July 24, 2024

Karam Festival in Assamese | কৰ্ম পৰব বা কম পূজা

কৰম পৰব বা কৰম পূজা অসমৰ চাহ জনজাতি লোকৰ প্ৰধান উৎসৱ। কৃষি তথা উৰ্বৰতাৰ পৰবৰূপে উদযাপিত হোৱা এই উৎসৱে চাহ জনজাতি লোকৰ নিজস্ব কলা-সংস্কৃতিৰ ঐতিহ্য বহন কৰে। বছৰৰ তিনিটা সময়ত কৰম পৰব উদযাপিত হয়। ভাদ মাহৰ শুক্লা একাদশী তিথিত অনুষ্ঠিত কৰম পৰবক ‘জিতিয়া কম’, আহিন মাহৰ বিজয়া দশমী তিথিত পালন কৰা কৰম পৰবক ‘বুঢ়ী কৰম’ আৰু আঘোণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা কৰম পৰবক ‘ৰাস ঝুমুৰ’ বোলা হয়।

সম্পুৰ্ণ নামঅসমীয়া: কৰম পূজা
পালন কৰেঅসমৰ চাহ জনগোষ্ঠী
প্ৰকাৰকৃষিভিত্তিক উৎসৱ
অসমৰ উৎসৱ
ভাৰতীয় উৎসৱ

কৰম পূজাত যুৱতীসকলে মুখ্য ভূমিকা লয়। যুৱকসকলেও পূর্ণ সহযোগিতা আগবঢ়ায়। এই পূজাত ভাগ লোৱা যুৱতীসকলক ‘কৰ্মতী’ বোলা হয়। কৰম পূজাৰ প্ৰায় ২০-৩০ দিনৰ আগৰপৰা পূজা অনুষ্ঠিত কৰিবলগীয়া গৃহস্থৰ ঘৰত জীয়ৰী-বোৱাৰীসকলে সদায় সন্ধিয়া তিনি-চাৰি ঘণ্টাকৈ ঝুমুৰ নৃত্য-গীতৰ অনুশীলন কৰে। তদুপৰি তেওঁলোকে পূজাৰ তিনি, পাঁচ বা সাত দিনৰ পূৰ্বে নদীৰ ঘাটলৈ গৈ ধূপ-ধূনা, চাকি-বন্তি জ্বলাই কম দেৱতাক স্তুতি কৰে আৰু লগত নিয়া পাচিত প্রত্যেকে একাজলিকৈ বালি ভৰায়। সেই বালিত কৰ্মতীসকলে মাহ, সৰিয়হ, বুট, ধান আদি সিঁচি দিয়ে। ইয়াকেই ‘ঝাৱা তোলা’ বা ‘ঝাৱা উঠোৱা’ বোলে। এই মাহ, সৰিয়হৰ বীজবোৰ পূজাৰ দিনালৈ অংকুৰিত হয়।

উল্লেখযোগ্য যে ‘ঝাৱা’ তোলাৰ পাছত তাক জগোৱাৰ নিয়ম থাকে। এই নিয়মমতে, পূজাৰ আগেয়ে বৰণ কৰি থোৱা কৰম (চিকা মৰলীয়া) গছজোপাৰপৰা ডাল কাটি আনি সাৰি-মচি থোৱা চোতালত পুতি বেদী সজা হয়। কোনো কোনোৱে কৰমডালৰ কাষত বাঁহৰ আগ আৰু জৰিগছৰ ডালো পোতে। এনেদৰে ডাল পুতি কৰা কৰম পূজাক ‘ডাল কম’ বোলে৷ আনহাতে বাঁহৰ আগ অংশ সৰু সৰুকৈ ফালি তাক মোটোকাই ফুলসদৃশ কৰি মাটিত পুতি কৰা পূজাক ‘ফুল কম’ আখ্যা দিয়া হয়। সন্ধিয়া হোৱাৰ লগে লগে মূল পূজা আৰম্ভ হয়। প্ৰথমতে পূজাৰ বেদীত ধূপ, চাকি জ্বলাই পূৰ্বতে তোলা ‘ঝাৱা’সহ ফল-ফুল আদি উছৰ্গা কৰা হয়। তাৰ পাছত কহনী বুঢ়াই (পুৰোহিত) উপৱাসে থকা কমতীসকলক বহুৱাই লৈ কৰম পূজাৰ প্ৰৱৰ্তক কৰ্মা আৰু ধৰ্মাৰ কাহিনী শুনায়। ইয়াৰ পাছত কৰ্মতীসকলে যাৱতীয় অৰিহণা দি কহনী বুঢ়াক বিদায় দিয়ে আৰু তাৰ লগে লগে আৰম্ভ হয় নৃত্য-গীতৰ বিশেষ অনুষ্ঠান। ওৰে নিশা জুৰি হোৱা এই অনুষ্ঠানক কোৱা হয় ঝুমুৰ নাচ বা ঝুমুৰ গীত।

ৰাতিপুৱাৰ লগে লগে ডালটো উভালি লৈ কৰমতীসকলে ঢোলমাদলৰ ছেৱে ছেৱে নাচি-বাগি গৈ নদী বা পুখুৰীত বিসর্জন দিয়ে। সেইদিনাই অসমৰ উৎসৱ : ৯১

গধূলি কৰম পূজা কৰা লোকসকলে কমডালৰ গাঁতৰ কাষত চাকি-বন্তি জ্বলায় আৰু একো মুঠি মাটিৰে গাঁতটো পুতি পেলায়। এই পর্বক ‘গাড়া ভোতা’ বোলা হয়। কোনো কোনো ঠাইত কৰম পূজা অনুষ্ঠিত হোৱাৰ আঠ দিনৰ দিনাহে গাড়া ভোতা অনুষ্ঠিত হয়।

ঝুমুৰ নৃত্য-গীত কৰম পূজাৰ অন্যতম প্রধান উপাদান। শ্রীকৃষ্ণই গোপীসকলক লৈ ৰাসক্রীড়া কৰাৰ দৰে ঝুমুৰ নৃত্যত ৰসিকাই কৰ্মতীসকলক লৈ নানাধৰণৰ নৃত্য-গীত পৰিৱেশন কৰে। ঝুমুৰ নৃত্য-গীতবোৰ যৌৱনোদ্দীপক। এইবোৰৰ মাজেদি প্রেমিক-প্রেমিকাৰ হিয়াৰ গোপন বতৰা প্রকাশ পায়।

কৰম পৰবক বিশেষভাৱে ডেকা-গাভৰুৰ উৎসৱ বুলি কোৱা হয় যদিও ইয়াত বুঢ়া-বুঢ়ীসকলেও ভাগ লৈ ৰং-আনন্দ উপভোগ কৰে।

You can Read Also

Reference

  1. assam.gov.in
  2. And I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

One thought on “Karam Festival in Assamese | কৰ্ম পৰব বা কম পূজা

Leave a Reply

Your email address will not be published. Required fields are marked *