গড়গাঁওৰ ইতিহাস History of Garhgaon in Assamese
গড়গাঁও আহোম ৰাজ্যৰ তৃতীয় ৰাজধানী আছিল। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল।[1] বৰ্তমান এই স্থান অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। গড়গাঁও শিৱসাগৰ চহৰৰ পৰা ১৩ কিলোমিটাৰ নিলগত অৱস্থিত। ১৫৪০ চনতে স্বৰ্গদেউ চুক্লেংমুঙে গঁড়গাঁৱত কাৰেং ঘৰ কাঠ আৰু শিলেৰে নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ইয়াক ইটাৰে নিৰ্মাণ কৰে। তেওঁ গড়গাঁও কাৰেঙৰ চাৰিওফালে প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰে ইটাৰ দেৱাল আৰু প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিছিল। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।
নামৰ উৎপত্তি
গড়গাঁৱৰ অতীতত নাম হেমেনাবাৰী আছিল। ৰাজধানী হোৱাৰ আগতে ইয়াত হেমেনা নামৰ মানুহ এজনৰ মাটি-বাৰী আছিল। কথিত আছে যে স্বৰ্গদেউ চুক্লেনমুঙৰ পত্নী চাওচিঙে সমসাময়িক চীন দেশৰ শান ৰাজ্যৰ ৰাজপ্ৰসাদৰ আৰ্হিত নতুন ৰাজধানী নক্সা সাজি উলিয়াইছিল। গড়গাঁৱৰ নিৰাপত্তা ব্যৱস্থা অতি সুৰক্ষিত আছিল। তেওঁৰ পৰামৰ্শ অনুসৰি গড়গাঁৱৰ চাৰিওফালে খাৱৈ খান্দি ওখ গড় বন্ধা হৈছিল। গড়গাঁও নামৰ মূল বিশেষত্ব এই যে গড় মাৰি ৰাজধানী পতাৰ বাবেই এই ঠাইৰ নাম গড়গাঁও হল।
দেশ | ভাৰত |
---|---|
ৰাজ্য | অসম |
জিলা | শিৱসাগৰ জিলা |
উচ্চতা | ৯৫ মিটাৰ (৩১১.৬৮ ফুট) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-AS |
যানবাহনৰ নম্বৰ | AS |
আহােম ৰাজত্বৰ সাক্ষী বহন কৰা গড়গাঁও নগৰখন শিৱসাগৰ জিলাৰ অন্তর্গত। শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১২ কিলােমিটাৰমান পূবলৈ শিমলুগুৰি আৰু নাজিৰা নগৰৰ ওপৰত গড়গাঁৱৰ অৱস্থিতি। আহােমসকলৰ সুদীর্ঘ ছশবছৰীয়া শাসনকালত ৰাজনৈতিক আৰু নিৰাপত্তাজনিত কাৰণত কেইবাঠাইতাে কেইবাখনাে ৰাজধানী স্থাপন কৰা হৈছিল অর্থাৎ বিভিন্ন সময়ত ৰাজধানী স্থানান্তৰ কৰা হৈছিল। স্বৰ্গদেউ চুক্লেনমুঙৰ ৰাজত্বকালত (খ্রীঃ ১৫৩৯-১৫৫২) গড়গাঁও নগৰখন নির্মাণ কৰি দিহিঙৰ পাৰৰ বকতাৰ পৰা দিখৌৰ পাৰৰ এই গড়গাঁও নগৰলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। সেইবাবে স্বৰ্গদেউ চুক্লেনমুং গড়গা ৰজা হিচাপেও পৰিচিত হৈ পৰিছিল। চুক্লেনমুং ৰজাৰ ৰাজ মহিষী তথা মগুৱাং ৰাজ্যৰ চাও চিং নামৰ ৰাজকুঁৱৰীৰ পৰামর্শমতে চুক্লেনমুঙে দিখৌৰ পাৰৰ এই সুৰক্ষিত আৰু যাতায়াত সুচল স্থানত ৰাজধানী নির্মাণ কৰিছিল বুলি জনা যায়।
গড়গাঁও নগৰৰ মাজ মজিয়াত নির্মাণ কৰা ৰাজ প্রাসাদটো কাৰেংঘৰ হিচাপে জনা গৈছিল। কাৰেংঘৰক কেন্দ্রবিন্দু হিচাপে লৈ গড়গাঁও নগৰৰ চাৰিওফালে তিনিটা গড়ৰ এক আবেষ্টনী গঢ়ি তােলা হৈছিল—
১। ৰাজগড় ঃ একেবাৰে বাহিৰৰফালে থকা প্রথম গড়টো ৰাজগড় হিচাপে জনা গৈছিল। এই গড় উচ্চতা প্রায় ১৫-১৬ ফুটমান হােৱাৰ লগতে ই বহলে ৩০ ফুটতকৈও অধিক আছিল। গড়টোৰ বাহিৰফালে ওখ
গড়াৰ তলত দ গড়খাৱৈ আছিল। গড়টোৰ পৰা মাটি যাতে খহি যাব নােৱাৰে তাৰ বাবে বাঁহজাতীয় গছ ৰােপণ কৰা হৈছিল। দ-গড়খাৱৈটো বছৰৰ সকলাে সময়তে পানীৰে উপচি থাকিছিল। এনেদৰে গড়খাৱৈ, বাঁহগছৰ বেষ্টনী আৰু ওখ গড়টোৱে ৰাজপ্রাসাদৰ চাৰিওফালে এক সুৰক্ষিত বেষ্টনী তৈয়াৰ কৰিছিল।
২। ভিতৰগড় : ৰাজগড়ৰ ভিতৰফালে থকা দ্বিতীয় গড়টো ভিতৰগড় হিচাপে জনা গৈছিল। এই গড় উচ্চতা আছিল প্রায় দহফুটমান। ৩। ভিতৰ গড়ৰ ভিতৰফালে ৰাজপ্রাসাদটো আগুৰি তৃতীয়টো গড় নির্মাণ কৰা হৈছিল।
স্বৰ্গদেউ চুক্লেনমুঙৰ ৰাজত্বকালৰ পৰা স্বৰ্গদেউ প্রমত্ত সিংহৰ ৰাজত্বকাললৈ গড়গাঁৱত বহুতাে নির্মাণকার্য কৰা হৈছিল। এই নির্মাণকার্যসমূহ কাঠ, বাঁহ আদি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল। ১৬৬২ খ্রীঃত মােগল সেনাপতি মীৰজুমলাৰ লগত অসম আক্ৰমণৰ সময়ত অহা পাৰ্চী লিখক চিহাবুদ্দিন তালিচে ৰাজধানী গড়গাঁৱৰ বৰ্ণনা কৰিছে। তেওঁৰ বিৱৰণীৰ পৰা গড়গাঁৱৰ ৰাজপ্রাসাদটো কাঠেৰে নির্মিত বুলি জানিব পাৰি। তুংখুঙীয়া বংশৰ ৰজাসকলৰ ৰাজত্বকালৰ সময়ৰ পৰাহে অসমত ইটাৰ ব্যৱহাৰ কৰি ৰাজকাৰেং আৰু অন্যান্য স্থাপত্যসমূহ নির্মাণ কৰা হৈছিল।
চুচেংফা বা প্রতাপ সিংহৰ ৰাজত্বকালত গড়গাঁও নগৰৰ চাৰিওফালে বাঁহগড় বান্ধি তিনিখন সিংহদুৱাৰ আৰু দহখন সাধাৰণ দুৱাৰ নিৰ্মাণ কৰিছিল। গড়গাঁৱৰ চাৰিওফালে থকা ৰাজগড়ৰ পূব, পশ্চিম আৰু দক্ষিণ দিশত মূল সিংহদুৱাৰ তিনিখন নির্মাণ কৰা হৈছিল। ইয়াৰে পূবফালে থকা দুৱাৰখনৰ নাম আছিল পানীদুৱাৰ। পশ্চিমফালে গড়ৰ ভিতৰফালে থকা দুৱাৰখন চাউদাং দুৱাৰ আৰু গড়ৰ বাহিৰফালে থকা দুৱাৰখন ন-দুৱাৰ হিচাপে জনা গৈছিল। দক্ষিণফালে থকা গড়টোৰ ভিতৰফালে থকা দুৱাৰখনক বাটঘৰ আৰু বাহিৰফালে থকা দুৱাৰখনক বৰদুৱাৰ হিচাপে জনা গৈছিল।
স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ শাসনকালত খ্রীঃ ১৬৯৮ ত আহােম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ তুলি নিয়া হৈছিল যদিও গড়গাঁৱত নির্মাণকার্য অব্যাহত আছিল। ৰুদ্ৰসিংহই গড়গাঁৱত শিল আৰু ইটাৰ ব্যৱহাৰ কৰি পূজাঘৰ আৰু গােবিন্দ দৌল নির্মাণ কৰিছিল। স্বৰ্গদেউ প্রমত্ত সিংহই গড়ৰ মূল দুৱাৰকেইখনৰ ওপৰত একোটাকৈ
পকীঘৰ সাজি তাৰ তলত লােহাৰ দুৱাৰ লগাই সশস্ত্র চাউদাং ৰখাৰ ব্যৱস্থা কৰিছিল। ৰাজপ্রাসাদৰ উপৰি গড়গাঁৱত ডা-ডাঙৰীয়া আৰু উচ্চ বিষয়াসকলৰ বাসগৃহ, হােললাংঘৰ, বাটচ’ৰা, পাটঘৰ, পালিঘৰ, কুজিঘৰ আদি বিভিন্ন ঘৰ আছিল। এই গৃহসমূহ ৰাজনৈতিক আৰু প্রশাসনিক কামত ব্যৱহাৰ কৰা হৈছিল। তদুপৰি বহুতাে অস্ত্র-শস্ত্ৰৰ ভাণ্ডাৰাে গড়গাঁৱত নির্মাণ কৰা হৈছিল।
গড়গাঁৱত থকা আহােম স্থাপত্যৰ উৎকৃষ্ট নিদর্শন হ’ল কাৰেংঘৰ। আহাে, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত (খ্রীঃ ১৭৫১-১৭৬৯) এই ৰাজপ্রাসাদটো পকীকৈ নিৰ্মাণ কৰা হৈছিল। এই প্রাসাদটো সাতখলপীয়া আছিল। প্রথম অৱস্থাৰ পৰাই ইয়াৰ দুটা মহলা ভূ-গর্ভস্থ আছিল। ইংৰাজসকলৰ শাসনকালত ইয়াৰ তৃতীয় মহলাও মাটিৰে পুতি পেলােৱা হয়। সেয়েহেবর্তমান ইয়াৰ চাৰিটা মহলাহে দৃষ্টিগােচৰ হয়। এই ৰাজপ্রাসাদটো বর্গাকৃতিত নির্মাণ কৰা হৈছিল। ওপৰৰ মহলাবােৰ ক্রমান্বয়ে সৰু। ওপৰৰ মহলাকেইটাৰ চাৰিওফালে মুকলি ঠাই আছিল। ৰজাৰ সুৰক্ষাৰ বাবে এই কাৰেংঘৰৰ পৰা দিখৌ নৈ সংযােগী এক ভূ-গর্ভস্থ বাট আছিল। এই গুপ্ত পথেদি প্রয়ােজনৰ সময়ত ৰজাই ৰাজধানী এৰি পলাব পাৰিছিল। ৰংপুৰত ৰাজধানী , প্রতিষ্ঠা কৰাৰ পাচত তাত নির্মাণ কৰা ৰাজপ্রাসাদ তলাতল ঘৰৰ লগতাে কাৰেংঘৰৰ এনে সুৰংগৰ জৰিয়তে সংযােগ স্থাপন কৰা হৈছিল।