November 29, 2021

Essay on Lakshminath Bezbaroa in Assamese

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা Lakshminath Bezbaroa

লক্ষ্মীনাথ বেজবৰুৱা  ১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।

জন্ম১৮৬৪, ১৪ অক্টোবৰ
আহঁতগুৰি
মৃত্যু১৯৩৮, ২৬ মাৰ্চ
ডিব্ৰুগড়
পেছাগল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক, সমালোচক
ভাষাঅসমীয়া
ৰাষ্ট্ৰীয়তাভাৰতীয়
নাগৰিকত্বভাৰতীয়
শিক্ষাকলা স্নাতক
সময়১৮৬৪-১৯৩৮
উল্লেখনীয় কৰ্মৰাজিমোৰ জীৱন সোঁৱৰণ
শ্ৰীশ্ৰী শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ
উল্লেখযোগ্য বঁটাঅসম সাহিত্য সভাৰ সভাপতি (১৯২৪ চন),
অসম ছাত্ৰ সন্মিলনীৰ সভাপতি (১৯১৬ চন)
দাম্পত্যসংগীপ্ৰজ্ঞাসুন্দৰী দেৱী

জন্ম

বৰ্তমান অসম সাহিত্য সভাই তেওঁৰ জন্ম চন ১৮৬৪ চনৰ ১৪ অক্টোবৰ বুলি নিশ্চিত কৰিছে। আনহাতে বেজবৰুৱা গ্ৰন্থাৱলীৰ তৃতীয় খণ্ডত প্ৰকাশিত দিনলিপিত তেওঁ ১৯৩২ চনৰ ১৩ অক্টোবৰ বৃহস্পতিবাৰৰ দিনলিপিত “My birthday, fed Senapatis etc.” বুলি উল্লেখ কৰিছে। এই ফালৰ পৰা বেজবৰুৱাৰ জন্ম তাৰিখ ১৩ অক্টোবৰ বুলিও অনুমান কৰিব পাৰি।

নতুন পৃথিৱীৰ নতুন দিগন্তত, ন চকুযুৰিত দীপ্তি ঢালি লৈ, পুৰণি পৃথিৱীক ন-দৃষ্টিৰে চাই অসমীয়া ভাষা সাহিত্যৰ পুৰণি ভঁৰালটোক নতুন সৃষ্টিৰে বিনন্দীয়াকৈ বেজবৰুৱাদেৱে সজাই থৈ গ’ল, ১৮৬৪ চনৰ কাতি মাহৰ লক্ষ্মী পূর্ণিমাৰ চন্দ্ৰমাৰ স্নিগ্ধ-মধুৰ জ্যোৎস্নাভৰাশুভ পৱিত্ৰ লগ্নত “ভূমিষ্ঠ নহৈ নৌকাস্থ হােৱা” ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ পুত্র লক্ষ্মীনাথে যি জ্যোতিৰ মালাৰে পৰিবৃত হৈ গ্রহণ কৰিছিল, সেই জ্যোতিৰ মালাৰেই অসমীয়া ভাষা-সাহিত্যৰ জগৎ উদ্ভাসিত কৰি থৈ গৈছ Essay on Lakshminath Bezbaroa in Assamese

শিক্ষা

পিতৃ-মাতৃৰ বৈষ্ণৱাদর্শই শৈশৱৰেপৰা বেজবৰুৱাক প্ৰভাৱান্বিত কৰিছিল। তেওঁ তেজপুৰ, লক্ষীমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি ঠাইত শিক্ষা লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত কৃতিত্বেৰে উত্তীর্ণ হৈ কলিকতাত প্রথমে ৰিপন কলেজত আৰু পাছত চিটি কলেজত পঢ়ি ফাষ্ট শিক্ষা আর্ট আৰু বি. এ. পাছ কৰে। তাৰ পাছত এম. এ. আৰু আইন অধ্যয়ন কৰে যদিও ডিগ্রী নােহােৱাকৈ অধ্যয়ন সমাপ্ত কৰে। ইংৰাজ চৰকাৰে তেওঁক মুন্সি পদ যাচিছিল যদিও তেওঁ তাক প্রত্যাখ্যান কৰি স্বাধীনতা-পয়াসী উচ্চ মনৰ পৰিচয় দিছিল। কলিকতাত থকা কালতে বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰী দেৱীৰ লগত বিবাহ পাশত আবদ্ধ হয়।

জোনাকী

বেজবৰুৱাৰ কলিকতীয়া জীৱনে আনে তেওঁলৈ সাহিত্য সাধনাৰ অফুৰন্তশক্তি আৰু অনুপ্ৰেৰণা। “ৰােমাণ্টিক কাব্যদর্শনৰ ত্রিমূর্তি”- বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গােস্বামীৰ কলিকতাত মিলন অসমীয়া সাহিত্য-জগতলৈ সৌভাগ্যৰ পটভূমি। তেওঁলােকৰ জোনাকী প্রচেষ্টাত প্রতিষ্ঠিত হয় অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ আৰু উদয় হয় মুখপত্র “জোনাকী”। জোনাকীয়ে অসমলৈ কঢ়িয়াই আনেনৱজাগৰণ। কাব্য, গল্প, উপন্যাস, প্রবন্ধ, কবিতাৰে ৰৌজাল-বৌজাল হৈ জোনাকীয়ে অসমৰ বুকুত শিহৰণ তুলিছিল। বেজবৰুৱা আছিল ত্রিমূৰ্তিৰ ভিতৰত সব্যসাচী। লঘু অথচ মধুৰ হাস্যৰসৰ ভঁৰাল “লিটিকাই’-ৰে সাহিত্যিক জীৱনৰ পাতনি মেলি কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা’,‘নােমল’, ‘পাচনি’আদিৰে অসমৰ বুকুত হাঁহিৰ ৰােল ভােলাৰ মাজেদি, কানীয়া, সােৰােপা, ধােদ অসমীয়া জাতিটোৰ অন্তত সঞ্জীৱনী সুধা ঢালি প্রাণৰ সঞ্চাৰ কৰিলে। বিশেষকৈ কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা’টো মেলি অসমীয়া জাতিক মৰমৰ বিদ্রুপ বাণীৰে থকাসৰকা কৰি জাতীয় চেতনা জগাই তুলিলে। হাঁহিব নজনা অসমীয়া জাতিক তেখেতেই সর্বপ্রথমে নিষ্কলুষ হাস্যৰসৰ সন্ধান দিয়ে।

কবিতা

কবিতা হয় যদি হওক, নহয় যদি নহওক’ বুলি ৰচনা কৰা কবিতাবােৰ কদম কলি’ পুথিত সন্নিবিষ্ট কৰা গৈছে। এই কবিতাবিলাকৰ কেইটিমান কবিতাই এফালে যেনেকৈ বেজবৰুৱাৰ স্বাধীনচিতীয়া, স্বদেশপ্রেমিক অন্তৰ এখনত গুজৰি-গুমৰি উঠা জাতীয় গৌৰৱগাথাৰূপে শ্রেষ্ঠতাৰ দাবী কৰিব পাৰে, সেইদৰে কবিতা হিচাপেও শ্রেষ্ঠতাৰ দাবী কৰিব পাৰে। বীণ কবিতা ব’ৰাগী, অসম সংগীত আদি এনে শ্রেষ্ঠ কবিতাৰ নিদর্শন। এই স্বদেশপ্রেমমূলক “কবিতাকেইটিত আক্ষেপ নাই, নৈৰাশ্য নাই, অৱসাদ নাই। সিবােৰত এটি সঞ্জীৱনী শক্তি বিৰাজ কৰিছে।” “ধনবৰ আৰু ৰতনী”,“ৰতনীৰ বেজাৰ”আদি গাথা কবিতাকেইটা ৰােমান্টিক ভাবধাৰাৰ অনুভূতিশীলতা, ভাব-প্ৰৱণতা, প্রকাশ-ভংগিমাৰ লীলায়িত গতি আৰু উপন্যাস সংবেদনশীলতাৰ চূড়ান্ত নিদর্শন। বেজবৰুৱাৰ সকলোেবােৰ কবিতাতে ছন্দোময় লাস্যময়ী সুৰৰ ঝংকাৰ নাথাকিব পাৰে, তথাপি তেওঁৰ কবি-হৃদয়ৰ দুৱাৰ খুলি অফুৰন্ত ভাবৰাশি চিৰ প্ৰৱাহমান বলিয়া লুইতৰ তৰংগমালাৰ দৰেই বৈ আছে।

উপন্যাস

 বেজবৰুৱাৰ একমাত্র উপন্যাস ‘পদুম কুঁৱৰীয়ে হৰদত্ত আৰু বীৰদত্তৰ স্বদেশ প্ৰেমৰ মনােম সাক্ষ্য বহন কৰি এখনি উপভােগ্য উপন্যাস বুলি পৰিগণিত হৈছে।

বাঁহী সম্পাদনা

 তেখেতৰ আলােচনী “বাঁহী”য়ে পঞ্চমত সুৰ তুলি লুইতৰ বুকুত উখল-মাখলৰ সৃষ্টি কৰি অসমীয়া জাতিক সাহিত্যৰ সুৰেৰে বিমােহিত কৰিছিল। লগতে হাজাৰ হাজাৰ লােকৰ প্ৰাণত সাহিত্যৰ সৃষ্টি কৰিছিল। বাঁহীয়ে অসমীয়া জাতিক আকৌ এবাৰ ন-কৈ কাহুদী আৰু খাৰলি’ৰ সােৱাদ দি জাতীয় চেতনা জগাই তুলিছিল। “কামত কৃতিত্ব লভিবৰ সঙ্কত” অসমীয়া জাতিৰ অন্তৰত কর্ম-প্ৰেৰণা জগাই তুলিছিল।

সাধুকথাৰ পুথি।

 “সাধুকথাৰ কুঁকি”,“বুঢ়ী আইৰ সাধু”,“ককাদেউতা আৰু নাতিল’ৰা”— তেখেতৰ মনােম সাধুকথাবােৰ এনে শুৱলা আৰু হৃদয়স্পর্শী যে এইবােৰে ল’ৰাসাধুকথাৰ পুথি বুঢ়া-ডেকা সকলােকে সমানে আমােদ দিয়াৰ লগতে তাপিত হৃদয়ত দয়া, ক্ষমা, কৰুণা আৰু সহানুভূতি জগাই তুলি শান্তিৰ বাণী শুনায়।

স্বদেশপ্রেম

স্বদেশ আৰু স্বজাতিৰ প্ৰতি তেখেতৰ ভালপােৱা কিমান গভীৰ সেই কথা তেখেতৰ প্ৰতিখন গ্ৰন্থৰ পাতে পাতে, আখৰে আখৰে মূর্তভাৱে প্ৰকাশ পাইছে। তেখেতে সদায় অসমীয়া জাতিক চিঞৰি চিঞৰি কৈছেঃ “স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল-মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা।” তেখেতে খাওঁতে, শশাওঁতে, সুদূৰৰ সম্বলপুৰৰ হাবিত কাঠ | কাটোতেও অসমীয়া জাতিৰ মংগলৰ কথাই চিন্তা কৰিছিল; প্রতি মুহূর্তে তেওঁৰ দৃষ্টিপটত এখনি সুন্দৰ, ঐশ্বর্যময় অসমৰ মানচিত্ৰই প্রতিভাত হৈ উঠিছিল।

নাটক

‘চক্ৰধ্বজ সিংহ”, “জয়মতী কুঁৱৰী”, “বেলিমাৰ” আদি ঐতিহাসিক নাটকৰ নাটক যােগেদি বেজবৰুৱাই অসম বুৰঞ্জীৰ একোটা উত্থানৰ গৌৰৱৱাজ্জ্বল অধ্যয়ৰ কাহিনী গৌৰৱমণ্ডিতকৈ আৰু পতনৰ কাহিনী কৰুণ আৰু ব্যথা লগাকৈ দাঙি ধৰিছে। চৰিত্ৰ চিত্ৰণত বেজবৰুৱা কেনে পাৰদৰ্শিতাৰ চূড়ান্ত নিদর্শন—জয়মতী কুঁৱৰী নাটকৰ—আজলী নাচনী-নাগিনী ছােৱালী ডালিমী। ডালিমী নগাপাহাৰৰ কুলু কুলু স্বৰে বৈ থকা এটি নিজৰাৰ পাৰৰ নাচিবাগি আনন্দৰ, হাঁহিৰ খলকনিত পাহাৰৰ বুকুত স্নেহপাৰাবাৰ সৃষ্টি কৰা এটি উৰন্ত পখিলী।

চুটিগল্প

সুৰভী, জোনবিৰি, কেঘেঁকলি আদি তেখেতৰ আধুনিক গল্পৰ পুথি। চুটিগল্প লিখাতাে বেজবৰুৱা চুটি গল্প সিদ্ধহস্ত আছিল। “ভদৰী”,“মুক্তি”,“লােভ”আদি গল্পৰ যােগেদি দৈনন্দিন জীৱনৰ সুখ-দুখ, হাঁহি কান্দোন, অনুভূতি আদি তেখেতে সুন্দৰভাৱে দাঙি ধৰিছে।

নানা প্রবন্ধ আৰু তত্ত্বমূলক ৰচনা

“কৃপাবৰ বৰুৱাৰ ওভতনি”, “ভাবৰ বুৰবুৰণি” আদি নানাবিধ প্রবন্ধৰ পুথি ভাব-গধুৰ ৰচনাৰ ভিতৰত “শঙ্কৰদেৱ”, “শ্রীশঙ্কৰদেৱ আৰু মাধৱদেৱ”, “তত্ত্বকথা”,“কৃষ্ণকথা”— আদি বৈষ্ণৱ ভাবধাৰাৰ উচ্চ স্তৰৰ সুন্দৰ সুন্দৰ সমালােচনাৰ পুথি। এইবাৰে“কাকতৰ টোপােলাৰে”বগৰাই বগৰাই মানুহক হঁহুওৱা, “অন্যায়লৈ নগা যাঠি, ন্যায়লৈ কলচি” যচা বেজবৰুৱাক উচ্চ দার্শনিক চিন্তাধাৰাসম্পন্ন মহা ধর্মপৰায়ণ ব্যক্তি হিচাপে পৰিগণিত কৰিছে।

“মােৰ জীৱন সোঁৱৰণ” বেজবৰুৱাৰ কর্মময় জীৱনৰ হাঁহি কান্দোনৰ সােণালী স্বাক্ষৰ। সুন্দৰ কথন-ভংগী, ৰসিকতাৰ মাজেদি তেওঁৰ জীৱন দাপােণত প্রতিফলিত হােৱা অসমীয়া জাতিটোৰ বিস্তাৰিত সামাজিক চিত্র চিত্রায়িত হৈছে এই আত্মজীৱনীখনত।

সাহিত্য সভাৰ সভাপতি

সাহিত্য সভাৰ সভাপতিৰ আসনৰপৰা অসমীয়া জাতিলৈ যিটি ভাষণ আগবঢ়ালে-সি যুগ যুগ ধৰি অসমীয়া জাতিক প্ৰেৰণা জগাই, ভাষা জননীলৈ যােড়শােপচাৰে নৈবেদ্য আগবঢ়োৱাত জ্যোতির্ময় পথ প্রদর্শন কৰি থাকিব আৰু স্বদেশপ্রেমেৰে  উদ্বুদ্ধ কৰি ৰাখিব। বৰােদাৰ মহাৰাজৰ দ্বাৰা আমন্ত্রিত হৈ বেজবৰুৱাই বৈষ্ণৱ ধৰ্মৰ দর্শন সম্পর্কে যিটো অতি ভাব-গম্ভীৰ, বিস্তৃত তথ্য-সম্বলিত, উচ্চ পর্যায়ৰ আলেখ্য দাঙি ধৰিলে, সি বেজবৰুৱাক ভাৰতৰ কিয়, বিশ্বৰ শ্ৰেষ্ঠ সাহিত্যিক, দার্শনিক আৰু মানৱতাবাদীসকলৰ শাৰীত প্রতিষ্ঠা কৰালে।

দার্শনিক বক্তা

তেওঁৰ পিতৃ দীননাথ বেজবৰুৱাৰ জীৱন-চৰিত ডাঙৰীয়া দীননাথ বেজবৰুৱা গ্রন্থখনিও সােণত সুৱগা চৰােৱা এখনি মহৎ গ্রন্থ।

স্বাধীনতাপ্রিয়তা

বেজবৰুৱাই স্বাধীন ব্যৱসায়কে জীৱনৰ সম্বল কৰি লৈ প্রথমে অসমৰ বিখ্যাত সদাগৰ ভােলানাথবৰুৱাৰ সৈতে কাঠৰ ব্যৱসায় কৰে। তাৰ পাছত তেওঁ বার্ড কোম্পানীত  যােগদান কৰে। শেষত তেওঁ নিজাকৈ সম্বলপুৰত কাঠৰ ব্যৱসায় কৰে। স্বাধীনতা আৰু আত্মনিৰ্ভৰশীলতা বেজবৰুৱাৰ ব্যক্তিগত জীৱনৰ চূড়ান্ত জীৱন-দর্শন। সুদূৰ সম্বলপুৰৰ হাবিৰ মাজত থাকিও বেজবৰুৱাই শয়নে-সপােনে মাতৃভূমিৰে মংগল কামনা কৰি দূৰৰপৰা ৰিং মাৰি অসমীয়া জাতিক সাৱধানবাণী শুনাই মাতৃভূমিৰ সেৱাত ব্ৰতত ব্ৰতী হ’বলৈ অনুপ্ৰেৰণা যােগাইছিল Essay on Lakshminath Bezbaroa in Assamese

ভাষা-সাহিত্যৰ সব্যসাচী

জাতীয় গৌৰৱর্ত চিৰ গৌৰৱান্বিত বেজবৰুৱা চিৰদিন আশাবাদী আছিল সেয়েহে অসমীয়া বীৰ বীৰাংগণাসকলৰ গৌৰৱৰ জয়গান গাই, কেতিয়াবা হাঁহিৰে, কেতিয়াবা গালিৰে আৰু কেতিয়াবা ধর্মপ্রচাৰকৰ ভূমিকাৰে অসমীয়া জাতিৰ বুকুত প্রাণ সঞ্চাৰ কৰিবলৈ অমােঘ লিখনি শক্তিলৈ সব্যসাচী ৰূপে থিয় দিছিল। অসমীয়া সাহিত্যৰ যিটো অংগই অসম্পূর্ণ বা পয়ালগা অৱস্থাত দেখা পাইছিল; তাৰেই পৰিপুষ্টিৰ বাবে বেজবৰুৱাই আহােপুৰুষাৰ্থ কৰিছিল। সেয়েহে আমি  বেজবৰুৱাৰপৰা— গীত, নাটক, গল্প, কবিতা, উপন্যাস চুটিগল্প, সাধুকথা,  জীৱনী, হাস্যৰসৰ টোপােলা, সমালােচনা সাহিত্য, ধৰ্ম্ম-তত্ত্বমূলক সাহিত্য, ভাবগধুৰ দার্শনিক তত্ত্বমূলক সাহিত্য আনকি কর্ম-জীৱন গঢ়ি তুলিব পৰা সংকেতমূলক সাহিত্য আদি সকলাে শ্ৰেণীৰ সাহিত্যিক অৱদান লাভ কৰি অসমীয়া ভাষা সাহিত্যক সুদৃঢ় ভেটিত গজগজীয়াকৈ প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছাে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছত একমাত্র বেজবৰুৱাইহে ভাষা-সাহিত্যৰ সকলাে অংগলৈকে অনবদ্য অৱদান আগবঢ়াই কেৱল ভাষাজননীকে জীৱনৰ সকলাে শক্তি, সকলাে প্রজ্ঞা, মনীষাৰে সেৱা কৰি যােড়শােপচাৰে মাতৃ পূজাৰ বেদী উপচাই থৈ গৈছে। সেয়েহে আমি এইজন ভাষা-সাহিত্যৰ একনিষ্ঠ পূজাৰীক ৰসৰাজ, সাহিত্যৰথী আৰু সাহিত্য সম্রাট উপাধিৰে বিভূষিত কৰি কৃতজ্ঞতা প্রদর্শন কৰিচ্ছে। এজন মানুহেইসমাজৰপৰা এনেভাৱে স্বীকৃতিৰে অলংকৃত হােৱা পৃথিৱীত বিৰল

সামৰণি

জন্মভূমিৰ প্ৰতি তেওঁৰ এনে অকৃত্রিম আবিমল ভালপােৱা আছিল যে জন্মভূমিৰ বুকুতহে  তেওঁৰ পঞ্চভূতী দেহ পঞ্চভূতত মিলিত হৈ জন্মভূমিৰ উৎকর্ষ বৃদ্ধি কৰাটো কামনা কৰিছিল। সেয়েহে ভাটি বয়সত সম্বলপুৰৰপৰা ডিবুৰুলৈ উভতি আহিছিল আৰু ১৯৩৮ চনত ইহলীলা সম্বৰণ কৰিছিল। শেষত তেওঁৰ ভাষাতে কওঁ “বাজক ডবা, বাজক শংখ, বাজক মৃদং খােল। অসম আকৌ উন্নতি পথত জয় আই অসম বােল।”

সদৃশ ৰচনা ঃ ১াৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা; ২। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা; ৩। মই ভালপােৱা সাহিত্যিকজন; ৪। বেজবৰুৱাৰ প্ৰতিভা; ৫। অসমীয়া সাহিত্যলৈ বেজবৰুৱাৰ অৱদান; ৬। স্বদেশপ্রেমিক বেজবৰুৱা।

References

  1. “Roshona Bichitra” Dharmo Shing Deka (You Can Buy the Book) 
  2. “Radhakrishnan of India, Philosopher, Dead at 86”. New York Times. 17 April 1975. Retrieved 2 September 2018.
  3.  Lawhead, William F. (2009). The philosophical Journey. An Interactive Approach. Fifth Edition (PDF). McGraw-Hill. p. 382.
  4.  Jump up to Pollock, Sheldon (2011). “Crisis in the Classics” (PDF). Social Research78 (1): 21–48.
  5. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *