Table of Contents
বিষ্ণুৰাম মেধি Biography of Bishnuram Medhi in Assamese
বিষ্ণুৰাম মেধি (জন্ম: ১৮৮৮ – মৃত্যু: ১৯৮১) হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। তেওঁ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা আছিল। ১৯৫৭ চনৰ ২৮ ডিচেম্বৰৰ পৰা ১৯৬৪ চনৰ ৪ এপ্ৰিল লৈকে তেওঁ মাদ্ৰাছ ৰাজ্য (বৰ্তমান তামিলনাডু)ৰ ৰাজ্যপালৰ পদত আছিল।
কাৰ্যকাল ১২ আগষ্ট, ১৯৫০ – ২৮ ডিচেম্বৰ, ১৯৫৭ | |
নেতা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
---|---|
পূৰ্বসূৰী | গোপীনাথ বৰদলৈ |
উত্তৰসূৰী | বিমলা প্ৰসাদ চলিহা |
ব্যক্তিগত তথ্য | |
জন্ম | ২৪ এপ্ৰিল, ১৮৮৮ হাজো |
মৃত্যু | ২১ জানুৱাৰী, ১৯৮১ |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | নিৰ্মলা মেধি |
জীৱিকা | ৰাজনীতি, অধিবক্তা |
প্ৰাৰম্ভিক জীৱন
১৮৮৮ চনৰ ২৪ এপ্ৰিলত গুৱাহাটী ওচৰৰ হাজোত এটা দুখীয়া পৰিয়ালত বিষ্ণুৰাম মেধিৰ জন্ম হয়। ১৯০৫ চনত গুৱাহাটী চৰকাৰী উচ্চ ইংৰাজী স্কুলৰ (বৰ্তমান কটন কলেজিয়েত) পৰা মেট্ৰিকুলেচন সম্পূৰ্ণ কৰে। তাৰ পিছত তেওঁ অক্সফ’ৰ্ড মিশ্যন হোষ্টেলত থাকি প্ৰেছিডেন্সী কলেজত নামভৰ্তি কৰে। ১৯১১ চনত তেওঁ ৰসায়নত অনাৰ্চ সহ প্ৰেছিডেন্সীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯১৩ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ওপৰ খাপৰ দ্বিতীয় শ্ৰেণী সহ ৰসায়ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে
১৯১৪ চনত বিষ্ণুৰাম মেধিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইন পৰীক্ষা পাছ কৰে। ১৯১৫ চনত গুৱাহাটীত তেওঁ ওকালতি আৰম্ভ কৰে। ১৯৩১ চনত কলিকতা উচ্চ ন্যায়ালয়ত উকীল হিচাপে নামভৰ্তি কৰে। তেৱেঁই আছিল অসমৰ প্ৰথম শ্ৰেণীৰ এজন উকীল। সেই সময়ত মানুহে তেওঁক বাঘ উকীল আখ্যা দিছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনত ভূমিকা Indian Independence Movement
১৯২০ দশকত বিষ্ণুৰাম মেধিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ১৯২১ চনত হোৱা অসহযোগ আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডুত অধিৱেশন অনুষ্ঠিত হৈছিল। তাত তেওঁ উপেন্দ্ৰ সেন আৰু কুলধৰ চলিহাৰ সৈতে অৰ্থসচিবৰ পদৰ দায়িত্ব আছিল। ১৯৩০ চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়
স্বাধীনতাৰ পাছৰ ৰাজনৈতিক জীৱন Post-independence politics
বিভিন্ন পদত
লোকেলব’ৰ্ডৰ চেয়াৰমেন
১৯৩৮ চনত বিষ্ণুৰাম মেধি গুৱাহাটী লোকেলব’ৰ্ড চেয়াৰমেন পদলৈ নিৰ্বাচিত হয়। তেৱেঁই হৈছে প্ৰথম গুৱাহাটী লোকেলব’ৰ্ডৰ কংগ্ৰেছী চেয়াৰমেন। তেওঁৰ নিৰ্দেশ মতেই লোকেলব’ৰ্ডৰ কাৰ্যালয়ত জাতীয় পতাকা প্ৰথম উত্তোলন কৰা হৈছিল।
বিত্ত আৰু ৰাজহ মন্ত্ৰী
১৯৪৬ চনত বিষ্ণুৰাম মেধি হাজো বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল। সেইবাৰ তেওঁক গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বিত্ত আৰু ৰাজহ মন্ত্ৰীৰ পদত নিযুক্তি দিয়া হয়। ১৯৫০ চনলৈকে তেওঁ সেই পদত কাৰ্য্যনিৰ্বাহ কৰি আছিল। তেওঁ ৰাজহ মন্ত্ৰী হৈ থকা সময়ছোৱাত জনজাতীয় লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঠন কৰা ট্ৰাইবেল বেল্টত যাতে অনুপ্ৰৱেশ ঘটিব নোৱেৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিছিল।
মুখ্যমন্ত্ৰী হিচাপে
১৯৫০ চনৰ ৫ আগষ্টৰ দিনা হঠাৎ গোপীনাথ বৰদলৈৰ মৃত্যু হয়। তাৰ কেইদিনমান পাছতে, ১২ আগষ্টত অসম কংগ্ৰেছ সংসদী দলৰ সৰ্বসন্মতিক্ৰমে তেওঁক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হয়। ১৯৫২ চনত অসমত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে। বিষ্ণুৰাম মেধিৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰে। তেওঁ মুখ্যমন্ত্ৰী পদত ভাৰ লোৱাৰ পিছৰ পৰাই তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগ, কলা বজাৰৰ আৱিৰ্ভাৱ, পৰিবহন ব্যৱস্থাৰ শোচনীয় অৱস্থা, পূৰ্ববংগৰ পৰা অহা ভগনীয়াৰ সোঁত, ব্ৰহ্মপুত্ৰৰ দলং, তেল শোধনাগাৰ, সাম্প্ৰদায়িক সংঘৰ্ষ, ১৯৫৫ চনত ৰাজ্য পুনৰ গঠন আদি সমস্যাই গা কৰি উঠিছিল
ৰাজ্যপাল হিচাপে
মাদ্ৰাজ (বৰ্তমানৰ তামিল নাডু) ৰাজ্যপালৰ পদ লাভ কৰি ডিচেম্বৰত বিষ্ণুৰাম মেধিয়ে ১৯৫৭ চনৰ ২৮ ডিচেম্বৰত অসমৰ নেতৃত্বভাৰ এৰে। ১৯৫৮ চনৰ আঠ জানুৱাৰীত তেওঁ অসমৰ পৰা মাদ্ৰাজলৈ বুলি ৰাওনা হয়। ১৯৫৮ চনৰ ২৪ জানুৱাৰী তাৰিখে সেই সময়ৰ ৰাষ্ট্ৰপতি ডাঃ ৰাজেন্দ্ৰ প্ৰসাদে তেওঁক মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। তেৱেঁই হৈছে অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল পদ পাওঁতা।
নেতৃত্বভাৰ লোৱাৰ পিছতে মাদ্ৰাজত হৰিজন আৰু মাৰোৱাৰ সকলৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। বিষ্ণুৰাম মেধিয়ে সহজতে এই সংঘৰ্ষ দমন কৰি শান্তি প্ৰতিষ্ঠা কৰিছিল।নীলগিৰিৰ দাঁতি কাষৰীয়া ঠাই আৰু কুৰমবাচত তেওঁ শিক্ষাৰ প্ৰসাৰ কৰিবলৈ অশেষ যত্ন কৰিছিল। মাদ্ৰাজত থাকোঁতে বিষ্ণুৰাম মেধিয়ে কেইবাবাৰো কেৰালালৈ গৈ সেই সময়ৰ কেৰালাৰ ৰাজ্যপাল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভি ভি গিৰিক লগ কৰিছিল। মাদ্ৰাজত থকাৰ সময়চোৱাতে তেওঁ ৰাণী দ্বিতীয় এলিজাবেথ আৰু এডিনবাৰ্গৰ ডিউকৰ সৈতে, যুগোশ্লাভিয়াৰ প্ৰেচিডেণ্ট মাৰ্শ্বাল টিটো আৰু তেওঁৰ পত্নীৰ সৈতে, পশ্চিম জাৰ্মানীৰ প্ৰেচিডেণ্ট ডঃ লুবকেৰ সৈতে আৰু গ্ৰীচৰ ৰজা আৰু ৰাণীৰ সৈতে, কাম্বোদিয়াৰ ৰজা আৰু ৰাণীৰে সৈতে আৰু ইৰাণৰ শ্বাহৰ সৈতে – আলোচনাত মিলিত হ’বলৈ সুবিধা পাইছিল।
১৯৬৪ চনৰ ৪ এপ্ৰিলত তেওঁ ৰাজ্যপালৰ পদৰ পৰা অৱসৰ গ্ৰহন কৰে। তাৰ পাছত তেওঁ নিজ ৰাজ্যলৈ ঘূৰি আহে।
অসমৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন
মাদ্ৰাজৰ পৰা উলটি আহি বিষ্ণুৰাম মেধি পুনৰ অসমৰ ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৬৭ চনৰ ফেব্ৰুৱাৰী মাহত হাজো সমষ্টিৰ পৰা অসম বিধান সভালৈ তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। ১৯৭২ চনৰ ১৫ মাৰ্চলৈকে তেওঁ হাজো সমষ্টিৰ বিধায়ক ৰূপে কাৰ্য্যনিৰ্বাহ কৰে।
ব্যক্তিগত জীৱন
আইন পৰীক্ষা পাছ কৰাৰ পিছত, বিষ্ণুৰাম মেধিয়ে উত্তৰ গুৱাহাটীৰ জীৱন চন্দ্ৰ চৌধুৰীৰ জীয়েক নিৰ্মলা মেধিৰ লগত বিবাহ পাশত আৱদ্ধ হয়। বিয়াৰ সময়ত নিৰ্মলা মেধিৰ বয়স মাত্ৰ এঘাৰ বছৰহে আছিল। তেওঁলোকৰ কোনো সন্তান নাছিল। স্বাধীনতা আন্দোলন, জেল, সামাজিক কাম আৰু কংগ্ৰেছৰ সংগঠনত আত্মনিয়োগ কৰিবলগীয়া হোৱাত তেওঁ প্ৰায়ে পত্নীৰ পৰা আঁতৰত থাকিবলগীয়া হৈছিল।
মৃত্যু
১৯৮১ চনৰ ২১ জানুৱাৰীত বিষ্ণুৰাম মেধিৰ মৃত্যু হয়
অসমৰ মুখ্য মন্ত্ৰীসকল
নং. | নাম | কাৰ্যকাল আৰম্ভ – সমাপ্তি | দল | কাৰ্যকাল | ||
---|---|---|---|---|---|---|
0 | চৈয়দ মহম্মদ ছাদুল্লা | ১ এপ্রিল ১৯৩৭ – ১৯ ছেপ্টেম্বৰ, ১৯৩৮ ১৭নৱেম্বৰ, ১৯৩৯ – ২৪ ডিচেম্বৰ, ১৯৪১ ২৫ আগষ্ট, ১৯৪২ – ১১ ফেব্ৰুৱাৰী, ১৯৪৬ | ||||
১ | গোপীনাথ বৰদলৈ | ১১ ফেব্ৰুৱাৰী ১৯৪৬ | ৬ আগষ্ট ১৯৫০ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৬৩৮ দিন | |
২ | বিষ্ণুৰাম মেধি হাজো সমষ্টিৰ বিধায়ক | ৯ আগষ্ট ১৯৫০ | ২৭ ডিচেম্বৰ ১৯৫৭ | ১৬৯৮ দিন | ||
৩ | বিমলা প্ৰসাদ চলিহা সোণাৰি সমষ্টিৰ বিধায়ক | ২৮ ডিচেম্বৰ ১৯৫৭ | ৬ নৱেম্বৰ ১৯৭০ | ৪৬৯৬ দিন | ||
৪ | মহেন্দ্ৰ মোহন চৌধুৰী গুৱাহাটী পূব সমষ্টিৰ বিধায়ক | ১১ নৱেম্বৰ ১৯৭০ | ৩০ জানুৱাৰী ১৯৭২ | ৪৬৬ দিন | ||
৫ | শৰৎ চন্দ্ৰ সিংহ কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক | ৩১ জানুৱাৰী ১৯৭২ | ১২ মাৰ্চ ১৯৭৮ | ২২৩২ দিন | ||
৬ | গোলাপ বৰবৰা তিনিচুকীয়া সমষ্টিৰ বিধায়ক | ১২ মাৰ্চ ১৯৭৮ | ৪ ছেপ্টেম্বৰ ১৯৭৯ | জনতা পাৰ্টি | ৫৪২ দিন | |
৭ | যোগেন্দ্ৰ নাথ হাজৰিকা দুলিয়াজান সমষ্টিৰ বিধায়ক | ৯ ছেপ্টেম্বৰ ১৯৭৯ | ১১ ডিচেম্বৰ ১৯৭৯ | ৯৪ দিন | ||
– | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ১২ ডিচেম্বৰ ১৯৭৯ | ৫ ডিচেম্বৰ ১৯৮০ | প্ৰযোজ্য নহয় | ৩৫৯ দিন | |
৮ | চৈয়দা আনোৱাৰা টাইমূৰ দলগাঁও সমষ্টিৰ বিধায়ক | ৬ ডিচেম্বৰ ১৯৮০ | ৩০ জুন ১৯৮১ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২০৭ দিন | |
– | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ৩০ জুন ১৯৮১ | ১৩ জানুৱাৰী ১৯৮২ | প্ৰযোজ্য নহয় | ১৯৭ দিন | |
৯ | কেশৱ চন্দ্ৰ গগৈ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক | ১৩ জানুৱাৰী ১৯৮২ | ১৯ মাৰ্চ ১৯৮২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৬ দিন | |
– | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ১৯ মাৰ্চ ১৯৮২ | ২৭ ফেব্ৰুৱাৰী ১৯৮৩ | প্ৰযোজ্য নহয় | ৩৪৫ দিন | |
১০ | হিতেশ্বৰ শইকীয়া নাজিৰা সমষ্টিৰ বিধায়ক | ২৭ ফেব্ৰুৱাৰী ১৯৮৩ | ২৩ ডিচেম্বৰ ১৯৮৫ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০৩১ দিন | |
১১ | প্ৰফুল্ল কুমাৰ মহন্ত নগাঁও সমষ্টিৰ বিধায়ক | ২৪ ডিচেম্বৰ ১৯৮৫ | ২৮ নৱেম্বৰ ১৯৯০ | অসম গণ পৰিষদ | ১৭৯৯ দিন | |
– | খালি (ৰাষ্ট্ৰপতিৰ শাসন) | ২৮ নৱেম্বৰ ১৯৯০ | ৩০ জুন ১৯৯১ | প্ৰযোজ্য নহয় | ২১৪ দিন | |
(১০) | হিতেশ্বৰ শইকীয়া [দ্বিতীয়বাৰ] নাজিৰা সমষ্টিৰ বিধায়ক | ৩০ জুন ১৯৯১ | ২২ এপ্ৰিল ১৯৯৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৭৫৭ দিন [মুঠ ২৭৮৮ দিন] | |
১২ | ভূমিধৰ বৰ্মন বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক | ২২ এপ্ৰিল ১৯৯৬ | ১৪ মে’ ১৯৯৬ | ২৩ দিন | ||
(১১) | প্ৰফুল্ল কুমাৰ মহন্ত [দ্বিতীয়বাৰ] বঢ়মপুৰ সমষ্টিৰ বিধায়ক | ১৫ মে’ ১৯৯৬ | ১৭ মে’ ২০০১ | অসম গণ পৰিষদ | ১৮২৯ দিন [মুঠ ৩৬২৮ দিন] | |
১৩ | তৰুণ গগৈ তিতাবৰ সমষ্টিৰ বিধায়ক | ১৭ মে’ ২০০১ | ২৪ মে’ ২০১৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫৪৮৫ দিন | |
১৪ | সৰ্বানন্দ সোণোৱাল মাজুলী সমষ্টিৰ বিধায়ক | ২৪ মে’ ২০১৬ | ১০ মে’ ২০২১ | ভাৰতীয় জনতা পাৰ্টি | ১৮১২ দিন | |
১৫ | হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিৰ বিধায়ক | ১০ মে’ ২০২১ | বৰ্তমান | ভাৰতীয় জনতা পাৰ্টি | ৮৭২ দিন |
References
- I collected from Wikipedia
Learning, Awareness and Education is the purpose of this Blog/Website.
If any mistake or error please kindly inform us, thanks