June 18, 2021

Life History of Madhav Dev in Assamese

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ 

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।

পূৰ্বপুৰুষ আৰু জন্ম

১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। প্ৰবাদ আছে যে মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয়। পিতৃ বৰকণাগিৰি (গোবিন্দ গিৰি ভূঞা) আছিল হৰিভুঞাৰ বংশধৰ আৰু মাতৃৰ নাম আছিল মনোৰমা। বাৰভুঞা আৰু কছাৰী মাজৰ অঁৰিয়া-অঁৰিৰ বাবে কছাৰীৰ উপদ্ৰবত গোবিন্দ গিৰি ভূঞা নিজৰ ভাৰ্য্যাসহিত (মনোৰমা) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চোৰে নিয়ে। এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পাই তেওঁলোকক নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে। এই হৰিশিঙা গিৰীৰ ঘৰতে মাধৱদেৱৰ জন্ম হয়। মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা। তদুপৰি মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস।

মণি-কাঞ্চণ সংযোগ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েকক পাচিলে। ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপাই। ভনীজোঁৱায়েকে তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক’লে আৰু তেওঁকো শংকৰদেৱৰ ওচৰত শৰণ ল’বৰ বাবে উপদেশ দিলে। এই কথা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা ল’লে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণি-কাঞ্চণ সংযোগ বুলি জনা যায়।

সাহিত্য ৰচনা

ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি

আখ্যানমূলক ৰচনা

  • ৰাজসূয় কাব্য
  • আদিকাণ্ড ৰামায়ণ(অনুবাদ)

তত্ত্বমূলক ৰচনা

  • জন্মৰহস্য
  • ভক্তি ৰত্নাৱলী
  • নামমালিকা

নাট

  • অৰ্জুন ভঞ্জন
  • দধিমথন

ঝুমুৰা

  • চোৰধৰা
  • পিম্পৰা গুচোৱা
  • ভোজন বিহাৰ (ঝুমুৰা)
  • ভূমি লেটোৱা (ঝুমুৰা)
  • কোটোৰা খেলা

অন্যান্য ৰচনা

  • ৰাস ঝুমুৰা

তিৰোভাৱ

মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে।

References

  1.  Neog, Maheshwar (1980). Early History of the Vaishnava Faith and Movement in Assam. Delhi: Motilal Banarsidass.
  2. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *