February 24, 2024

ভাৰত-ৰত্ন বিজয়ী লোকপ্রিয় গোপীনাথ বৰদলৈ | Gopinath Bordoloi Biography in Assamese

লোকপ্রিয় গোপীনাথ বৰদলৈ

দেশ আৰু সমাজৰ মংগলৰ নিমিত্তে যিসকল লোকে জীৱন নিপাত কৰি গ’ল, সেইসকল মানৱ কল্যাণীৰ ভিতৰত অসমৰ জনপ্ৰিয় নেতা গোপীনাথ বৰদলৈও এজন। তেওঁ আছিল এগৰাকী গান্ধীবাদী নেতা। সমাজৰ মানুহক আপোন কৰি ল’ব পৰা তেওঁৰ আছিল এখন বহল অন্তৰ। সেইগুণে তেওঁ সমাজখনক ঘৰ জ্ঞান কৰিব পাৰিছিল। মানৱ জীৱনৰ এইটো এটা বৰ ভাঙৰ গুণ। পাছপৰা অসমীয়া সমাজখনক হৃদয় থাপনাত লৈ, কেনেকৈ এই সমাজখন প্ৰগতিৰ পথেৰে আগুৱাই নি বিশ্বৰ দৰবাৰত তুলিব পাৰে, গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সেইটোৱে আছিল একমাত্র চিন্তা-স্বপ্ন আৰু জীৱন-জোৰা সাধনা। তেওঁ অসমত সত্য, শান্তি আৰু প্ৰেম ধৰ্ম প্ৰতিষ্ঠা কৰি এখন সুন্দৰ-সুঠাম অসম, বহল অসম গঢ়াৰ পৰিকল্পনা হাতত লৈছিল। মুখ্যমন্ত্ৰী থকা কালত তেওঁৰপৰা সকলো প্ৰজাই সমানে মৰমস্নেহ আৰু আদৰ লাভ কৰিছিল। সেয়ে অসমবাসীৰ মাজত গোপীনাথ বৰদলৈ মৰিও অমৰ হৈ থাকিব। যুগে যুগে অসমীয়া সমাজে তেওঁৰ গুণানুকীৰ্তন কৰিব। তেওঁ আজি অসমৰ এজন প্ৰাতঃস্মৰণীয় ব্যক্তি।

পূর্ব-পুৰুষ

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূৰ্ব-পুৰুষ ‘উজীৰ বৰদলৈ’ বংশৰ বুলি জনাজাত৷ তেওঁলোক হ’ল চন্দ্ৰকান্ত ঠালৰ লোক। ধর্মাংগদ ত্রিবেদী তেওঁলোকৰ আদি পুৰুষ। ধৰ্মাংগদ ত্রিবেদী ১৫৩৯ শকত অসমলৈ আহিছিল। তেওঁ আহিছিল কামাখ্যা তীৰ্থলৈ। কিন্তু তীৰ্থ ভ্ৰমণ কৰি তেওঁৰ আৰু উভতি যোৱা নহ’ল। ইয়াৰ মনোৰম দৃশ্যাৱলীয়ে তেওঁক অতিকৈ আকৃষ্ট কৰাত তেওঁ ইয়াতে এখন ‘চতুষ্পাঠী খুলিলে আৰু তাত তেওঁ অধ্যাপনা কৰিবলৈ ধৰিলে। ত্রিবেদী ব্যাকৰণ, জ্যোতিষ আৰু যোগবিদ্যাত এগৰাকী ডাঙৰ পণ্ডিত আছিল। তেওঁৰ পাণ্ডিত্যৰ কাৰণে ৰজাই তেওঁক ‘উজীৰ’ উপাধি দিছিল।

ত্রিবেদীৰ ল’ৰা হৰিকানাই। হৰিকানাইৰ উপাধি ‘জ্যোতি ভূষণ’ আৰু ‘উজীৰ বৰদলৈ’। হৰি কানাইৰ ল’ৰা নৰহৰি। নৰহৰিৰ ল’ৰা তুৱা হৰি আৰু কন্যা কৈকেয়ী দেৱী। তুৱাহৰিৰ ল’ৰা চন্দ্ৰকান্ত। চন্দ্ৰকান্তৰ ল’ৰা দুটা। লক্ষ্মীকান্ত আৰু বুদ্ধেশ্বৰ বৰদলৈ৷ বুদ্ধেশ্বৰ বৰদলৈৰ ফালৰ পাঁচোটা সন্তান। তেওঁলোক হ’ল— শশীকলা দেৱী, ইন্দ্ৰেশ্বৰ, গোপীনাথ, গণেশ আৰু ৰত্নেশ্বৰ বৰদলৈ। গোপীনাথ হ’ল বুদ্ধেশ্বৰ বৰদলৈৰ মাজু সন্তান।

অসমৰ প্ৰখ্যাত ঔপন্যাসিক স্বৰ্গীয় ৰজনীকান্ত বৰদলৈ ডাঙৰীয়া এই বংশৰে লোক। ওপৰত উল্লেখ কৰা কৈকেয়ীদেৱীৰে তেওঁ নাতি।

গোপীনাথ বৰদলৈৰ পিতৃ বুদ্ধেশ্বৰ বৰদলৈয়ে এল এম পি পাছ কৰিছিল আৰু তেওঁ ডাক্তৰী কৰিছিল। তেতিয়াৰ দিনত ইংৰাজী পঢ়া; বিশেষকৈ ডাক্তৰী পঢ়াটো মানুহে জাত যোৱা কথা বুলি গণ্য কৰিছিল। কিন্তু সমাজৰ এই বান্ধোন তেওঁ ছিঙি পেলাইছিল। তেওঁ যেতিয়া ডাক্তৰ হৈ ৰাইজৰ সেৱাত ব্ৰতী হ’ল ৰাইজে তেওঁক আগ্ৰহেৰে গ্ৰহণ কৰিছিল। তেওঁ আনকি দুখীয়া লোকক বিনা পইছাৰে চিকিৎসা কৰিছিল। মানুহৰ প্ৰতি বুজিব পৰা তেওঁৰ আছিল এখন সৰল অন্তৰ আৰু সৰ্ভাৱ৷

গোপীনাথ বৰদলৈৰ মাকৰ নাম আছিল প্রাণেশ্বৰী দেৱী। প্রাণেশ্বৰী দেৱীৰ পিতৃ আছিল ভূমিকান্ত বৰদলৈ আৰু মাতৃ আছিল বিবিকা দেৱী। তেওঁলোকৰ ঘৰ আছিল উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ মধ্যমখণ্ডত। গোপীনাথ বৰদলৈৰ মাতৃৰো এখন সৰল আৰু কোমল হৃদয় আছিল। সকলো সময়তে তেওঁৰ নিজৰ অন্তৰ শুদ্ধ ৰাখিছিল। তেওঁৰ যদিও স্কুলীয়া লেখা-পঢ়া নাছিল, কিন্তু স্বভাৱ-চৰিত্ৰত তেওঁ আছিল এখন বিদ্যালয় সদৃশ। তেওঁ সকলো ঘৰুৱা কাম-কাজ কৰি ভাল পাইছিল।

জন্ম আৰু সোণালী শৈশৱ

১৮৯০ চনৰ ৬ জুনত (১৮১২ শকৰ ২৬ জেঠ, ৰবিবাৰে) গোপীনাথ বৰদলৈৰ নগাঁও জিলাৰ ৰহাত জন্ম হয়। সেই সময়ত বুদ্ধেশ্বৰ বৰদলৈয়ে ৰহাত চাকৰি কৰিছিল। তেওঁৰ জন্মৰ সাত বছৰলৈকে পিতাক ৰহাতে থাকে আৰু ৰহাতে তেওঁৰ প্ৰথম বিদ্যাৰম্ভ হয়। কিন্তু কোনো কোনোৱে তেওঁৰ জন্মস্থান গুৱাহাটী বুলিহে কয়। পিছে, বৰদলৈৰ পত্নী সুৰবালা বৰদলৈৱে বৰদলৈৰ জন্মস্থান ৰহা বুলিহে আমাক কয় ৷ তেওঁৰ যেতিয়া সাত বছৰ বয়স পূৰ হয়, পিতাক মঙলদৈ মহকুমালৈ বদলি হয়।

মঙলদৈত দুবছৰমান থকাৰ পিছত পিতাক এইবাৰ বৰপেটালৈ বদলি হৈছিল। বৰপেটালৈ যোৱাৰ এবছৰতে তাতে তেওঁৰ মাতৃ বিয়োগ হয়। তেতিয়া তেওঁ বাৰ বছৰীয়া। বাৰ বছৰতে তেওঁ মাতৃ স্নেহৰপৰা বঞ্চিত হ’ল আৰু তেওঁৰ হৃদয় ভাগি পৰিল। তেওঁ লালিত-পালিত হ’ব লগা হ’ল বিধৱা বায়েক শশীকলা দেৱীৰ হাতত ৷

শৈশৱত তেওঁ অত্যন্ত বিনয়ী আৰু শান্ত স্বভাৱৰ আছিল। তেওঁ লাগতিয়াল কথাৰ বাহিৰে অলাগতিয়াল কথা কৈ সময় নষ্ট নকৰা স্বভাৱৰ আছিল।

মাক ঢুকুৱাৰ পিছত তেওঁক গুৱাহাটীলৈ পঠোৱা হয় আৰু গুৱাহাটীৰ কটন কলেজিয়েট উচ্চ ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰোৱা হয়৷ স্কুলত পঢ়া কালছোৱাত তেওঁ অসুখৰ কাৰণে প্ৰায় ভাগ সময়ে স্কুলত নিয়মীয়া হ’ব পৰা নাছিল। সেই সময়ছোৱাত তেওঁৰ প্ৰায়ে জ্বৰ আৰু গ্ৰহণী হৈছিল। এনে বেয়া স্বাস্থ্যৰ কাৰণতে তেওঁৰ পঢ়া-শুনাত বিশেষ ক্ষতি হৈছিল। তথাপি স্কুলত পঢ়া ক্ষেত্ৰত তেওঁৰ স্থান ভালৰ শাৰীতে আছিল।

তেওঁ স্কুলৰ পঢ়া-শুনা ঠিক মতে ৰাখি, দুই-এটা লাগতিয়াল বুলি ভবা বিষয়তো মনোযোগ দিছিল। স্কুলত সামৰিক কছৰৎ শিকাইছিল। কিন্তু সি বাধ্যতামূলক নাছিল। তথাপি তেওঁ কছৰৎ শিক্ষা লৈছিল। সময় উলিয়াই খেলাধূলাও কৰিছিল। সেইবোৰৰ ভিতৰত ফুটবল, টেনিছ, বেড্‌মিণ্টন প্রিয় আছিল। সেইকালত তেওঁৰ চিত্ৰাংকন আৰু সংগীতৰ প্ৰতিও আকৰ্ষণ আছিল৷ তেওঁ বাদ্যযন্ত্র বজাব জানিছিল। তদুপৰি তেওঁ আছিল এজন নিপুণ ভাৱৰীয়া। বৰদলৈ ডাঙৰীয়াৰ এই বিশেষ স্বভাৱ-চৰিত্ৰই শিক্ষক সমাজকো মোহিত কৰিছিল। স্কুলৰ প্রধান শিক্ষকে তেওঁক ভৱিষ্যতে এজন নামজ্বলা ব্যক্তি হ’ব পাৰিব বুলি আশা কৰিছিল আৰু পিতাকৰো তেওঁৰ প্ৰতি গভীৰ বিশ্বাস জন্মিছিল যে গোপীনাথ এদিন দহজনৰ মাজত জাকত-জিলিকা ব্যক্তিৰূপে থিয় দিব পাৰিব। সেই আশীর্বাদ লৈয়ে, গোপীনাথ বৰদলৈ আগবাঢ়িছিল জীৱনৰ পথত ।

ছাত্ৰ জীৱন

আগৰ দিনত ছাত্ৰক ডবল প্রমোচন দিয়াৰ ব্যৱস্থা আছিল। সেই হিচাপে অনেক মেধা ছাত্রক সপ্তম মানৰপৰা নৱম মান শ্ৰেণীলৈ প্ৰমোচন দিয়া হৈছিল। স্কুলীয়া জীৱনত বৰদলৈয়ে ডবল প্রমোচন পোৱা কাৰণে সৰু কালত তেওঁ হাইস্কুলৰ ওপৰ খাপত নাম ভৰ্তি কৰাৰ সুবিধা লাভ কৰিছিল৷ এনেদৰে প্ৰমোচন লাভ কৰি পঢ়া কাৰণে বৰদলৈয়ে ১৬ বছৰ পূৰ নহওঁতেই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীর্ণ হয়। কিন্তু কলিকতা বিশ্ববিদ্যালয়ৰ নিয়ম মতে, ১৬ বছৰ পূৰ হোৱাতহে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে।

১৯০৭ চনত তেওঁ কটন কলেজিয়েট স্কুলৰপৰা এণ্ট্ৰেন্স পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হয়। তেওঁ এই পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হয়। একে বছৰতে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ ভিতৰত কেইগৰাকীমান হ’লঃ বিষ্ণুৰাম মেধি (প্রাক্তন মুখ্যমন্ত্ৰী), কুমুদৰাম বৰা, যোগেন্দ্ৰ নাথ বৰুৱা (প্ৰাক্তন এম এল এ), কালিৰাম বৰ্মন, ডাঃ জ্যোতিষ চন্দ্র দাস আদি ।

‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন’ এই কথাষাৰ গোপীনাথ বৰদলৈৰ ছাত্ৰ জীৱনতে প্রতিফলিত হৈছিল। তেওঁ ছাত্ৰ জীৱনতে কামৰ মূল্য বুজিছিল আৰু ছাত্ৰ জীৱনটো যে ভৱিষ্যৎ জীৱনৰ ভেটি স্বৰূপ তেওঁ সেই কালতে উপলব্ধি কৰিব পাৰিছিল৷ ছাত্ৰ জীৱনটো এটা শিকাৰ সময় বুলি তেওঁ বুজি লৈছিল। পঢ়াৰ সময়ত পঢ়া, আজৰি সময়ত সকলো কামেই তেওঁ নিষ্ঠাৰে কৰিবলৈ যত্ন কৰিছিল ।

কামত উজুটি নেখাবলৈ হ’লে নিজৰ দৈনিক কামৰ তালিকা আৰু কৰা কামৰ টোকা ৰখা বৰ দৰকাৰ। ছাত্ৰ অৱস্থাৰপৰাই বৰদলৈৰ জীৱনত এই অভ্যাস গঢ়ি উঠিছিল বাবেই বোধহয় পিছৰ জীৱনত সকলো কাম কৃতকাৰ্য্য তাৰে আৰু নিয়াৰিকৈ কৰিব পাৰিছিল। তেওঁ ছাত্ৰাৱস্থাত নিজৰ দৈনিক কামৰ টোকা লিখি ৰাখিছিল৷ তেওঁৰ এই ‘ডায়েৰী’ বিলাকৰ পৰাই তেওঁৰ জীৱনৰ বহুতো কথা বুজিব পৰা যায়।

ছাত্ৰাৱস্থাত তেওঁ মানি চলা নিয়মসমূহৰ ভিতৰত, আহাৰ গ্ৰহণৰ বিষয়তো তেওঁ সাৱধানতা অৱলম্বন কৰিছিল। তেওঁৰ আহাৰ সদায় নিয়মীয়া আছিল। তেওঁ অধিক ভোজন কেতিয়াও গ্ৰহণ কৰা নাছিল। খোৱাৰ সময়ত বৰদলৈয়ে পালন কৰা নিয়মৰ ভিতৰত এটা উল্লেখনীয় হ’ল যে তেওঁ খাবলৈ বহি কেতিয়াও কোনো বস্তু খুজি খোৱা নাছিল ৷ তেওঁ কোনোদিন পৰচৰ্চা আৰু কাৰো কুৎসা ৰটনা কৰা নাছিল । কাৰোবাৰ এই স্বভাৱ দেখিলেও তাক তেওঁ বাধা দিছিল আৰু তেনে সংগও তেওঁ ত্যাগ কৰিছিল৷

চাফ-চিকুণতা মানুহৰ জীৱনৰ এটা ডাঙৰ গুণ বুলি কোৱা হয়। বৰদলৈ আছিল এই গুণৰ সম্পূৰ্ণ অধিকাৰী। তেওঁৰ ছাত্ৰাৱস্থাৰ পৰাই পিন্ধা কাপোৰ-কানি পৰিষ্কাৰ-পৰিচ্ছন্ন আছিল। পিছৰ জীৱনতো বৰদলৈৰ এই স্বভাৱ পৰিলক্ষিত হৈছিল। মহাবিদ্যালয়ত পঢ়া দিনবোৰ

প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত, গোপীনাথ বৰদলৈয়ে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত ভর্তি হয়। এই মহাবিদ্যালয়ৰ আই এ কলা শাখাৰ তেওঁ ছাত্ৰ আছিল। আই এ শ্ৰেণীত তেওঁ অধ্যয়ন কৰিবলৈ লোৱা বিষয়কেইটা আছিল— ইংৰাজী, বুৰঞ্জী, তর্কশাস্ত্ৰ আৰু ৰসায়ন বিজ্ঞান। আই-এ পঢ়া কালত তেওঁ ঘৰৰপৰাই অহা-যোৱা কৰিছিল। সেই সময়তে কটন ছাত্রাবাসত দুটা উৎসৱ বৰ ধুমধামেৰে পালন কৰা হৈছিল । এটা শ্ৰীশ্ৰীজন্মাষ্টমী আৰু আনটো শ্ৰীশ্ৰীসৰস্বতী পূজা। বৰদলৈয়ে ছাত্রাবাসত নেথাকিলেও এই দুয়োটা উৎসৱতে তেওঁ সংগীত পৰিবেশন কৰিব লাগিছিল। সেই সময়ছোৱাত বৰদলৈয়ে গুৱাহাটীৰ আন আন উৎসৱ-পাৰ্বনত সংগীত পৰিৱেশন কৰি ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হৈছিল।

গান-বাজনাৰ লগতে পঢ়াৰ প্ৰতিও তেওঁ সমানে মনোযোগ ৰাখিছিল। আই এ পৰীক্ষাৰ প্ৰতিটো মাহিলি পৰীক্ষাত তেওঁ উত্তীৰ্ণ হ’ব পাৰিছিল। এনেদৰে পঢ়ি তেওঁ বাৰ্ষিক পৰীক্ষাত উত্তীৰ্ণ হৈ দ্বিতীয় বার্ষিক মহলাত নাম ভৰ্তি কৰে। সেই সময়ত কটন মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল চুডমার্চন চাহাব। অন্যান্য অধ্যাপক সকল আছিলঃ অধ্যাপক চুণিলাল দে, অধ্যাপক ৰজনীকান্ত বৰাল, অধ্যাপক পদ্মানাথ বিদ্যাবিনোদ, মৌলবী এ ওৱাহেদ (প্রাক্তন শিক্ষামন্ত্রী)। তেওঁ মহম্মদ ছাদুল্লাৰ (প্ৰাক্তন মন্ত্ৰী) অধীনৰ ৰসায়ন শাস্ত্ৰৰ প্ৰেক্‌টিকেল বিষয়ত অধ্যয়ন কৰিছিল। পিছৰ জীৱনত গোপীনাথ আৰু মহম্মদ ছাদুল্লা গুৰু-ছাত্ৰ উভয়ে ৰাজনীতিৰ প্ৰতিদ্বন্দ্বী শিবিৰত থাকিবলগীয়া হৈছিল।

১৯০৯ চনৰ ফেব্ৰুৱাৰীত গোপীনাথ বৰদলৈয়ে প্রথম বিভাগত সুখ্যাতিৰে আই এ পাছ কৰে। এণ্ট্ৰেন্স পৰীক্ষাৰ দৰে তেওঁ এই পৰীক্ষাতো বৃত্তি লাভ কৰিবলৈ সমর্থ হয়।

এই বছৰতে কটন মহাবিদ্যালয়ত বি-এ শ্রেণী খোলা হৈছিল যদিও তৃতীয় বাৰ্ষিক শ্ৰেণীৰ ব্যৱস্থা কৰাত পলম হোৱাত, কটন মহাবিদ্যালয়ৰ পৰা আই এ পাছ কৰা বেছিভাগ ছাত্ৰই কলিকতালৈ পঢ়িবলৈ যায়। এনে সমস্যাৰ সন্মুখীন হৈ, গোপীনাথ বৰদলৈয়েও উচ্চ শিক্ষা ল’বলৈ কলিকতালৈ ৰাওনা হয়। সেই সময়ত কলিকতালৈ যোৱাটো আজিকালিৰ দৰে সুচল নাছিল ৷ তেতিয়া ৰে’ল লাইন হ’বলৈ ধৰিছিলহে! গুৱাহাটীৰপৰা জাহাজৰে ধুবুৰী, ধুবুৰীৰপৰা ৰে’লত উঠি সান্তাহাৰ পাব লাগে। সান্তাহাৰৰপৰা পুনৰ জাহাজেৰে পদ্মা নদী পাৰ হৈ দামুকদিয়া ঘাট পাব লাগে। তাৰপৰা ৰে’লত উঠি গৈ কলিকতা পোৱা যায় ৷ এনে এটা কঠিন যাত্রা পথেৰে কলিকতালৈ যাবলগীয়া হৈছিল। গোপীনাথ বৰদলৈয়েও এনেদৰেই গৈ কলিকতা ওলাইছিল।

তেওঁ কলিকতাৰ স্কটিছ-চার্চ মহাবিদ্যালয়ত ভর্তি হয়। সেই সময়ত উক্ত মহাবিদ্যালয়ত ‘লেডী জেন ডাণ্ডাছ’ নামেৰে এটাহে ছাত্রাবাস আছিল। ছাত্রাবাসত ভৰ্তি হোৱাটো সহজ কথা নাছিল। কিন্তু সেইবাৰ অসমৰ পৰা পঢ়িবলৈ যোৱা ভালেমান ছাত্রই ছাত্রাবাসত থাকি পঢ়াৰ সুবিধা লাভ কৰিলে। বৰদলৈয়েও ছাত্রাবাসত থকাৰ সুবিধা পাইছিল৷ তেওঁ বি এত অসমীয়া, বুৰঞ্জী, দৰ্শন-শাস্ত্ৰ আৰু ইংৰাজী বিষয় লৈ পঢ়িছিল। বুৰঞ্জী বিষয়ত তেওঁ অনাৰ্ছ (আজিকালি মেজৰ) লৈছিল। সেই সময়ত স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল ৰেভাঃ লেম্ব বি-ডি। কলিকতাত পঢ়া কালতো তেওঁ খেলা-ধূলাত অংশ গ্ৰহণ কৰিছিল। মহাবিদ্যালয়ৰ ক্ৰিকেট দলৰ এজন খেলুৱৈ হিচাপে তেওঁ স্বীকৃতি লাভ কৰিছিল। ছাত্রাবাসৰ বেড্‌মিণ্টন ক্লাবৰো তেওঁ এজন সদস্য আছিল। সেই সময়ত অসমৰ ভোলানাথ বৰুৱাৰ কলিকতাৰ চার্কুলাৰ ৰোডত থকা অট্টালিকা ‘অসম ভিলা’ত অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানত বৰদলৈয়েও অংশ গ্ৰহণ কৰিছিল। সেই অনুষ্ঠানত বৰদলৈয়ে সংস্কৃত স্তোত্র আবৃত্তি কৰি সকলোকে মুগ্ধ কৰিছিল। ছাত্রাবাসৰ তেওঁৰ এগৰাকী সহপাঠী আছিল তেজপুৰৰ চন্দ্ৰনাথ শৰ্মা । তাত থাকোঁতেই তেওঁৰ জ্ঞানদাভিৰাম বৰুৱাৰ লগতো পৰিচয় হয়। এই সময়ছোৱাতে জাৰ্মানীৰ ‘ক্রাউন প্রিন্স’ ভাৰতলৈ আহিছিল। তেওঁ আহিছিল যুদ্ধৰ জাহাজ ‘লীপজীক’ত। বৰদলৈয়ে আন বন্ধু-বান্ধৱৰ লগত তাতে প্রথম ‘লীপজীক’ দেখিবলৈ পাইছিল। এই সময়ছোৱাতে তেওঁ ফুটবলৰ আই-এফ-এ প্রতিযোগিতাৰ খেল আৰু ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱাৰ ক্ৰিকেট খেলো প্ৰায়ে চাবলৈ গৈছিল। ১৯১১ চনত গোপীনাথ বৰদলৈয়ে বুৰঞ্জী বিষয়ত অনাৰ্ছসহ বি-এ পাছ কৰা অসমীয়া আন ছাত্ৰ কেইজনমানৰ ভিতৰত হ’ল – বিষ্ণুৰাম মেধি, তাৰা প্ৰসাদ চলিহা, সৰ্ব্বেশ্বৰ বৰুৱা, কালিৰাম বৰ্মন, যোগেন্দ্ৰনাথ বৰুৱা, চন্দ্ৰনাথ শৰ্মা, কুমুদৰাম বৰা আদি।

বি-এ পাছ কৰাৰ পিছত তেওঁ কলিকতাতে এম-এ আৰু আইন পৰীক্ষা পঢ়াৰ চিন্তা কৰিলে ৷ সেই মৰ্মে কলিকতাৰ ১৭/১ অ’ল্ড বৈঠকখানা লেনৰ মেছত তেওঁৰ বন্ধু চন্দ্ৰনাথ শৰ্মাৰ সৈতে একেলগে থাকি পঢ়িবলৈ ধৰিলে। তেওঁ ৰিপণ মহাবিদ্যালয়ত আইনৰ প্ৰথম বাৰ্ষিকত আৰু বিশ্ববিদ্যালয়ৰ পোষ্ট গ্রেজুৱেট শ্ৰেণীত বুৰঞ্জী বিষয়ত এম-এ পঢ়া আৰম্ভ কৰে।

এই সময়ছোৱাতে কলিকতাত অনুষ্ঠিত হোৱা এখন সভাই গোপীনাথ বৰদলৈক বিশেষভাৱে আকৰ্ষিত কৰে। বংগ বিচ্ছেদ ৰদ কৰি পূৰ্ব বংগ আৰু পশ্চিম বংগ পুনৰ লগ লগোৱাৰ সিদ্ধান্তৰ পিছত বংগবাসী আনন্দত আপ্লুত হৈ কলিকতাৰ কলেজ স্কোৱাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল। সেই সভাত সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে এটি ভাষণ দিছিল, যি ভাষণ শুনি গোপীনাথ বৰদলৈৰ মাতৃভূমিৰ প্ৰতি দায়িত্ব আৰু অনুৰাগ জন্মে। এই সময়ছোৱাতে সম্রাট পঞ্চম জর্জ কলিকতালৈ আহোঁতে, জর্জক সম্বর্ধনা জনাবলৈও অনুষ্ঠিত কৰা সভাখন দেখি গোপীনাথ বৰদলৈ অতিকৈ মোহিত হৈছিল।

মাজতে ৰিপণ আইন মহাবিদ্যালয় এৰি, বৰদলৈয়ে বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত ভর্তি হয়। এই আইন মহাবিদ্যালয়ত তেওঁলোকে অধ্যক্ষৰূপে পাইছিল মিঃ বাগ্চীক। কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰূপে পাইছিল ছাৰ আশুতোষ মুখোপাধ্যায়ক। ১৯১৪ চনত তেওঁ বুৰঞ্জী বিষয়ত এম এ পৰীক্ষাত উত্তীর্ণ হয়। তেওঁ কলিকতাত পঢ়ি থকা কালতে কাশী, এলাহাবাদ, দিল্লী, জয়পুৰ, আগ্ৰা, মথুৰা ভ্ৰমণ কৰি নানা জ্ঞান আহৰণ কৰে।

চাকৰি জীৱন

বৰদলৈয়ে কলিকতাত থাকি মহাবিদ্যালয়ৰ চতুৰ্থ-বার্ষিক শ্ৰেণীত পঢ়ি থাকোঁতে, পিতাকৰ মৃত্যু হয়। পিতৃৰ সংসাৰৰ মহাভাৰ তেওঁৰ মূৰৰ ওপৰত পৰে। ইফালে পিতাক ডাক্তৰ আছিল যদিও তেওঁলোকৰ সাঁচতীয়া ধন অধিক নাছিল। পৰিয়ালটো কোনো মতেহে চলিছিল। ককায়েক ইন্দ্ৰেশ্বৰ বৰদলৈৰ মৃত্যুৱেও পৰিয়ালটোক ছুই গৈছিল৷

মাণিক চন্দ্ৰ বৰুৱা বৰদলৈৰ পিতৃৰ বন্ধু আছিল। ঘৰখনৰ অৱস্থালৈ লক্ষ্য কৰি, মাণিক চন্দ্ৰ বৰুৱাই গোপীনাথক এটি চাকৰি যোগাৰ কৰি দিবলৈ ওলাল। তেওঁ ক’লে যে, গোপীনাথে ইচ্ছা কৰিলে তেওঁ কমিছনাৰ চাহাবক কৈ চাকৰি এটা দিব পাৰে। বিপদত পৰিলেও গোপীনাথ যিকোনো চাকৰি কৰাৰ ইচ্ছা কৰা নাছিল। তেওঁৰ এটা স্বাধীন মন আছিল আৰু তেওঁ আছিল জ্ঞানলিপ্স। তেওঁ সদায় শিক্ষামূলক অনুষ্ঠানৰ লগত জড়িত হোৱাটো বিচাৰিছিল। সেয়ে তেওঁৰ এই মনোভাৱটো জনাই বৰদলৈয়ে মাণিক চন্দ্ৰ বৰুৱাক কৈছিল, “যদিহে মই চাকৰি কৰিব লাগে, তেন্তে অধ্যাপনা চাকৰিতহে যোগদান দিম।”

বৰদলৈয়ে কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপকৰ চাকৰি বিচাৰিছিল যদিও সেই চাকৰি নেপালে৷ বৰদলৈৰ মনোভাবলৈ লক্ষ্য কৰি আৰু লগতে পৰিয়ালটোৰ কথা ভাবি, তৰুণৰাম ফুকনে বৰদলৈক গুৱাহাটীৰ সোণাৰাম হাইস্কুলত প্রধান শিক্ষকৰ পদত যোগদান কৰিবলৈ উপদেশ দিলে। তৰুণৰাম ফুকনৰ কথা মতে তেওঁ অস্থায়ীভাৱে এই প্রধান শিক্ষকৰ পদত যোগদান কৰিলে। তেতিয়া এই বিদ্যালয়ৰ পৰিচালনা কমিটীৰ সভাপতি আছিল তৰুণৰাম ফুকন।

গোপীনাথ বৰদলৈয়ে সোণাৰাম হাইস্কুলত কাম কৰি থকা কালতে (১৯১৫ চন) তেওঁ আইন পৰীক্ষা উত্তীৰ্ণ হোৱাৰ খবৰ ওলাইছিল। আইন পৰীক্ষা পাছ কৰাৰ পিছত তেওঁ মনত যথেষ্ট সাহস গোটালে। লগে লগে তেওঁ প্ৰধান শিক্ষকৰ চাকৰি এৰি দি, সত্যনাথ বৰা উকীলৰ অধীনত ওকালতিত মনোযোগ দিলে। তেওঁৰ তলত এবছৰ কাম কৰি, ১৯১৭ চনৰপৰা তেওঁ ওকালতি ব্যৱসায়ত লাগি যায়। প্ৰথম অৱস্থাত তেওঁ উজানবজাৰৰ ভাড়াঘৰত থাকি ওকালতি কৰিছিল।

সাংসাৰিক জীৱন

১৯১৯ চনৰ এপ্ৰিল মাহত তেওঁ সুৰবালা বৰদলৈৰ লগত বিবাহপাশত আৱদ্ধ হয়। সুৰবালা উত্তৰ গুৱাহাটীৰ ভূমিকান্ত বৰদলৈৰ জীয়েক আছিল। বৰদলৈৰ পৰিয়াল এটা ডাঙৰ পৰিয়াল আছিল। এই পৰিয়ালটোৰ মাজত কোনো দিনেই মনোমালিন্য হোৱা নাছিল। তেওঁলোকৰ পৰিয়ালৰ আটাইবোৰ লোক শিক্ষিত আৰু উদাৰ আছিল।

ঘৰুৱা জীৱনত তেওঁ টকা-পইচাৰ কেতিয়াও অভাৱত পৰা নাছিল। তেওঁৰ আকালো নাছিল, ভঁৰাল বুলিবলৈও নাছিল। তেওঁৰ পাৰিবাৰিক জীৱন সুখৰ আছিল ৷

সুৰবালাৰ লিখা-পঢ়া কম আছিল যদিও বুদ্ধিমতী আছিল। গোপীনাথে নিজেই সুৰবালাক নানা শিক্ষা দি ৰন্ধা-বঢ়াকে ধৰি বোৱা-কটাত পাকৈত কৰি তুলিছিল। ঘৰৰ যাৱতীয় কাম তেওঁ নিজে কৰিও আনন্দ পাইছিল৷ তেওঁ চিলাইৰ কাম জানিছিল, কাপোৰ ব’বলৈ আৰু সূতা কাটিবলৈ জানিছিল। তেওঁৰ নিজৰ কানি- কাপোৰ যঁতৰত সূতা কাটি বৈ লৈছিল। তেওঁৰ জীয়েক লিলি মজিন্দাৰ বৰুৱাই লিখিছে— ‘সেয়েহে দাদালৈ লিখিছিল— তুমি ঘোঁৰাত উঠিব শিকিবা, যাতে ভালকৈ শিকিব পাৰা চাবা। স্কুলৰ পৰা অনুপস্থিতিৰ বহুত সময় পাইছা-মিস্ত্ৰীৰ কামৰ সৰঞ্জাম কিনি অনাই নুমলি খুড়াক কৈ কাম শিকিবা। শাক-পাচলি কবি ইত্যাদি কৰাৰ বিষয়ে চাটনৰ কিতাপ পঢ়িবা যাতে লগে লগে বিদ্যাও বাঢ়ে। নিশ্চয় জানিবা পৃথিৱীৰ সকলো কাম ঈশ্বৰে কৰাই থৈ গৈছে৷ গতিকে গায়ত্ৰী কালত বিশেষভাৱে ভাবিবা। ম‍ই আশা কৰি আছো যে গোসাঁই ঘৰত আটাইকেইটি ল’ৰা-ছোৱালী মাতি নি স্তোত্ৰ আৰু আন গান গোৱাবা।’

বৰদলৈয়ে নিজে শাক-পাচলি কৰিছিল আৰু বাগিচা পাতিছিল । তেওঁ আগ বয়সত বৰ বিলাসপ্ৰিয়া আছিল৷ তেওঁ বৰশী বাই আৰু চিকাৰ কৰি ভাল পাইছিল ৷ তেওঁ হাতীৰে পানীখাইতী, ক্ষেত্ৰী, পাণবাৰীলৈ গৈছিল আৰু তাতে চিকাৰ কৰিছিল। মাঘ বিহুত ওচৰ-চুবুৰীয়াৰ ল’ৰা-ছোৱালীৰ মাজত চকুত কাপোৰ বান্ধি কলহ ভঙাৰ প্রতিযোগিতা পাতিছিল। তেওঁ মাৰ্বল খেল আৰু ৰিং খেলৰো আয়োজন কৰি তাত পুৰস্কাৰ দিছিল। তেওঁ হেনো সোণাপুৰত কমলা টেঙাৰ বাগান এখনো খুলিছিল আৰু তাত পুলিপোতা কাম আৰম্ভ কৰিছিল৷

তেওঁ আনৰ প্ৰতি মৰমিয়াল আছিল৷ তেওঁ ভালেমান ছাত্ৰক আর্থিক সাহায্য দিছিল আৰু এজন মণিপুৰী ল’ৰাক ঘৰত ৰাখি পঢ়ুৱাই মেট্ৰিক পাছ কৰাই কামত ভৰ্তি কৰাইছিল।

  • তেওঁ নিজৰ ল’ৰা-ছোৱালীক মানুহ হিচাপে গঢ়িবলৈ উপযুক্ত শিক্ষা দিছিল। তেওঁ কৈছিল, — “ল’ৰা-ছোৱালীকেইটাক পঢ়াই-শুনাই মানুহ কৰি যাব পাৰিলেই মোৰ হ’ল; মোক সম্পত্তি নালাগে। সিয়েই মোৰ অতুল সম্পত্তি।’ তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটা হ’ল ঃ ৰাধাৰাণী বৰদলৈ, সৰোজ কুমাৰী চাংকাকতি, ধীৰেন্দ্ৰ নাথ বৰদলৈ, হেমলতা চাংকাকতি, গিৰিজা চাংকাকতি, অৰুণা মজিন্দাৰ বৰুৱা, বীৰেন্দ্ৰনাথ বৰদলৈ, বিনীতা (বুলি) বৰদলৈ, লিলি মজিন্দাৰ বৰুৱা, ৰবীন্দ্ৰনাথ বৰদলৈ আৰু বলীন্দ্ৰনাথ বৰদলৈ।

ভাৰতৰ স্বাধীনতা আন্দোলনলৈ গোপীনাথ বৰদলৈৰ অৱদান

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চুক্তিমতে অসম ইংৰাজৰ অধীন হয়। অসমৰ সৈতে তেওঁলোকৰ চুক্তি আছিল, অসমৰ শান্তি-শৃঙ্খলা ঘূৰি আহিলে তেওঁলোকে অসম এৰি আঁতৰি যাব। কিন্তু সময় বাগৰাৰ লগে লগে দেখা গ’ল, ইংৰাজে এই চুক্তি সম্পূৰ্ণ ভংগ কৰে। তেওঁলোকে গোঁজেই গছ হৈ বহা অসমীয়াৰ উপলব্ধি হ’ল। লাহে লাহে অসমীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে থিয় হ’ল। পিয়লি বৰফুকন, জীউৰাম দলিয়া বৰৱা, মণিৰাম দেৱান আদিয়ে অসমৰ হেৰুওৱা স্বাধীনতাৰ হকে উঠি-পৰি লাগে। অসমৰ স্বাধীনতাৰ হকে এনে আগভাগ লোৱা বাবে ইংৰাজ চৰকাৰে নিৰ্মম আৰু নিষ্ঠুৰভাৱে অসম মাতৃৰ এই বীৰ সন্তানকেইগৰাকীক ফঁাচি কাঠত তোলে ৷ এই ঘটনাৰ পিছত, মুক্তিকামী-স্বাধীনতাপ্রিয় অসমীয়াসকলৰ মাজত এক বিৰাট ৰাজনৈতিক চেতনাৰ জাগৰণ হয়।

১৮৮৫ চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ গঠিত হয়। এই অনুষ্ঠান গঠিত হোৱাত, এই অনুষ্ঠানত অসমেও যোগদান কৰে। সেই সময়ত দৰং, লক্ষীমপুৰ, কামৰূপ, শিৱসাগৰ আদিত ৰায়ত সভাৰ জন্ম হয়। ১৯১৬ চনত চন্দ্ৰনাথ শৰ্মাৰ নেতৃত্বত ‘অসম ছাত্র সন্মিলন’ সংগঠিত হয়। সেই সময়ৰ আনটো শক্তিশালী সংগঠন আছিল ‘অসম এছোছিয়েশ্যন’। ‘অসম এছোছিয়েশ্যন’ সংগঠন কৰিছিল ঘাইকৈ মাণিকচন্দ্ৰ বৰুৱা, ঘনশ্যাম বৰুৱা, জগন্নাথ বৰুৱা আদিয়ে৷ তেতিয়াৰ ‘অসম ছাত্ৰ সন্মিলন’ৰ প্ৰধান কৰ্ম-কৰ্তাসকল আছিল বিশেষকৈ লোকনায়ক অমিয় কুমাৰ দাস, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰনাথ শৰ্মা, পদ্মধৰ চলিহা আদি। এই দুয়োটা অনুষ্ঠানে ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ সঁহাৰি জনাই বিশেষ ভূমিকা লয় ।

অমৃতত্সৰ কংগ্ৰেছ

১৯১৯ চনত অমৃতসৰ জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হয়। এই সময়ছোৱাত ভাৰতবৰ্ষত ৰৌলট আইন জাৰি কৰা হৈছিল। ৰৌলট আইনৰ উদ্দেশ্য আছিল ভাৰতত জনজাগৰণৰ বাধাৰ সৃষ্টি কৰা। মহাত্মা গান্ধীয়ে এই আইন ভাৰত বিৰোধী বুলি প্ৰচাৰ অভিযান চলাইছিল। এই আইনে ভাৰতবাসীয়ে ন্যায়সঙ্গত অধিকাৰ আৰু জন্মস্বত্ব স্বাধীনতাত হেঙাৰ স্বৰূপে শীঘ্ৰে প্ৰত্যাহাৰ দাবী জনাইছিল। এই উপলক্ষে মহাত্মা গান্ধীয়ে ৬ এপ্ৰিলৰ দিনা হৰতাল পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল। কিন্তু ভুলবশতঃ ৩০ মাৰ্চৰ দিনা দিল্লীত হৰতাল পালন কৰাত পুলিচৰ হাতত দিল্লীত বহুতো লোক হতাহত হয়।

মহাত্মা গান্ধীয়ে এই খবৰ ল’বলৈ দিল্লীলৈ ৰাওনা হওঁতে, কৰ্তৃপক্ষই তেওঁক গ্ৰেপ্তাৰ কৰি বাটৰপৰা ওভতাই পঠিয়াই দিলে। মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰাৰ এই বাতৰি পাই গোটেই দেশ জুৰি উত্তেজনাৰ সৃষ্টি হয় আৰু বিভিন্ন ঠাইত পুলিচ আৰু জনতাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ।

এনে এক গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হৈ থকা সময়তে, পঞ্জাৱৰ জনপ্রিয় নেতা ডাঃ কিছলু আৰু সত্যপালক চৰকাৰে নিৰ্বাসিত কৰা বিষয়কলৈ পঞ্জাৱত এক গভীৰ অসন্তুষ্টিৰ সৃষ্টি হয়। দুয়োগৰাকীৰ নেতাৰ মুক্তি বিচাৰি হেজাৰ হেজাৰ লোক অমৃতচৰৰ ডেপুটী কমিচনাৰৰ বঙলাৰ সন্মুখলৈ আগবাঢ়ি গ’ল। চৰকাৰে ইয়াক প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰি, নিৰস্তু জনতাৰ ওপৰত জধে-মধে গুলী বৰ্ষণ কৰিবলৈ ধৰিলে। উত্তেজিত জনতাইও সমস্যাৰ সন্মুখীন হ’বলৈ থিয় হ’ল। ফলত সমগ্ৰ পঞ্জাৱত অশান্তিৰ সৃষ্টি হ’ল। লগে লগে চৰকাৰে গোটেই পঞ্জাৱত সামৰিক আইন জাৰি কৰিলে। লগতে পঞ্জাৱৰ শাসনভাৰ জেনেৰেল ডায়াৰৰ হাতত অৰ্পণ কৰিলে৷

১৩ এপ্ৰিল, দেওবাৰে ব’হাগী পূৰ্ণিমাৰ দিনা অমৃতচৰত প্ৰতি বছৰে উৎসৱ পালন কৰা হয়। ৰাজ্যৰ চাৰিওফালৰপৰা হেজাৰ-হেজাৰ লোকে এই উৎসৱত অংশ গ্ৰহণ কৰে। কিন্তু অমৃতচৰত ডায়াৰে সেইদিনা পুৱা নিষেধাজ্ঞা জাৰি কৰিছিল যদিও কথাটো জনসাধাৰণৰ মাজত ভালদৰে প্ৰচাৰ হোৱা নাছিল। যাৰ ফলত নিৰ্ভয়ে ২৩/২৪ হাজাৰলোক জালিৱানৱালাবাগৰ এই উৎসৱস্থলিত উপস্থিত হৈছিল। জনসাধাৰণে নিষেধাজ্ঞা ভংগ কৰাৰ অপৰাধত, ডায়াৰে উপস্থিত ৰাইজক গুলী বৰ্ষণ কৰে। এই গুলিত ৩৭৯ জনলোক নিহত আৰু এহেজাৰৰো অধিক লোক আহত হয় ৷ জালিৱালাবাগৰ এই পৈশাচিক হত্যাকাণ্ডত দেশবাসী ম্রিয়মাণ হয় আৰু এই অত্যাচাৰৰ বিৰুদ্ধে থিয় হ’বলৈ দেশবাসী ঐক্যৱদ্ধ হয়। সেই উদ্দেশ্যে অমৃতচৰত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিৱেশনে তলত দিয়া প্ৰস্তাৱকেইটা গ্ৰহণ কৰে ঃ

(১) চৰকাৰী আদালত বৰ্জন, (২) বিদেশী বস্তু বর্জন, (৩) স্বদেশী বস্তু গ্রহণ আৰু যঁতৰত কটা খদ্দৰ কাপোৰৰ প্ৰচলন, (৪) আইন সভা বর্জন, (৫) চৰকাৰী সাহায্যপ্রাপ্ত বিদ্যালয় বর্জন, (৬) জাতীয় বিদ্যালয় প্রতিষ্ঠাত গুৰুত্ব আদি৷

কলিকতা আৰু নাগপুৰ অধিৱেশন

১৯২০ চনৰ ছেপ্টেম্বৰত কলিকতা আৰু ডিচেম্বৰ মাহত নাগপুৰত বহা কংগ্ৰেছ অধিৱেশনত ‘অহিংসা অসহযোগ’ প্ৰস্তাৱ গৃহীত হয় । লগে লগে ভাৰতীয় জনতাৰ ওপৰত ইংৰাজৰ অত্যাচাৰ আৰম্ভ হয়। সেই সময়ত মহাত্মা গান্ধীয়ে মানুহৰ মাজত তিনিটা বস্তু বৰ্জন কৰিবলৈ নিৰ্দেশ দিছিল ঃ (ক) ব্যৱস্থাপক সভা, (খ) আইন-আদালত, (গ) স্কুল-কলেজ। লগতে তেওঁ বিদেশী বস্তু বৰ্জন আৰু মদ, কানি, ভাং ততালিকে পৰিত্যাগ কৰিবলৈও কৈছিল। তেওঁ অস্পৃশ্যতা বৰ্জন কৰি হিন্দু-মুছলমানৰ মাজত মিলা-প্ৰীতি-সদভাৱ গঢ়ি তুলিবলৈ আহ্বান জনাইছিল।

মহাত্মা গান্ধীৰ এই আহবানত লাখ লাখ জনতা জাগ্ৰত হৈছিল আৰু আন্দোলনত জঁপিয়াই পৰিছিল। দেশৰ হকে গোপীনাথ বৰদলৈয়েও এই আন্দোলনলৈ ওলাই আহিছিল। কটন কলেজৰ ছাত্ৰসকলে শ্রেণী বৰ্জন কৰিলে, বহুতো লোকে অফিচলৈ যোৱা বন্ধ কৰিলে আৰু আদালতো বন্ধ হ’ল। এই আন্দোলনত অসমৰপৰা আগভাগ ল’লে ঘাইকৈ গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন প্ৰমুখ্যে এচাম নেতাই। এনে পটভূমিতে ১৯২১ চনত ‘অসম এছোছিয়েশ্যন’ৰ ঠাইত ই ‘অসম প্রাদেশিক কংগ্ৰেছ কমিটী’ নামে সংগঠিত হৈ ই এক বৃহৎ জাতীয় অনুষ্ঠান ৰূপ লয়। ১৯২১ চনৰ জুলাই মাহত অনুষ্ঠিত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম বৈঠক বহে কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াৰ ঘৰত। এই চনতে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ফালৰপৰা তিলক স্বৰাজ্য পুঁজিলৈ ধন সংগ্ৰহ আৰু কংগ্ৰেছ সভ্য ভৰ্তিৰ কামত বিশেষ মনোনিবেশ কৰে।

অসহযোগ আন্দোলন

১৯২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনৰ আৰম্ভ হয়। মহাত্মা গান্ধীৰ আহবান মতে, এই আন্দোলনত ঘাইকৈ গঠনমূলক দিশটোৰ ওপৰতহে বেছি জোৰ দিয়া হয় । বিলাতী বস্তু পৰিত্যাগ আৰু স্বদেশী বস্তু ব্যৱহাৰত গুৰুত্ব দিয়া হয়। অসমৰ প্ৰত্যেকখন জিলাই এই আন্দোলনলৈ সম্পূৰ্ণ সঁহাৰি জনায়। আনকি উকিলসকলেও ওকালতি ব্যৱসায় বাদ দি আন্দোলনৰ কামত সহযোগিতা আগবঢ়ায়। ওকালতি ব্যৱসায় বাদ দি অসহযোগ আন্দোলনত ব্ৰতী হোৱাসকলৰ ভিতৰত হ’ল নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, ৰোহিণী কুমাৰ চৌধুৰী, যোগেন্দ্ৰনাথ বৰুৱা, চন্দ্ৰনাথ শৰ্মা, অক্ষয় কুমাৰ দাস আদি। এই লোকসকলৰ চেষ্টাত অসমত বছৰেকত এহেজাৰ আঠশ মোনকৈ বিক্ৰী হোৱা কানিৰ পৰিমাণ ১৯২১ চনত প্ৰায় আধাখিনিয়ে কমি যোৱা বুলি প্ৰকাশ। ১৯২১চনৰ আগষ্টত মহাত্মা গান্ধীয়ে অসম ভ্রমণলৈ আহি অসমৰ ভলণ্টিয়াৰসকলৰ প্ৰচাৰ কাৰ্যৰ সফলতা আৰু সাংগঠনিক প্ৰতিভাৰ শলাগ লৈছিল। বিলাতী কাপোৰৰ অগ্নিকুণ্ড আৰু সেই অগ্নিকুণ্ডৰ জুই পাছদিনা পুৱালৈকে জ্বলি থকাও মহাত্মাই নিজে দেখি গৈছিল। এই অসহযোগ আন্দোলনত যোগদান কৰা বাবে ব্ৰিটিছ চৰকাৰে অসমৰ বহুতো ভলণ্টিয়াৰক জে’ল-জৰিমনাই নহয়, নানাভাৱে হাৰাশাস্তিও কৰে।

এই সময়ছোৱাত গোপীনাথ বৰদলৈয়ে ‘গুৱাহাটী জিলা কংগ্ৰেছ’ৰ গুৰু দায়িত্বভাৰ গ্ৰহণ কৰিবলগীয়া হৈছিল। এই আন্দোলনৰ কাৰ্যসূচী সফল কৰিবলৈ গোপীনাথ বৰদলৈয়ে লোৱা নেতৃত্ব সদায় স্মৰণীয় হৈ থাকিব। এই প্ৰচাৰ কাৰ্য উপলক্ষে যিবোৰ সভা অনুষ্ঠিত হৈছিল, তাৰ বেছিভাগ সভাতে সভাপতিত্ব কৰিছিল গোপীনাথ বৰদলৈয়ে। সেই সময়ত গোপীনাথ বৰদলৈৰ ওজস্বী আৰু তেজস্বী ভাষাই উপস্থিত ৰাইজক আকৰ্ষিত কৰি তুলিছিল। এদিন তেওঁ অফিচত কাম কৰি থাকোঁতে, পুলিচ আহি সন্মুখত উপস্থিত হ’ল আৰু তেওঁক হাজোতলৈ নিবলৈ অহা বুলি ক’লে । তাকে শুনি বৰদলৈয়ে ক’লে— ‘যাব লাগে যদি যাওঁ বলা, আমি সদায় তৈয়াৰ হৈয়ে আছোঁ।’ কিন্তু এইবাৰ তেওঁক জে’লত তিনি দিনতকৈ বেছি দিন ৰখা নাছিল ৷

জে’লৰপৰা ওলায়ে তেওঁ কংগ্ৰেছৰ অধিৱেশনত যোগদান দিবলৈ আহমদাবাদলৈ যায়। অধিৱেশনৰপৰা আহি তেওঁ বহুদিন ঘৰলৈ নোযোৱাকৈয়ে বাহিৰে বাহিৰে কটাবলগীয়া হৈছিল। সেই সময়ছোৱাতো পুলিচে তেওঁৰ ওপৰত সদায় চোকা দৃষ্টি ৰাখিছিল। ১৯২২ চনৰ আগভাগত তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু এইবাৰ তেওঁক এবছৰ কাৰাদণ্ড বিহা হয় ৷

পাণ্ডু অধিৱেশন

১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনৰ বিশেষত্ব আছিল যে, অসমীয়া শিপিনীসকলে বৈ-কাটি উলিওৱা খদ্দৰ কাপোৰেৰে কংগ্ৰেছ সভা-মণ্ডপটো নিৰ্মাণ কৰা হৈছিল। জাতীয় কংগ্ৰেছৰ ৪১ শ অধিৱেশনৰ বিষয়ববীয়াসকলৰ ভিতৰত হ’ল : মূল সভাপতি শ্রীনিবাস আয়েংগাৰ অভ্যর্থনা

সমিতিৰ সদস্যসকল সভাপতি তৰুণৰাম ফুকন

সহকাৰী সভাপতি — কুলধৰ চলিহা, চন্দ্ৰধৰ বৰুৱা, প্ৰসন্ন কুমাৰ বৰুৱা, উমাচৰণ সেন, নাগৰমল আগৰৱালা, ফৈজনুৰ আলী।

প্রধান সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। সহকাৰী সম্পাদক গোপীনাথ – বৰদলৈ, ৰোহিনী কান্ত হাতীবৰুৱা, এম, তৈয়বুল্লা। পালি সম্পাদক – লক্ষ্মীধৰ শৰ্মা। (স্বেচ্ছাসেৱকৰ তত্ত্বাৱধানত দেবেশ্বৰ শৰ্মা, গৌৰীকান্ত তালুকদাৰ, ধনীৰাম তালুকদাৰ)। –

অৰ্থ সচিব – বিষ্ণুৰাম মেধি, উপেন্দ্ৰ সেন, কুলধৰ চলিহা। অতিথি শুশ্ৰূষা —ৰোহিণী কুমাৰ চৌধুৰী, অমিয় কুমাৰ দাস, দীননাথ মেধি।

প্রদর্শনী কমিটী – কৃষ্ণনাথ শৰ্মা, লক্ষেশ্বৰ বৰুৱা, সুৰেশ চন্দ্ৰ দাসগুপ্ত। সত্যাগ্রহ

১৯৪০ চনত মহাত্মা গান্ধীয়ে নতুন কাৰ্যসূচী ঘোষণা কৰে। দ্বিতীয় মহাসমৰে সৃষ্টি কৰা পৰিস্থিতিত কংগ্ৰেছে আইন সভাৰ কাৰ্যসূচী ত্যাগ কৰে আৰু ব্যক্তিগত সত্যাগ্রহ কাৰ্যসূচী গ্ৰহণ কৰে। অসমেও এই ব্যক্তিগত সত্যাগ্রহত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। এই সত্যাগ্রহীসকলে ৰাইজৰ মাজত প্ৰচাৰ কৰে যে, ব্ৰিটিছৰ যুদ্ধৰ প্ৰচেষ্টাক ধন আৰু জনৰে সহায় কৰা অন্যায়। সকলো যুদ্ধ অহিংস নীতিয়ে প্ৰতিৰোধ কৰা শ্রেয়। সত্যগ্ৰহীৰ নাম মহাত্মা গান্ধীয়ে নিজে অনুমোদন কৰে। পণ্ডিত জৱাহৰলাল নেহৰু আৰু বিনোৱাভাৱেৰ নাম ভাৰতৰ ভিতৰত প্ৰথম উল্লেখ কৰা হৈছিল। অসমৰ পৰা তালিকাত প্রথমে নামভুক্ত হৈছিল – অমিয় কুমাৰ দাস, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ফকৰুদ্দিন আলি আহমেদ, সিদ্ধিনাথ শৰ্মা প্রভৃতি অসম বিধান সভাৰ সদস্যবৃন্দৰ। এই আন্দোলনত অংশ গ্ৰহণ কৰা বাবে বহুতকে জে’লত ভৰায়। ১৯৪০ চনৰ ১১ ডিচেম্বৰত বৰদলৈ ‘ব্যক্তিগত সত্যাগ্রহ’ৰ প্ৰথম সত্যাগ্রহীৰূপে জে’ললৈ যাবলগীয়া হয় ।

বিয়াল্লিছৰ আন্দোলন

১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে মৌলনা আবুল কালাম আজাদৰ সভাপতিত্বত বোম্বাইৰ (মুম্বাই) গোৱালিয়ৰ টেংক ময়দানত অনুষ্ঠিত হোৱা সভাত ‘ভাৰতত্যাগ’ প্ৰস্তাৱ গৃহীত হয়। লগে লগে অসমৰ প্ৰত্যেকখন জিলাৰ পুৰুষ-মহিলাই এই আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে গোপীনাথ বৰদলৈ, সিদ্ধিনাথ শৰ্মাকে ধৰি কে’বাজনো নেতাক গ্ৰেপ্তাৰ কৰা হয় । ঢেকিয়াজুলি, গহপুৰ, বৰহমপুৰ, বেবেজীয়া, বাৰপূজীয়া আদিত পুলিচ-মিলিটেৰীৰ গুলীত কেইবাগৰাকী পুৰুষ-মহিলা নিহত আৰু অসংখ্যজন আহত হয়। নিহতসকলৰ ভিতৰত হ’ল— মনবৰ নাথ, মণি কছাৰী, ৰতন কছাৰী, তিলেশ্বৰী কোচ, দয়াল পানীকা, ভোগেশ্বৰী ফুকননী, ঠগী সুত, বলো সুত, লক্ষ্মীকান্ত হাজৰিকা, কলাই কোচ, হেমৰাম বৰা, তিলক ডেকা, হেমোৰাম পাটৰ, গুণাভিৰাম বৰদলৈ, কনকলতা বৰুৱা, মুকুন্দ কাকতি আদি ।

১৯৪৫ চনতো গোপীনাথ বৰদলৈয়ে আন্দোলনৰ নেতা হিচাপে কামত মনোনিবেশ কৰিবলগীয়া হৈছিল। সেই সময়ত কোনোবাই তেওঁৰ ঘৰৰ কথা উলিয়ালে কৈছিল, ‘যি জনা ঈশ্বৰে জন্ম দিছে তেঁৱেই চলাব।’

জে’ল-জীৱন

ভাৰতৰ স্বাধীনতা সংগ্ৰামত নানাভাৱে তেওঁ আগভাগ লোৱা কাৰণে কেইবাবাৰো জে’ল-জীৱন কটাবলগীয়া হৈছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনৰ প্ৰাৰম্ভতে তেওঁক ছমাহকাল জে’লত ৰখা হৈছিল। জে’লৰ জীৱন কঠোৰ আছিল যদিও মহাত্মা গান্ধীৰ উপদেশমৰ্মে সেই কঠিন জীৱন হাঁহিমুখে যাপন কৰিছিল। জে’ল-জীৱনৰ এই ছয় মাহৰ ভিতৰত তেওঁ সুতা কাটিছিল আৰু বহুতো কিতাপো পঢ়ি শেষ কৰিছিল৷ .

১৯৪০ চনৰ ‘ব্যক্তিগত সত্যাগ্রহ’ত যোগদান কৰাৰ অপৰাধত তেওঁক জে’ললৈ নিয়া হয়।

জে’লত থাকোঁতে তেওঁ এখন কাৰ্য তালিকা কৰি লৈছিল। নিচেই পুৱাতে ধর্মগ্রন্থ পাঠ, তাৰ পিচত সুতা কটা, কিতাপ লিখা, ৰাজনৈতিক আলোচনা কৰা আৰু কিছু সময় ডবা, বেডমিণ্টন আৰু ভলীবল খেলা। এইদৰে তেওঁ দিনটোত দহঘণ্টাৰ পৰা এঘাৰ ঘণ্টালৈ অতিবাহিত কৰিছিল।

১২/১১/৪০ তাৰিখৰ ডায়েৰিত তেওঁ উল্লেখ কৰিছে : ‘অকল পঢ়া-শুনা কৰিয়েই যেন ভাল লগা নাই, অলপ কিবা লিখিবৰ মন গৈছে। সম্প্রতি মনলৈ এই দুটা কথা আহিছে। (১) ইংৰাজীত গান্ধীবাদ সম্বন্ধে লিখিবলৈ (২) কিছুমান জীৱন চৰিত লিখা, যেনে— শ্ৰীকৃষ্ণ, ৰামচন্দ্ৰ, বুদ্ধ, খৃষ্ট, মহম্মদ, মহাত্মা গান্ধী এইকেইখন অসমীয়াত মোৰ ল’ৰাটি চিঠি লিখাৰ দৰে লিখিম। (৩) ইংৰাজীত অসমৰ সমস্যাসমূহ সম্বন্ধে লিখি ভাৰতৰ নেতাসকলক জনোৱা।’

বন্দীশালত থাকোঁতে তেওঁ নিৰামিষ আহাৰ খাবলৈ ইচ্ছা কৰিছিল। কিন্তু স্বাস্থ্য বেয়া হ’ব পাৰে বুলি কেইজনমান বন্ধুৱে তেওঁক সোঁৱৰাই দিয়াত সেই কথা মানি লৈছিল।

বন্দীশালত থাকোঁতে তেওঁ পঢ়া কিতাপৰ সদায় টোকা কৰিছিল ৷ জে’লত থাকোঁতে মাজে মাজে তেওঁৰ স্বাস্থ্যৰ অৱনতি হৈছিল, আনকি কোনোবা দিনা তেওঁ বিছনাতে পৰি আছিল ।

১৯৪২ চনৰ আন্দোলনত তেওঁ আকৌ এবাৰ জে’ললৈ যাবলগীয়া হৈছিল। তেওঁক যোৰহাট জে’লত ৰাখিছিল আৰু তাত ৰাখিছিল তেওঁৰ নিৰাপত্তা বন্দী হিচাপে।

তেওঁ জে’লৰ পৰা পত্নীলৈ চিঠি লিখিছিল এনেদৰে, ‘মোলৈ যেনে-তেনে কিতাপ পঠিয়াবলৈ চেষ্টা কৰিবা। পোন্ধৰ দিন মানৰ ভিতৰত মোৰ পঢ়িবলৈ একো নাথাকিব। মৌনী আৰু সাধক হ’বপৰা নাই। অকলে মনে মনে বহি থাকিবলৈ আৰু বৰ্তমান মোৰ সংগত তেনে হৈ থাকিবলৈ উপায় নাই। বহু সময়ত আমাৰ সংগীসকলৰ কথা-বাৰ্তা বেয়া নালাগিলেও অর্থশূন্য যেন বোধ হয়। সজ পুৰুষ বা মহাপুৰুষৰ কথা আমি কমেই কওঁ। সেই কাৰণে মোৰ আত্মাই ভাল কিতাপৰ সংগ বিচাৰে। ব্ৰিটিছৰ লগত আমাৰ সহজে আপোচ নহয় আৰু যুদ্ধও বহুত দিন চলিব।….. সেইবুলি আমি সত্যক পৰিত্যাগ কৰিব পাৰিম নে?’

জন কল্যাণৰ কামত বৰদলৈ

১৯৩২ চনত গোপীনাথ বৰদলৈ লোকেল বোৰ্ডৰ চেয়াৰমেন হয় আৰু ১৯৩৮ চনলৈকে তেওঁ উক্ত পদত থাকি কাৰ্য নিৰ্বাহ কৰে। মুঠতে তেওঁ ছয় বছৰকাল চেয়াৰমেন হিচাপে কাম কৰাৰ সুবিধা পাইছিল। এই ছয় বছৰৰ ভিতৰত তেওঁ জনসাধাৰণৰ অশেষ কল্যাণ সাধন কৰিছিল।

সেই সময়ত নগৰৰ ৰাস্তা-ঘাটবোৰ বৰ অনুন্নত আছিল। বৰদলৈয়ে এই ৰাস্তা-ঘাটবোৰ উন্নত কৰাত উঠি-পৰি লাগিছিল৷ তেওঁ পানীকলবিলাকৰো উন্নত কৰাত মনোযোগ দিছিল৷ তেওঁৰ আন এটা উল্লেখযোগ্য কাম হৈছে হৰিজনসকলৰ মংগল সাধন কৰা। সেই সময়ত হৰিৰ্জনসকলে নগৰৰ য’তে-ত’তে নানা অসুবিধাৰ মাজত বাস কৰিবলগীয়া হৈছিল৷ তেওঁ হৰিজনসকলৰ কলোনি পাতি তাত সকলো হৰিজনকে থকাৰ সুব্যৱস্থা কৰি দিছিল। অস্পৃশ্যতা দূৰীকৰণৰ নিদৰ্শন দেখুৱাবলৈ তেওঁ চেয়াৰমেন হৈ থাকোঁতে কামৰূপ একাডেমী বিদ্যালয়ত হৰিজনসকলৰ লগতে একেলগে বহি ভাত খাইছিল।

বৰদলৈয়ে গাঁওবোৰৰ উন্নতি কৰাৰ কাৰণে নানাধৰণে প্ৰচেষ্টা চলাইছিল। তেওঁ উপলব্ধি কৰিছিল যে গাঁওবোৰ উন্নত নহ’লে দেশৰ উন্নতিৰ আশা কৰা মিছা। সেয়ে তেওঁ গাঁৱৰ ৰাস্তা-ঘাটৰ নিৰ্মাণত লাগিছিল, খোৱা পানীৰ ব্যৱস্থা কৰিছিল, ডাক্তৰখানা পাতিছিল, শিক্ষাৰ কাৰণে স্কুল ঘৰ আদি নিৰ্মাণত গুৰুত্ব দিছিল, গাঁৱৰ ৰাইজক স্বাৱলম্বিতা কৰাৰ কথা চিন্তা কৰিয়ে তেওঁ ‘অসম গাঁও পঞ্চায়ত আইন’ পাছ কৰাইছিল।

সেই সময়ত ক’লাজ্বৰে গাঁৱৰ ৰাইজক বাৰুকৈয়ে আক্ৰমণ কৰিছিল। বৰদলৈয়ে ইয়াৰ নিৰ্মূলৰ কাৰণে চিন্তা কৰিছিল আৰু তাৰ বাবে বাহিৰৰ পৰা বিশেষজ্ঞ দল আনিছিল। তেওঁ কানি খোৱাটো ঘিণ কৰিছিল আৰু কানি খোৱা লোকসকলক কানি নেখাবলৈ গাঁৱে-গাঁৱে গৈ বুজাইছিল।

মুখ্যমন্ত্ৰী (প্রধানমন্ত্রী) বৰদলৈ

ভাৰতৰ স্বাধীনতা সংগ্ৰামত বৰদলৈয়ে যি ভূমিকা পালন কৰিছিল, সেই বিচক্ষণতাক অসমীয়া ৰাইজে শলাগ লৈছে। অসমত যেতিয়া বিৰোধী দলপতি লগা হ’ল, অসমক নেতৃত্ব দিবপৰা যোগ্য মুখ্যমন্ত্ৰী লগা হ’ল–সকলোৱে একেমুখে গোপীনাথ বৰদলৈৰ নামটোৱে উচ্চাৰণ কৰিলে। ১৯৩৭ চনৰ ২১ ফেব্ৰুৱাৰীত গুৱাহাটীত কংগ্ৰেছ দলে দলপতি আৰু কৰ্ম পৰিচালক নির্বাচন কৰিবলৈ আয়োজন কৰা সভাই গোপীনাথ বৰদলৈক সৰ্বসন্মতভাৱে দলৰ দলপতি নির্বাচন কৰে। তেওঁ দলপতি হৈয়ে ১৯৩৭ চনৰ ৭ এপ্ৰিলত অনুষ্ঠিত হোৱা প্ৰথম ‘অসম প্রাদেশিক ব্যৱস্থাপক সভা’ত (এচেম্বলী) যিবোৰ প্ৰয়োজনীয় আৰু জনহিতকৰ কৰ্ম আঁচনি দাঙি ধৰিছিল, তাক সদায় অসমীয়া ৰাইজে কৃতজ্ঞতাৰে স্বীকাৰ কৰিব লাগিব।

ছাৰ ছাদুল্লা চৰকাৰৰ পৰাজয়ৰ পিছত, ১৯৩৮ চনৰ ২১ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ (তেতিয়া প্ৰধানমন্ত্ৰী) গুৰু দায়িত্বভাৰ গ্ৰহণ কৰিবলগীয়া হয়। তেওঁ মুখ্যমন্ত্ৰী হৈয়ে পোনতে কৰ্মচাৰীসকলক সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ মন্ত্ৰীসকলক প্রাপ্য দৰমহাৰ কিছু কমাই ল’বলৈ আহ্বান জনায়। মন্ত্ৰীসকলৰ পৰা কাটি ৰখা অতিৰিক্ত টকাখিনি জমাই, সেই টকা বানপীড়িত লোকলৈ সাহায্য হিচাপে দান কৰিবলৈ সিদ্ধান্ত হয়।

১৯৩৮ – ৩৯ চনৰ সময়ছোৱাত তেওঁ জনসাধাৰণৰ বাবে আন এটি ডাঙৰ কাম হাতত লয়। সেই কামটো আছিল মাটিৰ খাজনা হ্রাস। কংগ্ৰেছৰ এইবোৰ জনকল্যাণমূলক নীতিয়ে দলটোক যথেষ্ট জনপ্ৰিয় কৰি তুলিছিল।

১৯৩৯-৪০ চনত চৰকাৰে যিখন বাজেট দাঙি ধৰে, এই বাজেটখনেও ৰাইজৰ আস্থা লাভ কৰিবলৈ সমৰ্থ হয়। এই বাজেট সম্পূর্ণ গঠনমুলক কামৰ আঁচনিৰে ভৰা আছিল ৷ বাজেটখনে যাতে দুখীয়া লোকক সকাহ দিব পাৰে আৰু লগতে কিছু টকা ৰাহি কৰিব পৰা যায়, তেনে আদৰ্শ আগত ৰাখিহে বাজেট প্ৰস্তুত কৰা হৈছিল।

বৰদলৈ মন্ত্ৰী সভাই কানি নিবাৰণ আৰু পাছপৰা অঞ্চলটোত শিক্ষা বিস্তাৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। কানি নিবাৰণ কৰিবলৈ গৈ চৰকাৰৰ আয়কৰ বন্ধ হ’ল যদিও সেই কথা নগণ্য বুলি জ্ঞান কৰা হ’ল। এনে প্ৰচাৰ কাৰ্য চলাবলৈ বৰং চৰকাৰৰহে ধনৰ প্ৰয়োজন হ’ল। সেই সময়ত চৰকাৰৰ ধনৰ নাটনি। তথাপি কুলধৰ চলিহাৰ সভাপতিত্বত এখন ‘কানি নিবাৰণী তদন্ত কমিটী’ গঠন কৰিলে৷ এই কমিটীয়ে পর্যায়ক্রমে প্রতিখন জিলাত কানি নিবাৰণ অভিযান চলায়। বিনা বেতনে কমিশ্যনাৰ নিযুক্ত হৈছিল অমিয় কুমাৰ দাস। এই কমিটীৰ চেষ্টাত প্ৰত্যেকখন জিলাত ইয়াৰ প্ৰচুৰ সফলতা লাভ কৰিব পৰা হৈছিল৷

তদুপৰি এই সময়ছোৱাৰ ভিতৰত তেওঁ শিক্ষা বিস্তাৰ শিতানত ২ লাখ ৮০ হেজাৰ টকা বেছিকৈ ধাৰ্য্য কৰি বিশেষ মহানুভৱতা দেখুৱাইছিল। তেওঁ অনুন্নত আৰু জনজাতিসকলৰ মাজত শিক্ষা বিস্তাৰত অধিক গুৰুত্ব দিছিল। তেওঁ নিৰক্ষৰতা দুৰীকৰণতো গুৰুত্ব দিছিল। তেওঁ ৰায়তসকলৰ হকে প্রজাস্বত্ব আইন বাহাল ৰখাৰ ব্যৱস্থা কৰিছিল। সেই সময়ত ডিগবৈত বাগিচাৰ বনুৱাসকলৰ মাজত হোৱা ধৰ্মঘটত বৰদলৈ সোমাই পৰি, বনুৱা আৰু কোম্পানীৰ মালিকপক্ষৰ লগত আলোচনা কৰি বনুৱাসকলৰ স্বাৰ্থ ৰক্ষা কৰিছিল৷

এনেতে দ্বিতীয় মহাযুদ্ধ আৰম্ভ হয়। এই যুদ্ধত ভাৰত গভৰ্ণমেণ্টে ইংৰাজৰ পক্ষ লয়। কিন্তু এই ক্ষেত্ৰত দেশীয় মতামত নোলোৱা বাবে, ভাৰতবাসীৰ আত্ম সন্মানত লাগে। লগে লগে কংগ্ৰেছে সেই যুদ্ধত সহযোগ নকৰাৰ সিদ্ধান্ত লয় আৰু স্থিৰ কৰা হয় যে, ‘প্রাদেশিক ব্যৱস্থাপক সভা’ৰ মন্ত্ৰীসকলেও অসহযোগ কৰি মন্ত্ৰীসভাৰ ত্যাগ কৰিব লাগে। সেইমৰ্মে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ মন্ত্ৰীসকলেও মন্ত্রীপদ ইস্তফা দিবলগীয়া হয়। ১৯৪২ চনৰ ছেপ্টেম্বৰ মাহত পুনৰ ছাৰ ছাদুল্লাৰ মন্ত্রীসভা গঠন হয়৷

দ্বিতীয় মহাযুদ্ধৰ পিছত, ‘প্রাদেশিক ব্যৱস্থাপক সভা’ৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঠিক হয়। এই নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে। এই নিৰ্বাচনত ১০৮ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলে ৬১ খন আসন লাভ কৰিবলৈ সমৰ্থ হৈছিল । ১৯৪৬ চনত এই দলেই মন্ত্ৰীসভা গঠন কৰে। এই মন্ত্রী সভা সম্পূর্ণ কংগ্ৰেছী মন্ত্রীসভা আছিল। দলৰ নেতা গোপীনাথ বৰদলৈয়ে মুখ্যমন্ত্রী (প্রধান মন্ত্রী) নির্বাচিত হয়। ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত ৭ জনীয়া মন্ত্ৰীৰে মন্ত্ৰীসভা গঠিত হয়।

এইবাৰো মুখ্যমন্ত্ৰী হৈয়ে গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ আদৰ্শ শিৰোগত কৰি, জনসেৱাত ব্ৰতী হয়। এই সময়ছোৱাত চৰকাৰৰ কুশাসন আৰু যুদ্ধই সৃষ্টি কৰা অন্ন-বস্ত্ৰ নাটনিত জনসাধাৰণ জৰ্জৰিত আৰু পীড়িত আছিল ৷

এইবাৰ বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ শাসন ভাৰ হাতত লৈয়ে নির্বাচনী ইস্তাহাৰত ঘোষণা কৰা মতে, পোনতে যিসকল লোকে জে’লত ৰাজনৈতিক বন্দী হৈ আছিল তেওঁলোকক বৰদলৈয়ে খালাচ দিলে। পাইকাৰী জৰিমনাৰ টকা আৰু জব্দ কৰা সকলো সা-সম্পত্তি ঘূৰাই দিলে। সমাজত চলা দুৰ্নীতি আৰু ক’লা বজাৰী নাশ কৰিবলৈ তেওঁ নানা প্রচেষ্টা হাতত ল’লে৷ কানিৰ বজাৰ ধ্বংস কৰা হ’ল। তদুপৰি আগৰ চৰকাৰে যিবোৰ ৰিজাৰ্ভত বেদখল কৰাৰ সুবিধা দিছিল, বৰদলৈ চৰকাৰে সেই অবৈধ বেদখল উচ্ছেদ কৰাৰ কাম হাতত লৈছিল৷

এই সময়ছোৱাই অসমৰ কাৰণে এক বিপজ্জনক হৈ উঠিছিল। ব্ৰিটিছ মন্ত্ৰী মিছনৰ আঁচনিত অসমক ‘গ’ শাখাত পেলাই, অসমীয়াৰ নাম চিৰদিনলৈ লোপ কৰিব বিচৰা হৈছিল। এই সিদ্ধান্ত অনুসৰি অসমক বংগদেশৰ লগত চামিল কৰিব বিচৰা হৈছিল। এই ঘোষণাত অসমবাসী ত্রাসিত হৈ উঠিছিল। চিন্তান্বিত হৈছিল বৰদলৈ। এই বিপদৰ পৰা অসমবাসীক ৰক্ষা কৰিবলৈ বৰদলৈ দেহেকেহে লাগি গ’ল। বৰদলৈ গৈ একেবাৰে মহাত্মা গান্ধীৰ কাষ পালে। গান্ধীয়ে বৰদলৈৰ যুক্তি শুনি ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁক পৰামৰ্শ দিলে। গান্ধীজীৰ আশীৰ্বাদ লৈ বৰদলৈয়ে ইয়াৰ বিৰুদ্ধে যুঁজ দিলে। অসমবাসীয়ে একগোট হৈ বৰদলৈৰ পিছত থিয় দিলে। শেষত মন্ত্ৰী-মিছনে তেওঁলোকৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ’ল ৷ এনেদৰে এটা মহা সংকটৰপৰা গোপীনাথ বৰদলৈয়ে অসমক ৰক্ষা কৰিলে৷

এই সময়ছোৱাতে বৰদলৈয়ে শিক্ষা দপ্তৰো নিজৰ হাততে ৰাখিছিল৷ পাছপৰা অসমখনক শিক্ষা-দীক্ষাৰে কেনেকৈ আগবঢ়াই নিব পৰা যায় বৰদলৈৰ এইটোও এটা ডাঙৰ চিন্তা আছিল। সেয়ে মহাত্মা গান্ধীৰ প্ৰৱৰ্তিত ‘নয়ী তালিমী’ শিক্ষা ব্যৱস্থা প্ৰচলনত তেওঁ গুৰুত্ব দিছিল। ইয়াৰ বাবে প্ৰশিক্ষণ ল’বলৈ ২৪ জন ছাত্ৰ দিল্লী আৰু

বাৰ্ধালৈ পঠিয়াই দিছিল। লগতে এই শিক্ষা বিস্তাৰৰ কাৰণে তেওঁ ৯টা কেন্দ্র স্থাপন কৰিছিল। ইয়াৰ ভিতৰত ৩ টা মহিলাসকলৰ বাবে স্থাপন কৰিছিল। তদুপৰি তেওঁ সমগ্ৰ ৰাজ্যখনত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি দিলে। প্রাইমাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰশিক্ষণ দিবলৈ ছটা প্রশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে। লোকেল বোর্ড আৰু মিউনিচিপালিটী এলেকাৰ পাছৰপৰা অঞ্চলত তেওঁ ৪১৯ খন প্রাইমাৰী স্কুল নিৰ্মাণ কৰে। ৫৮ খন স্কুললৈ চৰকাৰে সহায় আগবঢ়ায় ৷ তেওঁ মজলীয়া স্কুল আৰু মহাবিদ্যালয় প্রতিষ্ঠাটো গুৰুত্ব দিলে। তেওঁ চৰকাৰী হাইস্কুলত সূতা-কটা তথা কাঠ-বাঁহৰ কাম কৰাৰো ব্যৱস্থা কৰি দিলে। পাছপৰা অঞ্চল, জনজাতি অঞ্চল, চাহবাগিচা, পমুৱা বসতি অঞ্চল আদি সকলোতে সমানে তেওঁ এনেদৰে শিক্ষা বিস্তাৰত গুৰুত্ব দিছিল ৷

বৰদলৈয়ে স্বাৱলম্বিতাৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰিছিল। সেয়ে তেওঁ ৰাজ্যৰ কৃষি বিভাগটো সক্ৰিয় কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ ‘কোঅপাৰেটিভ কলনি’ স্থাপন কৰি সমবায় ভিত্তিত ধান উৎপাদন কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল।

তেওঁৰ দিনতে ‘অসম ৰাজ্যিক সংগ্ৰহালয়’ আৰু কাৰিকৰী বিদ্যাৰ বাবে যোৰহাটত টেকনিকেল স্কুল স্থাপন কৰা হয়। গুৱাহাটীত অৱস্থিত ‘অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতি’ৰো তেওঁ অন্যতম প্রতিষ্ঠাতা। তেওঁৰ আশাশুধীয়া চেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম মেডিকেল কলেজ, অসম আয়ুর্বেদিক কলেজ, বন প্রশিক্ষণ মহাবিদ্যালয়, পশু চিকিৎসালয়, অসম ইঞ্জিনিয়াৰিং মহাবিদ্যালয়, কামৰূপ একাডেমী, বি, বৰুৱা মহাবিদ্যালয়, শৰণীয়া কস্তুৰবা আশ্ৰম, বকোৰ মৌমেন আশ্রম, কৃষি মহাবিদ্যালয়, পুলিচ প্রশিক্ষণ মহাবিদ্যালয়, কো-অপাৰেটিভ ট্রেইনিং মহাবিদ্যালয় আদি স্থাপিত হয়।

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হয়। বৰদলৈ স্বাধীন অসমৰো প্রথম মুখ্যমন্ত্ৰী আছিল।

সাহিত্যলৈ বৰঙণি

গোপীনাথ বৰদলৈয়ে অসমীয়া ভাষা-সাহিত্যলৈও বিশিষ্ট বৰঙণি আগবঢ়াইছে। তেওঁ শ্ৰীৰামচন্দ্ৰ, বুদ্ধদেৱ, যীশুখৃষ্ট, হজৰত মহম্মদ, গান্ধীজী, তৰুণৰাম ফুকন আদিৰ কেইবাখনো মূল্যবান ‘জীৱনী গ্ৰন্থ’ প্রণয়ন কৰাৰ উপৰি মহাত্মা গান্ধী প্রণীত ‘অনাসক্তি যোগ’ গ্ৰন্থৰ অসমীয়া ভাঙনি কৰিছে।

জীৱনীকেই খনৰ প্ৰকাশভংগী তেওঁ নিজৰ ল’ৰালৈ চিঠি লিখা ধৰণেৰেহে লিখিছে। তেওঁ লিখিছে— ‘আটাইকেইখন জীৱনীয়েই উঠি অহা ছাত্রক সম্বোধন কৰি লিখা হৈছে। মোৰ ল’ৰা নামে সম্বোধনটো কেৱল প্রতীক মাত্র’। তেওঁ জীৱনী কেইখন লিখিবলৈ লোৱাৰ উদ্দেশ্য ব্যাখ্যা কৰি লিখিছে— ‘১৯৪০-৪১ চনত সত্যাগ্রহ আন্দোলন সম্বন্ধে’ জে’ল থকা সময়ত কেনেকৈ উঠি অহা ল’ৰা-ছোৱালীৰ মনৰ পৰা সাম্প্ৰদায়িক বিৰোধ ভাব দূৰ কৰি সমতা ভাব আনিব পাৰি ইয়াকে চিন্তা কৰি ভাৰতবাসীয়ে মন অৱতাৰী পুৰুষসকলৰ জীৱনী লিখিবলৈ স্থিৰ কৰোঁ। ইয়াকে দেখুৱাবলৈ যে সকলো ধর্ম মৌলিক তত্ত্বত একেই আৰু আমাৰ বুজনিৰ ভুলৰ কাৰণেহে আমি ধৰ্ম লৈ নিজৰ ভিতৰত বিৰোধ কৰোঁ।এই সংকল্প লৈ প্ৰভু শ্ৰীৰামচন্দ্ৰ, বুদ্ধদেৱ, যীশুখৃষ্ট আৰু মহম্মদ ৰছুলৰ জীৱনী লেখি শেষ কৰোঁ আৰু বর্তমান যুগৰ অৱতাৰী পুৰুষ মহাত্মা গান্ধীয়ে কেনেকৈ তেখেতৰ নিজ জীৱনত এই ব্রত পালন কৰিছে তাকে দেখুৱাবৰ কাৰণে গান্ধীজীৰ অনুমতি লৈ তেখেতৰ জীৱনীও লেখিবলৈ আৰম্ভ কৰে। বৰদলৈৰ সাহিত্য প্ৰতিভাৰ উমান এখন চিঠিৰ পৰা পোৱা যায়। চিঠিখন তেওঁ বিহগী কবি চৌধাৰীলৈ লিখিছিল— ‘প্ৰিয় চৌধাৰী। আগতে মই ভাবিছিলোঁ, আপুনি কবিতা লিখে। কালি আবেলি আপোনাৰ পামলৈ গৈ বুজিলো– আপুনি অকল কবিতাকে নিলিখে, কবিতা সৃষ্টিও কৰে। শাৰীয়ে শাৰীয়ে ছয়-সাত হেজাৰ বন্ধা কবি, ফুলকবিৰ সৌন্দৰ্য পূবে-পশ্চিমে হালধীয়া, ৰঙা, নীলা ফুলেৰে সুশোভিত চামে চামে মটৰ মাহ, বতাহৰ ঢৌ খেলি থকা সৰিয়হৰ ফুলৰ অনুপম ৰূপৰাশি মই বিমোহিত হৈ উপভোগ কৰিলোঁ। ক্ষন্তেকৰ বাবে পাহৰি গৈছিলোঁ, মই ক’ত আছো -ইন্দ্ৰৰ নন্দন কাননত নে মর্ত্য্যৰ কোনো দেৱাংগ ফুলনিত….।’ –

‘শ্ৰীৰামচন্দ্ৰ’ সৰল-সহজ ভাষাৰে ৰচনা কৰা হৈছে। কিন্তু এই কিতাপখন পূৰ্ণ পাঠ নহয়। ইয়াৰ পিছৰ ছোৱা তেওঁৰ কোনোবা এজন বন্ধুৱে পঢ়িবলৈ নি ঘূৰাই নিদিলে। জীৱনীখন অতি চমু। মাজে মাজে মহাপুৰুষসকলৰ গুণবিলাক আৰু শিকনিবিলাক উনুকিওৱা হৈছে। অযোধ্যা কাণ্ড, অৰণ্য কাণ্ড, কিষ্কিন্ধ্যা কাণ্ড, সুন্দৰ কাণ্ডত কিতাপখন ভাগ কৰা হৈছে।

‘বুদ্ধদেৱ’ বৰদলৈৰ এখন মূল্যবান গ্রন্থ। যি সমাজৰ মাজত থাকি আৰু যি সমাজৰ নানা দোষ অন্যায় দেখি বুদ্ধদেৱে জগতৰ মহৎ উপকাৰ কৰিবলৈ সংকল্প গ্ৰহণ কৰিলে— সেই সম্বন্ধে এই গ্রন্থত আলোচনা কৰা হৈছে। বুদ্ধদেৱৰ জন্ম, ল’ৰাকাল, বিবাহ, নিমিত্ত দর্শন, পুত্রজন্ম সন্ন্যাস জীৱন, সিদ্ধিলাভ, ধর্মপ্ৰচাৰ প্ৰত্যাৱৰ্তন

মহা বৌদ্ধ ধৰ্মৰ মুলনীতি, বৌদ্ধযুগৰ ভাৰতবৰ্ষ, সামৰণি এইবিলাক ভাগত সুকীয়াসুকীয়াকৈ পাণ্ডিত্যপূৰ্ণভাৱে আলোচনা কৰা হৈছে।

‘যীশুখৃষ্ট’ যোৰহাট জে’লত থাকোঁতে তেওঁ ৰচনা কৰিছিল। এই সৰু কিতাপখনৰ মাজেৰে অৱতাৰী পুৰুষ যীশুখৃষ্টৰ মহিমা স্পষ্টভাৱে চিত্ৰিত কৰিছে। ‘হজৰত মহম্মদ’ গ্ৰন্থত তেওঁ হজৰতৰ চৰিত্ৰ আৰু কাৰ্যকলাপবোৰ ব্যাখ্যা কৰিছে। কিতাপৰ ভাষা সৰল-সহজ বুলিব পাৰি। কিতাপখনৰ নিৱেদনত ফখৰুদ্দিন আলী আহমেদে লিখিছে— ‘তেখেতৰ শিক্ষাৰ ওপৰত গুৰুত্ব দি কথাবোৰ স্পষ্টকৈ তুলিছে।… বৰদলৈদেৱে অসমীয়াতে লিখা মহাপুৰুষ হজৰত মহম্মদৰ জীৱনীখনক মই এই কাৰণেই প্রশংসা কৰো যে ই মাত্ৰ তেওঁৰ মহান শিক্ষা আৰু তেওঁৰ জীৱনক সমাজৰ কৰিবলৈকে শিকোৱা নাই, লোকপ্ৰিয় বৰদলৈদেৱে এই ধৰ্মক অতি শুদ্ধভাৱে বুজাই দিছে যিটোৱে আমাৰ দেশৰ সম্প্ৰদায়ৰ মাজত থকা ভুল ধাৰণা আঁতৰাই একতাৰ ডোলেৰে বান্ধিব।’

তেওঁৰ আন এখন মূল্যবান গ্রন্থ হ’ল— ‘গান্ধীজী’। এই জীৱন চৰিত ৰচনাৰ উদ্দেশ্য ব্যাখ্যা কৰি লিখিছে ‘আজি বাইশ তেইশ বছৰ ধৰি মহাত্মা গান্ধী ভাৰতবৰ্ষৰ সাধাৰণ প্ৰজাৰ পূজ্য হৈ আছে, ভাৰতৰ মুক্তিৰ কাৰণে অশেষ চেষ্টা কৰি স্বাধীনতাপ্রিয় লোকসকলৰ আদৰণীয় হৈ পৰিছে। পৃথিৱীৰ সকলো জাতিৰ সকলো পণ্ডিত লোকেই তেওঁক এজন অসাধাৰণ মহাপুৰুষ বুলি ক’বলৈ ধৰিছে, এনে অৱস্থাত উঠি অহা ল’ৰা-ছোৱালীবিলাকে তেওঁৰ সম্বন্ধে ভালকৈ নজনাটো দুখৰ আৰু লাজৰ কথা নহ’বনে?’ গ্ৰন্থখনত গান্ধীজীৰ বংশ পৰিয়াল, ল’ৰাকাল, বিলাতযাত্রা, বিলাতত গান্ধীজীৰ ছাত্ৰ জীৱন, দৃঢ় প্রতিজ্ঞ গান্ধী, ভাৰতবৰ্ষত দুবছৰ, দক্ষিণ আফ্রিকা, ব্ৰিটিছ আমোলত ভাৰতত ছমাহ, পুনৰ দক্ষিণ আফ্ৰিকাত, ব্ৰিটিছ আমোলত ভাৰতৰ অৱস্থা, স্বাধীনতা সংগ্ৰামৰ প্ৰস্তুতি, এইবোৰ খৰচি মাৰি আলোচনা কৰা হৈছে। তেওঁৰ আন এখন উল্লেখযোগ্য জীৱনী গ্ৰন্থ হ’ল ‘তৰুণ ৰাম ফুকন’। তৰুণ ৰাম ফুকনক তেওঁ যি ভাৱে দেখিছিল আৰু বুজিছিল তাৰ চিত্ৰ তেওঁ এই গ্ৰন্থত অংকন কৰিছে। প্ৰথম অধ্যায়ত ফুকনৰ কৰ্ম জীৱনৰ আৰম্ভণি (১৯০১-১৯২১), দ্বিতীয় অধ্যায়ত অসহযোগ আন্দোলনত ফুকন, তৃতীয় অধ্যায়ত স্বৰাজ নীতিত ফুকন, চতুর্থ অধ্যায়ত আইন অমান্য আন্দোলন আৰু তাৰ পিছত ফুকন, পঞ্চম অধ্যায়ত দেশভক্ত ব্যক্তিত্ব সম্পর্কে দাঙি ধৰা হৈছে।

‘অনাসক্তি যোগ’ মহাত্মা গান্ধী প্রণীত ‘অনাসক্তি যোগ’ গ্ৰন্থৰ অসমীয়া ভাঙনি। অষ্টাদশ অধ্যায়, সন্ন্যাসযোগত এই গ্রন্থ সামৰণি পৰিছে। টীকাৰ অনুবাদ যিমানদূৰ পাৰে তেওঁ সৰল-সহজ কৰিছে আৰু ইয়াক সাধাৰণ মানুহেও বুজি পোৱা হৈছে।

গান্ধীজীৰ সংস্পৰ্শত

‘গান্ধীজীৰ প্ৰভাৱ মোৰ জীৱনত কোনো এক ধুমুহাৰ দৰে অহা নাছিল। … কিন্তু তেখেতৰ যেতিয়া ১৯২০ চনত জনসাধাৰণক অন্যায়ৰ লগত অসহযোগ কৰি নিজৰ আত্মা শুদ্ধি কৰিবলৈ আৰু অহিংসা আৰু সত্যৰ বলেৰে বলীয়ান হৈ ব্ৰিটিছসকলৰ বিপক্ষে সংগ্রাম কৰিবলৈ আহ্বান জনালে তেতিয়া মোৰ মনত ই এটা আচৰিত আৰু মনোমোহা চাপ বহুৱালে৷ তেখেতৰ এই আহ্বানে মোৰ জীৱনত পাহৰিব খোজা পথটিৰ কথা যেনিবা আকৌ সোঁৱৰাই দিলে। গান্ধীজীয়ে কোৱামতে এবছৰৰ ভিতৰত আমি স্বাধীনতা লাভ কৰিব নোৱাৰিলেও তেখেতে আদৰ্শ দেখুৱা স্বৰ্তসমূহ কঠোৰভাৱে পালন কৰিব পাৰিলে আমাৰ অন্তৰত আত্মা ইয়াৰ দ্বাৰা বিশেষভাৱে উপকৃত হ’ব। তেওঁৰ আহ্বানে মোৰ অন্তৰত অসাধাৰণ প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু কোনো কোনো সময়ত এই প্ৰভাৱ অদমনীয় হৈ উঠিছিল। সেইবাবেই যেতিয়া মহাত্মাজী পোন প্রথমে অসমলৈ আহে মই তেখেতক মোৰ আধ্যাত্মিক আৰু ৰাজনৈতিক গুৰু স্বৰূপে মানি লওঁ।’

এইদৰে মহাত্মা গান্ধীৰ প্ৰভাৱ গোপীনাথ বৰদলৈৰ অন্তৰআত্মালৈ আহিছিল ৷ ১৯২১ চনৰ অসম ভ্ৰমণৰ সময়ত – মহাত্মাই তৰুণ ৰাম ফুকনৰ ঘৰত আশ্রয় লৈছিল আৰু তেতিয়া তেওঁক সেৱা শুশ্রূষা কৰাৰ ভাৰ গোপীনাথ বৰদলৈ প্ৰমুখ্যে এচাম সেৱকৰ হাতত ন্যস্ত কৰা হৈছিল। গোপীনাথ বৰদলৈ তেতিয়া গুৱাহাটী জিলা কংগ্ৰেছ কমিটীৰ সম্পাদক আছিল ৷

ইয়াৰ পিছত তেওঁ মহাত্মা গান্ধীৰ লগত সাক্ষাৎ হোৱাৰ সুবিধা পায়— আহমদাবাদত। আহমদাবাদত অনুষ্ঠিত বছৰেকীয়া কংগ্ৰেছ কমিটীত গোপীনাথ বৰদলৈয়ে যোগদান কৰিছিল। তাতে গান্ধীজীৰ কাৰণে সজোৱা অস্থায়ী বাহৰত তেওঁ গান্ধীজীৰ সৈতে কেইবাঘণ্টাও বহি কথা-বতৰা হৈছিল আৰু গান্ধীজীক কৰ্মৰত অৱস্থাত দেখিবলৈ পোৱা তাতেই তেওঁৰ প্ৰথম সৌভাগ্য হৈছিল।

১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত মহাত্মাক তেওঁ ওচৰৰ পৰা লগ পায়।

১৯৩৪ চনত তেওঁ আকৌ মহাত্মা গান্ধীৰ লগত সাক্ষাৎ হয়। এইবাৰ তেওঁ অসমলৈ আহোতে গুৱাহাটীৰ হৰিজনসকলৰ কলনী নিজে পৰীক্ষা কৰিবলৈ লয়। মহাত্মাই এই কলনীবোৰলৈ যাওঁতে লগত গোপীনাথ বৰদলৈও যায়। ১৯৪৬ চনত মহাত্মা অসমলৈ আহোঁতে গুৱাহাটী, শুৱালকুছি, গোৱালপাৰা, ধুবুৰী প্ৰভৃতি ঠাইবোৰ ফুৰিছিল। এই সময়ছোৱাৰ ভিতৰতো তেওঁ মহাত্মা গান্ধীক নানাভাৱে সেৱা-শুশ্রূষা কৰাৰ সুবিধা পাইছিল। শেষবাৰৰ কাৰণে মহাত্মাক দিল্লীৰ ‘বিৰলা ভৱন’ত দেখা কৰে।

মহাত্মা গান্ধীৰ প্ৰতি তেওঁৰ কেনে সশ্রদ্ধ ভক্তি আৰু মহাত্মাৰ আদৰ্শত তেওঁ কেনেধৰণে অনুপ্রাণিত হৈ ব্যক্তিগত জীৱন গঢ়ি তুলিছিল বৰদলৈয়ে নিজে লিখিছে –– ‘বাপুজীৰ বিয়োগত আমাৰ মাজৰ যি শূন্যৰ সৃষ্টি কৰিলে তাক বর্ণনা কৰা সম্ভৱনে? মোৰ প্ৰতি বাপুজী আছিল এনে এক শক্তি যি শক্তিয়ে মোৰ গোটেই জীৱনৰ ভাৱধাৰা আৰু কৰ্মপন্থা প্ৰভাৱান্বিত কৰি তুলিছিল।’

বৰদলৈৰ দেহাৱসান

১৯৫০ চনৰ ৫ আগষ্ট, শনিবাৰ। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ‘প্ৰতিবাদ’ নামৰ এখন নাটকৰ আয়োজন কৰা হৈছিল। নাটকখনৰ বিশেষ গুৰুত্ব এই কাৰণে আছিল তাত সহ-অভিনয়ৰ আৰম্ভ কৰা হৈছিল। ইয়াক উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী বৰদলৈক আমন্ত্ৰণ জনোৱা হৈছিল।

বৰদলৈয়েও তাত যোগদান কৰিবলৈ সপৰিয়ালে সেইদিনা শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু সন্ধিয়াৰ আগে আগে গুৱাহাটী পাইছিল। সাত বজাত তেওঁ নাটক উদ্বোধন কৰিছিল। আঠ বজাত তেওঁ ৰাইজৰ পৰা বিদায় মাগিব বিচাৰিছিল যদিও সৰু ল’ৰা-ছোৱালীকেইটিৰ কাৰণে সেই অনুষ্ঠানত ন বজালৈ থাকিবলৈ বাধ্য হৈছিল। তাৰ পিচত তেওঁ উলুবাৰীৰ নিজা ঘৰলৈ ৰাওনা হৈছিল। দহ বজাত তেওঁ ভাত-পানী খাই বিছনাত উঠিল। কিন্তু এঘাৰ বজাৰ লগে লগে অকস্মাৎ হৃদয় যন্ত্ৰত এটা বেদনা অনুভৱ কৰিছিল আৰু সেই বেদনা ক্রমশঃ গুৰুতৰ হৈ আহিছিল। তেওঁৰ এই অসুখৰ খবৰ পাই ডাঃ ভুৱনেশ্বৰ বৰুৱাকে ধৰি আন কেইজনমান মুখিয়াল ডাক্তৰ আহিল যদিও তেওঁৰ সেই বেমাৰ উপশম কৰিব নোৱাৰিলে। বৰদলৈয়ে এবাৰ মাথোঁ ভঙা ভঙা মাতেৰে কৈছিল— ‘এইবাৰ মই ৰক্ষা পাম এনে আশা নাই ৷ সেইদিনা ৰাতিয়ে ২-৪০ মিনিটত ৬০ বছৰ বয়সত তেওঁৰ নৰ-নাটৰ সামৰণি পৰিল। শৱ যাত্ৰাৰ সময়ত অৰ্ধনমিত জাতীয় পতাকা আৰু ফুলৰ মালাৰে সুশোভিত মটৰ এখনত তেওঁৰ শৱধাৰা তুলি লোৱা হৈছিল। শৱধাৰাৰ আগে আগে উৰুলি আৰু হৰিধ্বনি কৰা হৈছিল। প্রায় আধামাইল জোৰা শোভাযাত্ৰাত হাজাৰ হাজাৰ জনতা, অসম পুলিচৰ বেটেলিয়ন আৰু সশস্ত্ৰ পুলিচ বাহিনীয়ে মৌনভাৱে শেষ সন্মান প্ৰদৰ্শন কৰিছিল। ঠায়ে ঠায়ে সমবেত জনতাই আখৈ, চন্দন, দুৱা, অক্ষত পুষ্প আদি বৰ্ষণ কৰিছিল। চহৰ প্ৰদক্ষিণৰ পিছত শৱধাৰা কংগ্ৰেছ অফিচলৈ নিয়া হৈছিল আৰু তাতে জাতীয় পতাকাৰে শ আবৃত্ত কৰা হৈছিল। তাৰ পিছত নৱগ্ৰহ শ্মশানলৈ নি নানা ধৰণৰ ৰাজকীয় সন্মান প্ৰদৰ্শন কৰাৰ পিছত শৱ চিতাত তুলি দিয়া হৈছিল।

‘ভাৰত-ৰত্ন’ সন্মান

১৯৯৮ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰ্ভাৱে দেশৰ সৰ্বোচ্চ সন্মান ‘ভাৰত-ৰত্ন’ উপাধিৰে সন্মানিত কৰাত অসমবাসী গৌৰৱান্বিত। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা সৰ্বপ্ৰথম আৰু একমাত্র ব্যক্তিগৰাকীয়ে হ’ল গোপীনাথ বৰদলৈ। ৰাষ্ট্রপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক গাম্ভীর্যপূর্ণ সমাৰোহত ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনে প্রয়াত বৰদলৈৰ পত্নী সুৰবালা বৰদলৈৰ হাতত এই সন্মান অৰ্পণ কৰে। উল্লেখ্য যে ‘ভাৰত-ৰত্ন’ উপাধিৰে সুশোভিত হোৱা প্ৰথমগৰাকী ব্যক্তি আছিল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। ভাৰত-ৰত্ন উপাধিৰে বিভূষিত হোৱা আন কেইগৰাকীমান ব্যক্তি হ’লঃ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণ, ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণ, জৱাহৰলাল নেহৰু, গোবিন্দ বল্লভ পন্ত, ড° ৰাজেন্দ্ৰ প্ৰসাদ, ড° জাকিৰ হুছেইন, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, আচাৰ্য্য বিনোৱাভাবে, খান আব্দুল গফুৰ খান, ডঃ ভীমৰাজ ৰাও আম্বেদকাৰ আদি ।

ভাৰত চৰকাৰে বৰদলৈৰ নামত এটি বিশেন প্ৰচ্ছদ খাম মুকলি কৰিছে। তদুপৰি তেওঁৰ জন্মস্থান ৰহাত ‘অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন’ৰ উদ্যোগত ৰহা চিকিৎসালয়ৰ ডাক্তৰৰ আবাস গৃহৰ ঘৰ-মাটি অধিগ্ৰহণ কৰি তাত এটা মিউজিয়াম সদৃশ অনুষ্ঠান পতাৰ বাবে ব্যৱস্থা কৰি তাৰ আধাৰশিলা ৰাজ্যপালে স্থাপন কৰিছে। গুৱাহাটী বৰঝাৰ বিমান বন্দৰটো গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হৈছে।

বৰদলৈৰ ব্যক্তিত্বৰ আভাস

বৰদলৈ আছিল এজন জাতীয় বীৰ, অসমীয়া জাতিৰ এজন নিপুণ খনিকৰ। দেশেই আছিল তেওঁৰ জীৱন। তেওঁ অৱহেলিত অসমীয়া জাতিক নতুনকৈ গঢ়িবলৈ গোটেই জীৱনে সংগ্রাম কৰি গৈছে। তেওঁ এগৰাকী মহাত্মা গান্ধীৰ অনুগামীৰূপে সত্য, পৰোপকাৰ, দয়া, ত্যাগ, প্রেম আদিকে জীৱনৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। তেওঁৰ ৰাজনীতিক জীৱনৰ মূল আধাৰ আছিল মানৱপ্ৰেম।

ৰাজনৈতিক ক্ৰিয়া-কলাপবোৰ অহিংসভাৱে, নীতিগত নিষ্ঠা, সহৃদয়তা, আপোচ মীমাংসাৰেই সম্পন্ন কৰিছিল। তেওঁ ৰাজনৈতিক কূট-কৌশলতো গ্রুপিঙ ৰ দৰে সমস্যাৰ পৰা অসমক ৰক্ষা কৰিব পৰা বৰদলৈৰ কাৰণে বিশেষ ৰাজনৈতিক বিচক্ষণতাৰে পৰিচায়ক। তেওঁ একেৰাহে চৈধ্য বছৰ কাল অসমৰ কংগ্ৰেছৰ নেতৃত্ব লৈ উদাৰতা আৰু নিঃস্বার্থ সেৱাৰ দ্বাৰা যি জনপ্রিয়তা অৰ্জন কৰিলে— সেয়ে অসমবাসীৰ মাজত তেওঁ হ’ল—‘লোকপ্রিয়’।

তেওঁৰ সৰুৰে পৰা ধৰ্মৰ প্ৰতি গভীৰ আস্থা আছিল আৰু তেওঁৰ আছিল এটি শিল্পী সুলভ মন। গীত, ভজন, কবিতা, আবৃত্তি তেওঁৰ আছিল অতিকৈ প্রিয়। তেওঁ ভেদাভেদ ভাৱক অন্তৰত ঠাই দিয়া নাছিল। তেওঁৰ পৰিবাৰ সুৰবালা বৰদলৈয়ে এঠাইত লিখিছে, ‘১৯৪৪ চনত দুৰ্গা পূজাৰ আগতে ‘মহালয়া’ৰ তিথি পৰিল। অক্টোবৰৰ মাহ। দিনটো ভালেই আছিল। দুপৰীয়া এক বাজি যাবৰ সময় হ’ল। ঘৰৰ পৰিয়ালে খোৱাৰ পিচত ভাত খাবলৈ গা-ধুই আহি টেবুলত সজাই থোৱা ভাতৰ ওচৰত বহিল। এনেতে এজন ভিক্ষাৰীৰ মাত শুনি তৎক্ষণাৎ উঠি গ’ল ৷ দেখিলে, বাহিৰত এজন ভিক্ষাৰী বহি আছে। মোক ক’লেহি, ‘এজন মানুহলৈ ভাত হ’ব নেকি?’ মই অলপ ভবা যেন দেখি নিজৰ কাৰণে বাঢ়ি থোৱা ভাতৰ কাঁহীখন দাঙি লৈ গ’ল আৰু ভিক্ষাৰীক খাবলৈ দিলে। ভিক্ষাৰীয়ে সন্তুষ্ট মনেৰে খাই নুঠিল মানে ভিতৰলৈ নাহিল। আমাৰ তৃতীয় ল’ৰা ভাইটিয়ে কান্দিব ধৰিলে— দেউতাকে ভাতখিনি দাঙি ভিক্ষাৰীক দিয়া দেখি। নিজৰ ভাতখিনি কিয় দিয়া হৈছিল সেই বিষয়ে তেখেতে বুজাই ক’লে— ‘মহালয়াৰ দিনা পিতৃ পিতামহ সকলৰ শ্ৰাদ্ধ হয় ৷ সেই কাৰণে মই আজি মোৰ ভাগৰ ভাতখিনি দি বৰ শান্তি পাইছোঁ।’

তেওঁ যে সাধাৰণ লোকৰ প্রতি সহানুভূতিশীল আছিল ডাঃ ঘনশ্যাম দাসে উল্লেখ কৰা এটা দৃষ্টান্ত দাঙি ধৰিব পৰা যায়। ‘তেখেতে মুখ্যমন্ত্রী হৈ থকাৰ সময়ত গুৱাহাটী এদিন বৰদাশীল নাপিতৰ হতুৱাই চুলি কটাই থাকোঁতে বৰদাই তেখেতক ক’লে, ‘দেউতা মোৰ ঘৰৰ কাৰণে টিনকেই পাতৰ প্ৰয়োজন আছিলমই পাৰমিট’ৰ কাৰণে দৰ্খাস্ত দি হায়ৰান হ’লো— নাপালো।’ বৰদলৈ ডাঙৰীয়ায়ো নিজৰ ঘৰৰ বাবে কেই পাতমান টিনৰ কাৰণে দৰ্খাস্ত দিছিল। চুলি কটাই উঠাৰ পিছত বৰদলৈ ডাঙৰীয়াই বৰদাৰ হাতত যোগান বিভাগৰ ডেপুটি ডিৰে ক্টৰলৈ এইবুলি এখন চিঠি লেখি দিলে, – ‘মোক টিনপাত নালাগে, এতিয়া বৰদাকহে আগতে দিব লাগে, কিয়নো তেওঁ মোতকৈ আগেয়ে দৰ্খাস্ত দিছে আৰু তেওঁৰ প্রয়োজন বেছি।’ –

সকলো ধৰ্মৰ প্ৰতি তেওঁৰ কেনে প্ৰেম আৰু উদাৰতাৰ ভাব যে আছিল তাৰ আভাস দি লিলি মজিন্দাৰ বৰুৱাই লিখিছে— ‘ঘৰত আমি দুখন ঘৰৰ চৈধ্যটা আৰু চুবুৰীৰ আন আন ল’ৰা-ছোৱালী মিলি সন্ধিয়া প্ৰাৰ্থনা কৰা দৈনন্দিন নিয়ম আছিল। প্রার্থনাত গাবলগীয়া গীতবোৰ নামঘোষা, ৰবীন্দ্ৰ সংগীত, ভজন, বাইবেলৰ অধ্যায়, জে’লত লিখি পঠাইছিল। ইয়াৰ ভিতৰত – ‘মই অন্তৰ বিকশিত কৰ’ আৰু ‘পৰম কৃপালু হুইয়া’ উল্লেখযোগ্য।’

তেওঁ সদায় অনাড়ম্বৰ জীৱন যাপন কৰিছিল আৰু নিজৰ পৰিয়ালৰ মাজতো যে সেই শিক্ষা দিছিল— সেই বিষয়ে লিলি মজিন্দাৰ বৰুৱাই উল্লেখ কৰিছে— ‘মুখ্যমন্ত্ৰী হৈ থকা কালছোৱাত আমি চৰকাৰী গাড়ীত উঠি ঘূৰি ফুৰাটো তেখেতে কেতিয়াও পছন্দ নকৰিছিল৷ সেয়েহে এবাৰ স্কুললৈ যাবৰ সময়ত দবা-পিটা বৰষুণত মায়ে গাড়ীখনৰ বাবে অনুৰোধ কৰাত তেখেতে খঙেৰে কৈছিল ঃ কলিকতাৰ পৰা আনি দিয়া পানীকোট আৰু ছাতি লৈ স্কুললৈ যাবলৈ দিয়া।’ অর্থাৎ সৰ্বসাধাৰণে যিদৰে বৰষুণত তিতি স্কুললৈ গৈছে, আমিও যোৱা উচিত আৰু দুটা উদাহৰণৰ কথাই মোৰ মনত ৰেখাপাত কৰিছিল। সেই সময়ত মুখ্যমন্ত্ৰীৰ বাসভৱন হিচাপে শ্বিলঙৰ ‘ব্রাইটৱেল’ নামৰ ঘৰটি দিছিল৷ মায়ে এগৰাকী মন্ত্ৰীৰ পৰিবাৰৰ কথা শুনি আমি থকা ঘৰটোতো পৰ্দা, কার্পেট আৰু ফার্নিচাৰ দিয়াৰ কথা ভয় ভয়কৈ দেউতাক আগতে কৈছিলো। এই কথাত দেউতাই তীব্র প্রতিবাদ কৰিলে আৰু ক’লে যে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নী হৈ এইবিলাক বিলাসৰ বাবে আশা কৰাটো অন্যায়। সেয়েহে বাহিৰত বহা কোঠালিটোৰ বাহিৰে আমাৰ কোনো এটা কোঠালিতে সাজসজ্জা নাছিল। একে ধৰণৰ ঘটনা এটা ঘটিছিল। দেউতাৰ এবাৰ অসুখৰ সময়ত দেউতাক ৰাতি পথ্য হিচাপে দিবলৈ পাউৰুটি নাছিল। আমাৰ ঘৰুৱা শিক্ষক শ্ৰীযুত গুৰদত্ত ভাগৱতীদেৱে সুধিলত মায়ে পাউৰুটি নোহোৱাৰ কথা কৈছিল। হয়তো মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা ছাপ্পাছী এটাই ফোন কৰিলেও পাউৰুটিৰে ঘৰ ভৰি পৰিলেহেঁতেন, কিন্তু দেউতাই এইবোৰ বেয়া পাইছিল কাৰণেই মায়ে ৰোগীকো ৰাতি ৰুটি খাব দিব নোৱাৰিলে।’ –

তেওঁৰ অন্তৰ এফালে যিমান কোমল আনফালে সিমান দৃঢ় আছিল। তেওঁ সদায় বিপক্ষ দলবিলাকৰ কথা মনোযোগেৰে শুনিছিল আৰু তাত গুৰুত্বও দিছিল। কাৰো কথা উলাই কৰা স্বভাৱ তেওঁৰ নাছিল কাৰণেই শত্ৰুয়েও তেওঁক ভাল পাইছিল ৷ তেওঁৰ নিকা চৰিত্ৰৰ বহুতো দৃষ্টান্ত আছে। তেওঁৰ জী লিলি মজিন্দাৰ বৰুৱাই লিখা দুটি সৰু ঘটনাৰ মাজেৰেও বৰদলৈৰ নিকা চৰিত্ৰৰ আমি আভাস পাব পাৰোঁ। বৰদলৈ মুখ্যমন্ত্ৰী হৈ শ্বিলঙৰ ‘ব্রাইটৱেল’ নামৰ চৰকাৰী আবাস গৃহটোত থকা কালৰ এটি ঘটনা। মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ত চতুৰ্থ শ্ৰেণীৰ এজন কৰ্মচাৰীয়ে নিঃস্বার্থ বা স্বাৰ্থৰ খাতিৰত কিছু জীয়া মাছ বৰদলৈ লৈ বুলি আনিছিল। কাণ্ডটো দেখি বৰদলৈৰ বৰ খং উঠিছিল। লগে লগে তেওঁ চাপ্ৰাচীজনক আৰু মাছ অনা লোকজনক খুব ধমক দিলে। মাছৰ পাত্ৰটো বঙলাৰ চৌহদৰ বাহিৰ হোৱাৰ পিছতহে তেওঁ শান্তি পালে ।

বৰদলৈৰ আটাইতকৈ ভাল গুণখিনিৰ বিষয়ে আভাস দিছে বৰদলৈৰ পত্নী সুৰবালা বৰদলৈয়ে। পত্নীৰ দৃষ্টিত তেওঁ আছিল মৰমিয়াল আৰু সৰল স্বভাৱৰ। বৰদলৈয়ে মানুহৰ দোষ দেখিলে, ভুল-চুক দেখিলে যেনেকৈ খং কৰে, তেনেকৈ ‘মানুহৰ ভুল হয়েই, একো ডাঙৰ কথা নহয়’ বুলি গ্ৰহণ কৰোঁতেও বৰদলৈৰ যে বেছি সময় নালাগে সেই চৰিত্ৰৰ আভাস দিবলৈ গৈ তেওঁৰ পত্নী সুৰবালা বৰদলৈয়ে এটা দৃষ্টান্ত দাঙি ধৰিছে এনেদৰে। এদিন হেনো বৰদলৈয়ে পঢ়ি থাকোঁতে তেওঁৰ টেবুল লাইতটো অলপ বেঁকা কৰি দিবলৈ ক’লে। লগে লগে সুৰবালা বৰদলৈয়ে লাইতটো বেঁকা কৰিবলৈ হাত দিওঁতে, তেওঁক শ্বক্ কৰিলত লাইতটো দলিমাৰি দিলে । লাইতটো ভাঙি গ’ল৷ বৰদলৈৰ খং উঠিল। খঙৰ ভমকত তেওঁ লাইতটো ঠিক কৰিবলৈ নিজে হাত দিলে। পিছে, তেওঁকো শ্বক কৰিলে। বৰদলৈয়ে তেতিয়াহে হেনো আচল কথাটো বুজি ‘তোমাক এনেই খং কৰিলো’ বুলি আপ্‌চোচ কৰিবলৈ ধৰিলে ৷

বৰদলৈ স্বাৱলম্বিতাত সদায় গুৰুত্ব দিছিল। এসময়ত বৰ চৌখিন জীৱন যাপন কৰা বৰদলৈৰ পিছৰফালে তেওঁৰ গতি আৰু ভাৱধাৰা কেনেদৰে সম্পূৰ্ণ সলনি হৈ গৈছিল তাৰ আভাস দিবলৈ গৈ লিলি মজিন্দাৰ বৰুৱাই বৰদলৈৰ ডায়েৰি আৰু চিঠিৰ টোকাৰ উদ্ধৃতি দাঙি ধৰিছে এনেদৰে : ‘লিলিয়ে কাপোৰ পিন্ধা লৈ চহল-মহল কৰা দেখি বেয়া বুলিলোঁ। তাই কান্দিলে। মই ভাবিলো মন্ত্রিত্ব কৰাৰ কি অন্যায় ফল। ল’ৰা-ছোৱালী প্রায় আটাইকেইটাই তাহাঁতৰ জীৱনৰ নিয়ম ধনী লোকৰ দৰে সজাই আনিবলৈ বিচাৰিছে, অথচ চিন্তা কৰা নাই যে এই অৱস্থাটো কেইদিনীয়া আৰু ইয়াৰ পাছত কি অৱস্থাত পৰিমগৈ। যুদ্ধৰ সময়ত হাতী ইত্যাদিৰপৰা উপার্জন থকা সত্ত্বেও কি অৱস্থাত আছিলো। কাৰো মনত নাই, ঘৈণীৰো নাই। আজি উপাৰ্জনৰ সমুদায় বাট মাৰিলে কাইলৈ কি হ’ব? থাকিবলৈ ঘৰ এটা নাই, ভৱিষ্যতে খাবলৈ যথেষ্ট নাই। পৰমেশ্বৰ সকলোৰে বিধান-কৰ্তা কিন্তু আমি যদি নিয়মমতে আৰু যিমান সাধাৰণভাৱে পাৰো তিমান সাধাৰণভাৱে যদি থাকিবলৈ নিশিকো তেন্তে

ঈশ্বৰৰ নিয়ম পালা নহ’ব। তথাপি লিলিয়ে কন্দা দেখি মোৰ বেয়া লাগিল।’ ‘(মাজু জীয়েকলৈ লিখা চিঠি) কিমান সূতা কাটিছা? হিন্দুস্থানী কিমান পঢ়িছা? মা-ৰ লগত হিন্দীতে কথা ক’ব পাৰা নে? আজিকালি ভাত-আঞ্জা ৰান্ধিব শিকিছানে? । মই আজিকালি নিৰামিষহে

খাওঁ, মই মুকলি হৈ গ’লে তুমি ভাত ৰান্ধি খুৱাব লাগিব।’ তেওঁৰ চৰিত্ৰ সম্পৰ্কে আভাস দি ডাঃ ভুবনেশ্বৰ বৰুৱাই লিখিছে, “তেখেত ধীৰ, মৰমীয়াল, অল্পভাষী, ঈশ্বৰ বিশ্বাসী, চিন্তাশীল আৰু কৰ্তব্যপৰায়ণ আছিল। তেখেতৰ মৃত্যুত ভাৰতৰ ৰাজনীতিজ্ঞ ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু, পেটেলকে আদি কৰি দেশ সেৱকসকলে যি ভাষাত তেখেতৰ গুণ বখানি সমবেদনা জনাইছে তাৰপৰা অসমবাসীয়ে গৌৰৱৰে অনুভৱ কৰিছে যে এই একনিষ্ঠ, নিস্বার্থ দেশসেৱক ভগা শৰীৰৰে দিনে-ৰাতিয়ে জিৰণি নোলোৱাকৈ খাঁটি অসমৰ মৰ্যাদা বঢ়ালে। ভাৰতৰ ৰাজনীতিৰ সংকট অৱস্থাটো দেশৰ নানান সমস্যা সমাধানত তেখেতৰ পৰামৰ্শ বহুমূলীয়া বুলি ভাৰতীয় নেতাসকলে স্বীকাৰ কৰাত অসমবাসী আজি গৌৰৱান্বিত হৈছে।’

বাগ্মীবৰ নীলমণি ফুকনৰ ভাষাতঃ ‘ল’ৰা কালৰে পৰা গোপীনাথ অমায়িক, ধীৰ-স্থিৰ আৰু সকলো কথাকে টলকি চোৱা স্বভাৱৰ আছিল। তেওঁৰ স্বভাৱত ক্ষিপ্রতা বোলা বস্তুটো নাছিল। দেশৰ, দহৰ হিত-চিন্তা তেওঁৰ ধ্যানৰ বস্তু কৰি তুলিছিল। গান্ধীবাদত অটল বিশ্বাসী বৰদলৈ ডাঙৰীয়াৰ সকলো কামতে সত্য, নিষ্ঠা, অহিংসা ভাৱ আপোচতে সকলো কথাৰ মীমাংসা কৰিব পৰা গুণ ফুটি উঠিছিল। অসমীয়া সংস্কৃতি, আচাৰ-ব্যৱহাৰ বুৰঞ্জীমূলক চিৰকাল পৰ্বত ভৈয়ামৰ মাজত যি এটি সূক্ষ্ম সম্বন্ধ চলি আহিছে তাক সজীৱিত কৰি তোলাই তেওঁৰ আপ্রাণ চেষ্টা আছিল।’

নলিনীবালা দেৱীয়ে লিখিছে ঃ ‘ভাৰতৰ মুক্তি আন্দোলনত সঁহাৰি দি উঠা অসমৰ জাতীয় জাগৰণৰ মুক্তিব্ৰতীসকলৰ মাজত স্বৰ্গীয় গোপীনাথ বৰদলৈ অন্যতম . ঈশ্বৰ বিশ্বাসী, গীতাজ্ঞানী অন্তৰতে তেখেত প্রত্যেকটি দেশৰ কাৰ্য্য পৰিচালনা কৰিছিল।’

অম্বিকাগিৰী ৰায়চৌধুৰীৰ ভাষাত : ‘তেখেতৰ ছাত্ৰ জীৱনৰ সেই মোহ লগা ধীৰ স্বভাৱটোহে যুগে যুগে জাতিষ্কাৰ হৈ মৃত্যুৰ আগলৈকে আমাক সকলোকে আনন্দ দিছিল। ৰাজনৈতিক ক্ষেত্ৰতো তেওঁ আনৰ দৃষ্টিভংগী আৰু চিন্তাধাৰা গ্ৰহণ কৰিব পৰা মনৰ পৰিসৰ আছিল।’ ….

চন্দ্ৰনাথ শৰ্মাৰ ভাষাত : ‘সৰু বৰ সকলোৰে প্ৰতি সমদৃষ্টি আছিল। আড়ম্বৰহীন আছিল তেওঁৰ জীৱন। আত্মবিশ্বাসৰ ওপৰত প্রতিষ্ঠিত হৈ তেওঁৰ সৰল-সপ্তাৱ হৃদয়ত ধাৰণ কৰি সকলো কার্যকে কৰি গৈছিল। দেশ-মাতৃকাৰ প্ৰতি তেওঁৰ অগাধ প্ৰেম আৰু অতি নিষ্ঠাৰে সেৱা কৰিছিল। মন আছিল তেওঁৰ আৰ্চীৰ দৰে স্বচ্ছ; অন্তঃকৰণ উচ্চ আৰু উদাৰ। আচৰণ আছিল মধুৰ, মুখত আছিল কমনীয়তা। কাকো কেতিয়াও অনিষ্ট নকৰিছিল। তেওঁ শত্ৰুৰ প্ৰতিও দেখুৱাইছিল উদাৰতা। ধৈৰ্য্য আছিল অসীম, ক্ষমা আছিল ভূষণ। পঢ়াত আছিল ধাউতি। ক’ব পৰা শক্তি আছিল কম কিন্তু জ্ঞান আছিল গভীৰ। বস্তুৰ প্ৰতি নাছিল তেওঁৰ মোহ সৎ পথত থাকি যি আহে তাৰেই জীৱিকা নির্বাহ— এয়েই আছিল তেওঁৰ জীৱনৰ লক্ষ্য।’

অসমৰ মুখ্য মন্ত্ৰীসকল

নং.নামকাৰ্যকাল আৰম্ভ – সমাপ্তিদলকাৰ্যকাল
0চৈয়দ মহম্মদ ছাদুল্লা ১ এপ্রিল ১৯৩৭ – ১৯ ছেপ্টেম্বৰ, ১৯৩৮
১৭নৱেম্বৰ, ১৯৩৯ – ২৪ ডিচেম্বৰ, ১৯৪১
২৫ আগষ্ট, ১৯৪২ – ১১ ফেব্ৰুৱাৰী, ১৯৪৬
গোপীনাথ বৰদলৈ১১ ফেব্ৰুৱাৰী ১৯৪৬৬ আগষ্ট ১৯৫০ভাৰতীয় জাতীয় কংগ্ৰেছ১৬৩৮ দিন
বিষ্ণুৰাম মেধি
হাজো সমষ্টিৰ বিধায়ক
৯ আগষ্ট ১৯৫০২৭ ডিচেম্বৰ ১৯৫৭১৬৯৮ দিন
বিমলা প্ৰসাদ চলিহা
সোণাৰি সমষ্টিৰ বিধায়ক
২৮ ডিচেম্বৰ ১৯৫৭৬ নৱেম্বৰ ১৯৭০৪৬৯৬ দিন
মহেন্দ্ৰ মোহন চৌধুৰী
গুৱাহাটী পূব সমষ্টিৰ বিধায়ক
১১ নৱেম্বৰ ১৯৭০৩০ জানুৱাৰী ১৯৭২৪৬৬ দিন
শৰৎ চন্দ্ৰ সিংহ
কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক
৩১ জানুৱাৰী ১৯৭২১২ মাৰ্চ ১৯৭৮২২৩২ দিন
গোলাপ বৰবৰা
তিনিচুকীয়া সমষ্টিৰ বিধায়ক
১২ মাৰ্চ ১৯৭৮৪ ছেপ্টেম্বৰ ১৯৭৯জনতা পাৰ্টি৫৪২ দিন
যোগেন্দ্ৰ নাথ হাজৰিকা
দুলিয়াজান সমষ্টিৰ বিধায়ক
৯ ছেপ্টেম্বৰ ১৯৭৯১১ ডিচেম্বৰ ১৯৭৯৯৪ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
১২ ডিচেম্বৰ ১৯৭৯৫ ডিচেম্বৰ ১৯৮০প্ৰযোজ্য নহয়৩৫৯ দিন
চৈয়দা আনোৱাৰা টাইমূৰ
দলগাঁও সমষ্টিৰ বিধায়ক
৬ ডিচেম্বৰ ১৯৮০৩০ জুন ১৯৮১ভাৰতীয় জাতীয় কংগ্ৰেছ২০৭ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
৩০ জুন ১৯৮১১৩ জানুৱাৰী ১৯৮২প্ৰযোজ্য নহয়১৯৭ দিন
কেশৱ চন্দ্ৰ গগৈ
ডিব্ৰুগড় সমষ্টিৰ বিধায়ক
১৩ জানুৱাৰী ১৯৮২১৯ মাৰ্চ ১৯৮২ভাৰতীয় জাতীয় কংগ্ৰেছ৬৬ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
১৯ মাৰ্চ ১৯৮২২৭ ফেব্ৰুৱাৰী ১৯৮৩প্ৰযোজ্য নহয়৩৪৫ দিন
১০হিতেশ্বৰ শইকীয়া
নাজিৰা সমষ্টিৰ বিধায়ক
২৭ ফেব্ৰুৱাৰী ১৯৮৩২৩ ডিচেম্বৰ ১৯৮৫ভাৰতীয় জাতীয় কংগ্ৰেছ১০৩১ দিন
১১প্ৰফুল্ল কুমাৰ মহন্ত
নগাঁও সমষ্টিৰ বিধায়ক
২৪ ডিচেম্বৰ ১৯৮৫২৮ নৱেম্বৰ ১৯৯০অসম গণ পৰিষদ১৭৯৯ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
২৮ নৱেম্বৰ ১৯৯০৩০ জুন ১৯৯১প্ৰযোজ্য নহয়২১৪ দিন
(১০)হিতেশ্বৰ শইকীয়া [দ্বিতীয়বাৰ]
নাজিৰা সমষ্টিৰ বিধায়ক
৩০ জুন ১৯৯১২২ এপ্ৰিল ১৯৯৬ভাৰতীয় জাতীয় কংগ্ৰেছ১৭৫৭ দিন
[মুঠ ২৭৮৮ দিন]
১২ভূমিধৰ বৰ্মন
বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক
২২ এপ্ৰিল ১৯৯৬১৪ মে’ ১৯৯৬২৩ দিন
(১১)প্ৰফুল্ল কুমাৰ মহন্ত [দ্বিতীয়বাৰ]
বঢ়মপুৰ সমষ্টিৰ বিধায়ক
১৫ মে’ ১৯৯৬১৭ মে’ ২০০১অসম গণ পৰিষদ১৮২৯ দিন
[মুঠ ৩৬২৮ দিন]
১৩তৰুণ গগৈ
তিতাবৰ সমষ্টিৰ বিধায়ক
১৭ মে’ ২০০১২৪ মে’ ২০১৬ভাৰতীয় জাতীয় কংগ্ৰেছ৫৪৮৫ দিন
১৪সৰ্বানন্দ সোণোৱাল
মাজুলী সমষ্টিৰ বিধায়ক
২৪ মে’ ২০১৬১০ মে’ ২০২১ভাৰতীয় জনতা পাৰ্টি১৮১২ দিন
১৫হিমন্ত বিশ্ব শৰ্মা
জালুকবাৰী সমষ্টিৰ বিধায়ক
১০ মে’ ২০২১বৰ্তমানভাৰতীয় জনতা পাৰ্টি৮৭২ দিন

Leave a Reply

Your email address will not be published. Required fields are marked *