাপালি
  • ৰামায়ণ ওজাপালি
  • ভাইৰা ওজাপালি
  • দুৰ্গাবৰী ওজাপালি
  • সত্ৰীয়া ওজাপালি
  • পাঞ্চালি ওজাপালি
  • দুলৰি ওজাপালি

মহাকাব্য অনাশ্ৰয়ীক পাঁচটা ভাগত ভগাব পাৰি

  • সুকনান্নী ওজাপালি
  • বিষহৰি গান
  • মাৰে গান
  • পদ্ম পুৰাণৰ গান
  • টুকুৰীয়া ওজাপালি

এইধৰণৰ শ্ৰেণীবিভাজন তথ্যসমৃদ্ধ হ’লেও আধুনিক সময়ত ওজাপালিক জীৱিত ৰূপত যি দুইধৰণেৰে পোৱা যায় সেয়া হ’ল—সুকনান্নী ওজাপালি আৰু ৰামায়ণ বা সভাগোৱা ওজাপালি। কামৰূপত ৰামায়ন গোৱা ওজাক সভা গোৱা ওজা বোলে। আনহাতে দৰঙত প্ৰচলিত পদ্মপূৰাণৰ গীত-পদ গোৱা ওজাক সুকনানি ওজা বোলা হয়। কামৰূপ আৰু বৰপেটা জিলাৰ কিছু কিছু অঞ্চলত কিছু বছৰ আগলৈকে ছোৱালীয়েও ওজাপালি প্ৰদৰ্শন কৰিছিল। ৰামায়ন বা সভাগোৱা ওজাপালিৰ বৈশিষ্ট্য থকা এইবিধ ওজাপালিক তিৰি বা আপী ওজাপালি বুলি জনা গৈছিল। কিন্তু সমাজৰ পৰিৱৰ্তনশীল ধাৰাটোৰ বাবেই হওক বা আধুনিকতাৰ প্ৰভাৱতেই হওক এইবিধ ওজাপালি এতিয়ালৈ কামৰূপ আৰু বৰপেটাৰ প্ৰায় দুই এঠাইতহে দেখিবলৈ পোৱা যায়।

ইয়াৰে আকৌ ওজাপালিয়ে গোৱা গীত-পদৰ বিষয় বস্তু, গীত-পদবোৰলৈ লক্ষ্য কৰি মহাকাব্য আসৃত ওজাপালিক বৈষ্ণৱ পৰিৱেষ্য কলা আৰু মহাকাব্য অনাসৃত ওজাপালিক সাক্ত পৰিৱেশ্য কলা বুলিও আখ্যা দিব পাৰি। ব্যাসৰ ওজাপালিয়ে ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ গীতপদসমূহ গাই যদিও সুকনানি ওজাপালী শাক্ত দেৱীপূজাৰ সৈতে জঢ়িত হয় আৰু ইয়াত মনসাদেৱীক আৰাধনা কৰি পদ্মপুৰাণৰ গীতপদেৰে মনসাদেৱীৰ বন্দনা কৰা হয়।

পৰিবেশন শৈলী

নৃত্য-গীতৰ দ্বাৰা ওজাই দিহা, ৰাগ আদি লগাই দিয়ে আৰু পালিসকলে সহযোগ কৰে। দাইনা পালি আৰু অন্য পালিৰ দ্বাৰা ওজাই পৰিবেশন কৰা গীতবোৰ কথিত গদ্যত ৰসালভাবে অথবা অভিনয়ভংগীত দৰ্শকক বুজাই দিয়ে। মুখ্যতঃ ধৰ্মীয় দিশৰ সৈতে সংপৃক্ত হোৱা বাবে ওজাপালিসকলে শুভ্ৰ পোছাক পিন্ধে। ওজাই জামাৰ উপৰিও মূৰত বিশেষধৰণৰ টুপী অথবা পাগ মাৰে।

পোচাক-পৰিচ্চদ

অঞ্চলভেদে আৰু প্ৰকাৰভেদে ওজাপালিৰ সাজপাৰৰ ক্ষেত্ৰত ভিন্নতা আছে। বর্তমান প্রচলিত বিয়াহৰ ওজাপালিৰ ওজাজনে চৌকাচাপকন চোলাৰে সংলগ্ন ঘূৰণীয়া জামা পৰিধান কৰে। এই জামাবোৰ নৃত্যৰ লগে লগে আকর্ষণীয়কৈ ফুলি উঠে। তদুপৰি মূৰত অৰ্ধ নৌকাকৃতিৰ পাগুৰি, কঁকালত টঙালি, কান্ধৰ দুয়োকাষে দীঘলকৈ ওলোমাই লোৱা ৰঙীন ফুলাম পছৰা, গলত মণিমালা, কাণত কড়িয়া, হাতত গামখাৰু, হাতৰ আঙুলিত আঙঠি, ভৰিত নূপুৰ পৰিধান কৰাৰ লগতে কপালত চন্দনৰ ফোটো আঁকি লয়। ঠিক তেনেদৰে পালিসকলেও বিভিন্ন ধৰণৰ আ-অলংকাৰ পৰিধান কৰে।

দেওধনী নৃত্য

সুকনানি ওজাৰ ওজাপালিৰ এক আংগিক উপাদান হ’ল দেওধনী নৃত্য। ৰামায়ণ গোৱা ওজাৰ লগত দেওধনী নাথাকে, কিন্তু সুকনানি ওজাৰ দেওধনী একপ্ৰকাৰ প্ৰধান অংগ বুলিব পাৰি। আজিকালি এই দেওধনী প্ৰায় লোপ পাই আহিছে। দেওধনীয়ে কিছুমান অলৌকিক শক্তি দেখুৱাই মানুহৰ মন আকৰ্ষণ কৰে। আখ্যানমতে বেউলাই লক্ষীণ্দাৰক জীয়াই তুলিবলৈ দেৱতাৰ আগত কৰা নৃত্যটোৱেই হ’ল দেওধনী নৃত্য। এই দেওধনীৰ প্ৰাৰম্ভিক পদচালন মুদ্ৰা পালীৰ সৈতে একে হোৱাটো ইয়াৰ এটা সাধাৰণ বৈশিষ্ট। দেওধনী নৃত্যৰ পোচাক সাধাৰণতে ৰঙা বৰণৰ হয় আৰু বুকুত মৰা নীলা বৰণৰ মেথনিয়ে চুলিমেলি নচা নৰ্তকীক এক অনন্য মাত্ৰা প্ৰদান কৰে। এই নৃত্যক মৃত সঞ্জীৱনী নৃত্য বুলি ধৰা হয় আৰু ইয়াৰ পৰিৱেশনশৈলি আন নৃত্যৰ লগত নিমিলে।

বৰ্তমানৰ ওজাপালি

জীৱনৰ চৌষষ্ঠী কলাৰ ভিতৰত বিশেষকৈ সাহিত্য, সংগীত আৰু নৃত্যকলাৰ এক সমন্বয় হ’ল ওজাপালি। প্ৰাক শংকৰী যুগৰো বহুকাল আগতে সুস্থৰূপত প্ৰচলিত আছিল ওজাপালি। ইয়াক ধৰ্মীয় অনুষ্ঠান হিচাবে গণ্য কৰিলেও তেতিয়াৰ সময়ত ওজাপালিক অসমীয়া জাতিৰ এটা অতি আপুৰুগীয়া আৰু প্ৰধান কলা হিচাপে গণ্য কৰা হৈছিল। এই কলাক জীয়াই ৰখাৰ বাবে কেৱল অসমীয়া লোকেই আহুপুৰোষাৰ্থ কৰিছিল তেনে নহয়। এই নৃত্যত আন আন জনগোষ্ঠীৰ লোকো সমানে জঢ়িত আছিল। উদাহৰণস্বৰূপে পৰশু শেখ ওজাৰ নাম সজোৰে উচ্ছাৰণ কৰিব পাৰি। এইজন লোক ধৰ্মত ইচলাম আছিল যদিও ওজাপালি আৰু দেওধনী নৃত্যৰ বাবে আহুপুৰূষাৰ্থ কৰিছিল। তেওঁকেই প্ৰথম মুচলন্ত ওজা বুলি ধৰা হয়। 

Leave a Reply

Your email address will not be published. Required fields are marked *