May 16, 2022

Nalini Bala Devi Biography in Assamese | writer and poet of Assamese literature | প্রিয় কবি নলিনীবালা দেৱীৰ জীৱনি

Nalini Bala Devi Biography in Assamese

অসমৰ কাব্যজগতৰ এটি প্রথিতযশা নাম—নলিনীবালা দেৱী। সন্ধিয়াৰ সুৰ’, সপােনৰ সুৰ’, ‘পবশমণি, অলকানন্দা’ আদি অনুপম কাব্যগ্রন্থ ৰচনা কৰি তেখেতে আমাৰ সাহিত্য সুসমৃদ্ধ কৰি গৈছে। অলকানন্দা’ কাব্যৰ বাবে তেখেতে ১৯৬৮ চনত সাহিত্য-অকাডেমিৰ পুৰস্কাৰ লাভ কৰিছিল।

প্রিয় কবি নলিনীবালা দেৱীৰ জীৱনি Nalini Bala Devi Biography in Assamese

নলিনীবালা দেৱী  এগৰাকী অসমীয়া কবি আৰু লেখিকা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। তেখেতে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দি গৈছে। অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত। ব্যক্তিগত জীৱনৰ কাৰুণ্য ই কবিৰ ৰচনাৰ মূল উৎস। কবিয়ে প্ৰকৃতিৰ বিশাল প্ৰাঙ্গণত থিয় দি অনুভৱ কৰিছে সনাতন সৌন্দৰ্য। জাগতিক সৌন্দৰ্যৰ উৰ্ধত কবিয়ে বিচাৰি পাইছে ভগৱানৰ অবিনশ্বৰ সত্তা। অন্তৰৰ ৰহস্য সন্ধানৰ আকুল প্ৰচেষ্টা আৰু ভগৱৎ প্ৰেমেই কবিগৰাকীৰ কবিতাৰ ঘাই উপজীৱ্য। ভাৰতীয় দৰ্শনত বিশ্বাসী কবিৰ কবিতাত জন্মান্তৰবাদৰ প্ৰতি আস্থা স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়।

Nalini Bala Devi Biography in Assamese
জন্ম২৩ মাৰ্চ, ১৮৯৮
বৰপেটা, অসম
মৃত্যু২৪ ডিচেম্বৰ, ১৯৭৭
পেচাকবি
ভাষাঅসমীয়া
ৰাষ্ট্ৰীয়তাভাৰতীয়
নাগৰিকত্বভাৰতীয়
উল্লেখনীয় কৰ্মৰাজিসন্ধিয়াৰ সুৰ
অলকানন্দা
উল্লেখযোগ্য বঁটাসাহিত্য অকাডেমি বঁটা
পদ্মশ্ৰী বঁটা
দাম্পত্যসংগীজীৱেশ্বৰ চাংকাকতি

চমু জীৱনী

জন্ম

নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চত অসমৰ বৰপেটাত। পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ আছিল হেমন্ত কুমাৰী।

শিক্ষা

সেই সময়ত অসমত ছোৱালীসকলে স্কুলীয়া শিক্ষাৰ লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব পোৱা নাছিল। সেয়ে তেওঁৰ আনুষ্ঠানিক শিক্ষা নাছিল। গোপাল দে নামৰ ব্যক্তি এজনৰ তত্ত্বাৱধানত ঘৰতে শিক্ষা গ্ৰহণ কৰে। ঘৰতেই তেওঁ সংস্কৃত, সাহিত্য, গীত, ছবি অঁকা আদি সকলো শিক্ষা লাভ কৰিছিল।

বিবাহ

১৯০৯ চনত মাত্ৰ ১২বছৰ বয়সতে শিৱসাগৰৰ জীৱেশ্বৰ চাংকাকতিৰ লগত তেওঁৰ বিয়া হৈছিল। কিন্তু মাত্ৰ ১৯ বছৰ বয়সতে (১৯১৭ চনত) তেওঁ অকালতে স্বামীক হেৰুৱাই অকাল বৈধৱ্যক সাবটিৱ লগা হৈছিল। স্বামীৰ অকাল মৃত্যূৰ পাছত তেওঁ পিতৃগৃহলৈ ঘূৰি আহে।

মৃত্যু

২৪ ডিচেম্বৰ, ১৯৭৭ চনত তেখেতৰ মৃত্যু হয়।

সাহিত্য সম্ভাৰ

স্বামীৰ অকাল বিয়োগৰ পাছত পাঁচোটি সন্তানৰ সৈতে অশেষ কষ্টৰে পাছৰ দিনবোৰ পাৰ কৰিছিল, এই সময়ছোৱাত তেওঁ দুজনকৈ পুত্ৰকো অকালতে হেৰুৱাব লগা হয়।[1]স্বামী আৰু দুজনকৈ পুত্ৰৰ অকাল বিয়োগৰ মৰ্মান্তিক বেদনাৰ পৰা মুক্তি পাবলৈ ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰিছিল। সেই সময়ত তেওঁ বেদ, উপনিষদ, গীতা, ভাগৱত অধ্যয়নত মনোনিবেশ কৰিছিল। শৈশৱতে অংকুৰিত সুপ্ত হৈ থকা কবি প্ৰতিভা এই সময়তে পুনৰ সাৰ পাই উঠে। বিয়াৰ পিছত শহুৰেকে তেওঁক এটা সোণৰ কলম উপহাৰ দিছিল। পিছৰ দিনবোৰত তেওঁ সেই কলমৰ মান ৰাখিবলৈ সক্ষম হয়। পিতৃৰ উপদেশ আৰু অনুপ্ৰেৰণাই তেওঁক জীৱন যুঁজত জয়ী হোৱাত সহায় কৰিছিল। স্বা কবিগৰাকীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনতো পিতৃৰ সৈতে সক্ৰিয় ভূমিকা লৈছিল। ‘পিতা’ নামৰ কবিতাটিৰে মাত্ৰ দহ বছৰ বয়সতে কবি জীৱনৰ পাতনি মেলিছিল।

প্ৰকাশিত কাব্যগ্ৰন্থ

সন্ধিয়াৰ সুৰ (১৯২৮)
সপোনৰ সুৰ (১৯৪৩)
স্মৃতিতীৰ্থ (১৯৪৮)
পৰশমণি (১৯৫৪)
যুগদেৱতা (১৯৫৭)
জাগৃতি (১৯৬০)
অলকানন্দা (১৯৬৭)
বিশ্বদীপ(১৯৭০)
আৰুঅন্তিম সুৰ।

আত্মজীৱনী

এৰি অহা দিনবোৰ (১৯৭৬)।

প্ৰবন্ধ পুথি

শান্তিপথ।

জীৱনীমূলক গ্ৰন্থ

স্মৃতি তীৰ্থ (দেউতাকৰ জীৱনৰ আধাৰত ৰচিত),
চৰ্দাৰ বল্লভ ভাই পেটেল আৰু
বিশ্বদীপা।

অপ্ৰকাশিত গ্ৰন্থ

জোনাকীৰ স্বপ্ন সুৰভি
মন্দাকিনী
সন্ধিয়াৰ সপোন পৰশমেঘদূত ইত্যাদি।

স্বীকৃতি আৰু সন্মান

  • অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন (১৯৪৮)
  • কেন্দ্ৰীয় চৰকাৰৰ সাহিত্য বৃত্তি(১৯৫৪)
  • “সদৌ ভাৰত সংস্কৃত সঞ্জীৱনী সভা”ৰ অসম শাখাৰ নলবাৰী অধিবেশনত কাব্যভাৰতী উপাধি লাভ (১৯৫৬)
  • অসম সাহিত্য সভাৰ যোৰহাট অধিৱেশনৰ সভাপতি(১৯৫৪)
  • অলকানন্দা কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ (১৯৬৭)
  • পদ্মশ্ৰী বঁটা (১৯৭৭)

ইয়াৰ উপৰিও ১৯৮৬ চনত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ নাম ‘পদ্মশ্ৰী নলিনীবালা দেৱী” হিচাপে নামকৰণ কৰা হয়।

অন্যান্য

১৯৫৪ চনত তেওঁ অসম সাহিত্য সভাৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত হয়। অসম সাহিত্য সভাৰ এই পদ লাভ কৰা তেখেত প্ৰথম গৰাকী মহিলা। ইয়াৰ উপৰি তেখেত অসম সংঘ আৰু প্ৰাদেশিক মহিলা সমিতিৰ নগাঁও অধিবেশনৰ সভানেত্ৰী আছিল। তেখেত সদৌ অসম মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।

Leave a Reply

Your email address will not be published.