History of Kamakhya Temple in Assamese | কামাখ্যা মন্দিৰৰ ৰহস্য আৰু ইতিহাস - assamintro.com
September 28, 2022

History of Kamakhya Temple in Assamese | কামাখ্যা মন্দিৰৰ ৰহস্য আৰু ইতিহাস

History of Kamakhya Temple in Assamese

কামাখ্যা মন্দিৰৰ ৰহস্য আৰু ইতিহাস

কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। তেওঁৰ আবাস হৈছে নীলাচল পাহাৰ। তেওঁক সিদ্ধ কব্জিকা হিচাপে পূজা কৰা হয়। তেওঁক কালী বা মহা ত্ৰিপুৰা সুন্দৰী হিচাপেও চিহ্নিত কৰা হয় কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ দেৱী কামাখ্যাৰ পূজাৰ মূল আধাৰ।

        উল্লেখযোগ্য যে , গাৰো পাহাৰত থকা দেৱী কামাখ্যাৰ পূৰ্বৰ মন্দিৰ ধ্বংসপ্ৰাপ্ত হয়। কোৱা হয় যে বাৎসায়ন পুৰোহিতসকলে তেওঁৰ বিগ্ৰহ কাশ্মীৰলৈ লৈ যায় আৰু পৰৱৰ্ত্তী কালত হিমাচল প্ৰদেশৰ এক পাহাৰীয়া অৰণ্যাঞ্চলত স্থাপন কৰে। কামাখ্যা শব্দৰ অৰ্থ হৈছে কামনাৰ খ্যাতনামা দেৱী আৰু ১৬৪৫ চনত নিৰ্মিত বৰ্তমানৰ মন্দিৰতেই তেওঁৰ পূজা-অৰ্চনা কৰা হয়। কামাখ্যা মন্দিৰ একাৱন্নটা শক্তিপীঠৰ মাজত অন্যতম আৰু ই পৃথিৱীৰ অতিশয় গুৰুত্বপূৰ্ণ শাক্ত পন্থাৰ মন্দিৰসমূহৰ ভিতৰত এটা।​

        সি যি কি নহওক,  অসমৰ কামৰূপ জিলা “গুৱাহাটী”ৰ নীলাচল পাহৰত অৱস্থিত কামাখ্যা মন্দিৰ হৈছে অসমৰ হিন্দু ধৰ্মৰ এক প্ৰাচীন ঐতিহাসিক মন্দিৰ। ই গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ লগতে সমগ্ৰ ভাৰতৰ  ভিতৰতে সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক-এই দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰবাদ অনুসৰি  কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে  নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি  বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জানিব পৰা যায়।

          অসমৰ বুৰঞ্জীয়ে কয় যে কোচ ৰজা বিশ্বসিংহই গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যাপীঠৰ উদ্ধাৰ কৰি শেষত তাতেই  মন্দিৰ নিৰ্মাণ কৰিছিল। কোৱা হয় যে, সেই পীঠৰ মন্দিৰ সৰ্ব প্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্তপ্ৰায় অৱস্থাত পতিত হৈ আছিল। সেই পাহাৰৰ অধিবাসী সকলে সেই মাটিৰ স্তূপকেই দেৱস্থান বুলি মানি লৈ পূজা কৰি আহিছিল। এবাৰ বিশ্বসিংহ আৰু শিষ্যসিংহই নৈশ অভিযান কালত সৈন্য সকলৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয়গৈ। তেওঁলোকে তাতে মাটিৰ এক স্তূপৰ কাষত গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ পৰা জানিব পাৰিলে যে সেই স্তূপটো পুৰণি অধিবাসীসকলৰ দেৱস্থান। ৰজাই সেই পীঠস্থানতে তেওঁৰ সৈন্য বাহিনীৰ সৈতে মিলনৰ অৰ্থে পূজা অৰ্চনা আগবঢ়ায় আৰু তেওঁৰ মনোবাঞ্চা পূৰণ হয়। সেই কাৰ্যৰ পাছত ৰজা বিশ্ব সিংহই সেই স্থানৰ মহত্ত্ব দেখি বিষ্মিত হয় আৰু তেওঁ তাতেই স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি সংকল্পবদ্ধ হয়। পিছত সেই স্থানৰ খননত তাত এক প্ৰাচীন মন্দিৰৰ অৱশেষ আবিস্কৃত হয়। ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতে ইটাৰে এক নতুন মন্দিৰ নিৰ্মাণ কৰি দিছিল আৰু প্ৰতিটো ইটাত এক ৰতি সোণ প্ৰদান কৰিছিল বুলি জনশ্ৰুতি আছে। পিছত আকৌ ১৫৫৩ চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰ ধ্বংস কৰে। তাৰ পিছতে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ নৰনাৰায়ণে ধ্বংসাৱশেষত পৰিণত হোৱা কামাখ্যা মন্দিৰ আশে-পাশে সিঁচৰিত হৈ থকা সামগ্ৰীৰে পুনৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তেওঁ শিল্পী আৰু কলা-কুশলী সকলক আনিবলৈ মেঘমুকুন্দ সেনাপতিক নিৰ্দেশ দিছিল। মেঘমুকুন্দয়ে দুবাৰকৈ শিলৰ শিখৰ নিৰ্মাণ কৰিবলৈ অসমৰ্থ হোৱাৰ পিছত ইটাৰে বৰ্তমান শিখৰ নিৰ্মাণ কৰায়। এই নিৰ্মাণকাৰ্যত ব্যৱহৃত শিল্পী আৰু স্থাপত্যবিদ সকল ঘাইকৈ বংগৰ ইছলামীয় স্থাপত্যশৈলীৰ লগত পৰিচিত আছিল। সেয়ে মন্দিৰৰ শিখৰ সমূহ বেছি ওখ নহয় আৰু গম্বুজৰ প্ৰভাৱ পৰিলক্ষিত হয়। ইয়াৰ লগতে মিনাৰশৈলীৰ ছাঁ পৰা অংগশিখৰ এই স্থাপত্যশৈলীৰ অন্যতম বৈশিষ্ট্য ।

       কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত এটা আখ্যান আছে। আখ্যানটো এনে ধৰণৰঃ –

       দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা-সম্পত্তি নাইকিয়া টোকোনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে। কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ’লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্ৎসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ’ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰিলে। এনেদৰে ঘূৰি ফুৰোঁতে লাহে-লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ’ল। সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত সেই সেই ঠাইত একোখন দেৱীপীঠৰ সূচনা হৈছিল। য’তেই এনে অংশ পৰিল, তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ’ল।

     প্ৰাগজ্যোতিষাধিপতি কিৰাট বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। তেৱেঁই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই প্ৰাগজ্যোতিষাধিপতিৰ মতিভ্ৰম ঘটালে। তেওঁ দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢালে। দেৱীয়ে কলে যে দেৱী আৰু নৰমনিচৰ মাজত বৈবাহিক সম্পৰ্ক অসম্ভৱ কথা। কিন্তু নৰকে যেন তেন প্ৰকাৰেণ বিয়া কৰাবলৈ জিদ ধৰাত কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে। দেৱীয়ে ক’লে যে নৰকে যদি মন্দিৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে তেওঁ নৰকৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে। দেৱীয়ে ভাবিছিল, নৰকে এই কাম কৰিব নোৱাৰিব। কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হ’ল। দেৱীয়ে দেখিলে কথা বিষম; সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল’বলৈ বাধ্য হ’ল। তেওঁ কুকুৰাক আদেশ দিলে, ডাক দিবলৈ। নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিলে। দেৱীয়ে নৰকক ক’লে যে কুকুৰাই ডাক দিলে, ৰাতি পুৱাল। নৰকে চৰ্ত পূৰণ কৰিব নোৱাৰিলে। প্ৰচণ্ড ক্ৰোধত নৰকে খেদি খেদি গৈ বৰ্তমানৰ কুকুৰাকটা নামৰ ঠাই টুকুৰাত মায়াৱী কুকুৰাটো দুচেওকৈ কাটিলে। নৰকে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়। এই ঘটনাৰ পাছত দেৱকুলৰ সৈতে নৰকৰ সংঘাত আৰম্ভ হ’ল। নৰকৰ অত্যাচাৰ ইমানে বাঢ়িল যে অৱশেষত কৃষ্ণই কিৰাটৰাজক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষৰ সিংহাসন অৰ্পণ কৰিলে।

Leave a Reply

Your email address will not be published.