July 22, 2024

History and Essay of Kareng Ghar in Assamese | কাৰেংঘৰৰ ইতিহাস

History and Essay of Kareng Ghar inAssamese

কাৰেংঘৰ History of Kareng Ghar in Assamese

কাৰেংঘৰ (Kareng Ghar in Assamese) আহোমচাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।

History and Essay of Kareng Ghar in Assamese

নামকৰণ

অসমীয়াত কাৰেং শব্দটোৱে যিকোনো ৰাজপ্ৰসাদকে বুজায়। আনহাতে গড়গাঁৱত থকা এই ৰাজকাৰেংটোৰ নাম কাৰেং ঘৰ। ইয়াত ঘৰ শব্দটো অপ্ৰয়োজনীয় যদিও এইক্ষেত্ৰত ‘ঘৰ’ শব্দটো এটা বিশেষ ৰাজকাৰেংৰ নাম হিচাপে ব্যৱহাৰ কৰা হৈছে।

কাৰেং ঘৰ স্থাপত্য Kareng Ghar Architecture in Assamese

কাৰেং ঘৰটোত প্ৰৱেশ কৰিবৰ বাবে চাৰিখন দুৱাৰ আছে। দুৱাৰ কেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়। ঘৰটোৰ তলত দুমহলা আৰু ওপৰত পাঁচ মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ (বৰ্তমানৰ শিৱসাগৰ) তলাতল ঘৰলৈ আহিব পৰা প্ৰায় ১৬ কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। এই সুৰংগ বৰ্তমান বন্ধ হৈ আছে। কাৰেং ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে মাউতে-হাতীয়ে তল যোৱা এটা দ খাৱৈ আছে। আগেয়ে এই গড়খাৱৈটোত বাৰমাহে পানী আছিল। কাৰেং ঘৰটো দীঘলে ১২০ হাত আৰু বহলে ৩০ হাত। মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ লগত অহা ৱাকনবিচজনে (বৰকাকতী) লিখিছিল, “গড়গাঁৱৰ ৰাজকাৰেংৰ নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সূশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল”। ১২,০০০ অসমীয়া বাঢ়ৈয়ে সম্পূৰ্ণ এবছৰত এই কাৰেং ঘৰটো সাজি উলিয়াইছিল। আৰম্ভণিতে ইয়াত কাঠ-বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হোলোং বুলি কোৱা হৈছিল। মিৰজুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেং ঘৰৰ বৰ্ণনা হ’ল, “ৰজাৰ চোলং (হোলং) ঘৰটো দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত; এই ঘৰত ৬৬টা স্তম্ভ। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটোৰ চালবোৰ আচৰিত কৌশল খটূৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়া ৰাজপ্ৰাসাদলৈ পৰিণত হ’ল গড়গাঁৱৰ কাৰেং ঘৰ।

কাৰেং ঘৰ পৰ্যটনৰ গুৰুত্ব Kareng Ghar Tourism Importance

কাৰেং ঘৰটো অসমৰ আটাইতকৈ পৰ্যটন স্থলীসমূহৰ ভিতৰত এটা। ই ইয়াৰ ঐতিহাসিক আৰু স্থাপত্য সৌন্দৰ্যৰ বাবে বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষিত কৰে। বৰ্তমান সময়ত, দৰ্শনাৰ্থীসকলে প্ৰাসাদৰ তলৰ মহলা, 1ম মহলা আৰু তৃতীয় মহলা চাব পাৰে কিয়নো তেওঁলোক হৈছে একমাত্ৰ সংৰক্ষিত শাখা। স্মৃতিস্তম্ভটোৰ ভূগৰ্ভত থকা তালাতল ঘৰটো বন্ধ কৰি দিয়া হৈছে, আৰু প্ৰাসাদৰ বেছিভাগ কাঠৰ অংশ নাইকিয়া কৰা হৈছে। এই ঠাইখনে শান্ত পৰিৱেশৰ বাবে পৰ্যটকৰ বাবে এক পৰিৱেশ প্ৰদান কৰে। সামগ্ৰিকভাৱে, ই পৰ্যটকৰ বাবে কেতিয়াও নেদেখা অভিজ্ঞতা হিচাপে সহজে প্ৰমাণিত হ’ব পাৰে। গতিকে ইয়াত থাকক আৰু আগতে নেদেখাবোৰ অন্বেষণ কৰক।

চাবলগীয়া বস্তুসমূহ Things to see

  • প্ৰাসাদটোক সুশোভিত কৰি এটা দীঘল কৰিডৰৰ সৈতে চলি থকা কেইবাটাও কোঠা।
  • উত্তৰ শাখাত এটা অষ্টভুজাকৃতিৰ কোঠা যি এসময়ত পূজা ঘৰ (প্ৰাৰ্থনা গৃহ) হিচাপে কাম কৰিছিল।
  • ফৰ্টৰ দক্ষিণত অৱস্থিত বিচ্ছিন্ন কোঠাটো যিটো ৰাণীয়ে বন্দী অৱস্থাত ব্যৱহাৰ কৰিছিল।

Venue

Karenghar of Ahom Kings

Kareng Ghar (The Garhgaon Palace), Sivasagar, Gargaon, Sivasagar, Sivasagar, Assam, 785685

References

  1. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *