November 5, 2024

Life History of Chandrasekhara Venkata Raman in Assamese

ছাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমন Chandrasekhara Venkata Raman

ভাৰতবর্ষ এখন আধ্যাত্মিক দেশ বুলি বিশ্বত পৰিচয় আছে। সেই আধ্যাত্মিক দেশতে বিজ্ঞানৰ চমকপ্রদ উদ্ভাৱনেও বহু সময়ত বিশ্বত খলকনিৰ সৃষ্টি কৰি আহিছে। এইক্ষেত্ৰত এগৰাকী উল্লেখনীয় বিজ্ঞানীৰ নাম ক’বলৈ গ’লে ৰমন এফেক্টৰ আৱিষ্কাৰক চন্দ্ৰশেখৰ ভেংকটৰমনৰ কথা মনলৈ আহে।

Chandrasekhara Venkata Raman
চন্দ্ৰশেখৰ ভেঙ্কটৰমণ
জন্ম৭ নৱেম্বৰ, ১৮৮৮
থিৰুভানা ইককেভাল গাঁও, চেন্নাই, তামিলনাডু
মৃত্যু২১ নৱেম্বৰ, ১৯৭০ (৮২ বছৰ)
বাংগালোৰ
পেছাবিজ্ঞানী, গণিতজ্ঞ, অধ্যাপক
ভাষাতামিল
ৰাষ্ট্ৰীয়তাভাৰতীয়
নাগৰিকত্ব ভাৰত
শিক্ষাস্নাতকোত্তৰ
উল্লেখযোগ্য বঁটাভাৰত ৰত্ন (১৯৫৪)
ন’বেল বঁটা (১৯৩০)
নাইট উপাধি(১৯২৯)
ম্যাটুৰ্হচি সোণৰ বঁটা(১৯২৯)
লেলিন বঁটা(১৯৫৭)

জন্ম

এইগৰাকী মহান বিজ্ঞানীৰ জন্ম হৈছিল তামিলনাডুৰ তিৰুচিৰাপল্লীনামৰ এখন সৰু চহৰত। ১৮৮৮চনৰ ৭ নৱেম্বৰত তামিলনাডুৰ তিৰুচিৰাপল্লী চহৰৰ তিৰুবৰইকবুলত এওঁৰ জন্ম হয়। পিতৃৰ নাম আছিল ৰামনাথ ভেংকটৰমন আৰু মাকৰ নাম আছিল পার্বতী আম্বল।

স্কুলীয়া শিক্ষা

চাকৰি সূত্রে চন্দ্রশেখৰৰ পিতৃ বিশাখাপট্টনমলৈ যাব লগা হােৱাত পৰিয়ালটোকো লগত লৈ যায়। তাতে এখন হিন্দু হাইস্কুলত চন্দ্ৰশেখৰক নামভর্তি কৰাইদিয়ে। শিক্ষক হিচাপে পৰিচিত ৰামনাথ ভেংকটৰমনে প্রথমাৱস্থাত এখন স্কুলত শিক্ষকতাৰ জীৱন আৰম্ভ কৰাৰ পাছত পিছৰ পৰ্যায়ত তেওঁ ৱেলটেয়াৰৰ এখন কলেজত অধ্যাপক হিচাপে যােগদান কৰিছিল। পদার্থ বিজ্ঞান আৰু গণিত বিভাগত অধ্যাপক হিচাপে যােগদান কৰা ৰামনাথ ভেংকটৰমনে পুত্র চন্দ্রশেখকো ছাত্ৰাৱস্থাৰ পৰাই বিজ্ঞানৰ প্রতি আকর্ষিত কৰিছিল।

চন্দ্রশেখৰে হাইস্কুলত পঢ়ি থকা কালতেই পিতৃৰ মেজত থকা কলেজ পর্যায়ৰ পদার্থ বিজ্ঞানৰ কিতাপসমূহ আজৰি সময়ত পঢ়িবলৈ যত্ন কৰিছিল। ইফালে মাতৃৰ ধৰ্মপৰায়ণ আৰু আত্মবিশ্বাসী মনােভাৱেও তেওঁক মুগ্ধ কৰি তুলিছিল। সৰুৰ পৰাই সংগীতৰ প্ৰতি থকা অহেতুক ভালপােৱাৰ বাবেই তেওঁ স্কুলৰ অধিৱেশনত গীত পৰিৱেশন কৰিছিল। বহুসময়ত তেওঁ গীত পৰিৱেশন কৰি পুৰস্কাৰাে বুটলিবলৈ সক্ষম হৈছিল। মাতৃভাষা তামিল ভালকৈ আয়ত্ব কৰাৰ লগতে সংস্কৃত, তেলেগু আৰু ইংৰাজী ভাষাত হাইস্কুলত পঢ়ি থকা কালৰে পৰাই ভালকৈ লিখিব আৰু ক’ব পাৰিছিল।

অতি মেধাসম্পন্ন চন্দ্রশেখৰ ভেংকটৰমনে বাৰ বছৰ বয়সতে ১৯০০ চনত প্ৰৱেশিকা পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। তাৰ পাছত তেওঁ বিশাখাপট্টনমৰ এখন কলেজত নামভৰ্তি কৰি অধ্যয়নত ব্ৰতী হয়। ১৯০২ চনত এফ এ পৰীক্ষাত প্রথম স্থানত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনে।

কলেজীয়া শিক্ষা

১৯০৩ চনত মাদ্ৰাজৰ প্ৰেছিডেন্সী কলেজত স্নাতক পঢ়িবলৈ তেওঁ নাম লগায়। ছাত্ৰ অৱস্থাৰ পৰাই সঘনাই ৰােগত আক্রান্ত হােৱাৰ বাবে পঢ়া-শুনাৰ ক্ষেত্ৰত ক্ষতিও হৈছিল। কিন্তু তথাপিও তেওঁ বিজ্ঞানৰ ছাত্ৰ হােৱাৰ বাবে বিদ্যালয়ত উপস্থিত নােহােৱাকৈয়ে ঘৰতে বিজ্ঞানৰ পৰীক্ষাসমূহকৰিছিল আৰু তাৰ পৰাই তেওঁ প্ৰশ্নৰ উত্তৰসমূহ যুগুত কৰিছিল। পিছে ডাক্তৰ আৰু পিতৃমাতৃয়ে স্বাস্থ্যৰ তেনে অৱনতি হােৱা দেখি সেই পৰীক্ষাসমূহনকৰিবলৈ কৈছিল যদিও তেওঁ নৰিয়া দেহাৰে সেইসমূহ পৰীক্ষা কৰিছিল।

কলেজীয়া ছাত্ৰাৱস্থাতে ঘৰতে সৰুকৈ এটি পৰীক্ষাগাৰ স্থাপন কৰি তাতে পৰীক্ষা-নিৰীক্ষা কৰিছিল। সেই পৰীক্ষাত পােৱা তথ্যসমূহৰ বিষয়ে তেওঁ বহুকেইটা প্রবন্ধ লিখি কাকতত প্ৰকাশ কৰি এগৰাকী বিজ্ঞান লেখক হিচাপে কলেজীয়া ছাত্র কালতে জনপ্রিয় হৈপৰিছিল। ১৯০৫ চনত তেওঁ পদার্থ বিজ্ঞান আৰু ইংৰাজী বিষয়ত দেখুওৱা পাৰদৰ্শিতাৰ বাবে তেওঁ সােণৰ পদক লাভ কৰি প্রথম শ্রেণীৰ স্নাতক হয়। তাৰ পাছত তেওঁ সেই কলেজতে স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰি ১৯০৭ চনত প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰে।

বিশেষকৈ এফ এ শ্ৰেণীত অধ্যয়ন কৰি থকা সময়ত ৰমন বিজ্ঞান বিষয়ত অগাধ পণ্ডিত আছিল যদিও সিফালে ভাৰতীয় লােক-সাহিত্য, আধ্যাত্মিক চিন্তাচর্চাৰ প্রতিও আছিল প্ৰৱল প্ৰভাৱিত। যাৰ বাবে মাজ সময়ত তেওঁ বিজ্ঞানৰ পৰীক্ষাসমূহত বেমেজালিৰ সৃষ্টি হৈছিল। তেতিয়া তেওঁ ভাৰতীয় আধ্যাত্মিক দর্শন সম্পর্কেও ভালেমান প্রবন্ধ লিখি কাকতত প্ৰকাশ কৰিছিল। এই লেখাসমূহে সেইসময়ত বহুপৰিমাণে চর্চা লাভ কৰিছিল। পুত্ৰৰ এনে পৰিৱর্তনে পিতৃ ৰামনাথ ভেংকট ৰমনক বিবুদ্ধিত পেলাইছিল। চন্দ্ৰশেখৰৰ তেনে পৰিৱৰ্তনৰ বাবে বি এ মহলাত বিজ্ঞান বিষয় ল’বলৈ মানা কৰি কলা শাখাত নামভৰ্তি কৰিবলৈ অনুৰােধ কৰিছিল। কিন্তু তেওঁলােক সকলােকে তবধ মনাই এফ এ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হােৱাতে তেওঁৰ প্রতি বিশ্বাস ঘূৰি আহিছিল। সেই সময়ৰ পৰাই তেওঁ ধৰ্মৰ প্রতি আকর্ষণ কমিবলৈ ধৰে। বিজ্ঞানৰ নানা বিষয় অধ্যয়ন কৰিবলৈ ধৰাৰ লগতে কলেজ পর্যায়ত নানা পৰীক্ষা-নিৰীক্ষা কৰি বহুকেইটা বিষয়ত প্রবন্ধ লিখি উলিয়াইছিল Life History of Chandrasekhara Venkata Raman in Assamese

কমবয়সতে বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উত্তীর্ণ হয়। কলেজখনত তেৱেঁই সকলােতকৈ কম বয়সৰ ছাত্ৰ আছিল। সেই সময়তে তেওঁ বিজ্ঞান বিষয়ত ভালেমান প্রবন্ধ লিখি উলিয়াইছিল। বিশেষকৈ লণ্ডনৰ পৰা প্ৰকাশ পােৱা বিখ্যাত বিজ্ঞান আললাচনী ‘ফিল’ছফিকেল মেগাজিনত তেওঁৰ এটা লেখা প্রকাশ হােৱাৰ লগে লগে তেওঁ বিশ্বৰ বিজ্ঞান লেখকসকলৰ মাজত চৰ্চিত হৈ পৰিছিল। তাৰ পাছত তেওঁৰ ভালেকেইটা প্রবন্ধ সেই আলােচনীত প্রকাশ পায়। পদার্থবিজ্ঞান বিষয়ক লেখাসমূহে ৰমনৰ পৰীক্ষাৰ সু-ফলকে প্রতিপন্ন কৰিলে। লগে লগে তেওঁ বিশ্বৰ বৰেণ্য বিজ্ঞানীসকলৰ চিনাকি হৈ পৰিল। মাথোঁ ১৭ বছৰ বয়সতে ১৯০৭ চনত বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰি স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। তাৰ পাছত তেওঁ ঘৰতে পদার্থ বিজ্ঞানৰ নানা বিষয়ত পৰীক্ষা-নিৰীক্ষা কৰিবলৈ ধৰিলে।

ঘৰতে থকা চন্দ্রশেখৰক পিতৃয়ে বিলাতত অধ্যয়ন কৰিবলৈ যাবলৈ অনুৰােধ কৰিছিল। সেইমর্মে তেওঁ বিলাতত অধ্যয়নৰ বাবে বিভাগীয় মহলৰ পৰা ছটকাৰ এক জলপানি মঞ্জুৰ কৰিছিল। কিন্তু তেওঁৰ স্বাস্থ্যৰ বাবে বিলাতত অধ্যয়নৰ বাবে যাবলৈ সুবিধা লাভ নকৰিলে। স্বদেশতে তেওঁ ব্রিটিছ চৰকাৰৰ

বিত্ত বিভাগৰ এটা চাকৰিত যােগদান কৰিছিল। সেই পদত যােগদান কৰাৰ পূর্বে তেওঁ প্রতিযােগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলগা হৈছিল। সেই পৰীক্ষাত তেওঁ প্রথম স্থান অধিকাৰ কৰিছিল। ১৮ বছৰ বয়সতে সেই চাকৰিত যােগদান কৰে। পাছত তেওঁক দক্ষতাৰ বাবে কিছুদিনৰ পাছতে ডেপুটি একাউন্টেন্ট জেনেৰেল পদলৈ উন্নীত কৰে।

কৰ্ম আৰু বৈবাহিক জীৱন

সেইচাকৰিৰ পৰা তেওঁক ডাক বিভাগলৈ স্থানান্তৰিত কৰে। ডাক বিভাগৰ তেওঁ একাউন্টেন্ট জেনেৰেল হিচাপে যােগদান কৰে। প্রায় ৭ বছৰ কাল সেই বিভাগতে চাকৰি কৰি তেওঁ কলকতা বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানৰ এটি পােষ্ট খালী হােৱাত সেইপদৰ বাবে তেওঁ যােগদান কৰে। ১৯১৭ চনত বিশ্ববিদ্যালয়ত পালিত অধ্যাপক হিচাপে যােগদান কৰাৰ পাছত সেই পদত তেওঁ প্রায় ৮ বছৰ কাল থাকে। সেই কালতে তেওঁ বিলাতলৈ বিজ্ঞান বিষয়ত অধ্যয়ন কৰিবলৈ ৰাওনা হৈছিল।

বিত্ত বিভাগত চাকৰি কৰাৰ পাছতে তেওঁ লােকসুন্দৰী নামৰ এগৰাকী যুৱতীৰ লগত বিবাহপাশত আবদ্ধ হয়। সেই সময়ত ভাৰতবৰ্ষত বাল্যবিবাহ চলি আছিল যদিও বহু কথাৰ প্রতিবাদ কৰি চন্দ্রশেখৰে বিবাহত সন্মতি দিয়া নাছিল। কিন্তু আর্থিকভাৱে স্বচ্ছল হােৱাৰ পাছত তেওঁক পিতৃ-মাতৃয়ে বিবাহ কৰাই দিছিল।

ডাক বিভাগত চাকৰি কৰি থকা সময়তে তেওঁ কলকতাত থকা ভাৰতীয় বিজ্ঞান পৰিষদৰ সদস্য হিচাপে অন্তর্ভুক্ত হয়। চাকৰিৰ পৰা সময় উলিয়াই প্ৰায়ে চন্দ্রশেখৰে সেই বিজ্ঞান পৰিষদৰ ছেমিনাৰত অংশগ্রহণ কৰাৰ লগতে তাতে পদার্থ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰিবলৈ ধৰে।

কলকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকা কালতে ১৯২১ চনত বিলাতত অনুষ্ঠিত হােৱা এক ছেমিনাৰত অংশগ্ৰহণ কৰিবলৈ যাত্ৰা কৰে। লণ্ডনত অনুষ্ঠিত উক্ত সেই ছেমিনাৰত কলকতা বিশ্ববিদ্যালয়ৰ হৈচন্দ্রশেখৰে প্রতিনিধিত্ব কৰিছিল। সেই ছেমিনাৰত তেওঁ দিয়া ভাষণত মুগ্ধ হৈছিল বিশ্বৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰা অংশগ্রহণ কৰা অধ্যাপকসকল।

গবেষণা

উল্লেখ্য যে জাহাজেৰে বিলাতলৈ যাত্ৰা কৰা চন্দ্রশেখৰে যাত্ৰা কালত তেওঁৰ মনৰ মাজত উদ্ভৱ হােৱা বহু প্রশ্নৰ সন্মুখীন হৈছিল। যিসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ পুনৰ স্বদেশলৈ আহি গৱেষণাত লাগি গৈছিল। সেই প্রশ্নবােৰৰ

ছেমিনাৰত ভাষণৰত অৱস্থাত চন্দ্ৰশেখৰ ভেংকট ৰমন

ভিতৰত আছিল সাগৰৰ পানী ইমান নীলা কিয় ? এই নীলাৰ মাজত কি ৰহস্য লুকাই থাকে। এই সকলােবােৰৰ উত্তৰ বিচাৰি তেওঁ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰসকলক লৈ গৱেষণাত লাগি যায়। ১৯২২ চনৰ পৰা প্রায় ৫ বছৰ কাল সেই বিষয়ত গৱেষণা কৰে। গৱেষণাৰ অন্তত তেওঁ কেতবোেৰ গুৰুত্বপূর্ণ সিদ্ধান্তত উপনীত হৈছিল। তেওঁ নিশ্চিত হৈছিল যে কোনাে স্বচ্ছমাধ্যমৰ মাজেদি পােহৰৰ ৰশ্মি অগ্ৰসৰ হ’লে আপতিত ৰশ্মিৰ বিচ্ছুৰণ ঘটে। বিচ্ছুৰিত ৰশ্মিৰ তৰংগ দৈর্ঘ্য আপতিত ৰশ্মিৰ তুলনাত বেলেগ হয়। সাধাৰণতে আপতিত ৰশ্মিৰ তৰংগ দৈর্ঘ্যতকৈ বিচ্ছুৰিত ৰশ্মিৰ তৰংগ দীঘল বা চুটি হ’ব। মূলতে আপতিত ৰশ্মিৰ সেউজীয়া ৰঙৰ বিপৰীতে বিচ্ছুৰিত ৰশ্মি ৰঙা বা নীলা হয়। তেওঁ গৱেষণাপত্ৰত উল্লেখ কৰিছিল যে কোনাে বস্তুৰ অণুত যদি পােৰ সংঘাত হয়, তেতিয়া পােহৰৰ কম্পন সংখ্যা কম-বেছি হয়। যাৰ ফলত পােহৰৰ বিকিৰণ সংঘটিত হয় Life History of Chandrasekhara Venkata Raman in Assamese

১৯২৮ চনত চন্দ্রশেখৰে প্ৰমাণ কৰি দেখুৱাইছিল যে পােহৰে সকলাে সময়তে পদাৰ্থৰ পুৰণি তত্ত্ববিলাক অনুসৰণ কৰি নচলে। পােহৰৰ বিচ্ছুৰণ প্ৰকৃততে এটা কোৱান্টাম প্রক্রিয়াহেবুলি তেওঁ স্পষ্টকৈ প্ৰমাণ কৰিছিল। পিছৰ কালত সেই ৰশ্মিক ৰমণ বর্ণালী‘ বুলি কোৱা হৈছিল। ১৯২৮ চনতে তেওঁ গৱেষণাত পােৱা সমূহ তথ্য, তত্ত্ব যুগুতাই এখন গৱেষণা পত্র প্রস্তুত কৰে। এইক্ষেত্ৰত তেওঁৰ ছাত্র কৃষ্ণণৰ সহযােগ আছিল উল্লেখনীয়। সেই বর্ষতে তেওঁ সেই গৱেষণা পত্র নাচাৰ এখন আলােচনীলৈ প্ৰকাশৰ বাবে প্রেৰণ কৰে। ৩১ মার্চত সেই গৱেষণা পত্র প্রকাশ পােৱাৰ লগে লগে পদার্থ বিজ্ঞানত এক নতুন তত্ত্বৰ সংযােগ ঘটিল। এই পৰীক্ষাক কোৱা হৈছিল মন এফেক্ট’।

এইগৰাকী বিজ্ঞানীৰ এনে গৱেষণাই বিশ্বকে এক নতুন তথ্য দিবলৈ সক্ষম হ’ল। যাৰ বাবে তেওঁক ১৯২৮ চনত ইটালিয়ান ছ’চাইটি অৱ ছায়েন্সে ‘মেটেউচি’ সম্মান প্রদান কৰাৰ লগতে ১৯২৯ চনত সম্রাট পঞ্চম জর্জে নাইট’ উপাধি প্রদান কৰিছিল।

সন্মান আৰু বঁটা প্ৰদান

চন্দ্ৰশেখৰৰ এনে গৱেষণাৰ বাবে ১৯৩০ চনত পদার্থ বিজ্ঞানত ন’বেল বঁটা প্ৰদান কৰে। ভাৰতবৰ্ষলৈ এই বিল সন্মান কঢ়িয়াই অনা চন্দ্রশেখৰ হ’ল দ্বিতীয় গৰাকী মহান

এনে আৱিষ্কাৰক সন্মান জনাই ফ্রান্স চৰবর্ণ বিশ্ববিদ্যালয়ে পি এইছ ডি ডিগ্রী প্রদান কৰে। তাৰ লগে লগে তেওঁ ইণ্ডিয়ান ইষ্টিটিউট অৱ ছায়েন্সত সঞ্চালক হিচাপে নিযুক্তি লাভ কৰে।

১৯৩৪ চনত ইণ্ডিয়ান একাডেমি অৱ ছায়েন্স’ৰ    সভাপতি হিচাপে নিযুক্তি লাভ কৰি ভাৰতবৰ্ষত বিজ্ঞানৰ অগ্রগতি সম্পর্কে কেতবােৰ পন্থা হাতত লয়।

তেওঁৰ নেতৃত্বতে ১৯৪৩ চনত ৰমন ৰিচাৰ্ছ ইনষ্টিটিউট’ নামৰ এটি প্রতিষ্ঠান আৰম্ভ কৰে। সেই প্রতিষ্ঠানতে বহু গৱেষক ছাত্র-ছাত্রীয়ে গৱেষণা কৰিবলৈ আগবাঢ়ি আহিছিল।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৮ চনত ভাৰত চৰকাৰে ৰমনক জাতীয় অধ্যাপক হিচাপে স্বীকৃতি দিয়ে। তাৰ ঠিক ৭ বছৰৰ পাছত ভাৰত চৰকাৰে ৰমনক ভাৰতৰত্ন’ প্রদান কৰে।

পদার্থ বিজ্ঞান বিষয়ত গৱেষণা কৰি তেওঁ লাভ কৰা তত্ত্বসমূহ গৃপাই বিভিন্ন সময়ত বহুকেইখন গ্রন্থ প্রকাশ কৰিছিল। তাৰ ভিতৰত ‘Molecular Diffraction of Light’, ‘Theory of Musical Instruments’, ‘Physics of Crystals’ আদি অন্যতম।

পুৰস্কাৰ আৰু সন্মান সমূহ

  1. পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা (১৯৩০),
  2. ভাৰত ৰত্ন বঁটা (১৯৫৪),
  3. নাইট উপাধি (১৯২৯),
  4. ম্যাটুৰ্হচি সোণৰ বঁটা (১৯২৯),
  5. লেলিন শান্তি বঁটা, (১৯৫৭

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

প্ৰধান প্ৰবন্ধ: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চি. ভি. ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়, ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল।

মৃত্যু

গৱেষণাতে ব্যস্ত থকা চন্দ্রশেখৰ ভেংকটৰমনে ১৯৭০ চনৰ ২১নৱেম্বৰত মৃত্যু বৰণ কৰে। ৮২ বছৰীয়া ৰমনে মৃত্যু সময়লৈকে তেওঁ প্রতিষ্ঠা কৰা মন ৰিৰ্চাছ ইষ্টিটিউট’ততে গৱেষণাত ব্ৰতী হৈ আছিল। তেওঁৰ মৃত্যুত বিশ্বই এগৰাকী মহান পদার্থ বিজ্ঞানীক হেৰুৱাব লগা হয় বুলি চৰ্চিত হৈছিল।

Reference

  1. Rosona Bichitra by Dhormo Shing Deka
  2. Nobel Bata Bijaye Bharatiya by Bipul Kr. Dihinga
  3. Ramaseshan S: C.V.Raman. Journal of Madras University, section B, Sept.1983, 46(1): 1–16.
  4. Scientific Papers of CV Raman, Ed. S Ramaseshan, Indian Academy of Sciences, Bangalore 1988.
  5. Abhijit Sarma Baruah …..
  6. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *