July 18, 2021

Dibru Saikhowa National Park History in Assamese। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান History of Dibru Saikhowa National Park in Assamese

অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্রায় ৩৪০ বৰ্গকিলোমিটাৰ এলেকা আগুৰি থকা ডিব্ৰু-ছৈখোৱা অসমৰ ভিতৰত চতুৰ্থখন ৰাষ্ট্ৰীয় উদ্যান (Dibru Saikhowa National Park) ।

১৯৮৬ চনত ডিব্ৰু  আৰু ছৈখোৱা-এই দুখন সংৰক্ষিত বনাঞ্চলক একেলগ কৰি ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য গঠন কৰা হৈছিল। ১৯৯৯ চনৰ মাৰ্চ মাহত এই অভয়াৰণ্যক অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে (Dibru Saikhowa National Park)আৰু মাটিকালি ৩৪০ বৰ্গ কিলোমিটাৰ ৰখা হয়। ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱাৰ প্রায় এটা শতিকাৰ পূৰ্বেই ১৮৯০ চনত ৬০,৬৩৪ একৰ ভূমি সামৰি ডিব্ৰু সংৰক্ষিত অঞ্চল ঘোষণা কৰা হয়। পৰৱৰ্তী কালত ১৯২০ চনত ৬০০ একৰ আৰু ১৯৩৩ চনত ৪৯৮ একৰ বনাঞ্চল  সংযোজন হয়। ১৯২৯ চনত ১৭,০৬৩ একৰ অঞ্চল অন্তৰ্ভুক্তিৰে ডিব্ৰ-ছৈখোৱাক বনাঞ্চল হিচাপে ঘোষণা কৰা হয়।

দেশ ভাৰত
ৰাজ্যঅসম
জিলাডিব্ৰুগড় আৰু তিনিচুকীয়া
নিকটৱৰ্তী চহৰতিনিচুকীয়া চহৰ
সময় অঞ্চলভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
দৰ্শনাৰ্থী
প্ৰশাসকভাৰত চৰকাৰ, অসম চৰকাৰ

১৯৮৬ চনত চৰকাৰে ৬৪০ বৰ্গকিলোমিটাৰ এলেকা সামৰি ডিব্ৰু ছৈখোৱা অভয়াৰণ্যৰ প্রাক্‌-জাননী জাৰি কৰে। ১৯৫০ চনৰ বৰ ভূমিকম্পই ভৰকৈ ক্ষতি সাধন কৰা ৰাষ্ট্ৰীয় উদ্যানখন ১৯৯৭ চনত ৩৪০ বৰ্গ কিলোমিটাৰ বহিঃৰাঞ্চল (buffer zone) হিচাপে অন্তৰ্ভুক্ত কৰি মুঠ ৭৬৫ বৰ্গ কিলোমিটাৰ জীৱ মণ্ডলীয় সংৰক্ষিত অঞ্চল হিচাপে  ঘোষণা কৰা  হয়। পুনৰ ১৯৯৫ চনত ৩৪০ বৰ্গ কিলোমিটাৰ মুখ্য অঞ্চল হিচাপে ধৰি মুঠ ৭৬৫ বৰ্গকিলোমিটাৰ এলেকাক ‘ডিব্ৰু ছৈখোৱা সংৰক্ষিত জৈৱমণ্ডল হিচাপে চিনাক্ত কৰে। ডিব্ৰু-ছৈখোৱা হৈছে ইউনেস্ক’ৰদ্বাৰা স্বীকৃত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন আৰু ভাৰতবৰ্ষৰ অষ্টমখন সংৰক্ষিত জৈৱমণ্ডল (Biosphere Reserve) | জৈৱ-বৈচিত্ৰ্য আমদানিৰ ক্ষেত্ৰত Eastern Corridor  আৰু  West Corridor -ৰ ভূমিকা হৈছে গুৰুত্বপূৰ্ণ। আমাৰ অসমত ডিব্ৰু-ছৈখোৱাই (Dibru Saikhowa National Park) হৈছে জৈৱ-বৈচিত্যই আমদানিৰ ক্ষেত্ৰত Eastern Corridor বা পূবৰ দুৱাৰ। এই দুৱাৰেৰেই অসম তথা ভাৰতৰ জৈৱ-বৈচিত্যই যে নতুন বাৰ্তা কঢ়িয়াব সেই কথা নুই কৰিব নোৱাৰি । Dibru Saikhowa National Park History in Assamese

ডিব্ৰু-ছৈখোৱাৰ ভৌগোলিক  অৱস্থান

সাগৰপৃষ্ঠৰপৰা ১১৮ মিটাৰ উচ্চতাত ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমিত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন জৈৱ-বৈচিত্যৰ এক অপূৰ্ব সমাহাৰ। ৰাষ্ট্ৰীয় উদ্যানখন দেওহাঁহ আৰু আন আন লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত। তিনিচুকীয়া চহৰৰপৰা উত্তৰে অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানলৈ দূৰত্ব প্ৰায়: ১৩ কিলোমিটাৰ।

ডিব্ৰু-ছৈখোৱাৰ ভৌগোলিক, অৱস্থান ২৭0 ৩৫/ উত্তৰৰ পৰা ২৭0/ উত্তৰ

অক্ষাংশ আৰু ৯৫0১০/ পূবৰপৰা ৯৫0 ৪০/ পূব দ্ৰাঘিমাংশ ।

 উদ্যানখনৰ জলবায়ু –

ৰাষ্ট্ৰীয় উদ্যানখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। গড় সৰ্বোচ্চ তাপমাত্ৰা ৩৬0 আৰু সৰ্বনিম্ন ৬0 চেলছিয়াছ । আৰ্দ্ৰতা প্ৰায় ৬৪ ৰ পৰা ৮৬ শতাংশ। বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে ২৩০০ মিলিমিটাৰৰ পৰা ৩৬০০ মিলিমিটাৰ।

উদ্যানখনৰ উদ্ভিদৰাজি –

ৰাষ্ট্ৰীয় উদ্যানখনৰ শতকৰা প্রায় ৬০ ভাগ পিটনি, ২ ভাগ কীঠনি আৰু ১৫ ভাগ ঘাঁহনি।

ইয়াৰ অৰণ্যৰাজি বিভিন্ন প্ৰকাৰৰ – অৰ্ধ চিৰসেউজ অৰণ্য, সেমেকা পৰ্ণপাতী অৰণ্য, তৃণভূমি, জলাহ, পিটনি আৰু বেতনি।

ডিব্ৰু-ছৈখোৱাত পোৱা উল্লেখযোগ্য উদ্ভিদসমূহ হ’ল — ভেৰ, হোলোং, এজাৰ, জৰিগছ, বট, হলখ, চিচু, শিমলু, নাহৰ, ও-টেঙা, শিলিখা, চতিয়না, ভোমোৰা, আঁহত, ডিমৰু, – অমৰা, কদম, শিঙৰী, ভাতঘিলা, ওদাল আদি।

ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত- নল, ইকৰা, খাগৰি, বিৰিণা, উলূখেৰ, কঁহুৱা, বৰতা আদি প্রধান।

উদ্যানখনত সৌকা, ৰাইডাং আদি নানা প্রজাতিৰ বেতৰ উপৰি তৰাগছ, পাটীদৈ, যমলাখুটি আদি পৰিলক্ষিত হয়। উদ্যানখনত মচবৰ্গীয় ‘মাৰ্কেনচিয়া’ নামৰ এবিধ সেমেকা মাটিত গজে।

জলাশয়বোৰত কলমৌ, তৰা, ভেট, মেটেকা, দল, পুণী আদি বিভিন্ন জলজ উদ্ভিদ পৌৱা যায়। প্রায় ৩৫ বিধমান বিৰল প্রজাতিৰ অৰ্কিডে উদ্যানখনৰ সৌন্দৰ্য দুগুণে বঢ়াইছে। Dibru Saikhowa National Park History in Assamese

জীৱ-জস্তু –

 ভাৰতৰ ভিতৰত কেৱল ডিব্ৰু-ছৈখোৱাত পোৱা বনৰীয়া ঘোঁৰা পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। জলভাগত থকা শিহু হৈছে আন এবিধ আকৰ্ষণীয় প্রাণী। উদ্যানখনত এতিয়ালৈকে ৩৬ টা প্রজাতিৰ স্তন্যপায়ী জন্তু চিনাক্ত কৰা হৈছে। আন আন বন্যপ্ৰাণীৰ ভিতৰত ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, গোধাফুটুকী বাঘ, লতামাকৰি বাঘ, হাতী, ম’হ, ৰাং কুকুৰ, বাংকেক, বনৰৌ, বনমেকুৰী, উদ, গাহৰিনেজীয়া বান্দৰ, মলুৱা বান্দৰ, হনুমান বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, ভালুক আদি লেখত লবলগীয়া।

Horses of Dibru Saikhowa National Park
ভাৰতৰ ভিতৰত কেৱল ডিব্ৰু-ছৈখোৱাত পোৱা বনৰীয়া ঘোঁৰা
পৰ্যাটকৰ বাবে আকৰ্যণৰ কেন্দ্ৰবিন্দু

বিভিন্ন প্ৰজাতিৰ মাছ আৰু কাছৰ উপৰি অজগৰ, ফেঁটীসাপকে ধৰি প্রায় ৮ বিধমান সাপ, গুঁই, তেজপিয়া আদি সৰীসৃপ ডিব্ৰু ছৈখোৱাত যথেষ্ট পৰিমাণে  পোৱা যায়।  এতিয়ালৈকে এই ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰায় ৬০ বিধতকৈ অধিক মাছৰ বিভন্ন প্ৰজাতি চিনাক্ত কৰা হৈছে।

উদ্যানখনৰ পক্ষীকুল সমুহ –

 ভাৰতত পোৱা সৰ্বমুঠ ১২২০ টা প্রজাতিৰ চৰাইৰ ভিতৰত ৯৬০ টা মান প্রজাতিয়েই অসমত পোৱা যায় ডিব্ৰু-ছৈখোৱা ৰাষ্টীয় উদ্যানত। পৃথিৱী বিখ্যাত দেওঁহাহ উদ্যানখনৰ এক অন্যতম বৈশিষ্ট্য।

২০০৪ চনত Bird-life International এ ডিব্ৰু-ছৈখোৱাক গুৰুত্বপূৰ্ণ পক্ষী আবাসস্থলৰূপে (Important Bird Area)  স্বীকৃতি প্ৰধান কৰে। দেওহাঁহৰ বাবে ডিব্ৰু ছৈখোৱা সংৰক্ষিত যদিও ২৫০তকৈ অধিক প্রজাতিৰ  স্থানীয় আৰু পৰিভ্ৰমী চৰাই ইয়াত আছে বুলি জনা যায়। হাড়গিলা, কণুৱা, কামচৰাই, ধৃতৰাজ, মণিয়ৰী, ভেলা, দৈকলা, তেলীয়াসাৰেং, বনৰীয়া ৰাজহাঁহ, হৰশৰালী, শৰালি, চাকৈচকোৱা, বালিঘোঁৰা, গংগাচিলনী, কুৰুৱা, উকহ, দলপুঙা, দলমৰা,  উলূমৰা, ধনেশ, হাইঠা, পৰঘুমা, বালিমাহি, মইনা, আদি চৰাইৰে উদ্যানখন ভৰপূৰ হৈ থাকে।

Birds of Saikhowa National Park

উদ্যানখনৰ নদী সমূহ –

ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ যোৱাৰ ফলত কিছুমান সৰু-বৰ জলাশয় সৃষ্টি হৈছে। এই জলাশয়বোৰত নাৱেৰে পক্ষী নিৰীক্ষণৰ সু-ব্যৱস্থা আছে। ডিব্ৰু, নদিহিং, লোহিত, কুণ্ডিল, চিয়াং আদি নদীয়ে উদ্যানখনক আগুৰি আছে।

ভ্ৰমণৰ উপযুক্ত সময়ঃ নৱেম্বৰ মাহৰপৰা মাৰ্চ মাহলৈ।

তাত থাকিবৰ বাবে গুইজানত বন বিভাগৰ এটা পৰিদৰ্শন বঙলা আছে। ডিব্ৰু -ছৈখোৱাতো  কেইবাটাও Eco-Lodge আছে ।  বঙলাৰ ওচৰত ব্যক্তিগতভাৱে তম্বু টনাৰ বাবেও মুকলি ঠাই আছে।

Eco  Camp of Dibru saikhowa

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ (Dibru Saikhowa National Park) প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াৰ জৈৱ-বিচিত্ৰ্যই আগুৰি ৰখা এক উজ্বল প্ৰতিভা আছিল পপী সান্ত্বনা ভৰালী। প্ৰধানতঃ উদ্যানখনৰ বিভিন্ন প্ৰজাতিৰ ফুল আৰু আৰ্কিডক লৈ গৱেষনা কৰা মানুহে গৱেষনা কাৰ্য চলাই থাকৌতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হ’বলগীয়া হয়। আমাৰ বাবেই দুৰ্ভাগ্য যে এই গৰেষণা কৰ্মই পূৰ্ণতা পৱা হ’লে ৰাষ্ট্ৰীয় উদ্যানখনলৈ নতুন বাৰ্তা কঢ়িয়াই আনিলেহেঁতেন ৷ উল্লেখ্য যে পপী সান্ত্বনা ভৰালীয়ে ডিব্ৰু-ছৈখোৱা ৰাষ্টীয় উদ্যানক লৈ লিখা বহু লেখা বাতৰি কাকত-আলোচনীত লিপিবদ্ধ হৈ আছে । Dibru Saikhowa National Park History in Assamese

আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিচিত্ৰ পক্ষীকুলক লৈ এক কষ্টসাধ্য গৱেষণা কৰ্ম আগবঢ়াইছে তিনিচুকীয়া মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপক ৰঞ্জন কুমাৰ দাসে। পক্ষীৰ কাকলিয়ে হাত বাউলি মতা আৰু পক্ষীৰ মাতলৈ কাণ উনাই ৰোৱা ৰঞ্জন কুমাৰ দাসৰ ‘ডিব্ৰ-ছৈখোৱাত পক্ষিৰ কাকলি অসমীয়া সাহিত্যলৈ এক বহুমূলীয়া অৱদান আছে।

How to reach: 

The Park can be visited by staying at Tinsukia town. Mohanbari (Dibrugarh) Airport is the nearest Airport, which is about 40 kms. away from Tinsukia. The distance between Guwahati and Tinsukia is 500 kms. Tinsukia is well connected with Dibrugarh town by NH. 37 and the distance is 55 kms. Dholla is the nearest township of Saikhowaghat entry point.

Where to stay:

 Hotel Highway, A.T. Road, Tinsukia, Tel.: (0374)2335383/2332783/2340820, Hotel Jyoti, Rangagora Road, Tinsukia, Tel.: (0374)2333243, Hotel Urmila Continental, Rangagora Road, Tinsukia, Tel.: (0374)2333777/2333773, Hotel Indralok, Prakash Bazar, Tinsukia, Tel.: (0374)2340398, Hotel President, Station Road, Tinsukia, Tel.: (0374)2340435 and Banashree Eco-Camp, Guijan , Tel.: (0374)2237666

Whom to contact for visit:

 Divisional Forest Officer, Tinsukia Wildlife Division, Tinsukia, Pin: 786126, Tel.: (0374)2331472(O), Range Forest Officer, Guijan Wildlife Range, P.O. Guijan, Range Forest Officer, Saikhowa Wildlife Range, Na-bormurah, P.O. Dholla.

Best season for visit:

 November to April.

You can Also Read

References

  1.  Choudhury, A. U. (1994). A report on bird survey in Dibru–Saikhowa Wildlife Sanctuary, Assam, India. Oriental Bird Club, UK.
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *