Table of Contents
গিবন অভয়াৰণ্য Gibbon Wildlife Sanctuary
যােৰহাট চহৰৰপৰা ২২ কিলােমিটাৰ দূৰত্বত অৱস্থিত গিবন অভয়াৰণ্যৰ মাটিকালিৰ পৰিমাণ ২০.৯৮ বর্গ কিলােমিটাৰ। অভয়াৰণ্য ঘােষণা হােৱাৰ আগতে এই অৰণ্য অঞ্চল হােলােঙাপাৰ অৰণ্য নামে। জনাজাত আছিল। ১৮৮১ চনতেই এই অৰণ্য ব্রিটিছ চৰকাৰৰদ্বাৰা সংৰক্ষিত বনাঞ্চল হিচাপে ঘােষিত হৈছিল৷ হাবিখনত অধিক পৰিমাণৰ ‘হােলােং গছ পােৱা যায় আৰু তাৰ ফলত মানুহৰ মুখ বাগৰি ই ‘হােলােঙাপাৰ’ নাম পালে বুলি জনা যায়। আনহাতে এই অভয়াৰণ্যত লুপ্ত হ’বলৈ ধৰা হলৌ বান্দৰ পােৱা যায়। হলৌ বান্দৰৰ ইংৰাজী নাম ‘Hollock Gibbon’ৰপৰা গিবন নামটোৰ উৎপত্তি হৈছে বুলি ক’ব পাৰি। হােলােঙাপাৰ হাবি নামে জনাজাত এই বনাঞ্চলে ১৯৯৭ চনৰ ৩০ জুলাইত অসম চৰকাৰৰ FR/37/97/31 জাননীযােগে গিবন বন্যপ্রাণী অভয়াৰণ্য’ হিচাপে স্বীকৃতি লাভ কৰে। তেতিয়াৰপৰাই এই অভয়াৰণ্য গিবন অভয়াৰণ্য নামে প্রসিদ্ধ হয়। Gibbon Abhayarana in Assamese
এই অভয়াৰণ্যৰ ভৌগােলিক অৱস্থিতি ২৬°৪০ৰপৰা ২৬°৪৫ উত্তৰ অক্ষাংশ আৰু ৯৪°২ৰপৰা ৯৪°২৫ পূর্ব দ্রাঘিমাংশ।
জলবায়ু Gibbon Wildlife Sanctuary
সমুদ্রপৃষ্ঠৰপৰা এই অভয়াৰণ্যৰ উচ্চতা ১০০ৰপৰা ১২০ মিটাৰ। বৰষুণৰ পৰিমাণ বছৰত প্রায় ২৪৯ চেণ্টিমিটাৰ। অভয়াৰণ্যখন মাটিকালিৰ দিশত কম হলেও বন্যপ্রাণীৰ দিশত যথেষ্ট চহকী। Gibbon Abhayarana in Assamese
চাৰিসীমা Gibbon Wildlife Sanctuary
অভয়াৰণ্যখনৰ পূবদিশে দিহিঙীয়াপাৰা আৰু ভেলাগুৰি চাহ-বাগিচা, পশ্চিমদিশে কঁঠালগুৰি চাহ-বাগিচা আৰু ভােগদৈ নৈ, উত্তৰদিশে মধুপুৰ আৰু মেলেং চাহ বাগিচা আৰু দক্ষিণ দিশত আছে ধােদৰ আলি। অভয়াৰণ্যখনৰ মাজেদি কলীয়াপানী নামেৰে এটা জান বৈ গৈছে।
উদ্ভিদ Gibbon Wildlife Sanctuary
অভয়াৰণ্যখনত তিনিটা স্তৰৰ গছ-গছনি আছে। এটা স্তৰ অতি ওখ, আনটো মজলীয়া আৰু তৃতীয় স্তৰটো হৈছে গুল্ম। অভয়াৰণ্যখনত হােলােং, সাঁচি, হলখ, কঁঠাল, তিতাচঁ পা, নাহৰ, কাঠবাদাম, এজাৰ, থেকে, ধূনা, চেলেং, কঁঠাল, গমাৰি আদি মূল্যৱান গছ পােৱাৰ লগতে বিভিন্ন প্রজাতিৰ বাঁহ, বেত, অর্কিড, চেঁকীয়াজাতীয় উদ্ভিদ আদি পােৱা যায়।
জীৱ-জন্তু Gibbon Wildlife Sanctuary
গিবনৰ মূল আকর্ষণ হ’ল হলৌ বান্দৰ। ভাৰতত পােৱা ১৫টা বান্দৰ প্ৰজাতিৰ ভিতৰত ৭টা প্ৰজাতিৰ বান্দৰ এই অভয়াৰণ্যখনত আছে। এই ৭টা প্রজাতি হ’ল হলৌ বান্দৰ, টুপীমূৰীয়া বান্দৰ, লাজুকী বান্দৰ, মলুৱা বান্দৰ, গাহৰিনেজীয়া বান্দৰ, অসমীয়া বান্দৰ আৰু সেন্দুৰী বান্দৰ। বান্দৰজাতীয় প্রাণীৰ উপৰি Gibbon Abhayarana in Assamese

গিবনৰ মূল আকর্ষণ হ’ল হলৌ বান্দৰ।
নাহৰফুটুকী, লতামাকৰি, হেপা, বনৰৌ, বনৰীয়া গাহৰি, কেৰ্কেটুৱা, হাতী, শিয়াল, জহামাল, বাদুলী ইত্যাদি স্তন্যপায়ী জীৱ-জন্তু গিবন অভয়াৰণ্যত আছে। অভয়াৰণ্যখনত ৪০ টাৰৰ অধিক হাতী আছে। পাতভেকুলী, গুই, অজগৰ, ফেঁটীসাপ, কাছ আদি বিভিন্ন ধৰণৰ উভচৰ আৰু সৰীসৃপপা অভয়াৰণ্যখনত দেখা যায়। অভয়াৰণ্যখনত পখিলা আৰু অসংখ্য মকৰা আছে।
পক্ষীকুল Gibbon Wildlife Sanctuary
চৰাইৰ ক্ষেত্ৰত গিবন চহকী। ধনেশ, হাইঠা, ফেঁচা, বাঢ়ৈটোকা, কপৌ, বুলবুলি, সখিয়তী, ফেঁচু, হেঁটুলুকা, চিলনী, দহিকতৰা, নাচনী, মৌপিয়া, কাণকুৰিকা, ঘৰচিৰিকা, টুনী, মইনা, টোকোৰা, বতাহী, বগলী আদি প্রায় ১০০টা প্ৰজাতিৰ চৰাই অভয়াৰণ্যখনত আছে বুলি জনা যায়। শীতকালত বিভিন্ন পৰিভ্রমী চৰায়ে অভয়াৰণ্যখনৰ গছ-গছনি, জান-জুৰি আদি মুখৰিত কৰি তােলে। উল্লেখযােগ্য, বিশ্ববিখ্যাত বেচৰকাৰী সংগঠন ‘Bird Life International-q ist told ‘Important Bird Area’ TFT sro দিছে।
যাতায়াতঃ যােৰহাটৰপৰা বাছেৰে অভয়াৰণ্যখনলৈ যাবলৈ সুবিধা আছে। মৰিয়নী ৰেল ষ্টেশ্যন অভয়াৰণ্যৰ গাতে লাগি আছে। যােৰহাটৰ ওচৰতে অভয়াৰণ্যখন অৱস্থিত বাবে থকা-মেলাৰাে উপযুক্ত সুবিধা আছে। তদুপৰি অভয়াৰণ্যখনৰপৰা ৫ কিলােমিটাৰ দূৰত থকা মৰিয়নী চহৰতে থকাৰ সুবিধা আছে। গিবন অভয়াৰণ্যৰ অভ্যন্তৰত বন বিভাগৰ এটা সৰু পৰিদৰ্শন বলা আছে।
ভ্ৰমণৰ উপযুক্ত সময়ঃ
ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ এই অভয়াৰণ্য ভ্ৰমণৰ উপযুক্ত সময়।
যােগাযােগ
1. Divisional Forest Officer Jorhat Division, Jorhat 2.Forest Range Officer, Mariani Range, P.O. Mariani, Jorhat.
References
- Barua and Sharma, Maan and Pankaj. “The birds of Nameri National Park, Assam, India”
- Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
- Choudhury, Anwaruddin (2004). Kaziranga Wildlife in Assam.
- Something I collected from Wikipedia
Learning, Awareness and Education is the purpose of this Blog/Website.
If any mistake or error please kindly inform us, thanks