April 15, 2024

About of India in Assamese

India

Table of Contents

ভাৰত নামৰ উৎপত্তি

প্রাচীনকালত এই ভূ – খণ্ডত ভৰত নামৰ এজন প্রবল – প্রতাপী ৰজাই ৰাজত্ব কৰিছিল । কিংবদন্তী মতে ভৰত আছিল ৰজা দুষ্যন্ত আৰু শকুন্তলাৰ পুত্র । এই ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰত হয় ।

 হিন্দুস্তান ’ আৰু ইণ্ডিয়া ’ নামৰ উৎপত্তি

 প্রাচীনকালত গ্রীকসকল ভাৰতলৈ আহি পোনতে সিন্ধু নদীৰ পাৰতে নিজ উপনিৱেশ স্থাপন কৰিছিল । কিন্তু তেওঁলোকে ‘ সিন্ধু ’ নদীৰ উচ্চাৰণ কৰিছিল ‘ হিন্দু বুলি । কালক্ৰমত ‘ সিন্ধু ’ ( হিন্দু ) নদীৰ কাষৰীয়া অঞ্চল ‘ হিন্দুস্তান ’ নামেৰে পৰিচিত হৈ উঠে । এনেদৰে সমগ্র ভাৰতেই সময়ত ‘ হিন্দুস্তান’লৈ ৰূপান্তৰিত হয় । সেই সিন্ধু – হিন্দু শব্দৰ পৰাই কালক্ৰমত মুখ বাগৰি ইণ্ডাছ ( Indus ) আৰু তাৰ পৰাই ভূ – খণ্ডৰ নাম ইণ্ডিয়া ’ হয়গে About of India in Assamese

 অৱস্থিতি

 ৮0/ ৰ পৰা ৩৭ ° ৬/ উত্তৰ অক্ষৰেখা আৰু ৬৮0/ ৰ পৰা ৯৭ ° ২৫/ পূর্ব দ্রাঘিমা । ভাৰতৰ প্রায় সোঁ মাজেৰে কৰ্কট ক্রান্তি ৰেখা পাৰ হৈ গৈছে ।

geography location of india

চাৰিসীমা

 পূবে ম্যানমাৰ আৰু বাংলাদেশ ; দক্ষিণে শ্রীলংকা আৰু ভাৰত মহাসাগৰ ; পশ্চিমে পাকিস্তান আৰু আৰব সাগৰ ; উত্তৰে চীন , তিব্বত , নেপাল , ভূটান আৰু হিমালয় পর্বত । মান্নাৰ উপসাগৰ আৰুপক প্রণালীয়ে দেশখনক শ্রীলংকাৰ পৰা পৃথক কৰিছে । ভাৰতৰ দক্ষিণ – পূর্বত বংগোপসাগৰ অৱস্থিত About of India in Assamese

প্রাকৃতিক বিভাগ

ভাৰতৰ মূল প্রাকৃতিক বিভাগ চাৰিটা  

( ১ ) হিমালয় পর্বতমালা অঞ্চল ,

( ২ ) গংগা আৰু সিন্ধু সমভূমি অঞ্চল ,

( ৩ ) মৰু অঞ্চল ,

( ৪ ) দক্ষিণ সমভূমি অঞ্চল ।

মাটিকালি , জনসংখ্যা আৰু অন্যান্য তথ্য

৩২,৮৭,২৬৩ বর্গ কিমিটাৰ ( পৃথিৱীৰ মুঠ মাটিকালিৰ প্রায় ২.৪২ শতাংশ ) , উত্তৰ – দক্ষিণাকৈ ইয়াৰ দীঘ প্রায় ৩২১৪ কিলােমিটাৰ আৰু পূর্ব – পশ্চিমাকৈ গড় ২৯৩৩ কিলােমিটাৰ । মাটিকালি

জনসংখ্যা ( ২০১১ ) ঃ ১২১,০১,৯৩,৪২২

পুৰুষ                       : ৬২,৩৭,২৪,২৪৮

মহিলা                   : ৫৮,৬৪,৬৯,১৪৭

২০০১ চনত জনসংখ্যা জনসংখ্যা ( জুলাই , ২০১০ ) : ১১৮,৬৮,৮০,০০০

২০২৫ চনত সম্ভাব্য

জনসংখ্যা     : ১৩৬ কোটি ৩ লাখ

সাক্ষৰতাৰ হাৰ ( ২০১১ ) ঃ ৭৪.০৪ শতাংশ

পুরুষ       ঃ ৮২.১৪ শতাংশ

মহিলা       : ৬৫.৪৬ শতাংশ

পুৰুষ – মহিলাৰ অনুপাত : প্রতি ১০০০ জন পুৰুষৰ ভিতৰত ৯৪০ গৰাকী মহিলা

জনবসতিৰ ঘনত্ব      : প্রতি বর্গ কিলােমিটাৰত ৩৮২

গড় আয়ুস           : ৬৪.৭১ বছৰ

পুৰুষ        : ৬৩.৯০ বছৰ

মহিলা                    :৬৫.৫৭ বছৰ

ৰাজধানী               :নতুন দিল্লী

ৰাজ্যৰ সংখ্যা     : ২৮

কেন্দ্রীয়শাসিত অঞ্চল   ৬ খন

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল ১ খন ( দিল্লী )

২০১১ চনৰ সাময়িক লােকপিয়ল অনুসৰি

মুখ্য ধর্ম ( ২০০১ চনৰ লােকপিয়ল অনুসৰি )

হিন্দু ( মুঠ জনসংখ্যাৰ ৮০.৫০ শতাংশ ) , মুছলমান ( ১৩.৪০ শতাংশ ) , খ্রীষ্টান ( ২.৩০ শতাংশ ) , শিখ ( ১.৯০ শতাংশ ) , বৌদ্ধ ( ০.৮০ শতাংশ ) , জৈন ( ০.৪০ শতাংশ ) , অন্যান্য ( ০.৬০ শতাংশ ) , নাস্তিক / ধর্মনিৰপেক্ষ ( ০.১০ শতাংশ ) ।

ভাষা

 সমগ্ৰ ভাৰততে মুঠতে ১,৬৫২ টা বিভিন্ন ভাষা , উপভাষা আৰু দোৱান প্রচলিত । ইয়াৰে ২২ টা ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত । সেইকেইটা হ’ল ? অসমীয়া ( ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ ১.৩০ শতাংশ ) , বাংলা ( ৮.১ শতাংশ ) , হিন্দী ( ৪১ শতাংশ ) , তেলুগু ( ৭.২ শতাংশ ) , মাৰাঠী ( ৭ শতাংশ ) , তামিল ( ৫.৯ শতাংশ ) , উর্দু ( ৫ শতাংশ ) , গুজৰাটী ( ৪.৫ শতাংশ ) , মালায়ালম ( ৩.২ শতাংশ ) , কানাড়া ( ৩.৭ শতাংশ ) , উৰিয়া ( ৩.২ শতাংশ ) , পঞ্জাবী ( ২.৮ শতাংশ ) , সিন্ধি , নেপালী , কোংকনি , মণিপুৰী , সংস্কৃত , কাশ্মীৰী , বড়াে , ডােগৰী , মৈথিলি আৰু ছাছালি ( ১.২ শতাংশ ) ।

চৰকাৰী ভাষা

দেৱনাগৰী লিপিৰ হিন্দী ভাষাই হ’ল ভাৰতৰ চৰকাৰী ভাষা । ভাৰতীয় সংবিধানে ইংৰাজী ভাষাকো ১৯৬৫ চনৰ ২৫ জানুৱাৰী পর্যন্ত চৰকাৰী কাম – কাজত ব্যৱহাৰ ১৩৫ কৰাৰ অনুমতি দিছিল । কিন্তু তাৰ পাচতাে হিন্দী ভাষাক কার্যকৰী আৰু সম্পূর্ণভাৱে সকলাে চৰকাৰী কাম – কাজত ব্যৱহাৰ কৰিব নােৱৰাত বৰ্তমানলৈকে ইংৰাজী ভাষাও সহযােগী চৰকাৰী ভাষাৰূপে ব্যৱহাৰ হৈ আছে ।

প্রধান নদ – নদী

 সিন্ধু , গংগা , ব্রহ্মপুত্র , গােদাবৰী , কাবেৰী , নর্মদা , যমুনা , শতদ্রু , বিপাশা , ইৰাৱতী , মহানদী , কৃষ্ণা , তাপ্তী , কুশী , শােন , দামােদৰ , গােমতি , কোশী , লুনি , চম্বল , চন্দ্রভাগা , সৰস্বতী আদি । ও প্রধান হ্রদ চিল্কা , কলেৰুণ , পুষ্কৰ , লগটক , চম্বৰ , উলাৰ আদি ।

 প্রধান পাহাৰ – পর্বত

 হিমালয় , পাটকাই , বিন্ধ্য , সাতপুৰ , আৰাৱলী , পূর্বঘাট , পশ্চিমঘাট , কাৰাকৰম , নীলগিৰি , কার্ডামম , পৰেশনাথ , মহাদেৱ আদি ।

প্রধান অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান , মানাহ ৰাষ্ট্ৰীয় উদ্যান , কবেট ৰাষ্ট্ৰীয় উদ্যান , সুন্দৰবন , দুধ ৰাষ্ট্ৰীয় উদ্যান , বান্ধৱনগৰ ৰাষ্ট্ৰীয় উদ্যান , ভৰতপুৰ পক্ষী অভয়াৰণ্য , মুদুমালাই অভয়াৰণ্য , হাজাৰিবাৰ্গ ৰাষ্ট্ৰীয় উদ্যান , কানহা ৰাষ্ট্ৰীয় উদ্যান , গীৰ অভয়াৰণ্য , পেৰিয়াৰ অভয়াৰণ্য আদি About of India in Assamese

প্রধান কৃষিজাত দ্রব্য

চাহ , ধান , গম , যৱ , কফি , কুঁহিয়াৰ , মাকৈজোৱা , মৰাপাট , ধপাত , সৰিয়হ , বার্লি , কপাহ , বাদাম , নাৰিকল , বজ্ৰা , ৰবৰ ।

 প্রধান খনিজাত দ্রব্য

খাৰুৱা তেল , কয়লা , মেংগানিজ , সােণ , লিগনাইট , লাে , মােনাজাইট , বক্সাইট , জিংক , ছালফাৰ , জিপচাম , টংষ্টেন , চূণশিল , তাম , হীৰা , লােণ , অভ্র বা বালিচন্দা ।

প্রধান ৰপ্তানি দ্রব্য

 চাহ , মৰাপাটৰ দ্রব্য , কপাহ , কপাহী কাপােৰ , চামৰা , মছলা , ইলেকট্রনিক যন্ত্রপাতি , মটৰগাড়ী আদি ।

প্রধান আমদানী দ্রব্য

কাপােৰ , খনিজ তেল , ধাতুনির্মিত বিভিন্ন যন্ত্রপাতি , ঔষধ , খাদ্যশস্য , বিভিন্ন ৰাসায়নিক দ্রব্য আদি ।

আন্তর্জাতিক বিমান বন্দৰ

 দমদম ( কলিকতা ) , ছাহাৰ ( মুম্বাই ) , ইন্দিৰা গান্ধী আন্তর্জাতিক বিমান বন্দৰ ( দিল্লী ) , মীনামবারুম ( চেন্নাই ) , আহমেদাবাদ , হায়দৰাবাদ , অমৃতসৰ , বাংগালােৰ , কোচিন , গােরা , জয়পুৰ , বাৰানসী , পাের্টব্লেয়াৰ , গােপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ ( বৰঝাৰ , গুৱাহাটী ) আৰু ত্রিবান্দ্রম ( তিৰুৱনন্তপুৰম ) । ইয়াৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইত ৮৭ টা অসামৰিক আৰু ২৫ টা সামৰিক বিমান বন্দৰ আছে ।

ভাৰতৰ ৰেল মণ্ডল

 ক্রমিক নং    মণ্ডল                         মূখ্য কাৰ্যালয়

  1. মধ্য ৰেলৱে               মুম্বাই
  2. পূব ৰেলৱে                কলকতা     
  3. উত্তৰ ৰেলৱে              নতুন দিল্লী
  4. পূর্বোত্তৰ ৰেলৱে             গােৰখপুৰ        
  5. উত্তৰ – পূব সীমান্ত ৰে’লৱে      মালিগাও
  6. দক্ষিণ ৰে’লৱে             চেন্নাই
  7. দক্ষিণ মধ্য ৰে’লৱে                ছেকেন্দ্রাবাদ
  8. দক্ষিণ – পূর্ব ৰে’লৱে           কলকতা
  9. পশ্চিম ৰেলৱে              মুম্বাই
  10. পূর্ব – মধ্য ৰে’লৱে                 হাজিপুৰ
  11. পূর্ব উপকূল ৰেলৱে           ভুৱনেশ্বৰ
  12. উত্তৰ – মধ্য ৰে’লৱে          এলাহাবাদ
  13. উত্তৰ – পশ্চিম ৰে’লৱে         জয়পুৰ
  14. দক্ষিণ – পূর্ব মধ্য ৰে’লৱে        বিলাসপুৰ
  15. দক্ষিণ – পশ্চিম ৰে’লৱে         হুবলি
  16. মধ্য পশ্চিম ৰেলৱে         জব্বলপুৰ

ৰাষ্ট্ৰীয় ঘাইপথ

ভাৰতত সৰ্বমুঠ ৫৬ টা ৰাষ্ট্ৰীয় ঘাইপথ আছে । এই পথসমূহৰ দৈর্ঘ্য ৬৬,৫৯০ কিলােমিটাৰ । সেইদৰে ৰাজ্যিক ঘাইপথৰ দৈর্ঘ্য হ’ল ১,২৮,০০০ কিলােমিটাৰ , জিলাৰ ঘাই পথ ৪,৭০,০০০ কিলােমিটাৰ আৰু গাঁৱলীয়া পথ ২৬,৫০,০০০ কিলােমিটাৰ । স্বাধীনতাৰ সময়ত ( ১৯৪৭ ) ভাৰতত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈর্ঘ্য আছিল ২১,৪৪০ কিলােমিটাৰ ।

 জল পৰিবহণ

 ভাৰতৰ আভ্যন্তৰীণ জলপথৰ মুঠ দৈর্ঘ্য ১৪,৫০০ কিলােমিটাৰ । জাহাজেৰে বয় – বস্তু অনা – নিয়া কৰা ব্যৱস্থাত উন্নয়নশীল দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান প্রথম আৰু পৃথিৱীৰ ভিতৰত ১৯ তম । আমাৰ দেশৰ বৰবােৰৰ ভিতৰত মুম্বাইৰ বন্দৰটোৱেই আটাইতকৈ ডাঙৰ ।

প্রধান বন্দৰ

 ভাৰতত সৰ্বমুঠ ১২ টা প্রধান বন্দৰ আৰু ১৮৭ টা ক্ষুদ্র বন্দৰ আছে । ইয়াৰে প্ৰধান বন্দৰ ১২ টা হ’ল  ঃ কান্দালা , মুম্বাই , মােৰমুগাঁও , নিউ মাংগালােৰ , কোচিন , জৱাহৰলাল নেহৰু বন্দৰ ( মুম্বাই ) , এন্নো , টুটিকৰিন , চেন্নাই , বিশাখাপট্টনম , পাৰাদ্বীপ , কলিকতা – হালদিয়া About of India in Assamese

 ভাৰতীয় ৰেলৰ কিছু কথা

 ভাৰতত ১৮৫৩ চনৰ ১৬ এপ্রিলৰ পৰা মুম্বাইৰ পৰা থানেলৈ প্রথম ৰে’ল চলাচল আৰম্ভ হয় । এই ৰেলপথৰ দৈর্ঘ্য আছিল ৩৪ কিলােমিটাৰ । বর্তমান ভাৰতৰ ৰে’লপথৰ মুঠ দৈর্ঘ্য ৬৩,৪৬৫ কিলােমিটাৰ ( ২০০৮ ) ।

  • ভাৰতত প্রতিদিনে ১১,২৭০ খন ৰেলগাড়ী চলে ।
  • ভাৰতত সৰ্বমুঠ ৭,১৩৩ টা ৰেল ষ্টেচন আছে ।
  • ভাৰতীয় ৰেলত নিযুক্ত কর্মচাৰীৰ সংখ্যা প্রায় ১৬ লাখ ।
  • ভাৰতৰ ৰে’ল ব্যৱস্থা এছিয়াৰ ভিতৰতে বৃহৎ ৰে’ল ব্যৱস্থা আৰু পৃথিৱীৰ ভিতৰত দ্বিতীয় ।
  • ভাৰতীয় ৰেলৱেই দেশৰ শতকৰা ৮০ শতাংশ মাল – বস্তু আৰু ৭০ শতাংশ যাত্রী অনা – নিয়া কৰে ।
  • ভাৰতীয় ৰেলপথৰ আটাইতকৈ দীঘল ৰেলপথটো হ’ল ও গুৱাহাটী – ত্রিবান্দ্রম ৰেলপথ ।
  • ১৯৮৪-৮৫ চনত ভাৰতৰ কলকাতা মহানগৰীত মাটিৰ তলৰ ৰেল – সেৱা মেট্রো ৰেলৱে ’ প্ৰৱৰ্তন কৰা হয় । ২০০২ চনৰ পৰা নতুন দিল্লীতাে মেট্রো ৰে’লসেৱা আৰম্ভ হৈছে ।
  • ভাৰতত তিনি ধৰণৰ ৰেল লাইন প্রচলিত ও ব্রডগজ ( দুডাল লাইনৰ মাজৰ জোখ ১.৬৯ মিটাৰ ) , মিটাৰ গজ ( ১ মিটাৰ ) , নেৰ’গজ ( ০.৭৭ মিটাৰ আৰু ০.৬১০ মিটার ) ।

 ডাক আৰু যােগাযােগ ব্যৱস্থা

০১৮৩৭ চনত ভাৰতত ডাকসেৱাৰ প্ৰৱৰ্তন কৰা হয় । ২০০৯ চনৰ মাৰ্চ মাহৰ পৰিসংখ্যা অনুসৰি ভাৰতত ১,৫৫,০১৫ টা ডাকঘৰ আছে আৰু ই বৃহত্তম ডাক নেটৱৰ্ক । ভাৰতত প্রথম ডাকটিকট প্রচলন কৰা হয় ১৮৫৪ চনত । ১৯৭২ চনৰ পৰা ভাৰতত চিঠিত ডাক সূচাংক বা পিন ( PIN : Postal Index Number ) কোড় দিয়া প্রথা আৰম্ভ হয় । একেদৰে স্পীড প’ষ্ট বা দ্রুত ডাকসেৱা আৰম্ভ হয় ১৯৮৬ চনৰ ১ আগষ্টত ।

 ১৮৫৩ চনৰ পৰা ভাৰতত টেলিগ্রাফ সেৱাৰ প্ৰৱৰ্তন কৰা হয় । ১৯৪৯ চনৰ পৰা হিন্দী আৰু অন্যান্য ভাষাত টেলিগ্রাম সেৱা প্ৰৱৰ্তন কৰা হয় ।

ভাৰতত প্রথম স্বয়ংক্রিয় টেলিফোন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় ১৯১৩ চনত । বর্তমান ভাৰতত প্রায় ১৪,২৯০ টা টেলিফোন এক্সেঞ্জ আছে । আমাৰ দেশত এছ টি ডি ( STD ) সেৱা আৰম্ভ হয় ১৯৬০ চনৰ ২৬ নৱেম্বৰত আৰু আন্তঃৰাষ্ট্রীয় টেলিফোন সেৱা ( ISD ) প্রৱর্তন কৰা হয় ১৯৭৬ চনত About of India in Assamese

 বর্তমান ভাৰতত টেলিফোন গ্রাহক সংখ্যা ৩ কোটি ১৫ লাখ ( মে ’ , ২০১২ ) { ২০০১ চনৰ পৰা ভাৰতত মােবাইল ফোনৰ সেৱাওঁ আৰম্ভ হয় । ২০১২ চনৰ মে ’ মাহৰ পৰিসংখ্যা অনুসৰি ভাৰতত মােবাইল ফোন গ্রাহক সংখ্যা ১২.৯৩ কোটি ।

 টেলিভিছন

 ভাৰতৰ টেলিভিছন সেৱাৰ নাম দূৰদৰ্শন । ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত দিল্লীত প্রথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্রচাৰ আৰম্ভ হয় । টেলিভিছনৰ নিয়মিত সম্প্রচাৰ আৰম্ভ হয় – ১৯৬৫ চনত । পােনতে আকাশবাণীৰ লগত একেলগে আছিল যদিও ১৯৭৬ চনৰ পৰা ই এক পৃথক তথা স্বতন্ত্র সংগঠন হয় ; নাম হয়গৈ দূৰদৰ্শন । দূৰদৰ্শনৰ ৰাষ্ট্ৰীয়ৰঙীন কাৰ্যসূচী আৰম্ভ হয় ১৯৮২ চনৰ ২৫ এপ্রিলত ।

১৯৯১ চনৰ আগষ্টৰ পৰা ভাৰতত প্ৰথমটোব্যক্তিগত খণ্ডৰ টেলিভিছন চেনেল ( ষ্টাৰ প্লাছ ) মুকলি কৰা হয় । ভাৰতীয় লােকৰ চেষ্টাত আৰম্ভ কৰা টেলিভিছন চেনেল জি টিভি মুকলি কৰা হয় ১৯৯২ চনৰ অক্টোবৰত । ২০১১ চনত ভাৰতৰ তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে প্রকাশ কৰা  প্রতিবেদন অনুসৰি ভাৰতত মুঠ ৬২৬ টা চেনেলে অনুষ্ঠান সম্প্রচাৰ কৰি আছে । ইয়াৰে ৬০১ টা চেনেল ব্যক্তিগত খণ্ডৰ আৰু ২৫ টা চেনেল দূৰদৰ্শনৰ অন্তৰ্গত । ভাৰতত টেলিভিছনৰ হিন্দীমনােৰঞ্জন ধর্মী অনুষ্ঠান উপভােগ কৰাদৰ্শৰ্কৰ সংখ্যা সর্বাধিক , প্রায় ৬ কোটি ( ২০১০ ) ।

ৰেডিঅ

১৯২৭ চনত মুম্বাইআৰুকলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্র স্থাপন কৰা হয় । বেচৰকাৰী খণ্ডত প্রতিষ্ঠিত এই কোম্পানীৰ নাম আছিল ইণ্ডিয়ান ব্রডকাষ্টিং কর্পোৰেচন । ১৯৩০ চনত ইয়াক চৰকাৰে গ্ৰহণ কৰে আৰু ইয়াৰ নাম দিয়া হয় ইণ্ডিয়ানব্রডকাষ্টিং ছাৰ্ভিচ । ১৯৩৬ চনৰ ৮ জুনত ইয়াৰ নাম সলনি কৰি ‘ অল ইণ্ডিয়া ৰেডিঅ ’ ( All India Radio , সংক্ষেপে AIR ) কৰা হয় আৰু ১৯৫৭ চনত ইয়াৰ নাম হয়গৈ আকাশবাণী।বর্তমান এই নামেৰেই ভাৰতৰ ৰেডিঅ ’ সেৱা পৰিচিত ।

বর্তমান ( ২০১২ ) ভাৰতত আকাশবাণীৰ ২৭৭ টা সম্প্রচাৰণ কেন্দ্র আছে আৰুই দেশখনৰ প্রায় ৯১.৭৯ শতাংশ এলেকা আৰু ৯৯.১৪ শতাংশ জনসংখ্যা সামৰিছে । আকাশবাণীয়ে বর্তমান ২৩ টা ভাষা আৰু ১৪৬ টা দোৱানত অনুষ্ঠান সম্প্রচাৰ কৰে ।

নব্বৈৰ দশকৰ মাজভাগৰ পৰা ভাৰতত এফ এম ৰেডিঅ ’ সেৱা আৰম্ভ হয় গােৱাত বর্তমান ভাৰতত ১৭১ টা আকাশবাণীৰ আৰু ২৪৮ টা ব্যক্তিগত খণ্ডৰ এফ এম ট্রেন্সমিটাৰ আছে ৷ ইয়াৰে ৬ টা ট্রেন্সমিটাৰ আছে অসমত About of India in Assamese

কম্পিউটাৰ আৰু ইণ্টাৰনেট

 কুৰি শতিকাৰ সৰ্তৰৰ দশকৰ পৰা ভাৰততে কম্পিউটাৰৰ ব্যৱহাৰ আৰম্ভ হয় আৰু শীঘ্ৰে ব্যৱসায় – বাণিজ্য , যােগাযােগ , শিক্ষা , মুদ্রণ শিল্প , মনােৰঞ্জন আদি প্রায় সকলাে ক্ষেত্ৰত ই নিজ ঠাই অধিকাৰ কৰি লয় । ২০১১ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতত ব্যক্তিগত কম্পিউটাৰৰ ( PC : Personal Computer ) সংখ্যা ৫.৭০ কোটি । ( পৃথিৱীৰ ভিতৰত পঞ্চম স্থান ) ।

১৯৯৫-৯৬ চনৰ পৰা ভাৰতত ইণ্টাৰনেট সেৱা আৰম্ভ হয় । ২০১১ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা প্রায় ১০ কোটি ( পৃথিৱীৰ মুঠ ব্যৱহাৰকাৰীৰ ৪.৭০ শতাংশ ; তৃতীয় স্থান ) ।

প্রধান পর্বতশৃংগ

 গডউইন অষ্টিন ( ৮,৬১১ মিটাৰ উচ্চতা ) , কাঞ্চনজংঘা ( ৮,৫৯৮ মিটাৰ ) , নংগা পর্বত ( ৮,১২৬ মিটাৰ ) , পেছহাৰ ব্ৰাম ( ৮,০৬৮ মিটাৰ ) , ব্রড পীক ( ৮,০৪৭ মিটাৰ ) , নন্দা দেৱী ( ৭,৮১৭ মিটাৰ ) , কামেট ( ৭,৭৫৬ মিটাৰ ) , ত্রিশূল ( ৭,১৩৮ মিটাৰ ) , নানকান ( ৭,১৩৫ মিটাৰ ) , ডুনাগিৰি ( ৭,০৬৬ মিটাৰ ) আদি ।

জনবসতিৰ ঘনত্ব অনুসৰি ১০ খন ৰাজ্য / কেন্দ্রীয়শাসিত অঞ্চল

( ২০১১ চনৰ সাময়িক লােকপিয়ল অনুসৰি প্রতি বর্গকিলােমিটাৰত ) দিল্লী ( ১১,২৯৭ ) , চণ্ডীগড় ( ৯,২৫২ ) , পুড়ুচেৰী ( ২,৫৯৮ ) , দমন আৰু ডিউ ( ২,১৬৯ ) ১৩৯ লাক্ষাদ্বীপ ( ২,০১৩ ) , বিহাৰ ( ১১,০২৩ ) , পশ্চিমবংগ ( ১,০২৯ ) , কেৰালা ( ৮৫৯ ) , উত্তৰ প্রদেশ ( ৮২৮ ) , দাদ এণ্ড নগৰ হাভেলি ( ৬৯৮ ) ।

১০ খন সর্বাধিক জনবহুল ৰাজ্য

( ২০১১ চনৰ সাময়িক লােকপিয়ল অনুসৰি ) উত্তৰ প্ৰদেশ ( ১৯,৯৫,৮১,৪৭৭ ) , মহাৰাষ্ট্র ( ১১,২৩,৭২,৯৭২ ) , বিহাৰ ( ১০,৩৮,০৪,৬৩৭ ) , পশ্চিমবংগ ( ৯,১৩,৪৭,৭৩৬ ) , অন্ধ্র প্রদেশ ( ৮,৪৬,৬৫,৫৩৩ ) , মধ্য প্রদেশ ( ৭,২৫,৯৭,৫৬৫ ) , তামিলনাড়ু ( ৭,২১,৩৮,৯৫৮ ) , ৰাজস্থান ( ৬,৮৬,২১,০১২ ) , কর্ণাটক ( ৬,১১,৩০,৭০৪ ) , গুজৰাট ( ৬,০৩,৮৩,৬২৮ ) ।

কেইখনমান সর্বাধিক জনবহুল নগৰ আৰু মহানগৰ

 দিল্লী ( ২০১১ চনৰ লােকপিয়ল অনুসৰি জনসংখ্যা ২,১৭,৫৩,৪৮৬ ) , বৃহত্তর মুম্বাই ( ২,০৭,৪৮,৩৯৫ ) , কলকাতা ( ১,৪৬,১৭,৮৮২ ) , চেন্নাই ( ৮৯,১৭,৭৪৯ ) , বাংগালুৰু ( ৮৭,২৮,৯০৬ ) , হায়দৰাবাদ ( ৬৮,০৯,৯৭০ ) , আহমেদাবাদ ( ৫৫,৭০,৫৮৫ ) , ছুট ( ৪৪,৬২,০০২ ) , পুনা ( ৩১,১৫,৪৩১ ) , কানপুৰ ( ২৭,৪৩,৭৮৬ ) ।

References

  1. Santanu Kausik Baruah and Pritima Kausik Baruah, You can buy this book “Natun Janane” (Enlargen & Revised 17th Edition)
  2. “Provisional Population Totals – Census 2011”, Office of the Registrar General and Census Commissioner (Ministry of Home Affairs, Government of India), 2011, r কৰা হৈছে: 29 March 
  3. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *