July 21, 2024

ডিব্ৰুগড় জিলা | Dibrugarh District Facts and Data

ডিব্ৰুগড় জিলা ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হ’ল উত্তৰে ধেমাজি জিলা, দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ জিলা, পূবে তিনিচুকীয়া জিলা, আৰু পশ্চিমে শিৱসাগৰ জিলা। ইয়াৰ সদৰ স্থানৰ নামো ডিব্ৰুগড়। জিলাখনৰ মাটিকালি প্ৰায় ৩,৩৮১ বৰ্গ কিলিমিটাৰ।

আৰম্ভণি :- উজনি অসমৰ ডিব্ৰুগড় জিলা ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ দিশত অৱস্থিত। অতীজতে এই ঠাই আহোম ৰাজ্যৰ এক অংশ আছিল। আহোম আৰু চুতীয়াসকলৰ মাজত হোৱা যুদ্ধৰ সময়ত এই ঠাইতেই আহোমসকলে শিবিৰ পাতিছিল। ‘ডিব্ৰুমুখ’ৰপৰা ডিব্ৰুগড় নামটো হৈছে বুলি জনা যায়।

বহুসংখ্যক শিক্ষানুষ্ঠান, কলা-সংস্কৃতিৰ অনুষ্ঠান, শিল্প উদ্যোগ আদিৰে ডিব্ৰুগড় অসমৰ এখন লেখত ল’বলগীয়া ঠাই।

চাৰিসীমা :- জিলাখনৰ পূবে তিনিচুকীয়া জিলা, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে শিৱসাগৰ জিলা আৰু অৰুণাচলৰ টিৰাপ জিলা।

জনসংখ্যা :- জিলাখনৰ মুঠ জনসংখ্যা ২০১১ চনৰ লোকপিয়লমতে ১৩,২৬,৩৩৫ জন আৰু ২০০১ চন অনুসৰি ১১,৮৫,০৭২জন।

নদ-নদী :- ডিব্ৰুগড়ৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ। ডিব্ৰুগড়ৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ উপনদী বুঢ়ীদিহিং পূবৰপৰা পশ্চিমলৈ বৈ গৈ জিলাখনৰপৰা ৩২ কিলোমিটাৰ দূৰৰ ব্ৰহ্মপুত্ৰত মিলিছে। জিলাখনৰ মাজেৰে বৈ যোৱা কেইখনমান নৈ-উপনৈ হ’ল —– ডিব্ৰু, চেঁচা, ডিমৌ, দিহিং আদি।

উদ্যোগ, অর্থনীতি ঃ- ডিব্ৰুগড় জিলাৰ জলবায়ু কৃষি উপযোগী। এই অঞ্চলত ধান, চাহ, কুঁহিয়াৰ আদি প্ৰচুৰ পৰিমাণে উৎপাদন হয়। বিশেষকৈ ডিব্ৰুগড় জিলাতেই বিশ্বৰ সৰ্বাধিক চাহ-বাগিচা আছে। জিলাখনত প্ৰায় ১০৬৫খন চাহ-বাগিচা আছে। ইয়াৰে কিছুসংখ্যকে ইতিমধ্যে প্রায় এশ বছৰ অতিক্ৰম কৰিছে।

চাহ উদ্যোগৰ বাহিৰেও ডিব্ৰুগড় জিলাত অনেক প্রাকৃতিক গেছ আৰু তেল খাদ আছে, যিয়ে দেশখনৰ অৰ্থনীতিত বিশেষ অৰিহণা যোগাইছে। ডিব্ৰুগড় চহৰৰ পৰা প্রায় ৫০ কিলোমিটাৰ দূৰত থকা দুলীয়াজান চহৰত ‘অইল ‘ইণ্ডিয়া লিমিটেড’ৰ মুখ্য কার্যালয় আৰু প্ৰাকৃতিক গেছ প্রকল্প আছে। নাহৰকটীয়া, দুলীয়াজান, মৰাণ আদি ঠাইত খাৰুৱা তেলৰ পুং আছে। ইয়াৰ উপৰি নামৰূপৰ Assam Petrochemicals Ltd., তাপ বিদ্যুৎ প্রকল্প আৰু Brahmaputra Valley Fertilizer Corporation, দুলীয়াজানৰ কঁঠালগুৰিত থকা গেছ বিদ্যুৎ প্রকল্প (নীপকো), বৰবৰুৱাত আৰম্ভ কৰা Brahmaputra Crackers and Polymer Ltd., লেপেতকটাৰ গেছ ক্ৰেকাৰ প্ৰকল্প আদি জিলাখনৰ প্ৰধান উদ্যোগ প্রতিষ্ঠান।

শিক্ষা :- ডিব্ৰুগড় জিলাত ভালেকেইখন উন্নতমানৰ শিক্ষানুষ্ঠান আছে য’ত শিক্ষাগ্ৰহণৰ বাবে অসমৰ বিভিন্ন ঠাইৰ উপৰি উত্তৰ-পূব ভাৰতৰ বহুতো শিক্ষার্থী আহে। অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয় ‘ডিব্রুগড় বিশ্ববিদ্যালয়’, প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ‘অসম চিকিৎসা মহাবিদ্যালয়’ ডিব্ৰুগড়তে অৱস্থিত। ইয়াৰ উপৰি কানৈ কলেজ, মৰাণ কলেজ, ডিব্ৰুগড় পলিটেকনিক, Regional Medical Research Centre ডিব্ৰুগড়ৰ অন্যতম শিক্ষা প্রতিষ্ঠান।

জাতি-জনজাতি :- ডিব্ৰুগড় জিলা আহোম, কলিতা, চুতীয়া, ব্রাহ্মণ, ৰাভা, কছাৰী, মিচিং, দেউৰী, টাইফাকে, চাহ-জনগোষ্ঠী, মৰাণ, কৈৱৰ্ত আদি বিভিন্ন জাতি-জনজাতি লোকৰ বসতিস্থল।

সংস্কৃতি :- ডিব্ৰুগড় জিলাত ভালেকেইখন সত্ৰ, দ’ল, থান, মছজিদ, গীর্জা আছে। ইয়াৰ ভিতৰত দিহিং ন-মাটি সত্র, দিনজয় সত্ৰ, মদাৰখাত মায়ামৰা সত্ৰ, গড়পৰা সত্ৰ, ক’লী আইথান, ৰাইদঙীয়া দ’ল, বগা ফকীৰৰ মাজাৰ, গুৰুদ্বাৰ, মির্জা বাগ মছজিদ, ছেইণ্ট পেট্টিক গীর্জা আদি।

ডিব্ৰুগড় জিলাত থকা আকাশবাণী কেন্দ্র আৰু দূৰদৰ্শন কেন্দ্ৰইয়ো জিলাখনৰ গুৰুত্ব বৃদ্ধি কৰিছে।

বিশিষ্ট ব্যক্তি ঃ- এই জিলাতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নাট্যকাৰ অৰুণ শৰ্মা, বাগ্মীবৰ নীলমণি ফুকন, পৰাগধৰ চলিহা, কবি শৈলধৰ ৰাজখোৱা, সাহিত্যিক বেণুধৰ ৰাজখোৱা, দেৱকান্ত বৰুৱা, মফিজুদ্দিন আহমদ হাজৰিকা আদি বিশিষ্ট ব্যক্তিসকলৰ জন্ম হৈছিল।

যাতায়াত ঃ- যাতায়াতৰ সুব্যৱস্থা থকা ডিব্ৰুগড় জিলাৰ মাজেৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ৰাষ্ট্ৰীয় ঘাইপথেৰে জিলাখনলৈ গুৱাহাটীৰপৰা দূৰত্ব ৪৪৫ কিলোমিটাৰ। জিলাখনত ৰে’ল চলাচলৰো সুব্যৱস্থা আছে। ডিব্ৰুগড় চহৰৰপৰা ১৬ কিলোমিটাৰ আঁতৰৰ মোহনবাৰীত জিলাখনৰ একমাত্র বিমান বন্দৰটো অৱস্থিত। ইয়াৰপৰা গুৱাহাটী, কলিকতা আৰু দিল্লীলৈ পোনপটীয়াভাৱে অহা-যোৱা কৰাৰ ব্যৱস্থা আছে। বৰ্তমান নির্মীয়মাণ অৱস্থাত থকা অসমৰ চতুৰ্থখন দলং ‘বগীবিল দলং’-এ ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোগ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *