July 20, 2024

বাঁহ পূজাৰ ইতিহাস | Bah Puja in Assamese

বাঁহৰ লগত জড়িত বিভিন্ন লোক-বিশ্বাস আৰু লোক-পৰম্পৰাৰে অসমৰ জনগোষ্ঠীসমূহ সমৃদ্ধ। লোক-সঁজুলি, লোকবাদ্যত বাঁহৰ ব্যৱহাৰ অপৰিহাৰ্য। বাঁহপূজাৰ মাজেৰে কেইবাটাও জনগোষ্ঠীৰ উমৈহতীয়া সাংস্কৃতিক উপাদান পৰিস্ফুট হোৱা লক্ষ্য কৰা যায়। বাঁহপূজাৰ পৰম্পৰা অসমত কেতিয়াৰ পৰা আৰম্ভ হ’ল নাইবা কোন জনগোষ্ঠীৰপৰা এই পূজাই ক্ৰমাৎ পৰিচিতি লাভ কৰিলে, তাৰ সঠিক ব্যাখ্যা পোৱা নাযায়। ড° প্রফুল্ল দত্ত গোস্বামীয়ে বাঁহপূজাৰ অন্যতম দুটা ৰূপ ‘ভঠেলি’ আৰু ‘সৰি’ক বসন্তোৎসৱ বিহুৰে সমধর্মী উৎসৱ বুলি চিহ্নিত কৰিছে।

বাঁহ পূজাৰ পৰম্পৰা বিশেষকৈ তিৱা, ৰাভা, হাজং আৰু কেঁাঁচৰাজবংশীসকলৰ মাজত প্ৰচলিত।

বাঁহ পূজাক হাজংসকলে বাঁশ পূজা বুলি কয়৷ ব’হাগ মাহৰ যিকোনো এটা দিনতে এই পূজাৰ আয়োজন কৰা হয়। বাঁশ পূজাৰ লগত হাজংসকলৰ পৰম্পৰাগত নৃত্য-গীত জড়িত হৈ আছে। এই পূজাত শ্ৰীকৃষ্ণৰ জন্মৰ পৰা মথুৰাৰ কংস ৰজাৰ নিধনলৈকে এই গোটেই কাহিনীটো গীতেৰে গোৱা হয়। যথা—

‘যায় পুতনা কৃষ্ণ বধিতে শত্ৰুভাৱে মথুৱা নগৰে,

বিষ মাখা স্তন লয়ে কৃষ্ণকে কোলে নিল

ঐৰে, পুতনাৰ স্তন চুছে কৃষ্ণ পুতনা মৰিল।”

হাজংসকলৰ এই বাঁশ পূজাত প্ৰণয়মূলক গীত-নৃত্যৰ ব্যৱহাৰো আছে। যথা—

“নতুন গাছেৰ ডালিম দেখিয়াৰে চৰাৰ পাখি

কেমনে ৰাখিব ডালিমৰে

ডালিম বাওহালিয়া পৰে ৰসে ভৰে

” আই মুই কয়ো বুজাং তোৰে৷”

কামৰূপৰ ‘ভঠেলি’, দৰঙৰ ‘দেউল’ আৰু গোৱালপৰীয়া কেঁাঁচৰাজবংশীসকলৰ ‘বাঁশ পূজা’ৰ লগত গাৰোসকলৰ ‘বাঁশ পূজা’ৰ সাদৃশ্য দেখা যায়।

বাঁশ পূজা তিনিদিন ধৰি পালন কৰা হয়। এই পূজা উদ্যাপনে ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন ঘটাই ঘৰখনৰ কোনো বিপদ-বিঘিনি নহয় বুলি বিশ্বাস কৰা হয়। এই পূজাৰ সময়ত গাঁৱৰ ডেকা-গাভৰুবিলাকে বাঁহনচুৱাই নচুৱাই ঘুৰি ফুৰে। এই বাঁহনচুৱাসকলক ‘বাঁশুৱা’ বুলি কোৱা হয়। বাঁহনচুৱাৰ সময়ত লগত থকাসকলে দেৱ-দেৱীৰ নামেৰে বন্দনা গীত গায়। যথা—

(ক) হাত গুৰু পাও গুৰু বন্দং দীক্ষা গুৰুৰ পাও৷

যেই গুৰু শিখাইছে মোৰো ডাইনে আৰো বাঁও।

এতেকে বন্দনা গাইতে যে চৰাবে ঘাও।

আৰো কিছু কিৰা নাদং ধৰ্মেৰ মাথা খাওঁ।।

(খ) সৰস্বতী লক্ষ্মীদেৱী ও তোমাৰ চৰণে প্ৰণাম কৰি,

অধম বালকে ডাকে

দয়া কৰা ও মা জননী।

তিনিদিন ধৰি অনুষ্ঠিত হোৱা এই বাঁশ পূজাৰ অন্তত পূজাস্থলীৰ বাঁহ কেইডাল উভালি নদীত ধুবলৈ লৈ যোৱা হয়। বাঁহ ধুবৰ সময়ত গোৱা গীতবোৰ অশ্লীলধর্মী।

তিৱাসকলে বাঁহপূজাক জংখং পূজা বুলি কয়। ব’হাগ বিহুৰ পাছতে তিৱাসকলে এই পূজা অনুষ্ঠিত কৰে। মানৱৰ প্ৰথম কৃষক ফা মহাদেউ আৰু তেওঁৰ চাৰিগৰাকী অনুগামী চাৰিভাই-চাৰিকৰাৰ উদ্দেশ্যে পূজাস্থলীত সাতডাল বাঁহ প্ৰতিষ্ঠা কৰা হয়। তাতে কুকুৰা বলি দি মদ-মাংসৰে পূজা-অৰ্চনা কৰা হয়। পূজাস্থলীৰ চাৰিওফালে ডেকাসকলে ঘূৰি-ঘূৰি নৃত্য-গীত কৰে। এই পূজাত মহিলা বা গাভৰুসকলে প্ৰত্যক্ষভাৱে অংশ ল’ব নোৱাৰে। তিৱাসকলৰ বাঁহপূজা মূলতঃ কৃষিশস্যৰ সকলো ধৰণৰ মংগলৰ অৰ্থেই আয়োজন কৰা হয়।

ৰাভাসকলে এই বাঁহপূজাক হাছি মাৰাংগা আৰু পাৰ’ বা বুলি কয়। চ’ত মাহৰ কোনোবা এটা শনিবাৰ বা মংগলবাৰে গোটেই গাঁওবাসী একেলগ হৈ বছৰটো সকলো ধৰণেৰে ভালে কুশলে যাবৰ কাৰণেই এই পূজা অনুষ্ঠিত কৰে। প্ৰতিঘৰৰ মুৰব্বীসকলে এই পূজাত বিশেষভাৱে অংশ লয়। জীৱ-জন্তু বলি দিয়াৰ পৰম্পৰা এই পূজাত আছে। “সাধাৰণতে প্ৰতিবছৰে চ’ত মাহৰ কোনোবা এদিন শনিবাৰে বা মংগলবাৰে আবেলি বেলিকা গোটেই গাঁওবাসীয়ে লগ লাগি বিগত বছৰটিৰ সকলো অপকর্ম, অপঘাত আৰু অপবাদ মৰিষণৰ বাবে আৰু আহিবলগীয়া দিনকেইটাত নিয়মীয়া বৰষুণ আৰু অনুকূল বতৰেৰে

গাঁওবাসীৰ শ্ৰীবৃদ্ধি কামনা কৰি এই পূজা অনুষ্ঠিত কৰে। এই পূজাৰ বাবে উপচাৰ হিচাপে উঁই পৰুৱাৰ শুকান বাহ (হাখানচি), তিতালাউৰ খোল (ব্রক) নকৈ বৈ উলিওৱা দীঘল নালযুক্ত বিচনী (জাপ) আদিৰ প্ৰয়োজন আৰু এইবিলাক সামগ্ৰী বাঁহৰ খুটি কেইটামানৰ ওপৰত খাজি দি এজোপা প্রকাণ্ড গছৰ গুৰিত বা এটা শিলৰ খোৰোঙত বেদী (হাছিদাম) নিৰ্মাণ কৰি তাত মদ বাকি, বলিৰ তেজ দি, পিঠাগুৰি ছটিয়াই স্তুতি গীতেৰে আৰাধনা কৰি হাছি দেৱতাক পূজা দিয়া হয়।”’ সময়ৰ পৰিৱৰ্তনৰ লগে লগে বলি প্ৰথাৰ পৰম্পৰা ক্ৰমাৎ নোহোৱা হৈছে। ৰাভাসকলৰ এই পূজাত তিৰোতা আৰু নাবালকসকলক অংশ ল’বলৈ দিয়া নহয়। কোচ-ৰাজবংশীসকলে বাঁহপূজাক বাঁশ পূজা বুলি কয়। চ’ত মাহতেই সাধাৰণতে এই পূজা অনুষ্ঠিত কৰা হয়।

কোচ-ৰাজবংশীসকলৰ দেউৰীৰদ্বাৰা এই পূজা সমাপন কৰা হয়। “পূজাৰ দিনা পুৱাই ওঠৰডাল বাঁহ যথাবিহিত নিয়মেৰে কাটি আনে। আঠ হাতমান দীঘল বাঁহবোৰত ৰঙা কাপোৰ মেৰিয়াই কুঁহিলাৰ কদমফুল আঁৰি মূৰত একোটাকৈ চোঁৱৰ বান্ধি দিয়া হয়। বাঁহকেইডাল ওঠৰজন দেৱ-দেৱীৰ প্ৰতীক। অবিভক্ত গোৱালপাৰা অঞ্চলত বাঁহকেইডাল ক্ৰমে ভাগৱতী, কাচাইখাইতী, কাজলমতি, শীতলা, শ্যামাকালী, বামাকালী, অষ্টকালী, ৰক্ষাকালী, হাগুৰি, মুতুৰী, কাশুলী, পাদুৰী, খুদিখাই, ঠাকুৰাণী, পাগলা ঠাকুৰাণী, বুঢ়া মাদাৰ, চেংৰী-মাদাৰ আৰু ফাতেমা বিবিৰ প্ৰতিনিধিত্ব কৰে। কোচবিহাৰৰ ‘বাঁশপূজা’ত থকা পাঁচডাল বাঁহ ক্রমে— সন্ন্যাসী, কালী, জগন্নাথ, বলৰাম আৰু মাদাৰ পীৰৰ প্রতীক হিচাপে পূজিত হয়। তিস্তা নদীৰ পশ্চিমৰ বাঁশপূজাত সাতডাল বাঁহ থাকে। সেইবোৰ ক্ৰমে— শালচিৰি, কালী, গাৰাম, সন্ন্যাসী, তিস্তাবুঢ়ী, বিষহৰী আৰু মাদাৰ পীৰৰ প্রতীক। কোচ-ৰাজবংশী অধ্যুষিত অঞ্চলত থকা মুছলমানসকলেও বাঁহপূজা কৰে, যি ‘দাকা’ বুলি জনাজাত। ‘দাকা’ পূজাত ব্যৱহৃত পাঁচডাল বাঁহ ক্রমে— গাড়ী মিঞা, হাতীলা চাহাব, বিবি, শ্বাহ মাদাৰ আৰু বৰ মাডাৰৰ প্ৰতীক।” গাঁৱত যাতে কোনো ধৰণৰ অপায়-অমংগলে দেখা নিদিয়ে, তাৰ উদ্দেশ্যেই এই পূজা অনুষ্ঠিত কৰা হয়। বাঁশ পূজাক কৃষিৰ লগত সম্পর্কিত এক প্ৰকাৰৰ পূজা বুলিও কোৱা হয়৷ সেইবাবে এই পূজাৰ লগত শস্যৰ মংগল কামনা আৰু প্ৰজননৰ প্ৰসংগও জড়িত হৈ আছে।

ৰাভাসকলে এই বাঁহপূজাক হাছি মাৰাংগা আৰু পাৰ’ বা বুলি কয়। চ’ত মাহৰ কোনোবা এটা শনিবাৰ বা মংগলবাৰে গোটেই গাঁওবাসী একেলগ হৈ বছৰটো সকলো ধৰণেৰে ভালে কুশলে যাবৰ কাৰণেই এই পূজা অনুষ্ঠিত কৰে। প্ৰতিঘৰৰ মুৰব্বীসকলে এই পূজাত বিশেষভাৱে অংশ লয়। জীৱ-জন্তু বলি দিয়াৰ পৰম্পৰা এই পূজাত আছে। “সাধাৰণতে প্ৰতিবছৰে চ’ত মাহৰ কোনোবা এদিন শনিবাৰে বা মংগলবাৰে আবেলি বেলিকা গোটেই গাঁওবাসীয়ে লগ লাগি বিগত বছৰটিৰ সকলো অপকর্ম, অপঘাত আৰু অপবাদ মৰিষণৰ বাবে আৰু আহিবলগীয়া দিনকেইটাত নিয়মীয়া বৰষুণ আৰু অনুকূল বতৰেৰে

Leave a Reply

Your email address will not be published. Required fields are marked *