July 22, 2024

গোলাপ বৰবৰা | Golap Borbora Biography in Assamese

গোলাপ বৰবৰা (২৯ আগষ্ট ১৯২৬ – ১৯ মাৰ্চ ২০০৬) ১৯৭৮ চনৰ পৰা ১৯৭৯ চনলৈ ভাৰতৰ অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল। তেওঁ অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল। বৰবৰা ১৯৬৮ চনৰ পৰা ১৯৭৪ চনৰ ভিতৰত ৰাজ্যসভাৰ সদস্য আছিল।

মুখ্যমন্ত্ৰী
কাৰ্যকাল
১২ মাৰ্চ, ১৯৭৮ – ৪ ছেপ্টেম্বৰ, ১৯৭৯
নেতাজনতা দল
পূৰ্বসূৰীশৰৎ চন্দ্ৰ সিংহ
উত্তৰসূৰীযোগেন্দ্ৰনাথ হাজৰিকা
বিধায়কতিনিচুকীয়া সমষ্টি
কাৰ্যকাল
১৯৭৮ – ১৯৮৩
পূৰ্বসূৰীপৰমানন্দ গগৈ
উত্তৰসূৰীৰাজেন্দ্ৰ নাথ ফুকন
ব্যক্তিগত তথ্য
জন্ম২৯ আগষ্ট, ১৯২৫ (৯৮ বছৰ)
গোলাঘাট জিলা
মৃত্যু১৯ মাৰ্চ, ২০০৬
গুৱাহাটী
ৰাজনৈতিক দলজনতা দল
জীৱিকাৰাজনীতি

প্ৰাৰম্ভিক জীৱন

তেওঁ গোলাঘাটত জন্মগ্ৰহণ কৰিছিল আৰু তিনিচুকীয়াত প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁৰ পিতৃ-মাতৃ আছিল কোমোল বৰবৰা (ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড, ডিগবোইৰ এজন কাৰ্যবাহী বিষয়া) আৰু পুনিয়াপ্ৰোভা বৰবৰা। পিছত তেওঁৰ দেউতাকে চৰকাৰী সমস্যাৰ বাবে চাকৰি এৰিছিল (কোম্পানীত দীঘলীয়া ধৰ্মঘট)। তেওঁৰ দহজন ভাই-ভনী আছিল, যাৰ ভিতৰত এজন আছিল ৰেণু দিৱস, যি পিছলৈ অসম চলচ্চিত্ৰ উদ্যোগত এগৰাকী প্ৰচুৰ অভিনেত্ৰী হিচাপে বিখ্যাত হৈছিল

ব্যক্তিগত পটভূমি

তেওঁ এজন ধূমপান নকৰা কিন্তু “পান আৰু চাহ আসক্ত” আছিল। তেওঁ চাৰিজন পুত্ৰক এৰি থৈ গৈছে, যাৰ ভিতৰত আছে প্ৰসিদ্ধ অধিবক্তা অৰূপ বৰবৰা।

শিক্ষা

গোলাপ বৰবৰাই সৰু কালৰ শিক্ষা তিনিচুকীয়াৰ পৰা লাভ কৰিছিল।[6] ১৯৪৪ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আই. এছ. ছি. পৰীক্ষা পাছ কৰে | কলিকতাত থকা সময়ছোৱাত তেওঁ সমাজবাদী আন্দোলনৰ পৰা আকৃষ্ট কলেজীয়া জীৱন সিমানতে সামৰণি মাৰে আৰু ১৯৪৭ চনত অসমলৈ ঘূৰি আহে।

ৰাজনৈতিক জীৱন

সেই সময়ত অসমত কংগ্ৰেছ দলৰ মাজত কংগ্ৰেছ ছচিয়েলিষ্ট নামৰ গোট আছিল। কলিকতাৰ পৰা ঘূৰি আহি তেওঁ সেই দলৰ সদস্য হিচাপে অন্তৰ্ভূক্ত হয়। দেশ স্বাধীন হোৱাৰ পিছত কংগ্ৰেছ ছচিয়েলিষ্ট দলে কংগ্ৰেছ ত্যাগ কৰি এটা নতুন দল গঠন কৰে। এই দলটোৱে গণতন্ত্ৰ তথা সমাজবাদৰ ভেটিত কংগ্ৰেছৰ জাতীয় বিকল্প গঢ়িবলৈ চেষ্টা কৰে। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত গোলাপ বৰবৰা ছচিয়েলিষ্ট পাৰ্টীৰ, ডিব্ৰুগড় জিলা শাখাৰ সম্পাদক হয়। ১৯৬৫ চনত এবছৰৰ বাবে তেওঁ দলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আছিল।

১৯৬৮ চনত গোলাপ বৰবৰা ৰাজ্যসভালৈ বিৰোধী দলৰ সদস্য হিচাপে প্ৰথম নিৰ্বাচিত হৈছিল। ১৯৭৪ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য আছিল। উত্তৰ-পূব সীমান্ত ৰেলৰ শ্ৰমিক ইউনিয়নৰ তেওঁ কেইবাবছৰ ধৰি বিষয়ববীয়া আছিল।

১৯৭৪ চনৰ শেষৰফালে লোকনায়ক জয়প্ৰকাশৰ নেতৃত্বত দেশজুৰি আন্দোলন আৰম্ভ হৈছিল। গোলাপ বৰবৰাই এই আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। ১৯৭৫ চনৰ ২৫ জুনত জৰুৰী অৱস্থা ঘোষণা কৰি জয়প্ৰকাশ, মোৰাৰজী দেশাইৰ লগতে তেওঁকো গ্ৰেপ্তাৰ কৰি বহুদিন জেলত ৰখা হ’ল।

জেলৰ পৰা ওলাই গোলাপ বৰবৰাক নৱগঠিত জনতা দলৰ সভাপতি পদ গ্ৰহণ কৰে। ১৯৭৮ চনৰ অসম বিধান সভা নিৰ্বাচনত এই দলটোৱে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে।

মুখ্যমন্ত্ৰী পদত

১৯৭৮ চনৰ মাৰ্চত অসম বিধানসভাৰ নিৰ্বাচনত জনতা পাৰ্টিয়ে ৫৩ খন আসন লাভ কৰে। এইদৰে তেওঁৰ দলটো বিধান সভাৰ বৃহত্তম দল হিচাপে গণ্য হয়। ১৯৭৮ চনৰ ১২ মাৰ্চত গোলাপ বৰবৰাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। সেই বাৰেই প্ৰথমবাৰৰ বাবে কংগ্ৰেছ বিৰোধী দল এটাই চৰকাৰ গঠন কৰে।

জনহিতকৰ কাম

মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰি গোলাপ বৰবৰাই ভালেমান জনহিতকৰ কাম কৰে। যেনে-খেতিয়কৰ দহ বিঘালৈকে মাটিৰ খাজনা মাফ কৰি দিয়া, দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ মাচুল মাফ, ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ আধাৰশিলা স্থাপন, জাগীৰোড আৰু কাছাৰত কাগজ কল প্ৰতিষ্ঠা, বনস্পতি কাৰখানা, বিজুলী জনসিঞ্চনৰ বাবে কেইবাটাও নতুন আঁচনি উল্লেখযোগ্য।

মৃত্যু

২০০৬ চনৰ ১৯ মাৰ্চত গুৱাহাটীত ৮৩ বছৰ বয়সত গোলাপ বৰবৰাৰ মৃত্যু হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *