July 27, 2024

মাজুলী | Majuli Island: A Natural Wonder of India

ভাৰতবৰ্ষৰ প্ৰথমখন নদীদ্বীপ মাজুলী Majuli island

নিমাতী ঘাটৰ পৰা মাজুলীৰ বিভিন্ন ঘাটলৈ ব্ৰহ্মপুত্র নদীৰ বুকুৱেদি ফেৰীৰে যাত্রা।

১৯৭৯ চনৰ ২৬ জানুৱাৰী তাৰিখে বিশ্বৰ বৃহত্তম জনবসতিপূর্ণ নদীদ্বীপ মাজুলীক (majuli island) যােৰহাট জিলাৰ মহকুমা হিচাপে ঘােষণা কৰা হৈছিল। মহকুমা ঘােষণা কৰাৰ ৩৭ বছৰ পাছত, অর্থাৎ ২০১৬ চনৰ ২৭ জুন তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্রী শ্ৰীযুত সর্বানন্দ সােণােৱাল দেৱৰ মন্ত্রীসভাৰ প্ৰথমখন কেবিনেটত সত্ৰীয়া-সংস্কৃতিৰ পীঠস্থান মাজুলীক অসমৰ ৩৫সংখ্যক জিলা হিচাপে ঘােষণা কৰা হয়। উল্লেখ্য যে সর্বানন্দ সোেণাৱাল ডাঙৰীয়া মাজুলী বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভা নির্বাচনত জয়ী হৈ বিজেপি মিত্রজোট চৰকাৰৰ প্ৰথমজন মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ বিধানসভা নির্বাচনত সমষ্টিটোৰ পৰা প্রতিদ্বন্দ্বিতা কৰাৰ সময়ত মাজুলীক জিলা হিচাপে ঘােষণা কৰাৰ নির্বাচনী প্রতিশ্রুতি দিছিল।

জিলা হিচাপে ঘােষণা কৰাৰ পাছত ২০১৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে বিশ্ববৰেণ্য সংগীতশিল্পী ড° ভূপেন হাজৰিকাদেৱৰ জন্মদিনৰ দিনা তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল ডাঙৰীয়াই সত্ৰনগৰী মাজুলী জিলাক প্রশাসনিক জিলা হিচাপে উদ্বোধন কৰে। এই উপলক্ষে পােনপ্ৰথমবাৰৰ বাবে নদীদ্বীপ মাজুলীত সােণােৱাল মন্ত্রীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়।

বর্তমান মাজুলী জিলাৰ সদৰ ঠাই হৈছে গড়মূৰ | মাজুলী জিলাৰ প্ৰথমজন উপায়ুক্ত হিচাপে পল্লভ গােপাল ঝা ডাঙৰীয়াই কার্যভাৰ গ্ৰহণ কৰে।

চাৰিসীমা ঃ

মাজুলীৰ উত্তৰে লুইত আৰু পূব, পশ্চিম আৰু দক্ষিণ দিশে ব্ৰহ্মপুত্র নদীয়ে আগুৰি আছে। ইয়াৰ পূবত শিৱসাগৰ জিলা, উত্তৰে লখিমপুৰ জিলা, দক্ষিণত যােৰহাট চহৰ আৰু দক্ষিণ পশ্চিমাংশত গােলাঘাট জিলা আছে।

ইতিহাস : history of majuli island

মাজুলীৰ সৃষ্টি সম্বন্ধে সঠিক তথ্য পােৱা নাযায় যদিও দিহিং আৰু ব্রহ্মপুত্র নদীৰ গতি সলনি হােৱাৰ ফলত এই নদীদ্বীপটো সৃষ্টি হােৱা বুলি এটা মত আছে। প্রথম অৱস্থাত মাজুলী এক ঠেক দীঘল ভূখণ্ড আছিল।

প্রথম অৱস্থাত মাজুলীৰ উত্তৰত আছিল ব্রহ্মপুত্র নদী আৰু দক্ষিণত আছিল বুঢ়ীদিহিং নদী। ইতিহাস আৰু লােকসাহিত্যত উল্লেখ কৰা অনুসৰি ১৬৬১-১৬৯৬ৰ সময়ছােৱাত হােৱা বহুকেইটা ভূমিকম্প আৰু ১৭৫০ চনত ১৫ দিন জুৰি হােৱা প্রলয়ংকাৰী বানত ব্রহ্মপুত্র দুটি পুঁতিত বিভক্ত হৈ পৰে। ইয়াৰে এটা সুতি ব্ৰহ্মপুত্ৰৰ মূলপথেৰে আৰু আনটো বুঢ়ীদিহিং নদীৰ পুঁতিৰে বৈ যাব ধৰে আৰু এনেদৰেই মাজুলীৰ উৎপত্তি হয়। এই প্রাকৃতিক পৰিৱৰ্তনৰ সময়ছােৱাত মূল বুঢ়ীদিহিং নদীখন মূল পুঁতিৰ পৰা ১৯০ কিলােমিটাৰ আঁতৰেৰে বব আৰম্ভ কৰে আৰু মূল পুঁতিটো বুঢ়ীসুতি নামে জনাজাত হয়। মাজুলীৰ উত্তৰ পাৰৰ ব্ৰহ্মপুত্র নদীখন লুইত নামে জনা যায়।

মাজুলীত চুতীয়াসকলৰ ৰাজত্বৰ সময়ৰপৰা জনবসতি আছিল বুলি জনা যায়। এসময়ত মাজুলী আছিল প্রাচীন চুতীয়া ৰাজ্যৰ ৰজা ৰত্নধ্বজ পালৰ ৰাজধানী। বর্তমান মাজুলীত কলিতা, ব্রাহ্মণ, কোচ-ৰাজবংশী, কৈৱৰ্ত, মিচিং, আহােম, কছাৰী, দেউৰী, সােণােৱাল কছাৰী আদি প্রায় সকলাে জাতিউপজাতিৰ লােক আছে।

মাজুলী হ’ল পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। এই নদীদ্বীপ অসমৰ ব্ৰহ্মপুত্র নদীৰ মাজত অৱস্থিত। মাজুলী কেৱল নদীদ্বীপ হিচাপেই বিখ্যাত নহয়, ই रे অসমৰ বৈষ্ণৱ সংস্কৃতিৰ প্রাণকেন্দ্রস্বৰূপ। মুখ্যতঃ এই বৃহৎ নদীদ্বীপটোৰ সত্ৰীয়া সংস্কৃতি আৰু ইয়াৰ বিনন্দীয়া প্রাকৃতিক শােভাই বহু দেশী-বিদেশী পর্যটকক মাজুলী ভ্ৰমণৰ প্রতি উৎসুক কৰি তােলে। শেহতীয়াভাৱে মাজুলীৰ পর্যটন উদ্যোগ ক্রমান্বয়ে জনপ্রিয় হ’বলৈ ধৰিছে।

মাটিকালি, জনসংখ্যা, প্রধান ঠাই, উন্নয়ন খণ্ড ইত্যাদি-

মাজুলী নামটোৰ অৰ্থ হ’ল দুখন সমান্তৰালভাৱে বৈ যােৱা নদীৰ মাজৰ ভূখণ্ড (নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ)। ১৮৫৩ চনৰ জে এইচ মিলৰ ৰিপৰ্টৰ্মতে, সেই সময়ত মাজুলীৰ মুঠ মাটিকালি আছিল ২,৮২,১৬৫ একৰ। ১৯৫০ চনত মাজুলীৰ মাটিকালি আছিল ১,২৪৬ বর্গ কিলােমিটাৰ। কিন্তু প্রতিবছৰে হৈ থকা গৰাখহনীয়াই মাজুলীৰ মাটিকালি দ্রুত গতিত হ্রাস হৈ আহিছে। বর্তমান মাজুলীৰ মাটিকালি ৪৮০ বর্গকিলােমিটাৰ। ২০১১ চনৰ লােকপিয়লমতে মাজুলীৰ মুঠ জনসংখ্যা ১৬৭,২৪৫ জন।

জিলা হিচাপে ঘােষণা কৰাৰ আগলৈকে মাজুলী, যােৰহাট জিলাৰ অন্তর্গত আছিল। জিলাখনৰ প্ৰধান ঠাইসমূহ হ’ল— কমলাবাৰী, গড়মুৰ, বনগাঁও, ফুলনি, জেংৰাইমুখ, দক্ষিণপাট ইত্যাদি। নতুনকৈ গঠন হােৱা মাজুলী

  • মাজুলীক পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হিচাপে গনিজ বুক অৱ ৱর্ল্ড ৰেকৰ্ডছেস্বীকৃতি প্রদান কৰিছে।
  • তদুপৰি মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্রদানৰ বাবে ভাৰত চৰকাৰে ইউনেস্ক লৈ মনােনয়ন পত্র প্ৰেৰণ কৰিছে।
  • বিশিষ্ট পৰিৱেশকর্মী যাদৱ পায়েঙে মাজুলীৰ গৰাখহনীয়া প্ৰতিৰােধৰ বাবে ৫৫০ হেক্টৰ মাটিত মােলাইঅৰণ্য নাম দি অসংখ্য গছপুলি ৰােপণ কৰিছে।

জিলাত থকা একমাত্র ৰাজহ চক্ৰটো হৈছে মাজুলী ৰাজহ চক্র। উন্নয়ন খণ্ডকেইটা হৈছে ৷ মাজুলী উন্নয়ন খণ্ড আৰু উজনি মাজুলী উন্নয়ন খণ্ড। মাজুলী জিলাত ৩টা মৌজা, ৩ খন আৰক্ষী থানা আৰু এটা আৰক্ষী চকী আছে। জিলাখনত থকা বিধানসভা সমষ্টিটো হৈছে ৷ মাজুলী আৰু এই সমষ্টিটো লক্ষীমপুৰ লােকসভা সমষ্টিৰ অন্তৰ্গত।

অর্থনীতি –

মাজুলীৰ অর্থনীতি প্রধানতঃ কৃষি নির্ভৰশীল। কোনাে ধৰণৰ ৰাসায়নিক সাৰ প্রয়ােগ নকৰাকৈ উৎপাদন কৰা শতাধিক ভিন্ন প্রজাতিৰ ধানেৰে মাজুলী এক ঐশ্বর্যশালী আৰু বৈচিত্রময় কৃষি সংস্কৃতিৰ ভঁৰাল। মাজুলীত উৎপাদন হােৱা বিভিন্ন ধানৰ প্রজাতি, মৎসপালন, দুগ্ধ উৎপাদন, মৃৎশিল্প, হস্ততাত, নাও শিল্প আদি মাজুলীবাসীৰ অন্যান্য অর্থনীতিক কর্ম। হস্ততাঁত, গাঁও অঞ্চলৰ লােকৰ বাবে অন্যতম জীৱিকাৰ উপায়। মুগাকে ধৰি বিভিন্ন ৰেচম তথা বিভিন্ন ৰঙীন কপাহী সূতাৰে বােৱা বস্তুৰে হস্ততাঁত মাজুলীৰ এক বৃহৎ জনউদ্যোগ। মাজুলীৰ অধিবাসীসকল প্রধানকৈ নাও বােৱাত অত্যন্ত পাকৈত। মাজুলীৰ শালমৰা আৰু চিনাতলী অঞ্চলত মৃৎশিল্প উদ্যোগে বহু প্রত্যাহ্বানৰ মাজতাে এতিয়াও ঠন ধৰি আছে।

শিক্ষা-

মাজুলী জিলা আধুনিক শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। জিলাখনত কেইবাখনাে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে কেইবাখনাে বেচৰকাৰী শিক্ষানুষ্ঠান আছে। তাৰে ভিতৰত মহাবিদ্যালয়সমূহ হ’ল- মাজুলী

মাজুলীৰ শালমৰা, চিনাতলি, দক্ষিণপাট অঞ্চলৰ মৃৎশিল্প।

উত্তৰ মহাবিদ্যালয়, গড়মূৰ মহাবিদ্যালয়, জেংৰাইমুখ মহাবিদ্যালয়, উজনি মাজুলী খেকটিয়া মহাবিদ্যালয়, ৰঙাচাহী মহাবিদ্যালয়, পূব মাজুলী মহাবিদ্যালয় ইত্যাদি। আন কেইখনমান জুনিয়ৰ কলেজ হৈছেঃ নামনি মাজুলী জুনিয়ৰ কলেজ, পিতাম্বৰ দেৱ গােস্বামী কলেজ, মাজুলী জনজাতি জুনিয়ৰ কলেজ, মাজুলী জনজাতি জুনিয়ৰ কলেজ, আইলেণ্ড একাডেমী, এক’লেণ্ড একাডেমী আদি। আন আন বিদ্যালয়সমূহহ’ল এন এচ গ্রীনউড স্কুল, বিৱেকানন্দ কেন্দ্রীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, জোনাকী জাতীয় বিদ্যালয় ইত্যাদি। কম্পিউটাৰ শিক্ষাৰ প্ৰসাৰৰ বাবেই মাজুলীত কেইবাটাও কম্পিউটাৰ প্রশিক্ষণ কেন্দ্র গঢ় লৈ উঠিছে। যেনেঃ ইনষ্টিটিউট অৱ কম্পিউটাৰ এডুকেশন (বনগাঁও), চিইচি (গড়মূৰ), এপিটম (কমলাবাৰী), থার্ড আই (বনগাঁও) ইত্যাদি।

মাজুলীৰ সূর্যাস্তৰ এটি দৃশ্য

পর্যটকক আকৰ্ষণ কৰা সমলসমূহ ঃ

  • মাজুলীৰ সত্ৰসমূহ ঃ আউনীআটি সত্র, গড়মূৰ সত্ৰ, দক্ষিণপাট সত্ৰ, বেঙেনাআটি সত্ৰ, ভােগপুৰ সত্ৰ, চামগুৰি সত্ৰ ইত্যাদি।
  • মাজুলীৰ প্ৰাকৃতিক পৰিৱেশ, সূর্যাস্ত আদি।
  • মাজুলীৰ বৈচিত্র্যময় জনগাঁথনি, খাদ্যাভ্যাস, আচাৰ-ব্যৱহাৰ ইত্যাদি।
  • সত্ৰসমূহত থকা বাঁহ-বেতৰ মুখা শিল্প।
  • মাজুলীৰ শালমৰা, চিনাতলি অঞ্চলৰ মৃৎশিল্প, নাও শিল্প ইত্যাদি।
  • উৎসৱঃ ৰাসলীলা, ভাওনা, পালনাম, আলি আই নৃগাং, মাজুলী উৎসৱ। * পক্ষী নিৰীক্ষণ ও পৰিভ্ৰমী চৰাই। ঃ
  • নিমাতীঘাটৰ পৰা মাজুলীৰ বিভিন্ন ঘাটলৈ ব্ৰহ্মপুত্র নদীত ফেৰীৰে ভ্রমণ।

মাজুলীৰ সত্ৰসমূহ ঃ

সত্ৰবিলাকৰ উপস্থিতি আৰু এইবােৰৰ জৰিয়তে দীর্ঘদিন ধৰি এটা সাংস্কৃতিক পৰিৱেশ বিৰাজমান হৈ থকা হেতু মাজুলীক সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম আৰু সংস্কৃতিৰ প্ৰচাৰৰ বাবে ইয়াত উপস্থিত হৈ প্রথমে ধুৱাহাট বা বেলগুৰি সত্ৰ প্রতিষ্ঠা কৰিছিল বুলি জনা যায়। উল্লেখযােগ্য যে এই বেলগুৰি সত্ৰতে ১৫২২ চনত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাৎ হৈছিল। শংকৰ-মাধৱৰ এই মিলনক অসমীয়া সাহিত্যত ‘মণিকাঞ্চন সংযােগ’ আখ্যা দিয়া হৈছে।

মাজুলীত পূর্বতে ৬৪খনৰাে অধিক সত্ৰ আছিল যদিও বর্তমান ইয়াত ৩৪খনমানহে স্বীকৃত সত্র আছে। বর্তমান মাজুলীত থকা মূল সত্ৰকেইখন হ’ল—দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, আউনীআটি সত্ৰ, কমলাবাৰী সত্ৰ, বেঙেনাআটি সত্র, চামগুৰি সত্ৰ, বিহিমপুৰ সত্ৰ আদি। এই সত্ৰসমূহত সত্ৰীয়া

মাজুলীৰ সত্ৰসমূহত চর্চা কৰা সত্ৰীয়া নৃত্যৰ এটি ভংগিমা

সংস্কৃতিৰ নিয়মিত চর্চা হয়। প্রাচীন অসমৰ সাঁচিপাতৰ পুথি, আ-অলংকাৰ, কাঠৰ মূর্তি, সিংহাসন, শৰাই আদি বহু আপুৰুগীয়া সম্পদ মাজুলীৰ বিভিন্ন সত্ৰত সংৰক্ষিত হৈ আছে।

আউনীআটী সত্ৰ – বিভিন্ন পুৰণি শিল্প, পাত্র, অলংকাৰ, হস্তশিল্প আদিৰ ত থা পালনাম আৰু অপ্সৰা নৃত্যৰ প্রাণকেন্দ্র আউনীআটী সত্ৰ। এই সত্র প্রতিষ্ঠা কৰিছিল নিৰঞ্জন, পাঠকদেৱে।

দক্ষিণপাট সত্ৰ ঃ মহাপুৰুষ শ্ৰীশ্ৰীযাদৱৰাইৰ উপাসনাস্থলী দক্ষিণপাট সত্র ১৫৮৪ চনত সত্ৰাধিকাৰ শ্ৰীশ্ৰীবনমালীদেৱে প্রতিষ্ঠা কৰে। এই সত্ৰত বিশেষকৈ বৰগীত, মাটি আখৰা, সূত্ৰধাৰ, ওজাপালি, সত্ৰীয়া নৃত্য, দশাৱতাৰ নৃত্য, অপ্সৰা নৃত্য আদি চর্চা কৰা হয়। ৰাস মহােৎসৱ উলহ-মালহেৰে পালন কৰা হয়। গড়মূৰ সত্ৰ ঃ লক্ষ্মীকান্ত দেৱে এইখন সত্র প্রতিষ্ঠা কৰে। শৰৎ ঋতুৰ অন্তিম ভাগত ইয়াত ৰাস উৎসৱ অনুষ্ঠিত হয়। এই সত্ৰত সংৰক্ষিত অৱস্থাত বৰটোপ পােৱা যায়।

কমলাবাৰী সত্ৰ ঃ কলা-সংস্কৃতি, সাহিত্য আৰু ধ্রুপদী অধ্যয়নৰ কেন্দ্র কমলাবাৰী সত্ৰ স্থাপন কৰিছিল বেদুলাপদ্ম আতাই। এই সত্ৰৰে অন্যতম শাখা উত্তৰ কমলাবাৰী সত্ৰই দেশ-বিদেশত সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠান পৰিৱেশন কৰি আহিছে। কমলাবাৰী সত্ৰৰ নাও শিল্প পর্যটকৰ বিশেষ আকর্ষণ।

বেঙেনাআটী সত্ৰ ঃ পৰিৱেশ্য কলা আৰু সংস্কৃতিৰ কেন্দ্ৰ বেঙেনাআটী সত্ৰ শংকৰদেৱৰ মাহীমাকৰ নাতি মুৰাৰীদেৱে প্রতিষ্ঠা কৰিছিল। আহােম স্বৰ্গদেউ গদাধৰ সিংহৰ সােণৰ ৰাজকীয় বস্ত্র তথা ৰাজকীয় সােণৰ ছাতি এইসত্ৰত সংৰক্ষিত হৈ আছে।

চামগুৰি সত্ৰ ঃ চামগুৰি সত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত। এই সত্ৰসমূহত শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা বৰগীত, মাটি-আখৰা, সত্ৰীয়া নৃত্য (ঝুমুৰা নৃত্য, চালি নৃত্য, নতুৱা নৃত্য, নন্দী ভৃংগী, সূত্ৰধাৰী, ওজাপালি, অঙ্গ নৃত্য, সত্ৰীয়া কৃষ্ণ নৃত্য আৰু দশাৱতাৰ নৃত্য)ৰ মূল ভঁৰাল।

মাজুলীৰ গাঁওসমূহ ঃ

মাজুলীৰ অধিবাসীসকলৰ অধিকাংশই মূলতঃ জনজাতীয় মূলৰ । জনজাতীয় লােকসকলৰ ভিতৰত প্রায় এক শতিকাৰ আগেয়ে অৰুণাচলৰ পৰা অহা মিচিং, লগতে দেউৰী আৰু সােণােৱাল কছাৰীসকল অন্যতম। তদুপৰি কলিতা, ব্রাহ্মণ, কোচ-ৰাজবংশী, কৈৱৰ্ত, আহােম আদি লােকসকলৰাে অন্যতম বাসভূমি। ইয়াৰ প্ৰচলিত ভাষাসমূহ হ’ল অসমীয়া, মিচিং আৰু দেউৰী। দ্বীপটোত প্রায় ২০০ খন গাঁও আৰু ১,৬৭,২৪৫ (২০১১) জনসংখ্যা আছে। জনবসতিৰ ঘনত্ব প্রতি কিলােমিটাৰত ৩০০ জন।

মাজুলীৰ প্ৰতিখন গাঁৱৰে প্রাণকেন্দ্র হ’ল নামঘৰ। নামঘৰত গাই নাম কীর্তন কৰাৰ উপৰি বিভিন্ন সামাজিক আলােচনা, মেল-মিটিং, ৰাজহুৱা ধনৰ ব্যৱহাৰ আদিৰ বিষয়েও আলােচনা কৰে। মাজুলীৰ বাসিন্দাসকলে বংশানুক্রমে আজিও শংকৰ-মাধৱৰ কালৰ বা পৰৱৰ্তী কালৰ বিভিন্ন হস্তশিল্প, কাৰুশিল্প আদিৰ চর্চা অব্যাহত ৰাখিছে।

প্রতিবছৰে বানপানী হােৱাটো মাজুলীৰ বাবে এটা নিয়মীয়া পৰিঘটনা বুলিব পাৰি। বানপানীয়ে এৰি যােৱা পলসৰপৰা ইয়াৰ মাটিয়ে উৰ্বৰতা গুণ লাভ কৰে যদিও বানপানীৰ লগতে প্রবল গৰাখহনীয়াই মাজুলী আৰু মাজুলীবাসীৰ বাবে অস্তিত্বৰ সংকট নমাই আনিছে।

শেহতীয়াকৈ অসম চৰকাৰে মাজুলীত এখন সাংস্কৃতিক বিশ্ববিদ্যালয়, এটা তাৰকাগৃহ আৰু এটা আয়ুবেদিক গৱেষণা কেন্দ্র স্থাপন কৰাৰ কথা ঘােষণা কৰিছে।

মাজুলীৰ উৎসৱ-পার্বণ –

মাজুলীত জাতিবর্ণ নির্বিশেষে উদযাপিত হােৱা পালনাম, শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা, ভাওনা, ফলুৎসৱ, সামূহিক নাম-কীৰ্তন আদি ইয়াৰ সামাজিকসাংস্কৃতিক জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ। তদুপৰি মিচিং, কছাৰী, দেউৰীসকলৰ উৎসৱ, পূজা-পার্বণ তথা অন্যান্য সাংস্কৃতিক অনুষ্ঠানে মাজুলীত মহাআড়ম্বৰেৰে উদ্যাপিত হয়।

মিচিং জনজাতিসকলৰ এক প্রধান উৎসৱ আলি-আই-শৃগাং মাজুলীত উলহমালহেৰে পালন কৰা হয়।

ৰাস মহােৎসৱ ঃ শাৰদীয়ৰাসপূর্ণিমাত মাজুলীৰ সত্ৰসমূহত অনুষ্ঠিত কৰা ৰাস আৰু মাজুলীৰ বিভিন্ন স্থানত থকা স্থায়ী আৰুঅস্থায়ী মঞ্চসমূহত মঞ্চায়িত কৰা ৰাস মহােৎসৱৰ লগত জাতি, ধর্ম, বর্ণ, সম্প্রদায় নির্বিশেষে সকলাে শ্ৰেণীৰ মানুহে অতি আন্তৰিকতাৰে জড়িত হৈপৰে। দক্ষিণপাট সত্ৰ, আউনীআটী সত্র, গড়মূৰ সত্ৰ, চামগুৰি সত্ৰ, ভােগপুৰ, বিহিমপুৰ, কমলাবাৰী, উত্তৰ কমলাবাৰী আদি সত্ৰসমূহৰ লগতে মাজুলীৰ গাঁৱে-ভূয়ে প্রায় ৬০ খনৰাে অধিক মঞ্চত ৰাসলীলা উদ্যাপন কৰা হয়। তদুপৰি মাজুলীৰ বিভিন্ন প্রান্তত ঠায়ে ঠায়ে ব্যৱসায়িকভিত্তিতে ৰাসােৎসৱ উদ্যাপন কৰা হয়।

পালনাম – শৰৎকালত উদযাপিত এটি মনােৰম সাত্ত্বিক আৰু ধর্মীয় অনুষ্ঠান হ’ল পালনাম। জনসাধাৰণৰ মনত ভক্তিৰ নির্মল অনুভৱেৰে ধর্মীয় ভাবাৱেগ জাগ্রত কৰি তােলাটোৱেই পালনামৰ ঘাই উদ্দেশ্য। এক প্রণালীবদ্ধ ৰীতিৰে পালে পালে এই নাম গােৱা হয় কাৰণে ইয়াক পালনাম আখ্যা দিয়া হৈছে। মাজুলীৰ সত্ৰসমূহত শীতকালত, বিশেষকৈ নৱেম্বৰ মাহত পালনাম উৎসৱ উলহ-মালহেৰে পালন কৰা হয়।

মাজুলী মহােৎসৱঃ মাজুলী মহকুমাৰ সদৰ গড় মূৰৰ পৰা ১.৫ কিলােমিটাৰ আঁতৰত মাজুলী প্রশাসন আৰু সত্ৰসমূহৰ লগতে মাজুলীবাসীৰ সহযােগত চাৰিদিনীয়াকৈ মাজুলী মহােৎসৱ উদযাপন কৰা হয়।

যাতায়াত –

মাজুলীৰ লগত যােগাযােগৰ একমাত্র উপায় হল ফেৰীসেৱা। যােৰহাট চহৰৰ পৰা মাজুলীৰ সদৰলৈ প্রায় ২০ কিলােমিটাৰ। যােৰহাটৰপৰা পৰা নিমাতী ঘাটলৈ বাছ বা টেক্সিৰে আৰু তাৰপৰা মাজুলীলৈ ফেৰীৰে যাত্ৰা কৰিব লাগে। যােৰহাট চহৰৰ পৰা নিমাতী ঘাটলৈ নিয়মিত বাছ, মেজিক, অন্যান্য সৰু গাড়ী চলাচল কৰে। নিমাতী ঘাটৰ পৰা মাজুলীৰ বিভিন্ন ঘাট, যেনে ও কমলাবাৰী, অফলামুখ, শালমৰা, ফুলনি, দক্ষিণপাট, চুমৈমাৰী আদিলৈ দৈনিক ফেৰী চলে। যােৰহাট নগৰৰ পৰা মাজুলীত উপস্থিত হ’বলৈ প্রায় ৩ ঘণ্টা সময়ৰ প্ৰয়ােজন হয়। কমলাবাৰী ঘাটৰ ফেৰীত চাৰিচকীয়া যান-বাহন পাৰ কৰাৰাে সুবিধা আছে।

যােৰহাটেই মাজুলীলৈ যােৱা মুখ্য প্রৱেশ পথ যদিও উত্তৰ দিশৰ পৰা লখিমপুৰ-খাবলু-লুইত ঘাট আৰু ঢকুৱাখনা-জেংৰাইমুখ হৈ আৰু পূব দিশৰ শিৱসাগৰ-দিচাংমুখ ঘাট হৈয়াে মাজুলীলৈ আহিব পাৰি।

বর্তমান গুৱাহাটীৰ পৰা মাজুলীলৈ লখিমপুৰ-ঢকুৱাখনা হৈ পােনপটীয়াকৈ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনৰ লগতে বেচৰকাৰী নৈশ বাছসেৱাৰ প্রচলন আছে। লগতে মাজুলীৰ পৰা লখিমপুৰ জিলালৈ সত্র পৰিক্ৰমা’ নামেৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনৰ বাছসেৱা আৰম্ভ হৈছে। গুৱাহাটীৰ পৰা মাজুলীলৈ দূৰত্ব (যােৰহাট হৈ) প্রায় ৩২০ কিলােমিটাৰ।

  • ইতিমধ্যে ভাৰত চৰকাৰে যােৰহাট-মাজুলীৰ মাজত ব্রহ্মপুত্র নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে।
  • ২৫ তদুপৰি লখিমপুৰ-যােৰহাট সংযােগী ৰাজ্যিক পথটোক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ বাবে লখিমপুৰ জিলাৰ খাবলু আৰু লুইত নদীৰ ওপৰত দলং নিৰ্মাণৰ ব্যৱস্থা কৰিছে।
  • শেহতীয়াকৈ ঢকুৱাখনা হৈনদীদ্বীপটোক ৰে’লপথৰে সংযােগ কৰাৰ বাবে ৰাজ্য চৰকাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেক প্ৰস্তাৱ দাখিল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *