April 15, 2024

Dariki Das and Bhogeswari Phukanani Freedom Fighter | স্বাধীনতা সংগ্ৰামী দ্বাৰিকী দাস-ভােগেশ্বৰী ফুকননী

Dariki Das and Bhogeswari Phukanani Freedom Fighter

অসমৰ স্বাধীনতা সংগ্ৰামী দ্বাৰিকী দাস-ভােগেশ্বৰী ফুকননীৰ জীৱন কাহিনী।

গােলাঘাটৰ সক্রিয় কংগ্ৰেছ কর্মী আনন্দৰাম বৰুৱাৰ পত্নী আছিল দ্বাৰিকী দাস। সুযােগ্য অদ্ধাংগিনী হিচাপে স্বামীৰ প্ৰতিটো চিন্তা-ধাৰণা, ইচ্ছা আৰু কাৰ্যতে তেওঁ সমভাগী আছিল। ছাঁৰ দৰে স্বামীক অনুসৰণ কৰিছিল তেওঁ আৰু আনন্দৰাম বৰুৱাই কংগ্ৰেছৰ কামত ঘূৰি ফুৰােতেও দ্বাৰিকী দাস বৰুৱা আছিল তেওঁৰ সহযাত্রী।

ভোগেশ্বৰী ফুকননী
জন্মভোগেশ্বৰী ফুকননী
১৮৮৫
বঢ়মপুৰ, নগাঁও, অসম
মৃত্যু২০ ছেপ্টেম্বৰ, ১৯৪২
নগাঁও, অসম
জনা যায়ভাৰতৰ স্বাধীনতা আন্দোলনৰ ছহীদ হিচাপে

১৯৩২ চনৰ আইন অমান্য আন্দোলনৰ সময়ত দ্বাৰিকী দাস সন্তানসম্ভৱা আছিল। এনে অৱস্থাত য’ত আজিৰ আধুনিকনাৰীয়েও প্রতিটো খােজ দিবৰ সময়ত এক অস্বাভাৱিক ভয় অনুভৱ কৰে, তথা সন্তানৰ নিৰাপত্তাৰ কথা চিন্তা কৰি কোনাে কামত আগবাঢ়ি যাবলৈ বৰ চিন্তা কৰে— দ্বাৰিকী দাস আছিল তাৰ বিপৰীতে অসম্ভৱ সাহসী নাৰী। দেশৰ প্রতি নিজৰ দায়বদ্ধতা অনুভৱ কৰা দ্বাৰিকীক সম্ভৱত নিজৰ গর্ভস্থিত সন্তানটিৰ ভবিষ্যততকৈও এই দেশৰ হাজাৰ হাজাৰ শিশুৰ নিৰাপত্তাৰ চিন্তাই, সিহঁতক এখন স্বাধীন পৃথিৱীত উশাহ ল’বলৈ দিয়াৰ ইচ্ছাই ব্যতিব্যস্ত কৰি তুলিছিল।

কংগ্ৰেছৰ স’তেতাে জড়িত আছিলেই দ্বাৰিকী, এইবাৰ আন্দোলনত যােগদান কৰি কানি নিবাৰণ অভিযানত জঁপিয়াই পৰিল। নিজৰ শাৰীৰিক কষ্টৰ কথা এবাৰলৈও নাভাবি কানিৰ দোকান ভাঙিবলৈ আৰু দোকানৰ আগফালে পিকেটিং কৰিবলৈ গাঁৱৰ মহিলাসকলক উলিয়াই আনিলে দ্বাৰিকী বৰুৱাই৷ গৰ্ভৱতী অৱস্থাতাে নিজৰ অথবা নিজৰ গৰ্ভস্থ সন্তানটিৰ কথা চিন্তা কৰাৰ সলনি দেশমাতৃৰ পৰাধীনতাই

বিচলিত কৰা দ্বাৰিকীৰ সাহস আৰু আত্মবিশ্বাসে গাঁৱৰ মহিলাসকলক অনুপ্রাণিত কৰিলে। নিজৰ ঘৰ-সংসাৰ, স্বামী-সন্তানৰ চিন্তাতে সীমাবদ্ধ থকা মহিলাসকলক দ্বাৰিকীয়ে বুজালে যে তেওঁলােকৰ আৰু কিছু দায়িত্ব আছে, সমাজৰ প্ৰতি, দেশৰ প্রতি। দ্বাৰিকী দাসৰ প্ৰেৰণাৰে উদ্বুদ্ধ হৈ জাকে জাকে ওলাই আহিল নাৰীসকল, অচিৰেই আন্দোলনে এক বিশাল ৰূপ ল’লে।

১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত গােলাঘাটত পিকেটিং কৰি আইন শৃংখলা ভঙ্গ কৰাৰ অভিযােগত দ্বাৰিকী বৰুৱাক গ্রেপ্তাৰ কৰিছমাহৰ সশ্রম কাৰাদণ্ড বিহা হ’ল। সেই সময়ত তেওঁৰ স্বামী আনন্দৰাম বৰুৱাও কাৰাবন্দী হৈ আছিল। কাৰাবাসত থকা সময়তে উপযুক্ত যত্ন আৰু চিকিৎসাৰ অভাৱত দ্বাৰিকী অসুস্থ হৈ পৰে আৰু দুর্ভাগ্যজনকভাৱে ১৯৩২ চনৰ ২৬ এপ্রিলৰ দিনা এইগৰাকীমহীয়সীনাৰীৰ পৰলােক প্রাপ্তি হয়। সেই সময়ত দ্বাৰিকী গৰ্ভৱতী আছিল, সেই সন্তানটিক তেওঁ জন্ম দিব পাৰিলেনে নাই, সেই বিষয়ে একো জনা নাযায়। উল্লেখযােগ্য যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত দ্বাৰিকী দাস বৰুৱাই হ’ল অসমৰ প্ৰথমগৰাকী মহিলা শহীদ। সেই সময়ৰ দাসৰ চাৰি বছৰীয়া পুত্র, পাছলৈ মুক্তিযােদ্ধা প্রফুল্ল চন্দ্ৰ বৰুৱাই এক সাক্ষাৎকাৰত কৈছিল যে মাকদ্বাৰিকীৰ শৱদেহ আনি সৎকাৰ কৰিবলৈ পালেও তেওঁ তথা পৰিয়ালে শান্তিপালেহেঁতেন।কিন্তু সেয়াও হ’ব দিয়া নাছিল নিষ্ঠুৰ ইংৰাজ চৰকাৰে।

ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল ইতিমধ্যে, সমগ্র অসমৰ লগতে নগাওঁ জিলাৰ বৰহমপুৰতাে বিদ্ৰোহৰ অগনি দাউ দাউকৈ জ্বলি উঠিছিল। ইংৰাজৰ অত্যাচাৰ আৰু কুশাসনৰ তীব্র বিৰােধিতা কৰিছিল বৰহমপুৰবাসীয়ে। পুলিচমিলিটেৰীৰ অমানৱীয় অত্যাচাৰেও সামান্য দুর্বল কৰিব পৰা নাছিল আন্দোলনকাৰীসকলৰ সাহস আৰু দৃঢ়তা।

অঞ্চলটোৰ ডেকা বা পুৰুষসকলেই মাথাে নহয়, মুক্তি সংগ্ৰামত জঁপিয়াই পৰিছিল নাৰীশক্তিও। সেই নাৰীসকলক নেতৃত্ব দিছিল এনে এগৰাকীয়ে, যাৰ ওপৰত আছিল এখন ঘৰৰ তথা সাতােটাকৈ সন্তানৰ দায়িত্ব। তেওঁৰ নাম ভােগেশ্বৰী ফুকননী। ভােগেশ্বৰীৰ জন্ম হৈছিল ১৮৫৫ চনত। স্বামী আৰু সাতটাকৈ সন্তানৰ প্রতি নিজৰ কর্তব্য সম্পন্ন কৰি হাতত ত্ৰিৰংগা লৈ দেশমাতৃৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিবলৈ ওলাই আহিছিল ভােগেশ্বৰী।

সেই সময়তে বৰহমপুৰৰ শান্তি সেনা বাহিনীয়ে পুলিচৰ হাতৰ পৰা এটা শিৱিৰ উদ্ধাৰ কৰা ঘটনাক লৈ আন্দোলনকাৰীসকল উফুল্লিত হৈ উঠিছিল। সেই আনন্দ উদ্যাপন কৰিবৰ বাবে সকলােৱে লগ হৈ এসাজ খােৱাৰ আয়ােজন কৰিলে। সেইদিনা আছিল ১৮ ছেপ্তেম্বৰ। সকলােৱে লগে ভাগে হাঁহি-ধেমালি কৰি ভােজৰ আয়ােজন কৰিবলৈ ধৰিছিল। ঠিক সেই সময়তে ভােজথলীত কেপ্তেইন ফিনিচৰ নেতৃত্বত এটা মিলিটেৰী দল আহি উপস্থিত হ’ল। কোনাে প্রতিবাদ সাব্যস্তৰ কথা নাছিল, নাছিল কূটাঘাতৰ আশঙ্কা; কিন্তু ভােজথলীত উপস্থিত হৈয়েই কেপ্তেইন ফিনিচে তাত গােটখােৱা লােকসকলক খেদি পঠিয়াবলৈ জধে-মধে লাঠিচালনা কৰিবলৈ ধৰে। অতর্কিত আক্রমণত বিপর্যস্ত ৰাইজে তৎক্ষণাৎ নিজৰ কৰ্তব্য স্থিৰ কৰি ল’লে আৰু লগে-লগে বন্দে মাতম’ ধ্বনিৰে মুখৰিত হ’ল চৌদিশ।

বন্দে মাতৰমৰ ধ্বনি শুনি ত্রিৰংগ পতাকা লৈ গাঁৱৰ পৰা জাকে জাকে আন্দোলনকাৰী শােভাযাত্রা কৰি ওলাই আহিল। শােভাযাত্ৰাৰ সবাতােকৈ আগত আহিল ভােগেশ্বৰী ফুকননী আৰু স্বাধীনতা সংগ্ৰামৰ আন এগৰাকী সাহসী যােদ্ধা ৰত্নবালা। প্রচণ্ড সাহসেৰে আন্দোলনকাৰীৰ দলটো বৃটিছ মিলিটেৰীৰ সন্মুখীন হ’ল। তেওঁলােকক আগবাঢ়িবলৈ মিলিটেৰীয়ে বাধা দিলে, আৰম্ভ হ’ল টনা-আজোৰা, ঠেলা-হেঁচা…। হঠাৎ ৰত্নবালাৰ সমুখত থিয় হ’লহি কেপ্তেইন ফিনিচ আৰু একে আজোৰে তেওঁৰ হাতৰ পৰা ত্ৰিৰংগ পতাকা কাঢ়ি আনি মাটিত দলিয়াই পেলালে। ৰত্নবালাইফিনিচক বাধা দিবলৈ যাওঁতে তেওঁকো মাটিত বগৰাই পেলালে।

জাতীয় পতাকাৰ আৰু লগতে এগৰাকী নাৰীক এইদৰে অপমান কৰা দেখি খঙত একো নাই হৈ খেদা মাৰি গ’ল ভােগেশ্বৰীয়ে আৰু নিজৰ হাতত থকা পতাকাখনৰ মাৰিডালেৰেই ফিনিচৰ মুখতে প্রচণ্ড খােচ এটা মাৰিলে। আকস্মিক আক্ৰমণত ফিনিচ মুহুৰ্তৰ বাবে হতভম্ব হ’ল। এগৰাকী সাধাৰণ নাৰীৰ এনে দুঃসাহস দেখি খঙত কপি উঠিল কেপ্তেইন ফিনিচ, তেওঁৰ দুচকুৰে যেন জুইহে ওলাবলৈ ধৰিলে। হঠাৎ গর্জন কৰি উঠিল ফিনিচে আৰু হাতত থকা ৰিভলভাটোৰেৰে ভােগেশ্বৰীৰ মূৰলৈ টোৱাই গুলী মাৰি পঠিয়ালে। প্রচণ্ড সাহসী নাৰী ভােগেশ্বৰীৰ মূৰত লাগিলহি গুলী আৰু লগে লগে বাগৰি পৰিল তেওঁ। তাৰ দুদিনৰ পাছতে শেষ নিশ্বাস ত্যাগ কৰিলে ভােগেশ্বৰীয়ে। সেইদিনা সেই ভােজস্থলীতে লক্ষীকান্ত হাজৰিকা, ভগীৰাম সুত আৰু বালােৰাম সুত নিহত হ’ল। হলিৰাম হাজৰিকা, চকিৰাম নাথ, ডম্বৰুধৰ বৰুৱাকে ধৰি নব্বৈজনৰাে অধিক লােক বেয়াকৈ আঘাতপ্রাপ্ত  হল।

অমৰ শ্বহীদ ভােগেশ্বৰী ফুকননীৰ নামত অসম চৰকাৰে বর্তমান নগাঁও অসামৰিক চিকিৎসালয়ৰ নামাকৰণ কৰিছে।

One thought on “Dariki Das and Bhogeswari Phukanani Freedom Fighter | স্বাধীনতা সংগ্ৰামী দ্বাৰিকী দাস-ভােগেশ্বৰী ফুকননী

Leave a Reply

Your email address will not be published. Required fields are marked *