March 29, 2024

Bherjan Borajan Padumoni Abhayaranya History in Assamese | ভেৰজান বৰজান পদুমনি বন্যপ্ৰানী অভয়াৰণ্য ইতিহাস

Bherjan Borajan Padumoni Abhayaranya History in Assamese

ভেঁৰজান বৰাজান পদুমনি অভয়াৰণ্য ইতিহাস History of Bherjan Borajan Padumoni Abhayaranya in Assamese

তিনিচুকীয়া জিলাৰ সদৰৰ নিচেই ওচৰতে ভেজান-বৰজানপদুমণি অভয়াৰণ্য অৱস্থিত। ভেজান, বৰজান আৰু পদুমণি-এইতিনিখন পৃথক পৃথক অৰণ্য সামৰি ভেজান-বৰজান-পদুমণি বন্যপ্রাণী অভয়াৰণ্য গঠন কৰা হৈছে। অভয়াৰণ্যখন সৰু যদিও বন্যপ্রাণীৰ ক্ষেত্ৰত চহকী। অভয়াৰণ্যখনৰ মাটিকালি মাত্র ৭.২২ বর্গ কিলােমিটাৰ।

জীৱ-জন্তু Animal of Bherjan Borajan Padumoni Abhayaranya

অভয়াৰণ্যখন বিশেষকৈ বাৰৰ বাবে বিখ্যাত। মলুৱা বান্দৰ, গাহৰি নেজীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, হলৌ বান্দৰ, লাজুকী বান্দৰ আদিৰ উপৰি বনৰীয়া গাহৰি, নাহৰফুটুকী আৰু উৰণীয়া কেৰ্কেটুৱাও অভয়াৰণ্যখনত পােৱা যায়।

Bherjan Borajan Padumoni Abhayaranya History in Assamese

পক্ষীকুলঃ

বর্তমানলৈকে অভয়াৰণ্যখনত ৮৪ বিধ প্রজাতিৰ চৰাই নথিভুক্ত হৈছে। সেইসমূহৰ ভিতৰত উটপখী, মাছৰােকা, বালিমাহী, শালিকা, বুলবুলি, কাঠৰােকা, দহিকতৰা, ধনেশপখী, ফেঁচুচৰাই, শেন, নাচনী চৰাই, উঁৰিক, হেঁটুলুকা আৰু বিভিন্ন কাঠনি চৰাই (woodland birds) আদি উল্লেখযােগ্য।

উদ্ভিদ

অভয়াৰণ্যখন চিৰসেউজীয়া হােৱাৰ লগতে বৰ্ষাৰণ্যৰ বৈশিষ্ট্যও কম-বেছি পৰিমাণে দেখিবলৈ পােৱা যায়। অভয়াৰণ্যখন চাহ বাগানেৰে আগুৰি আছে।

যাতায়াত

অভয়াৰণ্যখনপৰা ৪০ কিলােমিটাৰ আঁতৰত ডিব্ৰুগড়ৰ মােহনবাৰী বিমানবন্দৰ থকা বাবে বিমানেৰে যাবলৈও সুবিধা আছে। ৰেলেৰে যাবৰ বাবে ওচৰতে তিনিচুকীয়া ৰেল ষ্টেশ্যন আছে। তিনিচুকীয়াৰ ওচৰতে হােৱা বাবে তিনিচুকীয়া চহৰত থকা হােটেল আৰু লজসমূহত পর্যটকসকলে থকা-মেলা কৰিব পাৰে। তদুপৰি উপযুক্ত সাসুবিধাৰে বনশ্রী নামৰ এটা ইক’ কেম্পাে (Banashree Eco-Camp ) আছে।

ভ্রমণ সময় – অক্টোবৰৰপৰা এপ্রিললৈ অভয়াৰণ্যখন ভ্রমণ কৰাৰ উপযুক্ত সময়।

কিদৰে যাব:

মোহনবাৰী (ডিব্রুগড়) বিমানবন্দৰৰ পৰাৰাস্তাৰে প্রায় ৪০ কিমি. দূৰ। তিনিচুকীয়াচহৰৰ পৰাভেৰজান ব্লকটো ৩কিমি. দূৰ, বৰজান ব্লকটো ৬ কিমি. দূৰ আৰু পদুমনি ব্লকটো ৫ কিমি.দূৰ।

ক’ত থাকিব:

তিনিচুকীয়াত উপলব্ধ ভাল হোটেলবোৰ-হোটেল হাইৱে, এটি ৰোড, টেলিফোন, (০৩৭৪) ২৩৩৫৩৮৩/২৩৩২৭৮৩/২৩৪০৮২০,হোটেল জ্যোতি, ৰঙাগড়া ৰোড, টেলিফোন, (০৩৭৪)২৩৩৩২৪৩, হোটেল উৰ্মিলা কন্টিনেন্টেল, ৰঙাগড়া ৰোড, টেলিফোন.:(০৩৭৪)২৩৩৩৭৭৭/২৩৩৩৭৭৩, হোটেল ইন্দ্ৰলোক, প্ৰকাশ বাজাৰ, টেলিফোন.:(০৩৭৪)২৩৪০৩৯৮, হোটেল প্ৰেচিডেন্ট, ষ্টেচন ৰোড, টেলিফোন.:(০৩৭৪)২৩৪০৪৩৫

দৰ্শনৰ বাবে কাক যোগাযোগ কৰিব:

ডিভিজনেল ফৰেষ্ট অফিচাৰ, তিনিচুকীয়া বন্যপ্ৰানী খণ্ড, পো.অ. বৰগুৰী, পিন ৭৮৬১২৬, টেলিফোন: (০৩৭৪) ২৩৩১৪৭২, ৰেঞ্জ ফৰেষ্ট অফিচাৰ, গুইজান ৱাইল্ডলাইফ ৰেঞ্জ,পো.অ. গুইজান, তিনিচুকীয়া।
ভ্রমণৰ বাবে উত্তম বতৰ:
অক্টোবৰৰ পৰা এপ্রিল

You can also Read

References

  1.  Successful preservation of India’s Manas Wildlife Sanctuary enables withdrawal from the List of World Heritage in Danger at UNESCO website
  2. Anil Baruah “Asamar Abhayaranya” (Rashtriya Uddyansaha)
  3. Something I collected from Wikipedia

Learning, Awareness and Education is the purpose of this Blog/Website.

If any mistake or error please kindly inform usthanks

Leave a Reply

Your email address will not be published. Required fields are marked *