July 20, 2024

অসম সাহিত্য সভাৰ প্রতিষ্ঠা দিৱস ২৭ ডিচেম্বৰ | Asam Sahitya Sabha

প্রতিষ্ঠা দিৱস, অসম সাহিত্য সভা (২৭ ডিচেম্বৰ) Asam Sahitya Sabha 27th December

Asam Sahitya Sabha
নীতিবাক্যচিৰ চেনেহী মোৰ ভাষা জননী
প্ৰতিষ্ঠা১৯১৭
উদ্দেশ্যঅসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি
প্ৰধান  কাৰ্যালয়চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট, অসম
আনুষ্ঠানিক  ভাষাঅসমীয়া
সভাপতিড° সূৰ্য্যকান্ত হাজৰিকা
ৱেবছাইটassamsahityasabha.org
পূৰ্বৰ  নামঅসমীয়া ভাষা উন্নতি সাধিনী সভা

‘অসম সাহিত্য সভা’ অসমৰ এটি মুখ্য সাহিত্যিক অনুষ্ঠান। এই অনুষ্ঠানটিৰ জন্ম হৈছিল কলকাতা প্ৰৱাসী কেইজনমান সাহিত্যপ্রেমী অসমীয়া ছাত্ৰৰ মাজত। প্রথমে যদিও ‘চাহ মেল’ ‘আলোচনা-চক্র’ আছিল, পিছলৈ সেইসকল সাহিত্যপ্ৰেমীৰ অহোপুৰুষাৰ্থৰ ফলত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ নামেৰ এটি অনুষ্ঠানৰ জন্ম হয়। উক্ত সভাত ‘ত্ৰিমূৰ্তি ৰ প্রচেষ্টা অন্যতম। ত্ৰিমূৰ্তিৰ ভিতৰত আছিল— লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা। কালক্ৰমত এই অনুষ্ঠানটিৰ পৰাই ‘অসম সাহিত্য সভা’ হিচাপে পৰিগণিত হয়। ওঠৰ শতিকাত অসমত অসমীয়া ভাষা-সাহিত্য এক দুর্যোগপূর্ণ অৱস্থা আছিল। বৃটিছ চৰকাৰৰ আমোলাতান্ত্রিক আক্ৰমণৰ বলি হৈছিল অসমীয়া জাতি। সেই সময়ত অসমীয়া ভাষা-সংস্কৃতিৰ পুনৰ উদ্ধাৰৰ বাবে এচাম নিষ্ঠাৱান সাহিত্যপ্রেমীয়ে অহোপুৰুষাৰ্থ কৰি অসমীয়া ভাষা-সংস্কৃতিৰ মৃতপ্রায় শিপাডাল কোনোমতে সজীৱ কৰি তুলিছিল। সেইসকল নমস্য ব্যক্তিৰ আপ্রাণ চেষ্টাৰ বলত অসম সাহিত্য সভাৰ জন্ম। অসমীয়া ভাষা, সাহিত্য-সংস্কৃতি উন্নতি সাধনৰ অৰ্থে সাহিত্য সভাই কাম কৰি আহিছে। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত পদ্মনাথ গোহাঞিবৰুৱাৰ সভাপতিত্বত অসম সাহিত্য সভাৰ প্রথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হয়। তেতিয়া ইয়াৰ নাম আছিল ‘সদৌ অসম সাহিত্য সন্মিলনী।’ ১৯২৪ চনৰ ৫ মে’ত ই ‘অসম সাহিত্য সভা’ (Asam Sahitya Sabha) হিচাপে পঞ্জীভূত হয়। ১৯৪৪ চনৰ পৰা ‘অসম সাহিত্য সভা’ হিচাপে পৰিগণিত হয়। অসম সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীন উন্নতি তথা থলুৱা ভাষা-সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হয়। প্রতীকটোত এখন ঠগাত থকা সাঁচিপতীয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে লিখা আছে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ মিত্ৰদেৱ মহন্তৰ ৰচিত গীতটো গোৱা হয় আৰু সভাৰ সামৰণিত লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটি গোৱা হয়। অসম সাহিত্য সভাই অনা-অসমীয়া লোকসকলৰ বাবে প্ৰাথমিক, মাধ্যমিক, প্রাক্‌-প্রাথমিক, প্ৰাক্‌ ভাৰতী আৰু ভাৰতী এই পাঁচটা ভাগত অসমীয়া ভাষাজ্ঞান পৰিচালনা কৰে। অসমীয়া [ ১৮ ]
ভাষা-সাহিত্য, সংস্কৃতি বিকাশৰ বাবে দুবছৰৰ মূৰে মূৰে বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা ‘অসম সাহিত্য সভা’ জনসমুদ্ৰত পৰিণত হয়। এই অনুষ্ঠানটিয়ে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, গ্ৰন্থ আদিকো বঁটা সন্মানেৰে বিভূষিত কৰে। ১৯১৭ চনৰ ২৭ ডিচেম্বৰত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভাৰ এই গৌৰৱোজ্জ্বল ২৭ ডিচেম্বৰ দিনটো প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *