May 17, 2022

Mamoni Raisom Goswami Biography in Assamese | জ্ঞানপীঠ বঁটা বিজয়িনী ড° মামণি ৰয়ছম গােস্বামী

Mamoni Raisom Goswami Biography in Assamese

ড° মামণি ৰয়ছম গােস্বামীৰ জীৱনী Mamoni Raisom Goswami Biography in Assamese

অসমী জীয়ৰী বিশ্ববন্দিতা মহীয়সীনাৰী ড’ মামণি ৰয়ছম গােস্বামীয়ে সাধাৰণ এডােখৰনদীপৰীয়া ঠাইত জন্মগ্রহণ কৰি বিশ্ব দৰবাৰত পদধ্বনি তুলি মানৱক স্ব-প্রতিভাৰ দ্বাৰা উদ্ভাষিত হৈ উঠা আভাৰে জ্ঞানৰ তম্বু তৰি অসম দেশক আন এক ব্যতিক্রমী বিতােপন ৰহণেৰে ৰহণীয়া কৰিলে। বিশ্বত তাৰ চমকণি উঠিল।

Mamoni Raisom Goswami Biography in Assamese
জন্মইন্দিৰা গোস্বামী
১৪ নৱেম্বৰ, ১৯৪২
গুৱাহাটী, অসম
মৃত্যু২৯ নৱেম্বৰ, ২০১১ (৬৯ বছৰ)
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী, অসম, ভাৰত
পেচালেখক, সম্পাদক, কবি, অধ্যাপিকা আৰু সমাজকৰ্মী
ৰাষ্ট্ৰীয়তাভাৰতীয়
সময়১৯৪২-২০১১
ধৰণঅসমীয়া সাহিত্য
উল্লেখনীয় কৰ্মৰাজিদঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
চিন্নমস্তাৰ মানুহটো
-তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা
দাম্পত্যসংগীমাধবেন ৰয়ছম আয়েংগাৰ (প্ৰয়াত)

জন্ম

১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে মামণি বাইদেৱে কামৰূপ জিলাৰ জগলীয়ানদীৰ পাৰত অর্থাৎ জগলিয়াত জন্ম গ্রহণ কৰে। পিতৃ উমাকান্ত গােস্বামী আৰু মাতৃ অম্বিকা দেৱীৰ সুযােগ্য জীয়ৰী মামণি বাইদেউ যেন আহিছিল এই পৃথিৱীৰ ছন্দ পর্যবেক্ষণ কৰি উৎকৃষ্ট সাৰভাগ নিৰূপণ কৰিবলৈ। কিন্তু সেয়া যেন অপূৰ্ণ হৈৰ’ল। আধা লেখা দস্তাবেজ হৈৰ’ল। তেওঁৰ প্রকৃত নাম আছিল ইন্দিৰা গােস্বামী।

শিক্ষা

ব্যতিক্রমী চিন্তাধাৰাৰ গৰাকিনী, শৃংখলিত কার্যক্রমণিকাৰে ভাষাতত্বৰ অত্যুৎসাহীমহীয়সী মামণি বাইদেৱে ১৯৫৪ চনত গুৱাহাটীৰ লতাশিল প্রাইমেৰী বিদ্যালয়ত প্রাথমিক শিক্ষা আৰম্ভ কৰে।পিছত শ্বিলঙৰ পাইন মাউন্ট স্কুলত প্রাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰি গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয় আৰু ১৯৬০ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। ইয়াৰ দুবছৰৰ পিছত অর্থাৎ ১৯৬৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৭৩ চনত মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়ন’শীর্ষক বিষয়ত পি,এইচ,ডি ডিগ্রী লাভ কৰে।

বিবাহ আৰু কৰ্মজীৱন

মামণি বাইদেউ ১৯৬৫ চনত মাধৱেন ৰয়ছম আয়েংগাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। কিন্তু দুর্ভাগ্যবশতঃ এক মটৰ দুৰ্ঘটনাত ১৯৬৭ চনত মাধৱেনৰয়ছমৰমৃত্যু হয়।ইয়াৰ পিছৰপৰা মামণি বাইদেউৰ চকুৰ নিদ্রা হৰিল। লগত টোপনিৰ বড়ি লৈ দিন কটাবলগীয়া হ’ল।একুৰা দপদপীয়া জুইবুকুত বান্ধি মামণি বাইদেউ জীৱনৰ বাটেদি বাট বুলি থাকি ১৯৬৮ চনত গােৱালপাৰা সৈনিক স্কুলত শিক্ষয়িত্রী হিচাপে যােগদান কৰে।ইয়াৰ এবছৰৰ পিছত ১৯৬৯ চনতবৃন্দাবনৰ ইনষ্টিটিউট অৱ অৰিয়েন্টেল ফিল’ছফিত উপেন্দ্রনাৰায়ণ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰে। ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা সাহিত্য অধ্যয়ন বিভাগত তেওঁ অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যােগদান কৰে। ১৯৯৮ চনত সাহিত্য সম্পর্কীয় আলােচনা চক্ৰত সঞ্চালিকা হিচাপে ভাগ ল’বলৈ স্পেইনলৈ যাত্ৰা কৰে।

সাহিত্যিক প্রতিভা আৰু অবদান

সাহিত্যিক প্রতিভাৰ সাক্ষ্য বহন কৰে তেওঁৰ প্রথম প্রকাশিত গল্প সংকলন ‘চিনাকি মৰম’-১৯৬২, হৃদয় এক নদীৰনাম’-১৯৬০, কইনা’-১৯৬৬ আৰু ১৯৭২ চনত প্রকাশিত প্রথম উপন্যাস চেনাবৰ স্রোত’ আদিয়ে। ১৯৮০ চনত ‘মামৰে ধৰা তৰােৱাল আৰু দুখন উপন্যাস নামৰ তিনিখন উপন্যাসৰ সংকলন আৰু ক্ৰমে নীলকণ্ঠীব্রজ’১৯৭৬, অহিৰণ ১৯৮০, ‘তাল হাতীৰ উৱে খােৱা হাওদা’ ১৯৮৮,

সংস্কাৰ, উদয়ভানুৰ চৰিত্র ইত্যাদি’ ১৯৯৮, ‘দাসৰথীৰ খােজ’১৯৯৯, ‘ছিন্নমস্তাৰ মানুহটো’২০০১, আদি গ্রন্থতেই মামণি বাইদেউৰ সাহিত্যিক প্রতিভাৰ পৰিচয় পােৱা যায় আৰু এয়া অসমীয়া সাহিত্য কোষলৈ বিশেষ অৱদান। তদুপৰি আত্মজীৱনীমূলক ‘আধা লেখা দস্তাবেজ ১৯৮৮, জীৱনীঃমহীয়সী কমলা’ ১৯৯৫, অনুদিত গ্রন্থ ও প্রেমচন্দৰ চুটি গল্প ১৯৭৫, ‘আধাঘণ্টা সময়’, ১৯৭৮, ‘জাতক কথা’ ১৯৯৬, কলম’১৯৯৬, “আহ্নিক’ ২০০০ আৰুইংৰাজী Ramayana from Gangato Vrahmaputra ১৯৯৬, সম্পাদনাঃ‘এৰি অহা দিনবােৰ’(মলয়া খাউণ্ডৰ সৈতে) ১৯৯৩ আৰুইণ্ডিয়ান Floklore আদিবােৰে অনাগতজনৰ সৈতে কৰি দিব মামণি বাইদেউক।

বঁটা, সন্মান

তেওঁৰ আদৰ্শত অনুপ্রাণিত হবশত কোটি মানৱ। তেওঁৰ অৱদান হৈ’ব বিশ্ব সাহিত্য জগতৰ এক উল্লেখনীয় চানেকি। ড’ মামণি বাইদেৱে ১৯৭৪ চনত দিল্লীৰ মানস চতুষ্পদীসমিত্ৰি দ্বাৰা মাধৱকলিৰ অসমীয়া ৰামায়ণ আৰুতুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়নৰ বাবে সন্মান লাভ কৰে। মামৰে ধৰা তৰােৱাল আৰু দুখন উপন্যাস’নামৰ তিনিখন উপন্যাসৰ সংকলনখনৰ বাবে সাহিত্য একাডেমী বঁটা লভে ১৯৮২ চনত আৰু সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰইত্যাদি নামৰ তিনিখন উপন্যাসৰসংকলনখনৰ বাবে ভাৰত নির্মাতা বঁটা লাভ কৰে ১৯৮৯ চনত।তদুপৰি ১৯৯২ চনত লক্ষৌৰ উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ পৰা সৌহার্দ্য বঁটা, ১৯৯৬ চনত সাহিত্যক্ষেত্ৰৰ জীৱন জোৰা কৃতিৰ বাবেকমলকুমাৰী ফাউণ্ডেশ্যনে আগবঢ়োৱা আয়ােজন কৰা তুলসী দাস আৰু তেওঁৰ সাহিত্য কর্মশীৰ্ষক সন্মিলনত আন্তর্জাতিক তুলসীবঁটা’, ২০০১ চনত ভাৰতৰসৰ্বোচ্চসাহিত্য বঁটা জ্ঞানপীঠ বঁটা, ২০০২ চনত ভাৰত চৰকাৰৰ পদ্মশ্রী সম্মান প্রত্যাখ্যান আৰু পশ্চিমবংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডি.লিট উপাধিৰ লগতে অসমৰ আহােম সভাৰ মহীয়সী ‘জয়মতীবটা, ২০০৬ চনত কোৰিয়াৰ ইণ্টাৰনেশ্যনেল ফেদাৰেশ্যন ফৰৱর্ল্ড গীচ’ৰ দ্বাৰা এম্বেচাদৰ অব পীচ অর্থাৎ শান্তিৰ ৰাষ্ট্রদূত বটা ঘােষণা, ২০০৮ চনত কলকাতাৰ এছিয়াটিক ছ’চাইটিৰ পৰা ঈশ্বৰচন্দ্র বিদ্যাসাগৰ স্বর্ণপদক সন্মান, ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰফেছাৰ অৱ এমেৰিটাছ’সন্মান আৰু ২০১১ চনত অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম ৰত্ন’বঁটাৰ লগতেকলকাতাৰ পৰা বটবৃক্ষ’সন্মান বুটলি মামণি বাইদেৱে নিজৰ লগতে অসমলৈ সুকীয়া এক মহান গৌৰৱ কঢ়িয়াইআনিলে।

সামৰণি

মামণি বাইদেৱে ১৯৭৬ চনত জাপান আৰু দক্ষিণ পূর্ব এছিয়া ভ্রমণ কৰে। তেওঁ এখনি অসমীয়া কথাছবিত অভিনয়য়া কৰিছিল। মামণি বাইদেউ প্রকৃততে এগৰাকী উদ্যমী ব্যক্তি আৰু তেওঁ আছিল এগৰাকীমনে-প্রাণে উদাৰ হৃদয়ৰ কৰুণাময়ীনাৰী, আনহাতে সাহিত্যিক হিচাপে তেওঁ যি কৰ্মৰ নিদর্শন দি থৈ গ’ল সেয়া হ’ল টান অর্থাৎ মজবুত। এই মজবুত কর্মসাধকগৰাকীৰ অন্তৰেৰে কোমলতা নিঃসৃত হয় দুর্দশাগ্রস্ত, নিপীড়িত, দুখীয়া-নীচলা অর্থাৎ অসহায় মানুহক লৈ আৰু অসহায় মানুহৰ তেজ শুহি খােৱা অমানুহৰ প্রতি কঠোৰ হৈলিখা লিখনিবােৰত।ইয়াৰ উপৰিও অসমত বিচ্ছিন্নতাবাদী সংগ্রাম উত্তপ্তলাভাইযেতিয়াপৰিৱেশপুতি পেলাইছিল,মানুহৰ মাজতহিংসা-প্রতিহিংসাৰ জুই জ্বলি উঠিছিল আৰু সেই জুইত বহুজন অসমীয়াই প্রাণাহুতি দিছিল ভৱিষ্যতৰ ৰঙীণ সপােনকো আওকাণ কৰিজুইত দগ্ধ হৈছিল বহু মাতৃৰ হৃদয়, আৰু শুদা হৈছিল বহু পিতৃৰ বুকু। এইভয়াবহ পৰিস্থিতি দেখি মামণি বাইদেৱেকান্দি উঠিছিল আৰু অসমৰ বুকুত চলা হিংসা-প্রতিহিংসাৰৰক্তপাতৰ আলমত এখনি উপন্যাসৰচনাৰ পৰিকল্পনা কৰি তাৰ সমলবিচাৰি সিদ্ধান্তল’লে যে স্থায়ী এক সমাধানৰ অরিহনে এই প্রতিহিংসাৰ জুই প্রশমিত নহ’ব। গতিকে ২০০৫ চনত তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ আলফা চৰকাৰৰ আলােচনাৰ প্ৰস্তাৱ আগবঢ়ায়।ইফালে জেৰাই’নামৰ এখনি সুখপাঠ্য অনুপম গ্ৰন্থৰ আলমত পৰেশ বৰুৱা-অৰবিন্দ ৰাজখােৱাকো আলােচনাৰ বাবে সৈমান কৰাইছিল। কিন্তু সেই কর্মপ্রচেষ্টা চলাই থাকোতেই মামণি বাইদেউক নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে। তেওঁৰ কৰিবলগীয়া বহু কাম আধৰুৱা হৈ ৰ’ল। মনৰ হাবিয়াস অপূৰ্ণ হৈৰ’ল। দেশখনৰাে শান্তিৰ সেন্দুৰীয়া আলি বন্ধাত ক্ষতি পৰিল। বহুদিন ধৰি মৃত্যুৰ সৈতে যুঁজ দি থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২০১১ ৰ ২৯ নৱেম্বৰৰ পুৱা ৭-৪৫ বজাত ৭০ বছৰ পৰমায়ু পূৰ কৰি ইহসংসাৰৰ পৰা মেলানি মাগিলে। তেওঁৰ মৃত্যুত দেশৰ অপূৰণীয় ক্ষতি হ’ল।

Leave a Reply

Your email address will not be published.