ভাৰতৰ উত্তৰ-পূব সীমান্তত অৱস্থিত এখন সৰু ৰাজ্য। ইয়াৰ উত্তৰে চীন আৰু তিব্বত; পূবে ম্যানমাৰ, দক্ষিণে অসম আৰু পশ্চিমে ভূটান। আহোম ৰাজত্বৰ পৰাহে অৰুণাচল প্ৰদেশৰ প্ৰথম লিখিত ইতিহাস পোৱা যায়। ইংৰাজে অসম অধিকাৰ কৰাৰ পিছত অৰুণাচলৰ প্ৰশাসনো ইংৰাজৰ হাতলৈ আনে। তেতিয়াৰপৰা ১৯৪৭ চনৰ ১৫ আগষ্টলৈকে ইংৰাজৰ অধীনত থাকে। ১৯১৪ চনত এই ৰাজ্যখন অসমৰ দৰং আৰু লখিমপুৰ জিলাৰপৰা কিছু অংশ পৃথক কৰি লৈ উত্তৰ-পূব সীমান্ত অঞ্চল (NorthEast Frontier Agency) চমুকৈ (NEFA) গঠন কৰা হয়। অৰুণাচল প্ৰদেশখন ১৯৬২ চনলৈ নেফা (NEFA) নামে জনাজাত আছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ ইংৰাজ শাসনৰ পৰা স্বাধীন হোৱাত নেফা অঞ্চল ভাৰত চৰকাৰৰ অধীনলৈ আহে। ৰাজ্যখন অতিকৈ পিছপৰা হোৱা কাৰণে ১৯৬৫ পর্যন্ত এই অঞ্চল কেন্দ্রীয় বৈদেশিক মন্ত্রণালয় আৰু পৰৱৰ্তী সময়ত গৃহ দপ্তৰৰ প্ৰশাসিনক এলেকাধীন আছিল। ১৯৭২ চনৰ ২০ জানুৱাৰীত অঞ্চলটোক নেফা (NEFA) নামৰ সলনি অৰুণাচল প্ৰদেশ নামে নামকৰণ কৰা হয়। তেতিয়াৰ পৰা অৰুণাচল প্রদেশক কেন্দ্রীয় শাসিত অঞ্চল ৰূপে ঘোষণা কৰা হয়। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশ ৰাজ্যখনে পূর্ণ স্বাধীনতা লাভ কৰি পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে। তেতিয়াৰে পৰা অৰুণাচল প্ৰদেশৰ জনগণে ২০ ফেব্ৰুৱাৰী দিনটো অৰুণাচল দিৱস হিচাপে অতি উলহ-মালহেৰে পালন কৰে।