July 20, 2024

Bhatheli Festival in Assamese | ভঠেলিৰ ইতিহাস

ভঠেলি : হ’ল হিন্দু ধৰ্মত প্ৰচলিত বাঁহ গছক দেৱতা জ্ঞান কৰি কৰা এক ধৰণৰ পূজা। প্ৰধানকৈ নামনি অসমত এই পূজাৰ প্ৰচলন দেখা যায়।প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন সংস্কৃতিত বিভিন্ন গছ পূজাৰ প্ৰচলন আছে। বিশ্বাস অনুসৰি ঠাই ভেদে মানুহে বিভিন্ন গছক পূজা কৰে। ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন গছ-গছনিক দেৱ-দেৱীৰ প্ৰতীক হিচাপে লৈ পূজা কৰে। বহাগ বিহুক কেন্দ্ৰ কৰি অসমত বাঁহ গছক কৰা পূজাকেই ভঠেলি উৎসৱ বুলি জনা যায়। বিশেষকৈ নামনি অসমৰ কামৰূপ নলবাৰী আৰু বাক্সা জিলাত বহাগ মাহত এই উৎসৱ ধুমধামেৰে পালন কৰা হয়।

ভঠেলিৰ উৎপত্তি

ভঠেলি নামনি অসমৰ অঞ্চল বিশেষে উদযাপিত হোৱা এক প্রাচীন কৃষিভিত্তিক উৎসৱ। অৱশ্যে কোনো কোনোৱে এই উৎসৱক মদন কামদেৱ পূজাৰ লৌকিক ৰূপ বুলিও গণ্য কৰে। ভঠেলি শব্দটোৰ উৎপত্তি সম্পর্কে বিভিন্ন জনে বিভিন্ন মত ডাঙি ধৰিছে যদিও ড° বাণীকান্ত কাকতিৰ মতটোকে সর্বজন গ্ৰহণীয় বুলি ধৰা হয়। তেওঁৰ মতে, ভঠেলি শব্দটো ‘ভষ্ঠালিকা’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল আকাশ বা আকাশমণ্ডল। এই উৎসৱক কামৰূপৰ উত্তৰফালে ‘ভঠেলি’, দক্ষিণফালে ‘পুঁৱেৰি’, মঙলদৈ আৰু গোৱালপাৰাত ‘সোঁৱাৰি’ আৰু ঠায়ে ঠায়ে ‘দেউল’ বুলি কোৱা হয়।

লোকবিশ্বাস

কামৰূপী লোকাচাৰৰ অন্তৰ্গত ভঠেলি উৎসৱৰ প্ৰধান দিশ দুটা হ’ল পাৰ বা পাউৰা আৰু আনটো ভঠেলি ঘৰ। ভঠেলি উৎসৱত দুডাল বাঁহ পোতা হয়। ইয়াৰে ওখ ডালক মতা পাউৰা আৰু চাপৰ ডালক মাইকী পাউৰা বুলি কোৱা হয়৷ ড° বাণীকান্ত কাকতিয়ে এই বাঁহ দুডালৰ সম্পৰ্কত কৈছে যে দুয়োডাল বাঁহ ইন্দ্ৰধ্বজ ইন্দ্ৰৰ (আকাশ আৰু মেঘৰ দেৱতা) সন্মানৰ বাবে ওপৰলৈ তুলি ধৰা হয়। দুয়োডাল বাঁহক ড° কাকতিয়েইন্দ্ৰধ্বজৰ এক আৰ্হি বুলিও কৈছে। ভঠেলিক তেওঁ মহাভাৰতৰ দিনৰ ইন্দ্ৰ পূজা বা ইন্দ্ৰধ্বজ উৎসৱৰ লগত তুলনা কৰি কৈছে যে পূৰ্ণিমাৰ এসপ্তাহৰ আগতে ইন্দ্ৰৰ সন্মানৰ বাবে এক ধ্বজ প্রতিষ্ঠা কৰা হয়।

ভঠেলি উৎসৱ পালন

ভঠেলি উৎসৱত পোতা বাঁহ দুডাল পুৱাৰ ভাগতে ৰাইজে ধুই পখালি চাঁচি-চুঁচি পৰিষ্কাৰ কৰি লয়। পাছত বাঁহ দুডাল ৰঙীন কাপোৰেৰে মেৰিয়াই শংখ-দবা, কাঁহ আদিৰ মংগল ধ্বনিৰে পথাৰ বা মুকলি ঠাইত পোতা হয়। সাধাৰণতে কম বয়সীয়া বা গৰখীয়া ল’ৰাই গা-পা ধুই এই কাম কৰে। উল্লেখযোগ্য যে এই বাঁহ দুডাল এডাল জাতি বাঁহৰ পৰাই দুটুকুৰা কৰি পোতা হয়। বাঁহ দুডালৰ প্ৰতীকী অৰ্থত দৰা-কইনা বুলি কোৱা হয়। এই বাঁহ দুডালৰ লগতে এডাল সৰু বাঁহ পুতি তাৰ চাৰিওফালে কলপাতৰ ছাউনী সজা হয়। ইয়াতে সিংহাসন পাতি বিষ্ণু বা কৃষ্ণৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হয়। এই ঘৰটোক ভঠেলি ঘৰ বোলে৷ উৎসৱৰ দিনা বিষ্ণু বা কৃষ্ণৰ বিগ্ৰহক সমদল কৰি ফুৰাবলৈ নিয়া হয়। ইয়াৰ পাছত বিভিন্ন ৰং-ধেমালিৰ মাজেৰে বাঁহ দুডালৰ মাজত এখন ধেমেলীয়া বিয়া পাতি দিয়া হয়। ঠাই বিশেষে সৰু ল’ৰা ছোৱালীয়ে গোপ-গোপীৰ অনুকৰণত দধিমথন নৃত্য-গীত প্ৰদৰ্শন কৰে।

ভঠেলি উৎসৱৰ বৈশিষ্ট্য়

উৎসৱৰ শেষ দিনা আবেলি সময়ত ল’ৰাবোৰে ‘ভঠেলি ওৰ পৰিল’ বুলি চিঞৰি চিঞৰি গাই ভঠেলি ঘৰটো লাঠীটাঙোনেৰে কোবাই কোবাই ভাঙি পেলায় আৰু ই ভঠেলিৰ অন্যতম বৈশিষ্ট্য।ইপিনে মতা পাউৰাতকৈ মাইকী পাউৰাটো চাপৰকৈ পোতাৰ কাৰণ হ’ল যে দৰাতকৈ কইনা চাপৰ হ’ব লাগে বুলি আমাৰ এক ধাৰণা আছে। যিখন গাঁৱত ভঠেলি পতা হয়, সেইখন গাঁৱত মতা পাউৰা প্ৰতিষ্ঠা কৰি ওচৰৰে কোনো ঠাইৰ পৰা মাইকী পাউৰা অনা হয়। আনহাতে পাউৰা দুটাৰ লগতে ভঠেলি পতা ঠাইৰ এফালে বাঁহৰ খুঁটি এটা পুতি তাত কলপটুৱাৰ ঘৰ এটা সজা হয়। এই ঘৰটোক ভঠেলি ঘৰ বোলে। ইয়াত মাহ-প্ৰসাদ আদি নৈৱেদ্য থৈ গাঁৱৰ ৰাইজে নাম-কীৰ্তন কৰে। তদুপৰি ঘৰটোত দান-দক্ষিণা দি কোনো কোনোৱে সেৱাও কৰে।

ভঠেলি উৎসৱৰ উদ্দেশ্য

ভঠেলি উৎসৱ কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেই সন্দৰ্ভত কোনো সঠিক তথ্য পাবলৈ নাই যদিও ই কৃষিৰ উৰ্বৰতাৰ লগত জড়িত আৰু কৃষিক স্মৰণ কৰাই যে ইয়াৰ প্রধান উদ্দেশ্য, তাক আমি নিঃসন্দেহে  কব পাৰি।

কেইখনমান উল্লেখযোগ্য ভঠেলি উৎসৱ

  • কামৰূপ জিলাৰ ৰামদিয়াৰ কুৰিদিনীয়া ভঠেলি উৎসৱ।
  • নলবাৰী জিলাৰ বেলশৰৰ কুৰিদিনীয়া ভঠেলি উৎসৱ।
  • বৰনৰ্দীৰ ষোল্লদিনীয়া ভঠেলি উৎসৱ।
  • বাটসৰৰ চৈধ্যদিনীয়া ভঠেলি উৎসৱ।

Leave a Reply

Your email address will not be published. Required fields are marked *