March 29, 2024

মিজোৰাম দিৱস ২০ ফেব্ৰুৱাৰী | Mizoram Divas 20 February

বৰ্তমানৰ মিজোৰাম ইংৰাজৰ শাসনকালত লুচাই পার্বত্য জিলা নামে জনাজাত আছিল। ১৯৫৪ চনত মিজো পার্বত্য জিলা আৰু ১৯৭২ চনত মিজোৰাম নামে নামকৰণ কৰা হয়। ৰাজ্যখনৰ উত্তৰে অসম আৰু মণিপুৰ, দক্ষিণে আৰু পূবে ম্যানমাৰ; পশ্চিমে বাংলাদেশ আৰু ত্ৰিপুৰা। মিজোৰাম ৰাজ্যখন এখন পর্বতময় ৰাজ্য। দেশখনৰ লোকসকলক মিজো নামে জনাজাত। দেশখনত লুচাই পাওয়াই, ৰালভেছ, কুকি, মাৰা, লাখেৰ, কাঙ্গি, হমাৰ আজি জনগোষ্ঠীৰ লোক বাস কৰে। মিজোসকল স্বাধীনচেতীয়া প্ৰকৃতিৰ লোক। পার্বত্য অঞ্চল হ’লেও শিক্ষাৰ ক্ষেত্ৰত মিজোসকল অতি আগবঢ়া। দেশখনৰ অধিবাসীসকল মঙ্গোলীয় জনগোষ্ঠীৰ লোক। ম্যানমাৰৰ ছান অঞ্চলত প্রথমে বসতি কৰিছিল যদিও পিছলৈ লুচাই পার্বত্য অঞ্চল দখল কৰি স্থায়ীভাৱে বসতি কৰিবলৈ লয়। অসমত ব্ৰিটিছৰ শাসনকালত মিজোসকলে ব্ৰিটিছৰ অধীনৰ অংশ আক্রমণ কৰিছিল। ফলত ব্ৰিটিছে মিজোসকলৰ লগত যুদ্ধ কৰি সমগ্ৰ মিজো অঞ্চল ইংৰাজে দখল কৰি শাসনভাৰ নিজৰ হাতলৈ আনে। সেয়া হ’লেও ইংৰাজসকলে মিজোৰামৰ স্থানীয় প্রশাসনত কোনোদিন হস্তক্ষেপ কৰা নাছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ পিছত মিজোৰাম অসমৰ এখন পার্বত্য জিলা হিচাপে অন্তর্ভুক্ত হয়। ১৯৬৬ চনত স্বাধীন মিজোৰামৰ দাবীত আন্দোলনৰ সূচনা হয়। নানা ধৰণৰ হিংসাত্মক কার্যকলাপৰ ফলত ১৯৭৪ চনত জিলাখনক উপদ্রুত এলেকা হিচাপে ঘোষণা কৰা হয়। ১৯৮৬ চনৰ ৩০ জুনত শান্তি চুক্তি স্বাক্ষৰিত হোৱা দেশখনত বিদ্ৰোহৰ অৱসান ঘটে। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰাম এখন পূর্ণ স্বাধীন ৰাজ্যৰ মৰ্যাদা লাভ কৰি ভাৰতৰ ২৩ তম ৰাজ্যত পৰিণত হয়। সেয়েহে ২০ ফেব্ৰুৱাৰী দিনটো মিজোৰামৰ জনগণৰ কাৰণে এক পৱিত্ৰ দিন। এই দিনটোক তেওঁলোকে মিজোৰাম দিৱস হিচাপে পালন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *