March 29, 2024

History of Assam in Assamese । অসমৰ ইতিহাস

History of Assam in Assamese

অসম নামৰ উৎপত্তি Origin of the name Assam

‘অসম’ নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক’ব নোৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ (পূবৰ পোহৰৰ নগৰ) আছিল গুৱাহাটী বা তাৰ দাতি-কাষৰীয়া অঞ্চল। ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত ‘অসম’  (History of Assam) নামটোৰ প্ৰচলন হয়। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়। 

অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনো পণ্ডিতে পোষণ কৰে যে, এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম অসম হ’ল। আনহাতে, এনেকুৱাও হ’ব পাৰে যে, প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম ‘অ-সম’  হ’ল। আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই ‘আহোম’ শব্দটোৰ পৰা অসম (History of Assam) হৈছে। কিন্তু অসম শব্দটোৰ পৰা আহোম হৈছেনে, আহোম শব্দটোৰ পৰা অসম হৈছে, তাক সঠিককৈ ক’ব নোৱাৰি। সংস্কৃতত ‘অ-সম’ শব্দটোৰ অৰ্থ যাৰ সমান কোনো নাই’ অথবা প্ৰতিদ্বন্বীহীন, অদ্বিতীয়। অৰ্থাৎ, এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো ক’তো নাই।

ডঃ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে ‘আছাম’ শব্দৰ জন্ম হৈছে। টাই আৰু প্রাচীন আহোম  ভাষাত ‘ছাম’ মানে পৰাজিত। তাৰ লগত অসমীয়া ‘আ’ উপসৰ্গ যোগ কৰিলে হয় ‘আ-ছাম’, অৰ্থাৎ, অপৰাজেয় অথবা বিজয়ী৷

পণ্ডিত বেডেন পাৱেলে তেওঁৰ Indian Village Community নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ ‘ছো-ছাম’ (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে।

অসম  (History of Assam) ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰ পৰা ‘আছাম’ আৰু ‘আসাম’ শব্দ দুটা প্ৰচলিত হৈ পৰে। শেষত এই ভূখণ্ড ‘অসম’ আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বোলা হ’ল। ইংৰাজসকলেই ‘অসম’ বা ‘আসাম’ৰ ইংৰাজী ASSAM বুলি কৈছে।

Assamese map of Assam
assamintro.com

অসমৰ ভৌগোলিক অৱস্থান Geographical location of Assam

অসম (History of Assam) ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত এখন ৰাজ্য । ভৌগোলিক অৱস্থান অনুসৰি অসম প্ৰায় ৯০ ডিগ্ৰীৰ পৰা ৯৭ ডিগ্ৰী পূব অক্ষাংশ আৰু ২৪ ডিগ্ৰীৰ পৰা ২৮ ডিগ্ৰী উত্তৰ দ্ৰাথিমাংশত অৱস্থিত।

অসমৰ চাৰিসীমা The Boundaries of Assam

অসমৰ উত্তৰে – অৰুণাচল প্ৰদেশ আৰু ভূটান;

পূবে – অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ;

দক্ষিণে – মিজোৰাম আৰু ত্ৰিপুৰা;

পশ্চিমে – মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ

ৰাজ্যখনৰ উত্তৰ-পশ্চিম দিশৰ এক অতি ঠেক ভূখণ্ডৰ জৰিয়তে অসম ভৌগোলিক ভাৱে ভাৰতৰ আন অংশৰ সৈতে সংলগ্ন হৈ আছে I

Geographical location of Assam
assamintro.com

অসমৰ মাটিকালি Area of Assam

৭৮, ৪৩৮ বৰ্গ কিলোমিটাৰ

অসমৰ প্রাকৃতিক বিভাগ Natural of Assam

অসমৰ ঘাই প্ৰাকৃতিক বিভাগ তিনিটা। উত্তৰত পূবা-পশ্চিমাকৈ (১) ব্ৰহ্মপুত্ৰ উপত্যকা দক্ষিণত (২) বৰাক উপত্যকা আৰু এই দুই উপত্যকাৰ মাজত (৩) কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল

অসমৰ প্ৰধান নদী ‌ Main River of Assam

অসমত অসংখ্য নদী আছে যদিও প্রধান নদী প্রকৃততে দুখন ঃ- ব্ৰহ্মপুত্ৰ আৰু বৰাক । বাকীবোৰ এই দুখন মূল নৈৰ উপনদীহে ৷ ব্ৰহ্মপুত্ৰ নদী হিমালয়ৰ মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত ‘টামচুক খামবাৰ’ নামৰ এটা হিমবাহৰ (প্রায় ৩১ ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু ৪২ ডিগ্ৰী পূব দ্ৰাঘিমা) পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নামেৰে এই নদী বৈ আহি অসমৰ মাজেদি গৈ বংগোপসাগৰত পৰিছে। ব্ৰহ্মপুত্ৰ নদী দীঘলে প্ৰায় ২,৮৮০ কিলোমিটাৰ | এই নদী প্ৰায় ৭২৫ কিলোমিটাৰ জুৰি অসমৰ মাজেদি বৈ গৈছে। অসমৰ আন এখন ঘাই নদী বৰাকপ্রায় ৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰাক নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈ মণিপুৰৰ মাজেৰে বৈ গৈ কাছাৰ জিলাত সোমাই বদৰপুৰৰ ওচৰৰ সুৰমা আৰু কুশীয়াৰা নামে দুটা শাখাত বিভক্ত হৈ বাংলাদেশত সোমাইছে। আৰু শেষত মেঘনা নামেৰে মিলিত হৈ ব্ৰহ্মপুত্ৰত (পদ্মা) পৰিছে।

অসমৰ ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ

সোৱণশিৰী, জীয়াভৰলী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, ন-দিচাং, দিখৌ, দিচাং, জীজী, ভোগদৈ, ধনশিৰি, কপিলী, জীয়াঢ়ল, ৰঙানৈ, দিক্ৰং, বুৰৈ, বৰগাং, চম্পাৱতী, সৰলভাঙা, সোণকোষ, ডিব্ৰু, বুঢ়ীদিহিং, ডিগাৰু, কুলসী, শিংৰা, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি।

অসমৰ বৰাকৰ উপনদীসমূহ

যদুকাটা, জিৰি, জাতিংগা, বগাপানী, সোণাই, লংগাই, শিংৰা, ৰাকনি, ধলেশ্বৰী, মাধুৰা, চিৰি আদি।

অসমৰ আন কেইখনমান প্রধান উপনদী

               উপনদী

সোৱণশিৰি          – চাৰিকৰীয়া, কুমতীয়া, জীয়াঢল

ন-দিহিং             – ডিৰাক

ডিব্ৰু                  – ডাঙৰী, ডুমডুমা

বুঢ়ীদিহিং            – টিপলিং, টিংৰাই, নামচাং, চেঁচা

কাকডোঙা         – ধলী

ধনশিৰি             – দৈয়াং, নামবৰ, কলিয়নী

মানাহ               – আই

কপিলী              – বৰাপানী, যমুনা, কিলিং

অসমৰ ব্ৰহ্মপুত্ৰৰ দলং সমূহ

Brahmaputra map river in assam

শৰাইঘাট দলং –

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এইখন প্ৰথম দলং । গুৱাহাটী মহানগৰীৰ পৰা প্রায় ১০ কিলোমিটাৰ দূৰৈত নিৰ্মিত শৰাইঘাট দলং ৰে’ল আৰু মটৰ গাড়ী একেলগে যাব পৰা ভাৰতৰ প্রথম দলং। দলংখনৰ দৈৰ্ঘ্য ১,২৯৫ মিটাৰ (১.২৯ কিলোমিটাৰ)১৯৬০ চনৰ ১০ জানুৱাৰীত দলংখনৰ আধাৰশিলা স্থাপন কৰা হয় আৰু ১৯৬২ চনৰ অক্টোবৰ মাহত দলংখনৰ  ৰে’ল পথটো মুকলি কৰা হয়। ইয়াৰ পাছত ১৯৬৩ চনৰ ৭ জুনত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলং জীনুষ্ঠানিকভাৱে দেশক উদ্দেশি মুকলি কৰে। শৰাইঘাট দলঙৰ তলত ব্ৰডগজ ৰে’ল লাইন আৰু ওপৰত ৭.৩ মিটাৰ বহল ৰাস্তা তথা ১.৮ মিটাৰ বহল দুটা পদ আছে। দলংখন নিৰ্মাণৰ সৰ্বমুঠ ব্যয় ১০ কোটি ৬৫ লাখ টকা। শৰাইঘাট দলঙে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পাণ্ডুৰ লগত উত্তৰ পাৰৰ আমিনগাঁৱক সংযোগ কৰিছে।

কলিয়াভোমোৰা দলং

তেজপুৰৰ পৰা প্রায় তিনি কিলোমিটাৰ পূবে অৱস্থিত কলিয়াভোমোৰা দলং ভাৰতৰ তৃতীয় দীৰ্ঘতম পথ দলং। এই দলঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দক্ষিণ পাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে। কলিয়াভোমোৰা বৰফুকনৰ স্মৃতিত নিৰ্মাণ কৰা এই দলঙৰ দৈৰ্ঘ্য ৩.০৫ কিলোমিটাৰ। ভাৰতৰ ৰে’ল বিভাগৰ উদ্যোগত নিৰ্মিত এইখন দলঙৰ নিৰ্মাণ ব্যয় প্রায় ৮৯ কোটি টকা।

নৰনাৰায়ণ সেতু

  ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং নৰনাৰায়ণ সেতুৱে উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে । ২.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এইখন দলং ১৯৯৮ চনৰ ১৫ এপ্ৰিলত আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৷ দুখলপীয়া এই দলডঙেদি একেলগে ৰে’ল আৰু মটৰ গাড়ী যাব পাৰে। নৰনাৰায়ণ সেতুৰ নিৰ্মাণ ব্যয় প্রায় ৩৩১ কোটি টকা। |

বগীবিল দলং

 উল্লিখিত তিনিখন দলঙৰ উপৰি সম্প্ৰতি ডিব্ৰুগড় চহৰৰ পৰা ১৭ কিলোমিটাৰ পশ্চিমে বগীবিলত আন এখন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। দুখলপীয়াকৈ সাজিবলগীয়া এই দলঙখনৰ তলৰ খাপত ৰে’লপথ আৰু ওপৰ খাপত মটৰ গাড়ী যাব পৰা বাট থাকিব । দলঙখনে উত্তৰ পাৰৰ ধেমাজি জিলাৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ লগত (চিচিবৰ গাঁও) দক্ষিণ পাৰৰ – ডিব্ৰুগড় জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় থাই পথক (চাউলখোৱা গাঁও) সংযোগ কৰিব। ১৯৯৭ চনৰ ২২. জানুৱাৰীত আধাৰশিলা স্থাপন কৰা আৰু ২০০২ চনৰ ২১ এপ্ৰিলত নিৰ্মাণ আৰম্ভ হোৱা এই দলং ২০১৪ চনৰ ভিতৰত সম্পূৰ্ণ হোৱা কথা। দলঙখনৰ দৈৰ্ঘ্য ‘৩২ কিলোমিটাৰ আৰু প্ৰস্তাৱিত নিৰ্মাণ ব্যয় ১,৭৬৭ কৌটি টকা। 

অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহ

National Park of Assam

অসমৰ ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ

মাজুলী আৰু উমানন্দ। মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপসমূহৰ অন্যতম।. (মাটিকালি প্ৰায় ৯২৯ বৰ্গ কিলোমিটাৰ) আৰু উমানন্দ পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ (মাটিকালি ১৬.৩৩৫ বিঘা ২ কঠা ৫ লেচা)।

সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা

অসম সমুদ্ৰ পৃষ্ঠৰ পৰা গড়ে প্রায় ৭৯.৫ মিটাৰ উচ্চতাত অৱস্থিত – শদিয়া ১৩৪ মিটাৰ, ডিব্ৰুগড় ১০৪ মিটাৰ, গুৱাহাটী ৫০ মিটাৰ, গোৱালপাৰা ৩৭ মিটাৰ আৰু ধুবুৰী ২৮ মিটাৰ।

গড় তাপমান

অসমৰ তাপমান শীতকালত গড়ে ১৬ ডিগ্ৰী চেলছিয়াছৰ আৰু গ্ৰীষ্মকালত সৰ্বোচ্চ গড়ে ৩০ ডিগ্ৰী চেলছিয়াছ মাজত থাকে।

বৰষুণৰ পৰিমাণ  

অসমৰ মৌচুয়ী অঞ্চলৰ ভিতৰতে এখন অধিক বৰষুণ হোৱা ঠাই। ইয়াৰ গড় বৰষুণ বছৰি ১৭৮ চেণ্টিমিটাৰৰ পৰা ৩০৫ চেণ্টিমিটাৰ । সাধাৰণতে জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ইয়াত বৰষুণ হয়।

জলবায়ু

অসমৰ জলবায়ু ঘাহকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছে। অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক ৷ অসমৰ জলবায়ুক (১) শীত, (২) প্ৰাক্‌ মৌচুমী, ৩) মৌচুমী আৰু (৪) উত্তৰ মৌচুমী, — এই চাৰিটা ঋতুত ভগাব পাৰি।

নৱেম্বৰ-জানুৱাৰী – শীত;

ফেব্ৰুৱাৰী-এপ্ৰিল – প্ৰাক্‌ মৌচুমী

মে’-জুলাই – মৌচুমী;

আগষ্ট-অক্টোবৰ – উত্তৰ মৌচুমী

অসমত গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য অংশতকৈ তুলনামূলকভাৱে কম শীতকালতো জাৰৰ মাত্ৰা তীব্ৰ নহয়।

অসমৰ প্ৰধান পাহাৰ

কাৰ্বি পাহাৰ, বৰাইল, বুঢ়া পাহাৰ, নীলাচল, ভোমোৰাগুৰি, শ্ৰীসূৰ্য, চৰাইদেউ, পঞ্চৰত্ন, ৰাক্ষসিনী, পাগলাটেক, টুক্ৰেশ্বৰী, ৰেংমা, চিত্ৰাচল, নৱগ্ৰহ, নখোলা আদি শৃংগ

সিংহাসন (উচ্চতা ১,৩৫৯ মিটাৰ), ডামবুকছো (১,৩৬১ মিটাৰ)। দুয়োটা শৃংগ কাৰ্বি পাহাৰ  আৰু উত্তৰ কাছাৰ পাহাৰৰ মালভূমি অঞ্চলত অৱস্থিত।

অসমৰ প্ৰধান বিল/পুখুৰী

বগীবিল (ডিব্ৰুগড়), কাৱৈমাৰী, দীপৰ (কামৰূপ), চানডুবি (কামৰূপ), গেলাবিল (গোলাঘাট), মেৰবিল (ডিব্ৰুগড়), শনবিল (কৰিমগঞ্জ), টাইপাৰবাৰ (কোকৰাঝাৰ), তামৰাঙা (গোৱালপাৰা), উৰপদ (গোৱালপাৰা), দলনি (বঙাইগাঁও), মৰিকলং (নগাঁও), কাছমাৰীজান, বৰডুবি, হাফলং লেক, পদুম পুখুৰী (তেজপুৰ), শিৱসাগৰ পুখুৰী (শিৱসাগৰ), জয়সাগৰ পুখুৰী (শিৱসাগৰ), ৰাজমাও পুখুৰী (যোৰহাট), দীঘলী বিল (ডিব্ৰুগড়), ৰাতা বিল কৰিমগঞ্জ) আদি।

অসমৰ জনসংখ্যা আৰু অন্যান্য তথ্য

(২০১১ চনৰ সাময়িক লোকপিয়ল অনুসৰি History of Assam)

‘মুঠ জনসংখ্যা      – ৩,১১,৬৯,২৭২

পুৰুষ                  – ১,৫৯,৫৪,৯২৭

মহিলা               – ১,৫২,১৪,৩৪৫.

২০২৫ চনত সম্ভাব্য জনসংখ্যা – ৩,৫৫,১২,০০০

পুৰুষৰ শতকৰা হাৰ               – ৫২

মহিলাৰ শতকৰা হাৰ             – ৪৮

চহৰ অঞ্চলৰ জনসংখ্যা(২০০১) – ৩৪,৩৯,২৪০ (মুঠ জনসংখ্যাৰ ১৩%) _:

গ্ৰামাঞ্চলৰ জনসংখ্যা (২০০১)   – ২,৩২,১৬,২৮৮ (মুঠ জনসংখ্যাৰ ৮৭%).

অনুমূচিত জাতি (২০০১) ঃ     – ১৮,২৫,৯৪৯ (মুঠ জনসংখ্যাৰ ৬. ৮৫%)

পুৰুষ                  – ৯,৪৩,৬৭৪ ,

মহিলা                – ৮,৮২,২৭৫ ‌

অনুসূচিত জনজাতি (২০০১)     – ৩৩,০৮,৫৭০ (মুঠ জনসংখ্যাৰ ১২.৪১%)

পুৰুষ                  – ১৬,৭৮,১১৭

মহিলা               – ১৬,৩০,৪৫৩

জনবসতিৰ ঘনত্ব            – প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৭ জন।

পুৰুষ-মহিলাৰ অনুপাত – প্ৰতি ১,০০০ পুৰুষৰ ভিতৰত ৯৫৪গৰাকী মহিলা

জনসংখ্যা বৃদ্ধিৰ হাৰ (২০০১- -১০)            – ১৬.৯৩% ৰ

সাক্ষৰতাৰ হাৰ              – ৭৩.১৮%

পুৰুষ                  – ৭৮.৮১% _

মহিলা                – ৬৭.২৭%

অসমৰ কাষৰীয়া ৰাজ্য

অসমৰ কাষৰীয়া ৰাজ্য ছখন ৷ সেই কেইখন হ’লঃ

অৰুণাচল প্ৰদেশ – ইটানগৰ 

 মণিপুৰ – ইম্ফল

মেঘালয় – ছিলং

মিজোৰাম – আইজল.

নাগালেণ্ড – কহিমা

 ত্ৰিপুৰা – আগৰতলা

References

  1. Directorate of Information and Public Relations, Government of Assam, Assam at a Glance, archived from the original on 6 October 2007, retrieved 25 May 2007
  2. Santanu Kausik Baruah and Pritima Kausik Baruah “Natun Janane” (Enlargen & Revised 17th Edition)
  3. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

4 thoughts on “History of Assam in Assamese । অসমৰ ইতিহাস

Leave a Reply

Your email address will not be published. Required fields are marked *