July 27, 2024

মেঘালয় দিৱস ২১ জানুৱাৰী | Meghalaya Divas 21st January

মেঘালয় ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ এখন সৰু ৰাজ্য। মেঘালয় শব্দৰ অৰ্থ ‘মেঘৰ আলয়’ বা মেঘৰ দেশ। ৰাজ্যখনৰ প্ৰায় অংশখিনি হ’ল পর্বতময়। পৃথিৱীৰ সৰ্বোচ্চ বৃষ্টিপাত হোৱা অঞ্চল মৌছিনৰাম অঞ্চল এই ৰাজ্যৰ অন্তর্গত। ইয়াত বছৰি গড় বৃষ্টিপাত ১২৭০ ছেণ্টিমিটাৰ। খাচী, জয়ন্তীয়া আৰু গাৰো প্ৰধানকৈ এই তিনিটা প্রাচীন আদিবাসী লোকে বাস কৰে। দেশখনত মাতৃতান্ত্রিক প্রথা প্রচলিত। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰ পৰাই ৰাজ্যখনে অসম ৰাজ্যৰ লগত চামিল আছিল আৰু অসমৰ ৰাজধানী আছিল শ্বিলং। ১৯৭০ চনত দেশখনে স্বায়ত্ত শাসন লাভ কৰে। সদীৰ্ঘ ১৬ বছৰীয়া আন্দোলনৰ সামৰণিত অসমৰপৰা পৃথক কৰি ১৯৭২ চনৰ ২১ জানুৱাৰীত মেঘালয়ক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্রদান কৰে। পূৰ্ণ ৰাজ্য মর্যাদা লাভ কৰা ২১ জানুৱাৰী দিনটোকে ‘মেঘালয় দিৱস’ হিচাপে পালন কৰি আহিছে। খাচীয়া পাহাৰৰ সৌন্দৰ্যৰ লগত স্কটলেণ্ডৰ ‘থাইলেণ্ড’ৰ সৌন্দৰ্যৰ সাদৃশ্য লক্ষ্য কৰি বিদেশী পর্যটকসকলে শ্বিলঙক ‘প্ৰাচ্যৰ স্কটলেণ্ড’ আখ্যা দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *