July 27, 2024

Azan Faqir Biography in Assamese | আজান পীৰৰ জীৱনী

আজান ফকীৰ
জন্ম১৬১০ চন
বাগদাদ, ইৰাক
মৃত্যুশৰাগুৰি চাপৰি, শিৱসাগৰ, অসম
অন্য নামআজান পীৰ
হজৰত শ্বাহ মিলন
আজান ফকীৰ
উল্লেখযোগ্য কৰ্মজিকিৰ, জাৰী
ধৰ্মইছলাম ধৰ্ম

আজান ফকীৰ (Ajan Fakir) এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন। ইয়াৰ বাহিৰেও তেখেতক আজান পীৰ, ছাহ মীৰান আৰু আজান ফকীৰ নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল। আনুমানিক খ্ৰীষ্টীয় সপ্তম-অষ্টম শতিকাত লগত লগত কেইজনমান জন ছূফী (পীৰ) লৈ আজমীৰৰ পৰা অসমলৈ আহিছিল। তেওঁলোকে অসমৰ বিভিন্ন ঠাইত থাকিবলৈ লৈছিল। তেওঁলোকৰ বংশ বৃদ্ধিৰ লগতে কিছু থলুৱা লোকেও ইছলাম ধৰ্ম গ্ৰহণ কৰাত অসমত মুছলমান লোকসকলৰ সংখ্যা বৃদ্ধি পাইছিল। ক্ৰমান্বয়ে তেওঁলোক অসমীয়া সমাজ আৰু সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰিছিল। জনশ্ৰুতি মতে আজান পীৰেই পোনপ্ৰথমে অসমত ‘আজান’ দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসম লৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ’ব লগা হৈছিল। পিচত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰি দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তাতে আজান ফকীৰৰ মৃত্যু হয়।

আজান ফকীৰৰ পৰিয়াল

চূণপোৰা গাঁৱত থাকোঁতেই আজান ফকীৰে তেতিয়াৰ ৰংপুৰৰ ফালে থকা ছৈয়দ ওছমান গণি খোন্দাকাৰৰ কন্যাক বিয়া কৰায়। বৈবাহিক জীৱনৰ সাক্ষী হিচাপে তেওঁ দুটি পুত্ৰ সন্তানৰ পিতৃ হয়। লগত তেওঁৰ একমাত্ৰ ভাতৃ নবীৰে সৈতে সৰু সংসাৰখন আউল ভাঙি ধৰ্মৰ কাম সুকলমে পালন কৰিছিল। বিয়া বাৰু কৰাই তেওঁ সংসাৰ ভালদৰে চম্ভালাৰ লগতে ধৰ্মৰ কামত বিভিন্ন ঠাই ঘূৰি ফুৰিছিল।

আজান ফকীৰৰ অসমলৈ আগমন

ইৰাকৰ ৰাজধানী বাগদাদৰ কেইগৰাকীমান ইছলাম ধৰ্ম প্ৰচাৰক নিজ ইচ্ছাই ঘৰ-বাৰী এৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ অঞ্চললৈ গৈছিল। আল্লাহৰ নামত উচ্ছৰ্গা কৰিব বিচাৰিছিল নিজৰ জীৱন। সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ শাহ মীৰানে তেওঁৰ ভাতৃ নবীৰ সৈতে খোজকাঢ়ি ইৰাক, আফগানিস্থান আদি দেশ পাৰ হৈ খাইবাৰ গিৰিপথেদি আহি ভাৰতত সোমাইছিলহি। সেই সময়ত শাহ মীৰান এজন চফল ডেকা আছিল। কিছুদিন আজমীৰত অতিবাহিত কৰিছিল, তাৰ পাছত দিল্লীত কিছু দিন কটাইছিল। দিল্লীৰ পৰা তেওঁলোক আহি পালেহি বঙ্গদেশৰ উত্তৰ ফালে থকা গৌড়ত নামে ঠাইত। অৱশেষত দুই ভাতৃ আহি অসমত (তেতিয়াৰ কামৰূপ ৰাজ্যত) প্ৰৱেশ কৰিছিল।

ছাহ মীৰান আৰু তেওঁৰ ভাতৃয়ে সেই সময়ত লগত কোনো তিৰোতা মানুহ অনা নাছিল। সময় উকলিলত অসমৰ ছোৱালীকে বিয়া কৰাই ধৰ্মৰ বাহিৰে আন সকলো আচাৰ-নীতি গ্ৰহণ কৰি অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে ওতঃপ্ৰাত ভাবে মিলি গৈছিল। বৈষ্ণৱ কবি, ধৰ্ম প্ৰচাৰক সকলৰ সাহিত্যৰ লগত তেওঁলোক মিলি গৈছিল।

আজান ফকীৰ আৰু ভাতৃ নবী কামৰূপলৈ আহি হাজোৰ হজৰত গিয়াছ-উদ্দিন আউলিয়াৰ দৰগাহতে থাকিবলৈ ল’লে। হাজোত কেইবাবছৰ থাকি ভালদৰে অসমীয়া ভাষা, ৰীতি-নীতি আয়ত্ত কৰাত লাগিল। আজান ফকীৰে ভাষাটোৰ লগতে ওজাপালি, নৃত্যগীত, দেহবিচাৰৰ গীত আৰু অন্যান্য লোকগীত আদিৰ ছন্দ, সুৰ আদিৰ লগত ভালদৰে মনোনিবেশ কৰিলে। এই সকলোবোৰৰ পৰাই অনুপ্ৰানিত হৈ পাছত তেওঁ জিকিৰ ৰচনা কৰিবলৈ লৈছিল। অসমীয়াৰ পূৰ্বতে তেওঁ ফৰাচী, আৰবী আৰু উৰ্দু ভাষা ভালদৰে জানিছিল, সেইবাবে অসমীয়া ভাষা বিশেষ ভাবে আয়ত্ত কৰিলেও তেওঁ সৃষ্টি কৰা জিকিৰ সমূহ ফৰাচী বা উৰ্দু ভাষাত লিখিছিল। কাৰণ আজিলৈকে আজান ফকীৰৰ অসমীয়া ভাষাত লিখা কোনো আখৰ পোৱা হোৱা নাই।

ধৰ্মীয় আদৰ্শ

হাজোত কিছু বছৰ থকাৰ পাছত দুই ভাতৃ উজনিৰ ফালে আগবাঢ়িল আৰু তেতিয়াৰ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত উপস্থিত হৈ ওচৰৰে চূণপোৰা গাঁৱত থাকিবলৈ লৈছিল। চূণপোৰা গাঁৱত আজান ফকীৰৰ আগমন হোৱাৰ আগতে মছজিদ নাছিল, তেৱেঁই চূণপোৰা গাঁৱত মছজিদ সাজিলে। আজান ফকীৰ মছজিদৰ ওচৰতে থাকিল আৰু মানুহ গোটাই দিনে পাঁচ বাৰকৈ নামাজ পঢ়িবলৈ আৰু পাঁচবাৰকৈ আজান দিবলৈ ল’লে। এইদৰেই এক নতুন সংস্কৃতিৰ গঢ় লৈ উঠিল। মাথোঁ নামাজ পঢ়াই নহয়, আজানে জিকিৰ গীত ৰচনা কৰি নিজেই সুৰ দি গাবলৈ ললে। আজানৰ সুমধুৰ কণ্ঠত জিকিৰ শুনি, আল্লাহৰ মহত্ত্বৰ কথা মুছলমান সকলে ভালদৰে উপলদ্ধি কৰিবলৈ ললে। ঠিক তেতিয়াৰে পৰাই নিতৌ পুৱা গধূলি মছজিদত আজান দিয়া ফকীৰ জনৰ নাম শাহ মীৰানৰ পৰা আজান-ফকীৰ ৰূপে জনাজাত হৈ পৰিল। কিন্তু আজান-ফকীৰে অসমৰ ধৰ্মযাজক সকলৰ চৰিয়ত নমনাৰ বাবেই তেওঁ নিজৰ চকুহাল হেৰুৱাব লগা হৈছিল[5]।

আজান-ফকীৰে জিকিৰত একাধিক বাৰ যে তেওঁ মাদাৰী পীৰৰহে ভক্ত। মাদাৰী এক চুফি পন্থাৰ নাম। বদৰুদ্দিন, ছাহ বদৰ বা ছাহ মাদাৰৰ নামেৰেই এই পন্থাৰ নাম মাদাৰী ৰূপে পৰিচিত হয়। পয়গম্বৰ জনাৰ পৰা লাভ কৰা আধ্যাত্মিক জ্ঞান একমাত্ৰ হজৰত আলীৰ যোগেদি তেওঁলোকে নিজ মুৰ্ছিদ বা গুৰুৰ পৰা আহৰণ কৰে আৰু সেইদৰে ৰচুলৰ প্ৰকৃত চৰিয়তহে গুপ্তভাবে পালন কৰে[5]।

চূণপোৰা গাঁৱত থাকোঁতেই তেওঁ ইছলাম ধৰ্ম আৰু ৰীতি-নীতি সম্পৰ্কীয় জিকিৰ গীতবোৰ ৰচনা কৰি চিনাকি অসমীয়া সুৰতে গোৱাৰ দিহা কৰিছিল। কিন্তু তেওঁৰ জিকিৰ গীতবোৰৰ কথাৰ মাজত আৰৱী, ফৰাচী আদি শব্দৰে ব্যৱহাৰ কৰিছিল যদিও সেইবোৰৰ ব্যৱহাৰে ছন্দৰ লালিত্য বা সুৰৰ মধুৰতা খৰ্ব কৰা নাছিল। যিমানেই জিকিৰ গীতবোৰৰ জনপ্ৰিয় হৈ পৰিছিল সিমানে তেওঁৰ শিষ্যৰ সংখ্যাও বৃদ্ধি পাইছিল। লাহে লাহে আজান-ফকীৰ ধৰ্মগুৰু বা পীৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত চূণপোৰা গাঁৱতেই নহয় সমগ্ৰ অসমতে আজান চাহাবৰ নাম-যশ বৃদ্ধি পাবলৈ ললে[5]।

ৰজা গদাধৰ সিংহৰ দিনত আহোম ৰজাৰ বিশেষ প্ৰতিপত্তি থকা মুছলমান বিষয়া আছিল একমাত্ৰ ৰূপাই দাধৰা। আন এজন মুছলমান আজান-ফকীৰৰ নাম-যশে চাৰিওফালে প্ৰভাব পেলোৱাত ৰূপাই ঈৰ্ষাত জ্বলি-পুৰি মৰিছিল। ৰূপায়ে মোগল ৰজাৰ গুপ্তচৰ বুলি ৰজাৰ ওচৰত আজানৰ বিৰুদ্ধে গোচৰ দিলে যদিও আজানৰ গুপ্তচৰ হোৱাৰ কোনো প্ৰমাণ কিন্তু ৰূপায়ে দিব নোৱাৰিলে। শেষত ৰূপায়ে পুনৰ অভিযোগ আনিলে যে জিকিৰ গীত গাই বিশেষ উপাসনাত লাগি আজানে ইছলাম ধৰ্মৰ বিকৃতি ঘটোৱা বুলি। ৰজাই কথাষাৰ বিশ্বাস নকৰিলেও হয়তো ৰাজবিষয়া ৰূপাইক সন্তুষ্ট কৰিবৰ বাবেই আজানৰ বিৰুদ্ধে ৰায় দিলে। শেষত নিষ্ঠুৰ অপকৰ্ম কৰিলে ৰূপাই দাধৰাই। বৃদ্ধ আজান আৰু ভাতৃ নবীক ধৰি আনি বন্দী কৰি ৰাখিলে আৰু আজানৰ চকু কাঢ়িবলৈ নিৰ্দ্দেশ দিলে। হাঁহি হাঁহি নিজৰ চকু কাঢ়িবলৈ পাতি দিলে আজানে। আজানৰ চকু কাঢ়ি নিয়াৰ পাছতেই অসম ৰাজ্যলৈ নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ নামি আহিছিল। শেষত ৰজাই নিজৰ ভুলৰ বাবে হোৱা অপকৰ্মৰ কথা জানিব পাৰি দৰদী হৈ পৰিল আৰু আজানক ধৰ্ম প্ৰচাৰ কৰিবলৈ নিজে মঠ সজাই দি ফকীৰৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰালে

আজান ফকীৰৰ জিকিৰ আৰু জাৰী

Click Here

আজান ফকীৰৰ মৃত্যু

আজান ফকীৰৰ চকু ৰূপাই দাধৰাই কাঢ়ি নিয়াৰ পাছতো কিছু বছৰ তেওঁ অন্ধ হৈয়ে জীয়াই আছিল। আজান ফকীৰৰ প্ৰায় ১২০ বছৰ বয়সত মৃত্যু হয় বুলি অনুমান কৰা হয়। তেওঁৰ মৃত্যুৰ সময়ত পত্নী আৰু দুজন পুত্ৰৰ লগত ভাতৃ নবীক ইহ-সংসাৰত এৰি থৈ যায়। শৰাগুৰি চাপৰিৰ মছজিদৰ কাষতে আজান ফকীৰক কবৰ দিয়া হয়

Leave a Reply

Your email address will not be published. Required fields are marked *