July 26, 2024

Life History of Sarvepalli Radhakrishnan in Assamese

Life History of Sarvepalli Radhakrishnan

Table of Contents

° সৰ্বপল্লী ৰাধাকৃষ্ণন

ভাৰতৰ এজন ৰাষ্ট্ৰপতিৰ বিষয়ে বিশ্বৰ সৰ্বকালৰ এজন বিখ্যাত দার্শনিক বাট্রাণ্ড ৰাছেলে মন্তব্য কৰিছিল , “ ভাৰতেই  হল আধুনিক বিশ্বৰ প্ৰথম আৰু এতিয়ালৈকে একমাত্র দেশ , যাৰ ৰাষ্ট্রপতি পদ শুৱনি কৰিছে এজন প্রখ্যাত দার্শনিকে । আমাৰ সমগ্ৰ ‘ দার্শনিক সম্প্রদায়ৰ বাবে ইহ’ল এক পৰম গৌৰৱৰ বিষয় ! ” ভাৰতৰ সেই ৰাষ্ট্রপতিজন হ’ল সর্বপল্পী ৰাধাকৃষ্ণন । তেওঁ ভাৰতৰ প্ৰথম গৰাকী উপ ৰাষ্ট্রপতি আছিল আৰু ড ° ৰাজেন্দ্র প্রসাদৰ পাছত ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰিছিল । প্রখ্যাত দার্শনিকৰ উপৰি এজন কৃতি শিক্ষক আৰু নির্ভীক কূটনীতিবিদ হিচাপেও তেওঁৰ বিশেষ খ্যাতি আছিল । তেখেতৰ জন্মদিনটোক , ( ৫ ছেপ্তেম্বৰ ) আমাৰ দেশত ‘ শিক্ষক দিৱস হিচাপে পালন কৰা হয় । এটা অতি সাধাৰণ পৰিয়ালত জন্ম গ্রহণ কৰিও তেখেতে পাছত ভাৰতৰ প্ৰশাসনীয় ক্ষেত্ৰৰ সর্বোচ্চ আসনখন শুৱনি কৰিবলৈ সক্ষম হৈছিল । তেখেতৰ এই জীৱন পৰিক্ৰম এখন সুখপাঠ্য উপন্যাসৰ দৰেই মনােৰম আৰু অনুপ্ৰেৰণামূলক ।

You can Read Essay on Sarvepalli Radhakrishnan in Assamese

Table of Contents

ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন

জন্ম আৰু  ল’ৰালিকাল

বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ

মাদ্রাজ খ্ৰীষ্টিয়ান কলেজৰ গুৰুত্বপূর্ণ কালছােৱা ( ১৯০৪-১৯০৮ )

প্রেডিডেন্সী কলেজত কর্ম জীৱনৰ আৰম্ভণি

কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড ° ৰাধাকৃষ্ণন

বিদেশত ভাৰতীয় হিন্দু দর্শনৰ প্ৰচাৰ

অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচার্য  ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন

বর্ণময় কৰ্মজীৱন

স্বাধীনতা লাভৰ পাছত

ছোভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে ৰাধাকৃষ্ণন

স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্রপতি – সর্বপল্লী ৰাধাকৃষ্ণন

বৈদেশিক সম্পর্ক ৰক্ষাৰ দায়িত্বত ৰাধাকৃষ্ণন

উপৰাষ্ট্রপতি হিচাপে দ্বিতীয়টো কার্যকাল

ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি সর্বপল্লী ৰাধাকৃষ্ণন

বর্ণাঢ্য ব্যক্তিত্বৰ মানুহজন

ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন – মহান দার্শনিকজন

সর্বপল্লী ৰাধাকৃষ্ণনৰ দৰ্শনৰ বিষয়ে যৎসামান্য জ্ঞান

জ্ঞানতত্ত্ব ঃ সহজাত ধাৰণা আৰু বিভিন্ন প্রকাৰৰ অভিজ্ঞতা

ৰাধাকৃষ্ণনে লাভ কৰা বিভিন্ন সম্মান

ড ° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দ্বাৰা ৰচিত উল্লেখযােগ্য গ্রন্থসমূহ

ড ° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে কোনে কি কয় ?

জাতীয়তাবাদী ৰাধাকৃষ্ণন

মাদ্রাজত শেষ নিঃশ্বাস

জন্ম আৰু  ল’ৰালিকাল

১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰত এতিয়াৰ তামিলনাডুৰ তিৰুট্টানি নামৰ এখন নগৰত সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হয় । তেতিয়া ভাৰত ব্রিটিছৰ শাসনাধীন আছিল আৰু তিৰুট্টানি ব্রিটিছ ভাৰতৰ এক প্রশাসনিক অঞ্চল মাদ্রাজ প্রেছিডেন্সীৰ অন্তৰ্গত – আছিল । মাদ্ৰাজৰ ( এতিয়াৰ চেন্নাই ) পৰা দক্ষিণ – পশ্চিম দিশত প্রায় ৬৪ কিলােমিটাৰ দূৰত তিৰুটানি অৱস্থিত । বহুতাে মন্দিৰেৰে ভৰপূৰ তিৰুট্টানিক মন্দিৰ নগৰ বুলিয়েই জনা গৈছিল । বহু দূৰৰ পৰা দর্শনপ্রার্থী ভক্তপ্রাণ লােকসকল তিৰুটানিলৈ মন্দিৰ দৰ্শনৰ বাবে আহিছিল । তিৰুট্টানিৰ সেই খ্যাতি.এতিয়াও অক্ষুন্ন আছে ।

সর্বপল্লী ৰাধাকৃষনৰ দেউতাকৰ নাম আছিল সর্বপল্লী বীৰাস্বামী আৰু মাকৰ নাম আছিল সীতাম্মা । বীৰাস্বামী এজন ধনী স্থানীয় ভূস্বামীৰ ৰাজহ সংগ্ৰহ কৰা কর্মচাৰী আছিল । তিৰুট্টানিৰ ধর্মীয় পৰিৱেশে ৰাধাকৃষ্ণণৰ পৰিয়ালকো চুই গৈছিল আৰু তেওঁলােকৰ পৰিয়াল এনেধৰণৰ ধৰ্মীয় কামবােৰৰ লগত জড়িত হৈ আছিল । তেওঁলােক ব্রাহ্মণ হ’লেও সম্ভৱ স্মত ফৈদৰ আছিল । এই ফৈদে পৰম্পৰামতেই শংকৰৰ অদ্বৈতবাদ মতবাদ গ্রহণ কৰিছিল । এই অদ্বৈতবাদ চিন্তাধাৰাই পাছত ৰাধাকৃষ্ণনৰ প্রথম পর্যায়ৰ দার্শনিক চিন্তাধাৰাত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছিল ।

ড ° সৰ্বপল্লী ৰাধাকৃষ্ণল সর্বপল্লী ৰাধাকৃষ্ণন সৰুৰে পৰাই মেধাৱী আৰু ভাবুক প্রকৃতিৰ আছিল । পঢ়াশালিলৈ যােৱাৰ বয়স হােৱাৰ পাছত ৰাধাকৃষ্ণণক তিৰুট্টানিৰ ‘ প্রাইমেৰী বর্ড স্কুলত নাম লগাই দিয়া হ’ল আৰু তাতে তেওঁ প্রাথমিক শিক্ষা গ্রহণ কৰিলে । তাৰ পাছত যেতিয়া অধিক উচ্চ শিক্ষা গ্রহণ বা শিক্ষা সিমানতে সমাপ্ত কৰি লাভজনক পুৰােহিতৰ বৃত্তি বাচি লােৱাৰ মাজত এটা সিদ্ধান্ত ল’বলগীয়া হ’ল , তেতিয়া বীৰাস্বামীয়ে প্ৰথমতে ৰাধাকৃষ্ণনে দ্বিতীয় পছাটোকেই লােৱাটো বিচাৰিলে । মানে পঢ়া – শুনা সিমানতে সামৰি ৰাধাকৃষ্ণল পুৰােহিতেই হওক । তেওঁৰ মনত ৰাখিব পৰা শক্তি যথেষ্ট বেছি বাবে মন্ত্রবােৰ সহজতে মুখস্থ কৰিব পাৰিব , আৰু পুৰােহিত হিচাপে বেছি নামাে কৰিব পাৰিব । উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত আন এটা সমস্যা আছিল যে তেতিয়া ৰাধাকৃষ্ণনে ইংৰাজী পঢ়িব লাগিব আৰু বীৰাস্বামীয়ে সেয়া বিচৰা নাছিল । পাছে ৰাধাকৃষ্ণনে প্রাথমিক বিদ্যালয়তে তেওঁৰ মেধাৰ পৰিচয় এনেদৰে দিছিল যে বহু শুভাকাংক্ষী আৰু শিক্ষাগুৰুৱে বীৰাস্বামীক বুজালে যে তেওঁ ৰাধাকৃষ্ণক পুৰােহিতৰ বৃত্তিলৈ ঠেলি দিয়াৰ সলনি অধিক শিক্ষা দিয়াহে উচিত আৰু এই শিক্ষা যদি ইংৰাজী ভাষাত বা খ্রীষ্টান স্কুলত দিব লাগে , তেন্তে তালৈও বেছি চিন্তা কৰিব নালাগে । ঈশ্বৰক ধন্যবাদ যে বীৰাস্বামীয়ে এই ক্ষেত্ৰত সিমান গােড়া মনােভাব প্রদর্শন নকৰিলে । তেওঁ শুভাকাংক্ষীসকলৰ কথা মানি ল’লে । নহ’লে আমি এজন প্রখ্যাত দার্শনিকৰ ঠাইত এজন অল্পখ্যাত পুৰােহিতহে পালােহেঁতেন । নিজে নৈষ্ঠিক ব্রাহ্মণ হ’লেও পুতেকৰ শিক্ষাৰ ক্ষেত্ৰত অন্তত উদাৰ মনােভাব প্রদর্শন কৰি বীৰাস্বামীয়ে উপযুক্ত শিক্ষা লাভ কৰিবলৈ ১৮৯৬ চনত সর্বপল্লী ৰাধাকৃষক ওচৰৰ তীর্থনগৰী তিরুপতিত অৱস্থিত হাৰমান্সবুর্গ ইভাঞ্জেলিকেল লুথাৰেল মিছ স্কুলত ভৰ্তি কৰি দিয়ে । এই মিছনেৰী স্কুলখনত ৰাধাকৃষ্ণনে চাৰি বছৰ শিক্ষা গ্রহণ কৰিছিল আৰু প্ৰথমবাৰৰ বাবে অহিন্দু মিছনেৰীসকলৰ সান্নিধ্যলৈ আহিছিল । মিছনেৰী স্কুলত তেওঁ খ্রীষ্টান ধৰ্মৰ জ্ঞাননা লাভ কৰিছিল । তেওঁ হিন্দু আৰু খ্রীষ্টান ধৰ্মৰ মূল নীতি আৰু নিয়মসমূহ তেতিয়াই তুলনা কৰি চাইছিল আৰু খ্রীষ্টান ৰীতি – নীতি আৰু ওচৰৰে তিৰুমালা মন্দিৰত চলি থকা হিন্দুধর্মীয় ৰীতি – নীতিবােৰৰ লগত সামঞ্জস্য বিচাৰি পাইছিল । এনে ধৰণৰ চিন্তা আৰু অভিজ্ঞতাই তেওঁৰ মনত গির্জাকেন্দ্রিক খ্রীষ্টান ধর্ম আৰু মন্দিৰকেন্দ্রিক হিন্দু ধৰ্মৰ সম্পৰ্কৰ ক্ষেত্ৰত এক স্পষ্ট ধাৰণাৰ উন্মেষ ঘটাইছিল ।

বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ

১৯০০ চনৰ পৰা ১৯০৪ চনলৈ ৰাধাকৃষ্ণনে ভেলােৰৰ এলিজাবেথ বােডমান ভূৰীছ কলেজত অধ্যয়ন কৰে । আমেৰিকাৰ ৰিফৰ্মৰ্ড গির্জাৰ আৰ্কট মিছনে এই শিক্ষানুষ্ঠানখন পৰিচালনা কৰিছিল । এই মিছনৰ উদ্দেশ্য আছিল ভাৰতত খ্রীষ্টধর্মীয় শিক্ষা প্রদান কৰা , স্থানীয় ভাষাত খ্রীষ্টীয় বচন প্রচাৰ কৰা আৰু ‘ স্লেছ ’ ভাৰতীয় জনগণক সুশিক্ষা দিয়া । পাছত ৰবাৰ্ট মাইনৰ নামৰ এজন লেখকে ফঁহিয়াই দেখুৱাইছিল যে ইয়াতে ৰাধাকৃষ্ণনে ডাচ্ছ সংস্কাৰমূলক ধর্মীয় বিশ্বাসৰ লগত পৰিচিত হৈছিল । এই ন ধর্মমতত বিশ্বাসীসকলে এজন সত্যনিষ্ঠ ভগৱানত বিশ্বাস কৰিছিল আৰু নিঃচর্ত দয়া , স্বার্থহীন কর্ম আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰােপ কৰিছিল । পাছে তেওঁলােকে লগতে হিন্দু ধর্মবিশ্বাসক বৌদ্ধিকভাৱে সংগতিহীন আৰু নৈতিকভাৱে দুর্বল ধর্মীয় মতবাদ বুলি সমালােচনা কৰিছিল । আর্কট মিছনৰ মিছনেৰীসকলে ভাৰতীয় সমাজৰ বাবে হিতজনক কাম কিছুমান কৰিছিল । তেওঁলোেক শিক্ষাৰ প্ৰচাৰ , স্বাস্থ্যৰক্ষা , সামাজিক উন্নতি আদি সজ কামত ব্ৰতী আছিল । তেওঁলােকে আনকি দুর্ভিক্ষ দূৰীকৰণততা সক্রিয় অংশ লৈছিল , চিকিৎসালয় স্থাপন কৰিছিল , আৰু সামাজিক উচ্চ – নীচ অৱস্থান নির্বিশেষে সকলােকে শিক্ষাৰ সুবিধা প্রদান কৰিছিল । অৱশ্যে এই কামবােৰ তেওঁলােকৰ এক দীর্ঘম্যাদী কর্মনীতিৰ ভিতৰুৱা আছিল আৰু মানুহক খ্রীষ্ট ধৰ্মৰ প্রতি আকর্ষিত কৰিবলৈ এক আহিলা হিচাপে এই কামবােৰ কৰি জনমানসত নিজৰ উজ্জ্বল প্রতিচ্ছবি সৃষ্টি কৰিব খুজিছিল । ৰাধাকৃষ্ণনেও বুজি উঠিছিল যে পশ্চিমীয়া লােকসকলে সাধাৰণ ভাৰতীয় জনগণৰ মংগলৰ বাবে কাম কৰিলেও হিন্দু দর্শনক হেয় জ্ঞান কৰে । কিন্তু একে সময়তে তেওঁ এই কথাও লক্ষ্য কৰিছিল খ্রীষ্ট ধর্ম প্রচাৰৰ বাবে হ’লেও মিছনেৰীসকলে ভাৰতীয় সমাজত যথেষ্ট শিক্ষামূলক আৰু ইতিবাচক কাম কৰিছিল , যিবােৰ কাম কিছু সক্ষম হিন্দু লােক বা সংগঠনে কৰা নাছিল ।

একে সময়তে ৰাধাকৃষ্ণনে আন এটা কথাও লক্ষ্য কৰিছিল যে হিন্দু ধৰ্মৰ হৃত গৌৰৱ পুনৰুদ্ধাৰৰ বাবে ভাৰতত কিছু হিন্দু নেতাই প্রচেষ্টা নচলােৱা নহয় । হিন্দু ধর্মীয় মতবাদে যে পুনৰ এক উজ্জীৱিত ৰূপ লৈছে , সেই ধাৰণা তেওঁ কৰিব পাৰিছিল । ভাৰতৰ সংস্কাৰপন্থী নেতা স্বামী বিবেকানন্দৰ প্ৰায় আটাইবােৰ ৰচনা আৰু ভি . ডি . ছাভাৰকাৰৰ ‘ দ্য ফাষ্ট্র ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স ’ আদি গ্ৰন্থৰ দ্বাৰাও ৰাধাকৃষ্ণন অনুপ্রাণিত হৈছিল । তেওঁ ভূৰীছ কলেজত পঢ়ি থকাৰ কিছু বছৰৰ আগতে এনি বেছান্ট নামৰ এগৰাকী আইৰিছ মহিলাই ভাৰতত ‘ দ্য থিয়’ছফিকেল ছচাইটি ’ নামৰ এক ছচাইটি স্থাপন কৰিছিল । সেই ছচাইটিৰ মূল উদ্দেশ্য আছিল পুৰণি ভাৰতীয় ধর্ম – দর্শনক পুনৰুদ্ধাৰ কৰি তাক জনগণৰ মনত পুনৰ প্রতিষ্ঠিত কৰা । প্রথমতে উত্তৰ ভাৰতত আৰম্ভ হলেও এনি বেছান্টৰ ‘ দ্য থিয়’ছফিকেল ছচাইটি ’ পাছত দক্ষিণ ভাৰতলৈকো সম্প্রসাৰিত হৈছিল । এই ছচাইটিৰ সদস্যসকলে ভাৰতৰ পৌৰাণিক জ্ঞানসমূহক যথাস্থানত প্রতিষ্ঠা কৰিব বিচাৰিছিল আৰু লগতে দার্শনিক , আধ্যাত্মিক আৰু বৈজ্ঞানিক মতবাদসমূহৰ ক্ষেত্ৰত পূব আৰু পশ্চিমৰ মাজত এক যােগসূত্র স্থাপন কৰিব খুজিছিল । এনি বেছান্টে ভাৰতৰ স্বাধীনতা । আন্দোলনতে অংশ গ্রহণ কৰিছিল । আন বিদেশীসকলে ভাৰতীয়সকলৰ লগত উদ্দেশ্যধর্মীভাৱে মিলা – মিছা কৰাৰ বিপৰীতে এনি বেছান্টে ভাৰতীয়সকলৰ লগত যে এক আত্মিক সম্পর্ক গঢ়ি তুলিব খুজিছিল সেয়া স্পষ্ট হৈ পৰিছিল । যদিও ৰাধাকৃষ্ণৰ লিখনিসমূহত সেই সময়ৰ থিয়’ছফিষ্টসকলৰ কথা উল্লেখ নাই , তথাপি এয়া প্রায় স্পষ্ট আছিল যে তেওঁ সেইসকলৰ মতবাদৰ লগত পৰিচিত আছিল আৰু তেওঁলােকৰ প্রতি সহমর্মিতাৰ মনােভাব পােষণ কৰিছিল । স্বামী বিবেকানন্দ , ছাভাৰকাৰ আৰু থিয়’ছফিকেল ছচাইটিয়ে ৰাধাকৃষ্ণৰ মনত যে এক সাংস্কৃতিক আত্মবিশ্বাস জগাই তুলিছিল , তাত কোনাে সন্দেহেই নাই । পাছে লগতে এই কথাও স্বীকাৰ কৰিব লাগিব যে ৰাধাকৃষ্ণনে পাছত দর্শন পঢ়িবলৈ সিদ্ধান্ত কৰাৰ ক্ষেত্ৰত এই সাংস্কৃতিক আত্মবিশ্বাসৰ বিশেষ সম্পর্ক নাছিল । তেওঁ আচলতে আইন পঢ়াৰ কথা আছিল । ঘটনাক্রমেহে তেওঁৰ দৰ্শন পঢ়াটো হৈ উঠিল ।

১৯০৪ চনত সর্বপল্লী ৰাধাকৃষ্ণন মাদ্রাজ খ্রীষ্টিয়ান কলেজত ভর্তি হয় । এই কলেজত তেওঁ কিছু বিচিত্র অভিজ্ঞতাৰ সন্মুখীন হয় । তেওঁ যে পাছত নিজৰ ধৰ্মৰ শিক্ষাসমূহৰ দার্শনিক ব্যাখ্যা দিবলৈ আগবাঢ়ি গ’ল , তাত সর্বাধিক অৰিহণা আছিল মাদ্রাজ খ্রীষ্টিয়ান কলেজত তেওঁ লাভ কৰা তেনে অভিজ্ঞতাৰহে ।

মাদ্রাজ খ্রীষ্টিয়ান কলেজত ভর্তি হােৱাৰ আগতেই বাধাকৃষ্ণণৰ জীৱনৰ আন এক গুৰুত্বপূর্ণ ঘটনা ঘটি গৈছিল । ভেলােৰত পঢ়ি থাকোতে ১৯০৪ চনত ১৬ বছৰীয়া ৰাধাকৃষ্ণৰ বিয়া পাতি দিয়া হ’ল । কইনা আছিল শিবকামুআম্মা নামৰ তেওঁলােকৰে এগৰাকী দূৰসম্পর্কীয়া ছােৱালী । ৰাধাকৃষ্ণ – শিবকামুআম্মাৰ পাছত পাঁচজনী ছােৱালী আৰু এটি পুত্রসন্তানৰ জন্ম হৈছিল । তেওঁৰ পুত্ৰ সৰ্বপল্লী গােপাল এজন প্রখ্যাত ইতিহাসবিদ হৈছিল আৰু পাছত দেউতাকৰ এখন তথ্যসমৃদ্ধ জীৱনী লিখিও খ্যাতি অর্জন কৰিছিল ।

মাদ্রাজ খ্ৰীষ্টিয়ান কলেজৰ গুৰুত্বপূর্ণ কালছােৱা ( ১৯০৪-১৯০৮ )

মাদ্রাজ খ্রীষ্টিয়ান কলেজত ভর্তি হােৱাৰ পাছত ৰাধাকৃষ্ণনে প্রথমতে ভৌতিক বিজ্ঞান বিষয়তহে পঢ়া – শুনা কৰিছিল আৰু ১৯০৬ চনত এম . এ . ডিগ্ৰীৰ বাবে যােৱাৰ আগতে তেওঁৰ আগ্রহ আছিল আইন । কিন্তু তেওঁ এম . এ . পঢ়িলে দর্শন বিষয়তহে । তাৰাে অৱশ্যে কাৰণ নথকা নহয় ।

 ৰাধাকৃষ্ণনে দর্শন পঢ়িবই বুলি আগতে কেতিয়াও ধৰি লােৱা নাছিল । ঘটনাক্রমেহে তেওঁৰ এই দর্শন পঢ়াটো হৈ উঠিল । ৰাধাকৃষ্ণৰ ঘৰুৱা অৱস্থা ভাল নাছিল বুলি আমি গম পাইছছাৱেই । সেইবাবে তেওঁৰ আত্মীয় – স্বজন বা শুভাকাংক্ষীসকলে তেওঁলােকৰ পুৰণি কিতাপবােৰ পঢ়িবলৈ দি তেওঁক সহায় কৰিছিল আৰু খৰচৰ পৰা বচাইছিল । তেওঁৰে এজন সম্পর্কীয় ককায়েকে সেই একে কলেজৰ পৰা স্নাতক ডিগ্রী অর্জন কৰাৰ পাছত ৰাধাকৃষ্ণক নিজৰ পুৰণি কিতাপবােৰ দি দিলে । সেইজন আকৌ ঘটনাক্রমে দৰ্শনৰ ছাত্ৰ আছিল । আইন পঢ়িম বুলি ভাবি থকা ৰাধাকৃষ্ণনে সেই দর্শনৰ কিতাপবােৰত এনেয়ে চকু ফুৰাই চালে । পাছে তেওঁ এই বিষয়টো বেছ আকর্ষণীয় যেন পালে আৰু সেই কিতাপসমূহ নিজে ভালদৰে পঢ়ি পেলালে । তাৰ পাছত ৰাধাকৃষ্ণনে সিদ্ধান্ত ল’লে যে তেওঁ আইন নহয় , দর্শনহে পঢ়িব । হয়তাে তেওঁৰ মনত এই ভাববা জাগিব পাৰে যে দর্শন বিষয়টোতাে মনােগ্রাহী হয়েই , তদুপৰি দৰ্শন পাঠ্যক্ৰমৰ কিতাপবােৰাে লগতে আছে যেতিয়া এই বিষয় পঢ়িলে কিছু দিনলৈ অন্ততঃ কিতাপ কিনাৰ বাবদ ধন খৰচ নকৰিলেও হ’ব । অভাৱী ছাত্র হিচাপে এই ধন খৰচৰ কথাটোও তেওঁৰ বাবে প্ৰভাৱী আছিল । বােধহয় এই দুয়াে ভাবৰ সংমিশ্ৰণতে তেওঁ স্নাতকোত্তৰ শ্ৰেণীত দর্শন পঢ়িবলৈ ল’লে । যি কাৰণতে নহওক , সিদ্ধান্তটো খুব ভাল হ’ল । এই দর্শন বিষয়তাে ব্যুৎপত্তি লাভ কৰি পাছত তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ  কৰিলে আৰু ভাৰতীয়সকলক তেওঁক লৈ গৌৰৱ কৰাৰ সুবিধা দিলে । স্নাতকোত্তৰ শ্ৰেণীত আইন বা আন বিষয় পঢ়া হলে বা কি হ’লহেঁতেন ?

মাদ্রাজ খ্রীষ্টিয়ান কলেজত পঢ়ি থকা দিনবােৰত ৰাধাকৃষ্ণনৰ ওপৰত দুটা কথাই প্রভাৱ বিস্তাৰ কৰিছিল । এটা হ’ল যে ইয়াতে ৰাধাকৃষ্ণনে ইউৰােপীয় দর্শনৰ প্রণালীবদ্ধ অধ্যয়নৰ প্রশিক্ষণ লাভ কৰিলে । বার্কলে , লেইবনিজ , লকে , স্পিনােজা , কান্ট , জে এছ মিল , হার্বার্ট স্পেনচাৰ , হেগেল , এৰিষ্টটল , প্লেটো আদিৰ দৰ্শনৰ বিষয়ে ৰাধাকৃষ্ণনে ইয়াতে যথেষ্ট জ্ঞান লাভ কৰিলে । তদুপৰি ৰাধাকৃষ্ণনে তেওঁৰ প্রফেছাৰ এ . জি . হগৰ পৰা দার্শনিক প্রণালী আৰু তাৰ লগত ধৰ্মৰ সম্পৰ্কৰ বিষয়তাে শিক্ষা পালে । হগ এজন খ্রীষ্টান মিছনেৰী আছিল আৰু তেওঁ দার্শনিক এটি ছেথ প্রিংগল – পেটিছনৰ অধীনত অধ্যয়ন কৰিছিল । তেওঁৰ অধ্যয়নৰ মূল বিষয় আছিল ‘ আলব্রেখট ৰিটছল’ৰ ধর্মতত্ত্ব । হঞ্জো ৰিটছলিয়ান দৃষ্টিভংগীৰে বাস্তৱ ধাৰণাৰ ওপৰত গুৰুত্ব দিয়া ধর্মীয় মূল্যবােধ বিচাৰ আৰু চৰম বাস্তৱতাৰ প্রকৃতি আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰা তাত্ত্বিক জ্ঞানৰ মাজত এক পার্থক্য বিচাৰি পাইছিল । তেওঁ বিশ্বাস কৰিছিল যে ধর্মীয় মূল্যবােধৰ সন্ধানে মানুহক এনে জ্ঞান দিয়ে , যি তাত্ত্বিক জ্ঞানৰ বিৰােধিতা নকৰিলেও তাৰ সৈতে নিজৰ পার্থক্য স্পষ্ট কৰি তােলে । ৰিটছলে , আৰু পাছত টিটিয়াছ আৰু হগে এই মত পােষণ কৰিছিল যে এই পার্থক্যৰ ফলতে এনে সিদ্ধান্ত সৃষ্ট হৈছে যে বিভিন্ন মতবাদ আৰু ৰীতি – নীতি হ’ল ব্যক্তিগত অন্তদৃষ্টিৰ এক বাহ্যিক প্রকাশ আৰু সেইবাবে ধর্মীয় বিশ্বাস , বিশেষকৈ খ্রীষ্টান বিশ্বাসৰ বাবে ই অতি প্রয়ােজনীয় কথা । এই বিষয়টোৱে পাছত ৰাধাকৃষ্ণৰ ধর্মীয় আৰু দার্শনিক চিন্তাধাৰাত স্থান লাভ কৰিছিল আৰু তেওঁৰ লেখনিৰ যােগেদি সেয়া প্রকাশ পাইছিল ।

মাদ্রাজ খ্রীষ্টিয়ান কলেজত পঢ়ি থকা অৱস্থাত ৰাধাকৃষ্ণৰ সংবেদী চিন্তাধাৰাক এক নির্দিষ্ট ৰূপ দিয়া দ্বিতীয় কাৰকটো হ’ল যে ৰাধাকৃষ্ণনে তাৰ শৈক্ষিক কাঠামােত যথেষ্ট ধর্মীয় বিতর্কৰ সন্মুখীন হ’বলগীয়া হৈছিল । মাদ্রাজ খ্রীষ্টিয়ান কলেজত পঢ়ি থকা দিনবােৰৰ কথা পাছত ৰাধাকৃষ্ণনে এই বুলি লিখিছিল , “ এই সময়ছােৱাতে খ্রষ্টীয় সমালােচকসকলৰ প্ৰত্যাহ্বানে মােক হিন্দু দর্শনৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিবলৈ বাধ্য কৰিছিল আৰু মই তাৰ ভাল – বেয়া দিশবােৰ বিচাৰ কৰিবলৈ চেষ্টা কৰিছিলাে । কেইবাজনাে খ্রীষ্টান পণ্ডিতে হিন্দুসকলৰ বেদান্তত কোনাে নীতিৰ কথা নাই বুলি কৈছিল । মই এই কথা মানি ল’ব পৰা নাছিলাে । গতিকে মই বেদান্ত পঢ়িবলৈ ললাে , আৰু তাত থকা নীতিৰ সম্পৰ্কত টোকা প্রস্তুত কৰি গ’লাে । সেই  কামৰ উদ্দেশ্য আছিল বেদান্তক নীতিবিহীন বুলি কোৱাসকলক বেদান্তৰ নীতিজ্ঞান দিয়া ।

 ৰাধাকৃষ্ণনে মাদ্রাজ বিশ্ববিদ্যালয়ৰ পৰা এম . এ . ডিগ্রী লাভ কৰে । সেই সময়ত এম . এ . ডিগ্রী লাভ কৰিবৰ বাবে ছাত্ৰসকলে একোখন গৱেষণাপত্র প্রস্তুত কৰিবলগীয়া হৈছিল । ৰাধাকৃষ্ণনে বেদান্তৰ সম্পৰ্কত অধ্যয়ন কৰি যি জ্ঞান লাভ কৰিছিল , তাৰ সহায়ত এক গৱেষণাপত্র প্রস্তুত কৰি উলিয়ালে , যাৰ শিৰােনাম আছিল – ‘ দ্য এথিক্স অফ দ্য বেদান্ত এণ্ড ইট মেটাফিজিকেল প্ৰিছাপজিছনছ ‘ । যিসকল পশ্চিমীয়া দার্শনিকে বেদান্তত কোনাে নীতি শিক্ষা ( Ethics ) নাই বুলি সমালােচনা কৰিছিল , এই থেছিছখন তেওঁলােকৰ বাবে এক উত্তৰস্বৰূপ আছিল । ৰাধাকৃষ্ণনে প্রথমতে অলপ ভয়েই কৰি আছিল যে থেছিছখন পঢ়ি তেওঁৰ খ্রীষ্টান গুৰু প্ৰফেছাৰ এ . জি . হগে বা কি কয় ? পাছে হগে এই থেছিছখনৰ প্রশংসা কৰি কৈছিল , “ তেওঁ ( ৰাধাকৃষ্ণনে ) পাঠ্যক্ৰমৰ দ্বিতীয় বার্ষিকত ডিগ্রী লাভৰ বাবে প্রস্তুত কৰা এই থেছিছখন এক দার্শনিক সমস্যাৰ মূল বিষয়সমূহ বুজাৰ ক্ষেত্ৰত অৱশ্য পঠনীয় পুথি । জটিল বাদানুবাদসমূহ সহজভাৱে ব্যাখ্যা কৰাত তেওঁৰ সামৰ্থ ইয়াত প্রকাশিত হৈছিল আৰু ইয়াৰ ইংৰাজী ভাষাও আছিল বেছ সুন্দৰ । ” এই গৱেষণাপত্ৰখন ১৯০৮ চনতে গ্রন্থ আকাৰে প্রকাশ হয় । এইখনেই আছিল ৰাধাকৃষ্ণৰ প্রথম প্রকাশিত গুৰুত্বপূৰ্ণ গ্রন্থ ।

গৱেষণাপত্ৰখনত আলােচনা কৰা কথাবােৰে আচলতে ৰাধাকৃষ্ণনৰ সেই সময়ত মনােজগতখনকো প্রতিনিধিত্ব কৰিছিল । ধর্ম সম্পৰ্কত তেওঁৰ নিজস্ব মতামত আছিল এনে ধৰণৰ— ‘ ধর্মীয় উপলব্ধিয়ে মানুহক এক সৎ , সংস্কৃত জীৱনধাৰা অনুসৰি জীৱনটো আগবঢ়াই লৈ যােৱাত সহায় কৰিব লাগিব । এই উপলব্ধিয়ে যদি মানুহৰ অন্তর্জগতত প্রৱেশ কৰে , তেন্তে সমাজত বেয়া মানুহৰ সৃষ্টিয়েই নহ’ব । ধর্মই নিজকে এনে এক ৰূপত প্ৰকাশ কৰিব লাগিব , যি মানুহক যুক্তিসন্মত চিন্তা কৰিবলৈ , সুফল দিব পৰা কাম হাতত ল’বলৈ শিকায় । তেতিয়াহে মানুহে এনেবােৰ কামৰ সহায়ক হােৱাকৈ উপযুক্ত সামাজিক অনুষ্ঠানৰ জন্ম দিব পাৰিব !

 সর্বপল্লী ৰাধাকৃষনৰ পৰিয়ালৰ আর্থিক অৱস্থা যে ভাল নাছিল সেই কথা আমি আগতে উনুকিয়াই আহিছােৱেই । পাছে তৎসত্ত্বেও তেওঁৰ পঢ়া – শুনাত বিশেষ ব্যাঘাত জন্ম নাছিল । তাৰ কাৰণ হ’ল— তেওঁৰ বিৰল মেধাৰ বাবে দেউতাকৰ ওপৰত আর্থিক হেঁচা খুব কমেইহে পৰিছিল । কলেজীয়া জীৱন আৰম্ভ কৰােতে

তেওঁ যেতিয়া ভেলােৰৰ ভূৰীজ কলেজত ভর্তি হৈছিল , তেতিয়া তেওঁ বৃত্তি লাভ কৰিছিল আৰু ১৭ বছৰ বয়সত মাদ্রাজ খ্রীষ্টিয়ান কলেজত নাম লগাওতেও বৃত্তিৰ সুবিধা লাভ কৰিছিল । এনে সুবিধাসমূহৰ সদব্যৱহাৰ কৰিয়েই সর্বপল্লী ৰাধাকৃষ্ণনে মাদ্রাজ খ্রীষ্টিয়ান কলেজৰ পৰাই দর্শন বিভাগত স্নাতকোত্তৰ বা এম . এ . ডিগ্রী লাভ কৰে ।

 প্রেডিডেন্সী কলেজত কর্ম জীৱনৰ আৰম্ভণি

 ১৯০৮ চনত ৰাধাকৃষ্ণনে এম . এ . ডিগ্রী লাভ কৰে । তাৰ পাছত নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰিবলৈ লৈ তেওঁ থমকি ৰবলগীয়া হ’ল । ৰাধাকৃষ্ণনৰ পৰিয়ালৰ অৱস্থা স্বচ্ছল নাছিল বাবে তেওঁ পৰিয়ালৰ ভৰণপােষণৰ কথাও চিন্তা কৰিবলগীয়া হৈছিল । দেউতাকৰ পৰিয়ালৰ উপৰি ৰাধাকৃষ্ণনৰ নিজৰ পৰিয়ালৰ কথাও তাে আছে ! উচ্চ শিক্ষাৰ প্রতি প্রবল আগ্রহী ৰাধাকৃষ্ণনে প্রথমতে ইংলেণ্ডত উচ্চতৰ শিক্ষাৰ বাবে এটা বৃত্তিৰ বাবে আবেদন কৰাৰ কথা ভাবিছিল আৰু সেই টকাৰে নিজে চলাৰ উপৰি পৰিয়ালকো কিছু সকাহ দিয়াৰ কথা চিন্তা কৰিছিল । পাছে দুয়ােটা কাম একেলগে হৈ নুঠাৰ সম্ভাৱনাহে প্রকট হ’ল । সাতে – পাঁচে ভাবি তেওঁ সেই চিন্তা সাময়িকভাৱে বাদ দিলে আৰু অর্থ উপার্জন কৰিবলৈ চাকৰি কৰাটোকে থিৰাং কৰিলে । তেওঁ মাদ্রাজত চাকৰি বিচৰাত লাগিল আৰু মাদ্রাজ খ্রীষ্টিয়ান কলেজৰ শিক্ষাগুৰু উইলিয়াম স্কিনাৰৰ সহায়ত এটা চাকৰি পালেও । সেয়া হ’ল মাদ্ৰাজৰ প্ৰেছিডেন্সী কলেজত প্রবক্তাৰ চাকৰি । তেতিয়া ৰাধাকৃষ্ণনৰ বয়স হৈছিল মাত্র ২১ বছৰ । চাকৰিটো যদিও অস্থায়ী আছিল , তথাপি ৰাধাকৃষ্ণনে নাই মােমাইতকৈ কণা মােমায়েই ভাল ‘ বুলি সেই চাকৰিত যােগদান কৰিলে । তেওঁৰ শিক্ষকতা জীৱনৰ প্ৰথম ফালে ৰাধাকৃষ্ণনে বেছ আর্থিক কষ্টত চলিবলগীয়া হৈছিল । তেওঁৰ দূৰমহা আছিল মাহেকত মাত্র ১৭ টকা । অকলে চলিবৰ বাবে হয়তাে এই টকাই জুৰি গ’লহেঁতেন , কিন্তু তিৰুট্টানিত ৰাধাকৃষ্ণনে এটা ডাঙৰ পৰিয়ালাে চম্ভালিবলগীয়া হৈছিল । সেইফালে দৰমহাৰ বেছি অংশ পঠিয়াই দি তেওঁ নিজে যথেষ্ট কম খৰচত চলিবলৈ চেষ্টা কৰিছিল । প্লেট বা থাল কিনি তাত আহাৰ খােৱাতকৈ তেওঁ কলপাততে আহাৰ খাইছিল । যদিও কলপাত তেনেই কম পইচাতে আৰু কেতিয়াবা । আনকি বিনা পইচাতে যােগাৰ কৰিব পৰা হৈছিল , এবাৰ অন্তত তেওঁ সেই কলপাতে । যােগাৰ কৰিব নােৱাৰি , ঘৰৰ মজিয়া চাফা কৰি তাতে আহাৰ গ্ৰহণ কৰিবলগীয়া হৈছিল । এতিয়া ক’লে হয়তাে সেইবােৰ কথা সাধু কথা যেনহে লাগিব ।

আর্থিক অসুবিধাৰ বাবে ৰাধাকৃষ্ণনে সেই সময়ত ধন ধাৰে ল’বলগীয়াও হৈছিল । কেতিয়াবা সেই ধনৰ সুতাে পৰিশােধ কৰিব নােৱাৰি তেওঁ আনকি নিজৰ মেধাৰ পৰিচায়ক হিচাপে পােৱা মেডেলবােৰৰ বিক্ৰী কৰিবলগীয়া হৈছিল ।

সেই সময়ত মাদ্রাজ প্রেছিডেন্সী কলেজ দক্ষিণ ভাৰতৰ এখন বিখ্যাত , আৰু ক’বলৈ গ’লে মানবিশিষ্ট উচ্চ শিক্ষাৰ বাবে একমাত্র শিক্ষানুষ্ঠান আছিল । পাছত আন্তর্জাতিক স্তৰত সুখ্যাতি লাভ কৰা ভাৰতীয় চি . ভি . মন , এছ , চন্দ্রশেখৰ , ৰামানুজন আদি এই কলেজৰে ছাত্ৰ আছিল । প্রেছিডেন্সী কলেজৰ কিছু সংখ্যক অধ্যাপক ভাৰতীয় হ’লেও ইউৰােপীয় অধ্যাপকো যথেষ্ট আছিল আৰু ইউৰােপীয়সকলেই তাত প্ৰভাৱশালী আছিল । এই কলেজ অধ্যক্ষ পদত সদায় । একোজন ইউৰােপীয় লােকেই কার্যনির্বাহ কৰিছিল ৷ পাছত ১৯৪৩ চনতহে প্ৰথমবাৰৰ বাবে বি . বি . দে নামৰ এজন ভাৰতীয় পণ্ডিত এই কলেজ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল । সি যি নহওক , ১৯০৯ চনত মাদ্ৰাজৰ প্ৰেছিডেন্সী কলেজত ‘ জুনিয়ৰ এছিষ্টেন্ট প্রফেছাৰ হিচাপে যােগদান কৰাৰ পাছত ৰাধাকৃষ্ণনে মনােবিজ্ঞানৰ বিভিন্ন তত্ত্ব আৰু ইউৰােপীয় দর্শন পটুৱাবলগীয়া হৈছিল । তাৰ ভিতৰতাে তেওঁৰ বাবে নির্ধাৰিত বিশেষ বিষয় আছিল তর্কবিজ্ঞান , জ্ঞানতত্ত্ব আৰু নৈতিক তত্ত্ব । প্রেছিডেঙ্গী । কলেজত শিক্ষকতা কৰি থাকোতেই ৰাধাকৃষ্ণনে সংস্কৃত ভাষা ভালদৰে আয়ত্ত কৰে । সেই বছৰকেইটাত ৰাধাকৃষ্ণনে ভাৰতৰ কাকত – আলােচনীৰ উপৰি ইউৰােপৰ বিভিন্ন জার্নেল’বােৰতাে তেওঁৰ চিন্তাধাৰাৰ ৰেঙনি প্রকাশ কৰিছিল । মাদ্রাজ , গার্ডিয়ান প্রেছে তেওঁৰ প্ৰখ্যাত এম . এ . থেছিছখন প্ৰকাশ কৰি উলিয়ায় । তাৰ কিছু পৰিমার্জিত অংশ ‘ মডার্ন বিভিউ ‘ আৰু ‘ মাদ্রাজ খ্রীষ্টিয়ান কলেজ ‘ আলােচনীতে প্রকাশ পায় । তদুপৰি আন কেইবাখনাে মর্যাদাসম্পন্ন ভাৰতীয় কাকত – আলােচনীত ৰাধাকৃষ্ণৰ সুচিন্তিত প্রবন্ধবােৰ প্ৰকাশ পােৱাৰ পাছত ভাৰতত ৰাধাকৃষ্ণন বিখ্যাত  হৈ পৰে ।

আনহাতে ১৯১১ চনত ইন্টাৰনেছ’নেল জার্নেল অফ এথিক্স’ত ৰাধাকৃষ্ণৰ ‘ দ্য এথিক্স অফ ভগবদগীতা এণ্ড কান্ট ‘ নামৰ চিন্তা উদ্রেগকাৰী প্ৰবন্ধটো প্রকাশ হােৱাৰ পাছত তেওঁ পশ্চিমীয়া ছিৰিয়াছ পাঠকসকলৰ মাজতাে সুখ্যাতি অর্জন কৰে । তেওঁৰ কিছুমান বক্তৃতাৰ সম্পাদিত ৰূপ পাছত এছেচিয়েল অফ ছাইক’লজী ” নামেৰে এক গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছিল ।

সংস্কৃত ভাষাটো আয়ত্ত কৰি লােৱাৰ পাছত প্রেছিডেন্সী কলেজত কাম কৰি থাকোতেই ৰাধাকৃষ্ণনে উপনিষদ , ভগবদগীতা , ব্রহ্মপুত্র আদি ভাৰতীয় ক্লাছিক গ্রন্থসমূহ আৰু শংকৰ , ৰামানুজ আৰু মাধৱৰ ৰচনাসমূহ অধ্যয়ন কৰিবলৈ লয় আৰু হিন্দু দর্শনত বিশেষ ব্যুৎপত্তি অর্জন কৰে । তেওঁ বৌদ্ধ আৰু জৈন দর্শনৰ কিতাপসমুহহা অধ্যয়ন কৰিছিল । আনহাতে একে সময়তে তেওঁ পশ্চিমৰ প্লেটো , প্লটিনাছ , কান্ট , ব্রেডলী আৰু বাৰ্গছন আদিৰ দার্শনিক চিন্তামুলক গ্রন্থসমূহে অধ্যয়ন । কৰিবলৈ লয় । পাছৰ জীৱনত ৰাধাকৃষ্ণনে মার্ক্সবাদ আৰু অস্তিত্ববাদ সম্পর্কতাে পঢ়া – শুনা কৰিছিল ।

১৯১৪ চনত ৰাধাকৃষ্ণনে ঘটনাক্রমে ভাৰতৰ এজন অসাধাৰণ প্রতিভাসম্পন্ন । গণিতজ্ঞ শ্রীনিবাস ৰামানুজনক লগ পায় । ৰামানুজনে সেই সময়ত কেজিলৈ অধ্যয়ন কৰিবলৈ যাবলৈ ওলাইছিল আৰু কোনােবা দেৱতাই হেনাে সপােনত দেখা দি যােৱাৰ আগতে তেওঁক ৰাধাকৃষ্ণনৰ আর্শীবাদ ল’বলৈ কৈছিল । সেইবাবেই তেওঁ ৰাধাকৃষক লগ ধৰি আশিষ বিচাৰিছিল । সেইবাৰৰ পাছত অৱশ্যে তেওঁলােক দুয়ােজন দ্বিতীয়বাৰ লগ হােৱা নাছিল ।

১৯১৪ চনমানৰ ভিতৰতে এজন দার্শনিক তথা পণ্ডিত লােক হিচাপে ৰাধাকৃষ্ণন ভাৰতত জনাজাত হৈ পৰে । পাছে তেতিয়াও তেওঁ মাদ্রাজত এটা স্থায়ী আ = পে অ চা ল কি চাকৰি পােৱা নাছিল । ১৯১৬ চনত তেওঁ তিনি মাহৰ বাবে অন্ধ্র প্রদেশৰ ‘ অনন্তপুৰত এক নিযুক্তি লাভ কৰে আৰু ১৯১৭ চনত ৰাধাকৃষ্ণন ৰাজামুন্দ্ৰিলৈ বদলি হয় । ৰাজামুদ্ৰিত তেওঁ প্রায় এবছৰকাল চাকৰি কৰে । তাৰ পাছত ১৯১৮ চনতহে তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ত দর্শন বিভাগৰ অধ্যাপক হিচাপে স্থায়ী নিযুক্তি লাভ কৰে । এই সময়তে ভাৰতৰ উপৰি বিদেশৰ কেইখনমান মানবিশিষ্ট আলােচনীত লিখা । কেইটামান তত্ত্বসমৃদ্ধ প্ৰবন্ধৰ জৰিয়তে তেওঁৰ খ্যাতি অধিক বিয়পি পৰিছিল ।

১৯১৪ চনৰ পৰা ১৯২০ চনমানৰ ভিতৰত ৰাধাকৃষ্ণনৰ প্ৰায় ওঠটা প্রবন্ধ প্রকাশ হয় । তাৰে দহটাই প্রকাশ পাইছিল পশ্চিমৰ ‘ দ্য ইন্টাৰনেছ’নেল জার্নেল অফ এথিক্স ’ , ‘ দ্য কোৱেষ্ট ’ , ‘ জার্নেল অফ ফিলছফি ’ , ‘ দ্য মন্টিষ্ট ’ , ‘ মাইণ্ড’আদি বিখ্যাত আলােচনীত । এই প্রবন্ধবােৰৰ যােগেদি ৰাধাকৃষ্ণনে হিন্দু দর্শনৰ সংস্কাৰ আৰু বিকাশৰ সম্পৰ্কত আলােচনা কৰিছিল আৰু পশ্চিমীয়া সমাজত হিন্দু দর্শন বিশেষত্বসমূহৰ বিষয়ে প্রচাৰ চলােৱাৰ দায়িত্ব নিজেই কান্ধত তুলি লৈছিল । ৰাধাকৃষ্ণনে তেওঁৰ পাণ্ডিত্যপূর্ণ প্রবন্ধসমূহৰ দ্বাৰা যে কেৱল বেদ – বেদান্তৰ সঠিক ব্যাখ্যা আগবঢ়াইছিল বা বেদান্তৰ শিক্ষক প্রতিক্ষা দিবলৈ বিচাৰিছিল , কেৱল এয়ে নহয় । তেওঁ বেদান্তৰ পশ্চিমীয়া দার্শনিক প্রতিদ্বন্দ্বীৰ লগত যুক্তি – তর্কত লিপ্ত হৈছিল আৰু শক্তিশালী পশ্চিমীয়া দার্শনিক গােষ্ঠী আৰু পশ্চিমীয়া বদ্ধমূল বিশ্বাসৰ বিৰুদ্ধে  সাহসেৰে থিয় দিছিল ।

ভাৰত আৰু বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিয়েও এই সময়ত ৰাধাকৃষ্ণনৰ মানসিকতাত প্ৰভাৱ বিস্তাৰ কৰিছিল । পশ্চিমীয়া দেশসমূহ তথা ব্রিটিছৰ ভাৰতসংক্রান্ত নীতিৰ প্রতি তেওঁৰ মনত বেছ অসন্তোষৰ সৃষ্টি হৈছিল । ৰাধাকৃষ্ণনে পূব আৰু পশ্চিমৰ মাজত আৰম্ভ হােৱা ৰাজনৈতিক আৰু আদৰ্শগত যুদ্ধখন দার্শনিক স্তৰত আগুৱাই লৈ যােৱাৰ কথা ভাবিছিল । পাছে এই ক্ষেত্ৰত তেৱেঁই আছিল মূল সেনা আৰু সেনাপতি । প্রথম বিশ্বযুদ্ধ আৰু তাৰ পাছৰ ঘটনাৱলীয়ে , বিশেষকৈ ব্রিটিছ সেনাৰ দ্বাৰা জালিৱানৱালাবাগৰ নৃশংস হত্যাকাণ্ডই তেওঁৰ ধৈৰ্যৰ বান্ধ প্রায় ছিঙি পেলাইছিল । তেওঁ লক্ষ্য কৰিছিল যে বহু ক্ষেত্রতে পশ্চিমীয়া লােকসকল গােড়া , অযুক্তিবাদী আৰু স্বেচ্ছাচাৰী । কিছু সংখ্যক পশ্চিমীয়া দার্শনিকৰ মাজতাে তেওঁ । তেনে লক্ষণ বিচাৰি পাইছিল । সেই পৰিস্থিতিত তেওঁৰ মানসিকতা কেনে হৈছিল , সেয়া ৰাধাকৃষ্ণনৰ ‘ দ্য ৰেইন অফ বিলিজন ইন কনটেম্পৰেী ফিলছ’ফি ‘ নামৰ গ্রন্থখনৰ যােগেদি প্রকাশ পাইছে ।

মাদ্ৰাজৰ প্রেডিডেন্সী কলেজত চাকৰি কৰাৰ পৰা মহীশুৰ বিশ্ববিদ্যালয়ত চাকৰি কৰালৈকে ৰাধাকৃষ্ণনৰ বাবে এটা ইতিবাচক কথা হ’ল যে তেওঁ আন কামৰ লগতে বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰৰ ৰচনাসমূহে ভালদৰে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে । অৱশ্যে তেওঁ ১৯১২ চনতে ৰবীন্দ্ৰনাথৰ বিষয়ে জানিছিল আৰু তেওঁৰ কিছু লেখাও পঢ়িছিল । যদিও ৰাধাকৃষ্ণনে তেতিয়ালৈকে ৰবীন্দ্রনাথক দেখা নাছিল , তথাপি তেওঁ ৰবীন্দ্ৰনাথৰ প্রতি বেছ আকর্ষিত হৈছিল । কাৰণ ৰবীন্দ্ৰনাথৰ পদ্য আৰু গদ্যৰ মাজত এক অনন্য দার্শনিক চিন্তা তেওঁ লক্ষ্য কৰিছিল । সুন্দৰ দার্শনিক ভাব আৰু নান্দনিক সৌন্দর্যবােধৰ এক অপূর্ব সমন্বয় তেওঁ ৰবীন্দ্ৰনাথৰ লিখনিৰ মাজত বিচাৰি পাইছিল আৰু ই তেওঁক ৰবীন্দ্ৰনাথৰ প্রতি অধিক আকর্ষিত কৰি তুলিছিল । ১৯১৪ চনমানৰ পৰা এনে সৌন্দর্যবােধ আৰু সুক্ষ্মদৃষ্টিয়ে ৰাধাকৃষ্ণনৰ ৰচনাতে স্থান পাবলৈ আৰম্ভ কৰিছিল । তাৰ পাছৰ প্রায় পঞ্চাছ বছৰ ধৰি ৰাধাকৃষ্ণনে যি দুৰ্বাৰ গতিত বিভিন্ন প্রবন্ধ বা কিতাপ আদি ৰচনা কৰি গৈছিল , তাতাে ঠায়ে ঠায়ে ৰবীন্দ্ৰনাথৰ লিখনিৰ প্ৰতি তেওঁৰ অনুৰাগ প্রকাশ পাইছিল । ১৯১৮ চনত ৰাধাকৃষ্ণনৰ দ্য ফিলছফি অ ৰবীন্দ্রনাথ ঠাকুৰনামৰ গ্ৰন্থখন প্রকাশ পায় । তেওঁ বিশ্বাস কৰিছিল যে ৰবীন্দ্রনাথ ঠাকুৰৰ দৰ্শন ভাৰতৰ প্ৰকৃত দৰ্শনৰ ওপৰত আধাৰিত এক অপূর্ব দর্শন । ‘ দ্য ৰেইন অফ ৰিলিজন ইন কনটেম্পৰেৰী ফিলছফি ’ নামৰ তেওঁৰ আন এখন কিতাপ প্রকাশ পাইছিল ১৯২০ চনত ।

কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক ড ° ৰাধাকৃষ্ণন

ৰাধাকৃষ্ণনৰ কিতাপ , প্রবন্ধ আৰু তাত প্রতিভাত হােৱা তেওঁৰ পাণ্ডিত্যপূর্ণ দার্শনিক চিন্তাই কলিকতা বিশ্ববিদ্যালয়ৰ উপাচার্য আশুতােষ মুখার্জীকো আকৃষ্ট কৰিছিল । আশুতােষ মুখার্জীয়ে ৰাধাকৃষ্ণনক কলিকতা বিশ্ববিদ্যালয়ৰ দর্শন বিভাগৰ সম্মানজনক পদ ‘ সম্রাট পঞ্চম জর্জ আসনৰ বাবে মনােনীত কৰে । ইয়াৰ আগতে সেই পদত নিযুক্ত আছিল বংগৰে এজন পণ্ডিত লােক ব্রজেন্দ্রনাথ শীল । ব্রজেন্দ্রনাথ শীল মহীশূৰ বিশ্ববিদ্যালয়ৰ উপাচার্য হৈ তালৈ যােৱাৰ বাবে কলিকতা বিশ্ববিদ্যালয়ৰ সেই পদটো খালী হৈছিল । অৱশ্যে ৰাধাকৃষ্ণনক এই পদৰ বাবে নির্বাচিত কৰাত কলিকতাৰ ( এতিয়াৰ কলকাতা ) কিছু স্থানীয় লােক অলপ অসন্তুষ্টও হৈছিল । কাৰণ তেওঁলােকে আন এজন বঙালী লােকহে সেই পদত অধিষ্ঠিত হােৱাটো বিচাৰিছিল । পাছে আশুতােষ মুখার্জীয়ে পাণ্ডিত্যৰ ক্ষেত্ৰত ক্ষেত্রভিত্তিক বিচাৰ বিবেচনা কৰিবলৈ ৰাজী নাছিল আৰু তেওঁ সিদ্ধান্ত লৈছিল যে মাদ্ৰাজৰ এই ডেকা পণ্ডিতজনেই এই পদৰ বাবে উপযুক্ত হ’ব । কিছু ভাবনা – চিন্তাৰ পাছত ৰাধাকৃষ্ণনেও এই নতুন পদ গ্রহণ কৰিবলৈ মান্তি হ’ল ।

ৰাধাকৃষ্ণনে তেতিয়ালৈকে আচলতে দক্ষিণ ভাৰত এৰি ক’লৈকো স্থায়ীভাবে যােৱাই নাছিল । প্রথমবাৰৰ বাবে ৰাধাকৃষ্ণন তেওঁৰ দক্ষিণ ভাৰতীয় পৰিচয় সলনি কৰি এক ‘ সার্বজনিক পৰিচয় গ্ৰহণ কৰিবলৈ ১৯২১ চনত কলিকতাত আহি উপস্থিত হ’ল আৰু কলিকতা বিশ্ববিদ্যালয়ত “ কিং ফিফথ জর্জ চেয়াৰ অ মেণ্টেল এণ্ড মলে ছায়েন্স ’ পদত যােগদান কৰে । কলিকতাত ৰাধাকৃষ্ণনে ভৌগােলিকভাৱে , সাংস্কৃতিকভাৱে আৰু ভাষাগতভাৱেও এক নতুন পৰিৱেশ লাভ কৰিলে । তাত প্রথম কিছুদিন তেওঁ অলপ অকলশৰীয়া হৈয়েই থাকিল । অৱশ্যে এই একাকীত্ব  তেওঁৰ বেছ ভাল কামতে আহিল । কাৰণ এওঁ সময়তে তেওঁ ‘ ইণ্ডিয়ান ফিলছফি’ৰ দুই প্রকাণ্ড খণ্ডৰ কাম শেষ কৰিব পাৰিলে । তাৰে প্ৰথমটোৰ কাম তেওঁ মহীশুৰত থাকোতেই আৰম্ভ কৰিছিল । ১৯২৩ চনত ইণ্ডিয়ান ফিলছফি’ৰ প্ৰথম খণ্ডটো প্রকাশ হয় । তাৰ চাৰিবছৰৰ পাছত ১৯২৭ চনত দ্বিতীয় খণ্ডটোও প্রকাশ পায় । ৰাধাকৃষ্ণনে যে ইণ্ডিয়ান ফিলছ’ফি ‘ ৰচনা কৰিলে তাৰ মূলতে আছিল ইউৰােপৰ লাইব্রেৰী । অফ ফিলছফি’ৰ মুৰব্বী আন এজন প্রখ্যাত দার্শনিক প্রফেছাৰ জে . এইছ , মুইৰহেড । মুইৰহেডে ৰাধাকৃষ্ণৰ ভাৰতীয় দর্শন বিষয়ক প্রবন্ধবােৰ পঢ়ি ভাৰতীয় দর্শন যে কোনােপধ্যে অৱজ্ঞাৰ বিষয় নহয় , সেয়া উপলব্ধি কৰিছিল আৰু ৰাধাকৃষ্ণনক ভাৰতীয় দর্শনৰ সকলাে দিশ সামৰি তেওঁৰ লাইব্রেৰী অফ ফিলছফি’ৰ বাবে এক সুবৃহৎ গ্রন্থ লিখিবলৈ অনুৰােধ কৰিলে । ভাৰতীয় দর্শনক যথাযযাগ্য স্থানত প্রতিষ্ঠিত কৰাৰ এই সুযােগ নেৰি আৰু লগতে প্ৰফেছাৰ মুইৰহেডৰ অনুৰােবাে ৰক্ষা কৰি ৰাধাকৃষ্ণনে এই গ্রন্থ ৰচনাৰ কাম হাতত ল’লে । দুটা খণ্ডত বিভক্ত এই সুবৃহৎ কিতাপখন ৰচনা কৰােতে ৰাধাকৃষ্ণনে কেবা বছৰ ধৰি প্ৰভূত পৰিশ্ৰম কৰিবলগীয়া । হৈছিল । ভাৰতীয় দর্শনৰ বিষয়ে প্রণালীবদ্ধভাৱে , অথচ পঢ়ি ৰাপ লগ ধৰণে । লিখিত এই গ্রন্থখনে দর্শন বিষয়ক এক ‘ ক্লাছিক গ্রন্থ আৰু লগতে সাহিত্যৰৰ এক ‘ মাষ্টাৰপিচ হিচাপে বিশেষ খ্যাতি লাভ কৰে ।

ৰাধাকৃষ্ণন কলিকতাত থাকোতেই ১৯২৩ চনৰ ২৩ এপ্রিলত তেওঁলােকৰ একমাত্র পুত্র সন্তান সর্বপল্লী গােপালৰ জন্ম হয় । গােপালে পাছত ভাৰতৰ এজন বিশিষ্ট ইতিহাসবিদ হিচাপে খ্যাতি লাভ কৰিছিল আৰু তেওঁ দেউতাক সর্বপল্লী । ৰাধাকৃষ্ণনৰ এখন পূর্ণাংগ জীৱনী লিখিবৰ বাবে হােমি ভাবা ফেলশিপ লাভ কৰিছিল ।

ৰাধাকৃষ্ণনে ভাৰতৰ চুবুৰীয়া চীনদেশ , ব্রহ্মদেশ ( এতিয়াৰ ম্যানমাৰ ) , সিংহল ( এতিয়াৰ শ্ৰীলংকা ) , জাপান আৰু কোৰিয়াৰ সাহিত্য – সংস্কৃতি সম্পর্কেও অধ্যয়ন কৰিছিল । ১৯২৪ চনৰ অক্টোবৰত বিশ্বভাৰতীৰ এখন তিনিমহীয়া আলােচনীত লিখা এটা প্রবন্ধত তেওঁ চীনা সাহিত্য , কলা , সংগীত , স্থাপত্য , চিত্রশিল্প , ভাস্কর্য , নাটক , কবিতা , গদ্য , জ্যোতির্বিদ্যা , চিকিৎসা , শিক্ষা পদ্ধতি , সামাজিক নিয়ম আদিত ভাৰতৰ অৱদানৰ বিষয়ে ব্যাখ্যা কৰিছিল । তেওঁ এই কথাও জানিবলৈ দিছিল যে ভাৰতীয় সংস্কৃতিৰ তেনে প্রভাব ব্রহ্মদেশ , সিংহল , জাপান আৰু কোৰিয়াৰ সাহিত্য কলা – সংস্কৃতিৰ ওপৰতত বিদ্যমান ।

বিদেশত ভাৰতীয় হিন্দু দর্শনৰ প্ৰচাৰ

কলিকতা বিশ্ববিদ্যালয়ত কাম কৰি থাকোতেই সর্বপল্লী ৰাধাকৃষ্ণনে কেবাবাৰো এই বিশ্ববিদ্যালয় প্রতিনিধিত্ব কৰি বিদেশ ভ্রমণৰ সুযোগ লাভ কৰিছিল আৰু এই সুযোগ গ্রহণ কৰি পশ্চিমীয়া সমাজত ভাৰতৰ অনন্য দর্শন – সংস্কৃতিৰ বিষয়ে প্রচাৰ চলাবলৈ সক্ষম হৈছিল । ১৯২৬ চনৰে ছেপ্তেম্বৰ মাহত হার্ভার্ডত অনুষ্ঠিত ইন্টাৰনেছ’নেল কংগ্ৰেছ অফ ফিলছফি’ত তেওঁ কলকতা বিশ্ববিদ্যালয়ৰ দর্শন বিভাগক প্রতিনিধিত্ব কৰে । ইন্টাৰনেছ’নেল কংগ্ৰেছ অফ ফিলছফি’ৰ সাধাৰণ সভাত এক বক্তৃতা প্ৰদান কৰি তেওঁ আধুনিক সভ্যতাত আধ্যাত্মিকতাৰ অভাৱ আৰু তাৰ ফলত হ’ব পৰা নেতিবাচক প্রভাৱৰ বিষয়ে আলােচনা কৰিছিল । ১৯২৯ চনত তেওঁ অক্সফোর্ডৰ হেৰিছ মানচেষ্টাৰ কলেজত “ হিলবার্ট লেকছাৰ নামেৰে এক বক্তৃতা প্রদান কৰে । এই বক্তৃতাৰ বিষয় আছিল – “ জীৱনৰ আদর্শ । পাছত এই বক্তৃতাটোৱেই ‘ এন আইডিয়েলিষ্ট ভিউ অফ লাইফ ’ নামেৰে কিতাপ আকাৰত প্ৰকাশ হৈছিল ।

১৯২৯ চনত ইংলেণ্ডৰ এজন পণ্ডিত ব্যক্তি জে এষ্টলিন কার্পেন্টাৰ , অক্সফোর্ড বিশ্ববিদ্যালয়ৰ মানচেষ্টাৰ কলেজৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় । তাৰ আগতে তেওঁ সেই কলেজতে ‘ ডিপার্টমেন্ট অফ কম্পেৰেটিভ বিলিজন’ৰ মূৰী হিচাপে কার্যনির্বাহ কৰিছিল । এতিয়া সেই পদটো খালী হােৱাত কলেজ কর্তৃপক্ষই সেই পদটো গ্রহণ কৰিবলৈ ৰাধাকৃষক আমন্ত্রণ জনালে । ৰাধাকৃষ্ণনে সেই আমন্ত্রণ গ্রহণ কৰিলে আৰু তাৰ ফলত তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ আগত তুলনামূলক ধর্ম ‘ সম্পৰ্কত এলানি বক্তৃতা দিবলৈ সুবিধা পালে । আচলতে এই সময়তে তেওঁ লণ্ডন আৰু মানচেষ্টাৰৰ শ্ৰোতাসকলৰ আগত আমি আগতে উল্লেখ কৰা হিলবার্ট বক্ত তা প্ৰদান কৰিছিল । তুলনামূলক ধর্ম সম্পর্কীয় বক্তৃতালানিত তেওঁ হিন্দু দর্শনৰ যিবােৰ বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছিল , সেইবােৰে পশ্চিমীয়া শ্ৰোতাসকলৰ মাজত যথেষ্ট চিন্তৰ খােৰাক যােগাইছিল । ৰাধাকৃষ্ণনে এই বিষয়ে । পাছত কৈছিল , “ অক্সফোর্ড , বার্মিংহাম , মানচোন আৰু লিভাৰপুলৰ খ্রীষ্টান লােকসকলৰ আগত এই শিক্ষামূলক বক্তৃতা দিয়াটো মােৰ বাৰে সঁচাকৈয়ো বৰ ডাঙৰ অভিজ্ঞতা আছিল । সেই খ্রীষ্টান শ্রোতাসকলে যে মােৰ কথাবােৰ ভাল পাইছিল আৰু লগতে সেই বিশ্লেষণ গ্রহণণা কৰিছিল , সেই কথাই মােক একেবাৰে অভিভূত কৰি তুলিছিল । ” ৰাধাকৃষনৰ এইলানি বক্তৃতাৰ অন্তর্গত “ বিভলিউছন গ্র ‘ ছফাৰিং , শীর্ষক বক্তৃতাটিৰ বিষয়ে ‘ দ্য অক্সফোর্ড ডেইলী ’ । নামৰ কাকতখনে লিখিছিল , “ ভাৰতীয় অধ্যাপকজনৰ ভাব – চিন্ত , কল্পনা আৰু ভাষাৰ প্রশংসা কৰিব তাে লাগিবই , আৰু লগতে এই কথাও ক’ব লাগিব যে তেওঁৰ প্রকৃত মহান কৃতিত্ব হ’ল— সংজ্ঞাৰে আবদ্ধ কৰিব নােৱৰা কিছুমান আধ্যাত্মিক প্ৰকৃতিৰ বিষয়ে তেওঁ শ্ৰোতাসকলৰ মনােযােগ আকর্ষণ কৰিব পাৰিছে । সেই কথাবােৰে শ্ৰোতাসকলৰ অন্তৰ চুই গৈছে আৰু এক বহল পৰিসৰত কথাবোেৰ চিন্তা কৰিবলৈ তেওঁলােকক বাধ্য কৰিছে ।

ৰাধাকৃষ্ণনৰ পাণ্ডিত্য তথা শিক্ষাই ইংলেণ্ডৰ ৰজাঘৰৰ দৃষ্টি আকর্ষণ কৰিছিল । শিক্ষাৰ বিষয়ত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ১৯৩১ চনত ইংলেণ্ডৰ ৰজা পঞ্চম জর্জে ৰাধাকৃষ্ণনক ‘ নাইট ‘ উপাধি প্রদান কৰাৰ কথা ঘােষণা কৰে । অৱশ্যে । ১৯২৩ চনৰ এপ্রিলতহে ব্রিটিছশাসিত ভাৰতৰ গভৰ্ণৰ জেনেৰেল ‘ আর্ল অফ উইলিংডনে ‘ তেওঁক এই সম্মান অর্পণ কৰে । পাছে তেওঁ জীৱনত কেতিয়াও নিজৰ নামৰ আগত ‘ নাইট’ৰ সন্মানসূচক ‘ ছাৰ ’ উপাধি নিলিখিলে । তাতােকৈ তেওঁ নামৰ আগত তেওঁৰ গৱেষণাসম্পর্কীয় অৱদানসূচক ডক্টৰ ’ উপাধি লিখাটোহে পছন্দ কৰিলে । সেইবাবে আজিও আমি তেওঁক ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন নামেৰেহে জানাে , ‘ ছাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ’ বুলি নাজানাে ।

অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচার্য  ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন

 ব্রিটিছ ভাৰতৰ মাদ্রাজ প্রেছিডেঙ্গীত বাস কৰা তেলেগুভাষী লােকসকলে কুৰি শতিকাৰ প্ৰথমৰে পৰা অৰ্জত এখন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ চেষ্টা তথা সংগ্রাম কৰি আছিল । ১৯২৬ চনত তেওঁলােকৰ সেই স্বপ্ন সার্থক হয় আৰু অন্ধ বিশ্ববিদ্যালয় ( অন্ধ বিশ্ব কলা পৰিষদ ) প্রতিষ্ঠা কৰা হয় । ড ° চি . আৰ , ৰেড্ডী আছিল এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য । পাছে তেওঁলােকৰ প্রচেষ্টা সত্ত্বেও অন্ধ বিশ্ববিদ্যালয়ে শৈক্ষিক দিশত বিশেষ গা কৰি উঠিব পৰা নাছিল । সেইবাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশ্ববিদ্যালয়খনক এক সম্মানজনক স্থান দিবৰ বাৰে নেতৃত্ব দিবলৈ ড ” সর্বপল্লী ৰাধাকৃষ্ণনক অনুৰােধ জনালাে । দক্ষিণ ভাৰতৰ নতুনকৈ খােলা এই বিশ্ববিদ্যালয়ৰ প্ৰতি এক সদিচ্ছা ৰাধাকৃষ্ণনৰ আগৰ , পৰাই আছিল । গতিকে সেই অনুৰােধৰ প্রতি সম্মান জনাই ১৯৩১ বাধাকৃষ্ণনে অন্ধ । বিশ্ববিদ্যালয়ৰ উপাচার্য পদত যােগদান কৰে । সেই একে বছৰতে তেওঁ জাতিসংঘ ‘ ইন্টাৰনেছ’নেল কমিটি অফ ই স্টাৰনেছ ‘ নেল soei ক ’ – অপাৰেছন’ৰৰ এজন সদস্য হিচাপে মনােনীত হয় । জাতি সংঘ ভংগ নােহােৱালৈকে তেওঁ সেই কমিটি সদস্য হৈ আছিল ।

ৰাধাকৃষ্ণনে যেতিয়া অন্ধ্ৰ বিশ্ববিদ্যালয়ত যােগদান কৰিছিল , তেতিয়া এই বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ একেবাৰে বেয়া আছিল , আৰু পুৰণি পাঠ্যক্রম আৰু শ্রেণীসমুহেৰে বিশ্ববিদ্যালয়খন একপ্ৰকাৰ মৃতপ্রায় অৱস্থাত চলি আছিল । কৃতি ছাত্র আৰু উপযুক্ত শিক্ষক — কোনেও এই বিশ্ববিদ্যালয়খনৰ প্রতি আগ্রহ প্রকাশ কৰা নাছিল । ৰাধাকৃষ্ণনে এই বিশ্ববিদ্যালয়ৰ উন্নতিৰ বাবে কিছু কার্যকৰী । ব্যৱস্থা হাতত ল’লে । তেওঁ হিউমেনিটিজ , ভাষাতত্ত্ব , বিজ্ঞান আৰু প্ৰযুক্তি আদি বিভাগত অনাৰ্ছ আৰু স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰচলন কৰে আৰু নতুন নতুন বিষয়ৰ পাঠদাননা আৰম্ভ কৰে । ১৯৩৫ চনত তেওঁ বিজ্ঞান শাখাৰ কেইটামান শ্রেণী আৰু ভাষা বিজ্ঞানৰ শ্ৰেণীৰে আৰম্ভ কৰা হিন্দু কলেজখন উদ্বোধন কৰে । ৰাধাকৃষ্ণনে ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈ পাঁচ বছৰ এই বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে কার্যনির্বাহ কৰিছিল । তেওঁৰ কার্যকালৰ সময়তে এই বিশ্ববিদ্যালয়ে নতুন প্রাণ লাভ কৰে আৰু বাহিৰৰ ছাত্র – শিক্ষকসকলাে এই বিশ্ববিদ্যালয়ৰ প্ৰতি আকর্ষিত হ’বলৈ লয় । এই বিশ্ববিদ্যালয়ত কাম কৰি থাকোতেই ১৯৩৩ চনৰ ২ অক্টোবৰত তেওঁ সিংহলৰ ডন আলফিনা ৰত্নায়ক ট্রাষ্টৰ উদ্যোগত অনুষ্ঠিত এলানি বক্তৃতাৰ উদ্বোধনী ভাষণটো প্রদান । কৰে । তেওঁৰ ভাষণৰ বিষয় আছিল -‘দ্য টিচিং অফ বুদ্ধ । ২৩ পৃষ্ঠাৰ এই ভাষণটো পাছত ‘ পাব্লিক ট্রাষ্টী অফ চিলনে ’ প্ৰকাশ কৰি উলিয়ায় ।

বর্ণময় কৰ্মজীৱন

১৯৩৬ চনত ৰাধাকৃষক অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে পাবৰ বাবে ইংলেণ্ডৰ এজন হিতৈষী দানবীৰ মিঃ স্পাল্ডিঙে নিজা খৰচত এক ‘ আসনৰ সৃষ্টি কৰে আৰু ৰাধাকৃষ্ণনে ‘ স্পাল্ডিং প্রফেছাৰ অফ ইষ্টার্ন বিলিজছ এণ্ড এথিক্স ’ হিচাপে অক্সফোর্ড বিশ্ববিদ্যালয়ত যােগদান কৰে । তাৰ পাছৰ ১৬ বছৰ – অর্থাৎ ১৯৫২ চনলৈকে তেওঁ আন শৈক্ষিক পদৰ উপৰি এই পদতো কার্যনির্বাহ কৰি আছিল । ১৯৩৬ চনতে তেওঁ ইংলেণ্ডৰ অল ছউলছ কলেজ’ৰ ফেলাে হিচাপে আৰু ১৯৩৮ চনত ব্রিটিছ একাডেমীৰাে ‘ ফেলাে হিচাপে নির্বাচিত হয় ।

১৯৩৯ চনত ৰাধাকৃষক বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠাতা আৰু তেতিয়ালৈকে উপাচার্য হিচাপে কার্যনির্বাহ কৰি থকা পণ্ডিত মদন মােহন মালবাই তেওঁৰ ঠাইত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচার্য কার্যভাৰ গ্ৰহণ কৰিবলৈ আমন্ত্রণ জনায় । পণ্ডিত মালব্যদেৱৰ অনুৰােধ নেওচা দিব নােৱাৰি ৰাধাকৃষ্ণনে এই দায়িত্বও গ্ৰহণ কৰিলে । তেওঁ কার্যভাৰ লােৱাৰ পাছতে ইংৰাজ গভর্নৰ ছাৰ মৰিচ হালেটে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত এই বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠা , ঘৰ তথা চৌহদক ‘ যুদ্ধকালীন হস্পিটেল ’ হিচাপে ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত ল’লে আৰু ঘৰসমূহ মুকলি কৰি দিবৰ বাবে ৰাধাকৃষ্ণনক হেঁচা দিলে । ৰাধাকৃষ্ণন কিন্তু এই কথাত কোনােপধ্যে মান্তি নহ’ল । তেওঁ দিল্লীলৈ গৈ ব্রিটিছশাসিত ভাৰতৰ ভাইৰয় । লর্ড লিনলিথগােক লগ ধৰি বিশ্ববিদ্যালয়ৰ কোঠাসমুহ যুদ্ধৰ কামত ব্যৱহাৰ কৰাৰ কথাত আপত্তি দর্শালে আৰু তেওঁক হস্তক্ষেপ কৰিবলৈ অনুৰােধ জনালে । ৰাধাকৃষ্ণৰ যুক্তিত লর্ড লিনলিথগে পতিয়ন গ’ল আৰু তেওঁ গভর্নৰ হালেটক তেওঁৰ সিদ্ধান্ত স্থগিত ৰাখিবলৈ নির্দেশ দিলে । নিজৰ সিদ্ধান্ত কার্যকৰী কৰিব নােৱাৰি হালেটে কেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্রতিশােধমূলক ব্যৱস্থা লৈ সেই বিশ্ববিদ্যালয়লৈ দিয়া চৰকাৰী আর্থিক সাহায্যকে বন্ধ কৰি দিলে । ৰাধাকৃষ্ণনেও সেও নামানি ধনৰ অভাৱ দূৰ কৰিবলৈ এক ভিক্ষা যাত্রা’ত ওলাল । এই ভিক্ষা যাত্রাই দানশীল ব্যক্তি আৰু সহানুভূতিশীল লােকৰ পৰা বেছ ভাল সঁহাৰিয়েই লাভ কৰিলে আৰু বিশ্ববিদ্যালয়ৰ আর্থিক অসুবিধা কিছু লাঘৱ হ’ল ।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত প্রত্যক্ষভাৱে জড়িত নহ’লেও ৰাধাকৃষ্ণন এই আন্দোলনৰ সমর্থক আছিল । তেওঁ যেনিবা ভাৰতৰ আত্মগৌৰৱ জগাই তােলা , ভাৰতক বিশ্বৰ সন্মুখত এক সম্মানজনক আসনত প্রতিষ্ঠা কৰাৰ যুদ্ধখন আন এক ফ্রন্ট’ত কৰিছিল । স্বাধীনতা আন্দোলনৰ মহান নেতা জাতিৰ পিতা মহাত্মা গান্ধী আৰু তেওঁৰ অহিংসা নীতিৰ প্ৰতি ৰাধাকৃষ্ণন বেছ আকৃষ্ট হৈছিল । মহা গান্ধীয়েও ৰাধাকৃষ্ণনৰ লগত এক সুসম্পর্ক ৰক্ষা কৰিছিল । ১৯৩৯ চনৰ ২ অক্টোবৰত মহা গান্ধীৰ ৭০ তম জন্মদিনৰ দিনা ৰাধাকৃষ্ণনে মহাত্মা গান্ধীৰ বিষয়ে ৰচনা বা মহাত্মা গান্ধী  ঃ এহেছ এণ্ড ৰিফ্লেছ ’ নামৰ কিতাপখন গান্ধীজীক উপহাৰ দিয়ে ।

মদন মােহন মালব্যদেৱে অন্ধ বিশ্ববিদ্যালয়ৰ দায়িত্বৰপৰা অব্যাহতি লােৱাৰ পাছত বিশ্ববিদ্যালয়খনে ৰাধাকৃষ্ণনকে এই বিশ্ববিদ্যালয়ৰ লগত আজীৱন যুক্ত হৈ থাকিবলৈ অনুৰােৰ কৰিলে । ৰাধাকৃষ্ণনেও এই অনুৰােধ ৰক্ষা কৰিলে । পাছত তেওঁ আনকি সুদূৰ ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ ‘ পাল্ডিং আসন’ত অধ্যাপনা । কৰি থাকোতেও ৰাধাকৃষ্ণনে সঘনাই অহা – যােৱা কৰি কেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ লগত তেওঁৰ সম্পর্ক অটুট ৰাখিছিল আৰু ১৯৪৮ চনৰ জানুৱাৰী মাহলৈকে এই বিশ্ববিদ্যালয়ৰ আচার্য পদত কার্যনির্বাহ কৰি আছিল । ড ৰাধাকৃষ্ণনে ঘনশ্যাম দাস । বিৰলা , মণিকেন পেটেল আৰু আন কেইজনমান সমাজকর্মীৰ লগত লগ হৈ কৃষ্ণপণ ছবিটি ট্রাষ্ট ‘ নামেৰে এক ট্রাষ্ট আৰম্ভ কৰিছিল । এই ট্রাষ্টে পাছলৈ । ভালেমান জনহিতমূলক কাম হাতত লৈছিল । এতিয়াও সক্রিয় হৈ থকা এই ট্রাকে আনকি অলপতে ( ২০০৭ চন ) বি কে বিৰলা ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এ টেকনলজি’ও স্থাপন কৰিছে ।

১৯৩৯ চনত আৰম্ভ হােৱা দ্বিতীয় মহাযুদ্ধ তুংগত থকা অৱস্থাত ১৯৪৫ দিন ৬ আৰু ১ আগষ্টত আমেৰিকা যুক্তৰাই জাপানৰ হিৰৰছিমা আৰু নাগাচাকিত পাৰমাণৱিক বােমা বিস্ফোৰণ ঘটায় আৰু সমগ্র বিশ্বই আগতে কাহানিও নেদেখা ভয়াৱহ পাৰমাণৱিক ধ্বংসলীলা প্রত্যক্ষ কৰে । মূলতঃ ইয়াৰ বাবেই ১৯৪৫ সৰ ১৫ আগষ্টত জাপানে আত্মসমর্পণ কৰাৰ ফলত দ্বিতীয় মহাযুদ্ধ হঠাতে শেষ হ’ল । দ্বিতীয় মহাযুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্ব শান্তি প্রতিষ্ঠাৰ বাবে এক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রয়ােজনীয়তা জৰুৰীভাৱে উপলব্ধি কৰা গ’ল । এই ক্ষেত্ৰত প্রথম মহাযুদ্ধ । পাছত গঠিত জাতিসংঘ অপ্রাসংগিক হৈ পৰা বাবে বিশ্বৰ তিনি প্রধান শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ , ছােভিয়েট ইউনিয়ন আৰু ইংলেণ্ডৰ উদ্যোগত ১৯৪৫ চনৰ অক্টোবৰত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা কৰা হয় । তাৰ পাছত ৰাষ্ট্ৰসংঘৰে ভিতৰুৱা এক আন্তৰাষ্ট্ৰীয় সংগঠন ইউনাইটেড নেছনছ এডুকেছ’নেল , ছায়েন্টিফিক এণ্ড কালছাৰেল অর্গেনাইজেছ ‘ ( চমুকৈ UNESCO ) বা ইউনেস্ক ) স্থাপন কৰা হয় । ব্রিটিছে ইয়াৰ বাবে ভাৰতৰ সদস্য হিচাপে মনােনীত কৰে সৰ্বপল্লী ৰাধাকৃষক । ১৯৪৬ চনত পেৰিছত অনুষ্ঠিত ইউনেস্ক’ৰ প্ৰথম অধিবেশনত অংশ গ্রহণ কৰি ৰাধাকৃষ্ণনে এখন । ঐক্যবদ্ধ বিশ্ব গঢ়ি তােলাত গুৰুত্ব আৰােপ কৰে ।

১৯৪৫ চনতে ইংলেণ্ডত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পট পৰিবর্তন ঘটে আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্রতি সহানুভূতিশীল শ্রমিক দল ক্ষমতালৈ আহে । শ্রমিক দল নেতা ক্লিমেন্ট এটলীৰ নেতৃত্বাধীন ব্রিটিছ চৰকাৰে স্পষ্ট ইংগিত দিলে । যে ভাৰতত ক্ষমতা হস্তান্তৰকৰণৰ ক্ষেত্ৰত প্ৰয়ােজনীয় ব্যৱস্থা লােৱা হ’ব । এই আশ্বাস লাভ কৰি গান্ধীজীয়ে আন্দোলন বন্ধ কৰিলে আৰু ব্রিটিছেও সহানুভূতিমূলক দৃষ্টিৰে প্রায় এক লাখ ৰাজনৈতিক কাৰাবন্দীক জেলৰ পৰা মুকলি কৰি দিলে । ১৯৪৬ চনৰ আৰম্ভণিতে ইংৰাজ চৰকাৰে এক শুভেচ্ছামূলক ভ্ৰমণৰ বাবে ভাৰতলৈ এক সর্বদলীয় সংসদীয় দল পঠিয়ায় । সেই চনৰে মাৰ্চ মাহত তিনিজন কেবিনেট । ভাৰতলৈ আহে । তেওঁলােকে কংগ্ৰেছ , মুছলিম লীগ আদি ৰাজনৈতিক দলৰ লগত ভাৰতক স্বাধীনতা প্রদান সম্পর্কত আলােচনা কৰে । এই আলােচনাত মহম্মদ আলি জিন্নাৰ নেতৃত্বাধীন মুছলিম লীগে ভাৰতৰ বিভাজন দাবী কৰে । কংগ্ৰেছে তাৰ বিৰােধিতা কৰিলে । কেবিনেট মিছনে এক তিনিৰীয় শাসন ব্যৱস্থা সৃষ্টি কৰি , তাত ‘ গ্রুপিং ‘ নামৰ এক নতুন ব্যৱস্থা ৰাখি আপােচ মীমাংসা কৰিবলৈ চেষ্টা কৰিলে । কিন্তু এই গ্রুপিং ব্যৱস্থায়গা কংগ্ৰেছ আৰু মুছলিম লীগক একেলগে সৈমান কৰিব নােৱাৰাত সেই প্ৰসংগৰ সিমানতে অন্ত পৰিল । গতিকে স্বাধীনতা লাভৰ ক্ষেত্ৰত ভাৰতৰ বিভাজন প্রায় অবশ্যম্ভাৱী হৈ দেখা দিলে ।

ভাৰতক দ্বিখণ্ডিত কৰি স্বাধীনতা প্রদানৰ বিষয়টোৱে ৰাধাকৃষ্ণকে বিচলিত কৰি তুলিছিল । এই বিষয়ে চর্চা হৈ থাকোতে ১৯৪৬ চনৰ ১৯ মার্চত ৰাধাকৃষ্ণনে । এই সম্পৰ্কত নিজৰ মতামত ব্যক্ত কৰি কৈছিল , “ ভাৰত যদি দ্বিখণ্ডিত হ’বলৈ হয় , তেন্তে এয়া পৰম দুর্ভাগ্যৰ কথা হ’ব । ” পাছে কিছুদিনৰ পাছত এই দুর্ভাগ্যজনক । ঘটনাই ঘটিল ।

বেছ কিছু বছৰ ধৰি ৰাধাকৃষ্ণনে বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচার্য আৰু অক্সফোর্ডৰ ‘ স্পাল্ডিং প্রফেছাৰ অফ ইষ্টার্ন ৰিলিজছ এণ্ড এথিক্স ’ হিচাপে দায়িত্ব পালন কৰিছিল । ১৯৪৬ চনৰ ১ এপ্রিলত তেওঁৰ এক প্রখ্যাত ভাষণৰ যােগেদি ৰাধাকৃষ্ণনে কৈছিল যে আধুনিক যুগত বিভিন্ন ধর্মসমুহে যদি নিজৰ অস্তিত্ব আৰু প্ৰভাৱ বজাই ৰাখিব খােজে , তেন্তে সেই ধর্মবােৰে নিজকে সুবিধাজনকভাৱে পৰিৱৰ্তিত কৰি ল’ব লাগিব ।

ভাৰত ব্রিটিছৰ অধীন হৈ থাকোতেই ভাৰতৰ বাবে যি বিশেষ কষ্টিটুরেন্ট এছেম্বলি ’ গঠন কৰা হৈছিল , সর্বপল্লী ৰাধাকৃষ্ণন তাৰ এজন সদস্য আছিল । ভাৰতে স্বাধীনতা লাভ কৰাৰ কিছুদিনৰ আগতে সেই এছেম্বলিয়েই সিদ্ধান্ত কৰে যে স্বাধীন ভাৰতৰ পতাকাত গেৰুৱা , বগা আৰু সেউজীয়া তিনিটা ৰং থাকিব আৰু মাজত থাকিব অশােক চক্র । ৰাধাকৃষ্ণনে এই ৰংকেইটা আৰু তাত সন্নিবিষ্ট অশােক চক্ৰৰ তাৎপৰ্যৰ বিষয়ে এক দার্শনিক ব্যাখ্যাও আগবঢ়াইছিল । স্বাধীনতাৰ সময়ত কনষ্টিটুরেন্ট এম্বেলিৰ এক বৈঠকত ৰাধাকৃষ্ণনে কৈছিল , “ যিহেতু আমাৰ কিছু দুর্বলতা আছে , গতিকে সুযােগসন্ধানী আন পক্ষবােৰে তাৰ সুযােগ ল’ব খুজিব । সেইবাবে আমি এক আত্মপৰীক্ষা কৰিব লাগিব আৰু আন্তৰিক প্রচেষ্টাৰে আমাৰ দুর্বলতাবোেৰ দূৰ কৰাৰ চেষ্টা কৰিব লাগিব ।

স্বাধীনতা লাভৰ পাছত

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হ’ল । এই উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুৰ ‘ ট্রাইট উইথ ডেষ্টিনি ‘ নামেৰে প্রখ্যাত ভাষণৰ পাছত ড ” সর্বপল্লী ৰাধাকৃষ্ণনেও ‘ দ্য ডউন অফ ফ্রীডম ‘ শিলােনামৰ এক বক্তৃতা প্রদান কৰিছিল । এই বক্তৃতাত তেওঁ কৈছিল , “ … যিসকল ভাৰতীয়ই এই ৰাষ্ট্ৰক পুনৰ নির্মাণ কৰিবলৈ এক পৰিবৰ্তন বিচাৰিছে , সেইসকলৰ বাবে আজিৰ দিনটো এক অতি তাৎপর্যপূর্ণ দিন । প্রতীক্ষাৰ দীঘল বাতি এতিয়া শেষ হ’ল , ভয়াৱহ ঘটনা আৰু নিৰৱ প্রার্থনাৰে ভৰা সেই ৰাতিৰ পাছত আমি স্বাধীনতাৰ দোকমােকালিত থিয় । দিছে । আমি পৰম উৎসাহেৰে এই স্বাধীনতাক স্বাগতম জনাইছে । শােষণ – নিষ্পেষণ দাসত্বৰ যুগৰ অৱসান ঘটাই আমি মুক্তিৰ পথত থিয় দিছে – এয়া আমাৰ বাবে নিঃসন্দেহে অতি আনন্দৰ মুহূর্ত ..। ” স্বাধীন ভাৰতৰ সংবিধান চূড়ান্ত কৰিবৰ বাবে যি সংবিধান পৰিষদ গঠন কৰা হৈছিল , ৰাধাকৃষ্ণা তাৰো সদস্য আছিল ।

স্বাধীন ভাৰতত ৰাধাকৃষ্ণনে ইউনেস্ক’ত ভাৰতক প্রতিনিধিত্ব কৰিছিল । অৱশ্যে তেওঁ ১৯৪৬ চনৰ পৰাই এই দায়িত্ব গ্রহণ কৰিছিল । ১৯৪৮ চনৰ ২ ডিচেম্বৰত সর্বপল্লী ৰাধাকৃষ্ণন ইউনেস্ক’ৰ কাৰ্যকৰী পৰিষদৰ সভাপতি হিচাপে অষ্ট্রেলিয়াৰ ই বােনাল্ড ৱাকাৰৰ স্থলাভিষিক্ত হয় । তেওঁ ১৯৫১ চনলৈকে ইউনেস্ক’ত ভাৰতৰ প্রতিনিধি দলৰ মূৰীৰ দায়িত্ব পালন কৰিছিল । ১৯৪৬ চনৰ ২১ জুনত ৰামকৃষ্ণ মিছনে মাদ্ৰাজৰ মাজমজিয়াৰ মাইলাপৰত ২০ একৰ ভূমিত স্বামী বিবেকানন্দৰ নামেৰে স্থাপন কৰা ৰামকৃষ্ণ মিছন বিবেকানন্দ কলেজ ‘ খন সর্মপল্লী নাসাকুনে । উদ্বোধন কৰে । ১৯৩৯ ৰ পৰা ১৯৪৮ চনৰ জানুৱাৰী মাহৰ মাজভাগী । ৰাধাকৃষ্ণনে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে কার্যনির্বাহ কৰিছি ।। ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন মহাত্মা গান্ধীৰ হত্যাৰ দুসপ্তাহ আগতেহে তেওঁ এই পদৰ পৰা অব্যাহতি লয় ।

ভাৰত স্বাধীন হােৱাৰ পাছত নেহৰু চৰকাৰে স্বাধীন ভাৰতত এক আনুল । শিক্ষা সংস্কাৰৰ প্ৰয়ােজনীয়তা উপলব্ধি কৰিলে আৰু পলম নকৰি ১৯৪৮ চনত বিশ্ববিদ্যালয় শিক্ষা আয়ােগ ’ গঠন কৰি দিলে । এই আয়ােগৰ নাম বিশ্ববিদ্যালয় । শিক্ষা আয়ােগ হ’লেও একেবাৰে প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে – সকলাে পর্যায়ৰে শিক্ষা নীতি , পাঠ্যক্রম আদিত উপযুক্ত পৰিবৰ্তন আনিবলৈ এই আয়ােগক কর্তৃত্ব দিয়া হৈছিল । জৱাহৰলাল নেহৰুৰ দৃষ্টিত এই আয়ােগৰ অধ্যক্ষ পদৰ বাবে সৰ্বপল্লী ৰাধাকৃষনতকৈ উপযুক্ত লােক আন কোনাে নাছিল আৰু ৰাধাকৃষ্ণনেও নেহৰুৰ নেতৃত্বাধীন ভাৰত চৰকাৰৰ অনুৰােধক্রমে এই শিক্ষা আয়ােগৰ অধ্যক্ষৰ দায়িত্ব বহন কৰে । ৰাধাকৃষ্ণনৰ নেতৃত্বত এই আয়ােগে প্রস্তুত কৰা শিক্ষা সংস্কারমূলক প্রতিবেদনে ভাৰতৰ শিক্ষা ব্যৱস্থাক এই দেশৰ প্ৰয়ােজন অনুসৰি গঢ় দিয়াত যথেষ্ট সহায় কৰিছিল । ভাৰতত শিক্ষা সংস্কাৰ সম্পৰ্কত ৰাধাকৃষ্ণনৰ মত আছিল এনে ধৰণৰ – ‘ গণতন্ত্ৰৰ সফলতা নিৰ্ভৰ কৰে উচ্চ মানদণ্ডৰ সাধাৰণ শিক্ষা , ভকেছনেল প্রশিক্ষণ আৰু বৃত্তিগত জ্ঞান তথা শিক্ষাৰ ওপৰত । এই লক্ষ্যত উপনীত হ’বৰ বাবে আমি ব্রিটিছৰ দিনৰ পৰা প্রচলিত শিক্ষা ব্যৱস্থাক পুনৰ গঠিত কৰি এক নতুন জ্ঞানৰ সন্ধান দিব পৰাকৈ তাক উপযুক্তভাৱে গঢ় দিব লাগিব ।

১৯৪৮ চনৰ ৩০ জানুৱাৰীত গান্ধীজীৰ নির্মম হত্যাই সকলে ভাৰতীয়ৰ লগতে সর্বপল্লী ৰাধাকৃষ্ণনকো অতি মর্মাহত কৰি তুলিছিল । এইজন মহাত্মাক তেওঁ অস্তৰৰ পৰা গভীৰ শ্রদ্ধা কৰিছিল । ১৯৪৮ চনৰ মাৰ্চ মাহত এছিয়ান হৰাইজন ’ নামৰ এক আলােচনীত মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰ বিষয়ে আলােচনা কৰি তেওঁ মন্তব্য কৰিছিল যে গান্ধীজীয়ে সমগ্র এছিয়াকে একতাৰ ডােলেৰে বন্ধাৰ যি সপােন দেখিছিল , সেই সপোেন সকলাে বিশ্ববাসীয়ে দেখা উচিত । আধ্যাত্মবাদৰ ক্ষেত্ৰতাে গান্ধীজী প্রাচীন যুগৰ মহাত্মাসকলৰ নিচেই কাষ চাপি যাবলৈ সক্ষম হৈছিল ।

১৯৪৮-৪৯ চনৰ কালছােৱাত ৰাধাকৃষ্ণনে চাৰিটা গুৰুত্বপূর্ণ দায়িত্ব চম্ভালিবলগীয়া হৈছিল । সেইকেইটা হ’ল – সংবিধান পৰিষদৰ সদস্য , ইউনেস্ক’ত ভাৰতীয় প্রতিনিধি দলৰ নেতা , বিশ্ববিদ্যালয় শিক্ষা আয়ােগৰ সদস্য , আৰু অক্সফোর্ড ‘ স্পাল্ডিং ’ অধ্যাপক ।

ছোভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে ৰাধাকৃষ্ণন

 ১৯৪৯ চনৰ শেষৰ ফালে ভাৰত চৰকাৰে সৰ্বপল্লী ৰাধাকৃষনক ছােভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্তি দিয়ে । ১৯৫২ চনলৈকে তেওঁ এই পদত কার্যনিবাহ কৰিছিল ।

ৰাধাকৃষক এই নিযুক্তি দিয়াক লৈ বহুতৰে স্ৰ থিয় হৈছিল । অৱশ্যে তাৰ যুক্তিযুক্ত কাৰণাে আছিল । ৰাধাকৃষ্ণন হ’ল এজন আদর্শবাদী দার্শনিক আৰু ইফালে হেভিয়েট ইউনিয়ন শাসক যােছেফ ষ্টেলিন এজন কটুবাদী কমিউনিষ্ট , যাৰ ওচৰত ধর্ম – দর্শনৰ কোনাে গুৰুত্বই নাই । এই পদত যােগদান কৰাৰ আগতে বৰােড়াত অনুষ্ঠিত এখন বৃহৎ ৰাজহুৱা সভাত ড ” সর্বপল্লী ৰাধাকৃষ্ণনে কৈছিল , “ . – অর্থনৈতিক সমতা , সামাজিক ন্যায় আৰু সৌহাদ্যৰ ক্ষেত্ৰত ভাৰত আৰু ৰাছিয়া – দুয়াে ৰাষ্ট্ৰৰ উপলব্ধি কম – বেছি পৰিমাণে একেই ।

ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে মস্কোলৈ যােৱাৰ আগতে ৰাধাকৃষ্ণন পেৰিছলৈ যায় আৰু ইউনেস্ক’ৰ কাৰ্যকৰী পৰিষদৰ সভাপতি পদৰ পৰা অব্যাহতি লয় । ইউনেস্ক’ত ভাৰতৰ এগৰাকী প্রতিনিধি মিছেছ ডিংৰা আৰু ফ্রান্স ভাৰতৰ ৰাষ্ট্রদূত চৰ্দাৰ সিং মালিকে তেওঁক পেৰিছত উষ্ণ অভ্যর্থনা জনায় । নিউয়র্ক টাইমছে বিশেষ গুৰুত্ব দি ৰাধাকৃষ্ণনৰ ছােভিয়েট ইউনিয়নত নিযুক্তি , ফ্রান্স ভ্রমণ আদিৰ বাতৰি প্ৰচাৰ কৰিছিল ।

ছোভিয়েট ইউনিয়নৰ মুখ্য প্রশাসক ষ্টেলিনে সাধাৰণতে বিদেশী কূটনীতিবিদ বা আনবিলাকৰ লগতে ঘনিষ্ঠ সম্পর্ক নাৰাখিছিল । পাছে ৰাধাকৃষ্ণনে ভাৰতৰ ৰাষ্ট্রদূত হিচাপে কার্যভাৰ গ্ৰহণ কৰাৰ পাছতে ১৯৫০ চনৰ ১৫ জানুৱাৰীত ষ্টেলিনে । এদিন ৰাধাকৃষ্ণনক তেওঁৰ কার্যালয় ক্রেমলিনলৈ মাতি পঠিয়ালে । ষ্টেলিনে ৰাধাকৃষ্ণনক মাতি পঠিওৱাটো এই কাৰণেই গুৰুত্বপূৰ্ণ কথা আছিল যে ষ্টেলিনে । সাধাৰণতে কোনাে বিদেশী কূটনীতিবিদক সাক্ষাৎ নকৰিছিল । ৰাধাকৃষ্ণন ষ্টেলিনৰ ওচৰলৈ গ’ল আৰু বিভিন্ন বিষয় সম্পর্কত কথা পাতিলে । যি ৰক্তক্ষয়ী সংগ্রাম তথা কঠোৰ শাভিমূলক ব্যৱস্থাৰ বাবে ষ্টেলিন বিখ্যাত আছিল , ৰাধাকৃষ্ণনে কথা প্রসংগত সেই বিষয়কে টানি আনি ষ্টেলিনক ক’লে , “ আমাৰ ভাৰতত অশােক নামৰ এজন সম্রাট আছিল , যি তেজেৰে ৰাঙলী হৈ পৰা এক যুদ্ধৰ পাছত অহিংসা । নীতিৰ মহত্ব উপলব্ধি কৰি যুদ্ধক বিসর্জন দিলে আৰু এজন সন্ত হৈ পৰিল । আপুনিও বহুকেইখন যুদ্ধত শক্তি প্রয়ােগ কৰি শেষত ক্ষমতালৈ আহিল । কি ঠিক আপােনাৰ ক্ষেত্ৰততা হয়তাে সেয়া হ’ব পাৰে । ” ষ্টেলিন কিন্তু ৰাধাকৃষ্ণনৰ কথাত মুঠেই অপ্রস্তুত নহ’ল বা তেওঁৰ খঙে নুঠিল । তেওঁ মুখত হাঁহিটো ৰাখিয়েই ক’লে , “ হয় , মাজে মাজে মিৰাকল ঘটেই । মই যােৱা পাঁচ বছৰ ধৰি ধর্মীয় কথাকে । চিন্তা কৰি আছে । তাৰ পাছত তেওঁলােক দুয়াে ভাৰত আৰু ছােভিয়েট ৰাছিয়াৰ মাজত বাণিজ্যিক সহযােগিতাৰ কথা পাতিলে আৰু এই ক্ষেত্ৰত এখন উচ্চস্তৰীয় । চুক্তি স্বাক্ষৰ কৰাৰ সিদ্ধান্ত ল’লে । মস্কো ৰেডিঅ’ই যথেষ্ট গুৰুত্ব দি এই সাক্ষাত্ৰাৰৰ কথা প্রচাৰ কৰিলে । তেওঁৰ কাৰ্যকালত ৰাধাকৃষ্ণনে ভাৰত আৰু ছোভিয়েট ইউনিয়ন মাজত দীর্ঘদিনীয়া সহযােগিতাৰ সম্পর্ক গঢ়ি তােলাত উল্লেখযােগ্য ভূমিকা পালন কৰিছিল ।

১৯৫০ চনৰ ২৬ জানুৱাৰীত স্বাধীন ভাৰতৰ নতুন সংবিধান বলবৎ কৰা হয় । এই নতুন সংবিধানৰ জৰিয়তে ভাৰতক এখন সার্বভৌম , গণতান্ত্রিক গণৰাজ্য হিচাপে ঘােষণা কৰা হয় । ইয়াৰ আন এটা অর্থ এয়ে হ’ল যে ব্রিটিছে পুর্বতে শাসন কৰা আন এখন ৰাষ্ট্র অষ্ট্রেলিয়াৰ দৰে ভাৰতৰ ৰাষ্ট্ৰমুৰী ৰাণী দ্বিতীয় এলিজাবেথ হৈ নাথাকিব , আৰু প্ৰাক – স্বাধীনতাৰ কালছােৱাত ভাৰতৰ কবি – সাহিত্যিক , দার্শনিক , বিজ্ঞানীসকলক নাইট ’ উপাধি প্রদান কৰাৰ দৰে এতিয়া আৰু কোনাে ভাৰতীয়ক । নাইট ’ উপাধি দিয়া নহ’ব । ভাৰতে নিজৰ ৰাষ্ট্রপতি , প্রধানমন্ত্রী আদিক ভাৰতীয়সকলৰ মাজৰ পৰাই নির্বাচন কৰি ল’ব আৰু কোনাে ভাৰতীয়ক সামৰিক – অসামৰিক সম্মান আদি দিবলগীয়া হ’লেও নিজাববীয়াকৈ প্ৰদান কৰিব ।

ছােভিয়েট ইউনিয়ন কৰ্মৰত হৈ থাকোতে ও ইউনেস্ক’ৰ লগত ৰাধাকৃষ্ণন । জড়িত হৈ আছিল আৰু তাৰ কার্যকৰী পৰিষদে বিভিন্ন বিষয়ত তেওঁৰ মতামত বিচাৰিছিল । ১৯৫০ চনত চীনত ৰাজনৈতিক অস্থিৰত চলি থাকোতে ইউনেস্কই । চীনত তেওঁলােকৰ কাম – কাজ চলাই থকা সম্পৰ্কত তেওঁৰ মত প্ৰকাশ কৰি ৰাধাকৃষ্ণনে কৈছিল যে চীনৰ ৪২৫ নিযুত জনগণৰ স্বার্থৰ হকে ইউনেস্ক ‘ ই গ্ৰহণ কৰা আঁচনি আৰু কর্মসূচীবােৰ চীনৰ জাতীয়তাবাদী । নেতাসকলে চলাই নিব নােৱাৰিব আৰু সেইসকলৰ হাতত এই দায়িত্ব পৰিলে । ইউনেস্ক’ৰ আঁচনিৰােৰ বিফল হােৱাৰ সম্ভাৱনাই বেছি । দিল্লীৰ কেন্দ্ৰীয় চৰকাৰেও কোনাে দেশৰ লগত গুৰুত্বপূর্ণ আলােচনা থাকিলে সেই আলােচনাত অংশ গ্রহণ কৰি নিজৰ দৃষ্টিভংগী প্রকাশ কৰিবৰ বাবে ৰাধাকৃষ্ণাক মস্কোৰ পৰা মতাই আনিছিল আৰু ৰাধাকৃষ্ণনেও তেনেদৰে ভাৰতৰ বাবে উপযুক্ত এক বৈদেশিক নীতি প্রস্তুত । কৰাত পণ্ডিত জৱাহৰলাল নেহৰু নেতৃত্বাধীন ভাৰত চৰকাৰক সহায় কৰিছিল ।

১৯৫১ চনত ‘ ফিলছফি ইষ্ট এণ্ড ৱেষ্ট ‘ নামৰ দৰ্শনৰ বৃহৎ কিতাপখনৰ প্ৰথম খণ্ড প্রকাশ পায় । এই গ্ৰন্থখনত গুৰুত্ব দিয়া হৈছিল ‘ দার্শনিক সংশ্লেষণ’ৰ ওপৰত । ড সর্বপল্লী ৰাধাকৃষ্ণন এই গ্ৰন্থখনৰ প্ৰণয়নৰ লগত ওতঃপ্রােতভাবে জড়িত আছিল । সেই চনৰে ডিচেম্বৰ মাহত ৰকফেলাৰ ফাউণ্ডেছনে ’ দিল্লী বিশ্ববিদ্যালয়ত ‘ প্রাচ্য আৰু পাশ্চাত্য দর্শন ’ সম্পৰ্কত এক সন্মিলনৰ আয়ােজন কৰে । তাত ৰাধাকৃষনৰ উপৰি দেশ – বিদেশৰ বহু সংখ্যক দার্শনিকে ভাগ লৈছিল ।

১৯৫২ চনৰ ২৫ মার্চত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকৰী কমিটিয়ে এক সিদ্ধান্ত গ্রহণ কৰিলে যে তেওঁলােকে আসন্ন ৰাষ্ট্রপতি পদৰ নিৰ্বাচনৰ বাবে ৰাজেন্দ্র প্রসাদক প্রার্থিত্ব দিব আৰু উপৰাষ্ট্রপতি পদৰ বাবে প্রার্থী হ’ব – ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন । গতিকে ৰাধাকৃষ্ণন ছোভিয়েট ইউনিয়নৰ পৰা ঘূৰি অহাটো নিশ্চিত হল ।

মস্কোৰ পৰা ভাৰতলৈ ঘূৰি অহা ঠিক আগতে ১৯৫২ চনৰ ৭ এপ্রিলত ষ্টেলিনে । ৰাধাকৃষ্ণনক আকৌ এবাৰ দেখা কৰিবলৈ ইচ্ছা কৰিলে । ৰাধাকৃষ্ণনে সেইবাৰ ষ্টেলিনক যথেষ্ট শেতা যেন দেখিলে । ষ্টেলিনৰ শৰীৰৰ হয়তাে ভাল নাছিল । সেই কঠোৰ । কমিউনিষ্টজনৰ প্রতি সহানুভূতিত ৰাধাকৃষ্ণনৰ মন উথলি উঠিছিল । তেওঁ ষ্টেলিনৰ পিঠিত হাত থৈ ষ্টেলিনক আশ্ব কৰাৰ চেষ্টা কৰিলে । ৰাধাকৃষনৰ এই বন্ধুত্বপূর্ণ । আচৰণত সেই কঠোৰ হৃদয়ৰ ষ্টেলিনাে অভিভূত হৈ পৰিল । ষ্টেলিনে তেওঁৰ হাতত হাত থৈ ক’লে , “ আপুনিয়েই প্রথম লােক , যি মােক দৈত্য বুলি ভাবি মানুহ হিচাপে গণ্য কৰিছে । আপুনি দীর্ঘজীবী হওক । মইহে আৰু বেছি দিন জীয়াই নাথাকিম ফেন পাইছো । ” ষ্টেলিনৰ লগত সেই আধাঘন্টীয়া সাক্ষাতৰ পাছত ৰাধাকৃষ্ণনে কৈছিল , “ তেওঁৰ লগত কথা – বতৰা পাতি মােৰ ভাৰ হৈছে যে বিভিন্ন আদর্শ দৃষ্টিভংগী আদিৰ পৰিপ্ৰেক্ষিততবহুধাবিভক্ত হৈপবর্তমান পৃথিৱীখনৰ দীর্ঘদিনীয়া সমস্যাসমুহ আলাপ আলােচনা আৰু এৰা – ধৰাৰ মাজেৰে সমাধান কৰিব নােৱাৰাৰ কোনাে কাৰণ নাই । ” এই সাক্ষাত প্রায় ছমাহৰ পাছতেই ষ্টেলিনৰ মৃত্যু হ’ল ।

স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্রপতি – সর্বপল্লী ৰাধাকৃষ্ণন

কংগ্ৰেছে বিচৰামতেই ড ° ৰাধাকৃষ্ণনে ছােভিয়েট ইউনিয়নৰ ৰাষ্ট্রদূত পদৰ পৰা ইস্তফা দিলে আৰু ১৯৫২ চনৰ ১৭ এপ্রিলত মস্কোৰ পৰা আহি দিল্লী পালেহি । অৱশ্যে তেওঁৰ আগমনৰ বাবে উৎসুকতাৰে ৰৈ থকা সাংবাদিকসকলৰ আগত তেওঁ কোনাে কূটনৈতিক বিষয় সম্পৰ্কত মন্তব্য দিয়াৰ পৰা বিৰত থাকিল । আনকি যােছে ষ্টেলিনৰ সৈতে তেওঁৰ সেই বহুচর্চিত সাক্ষাৎ সম্পর্কতাে তেওঁ কোনাে কথা নক’লে । তেওঁ মাত্র ক’লে যে এই সম্পৰ্কত তেওঁ প্রধানমন্ত্রী নেহৰুক এক প্রতিবেদন দিব ।

১৯৫২ চনৰ ১৯ এপ্রিলত ভাৰত চৰকাৰে এক চিঠিৰ যােগেৰে জনালে যে । চৰকাৰে দুখেৰে সৈতে ৰাধাকৃষ্ণনে ছােভিয়েট ইউনিয়নৰ ৰাষ্ট্রদূত পদৰ পৰা অব্যাহতি বিচাৰি প্ৰেৰণ কৰা পদত্যাগ পত্ৰখন গ্ৰহণ কৰিছে । কংগ্ৰেছ দলে ভাৰতৰ প্রথম ৰাষ্ট্রপতি আৰু উপ – ৰাষ্ট্রপতি পদৰ বাবে হ’বলগীয়া নির্বাচনত ড ” ৰাজেন্দ্র প্রসাদ আৰু ড ° সৰ্বপল্লী । ৰাধাকৃষনৰ প্রার্থিত্বত সমর্থন আগবঢ়োৱাত তেওঁলােকৰ জয় । নিশ্চিত আছিল । সেই সময়ত ৰাজনৈতিক দল বুলিলে একমাত্র কংগ্ৰেছ দলেই আছিল বুলি ক’লেও বঢ়াই কোৱা নহয় । আন কেইটামান দল থাকিলেও সেইবােৰৰ প্ৰভাৱ নিচেই কম আছিল ।

সেই চনৰে মে ‘ মাহত ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম গৰাকী উপৰাষ্ট্রপতি হিচাপে নির্বাচিত হ’ল ।

উপ – রাষ্ট্রপতি পদৰ বাবে অন্ধ্র প্রদেশৰ নান্দিয়ালৰ জনাব শেখ আদিৰ হুছেইনেও মনােনয়ন পত্র দাখিল কৰিছিল যদিও সেই মনােনয়ন অগ্রাহ্য হােৱাত এই পদৰ বাবে প্রার্থী এজনেই , মানে ড ° সৰ্বপল্লী ৰাধাকৃষ্ণনেই থাকিল । ২৫ এপ্রিলত বিটানিং বিষয়া এম.এন. কৌলে ভাৰতৰ প্রথম নির্বাচিত উপ – ৰাষ্ট্রপতি হিচাপে ৰাধাকৃষনৰ নাম ঘােষণা কৰিলে । ১৩ মে’ত ৰাধাকৃষ্ণনে কার্যভাৰ গ্ৰহণ কৰে । উপ – রাষ্ট্রপতি হিচাপে তেওঁ ৰাজ্যসভাৰ অধ্যক্ষৰ দায়িত্বও ল’বলগীয়া হৈছিল । ৰাজ্যসভাত শাসক – বিৰােধী দুয়াে পক্ষৰ তর্ক – বিতর্কত যেতিয়া পৰিৱেশ উত্তপ্ত হৈ উঠে , তেতিয়া ৰাধাকৃষ্ণনে প্রায়েই সংস্কৃতৰ প্ৰাসংগিক শ্লোক একোটা আবৃত্তি কৰি বা বাইবেলৰ কথাৰ উদ্দতিৰে পৰিৱেশ শান্ত কৰাৰ চেষ্টা কৰিছিল । ৰাধাকৃষনৰ এই বিশেষত্বৰ কথা উল্লেখ কৰি নেহৰুৱে পাছত কৈছিল , “ ৰাধাকৃষ্ণনে যেনেদৰে ৰাজ্যসভাৰ বৈঠকসমূহ পৰিচালনা কৰে যে সেয়া তর্ক – বিতর্কৰ থলী নহৈ এক পাৰিবাৰিক অনুষ্ঠান যেনহে হৈ পৰে ।

১৯৫২ চনৰে ২৫ নৱেম্বৰত দিল্লীত ‘ পৰিকল্পিত সন্তান জন্ম বিষয়ত এক আন্তর্জাতিক সন্মিলন আৰম্ভ হয় । বিশ্বৰ ১৪ খন অ – কমিউনিষ্ট দেশৰ ৪২৫ জন প্রতিনিধিয়ে অংশ গ্রহণ কৰা এই সন্মিলনৰ আৰম্ভণি অনুষ্ঠানত ভাৰতৰ উপ ৰাষ্ট্ৰপতি ড ° সৰ্বপল্লী ৰাধাকৃষ্ণনেও ভাগ লৈছিল । এই সন্মিলনত তেওঁ দিয়া । ভাষণত ৰাধাকৃষ্ণনে দেশৰ সৰ্বাংগীন উন্নতিৰ বাবে জন্ম নিয়ন্ত্ৰণত গুৰুত্ব দিবলৈ । আহ্বান জনায় । তেওঁ কয় যে ৰাষ্ট্ৰসংঘ আৰু ইউনেস্কয়াে এই ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ কথা কৈছে আৰু দেশসমূহে সেই সুবিধা গ্রহণ কৰা উচিত ।

এক সংকটময় সময়ত ছােভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে কার্যনির্বাহ কৰাৰ অভিজ্ঞতা সম্পৰ্কত সর্বপল্লী ৰাধাকৃষ্ণন প্রায়ে সাংবাদিক ৰা আন ৰাজনৈতিক নেতাৰ প্ৰশ্নৰ সন্মুখীন হৈছিল । তেওঁ স্পষ্টভাৱে কৈছিল যে ছােভিয়েট ইউনিয়ন কটোৱা আঢ়ৈ বছৰ কালছােৱাৰ কোনাে সময়তে তেওঁক বা ভাৰত চৰকাৰক ৰাছিয়াৰ কোনাে এজন নেতায়াে প্রত্যক্ষ বা পৰােক্ষ হেঁচা দিয়া নাছিল যে ভাৰতে তেওঁলােকৰ আদৰ্শ অর্থাৎ কমিউনিষ্ট আদর্শ গ্রহণ কৰিব লাগে বা তেওঁলােকৰ কামবােৰ সমর্থন কৰিব লাগে । দুয়াে পক্ষই কেৱল পাৰস্পৰিক সহযােগিতা , বাণিজ্য । আদিৰ ক্ষেত্ৰতহে গুৰুত্ব দিছিল ।

১৯৫৩ চনৰ পৰা ১৯৬২ চনলৈকে সর্বপল্লী ৰাধাকৃষ্ণনে দিল্লী বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ দায়িত্বও বহন কৰিছিল ।

বৈদেশিক সম্পর্ক ৰক্ষাৰ দায়িত্বত ৰাধাকৃষ্ণন

১৯৫৩ চনৰ মে ’ মাহত ভাৰতৰ উপ – ৰাষ্ট্রপতি ড ° ৰাধাকৃষ্ণন এক দীঘলীয়া ভ্রমণসূচী লৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় । কিছুদিন আগলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘােৰ শত্ৰু ৰাষ্ট্ৰ ছােভিয়েট ইউনিয়নত কৰ্মৰত হৈ থাকি ষ্টেলিনৰ দৰে নেতালে দৃষ্টি – মনােযােগ আকৰ্ষণ কৰিবলৈ সক্ষম হােৱা ড ° ৰাধাকৃষ্ণনৰ আমেৰিকা ভ্রমণে কূটনৈতিক জগতত উৎসুকতাৰ সৃষ্টি কৰিছিল । পাছে ৰাধাকৃষ্ণনে কোনাে গােষ্ঠীভুক্ত নহৈ বিশ্বৰ সকলাে দেশৰ লগত ভাৰতে সুসম্পর্ক স্থাপন কৰাত বা তেনে সম্পর্ক অক্ষুন্ন ৰখাত বেছি গুৰুত্ব দিছিল । প্রধানমন্ত্রী হােৱাৰে পৰা বৈদেশিক পৰিক্ৰমা বিভাগৰৰ দায়িত্ব লৈ থকা প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে এক উপযুক্ত বৈদেশিক নীতি গ্রহণ কৰাৰ ক্ষেত্ৰত ৰাধাকৃষ্ণনৰ লগত সততে আলোচনা কৰিছিল আৰু বাধাকৃষ্ণনেও নেহৰুক এই নীতিসমূহ ৰূপায়িত কৰাত হাতে – কামে সহায় কৰিছিল । আমেৰিকা যুক্তৰাষ্ট্রৰ লগতে এক সুসম্পর্ক ৰক্ষা কৰাটো যে একঅতি প্রয়ােজনীয় কথা , সেয়া এই দুয়ােজন নেতাই উপলব্ধি কৰিছিল আৰু ৰাধাকৃষ্ণনৰ আমেৰিকা । যুক্তৰাষ্ট্র ভ্রমণ এনে এক প্রচেষ্টাৰে অংশ আছিল । আমেৰিকা যুক্তৰাষ্ট্ৰত থকা সময়ছােৱাত ৰাধাকৃষ্ণনে দুয়াে দেশৰ বাবে স্পর্শকাতৰ বিষয়বােৰৰ সম্পৰ্কত বিশেষ মন্তব্য কৰা নাছিল । বৰং এই ভ্রমণক ৰাজনৈতিক ৰূপ দিয়াতকৈ এক শৈক্ষিক আৰু সাংস্কৃতিক ৰূপ দিয়াতহে গুৰুত্ব দিছিল । ভাৰতৰ ৰাষ্ট্ৰপতিৰ উপৰি ড ° ৰাধাকৃষ্ণনৰ দার্শনিক , শিক্ষাবিদ আদি হিচাপে বিশেষ খ্যাতি আছিল বাবে এই ক্ষেত্ৰত সুবিধা হৈছিল । আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি আইছেহাৱাৰক শুভেচ্ছামূলক সাক্ষাৎ কৰাৰ পাছত ৩ জুনত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায় আৰু তাৰ সভাপতি ড ” গ্ৰেছন কিৰ্কৰ লগত পাছৰ বছৰ কলম্বিয়া বিশ্ববিদ্যালয়ে পালন কৰিবলগীয়া দুশ । বছৰীয়া জয়ন্তীত ভাৰতৰ অংশ গ্রহণ সম্পৰ্কত আলােচনা কৰে । নিজৰ এক অৰাজনৈতিক পৰিচয়ে থকা বাবে ৰাধাকৃষ্ণনে এনে অৰাজনৈতিক আলােচনাবােৰত সততে আৰু সহজে ভাগ ল’ব পাৰিছিল । তদুপৰি তেওঁ তেতিয়াও ইউনেস্কৰ গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰি আছিল আৰু ইউনেস্কৰ দ্বাৰা অনুষ্ঠিত সভা সমিতিত অংশ গ্রহণ কৰিছিল । ১৩ জুনত তেওঁ হাৱার্ড বিশ্ববিদ্যালয়ৰ ৬১৯ জন স্নাতক ছাত্ৰৰ আগত এক সুন্দৰ আধ্যাত্মিক বক্তৃতা প্রদান কৰে । সেই দিনাই কমনৱেলথ । ক্লাব’ত অনুষ্ঠিত আন এক সভাত পাছে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে এক মৃদু অভিযােগাে কৰি কয় যে এই ৰাষ্ট্ৰৰ কিছুমান কামে মাজে মাজে এই ক্ষেত্ৰত সন্দেহৰ সৃষ্টি কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰই গণতন্ত্রত সম্পূৰ্ণৰূপে আস্থা ৰাখে ইয়াৰ সুৰক্ষাৰ বাবেই এই ৰাষ্ট্ৰই কাম কৰি গৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰত থকা সময়ছােৱাত তাৰ চলচ্চিত্র উদ্যোগৰ তৰফৰ পৰা তেওঁৰ সম্মানার্থে এক ভােজ মেলৰ আয়ােজন কৰা হয় । সেই ভোেজ মেলত দিয়া ভাষণত তেওঁ কৈছিল , “ মই বিশ্বাস কৰে যে দুখন দেশৰ মাজত এক বন্ধুত্বমূলক সম্পর্ক সৃষ্টি কৰাৰ ক্ষেত্ৰত চিনেমাই গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে ।

২২ জুনত নর্থ ৱেষ্টার্ন ইউনিভাৰ্চিটিৰ ইভানষ্টন চৌহদত ড ° সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ বিলিজন ইন দ্য মডার্ন ৱ ‘ বিষয়ত এক বক্তৃতা প্রদান কৰে । ২৭ বছৰ আগতে এই আমেৰিকাৰে চিকাগাে বিশ্ববিদ্যালয়ত ৰাধাকৃষ্ণনে তুলনামুলক ধৰ্মৰ বিষয়ে এক জ্ঞানগভীৰ বক্তৃতা দিছিল । সময় পাৰ হৈ গ’লে কি হ’ব ? সেই একেই সুন্দৰ , সুলিখিত ভাষণ ।

আমেৰিকা ভ্রমণ সমাপ্ত কৰি ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন যুগােশ্লাভিয়ালৈ এক দুদিনীয়া ভ্ৰমণৰ বাবে যায় । তাত ২২ জুলাইত দিয়া এক ভাষণত তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰসংঘৰ চনদখনত কিছু সংশােধন কৰাৰ প্ৰয়ােজন আছে আৰু তেওঁ আশা প্রকাশ কৰে যে ১৯৫৫ চনত হ’বলগীয়া সংশােধনীত সেই সংশােধনবােৰ কৰি ল’ব পৰা যাব । তাত তেওঁ ‘ ছার্বিয়ান একাডেমী অফ ছায়েন্স’ৰ এখন সততা বক্তব্য ৰাখে ।

ৰাধাকৃষ্ণনে বিশ্বাস কৰিছিল যে বিশ্বত শান্তি প্রতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানৰ প্ৰয়ােজন আছে । ৰাষ্ট্ৰসংঘৰ লক্ষ্য – উদ্দেশ্য সম্পর্কত ৰাধাকৃষ্ণনে সময়ে সময়ে গুৰুত্বপূর্ণ মন্তব্য কৰি আহিছিল । ১৯৫৩ চনৰ ২২ জুলাইত তেওঁ এই প্রসংগত কৈছিল যে নিপীড়িত মানুহে যাতে আঞ্চলিক আৰু বিশ্ব শান্তি বিঘ্নিত নােহােৱাকৈ তেওঁলােকৰ ন্যায্য অধিকাৰ সাব্যস্ত কৰিবৰ বাবে এক ৰক্তহীন বিপ্লৱ । কৰিব পাৰে , সেয়া নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰসংঘই সেই লােকসকলক সহায় কৰিব লাগে আৰু তেনে কাম কৰাটো ৰাষ্ট্ৰসংঘৰ অন্যতম কর্তব্য হােৱা উচিত ।

ভাৰতৰ বৈদেশিক নীতিক পৰিপৰ্ক আৰু স্পষ্ট কৰাৰ বাবে উপ – ৰাষ্ট্রপতি হৈ থকা সময়তে ৰাধাকৃষ্ণনে মাজে মাজে আন দেশৰ লগত বাদানুবাদত লিপ্ত হ’বলগীয়া হৈছিল । ১৯৫৩ চনৰ ২৫ অক্টোবৰত এটা বিবৃতিত তেওঁ অভিযােগ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই শীতল যুদ্ধৰ ক্ষেত্ৰত ভাৰতৰ নীতি বুজা নাই বা যদি বুজিছেও , তেন্তে নুবুজাৰ ভাও ধৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰই অভিযােগ কৰাৰ দৰে ভাৰতে কোনাে কমিউনিষ্ট সমর্থক নীতি গ্রহণ কৰা নাই , বৰং এক নিৰপেক্ষ নীতিহে গ্ৰহণ কৰিছে ।

১৯৫৪ চনৰ ৰাধাকৃষ্ণনে ভাৰত ৰত্ন সন্মান লাভ কৰে এই সন্মান লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় আছিল । তেওঁৰ লগতে চক্ৰৱৰ্তী ৰাজাগােপালচাৰী আৰু চন্দ্ৰশেখৰ ভেংকট ৰমনেও এই সন্মান লাভ করে । প্রায় এক সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাধাকৃষ্ণনৰ দর্শন সম্পৰ্কত ‘ দ্য ফিলছফি অফ ড ° ৰাধাকৃষ্ণন নামৰ ৮৮৩ পৃষ্ঠাৰ এক সুবৃহৎ গ্রন্থ প্রকাশ পায় ।

১৯৫৪ চনৰ ১৮ অক্টোবৰত সৰ্বপল্লী ৰাধাকৃষ্ণনে দৰ্শনৰ ক্ষেত্ৰত তেওঁৰ বিশেষ কৃতিত্বৰ বাৰে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সম্মানীয় ডক্টৰেট ডিগ্রী লাভ । কৰে । এই সম্মান প্রদান কলা অনুষ্ঠানত সম্মানীয় অতিথি হিচাপে উপস্থিত আছিল । ইংলেণ্ডৰ ৰাজমাতৃ এলিজাবেথ । সেইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰােতে সর্বপল্লী । ৰাধাকৃষ্ণনে পুনৰ ৰাষ্ট্রপতি আইছেনহ্যবাৰক লগ কৰে আৰু তেওঁক ভাৰতৰ সহাবস্থান নীতিৰ বিষয়ে ব্যাখ্যা কৰে । ইয়াৰ আগতে ৰাধাকৃষ্ণনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্রপতি বিচার্ড নিক্সনকে  সাক্ষাৎ কৰে ।

স্বাধীনতা লাভৰ পাছৰে পৰা ভাৰতৰ বিভিন্ন ঠাইত মাজে মাজে হৈ থকা সাম্প্রদায়িক সংঘর্ষববাৰে ৰাধাকৃষ্ণনক বিচলিত কৰি তুলিছিল । ১৯৫৬ চনৰ ২৩ চনৰ জানুৱাৰীত জৰ্ব্বলপুৰত অনুষ্ঠিত এক ৰাজহুৱা সভাত ভাষণ দিতে তেওঁ এনে ঘটনাৰ প্ৰসংগ উল্লেখ কৰি কয় যে সাম্প্রদায়িক সংঘৰ্যৰ ঘটনাৰবাৰে কাৰাে । উদ্দেশ্য সিদ্ধি নকৰে , বৰং এনে ধৰণৰ সাম্প্রদায়িক সংঘৰ্যৰ বাতৰিয়ে নিজৰ দেশত ভাৰতীয় লােকসকলৰ মর্যাদা হ্রাসহ কৰে আৰু বিশ্বৰ সন্মুখত ভাবতে এখন সভ্য দেশ হিচাপে লজ্জাত শিৰােনত হ’বলগীয়া হয় ।

১৯৫৬ চনৰ ৭ জুনত চাৰিদিনীয়া এক শুভেচ্ছামূলক ভ্ৰমণৰ বাবে ৰাধাকৃষ্ণন । চেকোশ্লোভাকিয়াত উপস্থিত হয় । সেই সময়ত এই দেশ আছিল পূর্ব ইউৰােপৰ এখন কমিউনিষ্ট দেশ । ৰাধাকৃষনে এই দেশ প্রিমিয়াৰ ভিলিয়াম ছিলােকিক লগ । ধৰে আৰু অর্থনৈতিক সহযোগিতা সম্পৰ্কত আলােচনাত মিলিত হয় । সেই সময়ত কেন্দ্রীয়ভাৱে পৰিকল্পিত এক অর্থনীতিৰ সহায়ত চোকোশ্লোভাকিয়াই যথেষ্ট । অর্থনৈতিক প্রগতি লাভ কৰিবলৈ সক্ষম হৈছিল ।

চোকোশ্লোভাকিয়া ভ্ৰমণৰ ঠিক পাছতে সেই চনৰে ১৬ জুনত ৰাধাকৃষ্ণ চৰকাৰী ভ্রমণসূচী লৈ হেভিয়েট ইউনিয়নৰ মস্কোত উপস্থিত হয় । ইয়াৰ আগতে আঢ়ৈ বছৰ ৰাধাকৃষন ছােভিয়েট ৰাছিয়াত ৰাষ্ট্রদূত হিচাপে থাকিলেও ভাৰতৰ উপ ৰাষ্ট্রপতি হিচাপে সেয়া আছিল তেওঁৰ প্ৰথম ভ্রমণ । ৰাছিয়াত ইতিমধ্যে ষ্টেলিনৰ | যুগৰ অৱসান ঘটিছিল । ৰাধাকৃষ্ণণৰ সেই ভ্ৰমণৰ সময়ত তাৰ প্রিমিয়াৰ আছিল নিকোলাই বুলগানিন আৰু কমিউনিষ্ট দলৰ সভাপতি আছিল নিকিটা খুশ্চেভ । ছেভিয়েট ইউনিয়নৰ নীতিৰৰ কিছু পৰিবর্তন ঘটিছিল , যিটো ৰাধাকৃষ্ণদাৰ দৃষ্টিত স্পষ্টভাৱে দেখা দিছিল । নতুন চৰকাৰে ষ্টেলিনৰ বহু নীতিকে সমর্থন কৰা নাছিল ।

১৯৫৬ চনৰ ২৬ মে’ত মাদ্রাজত ৰাধাকৃষনৰ পত্নী শিবকামুআম্মাৰ বিয়ােগ ঘটে । পত্নীৰ মৃত্যুৰ সময়ত ৰাধাকৃষ্ণন পত্নীৰ কাষত নাছিল । তেওঁ দিল্লীতে আছিল আৰু তাত এক বৌদ্ধ সন্মিলন উদ্বোধন কৰাৰ কথা আছিল । পাছে তেওঁ সেই কাম এৰি লৰালৰিকৈ মাদ্রাজলৈ আহে আৰু পত্নীৰ সৎকাৰত ভাগ লয় ।

১৯৫৬ চনৰ ২৩ ডিচেম্বৰত ৰাধাকৃষ্ণনে কাশ্মীৰৰ ৭৩০০ ফুট উচ্চতাত থকা বানিহাল গিৰিপথ সুৰংগ উদ্বোধন কৰে । ইয়াৰ যােগেদি কাশ্মীৰৰ বিবদমান ভূমিৰ লগত প্ৰথমবাৰৰ বাবে সকলো সময়তে খােলা থাকিব পৰা এক স্থল । সংযােগ ব্যবস্থা প্রতিষ্ঠিত হ’ল ।

উপৰাষ্ট্রপতি হিচাপে দ্বিতীয়টো কার্যকাল

১৯৫৭ চনত উপ – ৰাষ্ট্রপতি পদৰ বাবে হােৱা নিৰ্বাচনত কংগ্ৰেছ দলে আকৌ ড ° সৰ্বপল্লী ৰাধাকৃষ্ণনকে প্রার্থিত্ব দিলে । এইবাৰ অৱশ্যে আন কোনাে প্রার্থী তেওঁৰ বিৰুদ্ধে থিয় হােৱা নােছিল আৰু বিটানিং বিষয়া তথা লােকসভাৰ সচিব এম , এন , কৌলে ২৩ এপ্ৰিলত ৰাধাকৃ যন উপরাষ্ট্রপতি হিচাপে নির্বাচিত হােৱাৰ কথা ঘােষণা কৰে । সেই চনৰে ১৩ মে ‘ ত । ৰাধাকৃষ্ণনে দ্বিতীয়বাৰৰ বাবে ভাৰতৰ উপ ৰাষ্ট্রপতি হিচাপে কার্যভাৰ গ্ৰহণ কৰে । তেনেদৰে ড ° ৰাজেন্দ্র প্রসাদো দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি নির্বাচিত হয় । অৱশ্যে ৰাজেন্দ্র প্রসাদৰ বিৰুদ্ধে দুজন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছিল , যি । ড ° সৰ্বপল্লী ৰাধাকৃষ্ণল ৩২ সামান্য সংখ্যক ভোটহে পাইছিল ।

১৯৫৭ চনৰে ছেপ্তেম্বৰ মাহত ৰাধাকৃষ্ণ চীন ভ্ৰমণৰ বাবে যায় । তাত কমিউনিষ্ট পার্টিৰ সভাপতি আৰু চীনৰ মূল প্রশাসক চেয়াৰমেন মাও চে ডতে তেওঁক উষ্ণ আদৰণি জনায় । মাও চে ডঙে তেওঁৰ সন্মানার্থে দিয়া আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ প্ৰায় সকলাে বৰমুৰীয়া উপস্থিত থকা এটা পার্টিত ৰাধাকৃষ্ণনে । মাও চে ডঙৰ লগত অনানুষ্ঠানিকভাবে কথা পাতােতে কৈছিল , “ চেয়াৰমেন , মই আপােনাৰ লগত যেনেদৰে কথা পাতিছাে , ষ্টেলিন বা পােপৰ লগত একেই ধৰণে কথা পাতিছিলাে । ”

১৯৫৮ চনৰ মে ‘ মাহত ৰাধাকৃষ্ণনে পুনৰ আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ কৰে । তাত ২২ মে’ত তেওঁ চিকাগাে অঞ্চলৰ বিশ্ববিদ্যালয়বােৰৰ বার্ষিক ডিনাৰত বক্তা হিচাপে ভাষণ দিয়ে । ২৮ মে’ত ক্লেভলেণ্ডত ‘ কাউন্সিল অফ ৱর্ল্ড এফেয়াছে , অনুষ্ঠিত কৰা বার্ষিক নিউটন বেকাৰ ‘ বক্তৃতা অনুষ্ঠানত ভাষণ দি ৰাধাকৃষ্ণনে কয় যে বিশ্ব শান্তিৰ বাবে ধর্ম বৰ প্ৰয়ােজনীয় বিষয় আৰু সকলাে ধৰ্মই মানুহক এক নৈতিক আৰু সৎ জীবন যাপন কৰিবলৈ অনুপ্রাণিত কৰা উচিত ।

১৯৫৮ চনত দক্ষিণ ভাৰতত হিন্দী ভাষা প্রচলন কৰিবৰ বাবে প্রচেষ্টা আৰম্ভ হয় । চক্ৰৱৰ্তী ৰাজাগােপালাচাৰীয়ে তেওঁ মাদ্ৰাজৰ মুখ্যমন্ত্ৰী হৈ থাকোতে দক্ষিণ ভাৰতীয়সকলে হিন্দী অধ্যয়ন কৰাত গুৰুত্ব দিছিল । কিন্তু সর্বপল্লী ৰাধাকৃষ্ণনে এনেকৈ জোৰকৈ হিন্দী ভাষা জাপি দিয়াৰ বিৰােধিতা কৰিছিল ।

১৯৫৮ চনৰে ২ এপ্রিলত ড ° সৰ্বপল্লী ৰাধাকৃষ্ণম এক শুভেচ্ছামূলক ভ্ৰমণৰ কাৰ্যসূচী লৈ আহি লছ এঞ্জেলছত উপস্থিত হয় । পাছে তেওঁ আন্তজাতিক শক্তি ৰাজনীতি সম্পৰ্কত কোনাে মন্তব্য কৰিবলৈ মান্তি নহ’ল । ৰাধাকৃষ্ণনে কেৱল ক’লে যে তেওঁ বিশ্ব শাস্তিৰ পােষকতা কৰে । হিন্দু দর্শন সম্পৰ্কত এক ভাষণ প্রদান কৰি তেওঁ কয় যে হিন্দু দর্শনে মানুহক সামান্য প্রাপ্তিতে সন্তুষ্ট হ’বলৈ শিকায় । আৰু সেয়ে এজন দুখীয়া হিন্দুও মানসিকভাৱে বেছ সুখী ।

ৰাধাকৃষ্ণন উপ – ৰাষ্ট্রপতি হৈ থাকোতে ১৯৬০ চনৰ মাৰ্চত ইজিপ্টৰ ৰাষ্ট্রপতি গামাল নাছে ভাৰত ভ্রমণলৈ আহে । নাছেৰৰ লগত ৰাধাকৃষ্ণনে গােষ্ঠী নিৰপেক্ষ আন্দোলন সম্পৰ্কত আলােচনাত মিলিত হৈছিল । এই সময়ছােৱাতে ভাৰত – চীন সীমা বিবাদে দুয়াে দেশৰ মাজত তিক্ততাৰ সৃষ্টি কৰিছিল । বিশেষকৈ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ নেফাত ( এতিয়াৰ অৰুণাচল ) চীনৰ লগত ভাৰতৰ সীমা বিবাদ আৰম্ভ হৈছিল । ৰাধাকৃষ্ণনে এই বিবাদ দূৰ কৰিবলৈ প্ৰচেষ্টা চলাইছিল আৰু এই ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰখাটো বিচাৰিছিল । ভাৰতৰ গৃহ সচিব পিল্লায়েও তেওঁক আশ্বস্ত কৰিছিল যে চীন দেশেও আলাপ আলােচনাৰ যােগেদিয়েই এই সমস্যাৰ সমাধান বিচাৰে । ১৯৬০ চনৰ এপ্রিলত চীন প্রধানমন্ত্রী চৌ এন লাই ভাৰত ভ্রমণলৈ আহােতে ৰাধাকৃষ্ণনে তেওঁৰ লগত এই সীমা বিবাদৰ বিষয়েও আলােচনা কৰিছিল ।

১৯৬১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ – ৰাষ্ট্রপতি জনছন সপত্নীক ভাৰত ভ্রমণলৈ আহে আৰু ৰাধাকৃষ্ণনৰ লগত চমু আলােচনাত মিলিত হয় । ১৯৬১ চনতে দিল্লীত সপ্তাহজোৰা এক আন্তর্জাতিক চলচ্চিত্র মহােৎসৱ অনুষ্ঠিত হয় । তাত বিশ্বৰ ৩৯ খন দেশৰ আৰু লগতে ৰাষ্ট্ৰ সংঘৰৰ মুঠ চল্লিছখন কাহিনী চলচ্চিত্ৰ আৰু পঞ্চাছখন চুটি চলচ্চিত্র প্রদর্শিত হয় । এই চলচ্চিত্রসমূহ ভাৰতত চেন্সৰ নকৰাকৈয়ে প্রদর্শন কৰা হৈছিল । ৰাধাকৃষ্ণনে এই চলচ্চিত্র মহােৎসব উদ্বোধন কৰিছিল ।

ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি সর্বপল্লী ৰাধাকৃষ্ণন

 ১৯৬২ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে উপ ৰাষ্ট্রপতি সর্বপল্লী ৰাধাকৃষনক প্রার্থিত্ব আগবঢ়াবলৈ অনুৰােধ কৰি তেওঁৰ প্রতি দলৰ সমর্থনৰ কথা ঘােষণা কৰে । ৰাধাকৃষ্ণনেও এই ক্ষেত্ৰত সম্মতি প্রদান কৰিলে । ভাৰতৰ ৰাষ্ট্রপতি পদটো দলবিহীন ’ পদ হােৱা বাবে ৰাধাকৃষ্ণনে অৱশ্যে নির্দলীয় হিচাপেই এই নির্বাচন প্রতিদ্বন্দ্বিতা কৰিছিল । তেওঁৰ বিৰুদ্ধে প্রদ্বিন্দ্বিতা আগবঢ়াইছিল । চৌধুৰী হৰি ৰাম আৰু যমুনা প্রসাদ ত্রিভুলিয়াই । নির্বাচনৰ ফলাফল ওলােৱাৰ পাছত দেখা গ’ল যে মুঠ ৫,৬২,৯৪৫ টা ভােটমূল্যৰ ভিতৰত ৰাধাকৃষ্ণনে ৫,৫৩,০৬৭ টা ভােটমূল্য লাভ কৰিছে আৰু দুই প্রতিদ্বন্দ্বী চৌধুৰী হৰি ৰাম আৰু যমুনা প্রসাদ ত্রিছুলিয়াই লাভ কৰিছে ক্রমে ৬,৩৪১ আৰু ৩,৫৩৭ টা ভােটমূল্য ।

১৯৬২ চনৰ মে ’ মাহত সর্বপল্লী ৰাধাকৃষ্ণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্রপতি হিচাপে নির্বাচিত হয় । ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই জাতিৰ উদ্দেশ্যে দিয়া এটা ভাষণত ৰাধাকৃষ্ণনে কৈছিল যে ৰাষ্ট্রপতি হিচাপে তেওঁ এজন দলবিহীন লােক যদিও ‘ অৰাজনৈতিক লােক নহয় । ৰাধাকৃষ্ণনে বুজাব খুজিছিল যে ৰাষ্ট্ৰৰ মুৰবী । হিচাপে তেওঁ ৰাষ্ট্রৰ জনগণৰ বহুস্বৰূপ আৰু জনসাধাৰণে যিকোনাে সমস্যাৰ বাবে , লাগিলে সেয়া ৰাজনৈতিকেই হওক , তেওঁৰ ওচৰ চাপিব পাৰিব ।

ড ° সৰ্বপল্লী ৰাধাকৃষন ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন ৰাষ্ট্রপতি হিচাপে নির্বাচিত হােৱাৰ পাছত তেওঁৰ কিছু সংখ্যক বন্ধু আৰু ছাত্ৰই তেওঁৰ জন্মদিনটো উলহমালহেৰে পালন কৰিবৰ বাবে ৰাধাকৃষ্ণনৰ অনুমতি বিচাৰিলে । তেতিয়া ৰাধাকৃষ্ণনে ক’লে যে তেওঁ নিজকে এজন ৰাষ্ট্রপতি বা কুটনীতিবিদ অথবা দার্শনিক হিচাপে পৰিচয় দিয়াতকৈ এজন শিক্ষক হিচাপেহে পৰিচয় দিবলৈ ভাল পায় আৰু নিজৰ জন্মদিনটো ব্যক্তিগত জন্ম । দিৱস হিচাপে পালন কৰাতকৈ সমগ্ৰ শিক্ষকসমাজৰ প্রতি শ্রদ্ধা আৰু কৃতজ্ঞতাসূচক ‘ শিক্ষক দিৱস হিচাপে উদযাপন কৰিলে তেওঁ বেছি সুখী হ’ব । তাৰ পাছৰ পৰাই প্রতিবছৰে ড ° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিন ৫ ছেপ্টেম্বৰত “ শিক্ষক দিৱস উদযাপন কৰা হৈ আহিছে ।

১৯৬২ চনৰ অক্টোবৰত নেহৰুৰ হিন্দী চীনী ভাই ভাই ‘ শ্লোগানক অসাৰ প্রতিপন্ন কৰি চীনা সেনা বাহিনীয়ে ৷ ভাৰতৰ উত্তৰ – পূবৰ নেফা আক্রমণ কৰে আৰু ভাৰতীয় সেনাবাহিনীক পশ্চাদগমন কৰিবলৈ বাধ্য কৰি ভাৰতৰ সীমাৰ বহু ভিতৰলৈ সােমাই আহে । ২৬ অক্টোবৰত ৰাষ্ট্রপতি হিচাপে বাধাকৃষ্ণনে ভাৰতত জৰুৰী অৱস্থা ঘােষণা কৰে আৰু ভাৰতৰ ৪৫৭ নিযুত লােকৰ প্ৰতিৰক্ষাৰ বাবে নেহৰু চৰকাৰক সম্পূর্ণ কর্তৃত্ব অর্পণ কৰে । ১৯৬২ চনৰ ভাৰত – চীন যুদ্ধ দীঘলীয়া হ’ব বুলি ভবা হৈছিল যদিও চীনা বাহিনীয়ে অতর্কিতে আক্রমণ কৰি নেফাৰ বমডিলা । পর্যন্ত আগবাঢ়ি আকৌ ঘুৰি যােৱাত এই যুদ্ধৰ হঠাতে সমাপ্তি ঘটে । তথাপি এই যুদ্ধই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দুর্বলতা দুখ লগাকৈ আঙুলিয়াই দিলে ।

যুদ্ধৰ সমাপ্তিৰ পাছত হতাশাত ভুগি থকা উত্তৰ পূৰ্বাঞ্চলৰ সেনাবাহিনী আৰু অনিশ্চয়তাৰ মাজত থকা এই অঞ্চলৰ অধিবাসীসকলৰ মনত সাহস যােগাবলৈ । ১৯৬২ চনৰ ৯ নৱেম্বৰত ড ° ৰাধাকৃষ্ণন এক চমু ভ্ৰমণৰ বাৰে অসমৰ তেজপুৰলৈ আহে । সেই সময়ত উত্তৰ পূৰ্বাঞ্চলত সেনাবাহিনীৰ মুখ্য কার্যালয় তেজপুৰতে আছিল । তেওঁ তাত স্পষ্টভাৱে কয় যে সামগ্রিকভাবে গােটেই জাতিটোৰ সৰলতা আৰু অৱহেলাৰ বাবে ভাৰতীয় সেনাবাহিনীৰ প্ৰাথমিক বিপর্যয় ঘটিল । অৱশ্যে তেওঁ সুনির্দিষ্টভাৱে কাৰােবাক দোষ দিয়াৰ পৰা বিৰত থাকে আৰু কয় যে ভাৰতীয় সেনাবাহিনীৰ মনােবল এতিয়াও উচ্চ হৈ আছে ।

১৯৬২ চনৰ ২২ ডিচেম্বৰত বােম্বাইত ভাৰতৰ দ্বিতীয় আই আই টি ( ইণ্ডিয়ান । ইন্সটিটিউট অফ টেকন’লজি ) , প্রথম সমাবর্তন অনুষ্ঠান অনুষ্ঠিত হয় আৰু তাত ৰাষ্ট্রপতি ৰাধাকৃষ্ণনে এক গুৰুত্বপূৰ্ণ ভাষণ প্রদান কৰে । তেওঁ কয় যে এখন দেশৰ শক্তি মানে কেৱল সামৰিক শক্তি নহয় , বৌদ্ধিক শক্তিয়েহে কোনাে দেশক আগবঢ়াই নিব পাৰে । যি উদ্দেশ্য আগত লৈ ভাৰতত আই আই টি সমূহ স্থাপন কৰিবলৈ লােৱা হৈছে , সেই উদ্দেশ্যৰ পৰা যাতে দেশ আৰু আই আই টি সমূহ । আতৰি নাহে , তেওঁ সেই কথাত গুৰুত্ব আৰােপ কৰে ।

১৯৬৩ চনৰ জুন মাহত ৰাষ্ট্রপতি সর্বপল্লী ৰাধাকৃষ্ণনে আমেৰিকা যুক্তৰাষ্ট্র ভ্ৰমণ কৰে । হােৱাইট হাউছত তেওঁক ৰাষ্ট্রপতি জন এফ কেনেডী আৰু তেওঁৰ পত্নী জেকুলিন কেনেডীয়ে উষ্ণ অভ্যর্থনা জনায় । তেওঁৰ আমেৰিকা ভ্রমণকালত ছেক্ৰেটেৰী অফ ষ্টেট ডীন বাস্কে তেওঁক আশ্বাস দিয়ে যে ভাৰতৰ জনগণৰ সুৰক্ষাৰ লগত আমেৰিকা যুক্তৰাষ্ট্রও সম্পর্কিত হৈ আছে আৰু যদিহে ভাৰতৰ নিৰাপত্তা কোনােবাই বিঘ্নিত কৰিব খােজে , তেন্তে আমেৰিকা যুক্তৰাষ্টই ভাৰতলৈ সর্বতােপ্রকাৰে সহায় আগবঢ়াব । আমেৰিকান ৰাষ্ট্রপতি কেনেডীয়েও ৰাধাকৃষ্ণক সেই আশ্বাস দোহাৰে ।

ৰাধাকৃষ্ণনৰ সেই আমেৰিকা ভ্ৰমণৰ কালছােৱাতে ১৯৬৩ চনৰ ৫ জুনত পেনছিলভেনিয়া বিশ্ববিদ্যালয়ে তেওঁক সম্মানজনক ডক্টৰেট ডিগ্রী প্রদান কৰিবৰ এক অনুষ্ঠানৰ আয়ােজন কৰে । ইবভিন অডিটৰিয়ামত অনুষ্ঠিত এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ হৈ গেলর্ড পি . হার্নৱেলে তেওঁক এই সম্মান প্রদান কৰে । ১৯৬৩ চনৰ ১০ জুনত সর্বপল্লী ৰাধাকৃষ্ণনে নিউয়র্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ । সাধাৰণ পৰিষদৰ এখন বৈঠকত অংশ গ্রহণ কৰে । এই বৈঠকত এক ভাষণ প্রদান কৰি তেওঁ কয় যে বিশ্বত জাতিগত বৈষম্যমূলক আচৰণ , অর্থনৈতিক শােষণ , ৰাজনৈতিক আধিপত্য আদিৰ অন্ত পেলাবলৈ বিশ্বশান্তি অতি প্রয়ােজনীয় । তেওঁৰ জ্ঞানগণ্ডীৰ আৰু যুক্তিনিষ্ঠ ভাষণে সকলােকে আকৃষ্ট কৰে ।

 ১৯৬৩ চনৰে ২২ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জন এফ . কেনেডীক আততায়ীয়ে গুলীয়াই হত্যা কৰে । উপ – ৰাষ্ট্রপতি আনছন আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হিচাপে কেনেডীৰ স্থলাভিষিক্ত হয় । জনছনেও অৱশ্যে ভাৰতৰ ক্ষেত্ৰত কেনেডীৰ নীতি অব্যাহত ৰাখে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ঘূৰি অহাৰ পাছত চুবুৰীয়া দেশসমূহৰ লগত সৌহার্দ্যমুলক সম্পর্ক অধিক দৃঢ় কৰিবৰ বাবে ১৯৬৩ চনৰ নৱেম্বৰত ৰাধাকৃষ্ণনে নেপাল প্রমণ কৰে । ১৯৬৩ চনৰ ২ ডিচেম্বৰত উত্তৰ পূৰ্বাঞ্চলৰ নগাসকলৰ বহুদিনীয়া দাবী পূৰণ কৰি নগালেণ্ড নামেৰে এখন নতুন ৰাজ্য গঠন কৰা হয় । ৰাষ্ট্রপতি ৰাধাকৃষ্ণনে এই ৰাজ্যখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে । ভাষণ প্ৰসংগত তেওঁ কয় যে নগালেণ্ড এখন সৰু ৰাজ্য হ’লেও ভাৰতৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্য । ইয়াৰ আগতে কেইবাবছৰৰ ধৰি নগা বিদ্রোহীসকলে এক পৃথক স্বাধীন ৰাষ্ট্রৰ দাবীত কুটাঘাতমূলক কাম চলাই আছিল । যদিও নগালেণ্ডক সুকীয়া ৰাষ্ট্ৰ হিচাপে সার্বভৌমত্ব প্রদান নকৰি এখন স্বশাসিত ৰাজ্য হিচাপেহে আনুষ্ঠানিক স্বীকৃতি দিয়া হৈছিল , তথাপি ৰাধাকৃষ্ণনে আশা প্রকাশ কৰে যে নগা বিদ্রোহীসকল চৰকাৰৰ এই কার্যত সন্তুষ্ট হ’ব আৰু অস্ত্র সমৰ্পণ কৰি মুল সুতিলৈ উভতি আহিব ।

১৯৬৪ চনৰ ১৯ জানুৱাৰীত ৰাষ্ট্রপতি সর্বপল্লী ৰাধাকৃষ্ণনে পাকিস্তানৰ ৰাষ্ট্ৰপতি মহম্মদ আয়ুব খানলৈ লিখা এখন চিঠিত ভাৰত আৰু পাকিস্তানৰ সকলাে নাগৰিকলৈ সাম্প্রদায়িক ঐক্য আৰু সম্প্রীতি বজাই ৰাখিবলৈ আহবান জনাই তেওঁৰ সৈতে এক যুটীয়া বিবৃতি দিবলৈ অনুৰােধ কৰে । অৱশ্যে তেওঁৰ এই আহবানে বিশেষ সঁহাৰি নাপালে ।

লাহে লাহে ৰাধাকৃষ্ণনৰ বয়সসা হৈ আহিছিল । চকুৰ দৃষ্টিশক্তিয়ে তেওঁক কিছু দিগদাৰ দিবলৈ আৰম্ভ কৰিছিল । ১৯৬৪ চনৰ আৰম্ভণিতে তেওঁ ছয় সপ্তাহৰ ব্যৱধানত দুবাৰ সোঁ চকুত অপাৰেচন কৰিবলগীয়া হ’ল । অৱশ্যে সেইবােৰৰ বাবে তেওঁৰ দৈনন্দিন কামত বিশেষ ক্ষতি হােৱা নাছিল । মধ্য ভাৰতত খৰাঙৰ বাবে । দুর্ভিক্ষসদৃশ পৰিস্থিতি হােৱাৰ লগতে কৃষকসকলাে অসন্তুষ্ট হৈ পৰাত তেওঁ চৰকাৰ আৰু সংশ্লিষ্ট কর্তৃপক্ষ এই ক্ষেত্ৰত জৰুৰী ব্যৱস্থা ল’ৰলৈ নির্দেশ দি লগতে সাৱধাননা কৰি দিয়ে যে ভােকে মানুহক মানসিকভাৱে অস্থিৰ কৰি তােলে আৰু ভভাকাতুৰ মানুহক বল প্রয়ােগ কৰি শান্ত কৰিব পৰা নাযায় ।

১৯৬৪ চনৰ ২৭ মে’ত ১৭ বছৰ ধৰি ভাৰতৰ প্ৰশাসনৰ বাঘজৰী ধৰা ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰ পৰলােকপ্রাপ্তি ঘটে । তাৰ পাছত ৰাষ্ট্রপতি ৰাধাকৃষ্ণনে প্রবীণ কংগ্ৰেছী নেতা গুলজাৰিলাল নন্দক অস্থায়ী প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে আৰু তেওঁক শপত গ্ৰহণ কৰায় । অৱশ্যে কেইদিনমানৰ পাছতে কংগ্ৰেছ দলে লালবাহাদুৰ শাস্ত্রীক কংগ্ৰেছৰ সংসদীয় দলৰ নেতা , অন্যার্থত ভাবী প্রধানমন্ত্রী হিচাপে মনােনীত কৰে । গুলজাৰিলাল নন্দই পদত্যাগ কৰে আৰু শাস্ত্রী ভাৰতৰ নতুন প্রধানমন্ত্রী হয় । ১৯৬৪ চনৰে জুন মাহত লালবাহাদুৰ শাস্ত্ৰীয়ে কেবিনেট মন্ত্ৰীৰ বাবে এখন প্ৰভাৱিত তালিকা ৰাধাকৃষ্ণনৰ ওচৰত জমা দিয়ে । জৱাহৰলাল নেহৰুৰ দৰে শাস্ত্ৰীয়েও গুৰুত্বপূৰ্ণ কেইটামান বিভাগ নিজৰ লগত ৰাখিছিল । শাস্ত্ৰীৰ কেবিনেটৰ এটাই মাত্র বৈশিষ্ট্য আছিল যে এই তালিকাত জৱাহৰলালৰ একমাত্ৰ জীয়ৰী ইন্দিৰা গান্ধীয়েও স্থান লাভ কৰিছিল । নিজৰ জীয়েক ইন্দিৰা গান্ধীৰ ওপৰত যথেষ্ট নির্ভৰ কৰিলেও জৱাহৰলাল নেহৰুৱে ইন্দিৰা গান্ধীক মন্ত্রীত্ব দিয়া নাছিল , যি কাম শাস্ত্ৰীয়ে কৰিলে ।

ছােভিয়েট ইউনিয়নৰ লগত বন্ধুত্বৰ সম্পর্ক দৃঢ় কৰাৰ অর্থে ১৯৬৪ চনৰ ছেপ্টেম্বৰত ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন ছােভিয়েট ইউনিয়ন ভ্রমণলৈ যায় । তেওঁৰ লগত আছিল ভাৰতৰ বৈদেশিক মন্ত্রণালয়ৰ ৰাজ্যিকমন্ত্রী মিছেছ লক্ষ্মী এন , মেনন । সেই সময়ত ভাৰতৰ আন এজন প্রভাবশালী মন্ত্রী চকন এক চৰকাৰী ভ্ৰমণত ছােভিয়েট ৰাছিয়াত আছিলেই । এই সময়তে ছােভিয়েট ইউনিয়ন আৰু ভাৰতৰ মাজত সামরিক সহযােগিতাৰ এখন চুক্তি স্বাক্ষৰিত হয় । ছােভিয়েট ইউনিয়নত থকা ভাৰতৰ দূতাবাসে পাছত জানিবলৈ দিয়ামতে পাঁচ দিনীয়া ৰাছিয়া ভ্ৰমণৰ বাবে ৰাধাকৃষ্ণনে মস্কোত গৈ উপস্থিত হােৱাৰ মাত্র দুঘন্টা আগতে সেই চুক্তিখন স্বাক্ষৰিত হৈছিল ।

সেই ভ্ৰমণৰ পাছত ৰাধাকৃষ্ণনে ছােভিয়েট ইউনিয়নৰ প্ৰধানমন্ত্রী নিকিটা । খুছেভক প্রশংসা কৰি কয় যে খুঁছেভ হ’ল সকলাে মানুহৰে বন্ধু । পাছে ৰাধাকৃষ্ণৰ সেই ভ্ৰমণৰ কিছুদিন পাছতে হঠাতে ছােভিয়েট ৰাছিয়াত ৰাজনৈতিক পট পৰিবর্তন ঘটে আৰু খুছেভক প্রধানমন্ত্ৰীৰ পদৰপৰা অপসাৰিত কৰা হয় । তেতিয়াই এক সংশয়ৰ সৃষ্টি হয় যে খুঁছেভৰ দিনত যি ভাৰতৰুছ সহযােগিতা চুক্তি স্বাক্ষৰিত হৈছিল বা ভাৰতৰ লগত ছােভিয়েট ৰাছিয়াৰ যি বন্ধুত্বৰ সম্পৰ্কৰ সৃষ্টি হৈছিল , সেই সম্পর্ক বাৰু ৰক্ষা পৰিবনে ?

১৯৬৪ চনৰে শেষৰ ফালে খ্রীষ্টান ধর্মগুরু পােপ ভাৰত ভ্রমণলৈ আহে । তেওঁ ৰাধাকৃষৰ লগত সাক্ষাৎ কৰি আৰু তেওঁৰ লগত হিন্দু দর্শনৰ সম্পৰ্কত আলােচনা কৰি বেছ প্ৰভাৱিত হয় । ১৯৬৫ চনত পাকিস্তানৰ লগত যুদ্ধৰ পৰিৱেশ । চলি থাকোতেই রাষ্ট্রসংঘৰ সচিবপ্রধান ইউ . থান্টে ভাৰত ভ্রমণ কৰে । ৰাধাকৃষৰ লগত ৰাজনৈতিক আৰু কূটনৈতিক বিষয়ক কিছু আলোচনা হােৱাৰ পাছত তেওঁলােকৰ কথা – বার্তা ধর্ম , দর্শন , অধ্যাত্মবাদ আদিলৈ ঢাল খালে । ইউ . থান্টে এনেবােৰ বিষয়ত বাধাকৃষ্ণনৰ গভীৰ ওয়ান উপলব্ধি কৰি বিস্ময়বিভূত হৈ পৰে । পাছত এই বিষয়ে উল্লেখ কৰি ইউ , থান্টে কৈছিল যে ৰাধাকৃষক লগ পােৱাৰ পাছত তেওঁৰ অনুভৱ হৈছিল যে তেওঁ যেন পৃথিৱীৰ বৃহত্তম গণতন্ত্রৰ ৰাষ্ট্রপতিজনক লগ পােৱা নাই , তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ কম্পেৰেটিভ বিলিজন’ৰ সেই বিখ্যাত দার্শনিক । অধ্যাপক জনকহে লগ পালে ।

পাকিস্তানৰ আগ্রাসী মনােভাবৰ বাবে ১৯৬৫ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সুত্রপাত হয় । ৰাষ্ট্রপতি হিচাপে ভাৰতৰ হৈ তেৱেঁই এই যুদ্ধ ঘােষণা কৰে । এয়া এক পৰিহাসৰে কথা যে শান্তি – অহিংসা – সংযমৰ বাণী প্রচাৰ কৰা এজন প্রকৃত দার্শনিকে চীন দেশ আৰু পাকিস্তানৰ লগত সংঘটিত দুখন গুৰুত্বপূৰ্ণ যুদ্ধৰ ঘােষণা পত্ৰত স্বাক্ষৰ কৰি যুদ্ধৰ নির্দেশ দিবলগীয়া হৈছিল ।

১৯৬৬ চনৰ জানুৱাৰীত ছােভিয়েট ইউনিয়নৰ তাছখণ্ডত পাকিস্তানৰ ৰাষ্ট্রপতি আয়ুব খান আৰু ভাৰতৰ প্ৰধানমন্ত্রী লালবাহাদুৰ শাস্ত্ৰীৰ মাজত এক শীর্ষ সন্মিলন অনুষ্ঠিত হয় । ১০ জানুৱাৰীত প্রখ্যাত তাছখণ্ড চুক্তি’ত আয়ুব খান আৰু লালবাহাদুৰ শাস্ত্ৰীয়ে স্বাক্ষৰ কৰাৰ পাছত ১১ জানুৱাৰীত তাছখণ্ডতে তৃতীয়টো হৃদৰােগত আক্ৰান্ত হৈ লালবাহাদুৰ শাস্ত্ৰীৰ আকস্মিকভাৱে মৃত্যু হয় । প্রধানমন্ত্ৰীৰ অকাল ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন বিয়ােগত ভাৰতত এক ৰাজনৈতিক অস্থিৰতাই দেখা দিয়ে । ড ‘ ৰাধাকৃষ্ণনে পুনৰ প্রবীণ কংগ্ৰেছী নেতা গুলজাৰিলাল নন্দক অস্থায়ী প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে । পাছত কংগ্ৰেছ দলে লালবাহাদুৰ শাস্ত্ৰীৰ স্থানত ইন্দিৰা গান্ধীক কংগ্ৰেছৰ সংসদীয় দলৰ নেতা হিচাপে মনােনীত কৰে । ড ’ বাধাকৃষ্ণনে ইন্দিৰা গান্ধীক গােপনীয়তাৰ শপত গ্রহণ করা ।

ভাৰতৰ ৰাষ্ট্রপতি হিচাপে পাঁচ বছৰ সেৱা আগবঢ়োৱাৰ পাছত ১৯৬৭ চনত তেওঁ এই পদৰ পৰা অব্যাহতি লয় । বিভিন্ন পক্ষই জোৰ কৰা সত্মেও তেওঁ পুনৰবাৰ এই পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছা নকৰিলে । তাৰ পাছত ৰাধাকৃষ্ণন মাদ্রাজলৈ ঘুৰি আহে আৰু তেওঁ সক্রিয় রাজনৈতিক আৰু সামাজিক জীৱনৰ পৰাও আতৰি থাকে ।

বর্ণাঢ্য ব্যক্তিত্বৰ মানুহজন

 দার্শনিক হিচাপে বিশ্বজোৰা প্রসিদ্ধি লাভ কৰিলেও এজন শিক্ষাবিদ আৰু ৰাজনীতিজ্ঞ হিচাপে ৰাধাকৃষ্ণনৰ আন এক অনন্য পৰিচয় আছিল । পাছে তেওঁৰ সময়ৰ সকলাে শিক্ষাবিদ আৰু ৰাজনীতিজ্ঞতকৈ তেওঁ বেলেগ প্ৰকৃতিৰ আছিল । ৰাধাকৃষ্ণনে নিজৰ শিক্ষক পৰিচয়টোহে বেছি ভাল পাইছিল । প্রেছিডেন্সী কলেজত শিক্ষকতা আৰম্ভ কৰি তেওঁ কলিকতা বিশ্ববিদ্যালয় , অক্সফোর্ড বিশ্ববিদ্যালয় আদিতাে শিক্ষাদান কৰিছিল আৰু একাধিক বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে কার্যনির্বাহ কৰিছিল ।

এই সমগ্ৰ কালছােৱাত তেওঁ শিক্ষাগুৰু হিচাপে যি শ্রদ্ধা আৰু জনপ্রিয়তা অর্জন কৰিছিল , তাৰ উদাহৰণ পাবলৈ বিল । ৰাধাকৃষৰ জ্ঞানগম্ভীৰ ভাষণসমূহ শুনিবলৈ সুবিধা পােৱাটো সেই সময়ৰ মানুহে ভাগ্যৰ কথা বুলি গণ্য কৰিছিল ।

ৰাধাকৃষ্ণনে এজন প্রকৃত শিক্ষকৰ গাত থাকিবলগীয়া গুণৰ বিষয়ে এনেদৰে কৈছিল , “ এজন ভাল শিক্ষকে ছাত্ৰসকলৰ মন সেই বিষয়ৰ প্ৰতি কেনেকৈ আকৃষ্ট কৰিব পাৰি সেই কথা জনা উচিত । তেওঁৰ নিজৰ ক্ষেত্ৰৰ বিষয়ে শেহতীয়া তথ্য আৰু জ্ঞান আহৰণ কৰি তেওঁ সদায় সেই বিষয় সম্পৰ্কত জনা – শুনা ব্যক্তি হৈ থাকিব লাগে । এজন শিক্ষক জ্ঞানৰ চমকপ্রদ জগতখনৰ এজন নিৰলস সাধক হােৱা উচিত । ”

ভাৰত স্বাধীন হােৱাৰ পাছত সদ্য স্বাধীন দেশখনক বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যােৱা , উপযুক্ত শিক্ষানীতি নির্ধাৰণ কৰা , ৰাষ্ট্ৰখনৰ বৈদেশিক নীতিক এক ৰূপ দিয়া , ভাৰতৰ উদাৰ আৰু নিৰপেক্ষ নীতিৰ বিষয়ে বিশ্বৰ আন দেশসমূহত প্রচাৰ চলােৱা আদি কাম তেওঁ দায়িত্বসহকাৰে আৰু সুচাৰুৰূপে পালন কৰিছিল । তাৰ বাবে তেওঁ বহুবাৰ বিভিন্ন ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিছিল । বিশ্বৰ একমাত্র দার্শনিক ৰাষ্ট্রপতি হিচাপে ৰাধাকৃষ্ণনে এক বিৰল পৰিচিতি লাভ কৰিছিল আৰু এনে এগৰাকী লােকক সর্বোচ্চ পদত অধিষ্ঠিত কৰাৰ বাবে আন্তর্জাতিক পর্যায়ত ভাৰতৰৰ সন্মান যথেষ্ট বৃদ্ধি পাইছিল ।

ৰাধাকৃষ্ণন ৰাষ্ট্রপতি হৈ থকা কালছােৱাত ভাৰতে চীন আৰু পাকিস্তানৰ লগত দুখন যুদ্ধত লিপ্ত হ’বলগীয়া হৈছিল । ১৯৬২ চনৰ চীন – ভাৰত যুদ্ধৰ পাছত ভাৰতীয় সেনাৰ মনােবল যথেষ্ট হ্রাস পাইছিল । ৰাধাকৃষ্ণনে বিভিন্ন সেনা ছাউনিলৈ গৈ তেওঁৰ প্ৰভাৱশালী বক্তৃতাত তেওঁ কৈছিল , “ যুদ্ধ সংঘটিত হােৱা অঞ্চল দুর্গম হােৱা বাবে আৰু লগতে সংখ্যাগত দিশৰ পৰা চীনা সৈন্যবাহিনী আগবাঢ়ি থকা বাবে আমি সামৰিক বিপর্যয়ৰ সন্মুখীন হলাে ঠিকেই , পাছে এই বিপর্যৰাে এক ইতিবাচক দিশ হ’ল যে ই আমাক বাস্তৱ পৰিস্থিতিৰ প্রতি সজাগ কৰি তুলিলে । আমি আমাৰ সীমাবদ্ধতাবােৰ বুজি পালাে আৰু ভৱিষ্যতে আমি কেনেধৰণে আগবাঢ়ি যাব লাগিব , তাৰবা সুস্পষ্ট আভাস পালাে । আমাৰ দেশে এতিয়া এক নতুন লক্ষ্য আৰু সংকল্প গ্রহণ কৰিছে আৰু এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থাও লৈছে ।

১৯৬৫ চনত পাকিস্তানী সৈন্যই ভাৰতৰ পশ্চিম সীমান্ত অতিক্রম কৰি আন এক ভাৰত – পাকিস্তান যুদ্ধৰ সূচনা কৰে । তাৰ পাছতে ২৫ ছেপ্তেম্বৰত জাতিৰ উদ্দেশ্যে দিয়া এক ভাষণত ৰাষ্ট্রপতি ৰাধাকৃষ্ণনে কৈছিল , “ পাকিস্তানে হয়তাে ভাবিছে যে ভাৰত বেছ দুর্বল আৰু যুদ্ধলৈ ভয় কৰে । এই কথা সঁচা যে ভাৰতে কাৰৰ বিৰুদ্ধে অস্ত্র তুলি ল’বলৈ ইচ্ছা নকৰে । কিন্তু কোনােবাই আমাক আক্রমণ । কৰিলে আমি হাত সাৱটি বহি নাথাকো । আমি অস্ত্র হাতত লৈ সেই পক্ষক খেদি পঠিয়াম । সেই শক্তি আমাৰ আছে পাকিস্তানে আৰু ভাবিব পাৰে যে তেওঁলােকে এনেকৈ প্রবােচনাৰ সৃষ্টি কৰিলে ভাৰতত সাম্প্রদায়িক সংঘর্ষ আৰম্ভ হ’ব আৰু তাৰ সুযােগতে তেওঁলােকে নিজৰ উদ্দেশ্য সিদ্ধি কৰিব পাৰিব । তেওঁলােকে যে ভূল হিচাপ । কৰিছে মােক তেওঁলােকে উপলব্ধি কৰিব , আৰু লগতে আমাৰ ফালৰ পৰা উচিত প্রত্যাঘাতাে পাব ।

সর্বপল্লী ৰাধাকৃষ্ণন দক্ষিণ ভাৰতৰ কুচিপুড়ি নৃত্যৰ এজন ৰসিক ভক্ত আছিল । তেওঁ এই নৃত্যৰ তত্ত্ব , নিয়ম – নীতি , মুদ্রা আদিৰ বিষয়েও ভালকৈ জানিছিল । কুচিপুড়ি নৃত্যত ব্যৱহৃত কিছুমান গানৰ কথা আৰু সুৰ ৰাধাকৃষ্ণনৰ আনকি মুখস্থও আছিল । আৰু তেওঁ সেয়া পাব পাৰিছিল ।

হিন্দী ভাষাক দক্ষিণ ভাৰততাে প্রচলন কৰাক লৈ যি ভাষা সংকট সৃষ্টি । হৈছিল , সেই সংকটৰ সময়ত এজন দক্ষিণ ভাৰতীয় হিচাপে ৰাধাকৃষ্ণনে তেওঁৰ স্বভাৱৰ বিৰুদ্ধে গৈ চৰকাৰক মৃদু সমালােচনাও কৰিছিল ।

ৰাধাকৃষ্ণনৰ লগত তেওঁৰ সমসাময়িক আৰু আন ক্ষেত্ৰত পৃথিৱীবিখ্যাত কিছু ব্যক্তিৰ ভাল সম্পর্ক আছিল । সেই সকলৰ ভিতৰত প্রখ্যাত অভিনেতা পৰিচালক চার্লি চেপলিন , টেলিফোনৰ আৱিষ্কাৰক গ্রাহাম বেল আদিৰ নাম উল্লেখযােগ্য । গ্রাহাম বেলে তেওঁলৈ লিখা এখন চিঠিত ‘ ডিয়েৰ সৰ্বপল্লী ‘ বুলি সম্বােধন কৰাও পোৱা যায় ।

ড ° সৰ্বপল্লী ৰাধাকৃষ্ণন – মহান দার্শনিকজন

ৰাধাকৃষ্ণনে তেওঁৰ এম.এ. ডিগ্ৰীৰ বাৰে ‘ দ্য এথিক্স অফ দ্য বেদান্ত এণ্ড ইটছ । মেটাফিজিকেল প্রিছাপজিছনছ ‘ নামেৰে যিখন গবেষণা পত্র প্রস্তুত কৰিছিল , সেইখন ১৯০৮ চনত প্রকাশিত হয় আৰু এই গৱেষণা পত্ৰখনে তেওঁক এজন মহান দার্শনিক হিচাপে প্রতিষ্ঠা দিয়ে । তাৰ পাছত তেওঁ যিবােৰ প্রবন্ধ লিখিছিল , বক্তৃতা দিছিল বা কিতাপ প্রণয়ন কৰিছিল , সেইবােৰে তেওঁৰ এই খ্যাতি কেতিয়াও মলিন হ’বলৈ নিদিয়াকৈ বঢ়াইহে তুলিছিল । দৰ্শনৰ তাত্ত্বিক আৰু জটিল কথাবােৰ সহজভাৱে আৰু সৰ্বসাধাৰণৰো বােধগম্য হােৱাকৈ ব্যাখ্যা কৰিব পৰাটো সহজ কথা নহয় , কিন্তু ৰাধাকৃষ্ণনে এই কামটোকে অনায়াসে কৰি দেখুৱাইছিল ।

ৰাধাকৃষ্ণনৰ বাবে দর্শন হ’ল জীৱনৰ অৰ্থ বুজি পােৱাৰ এক উপায় । পশ্চিমীয়া প্রণালীবদ্ধ ৰীতিৰে ভাৰতীয় দর্শনৰ ব্যাখ্যা কৰি তেওঁ এই দর্শনক বিশ্বৰ প্রেক্ষাপটত সুপ্রতিষ্ঠিত কৰিছিল আৰু ভাৰতবাসীক এক নতুন আত্মগৌৰৱ কৰাৰ সুবিধা দিছিল ।। পশ্চিমৰ সাম্রাজ্যবাদী দেশসমূহৰ অহৰহ উদ্দেশ্যমূলক প্রচাৰৰ ফলত সেই দেশসমূহৰ সকলাে ভাল , আৰু নিজৰ দেশৰ সকলাে বেয়া বুলি বহুতাে ভাৰতবাসীৰ মনত যি নীচাত্মিকাবােধৰ সৃষ্টি হৈছিল , এই আত্মগৌৰৱে সেই নীচাত্মিকাবােধৰ পৰা উদ্ধাৰ পােৱাত তেওঁলােকক সহায় কৰিছিল । ৰাধাকৃষ্ণনে কৈছিল যে বিশ্বৰ সকলাে ধৰ্মৰ ভিতৰত হিন্দু ধর্মই হ’ল আটাইতকৈ বেছি বিজ্ঞানসন্মত বা যুক্তিবাদী ধর্ম বিশ্বাস । কাৰণ হিন্দু ধৰ্মৰ বহুতাে কথা পৰীক্ষা – নিৰীক্ষাৰ পৰা আৰম্ভ হয় আৰু তেনে । পৰীক্ষা – নিৰীক্ষাতে শেষ হয় ।

ৰাধাকৃষ্ণনে মত প্রকাশ কৰিছিল যে পশ্চিমীয়া দার্শনিকসকলৰ দার্শনিক তত্ত্ববােৰ তেওঁলােকে বস্তুনিষ্ঠ বুলি দাবী কৰিলেও তাত তেওঁলােকৰ নিজৰ সংস্কৃতি ধর্মীয় প্রভাব আছে । পাছে পশ্চিমীয়া দার্শনিকসকলে গ্রন্থসমূহ ৰচনা কৰাৰ সময়ত যি প্ৰণালীবদ্ধতা আৰু শৈক্ষিক মানদণ্ড অনুসৰণ কৰিছিল , তেওঁ সেয়া পছন্দ কৰিছিল । তেওঁ ভাৰতীয় দর্শন সম্পৰ্কত যি কেইখন গ্রন্থ ৰচনা কৰিছিল সেইবােৰতে সেই প্রণালীবদ্ধতা আৰু শৈক্ষিক মানদণ্ড লক্ষ্য কৰা যায় । সেইবাবে সেই কিতাপসমূহে পশ্চিমীয়া সমাজতাে প্রয়ােজনীয় গুৰুত্ব পাবলৈ সক্ষম হৈছিল আৰু পশ্চিমীয়া দার্শনিকসকলে ভাৰতীয় দর্শনক যথাযােগ্য স্থান দিবলৈ একপ্রকাৰ বাধ্য । হৈছিল । তেওঁৰ ‘ আইডিয়েলিষ্টিক ভিউ অফ লাইফ ” গ্রন্থত তেওঁ বিশুদ্ধ বৌদ্ধিক । চিন্তাধাৰাতকৈ তীক্ষ অদৃষ্টি আৰু সহজলব্ধ ধাৰণাৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰিছিল । ‘ প্রস্থানত্রয়ী ‘ হিচাপে খ্যাত ভগবদ – গীতা , উপনিষদ আৰু ব্ৰহ্মসূত্ৰৰ সম্পৰ্কত তেওঁৰ টীকা , ব্যাখ্যা আৰু মন্তব্যসমূহৰ বাবে ৰাধাকৃষ্ণন বিখ্যাত আছিল । ভাৰতীয় দর্শন । পৌৰাণিক গ্রন্থসমূহে তেওঁৰ মস্তিস্কৰ উপৰি অন্তৰৰ দখল কৰিছিল ।

 সর্বপল্লী ৰাধাকৃষ্ণনৰ দৰ্শনৰ বিষয়ে যৎসামান্য জ্ঞান

মেটাফিজিক্স

মেটাফিজিক্স বা অধিবিদ্যা হ’ল সৃষ্টি আৰু স্থিতি সম্বন্ধে অধ্যয়ন তথা চিন্তা । কৰা দৰ্শনৰ এটি বিভাগ । ৰাধাকৃষ্ণনে এই সম্পৰ্কত যথেষ্ট চিন্তা – চৰ্চা কৰিছিল , আৰু অধিবিদ্যা সম্পৰ্কীয় প্রশ্নবােৰৰ উত্তৰ বিচাৰি পাইছিল — হিন্দু দৰ্শনৰ অদ্বৈত মতবাদ আৰু বেদান্ত অধ্যয়নৰ মাজেদি । তেওঁৰ আগৰ বেদান্ত পণ্ডিতসকলৰ দৰে । ৰাধাকৃষ্ণনেও প্রস্থানত্রয়ী , উপনিষদ , ব্রহ্মসূত্র আৰু ভগবদগীতা সম্পৰ্কত তেওঁৰ নিজস্ব ব্যাখ্যা দাঙি ধৰিবলৈ সক্ষম হৈছিল ।

অদ্বৈতবাদীসকলৰ অনুকৰণত , কিন্তু নিজস্বভাৱে ৰাধাকৃষ্ণনে অধিবিদ্যা সম্পৰ্কত একমত পােষণ কৰিছিল । ৰাধাকৃষ্ণনৰ আদৰ্শই এহাতে পৃথিৱীৰ বাস্তৱতা আৰু বিভিন্নতাক স্বীকাৰ কৰি লৈছিল আৰু একেসময়তে পৰমাত্মা ব্ৰহ্ম আৰু আত্মাৰ অস্তিত্বকে অস্বীকাৰ কৰা নাছিল । পৃথিৱীত থকা আমাৰ দৃষ্টিগ্রাহ্য আৰু শ্ৰৱণগ্রাহ্য বস্তুবােৰ – অর্থাৎ যিবােৰ বস্তু আমি দেখি – শুনি আছে , সেই পার্থিব বস্তুবােৰৰ সদায় পৰিবৰ্তন হৈ আছে । কিছুমান একেবাৰে চকুৰ পচাৰতে আৰু কিছুমান হয়তাে অতি লাহে লাহে । পৰিবৰ্তন আছে , সেয়ে পাৰ্থিৱ বস্তুবােৰ চিৰস্থায়ীও । নহয় । কিন্তু পৰম ব্রহ্ম হ’ল । চিৰস্থায়ী । সেয়া হ’ল সকলাে সীমাৰ পৰা মুক্ত । কোনেও তাৰ পৰিবর্তন ঘটাৰ নােৱাৰে । প্ৰকৃততে পাৰ্থিৱ কোনাে বস্তুৱে সেই পৰমব্রহ্মৰ ওপৰত প্ৰভাৱ পেলাব নােৱাৰে ।

অদ্বৈত বেদান্তৰ আটাইতকৈ বেছি শক্তিশালী প্রবক্তা হিচাপে বহুতে অষ্টম । শতিকাৰ শংকৰাচাৰ্য্যৰ কথাকে কয় । তেওঁৰ দিনত মেটাফিজিক্স ’ বা অধিবিদ্যা ’ শব্দটো নাথাকিব পাৰে , কিন্তু তেওঁ এই অধিবিদ্যা সম্পৰ্কীয় বিষয়বােৰত অদ্বৈতবাদৰ ব্যাখ্যাৰ যােগেদি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছিল । ৰাধাকৃষ্ণনে বিভিন্ন সময়ত শংকৰাচাৰ্য্যৰ সেই অদ্বৈতবাদ সম্পৰ্কীয় মন্তব্যবােৰকে পুনৰ দোহাৰিছিল । পাছে তাৰ লগতে তেওঁ এই অদ্বৈতবাদক তেতিয়াৰ পৰিস্থিতিৰ প্ৰয়ােজনত ভিন্ন । ধৰণে উপস্থাপন কৰাৰ কথা চিন্তা কৰিছিল । শংকৰাচাৰ্যই মায়াক এক ভ্রম বা ভ্রান্তি বুলি অভিহিত কৰিছিল ; পাছে ৰাধাকৃষ্ণনে মায়াক ভিন্ন ধৰণে ব্যাখ্যা কৰিছিল । তেওঁৰ মতে সেই ভ্ৰান্তিৰ বাহিৰেও মায়াৰ আন ছটা অর্থ আছে , যি বাস্তৱ বিশ্বৰ কিছু কথাৰ ব্যাখ্যা দাঙি ধৰিব পাৰে ।

জ্ঞানতত্ত্ব ঃ সহজাত ধাৰণা আৰু বিভিন্ন প্রকাৰৰ অভিজ্ঞতা

মানুহৰ মনত জনসৃষ্টিৰ ক্ষেত্ৰত সহজাত ধাৰণা আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ গুৰুত্বপূর্ণ ভূমিকা আছে । কিবা এটা বস্তু দেখিলে , বা শুনিলে অথবা স্পর্শানুভূতি লাভ কৰিলে , আমাৰ মনত তাৎক্ষণিকভাৱে এক ধাৰণাৰ সৃষ্টি হয় । এই ধাৰণাকে সহজাত ধাৰণা বুলি ক’ব পাৰি । বিভিন্ন মানুহৰ ক্ষেত্ৰত একে ধৰণৰ অভিজ্ঞতা বা ইন্দ্রিয়জাত অনুভূতিৰ বাবে এই সহজাত ধাৰণা যে একে হ’ব তাৰ কোনাে কথা । নাই । বৰং তাৰ ওলােটাটো হােৱাৰ সম্ভাৱনাহে বেছি । সেয়া মানুহজনৰ বুদ্ধিবৃত্তি , আই – কিউ আদিৰ ওপৰত নিৰ্ভৰ কৰে । তেনেদৰে বিভিন্ন অভিজ্ঞতায়াে বিভিন্ন ধৰণৰ সহজাত ধাৰণাৰ সৃষ্টি কৰিব পাৰে । ৰাধাকৃষ্ণনৰ মতে সহজাত ধাৰণাৰ লগত বহুকেইটা বিষয় সম্পর্কিত হৈ থাকে । সহজাত ধাৰণা সৃষ্টিৰ সম্পর্ক থাকিব । পৰা পাঁচবিধ অভিজ্ঞতাৰ কথা ৰাধাকৃষ্ণনে উল্লেখ কৰিছে ।

সেয়া হ’ল

  • বােধজ্ঞানজনিত অভিজ্ঞতা
  • অতীন্দ্রিয় অভিজ্ঞতা ।
  • নন্দনতাত্ত্বিক অভিজ্ঞতা
  • নৈতিক অভিজ্ঞতা
  • ধর্মীয় অভিজ্ঞতা

ৰাধাকৃষ্ণনে সহজাত ধাৰণাক এক সমন্বিত অৱস্থা বুলি উল্লেখ কৰিছে । অর্থাৎ ইয়াৰ সর্বোত্তম অৱস্থাত সহজাত ধাৰণা হ’ল এক সমন্বিত অভিজ্ঞতা । এই সমন্বিত শব্দটো আকৌ তিনি ধৰণে ব্যৱহাৰ হ’ব পাৰে । প্রথম অর্থত , সহজাত ধাৰণা এই কাৰণেই সমন্বিত যে ই আন সকলাে অভিজ্ঞতাৰ যােগেদিহে , মমনে সেইবােৰ অভিজ্ঞতাৰ সমন্বয়তহে সৃষ্টি হ’ব পাৰে । দ্বিতীয়তে , সহজাত ধাৰণাক সমন্বিত বুলি ক’ব পৰাৰ কাৰণ হ’ল যে ই হ’ল আন সকলাে ভৱিত অভিজ্ঞতা । বাবে এক আধাৰ স্বৰূপ । অর্থাৎ সকলাে অভিজ্ঞতা তাৰ একেবাৰে প্রাথমিক অৱস্থাত সহজাত ধাৰণাৰ যােগেদিয়েই সৃষ্টি হয় । তৃতীয়তে , সহজাত ধাৰণা এই কাৰণেই সমন্বিত যে মানুহে তেওঁলােকৰ ব্যক্তিগত জীৱনত লাভ কৰা অভিজ্ঞতাৰ ফলাফলসমূহৰ ইয়াত সমন্বয় ঘটে । আমি কি কৰিছাে , কিয় কৰি আছে আৰু লগতে আমি সামাজিক সম্পর্কবােৰ কেনেদৰে ৰক্ষা কৰি আছাে , সেয়া সহজাত ধাৰণাৰ ওপৰতে নিৰ্ভৰ কৰে ।

ৰাধাকৃষ্ণনে মাজে মাজে সহজাত ধাৰণাৰ ৰহস্যৰাণী আৰু আধ্যাত্মিক প্ৰকাৰৰ ওপৰত গুৰুত্ব দিছিল । সেইবাৰেই তেওঁৰ ৰচনাত ঠায়ে ঠায়ে “ ধর্মীয় অভিজ্ঞতা , ধর্মীয় সচতন ‘ , ‘ ৰহস্যবাণী অভিজ্ঞতা , আধ্যাত্মিক আদর্শদ ‘ , ‘ অন্তর্নিহিত আধ্যাত্মিক অভিজ্ঞতা ‘ , ‘ পম জ্ঞান ” আদিৰ কথা উল্লেখ আছে । ৰাধাকৃষাৰ মতে প্রতিজন মানুহৰ ভিতৰতে এক সৃষ্টিমূলক কেন্দ্র বা উৎস আছে , য’ৰ পৰা মানুহে কল সাহিত্য – বিজ্ঞান সৃষ্টি কৰিব পাৰে । তাৰ কাৰণ হ’ল আমাৰ সহজাত ধাৰণাৰ এক গুৰুত্বপূৰ্ণ সৃষ্টিমূলক সামর্থ্য আছে । ৰাধাকৃষ্ণনে তেওঁৰ ৰচনাত মাজে মাজে সৃষ্টিমূলক সহজাত ধাৰণ ’ , ‘ সৃষ্টিমূলক উৎসাহ ’ , ‘ সৃষ্টিমুলক শক্তি ’ আদিৰ উল্লেখ কৰিছে । ৰাধাকৃষ্ণনে বিশ্বাস কৰিছিল যে সহজাত ধাৰণাৰ সৃষ্টিমূলক সামর্থ্যৰ বাবেহে মানৱৰ অগ্রগতি সম্ভব হৈছে ।

ৰাধাকৃষ্ণনৰ বাবে সহজাত ধাৰণা হ’ল অভিজ্ঞতাৰ পৰা সৃষ্ট এক সুকীয়া আৰু অনন্য জ্ঞান । এনে অভিজ্ঞতা তথা জ্ঞানে মানুহৰ বৈশিষ্ট্যমূলক চৰিত্ৰ সৃষ্টি কৰে । প্রত্যেকৰে বাবে সহজাত ধাৰণা যথেষ্ট আৰু সম্পূর্ণ । এনে ধাৰণা নিজে নিজে গঢ় লৈ উঠে , আৰু আপােনাআপুনি প্রকাশিত হয় । সহজাত ধাৰণা হ’ল শান্ত মন আৰু আত্মবিশ্বাসৰ এক ইতিবাচক অনুভৱ ।

( ) বােধানজনিত অভিজ্ঞতা

ৰাধাকৃষ্ণনে তিনি ধৰণৰ বােধজ্ঞানজনিত অভিজ্ঞতার কথা উল্লেখ কৰিছে । সেইকেইটা হ’ল – ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতা , যৌক্তিক ব্যাখ্যা আৰু ধাৰণাজনিত অনুভৱ । ৰাধাকৃষ্ণনৰ মতে এই তিনিও প্রকাৰৰ অভিজ্ঞতা তথা উপলব্ধিৰ যােগেদিহে কোনাে ব্যক্তিয়ে ব্রহ্মজ্ঞান অর্জন কৰাৰ দিশত অগ্ৰসৰ হ’ব পাৰে । তেওঁ তেনে অভিজ্ঞতা কি ৰূপত কেনেদৰে গ্ৰহণ কৰিছে , তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ জ্ঞান অর্জন কম বা বেছি হ’ব পাৰে । এনে অভিজ্ঞতাই মানুহৰ মনত বিভিন্ন ধৰণৰ সহজাত ধাৰণাৰ সৃষ্টি কৰিব পাৰে আৰু এনেদৰে সৃষ্ট সহজাত ধাৰণাই আচলতে জ্ঞান অৰ্তনৰ বাবে আৰস্বৰূপ হৈ পৰে ।

( ) ইন্দ্রিয়গ্রাহা অভিজ্ঞতা

আমি আমাৰ চকু , কাণ আদি পণেন্দ্ৰিয়ৰ জৰিয়তে যি অভিজ্ঞতা লাভ কৰিব পাৰে , সেয়া হল – ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতা । ৰাধাকৃষ্ণৰ মতে মানুহৰ ভিতৰৰ সহজাত ধাৰণাৰ ওপৰত এনে ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰে আটাইতকৈ বেছি প্ৰভাৱ আছে । কাৰণ এনে অভিজ্ঞতাৰ লগত লক্ষ্যবস্তুৰ প্রত্যক্ষ সম্পর্ক থাকে । আমাৰ বাহ্যিক পৃথিবীখনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে জানিবলৈ এনে অভিজ্ঞতাই আমাক সহায় কৰে । কোনাে বস্তুত লক্ষ্যণীয় কি কি গুণ বা বৈচিত্র আছে , সেইবােৰ আমি এনে অভিজ্ঞতাৰ জৰিয়তেই জানিব পাৰে । এই জ্ঞানে আমাৰ মনৰ ভিতৰত স্বয়ংক্রিয়ভাবে কিছু সহজাত ধাৰণাৰ সৃষ্টি কৰে । তেনেদৰে চাবলৈ গ’লে আমাৰ সহজাত ধাৰণাৰ মুলতে হ’ল । —এনে ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতা । অৱশ্যে ৰাধাকৃষ্ণনে । এই সম্পৰ্কত প্রত্যক্ষভাৱে একো কোৱা নাই ।

( ) যৌক্তিক ব্যাখ্যা

আমি লাভ কৰা জ্ঞানসমূহক যুক্তিৰে বিশ্লেষণ কৰাটোৱেই হ’ল যৌক্তিক ব্যাখ্যা । যৌক্তিক ব্যাখ্যাৰ জৰিয়তে আমাৰ ওচৰত থকা বা আমি জনা তথ্যবােৰৰ বিশ্লেষণ ঘটে আৰু যুক্তিপূর্ণ জ্ঞানৰ সৃষ্টি হয় । এই কাম সম্পন্ন হয় ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰ পাছত । ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰ বিভিন্ন প্রকাৰৰ বিশ্লেষণ আৰু সংশ্লেষণৰ প্রক্রিয়াৰ পাছত মানুহৰ মনলৈ যুক্তিসম্মত জ্ঞান আহে । ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতা প্রত্যক্ষ অভিজ্ঞতা হােৱাৰ বিপৰীতে এনে যৌক্তিক জ্ঞান পৰােক্ষ অভিজ্ঞতাহে আৰু ই বহুতাে ক্ষেত্ৰত সাংকেতিকো হ’ব পাৰে । কিন্তু আমাক কোনাে যন্ত্র , পদ্ধতি আদিক ঠিকমতে ব্যৱহাৰ কৰাত আৰু লগতে সেইবােবক নিয়ন্ত্রণ কৰাত আমাক সহায় কৰে ।

এনে যৌক্তিক ব্যাখ্যা আৰু যুক্তিসম্মত পদ্ধতিৰ আধাৰ হ’ল – সহজাত ধাৰণা । আনহাতে কিছু ক্ষেত্ৰত সহজাত ধাৰণাৰাে সৃষ্টি হয় যৌক্তিক ব্যাখ্যাৰ পৰা । গতিকে সকলাে ক্ষেত্ৰতে নহ’লেও বহু ক্ষেত্ৰতে ইটো সিটোৰ পৰিপূৰক হৈ পৰে , বা ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে । উদাহৰণ স্বৰূপে আমি চকু কাণ আদিৰে যি অনুভূতি লাভ কৰে , সেই অনুভূতিয়ে আমাৰ মাজত এক সহজাত ধাৰণাৰ সৃষ্টি কৰে আৰু এই সহজাত ধাৰণাৰ সহায়তে আমি কিছুমান পৰিঘটনাৰ যৌক্তিক ব্যাখ্যা আগবঢ়াব পাৰে । আনহাতে ৰাতি যদি কিবা এটা বস্তু দেখি আমি সেয়া কোনাে ভৌতিক জীৱ বুলি মিছাতে ভয় খাওঁ , তেন্তে যৌক্তিক ব্যাখ্যাই আমাক সেই ভয়ৰ পৰা ৰক্ষা কৰিব পাৰে , আৰু তেনেকৈ আমাৰ মনত যৌক্তিক ব্যাখ্যা নিৰ্ভৰ এক সহজাত ধাৰণাৰৰ সৃষ্টি হ’ব পাৰে । যুক্তিসম্মত সমস্যাৰ ক্ষেত্ৰত দেখা । যায় যে এক প্রণালীবদ্ধ , যান্ত্রিক পদ্ধতিৰ সহায়ত তেনে সমস্যা সমাধান পাব পৰা যায় । গতিকে যৌক্তিক ব্যাখ্যাই বহু ক্ষেত্ৰত কিছু ইতিবাচক ফলাফল দিব পাৰে ।

( ) ধাৰণাজনিত অনুভব

সহজাত আৰু যুক্তিসম্মত ধাৰণাৰ ফলত আমাৰ মনত যি অনুভৱৰ সৃষ্টি হ’ব পাৰে , সেয়াই হ’ল — ধাৰণাজনিত অনুভৱ । পশ্চিমীয়া চিন্তাধাৰাত বিশ্বাসীসকলে বহু ক্ষেত্ৰত যুক্তিসম্মত বিচাৰৰ ক্ষেত্ৰত সহজাত ধাৰণাক যিমান পাৰি কম গুরুত্ব দিব খােজে । কিন্তু ৰাধাকৃষ্ণনে এই প্রচেষ্টাৰ বিৰােধিতা কৰে । যুক্তিয়ে ইতিমধ্যে জনা তথাৰ আধাৰত কাম কৰে । কিন্তু তাতে সহজাত ধাৰণাৰ গুৰুত্বপূর্ণ স্থান আছে । ৰাধাকৃষ্ণনে এবাৰ লিখিছিল , “ আমি পাহৰি যাব নালাগিব যে যি কোনাে আৱিষ্কাৰৰ কলাৰ লগত ধাৰণাৰ ওতঃপ্রােত সম্পর্ক আছে । তথ্যক আধাৰ হিচাপে ৰাখিলেও আমি আৱিষ্কাৰ কৰে সহজাত ধাৰণাৰ সহায়তহে । পাছে পাছত আমি । সেই আৱিষ্কাৰ প্ৰমাণ কৰাে যুক্তিৰ সহায়ত । সহজাত ধাৰণাই তথ্য আৰু সেই তথ্যৰ লগত দেখাত সামঞ্জস্যহীন নির্দিষ্ট প্রক্রিয়াৰ মাজত সম্পর্ক স্থাপন কৰাত সহয়তাে । কৰেই , তদুপৰি নতুন জ্ঞানৰ আৱিষ্কাৰতাে ইসহায় কৰে । পাছত হয়তাে সেই নতুন জ্ঞান দার্শনিক অনুসন্ধান আৰু যুক্তিসম্মত বিশ্লেষণৰ বিষয়বস্তু হৈ পৰে ।

যৌক্তিক ব্যাখ্যাৰ ওপৰত সহজাত ধাৰণাৰ প্ৰভাৱক কিছু সংখ্যক দার্শনিকে আওকাণ কৰিব খােজে । এনে প্ৰৱণতাৰ তিনিটা মূল কাৰণে ৰাধাকৃষ্ণনে দাঙি ধৰিছে ।

প্রথম কথা হল সহজাত ধাৰণাই তথ্যৰ সম্পৰ্কত আগতেই এক যুক্তিমূলক জ্ঞানৰ সৃষ্টি কৰে যদিও সেয়া বহুতৰে চকুত নপৰে । এই প্রসংগত ৰাধাকৃষ্ণনে । কৈছে , “ আমি যদি কোনাে পৰিঘটনাৰ তথ্যবােৰৰ সম্পৰ্কত আগতেই কিছু চিনাকি হৈ নাথাকে , তেন্তে আমাৰ এই উপযুক্ত অস্তদৃষ্টি সৃষ্টি হ’ব নােৱাৰে । … আমাক এক ইতিবাচক দিশলৈ আগবঢ়াই দিয়াৰ ক্ষেত্ৰত সহজাত ধাৰণাক ব্যৱহাৰ কৰিবলৈ হলে আমি আগতে কিছুঅধ্যয়ন কৰি ল’ৰ Timescon nt.com লাগিব আৰু বিভিন্ন তথ্যসূত্র আদিক সমন্বয় কৰি এক উপযুক্ত সহজাত ধাৰণা সৃষ্টি কৰিব লাগিব । যুক্তিৰ আধাৰতহে এক মহান সহজাত ধাৰণাৰ জন্ম সম্ভৱপৰ । ” এই মহান সহজাত ধাৰণাই যৌক্তিক ব্যাখ্যাৰ ওপৰত শ্ৰভাৱ পেলাম ।

দ্বিতীয়তে দেখা যায় যে সহজাত ধাৰণাৰ মূল উপাদানসমূহ কেতিয়াবা যৌক্তিক ব্যাখ্যাৰ দ্বাৰা ধূসৰ হৈ পৰে । কাৰণ সেই সহজাত ধাৰণাৰ হয়তাে সৃষ্টি হৈছিল আগৰ কিছু তথ্য আৰু ব্যাখ্যাৰ জৰিয়তে যিবােৰে সেই সময়ত প্ৰাসংগিকতা হেৰুৱাইছে । আগৰ সেই তথ্য বা ব্যাখ্যাসমূহ তেনেদৰেই থাকি গ’লে সহজাত ধাৰণাৰ ওপৰত তাৰ প্ৰভাৱ থাকি যায় । পাছে সাধাৰণতে সেইবােবক পুনৰ সংশ্লেষিত কৰা হয় আৰু তাক আকৌ উপস্থাপন কৰা হয় । তেতিয়া সহজাত খাবণীও পুনৰ সজ্জিত হয় । এই পুনৰ সজ্জিত হােৱাটো ইমানেই সৰল প্রক্রিয়া যে যেতিয়া তাৰ জৰিয়তে এক নতুন অন্তষ্টি লাভ কৰা যায় , তেতিয়া আমি সেয়া কেনেকৈ পালাে , খেয়ালেই নকৰে । আমাৰ আৱিস্কাৰৰ প্ৰক্ৰিয়াত নিশ্চিতভাবে সেই নতুন সহজাত ধাৰণাই সহ্যয় কৰে , কিন্তু আমি ভাবি লওঁ যে আমাৰ সেই আৱিষ্কাৰৰ প্রক্রিয়া মাথোঁ যুক্তি বিশ্লেষণৰ বাহিৰে একো নহয় আৰু সহজাত ধাৰণাৰ তাত কোনাে ভূমিকা নাই ।

তৃতীয়তে এই কথা লক্ষ্য কৰা যায় যে যৌক্তিক ব্যাখ্যাতাে সহজাত ধাৰণৰ প্ৰভাৱ থাকে , কিন্তু সাধাৰণতে সেই সত্যক আওকাণ কৰা যায় । আমাৰ সেই ধাৰণা যুক্তিৰ ভাষাৰ ছদ্মবেশত থাকে । আমাৰ যুক্তিৰ ভাষা ক’ৰ পৰা আহিল সেই কথা চিন্তা কৰিলে এই ছদ্মবেশ ধৰা পৰি যায় আৰু সহজাত ধাৰণাৰ স্বৰূপ ওলাই পৰে । চমুকৈ ক’বলৈ গ’লে সহজাত ধাৰণা নতুন যুক্তিৰ অন্তৰালত লুকাই থাকে । সেই সত্য উন্মােচন কৰিবলৈ হ’লে নতুন যুক্তিকো আকৌ আন এক যুক্তিৰে । ফহিয়াই চাব লাগিব ।

ৰাধাকৃষ্ণনে এই মত প্রকাশ কৰিছিল যে যৌক্তিক ব্যাখ্যাত imy contenere সহজাত ধাৰণাৰ যথেষ্ট গুরুত্ব আছে । তেওঁ কৈছিল , “ যদি আৱিষ্কাৰৰ প্রক্রিয়া কেৱল এক সংশ্লেষণেই হ’লহেঁতেন , তেন্তে পূর্বধাৰণা তথা তথাৰ জ্ঞান থকা যিকোনাে যান্ত্রিক মগজুৱে মহান আৱিষ্কাৰসমুহ কৰি পেলাব পাৰিলেহেঁতেন । তাৰ বাবে জিনিয়াছল প্রয়ােজন নহ’লহেঁতেন । ” যৌক্তিক ব্যাখ্যাক বেছি গুৰুত্ব দিব খােজাসকলে জন্মগতভাবেই সৃষ্টিমূলক প্রতিভাৰ অধিকাৰীসকলৰ সহজাত ধাৰণা আৰু সেই ধাৰণাৰ ফলত সৃষ্টি হােৱা তীব্র অন্তর্দৃষ্টিৰ কথা আওকাণ কৰিব খােজে । কিন্তু ৰাধাকৃষ্ণণৰ মতে যুক্তি যান্ত্রিক প্রয়ােগ কেতিয়াও সৃষ্টিমূলক হ’ব নােৱাৰে । তাৰ বাবে জিনিয়াছ আৰু তেওঁলােকৰ সহজাত প্রতিভা লাগিবই ।

সহজাত প্রতিভাই অৱশ্যে যুক্তি আৰু আন তথ্যৰ লগত সম্পর্ক ৰাখিহে এজন মানুহক বিকাশৰ পথলৈ আগুৱাই লৈ যাব পাৰে । সহজাত ধাৰণা আৰু বৌদ্ধিক কর্ম সম্পর্কে তেওঁৰ মত আছিল যে বৌদ্ধিক কর্মবিহীন সহজাত ধাৰণা হ’ল অন্ধ আৰু সহজাত ধাৰণাবিহীন বৌদ্ধিক কর্ম হ’ল শুন্য । এই দুয়েটাৰ সময়তহে এক সৃষ্টি সম্ভৱপৰ । সকলাে প্রক্রিয়াৰেই এক অংশ সহজাত ধাৰণাৰ দ্বাৰা সৃষ্ট আৰু আন এক অংশ বৌদ্ধিক কর্মৰ ফল ।

( ) অতীন্দ্রিয় অভিজ্ঞতা

ৰাধাকৃষ্ণনে আধিভৌতিক অভিজ্ঞতাক যে স্বীকৃতি দিছিল , সেই বিষয়ে চর্চা আলােচনা যিমান হ’ব লাগিছিল , সিমান হােৱা নাই । ইণ্ডিয়ান ফিলছ’ফিৰ প্ৰথম খগুতে ৰাধাকৃষ্ণনে তেওঁ ‘ অতীন্দ্রিয় পৰিঘটনা ” বুলি আখ্যা দিয়া কিছুমান ঘটনাৰ কথা লিখিছিল । ৰাধাকৃষ্ণনৰ মতে সহজাত ধাৰণাৰ এক উচ্চ বিকশিত সংবেদনৰ যােগেদি এনে অভিজ্ঞতা পাব পৰা যায় । ৰাধাকৃষ্ণনে কৈছিল যে মানুহৰ মনৰ তিনিটা ভাগ আছে – সচেতন , উপসচেতন আৰু অতিসচেতন । অস্বাভাৱিক বা অতীন্দ্রিয় পৰিঘটনাক বিভিন্ন লােকে জিনিয়াছ , বিশ্বাসজনিত ভ্রান্তি , সম্মােহ , পাগলামি । আদি আখ্যা দিছে । পাছে যিয়েই আখ্যা দিয়া নাযাওক , এই অতীন্দ্রিয় অভিজ্ঞতা হ’ল অতিসচেতন মনৰ সৃষ্টি । এনে অভিজ্ঞতাবােৰ কিন্তু আচলতে অস্বাভাৱিক নহয় বা অবৈজ্ঞানিকো নহয় । সেই অভিজ্ঞতাবােৰ আচলতে খুব সাৱধানেৰে নিয়ন্ত্রণ কৰা মানসিক অভিজ্ঞতাৰ পৰা সৃষ্টি হয় । ভাৰতীয়সকলে বহু আগৰে পৰাই টেলিপেথি আৰু ইন্দ্রিয়বহিত যােগাযােগৰ ক্ষেত্ৰত বিশ্বাস কৰি আহিছে আৰু এনে ধৰণৰ বহু কাহিনীও ভাৰতত প্রচলিত আছে । সেইবােৰক কিন্তু কেতিয়াও অস্বাভাবিক বুলি গণ্য কৰা হােৱা নাছিল বা “ মিল ’ আখ্যাও দিয়া হােৱা নাছিল । কিছু লােকে সেয়া অসুস্থ মাৰ সৃষ্টি বা ভগৱানৰ পৰা পােৱা বিশেষ ক্ষমতাৰে অৰ্জন কৰা সামর্থ্য বুলি । কলেও আচলতে স্যেও সঁচা নহয় । প্রকৃততে অতীন্দ্রিয় পৰিঘটনা সৃষ্টিৰ মূলতে হ’ল মানুহৰ মনৰ ভিতৰৰ এক বিশেষ শক্তি । বিশেষভাবে সৃষ্ট পৰিস্থিতিত মনে এনে ধৰণৰ কাম কৰি দেখুৱাব পাৰে ।

অতীন্দ্রিয় ক্ষমতা হ’ল এনে এক উচ্চ পর্যায়লৈ বিকশিত হােৱা মানসিক ক্ষমতা , যি ক্ষমতাৰ অনুভৱ সাধাৰণ মানুহৰ বােধজ্ঞানৰ বাহিৰত । সেইবাবেই হয়তাে মানুহে এই ক্ষমতাক অতি প্রাকৃতিক বা অস্বাভাৱিক বুলি অভিহিত কৰে । অতীন্দ্রিয় অভিজ্ঞতাৰ লগতাে সহজাত ক্ষমতাৰ প্ৰসংগটো সােমাই আছে । এইবােৰ সহজাত অতীন্দ্রিয় পৰিঘটনাই কিন্তু বিশ্বৰ কোনাে নিয়ম ভংগ নকৰে । ৰাধাকৃষ্ণনৰ মতে অতীন্দ্রিয় সহজাত ধাৰণা হ’ল সাধাৰণ ইন্দ্রিয়বােৰে ধৰিব নােৱাৰা জ্ঞান বা অভিজ্ঞতাৰ পৰা সৃষ্ট ধাৰণা । ৰাধাকৃষ্ণনে ইয়াকো কৈছিল যে টেলিপেথিৰ তথ্যবােৰে এই কথাও উনুকিয়াই দিয়ে যে এটা মনে আন এটা মনৰ লগত প্রত্যক্ষভাৱে যােগাযােগ কৰিব পাৰে । অতীন্দ্রিয় অভিজ্ঞতাৰ ক্ষেত্ৰত ৰাধাকৃষৰ স্পষ্ট মত “ অতীন্দ্রিয় অভিজ্ঞতাৰে আমি এনে কিছুমান বস্তু প্রত্যক্ষ কৰিব পাৰে । বা এনে কিছুমান কথা অনুভৱ কৰিব পাৰে , যি কাম আমি স্বীকৃত ইন্দ্রিয়বােৰেৰে কৰিব নােৱাৰাে । ”

( ) নন্দনতাত্ত্বিক অভিজ্ঞতা

 ৰাধাকৃষৰ মতে “ সকলাে কলাই হ’ল কোনাে মাধ্যমত মানুহৰ অভিজ্ঞতা । প্রকাশ ” । অৱশ্যে কাসুলভ অভিজ্ঞতা আৰু ইয়াৰ প্ৰকাশৰ লগত সম্পর্ক যেনেকৈ আছে , তেনেকৈ তাৎপর্যপূর্ণ পার্থক্যও আছে । শিল্পীয়ে তেওঁৰ অভিজ্ঞতাৰ হুবহু প্রকাশ নকৰিবও পাৰে । যুদ্ধসম্পৰ্কীয় অভিজ্ঞতাৰে সমৃদ্ধ হােৱা এজন শিল্পী । তুলিকাত যুদ্ধৰ হুবহু এখন চিত্র সৃষ্টি নহ’বও পাৰে । ৰাধাকৃষ্ণনে এই সম্পর্কত লিখিছে , “ শিল্পীয়ে তেওঁৰ অভিজ্ঞতা কিমান ভিন্ন দিশত , কিমান বিভিন্ন প্রকাৰে আৰু কেনে অর্থবহভাৱে প্ৰকাশ কৰিব পাৰে সেই সামর্থ্যৰ ওপৰতে কোনাে শিল্পীৰ সাফল্য নির্ভৰ কৰে । ”

সৃষ্টি কৰিবৰ বাৰে এজন শিল্পীৰ মনত এক নন্দনতাত্ত্বিক সৌন্দর্যৰ ধাৰণাৰ সৃষ্টি হ’ব লাগিব আৰু সেই নন্দনতাত্ত্বিক সৌন্দর্য সৃষ্টিমূলক সহজাত ধাৰণাৰ পৰা সৃষ্টি হয় । আচলতে এই কলাসুলভ সহজাত ধাৰণায়েই সৃষ্টিৰ ক্ষেত্ৰত শিল্পীৰ বিভিন্ন সমস্যাৰ সমাধান আনি দিয়ে আৰু শিল্পীৰ সৃষ্টিক সােত্তীর্ণ কৰি তােলে ।

ৰাধাকৃষ্ণনৰ মত হল— “ সহজাত ধাৰণা আৰু অভিজ্ঞতা নহ’লে কলা যান্ত্রিক হৈ পৰিব আৰু সেয়া মহৎ সৃষ্টি নহৈ পুৰণি কলাৰ এক অনুকৰণহে হ’ব । বাস্তৱৰ কঠিনতাৰ সৈতে শিল্পীৰ মনৰ মাজত হােৱা সংঘৰ্ষৰ ফলতহে মহান শিল্পীৰ সৃষ্টি হয় । অনুপ্ৰেৰণাহীন শিল্পী কৌশল বন্ধ্যা । বৌদ্ধিক ক্ষমতা , প্রাপ্ত তথ্য আৰু কল্পনাই সুন্দৰ এক কবিতা সৃষ্টি কৰিব পাৰে , পাছে সেয়া হ’ব উৎপাদিত কবিতা , কালজয়ী মহৎ কবিতা নহয় । প্রকৃত আৰু মহৎ সাহিত্য সৃষ্টি কৰিবলৈ হ’লে তাৰ উপৰি এক সৃষ্টিমূলক সহজাত ক্ষমতা লাগিব ।… প্রকৃত কলা হ’ল এজন লােকৰ সমগ্র ব্যক্তিত্বৰ এক প্রকাশ ।

কলা আৰু বিজ্ঞান সম্পর্কত ৰাধাকৃষ্ণনে কৈছিল যে “ প্রকৃত কলাসুলভ প্রকাশতে এক বৈজ্ঞানিক মানসিকতা থাকিব লাগিব , যাক ক’ব পাৰি কলাৰ বিজ্ঞান । ” তেওঁ বিশ্বাস কৰিছিল যে শিল্পীৰ অভিজ্ঞতা আৰু দৃষ্টিভংগী বিজ্ঞানৰ এক নীতি বা সূত্ৰ আৱিষ্কাৰৰ লগত তুলনীয় । এজন বিজ্ঞানীয়ে যেতিয়া কোনাে সূত্র আবিষ্কাৰ কৰে , তেওঁ আচলতে আগতে আনে নিৰীক্ষণ কৰা তথ্যবােৰকে এক নতুন সংগঠিত ৰূপ দিয়ে । একেদৰে এজন কলাকাৰেও তেনে এক কামতে ব্যস্ত থাকে । তেওঁ আমাৰ সাধাৰণ অভিজ্ঞতাবোেৰকে আন এক ৰূপ দিয়ে বা এক নতুন ৰূপত তাক উপস্থাপন কৰে ।

অৱশ্যে কলা আৰু বিজ্ঞানৰ পদ্ধতিৰ মাজত সামঞ্জস্য থাকিলেও কলা আৰু বিজ্ঞান যে একেবাৰে একে নহয় সেই ক্ষেত্ৰত ৰাধাকৃষ্ণন সচেষ্ট আছিল । তেওঁ কৈছিল , “ কাব্যিক সত্য বৈজ্ঞানিক সত্যৰ সৈতে একে নহয় । কাব্যিক সত্যই কোনাে এক সত্যৰ প্ৰকাৰহে আমাৰ আগত দাঙি ধৰে । এনে সত্যৰ প্ৰকাৰ অজস্ৰ হ’ব । পাৰে । আনহাতে বৈজ্ঞানিক সত্যই সেই সত্যৰ পৰিমাণ আমাক জনায় । ” ৰাধাকৃষ্ণনে সম্ভৱ বুজাব খুজিছিল যে কলাৰ বিষয়বস্তুৰ ব্যাপ্তি বিজ্ঞানৰ তুলনাৰ বহুত বেছি । বিজ্ঞানত কোনাে তত্ত্ব হয়তাে এবাৰেই এজনে আৱিষ্কাৰ কৰিছে । কিন্তু কলাৰ । ক্ষেত্ৰত এক নির্দিষ্ট বিষয়ৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন কলাসাধকে অজত্ব সৃষ্টি কৰিব পাৰে । উদাহৰণ স্বৰূপে বৰষুণৰ সৃষ্টি সম্পর্কত বিজ্ঞানৰ তত্ব একে ধৰণৰেই , কিন্তু সেই বৰষুণকে লৈ বিভিন্ন সময় বিভিন্ন শিল্পীয়ে অজস্র সৃষ্টি কৰি থৈ গৈছে । আৰু সেই প্রক্রিয়া এতিয়াও চলি আছে ।

ৰাধাকৃষ্ণনে কবিতা আৰু গদ্যৰ মাজতাে এক ব্যুৎপত্তিগত পার্থক্য দেখা পাইছিল । কবিতাক প্রশংসা কৰি তেওঁ এবাৰ লিখিছিল , “ কবিতা হ’ল আত্মাৰ ভাষা , আনহাতে গদ্য হ’ল বিজ্ঞানৰ ভাষা । কোনাে এক বিষয় সম্পৰ্কত কবিতাই এক ৰহস্যময় পৰিৱেশৰ সৃষ্টি কৰে আৰু গদ্যই তাক অধিক স্পষ্ট কৰি তােলে । ” ( ) নৈতিক অভিজ্ঞতা

ৰাধাকৃষ্ণনে নৈতিকতাৰ প্ৰসংগতাে সহজাত ধাৰণাক এক গুৰুত্বপূর্ণ স্থান দিছে । ৰাধাকৃষ্ণনৰ মতে নৈতিক অভিজ্ঞতাবােৰ পৰিবর্তনশীল । অর্থাৎ এইবােৰ অভিজ্ঞতা এক ৰূপৰ পৰা আন এক ৰূপলৈ ৰূপান্তৰিত হ’ব পাৰে । এই অভিজ্ঞতাবােৰে মানুহৰ মনত সংশয়বােৰ দূৰ কৰে আৰু সম্ভাব্য কৰ্মৰ বিভিন্ন উপায়ৰ মাজত এক সমন্বয়ৰ সৃষ্টি কৰে । নৈতিক সহজাত ধাৰণাই আমাক কর্তব্য কৰিবলৈ অনুপ্ৰেৰণা যােগায় , আমাৰ দায়িত্ব আমাক সোঁৱৰাই দিয়ে আৰু আমাৰ ব্যক্তিত্ব গঢ়ি তােলে । ৰাধাকৃষ্ণনৰ মতে মানুহৰ সহজাত ধাৰণাই যি নৈতিক পৰিবর্তন আনে , সি আমাৰ উপলব্ধি আৰু ধর্মীয় উত্তৰণত অৰিহণা যােগায় ।

অৱশ্যে এই কথাও সঁচা যে সকলাে নৈতিক পৰিবৰ্তন কেৱল সহজাত ধাৰণাৰ জৰিয়তে সৃষ্টি নহয় । ৰাধাকৃষ্ণনে স্বীকাৰ কৰি লৈছে যে এজন মানুহে প্রায় সকলাে নৈতিকআচৰণ বা মূল্যবােধৰ দ্বাৰাই লয় । কিন্তু কেতিয়াবা কিছুমান নৈতিক সমস্যাও সৃষ্টি হয় , যাক আমি ধর্ম সংকট বুলি অভিহিত কৰিব পাৰে । তেনে সময়ত আমি কোনাে নৈতিক সিদ্ধান্ত গ্রহণ কৰােতে আমাৰ মাজত থকা সহজাত ধারণাই সহায় কৰে । ৰাধাকৃষ্ণনে নৈতিক সজাগতা বৃদ্ধিৰ লগত সৃষ্টিমূলক সহজাত ধাৰণাৰ মিল বিচাৰি পাইছে । তেওঁ এই প্ৰসংগত কৈছে , “ জীৱনৰ দৰা খেলত বিভিন্ন শুটিৰ বিভিন্ন ক্ষমতা আছে আৰু প্ৰায়বােৰ পৰিস্থিতিতে সম্ভাব্য অলেখ । বিন্যাস আছে , যাৰ সহায়ত পৰিবর্তী চাল দিব পৰা যায় । কিন্তু তাৰে এটা – দুটা । চালহে আমাৰ বাবে উপযুক্ত হ’ব । সেই চাল কি হ’ব পাৰে , সেয়া নিৰ্ভৰ কৰিব আমাৰ সহজাত নৈতিকতা আৰু নৈতিক চৰিত্ৰৰ ওপৰত । ভাল খেলুৱৈয়ে উপযুক্ত চালটোহে নির্বাচিত কৰে আৰু লগতে উপলব্ধিও কৰে যে সেই সঠিক চালটো যদি দিয়া নহয় , তেন্তে তেওঁ নিজকে নিজে বিপথে পৰিচালনা কৰা যেন হ’ব । যিকোনাে সংকটজনক পৰিস্থিতিত সঠিকভাবে সম্মুখলৈ আগবঢ়াটো এটা সৃষ্টিমূলক কলা ।

আমাৰ নৈতিক কাম – কাজৰবাৰৰ ফলাফল আচলতে সমাজৰ লগতে প্রোথিত হৈ আছে । সামাজিক মঞ্চতে নৈতিক সহজাত ধাৰণাৰ সেই ‘ দ খেল ’ খেলা যায় । সমাজৰ সংকটৰ সময়ত এনে এক সময় আহে , যেতিয়া মনে মনে থাকিৰ পৰা নাযায় , আৰু কাৰােবাক সমর্থন বা কাৰােবাক বিৰােধিতা কৰিবই লাগিব । এনে সময়তে উচ্চ নৈতিকতাৰ পৰীক্ষা হয় ।

( ) ধর্মীয় অভিজ্ঞতা

ৰাধাকৃষ্ণনৰ মতে সকলাে ধৰ্মৰে আধাৰ হ’ল বিভিন্ন অভিজ্ঞতাৰ বিভিন্ন উপস্থাপন বা ব্যাখ্যা । অভিজ্ঞতাসমুহ একেধৰণৰ হ’লেও ব্যাখ্যাৰ বিভিন্নতাৰ বাবে ধর্মসমূহৰ নীতিবােৰৰ মাজত কিছু পার্থক্য দেখা যায় । তৎসত্ত্বেও সকলাে ধৰ্মৰে মূল উদ্দেশ্য একেই – বিশ্বৰ কল্যাণসাধন , মানৱৰ আধ্যাত্মিক উত্তৰণ , বিশ্বশান্তি , বিশ্ব ভ্রাতৃত্ব আদি ।

ৰাধাকৃষ্ণনে কৈছিল যে যদি অভিজ্ঞতা ধৰ্মৰ আত্মা হয় , তেন্তে তাৰ প্ৰকাশ । হ’ল শৰীৰ , যাৰ যােগেদি ই লক্ষ্যত উপনীত হ’ব পাৰে । ধর্মীয় অভিজ্ঞতাৰ ক্ষেত্ৰত ৰাধাকৃষ্ণনৰ বক্তব্য হ’ল – এনে অভিজ্ঞতাৰ বাবেই ঈশ্বৰৰ ধাৰণা সৃষ্টি হৈছে । বিভিন্ন ধর্ম – সংস্কৃতি , পৰিৱেশ – পৰিস্থিতি আদিৰ পৰিপ্ৰেক্ষিতত মানুহৰ মনত যি সহজাত ধাৰণা সৃষ্টি হয় , সি এই ধর্মীয় অভিজ্ঞতাৰ ওপৰতাে প্ৰভাৱ বিস্তাৰ কৰে ।

ধর্মীয় অভিজ্ঞতাই মানুহৰ মনৰ অতি গভীৰত প্ৰভাৱ পেলায় । সেইবাবেই । হয়তাে মানুহে নিজৰ ধৰ্ম সতকাই সলনি কৰিব নােৱাৰে । ৰাধাকৃষ্ণনৰ মতে এই অভিজ্ঞতা মানুহৰ বাবে বৰ প্ৰভাৱী আৰু এনে প্ৰভাৱৰ বাবেই ধর্মীয় শান্তি বিচাৰিলেও ধৰ্মৰ নামতে মানুহৰ মাজত মৰামৰি কটাকটি আৰম্ভ হৈ যায় ।

ৰাধাকৃষ্ণনে লাভ কৰা বিভিন্ন সম্মান

১৯৩১ চনত ড ° ৰাধাকৃষ্ণনে নাইট উপাধি লাভ কৰে । ১৯৩৮ চনত তেওঁ ব্রিটিছ একাডেমীৰ ‘ ফেলাে নির্বাচিত হয় ।

১৯৫৪ চনৰ ২ জানুৱাৰীত ভাৰতৰ তদানীন্তন ৰাষ্ট্রপতি ড ° ৰাজেন্দ্র প্রসাদে । ভাৰতৰ সর্বোচ্চ অসামৰিক সম্মান ‘ ভাৰতৰত্ন ’ প্রদানৰ চৰকাৰী সিদ্ধান্তৰ কথা ঘােষণা কৰে । সেই চনতে সর্বপল্লী ৰাধাকৃষ্ণনলৈ এই ভাৰতৰত্ন ’ সম্মান আগবঢ়োৱা হয় । একে বছৰতে তেওঁৰ লগতে চি ভি মন আৰু চক্রবর্তী বাজাগােপালাচাৰীলৈও । এই সম্মান যচা হয় । ১৯৬৩ চনত তেওঁ “ অৰ্ডাৰ অ মেৰিট ‘ সন্মান লাভ কৰে । ১৯৬১ চনত ৰাধাকৃষ্ণনে জার্মান বুক ট্রেড’ৰ শান্তি পুৰস্কাৰ লাভ কৰে আৰু ১৯৭৫ চনত মৃত্যুৰ কেইমাহমান আগতে ‘ টেম্পলটন পুৰস্কাৰ লাভ কৰে । অৱশ্যে টেম্পলটন ’ পুৰস্কাৰৰ সমুদায় ধন তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ক দান দিয়ে । ১৯৮৯ চনত অক্সফোর্ড বিশ্ববিদ্যালয়ে ৰাধাকৃষ্ণণৰ স্মৃতিত ৰাধাকৃষ্ণন বৃত্তি প্রবর্তন কৰে । পাছত এই বৃত্তিক বাধাকৃষ্ণন চেভেনিং স্কলাৰশিপ ’ নামেৰে নামকৰণ কৰা হয় ।

১৯৩৩ চনৰ পৰা ১৯৩৭ চনলৈ ক্রমাগত পাঁচোটা বছৰৰ বাবে ৰাধাকৃষ্ণনৰ নাম নােবেল সাহিত্য পুৰস্কাৰৰ বাবে মনােনীত কৰা হৈছিল । অৱশ্যে তেওঁ এই পুৰস্কাৰ লাভ নকৰিলে । ডাগ হেমাৰশ্বিৰ দেউতাক হালমাৰ হেমাৰশিল্ডে তেওঁৰ নাম মনােনীত কৰিছিল ।

ড ° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ দ্বাৰা ৰচিত উল্লেখযােগ্য গ্রন্থসমূহ 

  • দ্য হিন্দু ভিউ অফ লাইফ ( ১৯২৬ ) – ৯২ পৃষ্ঠা ।
  • এন আইডিয়েলিষ্ট ভিউ অফ লাইফ ( ১৯২৯ ) – ৩৫১ পৃষ্ঠা ।
  • ইষ্টার্ন ৰিলিজন এণ্ড ৱেষ্টার্ন থট ( ১৯৩৯ ) ,
  • অক্সফোর্ড ইউনিভাৰ্চিটি প্রেম , ৩৫১ পৃষ্ঠা
  • ৰিলিজন এণ্ড ছচাইটি ( ১৯৪৭ ) , ২৪২ পৃষ্ঠা
  • দ্য প্রিন্সিপাল উপনিষদছ ( ১৯৫৩ ) – ৯৫৮ পৃষ্ঠা , হার্পাৰ কলিনছ পাব্লিছাৰ্ছ লিমিটেড ।
  • বিকভাৰী অফ ফেইথ ( ১৯৫৬ ) , ২০৫ পৃষ্ঠা ।
  • এ ছবুকই ইণ্ডিয়ান ফিলছফি ( ১৯৫৭ ) , ৬৮৩ পৃষ্ঠা , প্রিন্সটন ইউনিভাৰ্চিটি । .
  • ইণ্ডিয়ান ফিলছফি ( ১৯২৩ ) প্রথম খণ্ড – ৭৩৬ পৃষ্ঠা , দ্বিতীয় খণ্ড – ৮০৭ পৃষ্ঠা ।

ড ° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে কোনে কি কয় ?

এলডুছ হালীয়ে ভ ” ৰাধাকৃষ্ণৰ বিষয়ে কৈছিল , “ তেওঁ শব্দ আৰু নিঃশন্স উভয় ক্ষেত্ৰৰে এজন মাষ্টাৰ । ” (He is the master of worls and no words . )

প্রফেছাৰ এইচ , এন , মুইৰহেডে ড ° ৰাধাকৃষ্ণনৰ বিষয়ে কৈছিল , “ ড ৰাধাকৃষ্ণনৰ এক বিৰল কৃতিত্ব আছে যে তেওঁ মহান ইউৰােপীয় পৰস্পৰা আৰু মহান এছীয় পৰম্পৰা —উভয়ৰে লগত বেছ সুপৰিচিত । সেইবাবেই তেওঁ দুয়াে , দিশৰে সমন্বয়ত এক আধ্যাত্মিক জ্ঞানৰ সন্ধান পাব পাৰিছে আৰু এক দার্শনিক সামঞ্জস্যও বিচাৰিব পাৰিছে ।

পণ্ডিত জৱাহৰলাল নেহৰু ৰাধাকৃষ্ণৰ এজন নিকট বন্ধু আছিল । তেওঁ এবাৰ ৰাধাকৃষ্ণনৰ বিষয়ে কৈছিল , “ ৰাধাকৃষ্ণনে নিজৰ দেশক বিভিন্ন ধৰণেৰে সেৱা কৰিছিল । কিন্তু সকলােৰে ওপৰত তেওঁ আছিল এজন মহান শিক্ষক , যাৰ পৰা আমি বহু কথা শিকিছো আৰু এতিয়াও আন বহু কথা শিকিবলগীয়া আছে । এনে এজন প্রখ্যাত দার্শনিক , এজন আদর্শ শিক্ষক আৰু এজন মহান মানৱক ৰাষ্ট্রপতি হিচাপে পােৱাটো সমগ্ৰ ভাৰতৰ বাবেই বৰ গৌৰৱৰ কথা । ই লগতে এই কথাও সুচায় যে কেনে ধৰণৰ লােকক আমি শ্রদ্ধা আৰু সন্মান কৰাে ।

ৰাধাকৃষ্ণনৰ সমসাময়িক এজন প্রখ্যাত দার্শনিক জর্জ পি , কংগাৰে ( George PConger ) কৈছিল , “ আমাৰ সময়ত কোনাে দার্শনিকে ভাৰতৰ ড ° ৰাধাকৃষনৰ দৰে ইমান বিভিন্ন ক্ষেত্ৰত ইমান বেছি পাৰদৰ্শিতা দেখুৱাব পৰা নাছিল । … উইলিয়াম কেমছ আছিল ধৰ্মৰ ক্ষেত্ৰত এজন প্ৰভাৱশীল ব্যক্তি আৰু জন ডেবে আছিল এক ৰাজনৈতিক নেতা । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন নে দুজন সাংসদহে দার্শনিক আছিল । জেকুইছ মাৰিটাইন আছিল এজন ৰাষ্ট্রদূত । ৰাধাকৃষ্ণনে মাত্র ত্রিছ বছৰমানৰ কর্মজীবনৰ ভিতৰতে এই আটাইবােৰ কাম কৰি দেখুৱাইছে আৰু তাৰ উপৰি আন কামাে কৰিছে ।…. দৰ্শনৰ ইতিহাসত কেতিয়াও কোনাে এজন দার্শনিক ইমান । বিভিন্ন ক্ষেত্ৰত বিশ্ববিখ্যাত লােক হ’ব পৰা নাছিল । একে সময়তে প্ৰাচ্যৰ বেনাৰস আৰু পাশ্চাত্যৰ অক্সফোর্ডৰ লগত জড়িত হৈ থাকি আৰু পূর্ব পশ্চিমৰ মাজত সঘনে অহা – যােৱা কৰি তেওঁ বিভিন্ন প্ৰকাৰৰ সভ্যতাৰ কাপােৰক বুজাবুজিৰ সূতাৰে গুঠি পেলাইছে । ”

জাতীয়তাবাদী ৰাধাকৃষ্ণন

১৯২০ চনৰ দশকৰ পৰা বাগাকুৰ মনত জাতীয়তাবাদী এক ভাবে ক্রিয়া । কৰিবলৈ লয় । এই সময়ছোৱাতে ভাৰতত এক সাম্প্রদায়িক দৃষ্টিভংগীও প্ৰকট হৈ উঠে । ভাই পৰমানন্দ আৰু তেওঁৰ উত্তৰাধিকাৰী ভি , ডি , ভিৰিকাৰৰ নেতৃত্বত হিন্দু মহাসভাই হিন্দুসকলৰ মাজত বেছ জনপ্রিয়তা অর্জন কৰে । মহম্মদ ইকবালে মুছলিমসকলক নিজৰ আত্ম – নিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহবান জনায় । মহম্মদ আলি জিন্নাই ‘ মুছলিম লীগ’ৰ জন্ম দিয়ে আৰু ১৯৩০ চনৰ দশকৰ আগভাগত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত এই লীগে মুছলিমসকলৰ আত্ম – নিয়ন্ত্ৰণৰ অধিকাৰ দাবী সজোৰে উত্থাপন কৰি পৃথক পাকিস্তান প্রসংগ উল্লেখ কৰে । ১৯৩৫ চনৰ সংস্কাৰ আইনৰ আধাৰত ভাৰতত যি নির্বাচন হ’ল , সেই নির্বাচনে মুছলিম আৰু হিন্দুসকলৰ মাজত ৰাজনৈতিক বিভাজন সুস্পষ্ট কৰি তুলিলে ।

এই সময়ছােৱাত ৰাধাকৃষ্ণৱনৰ মনলৈ শিক্ষা আৰু জাতীয়তাবাদৰ ভাব একেলগে আহিল । ৰাধাকৃষ্ণনে এই মত পােষণ কৰিছিল যে বিশ্ববিদ্যালয়ৰ শিক্ষাই এজন ব্যক্তিৰ অন্তনিহিত ব্যক্তিত্বৰ বিকাশ কৰিব পাৰে আৰু এই পর্যায়ত উপযুক্ত শিক্ষাৰ দ্বাৰা ভাৰতীয় ঐক্য প্রতি আগ্রহ সৃষ্টি কৰিব পৰা যায় আৰু লগতে এক সুস্পষ্ট জাতীয়তাবাদী তথা ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰৰ জন্ম দিব পৰা যায় । ১৯৩০ আৰু ৪০ ৰ দশকত ৰাধাকৃষ্ণনে এখন । স্বায়ত্বশাসিত ভাৰতৰ হকে মত পােষণ কৰিছিল । তেওঁ এই আশা কৰিছিল যে প্রকৃতাৰ্থত শিক্ষিত ভাৰতীয়সকলে এখন নতুন ভাৰত গঢ়াত আগভাগ ল’ব । সেই উৎসর্গিত ভাৰতীয়সকলৰ যিকোনাে সমস্যা সমাধানৰ ক্ষেত্ৰত এক ব্যক্তিগত দৃষ্টিভংগী থাকিব লাগিব আৰু তেওঁলােকে কৰিব লাগিব । ভাৰতৰ আত্মসন্মান ৰক্ষা কৰি এই দেশক বিকাশৰ দিশত আগবঢ়াই দিবলৈ চেষ্টা ।

ভাৰত তথা হিন্দু দর্শনক লৈ ৰাধাকৃষানৰ গৌৰৱবোধ তেওঁ দেশে – বিদেশে দিয়া প্রখ্যাত ভাষণবােৰতে প্ৰকাশ পাইছিল । তেওঁ হাড়ে – হিমজুরে এজন ভাৰতীয় আছিল , আৰু হিন্দু দর্শনক বিশ্ববাসীৰ সন্মুখত স্বমহিমাৰে প্ৰতিষ্ঠা কৰাটোক জীৱনৰ অন্যতম লক্ষ্য হিচাপে লৈছিল ।

মাদ্রাজত শেষ নিঃশ্বাস

ড ° ৰাধাকৃষ্ণনৰ ভাৰতীয় গণতন্ত্রৰ ওপৰত গভীৰ বিশ্বাস আছিল । ১৯৫৭ চনৰ ১২ মে’ত ৰাষ্ট্রপতি হিচাপে তেওঁৰ বিদায়ী ভাষণত তেওঁ কৈছিল , “ সামান্য কিছু অশুভ ফলাফলৰ বিপৰীতে ভাৰতীয় সংবিধানে বেছিভাগ ক্ষেত্ৰতে সফলভাবেই কাম কৰি গৈছে । … কিন্তু গণতন্ত্র কেৱল চৰকাৰ গঠন কৰা এক পদ্ধতি নহয় । ই তাতকৈ বহুত বেছি অর্থ বহন কৰে । ই হ’ল এক জীৱনধাৰা , মানুহৰ লগত সম্পর্কিত বিষয়সমূহ আলােচনা কৰা আৰু সমাধান কৰাৰ এক সভ্য পদ্ধতি । আমি আমাৰ দেশলৈ শান্তিপূর্ণ ইতিবাচক পৰিবৰ্তন আনিবলৈ আৰু লগতে প্রয়ােজনীয় ক্ষেত্ৰত মৌলিক সংস্কাৰ সাধিবলৈ কাম কৰি যােৱা উচিত । ” ৰাষ্ট্রপতি পদৰ পৰা অৱসৰ লােৱাৰ পাছত ৭৯ বছৰ বয়সত ৰাধাকৃষ্ণন মাদ্রাজলৈ ঘূৰি আহে । বহুদিনৰ মূৰত আদৰৰ লােকজনক কাষত পাই মাদ্রাজবাসীয়ে তেওঁক উষ্ণ অভ্যর্থনা জনায় । মাদ্ৰাজৰ মাইলাপৰত অৱস্থিত তেওঁৰ গিৰিজা’নামৰ ঘৰটোতে ৰাধাকৃষ্ণনে জীৱনৰ বাকী দিনবােৰ অতিবাহিত কৰে । তাতে ১৯৭৫ চনৰ ১৭ এপ্রিলত তেওঁৰ মৃত্যু হয় ।

References

  1. Abhijit Sarma Baruah (Especially Thank You) 
  2. “Radhakrishnan of India, Philosopher, Dead at 86”. New York Times. 17 April 1975. Retrieved 2 September 2018.
  3.  Lawhead, William F. (2009). The philosophical Journey. An Interactive Approach. Fifth Edition (PDF). McGraw-Hill. p. 382.
  4.  Jump up to Pollock, Sheldon (2011). “Crisis in the Classics” (PDF). Social Research78 (1): 21–48.
  5. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *