November 21, 2024

বিমলা প্ৰসাদ চলিহা | Life History of Bimala Prasad Chaliha in Assamese

বিমলা প্ৰসাদ চলিহা Bimala Prasad Chaliha Biography in Assamese

বিমলা প্ৰসাদ চলিহা  জন্ম:১৯১২ – মৃত্যু: ১৯৭১) হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭১ চনত তেওঁক পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল।

কাৰ্যকাল
২৮ ডিচেম্বৰ, ১৯৫৭ – ৬ নৱেম্বৰ, ১৯৭০
নেতাভাৰতীয় জাতীয় কংগ্ৰেছ
পূৰ্বসূৰীবিষ্ণুৰাম মেধি
উত্তৰসূৰীমহেন্দ্ৰ মোহন চৌধুৰী
ব্যক্তিগত তথ্য
জন্ম২৬ মাৰ্চ, ১৯১২
শিৱসাগৰ
মৃত্যু২৫ ফেব্ৰুৱাৰী, ১৯৭১
ৰাজনৈতিক দলভাৰতীয় জাতীয় কংগ্ৰেছ

জন্ম আৰু বংশ পৰিচয়

১৯১২ চনৰ ২৬ মাৰ্চত বিমলা প্ৰসাদ চলিহাৰ শিৱসাগৰ জিলাত জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল কালিপ্ৰসাদ চলিহা আৰু মাতৃৰ নাম আছিল নিকুঞ্জলতা। পিতৃ শিৱসাগৰ কাছাৰীৰ এজন প্ৰখ্যাত উকীল আছিল। মণিৰাম দেৱানৰ জীয়েক ললিতা, ললিতাৰ জীয়েক নিকুঞ্জলতা আছিল তেওঁৰ মাতৃ। তেওঁলোকৰ পৰিয়ালটো আছিল আঢ্যৱন্ত আৰু অভিজাত আছিল। তেওঁলোক বাগানৰ মালিক আছিল। কালিপ্ৰসাদ চলিহাৰ পাঁচজন পুত্ৰ আৰু পাঁচগৰাকী কন্যা আছিল।

শিক্ষা

বিমলা প্ৰসাদ চলিহাই সৰুকালৰ শিক্ষা শিৱসাগৰ চৰকাৰী ইংৰাজী উচ্চ বিদ্যালয়ৰ পৰা লাভ কৰিছিল। ১৯২৮ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পিছত কলিকতাৰ চিটী কলেজত আই. এছ. ছি.ত নামভৰ্তি কৰিছিল। কিন্তু পৰীক্ষা নিদিয়াকৈ ঘৰলৈ উভতি আহে আৰু কংগ্ৰেছত যোগদান কৰে। ইয়াতেই তেওঁৰ শিক্ষা জীৱনৰ অন্ত পৰে Life History of Bimala Prasad Chaliha in Assamese

ৰাজনৈতিক জীৱন

১৯৩০ চনৰে পৰা বিমলা প্ৰসাদ চলিহাৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯৩১ চনত মহাত্মা গান্ধীয়ে ৰাইজলৈ এটা আহ্বান জনাইছিল যে, গাঁৱলীয়া যঁতৰটো উন্নত হোৱাৰ দৰকাৰ। ১৯৩৪ চনত মহাত্মা গান্ধী শিৱসাগৰলৈ আহিছিল। তেতিয়া বিমলা প্ৰসাদ চৌধুৰীয়ে এটা উন্নত মানৰ যঁতৰ প্ৰস্তুত কৰি মহাত্মা গান্ধীক দেখুৱাইছিল। যঁতৰটো দেখি মহাত্মা গান্ধী মোহিত হয় আৰু বিমলা প্ৰসাদ চৌধুৰীক খাদী সম্পৰ্কে শিক্ষা ল’বলৈ বিহাৰলৈ পঠিয়ায়। তাৰ পিছত তেওঁক সৰ্বভাৰতীয় স্পীনাৰ এছ’চিয়েনৰ অসম শাখাৰ সম্পাদক ৰূপে নিযুক্তি লাভ কৰে।

১৯৪১ চনত বিমলা প্ৰসাদ চলিহাই ব্যক্তিগত সত্যাগ্ৰহ আৰু ১৯৪১ চনৰ আন্দোলনত সক্ৰিয় হৈছিল। ১৯৪২ চনত তেওঁ আঞ্চলিক সংগঠনবোৰ শক্তিশালী কৰাত গুৰুত্ব দিছিল। এনেদৰে আন্দোলনত যোগদান কৰাৰ বাবে তেওঁ ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈকে জেলত আৱদ্ধ হ’ব লগীয়া হৈছিল

১৯৪৬ চনত সাধাৰণ নিৰ্বাচনত শিৱসাগৰ পশ্চিম সমষ্টিৰ পৰা বিধানসভালৈ বিমলা প্ৰসাদ চলিহা নিৰ্বাচিত হৈছিল। ভাৰত স্বাধীন হোৱাৰ পাছত গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত স্বাধীন মন্ত্ৰীসভা গঠন কৰা হয়। এই মন্ত্ৰীসভাত তেওঁক গাঁও উন্নয়ন বিভাগৰ পৰিচালনাৰ দায়িত্ব লাভ কৰিছিল। ১৯৪৭-৪৮ চনত তেওঁ ৰাজ্যিক বিধান সভাৰ সংসদী সচিব আছিল। তেওঁ অসম এপেক্স বেংক আৰু অসম কুটিৰ শিল্প এছ’চিয়েনৰ প্ৰথম চেয়াৰমেন হিচাপে নিযুক্তি লাভ কৰিছিল।

১৯৫০ চনত বিমলা প্ৰসাদ চলিহা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু ১৯৫২ চনৰ পৰা সভাপতি পতা হৈছিল। ১৯৫৩ চনত তেওঁ শিৱসাগৰ সমষ্টিৰ পৰা লোকসভালৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল Life History of Bimala Prasad Chaliha in Assamese

ইয়াৰ উপৰি বিমলা প্ৰসাদ চলিহা নগা শান্তি মিছনৰ এগৰাকী সদস্য হিচাপে লোৱা হৈছিল।

মুখ্যমন্ত্ৰী হিচাপে

১৯৫৭ চনৰ ২৮ ডিচেম্বৰততেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ নিযুক্তি লাভ কৰে। এই পদত তেওঁ ১৯৭০ চনৰ ৬ নবেম্বৰলৈ আছিল। এই সুদীৰ্ঘ সময়ছোৱাত তেওঁ নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিশেষকৈ ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৬২ চনত চীনা আক্ৰমণ, ১৯৬৫ চনত পাকিস্তানৰ আক্ৰমণ, তেল শোধনাগাৰ আন্দোলন, ১৯৬৬ চনত মিজো বিদ্ৰোহ, মেঘালয় স্থাপনৰ প্ৰচেষ্টা, পাকিস্তানী অনুপ্ৰৱেশ আদি সমস্যাই দেখা দিছিল

মৃত্যু

১৯৭১ চনৰ ২৫ ফেব্ৰুৱাৰীত বিমলা প্ৰসাদ চলিহাৰ মৃত্যু হয়।

অসমৰ মুখ্য মন্ত্ৰীসকল

নং.নামকাৰ্যকাল আৰম্ভ – সমাপ্তিদলকাৰ্যকাল
0চৈয়দ মহম্মদ ছাদুল্লা ১ এপ্রিল ১৯৩৭ – ১৯ ছেপ্টেম্বৰ, ১৯৩৮
১৭নৱেম্বৰ, ১৯৩৯ – ২৪ ডিচেম্বৰ, ১৯৪১
২৫ আগষ্ট, ১৯৪২ – ১১ ফেব্ৰুৱাৰী, ১৯৪৬
গোপীনাথ বৰদলৈ১১ ফেব্ৰুৱাৰী ১৯৪৬৬ আগষ্ট ১৯৫০ভাৰতীয় জাতীয় কংগ্ৰেছ১৬৩৮ দিন
বিষ্ণুৰাম মেধি
হাজো সমষ্টিৰ বিধায়ক
৯ আগষ্ট ১৯৫০২৭ ডিচেম্বৰ ১৯৫৭১৬৯৮ দিন
বিমলা প্ৰসাদ চলিহা
সোণাৰি সমষ্টিৰ বিধায়ক
২৮ ডিচেম্বৰ ১৯৫৭৬ নৱেম্বৰ ১৯৭০৪৬৯৬ দিন
মহেন্দ্ৰ মোহন চৌধুৰী
গুৱাহাটী পূব সমষ্টিৰ বিধায়ক
১১ নৱেম্বৰ ১৯৭০৩০ জানুৱাৰী ১৯৭২৪৬৬ দিন
শৰৎ চন্দ্ৰ সিংহ
কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক
৩১ জানুৱাৰী ১৯৭২১২ মাৰ্চ ১৯৭৮২২৩২ দিন
গোলাপ বৰবৰা
তিনিচুকীয়া সমষ্টিৰ বিধায়ক
১২ মাৰ্চ ১৯৭৮৪ ছেপ্টেম্বৰ ১৯৭৯জনতা পাৰ্টি৫৪২ দিন
যোগেন্দ্ৰ নাথ হাজৰিকা
দুলিয়াজান সমষ্টিৰ বিধায়ক
৯ ছেপ্টেম্বৰ ১৯৭৯১১ ডিচেম্বৰ ১৯৭৯৯৪ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
১২ ডিচেম্বৰ ১৯৭৯৫ ডিচেম্বৰ ১৯৮০প্ৰযোজ্য নহয়৩৫৯ দিন
চৈয়দা আনোৱাৰা টাইমূৰ
দলগাঁও সমষ্টিৰ বিধায়ক
৬ ডিচেম্বৰ ১৯৮০৩০ জুন ১৯৮১ভাৰতীয় জাতীয় কংগ্ৰেছ২০৭ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
৩০ জুন ১৯৮১১৩ জানুৱাৰী ১৯৮২প্ৰযোজ্য নহয়১৯৭ দিন
কেশৱ চন্দ্ৰ গগৈ
ডিব্ৰুগড় সমষ্টিৰ বিধায়ক
১৩ জানুৱাৰী ১৯৮২১৯ মাৰ্চ ১৯৮২ভাৰতীয় জাতীয় কংগ্ৰেছ৬৬ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
১৯ মাৰ্চ ১৯৮২২৭ ফেব্ৰুৱাৰী ১৯৮৩প্ৰযোজ্য নহয়৩৪৫ দিন
১০হিতেশ্বৰ শইকীয়া
নাজিৰা সমষ্টিৰ বিধায়ক
২৭ ফেব্ৰুৱাৰী ১৯৮৩২৩ ডিচেম্বৰ ১৯৮৫ভাৰতীয় জাতীয় কংগ্ৰেছ১০৩১ দিন
১১প্ৰফুল্ল কুমাৰ মহন্ত
নগাঁও সমষ্টিৰ বিধায়ক
২৪ ডিচেম্বৰ ১৯৮৫২৮ নৱেম্বৰ ১৯৯০অসম গণ পৰিষদ১৭৯৯ দিন
খালি
(ৰাষ্ট্ৰপতিৰ শাসন)
২৮ নৱেম্বৰ ১৯৯০৩০ জুন ১৯৯১প্ৰযোজ্য নহয়২১৪ দিন
(১০)হিতেশ্বৰ শইকীয়া [দ্বিতীয়বাৰ]
নাজিৰা সমষ্টিৰ বিধায়ক
৩০ জুন ১৯৯১২২ এপ্ৰিল ১৯৯৬ভাৰতীয় জাতীয় কংগ্ৰেছ১৭৫৭ দিন
[মুঠ ২৭৮৮ দিন]
১২ভূমিধৰ বৰ্মন
বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক
২২ এপ্ৰিল ১৯৯৬১৪ মে’ ১৯৯৬২৩ দিন
(১১)প্ৰফুল্ল কুমাৰ মহন্ত [দ্বিতীয়বাৰ]
বঢ়মপুৰ সমষ্টিৰ বিধায়ক
১৫ মে’ ১৯৯৬১৭ মে’ ২০০১অসম গণ পৰিষদ১৮২৯ দিন
[মুঠ ৩৬২৮ দিন]
১৩তৰুণ গগৈ
তিতাবৰ সমষ্টিৰ বিধায়ক
১৭ মে’ ২০০১২৪ মে’ ২০১৬ভাৰতীয় জাতীয় কংগ্ৰেছ৫৪৮৫ দিন
১৪সৰ্বানন্দ সোণোৱাল
মাজুলী সমষ্টিৰ বিধায়ক
২৪ মে’ ২০১৬১০ মে’ ২০২১ভাৰতীয় জনতা পাৰ্টি১৮১২ দিন
১৫হিমন্ত বিশ্ব শৰ্মা
জালুকবাৰী সমষ্টিৰ বিধায়ক
১০ মে’ ২০২১বৰ্তমানভাৰতীয় জনতা পাৰ্টি৮৭২ দিন

References

  1. I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *