July 27, 2024

সন্ত্রাসবাদ বিৰোধী দিৱস | Anti-Terrorism Day in Assamese

সন্ত্রাসবাদ বিৰোধী দিৱস (২১ মে)

The observance of Anti-Terrorism Day aims to educate people, especially the youth, about the dangers of terrorism and the importance of unity in countering such threats. It also pays tribute to the sacrifices made by security personnel who have lost their lives while fighting against terrorism.

ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজীৱ গান্ধীক কাৰ্যকৰী প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। সেই বছৰতে ডিচেম্বৰ মাহত অষ্টম লোকসভা নির্বাচনত জয়লাভ কৰি প্ৰধানমন্ত্ৰী হিচাপে তেওঁ নিৰ্বাচিত হয়। ৰাজীৱ গান্ধীয়ে ১৯৮৪ চনৰ ৩১ অক্টোবৰৰ পৰা ১৯৮৯ চনৰ ১ ডিচেম্বৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহক কৰি এগৰাকী সুদক্ষ ৰাজনীতিবিদ হিচাপে নিজকে প্রতিষ্ঠা লাভ কৰিব পাৰিছিল। এইগৰাকী মহান ব্যক্তিক ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপিৰামবুদুৰৰ এখন নির্বাচনী সভাত এগৰাকী মহিলা আত্মঘাতী বোমাৰুৰ বোমাৰ আঘাতত তেওঁৰ জীৱনৰ শলিতা চিৰদিনৰ বাবে নুমাই যায়। মহান ব্যক্তিগৰাকী স্বৰ্গগামী হ’ল সঁচা, কিন্তু তেওঁৰ কৰ্মৰাজিয়ে ভাৰতবৰ্ষ তথা বিশ্ববাসীৰ মাজত চিৰ উজ্জ্বল হৈ জিলিকি থাকিল৷ এইগৰাকী মহান ব্যক্তিৰ মৃত্যুৰ দিন ২১ মে’ দিনটোক ‘সন্ত্রাসবাদ বিৰোধী দিৱস’ হিচাপে ভাৰতীয় জনগণে পালন কৰি আহিছে। এই দিৱসৰ মুখ্য উদ্দেশ্য হ’ল ৰাষ্ট্ৰ তথা বিশ্বৰপৰা সন্ত্রাসবাদ নির্মূল কৰা। কিন্তু ইয়াৰ বিপৰীতে ৰাষ্ট্ৰ তথা সমগ্র বিশ্বতে সন্ত্রাসবাদে গা কৰি উঠিছে। বিশেষকৈ অসম, তথা ভাৰতবৰ্ষ, চেচনিয়া,

ইৰাক, ফিলিপাইন, আফগানিস্তান, পাকিস্তান আদি কৰি প্ৰায় বিশ্বৰ এক চতুর্থাংশত এচাম নতুন হত্যাকাৰী আৰু ডকাইতে বিদ্রোহী বা স্বাধীনতাকামী আদি সম্ভ্ৰান্ত পৰিচয় গ্ৰহণ কৰি দেশে দেশে সৃষ্টি কৰিবলৈ লৈছে অক্ষমণীয় সন্ত্ৰাস। এনে ধৰণৰ সন্ত্ৰাসৰ বাবেই পৃথিৱীৰ কোনো এখন ঠায়েই শান্তিপ্রিয় সাধাৰণ মানুহৰ বাবেই নিৰাপদ হৈ থকা নাই। এনে ধৰণৰ সন্ত্রাসবাদী কার্যকলাপৰ পৰা কেৱল কেইখনমান দেশৰহে ক্ষতিগ্রস্ত হৈছে এনে নহয়, ইয়াৰ ফলত শংকিত হৈ দিন কটাবলগীয়া হৈছে কেইখনমান মহাদেশৰেই অসংখ্য দেশে।

বৰ্তমান সন্ত্রাসবাদীসকলৰ প্ৰতি হোৱা ক্ষোভ প্রতিবাদী কাৰ্যসূচী তথা নাগৰিক সভাৰ জৰিয়তে প্ৰকাশ পাইছে। এইটো এটা শুভ লক্ষণ। আমি যদি সঁচাকৈয়ে সন্ত্রাসবাদ নির্মূল হোৱাটো বিচাৰোঁ, শান্তি বিচাৰো তেতিয়াহ’লে আমি তাৰ বাবে চৰম ত্যাগ স্বীকাৰ কৰিবলৈও দৃঢ় সংকল্পবদ্ধ হ’ব লাগিব, মাৰ বান্ধি থিয় দিব লাগিব সন্ত্রাসবাদৰ বিৰুদ্ধে। ৰাইজৰ আস্থা নাপালে, ধন নাপালে সন্ত্রাসবাদীয়ে গা কৰি উঠিব নোৱাৰে। এই ক্ষেত্ৰত চৰকাৰ অধিক কঠোৰ হ’ব লাগিব। চৰকাৰৰ চোৰাংচোৱা বিভাগটো অধিক সক্রিয় হ’ব লাগিব৷ ৰাজপথত, সভা-সমিতিত চিঞৰিলেই শান্তি ঘূৰি নাহে।

Leave a Reply

Your email address will not be published. Required fields are marked *