‘আলি আয়ে নৃগাং’ মিচিংসকলৰ এক বসন্তকালীন উৎসৱ। ই কৃষিৰ লগত জড়িত। আলি’ মানে মাটিৰ তলত হােৱা ফল, “আই’ মানে গছৰ গুটি আৰু গাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা অর্থাৎ আলি আয়ে গাং মানে শস্য সিঁচিবলৈ আৰম্ভ কৰাৰ দিন বা সময়।
Table of Contents
উৎসৱৰ আৰম্ভনি
প্রত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলােকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে। নৃগাং উৎসৱে বিভিন্নজনৰ মাজত ঐক্য আৰু সম্প্রীতিৰ সাঁকো গঢ়ি, কৃষিকৰ্মৰ বাবে নিয়ােজিত হ’বলৈ সকলাে মিচিং লােককে সক্রিয় আৰু কর্মঠ কৰি তােলে। উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই ‘দঞিপল’ (সূর্য-চন্দ্র)ৰ নাম লৈ স্তুতি গীত আওৰায়। এই স্তুতি গীত পূর্বপুৰুষৰ মৃতআত্মাক সন্তুষ্ট কৰাৰ কামনাৰে গোৱা হয়। লগতে শস্যক্ষেত্ৰত যাতে উৎপাদন ভাল হয় আৰু পৰিয়ালৰ সকলোৰে যাতে কুশল-মংগল হয়, তাৰে কামনাৰেও এই প্ৰাৰ্থনা গোৱা হয়। সেইদিনা বৰা চাউলৰ ‘পুৰাং’, কৌপাতত বান্ধি সিজোৱা ভাত, মাছ, গাহৰিৰ মাংস, আপং আদিৰে ভোজন পৰ্ব কৰা হয়। এই উৎসৱত পৰঃ আপং ব্যৱহাৰ কৰা হয়।
বীজ সিঁচাৰ নিয়ম
বীজ সিঁচাৰ আগতে নিৰ্দিষ্ট মাটি টুকুৰা পানী ছটিয়াই শুদ্ধ কৰি লোৱা হয় আৰু তাৰ পাছত মাটি টুকুৰাৰ চাৰিওফালে চাৰিজোপা পিঃৰ (মেগেলা) গছ ৰোৱা হয়। পিঃৰ গছৰ পাতৰ ফেৰেঙনিত কপাহ (পিঃমূৰ) অলপ অলপ লগোৱা হয়। চহ কৰা মাটি টুকুৰাৰ মাজভাগত প্প্ল্ল্ (কণী) এটা পুতি দিয়ে। কৌপাতত তিনিভাগ পুৰাং, আদা, ছাইমদ আদি দি সজোৱা হয়। সর্বশেষত বয়োজ্যেষ্ঠজনে হোৰাত কঠীয়া ভৰাই দঞি-পলৰ (চন্দ্ৰ-সূৰ্য), বসুমতী আই, বৰুণ দেৱতা, জল দেৱতা, পৱন দেৱতা আৰু উপৰিপুৰুষৰ নাম লৈ মিত্সা এখনেৰে মাটিত খঁচি খুঁচি ধানৰ কঠীয়া ছটিয়াই দিয়ে। তাৰ পাছত বাঁহৰ কামী কেইডালমান ধেনুভিৰীয়া কৰি মাটিত গুঁজি দিয়ে যাতে শীতৰ কুঁৱলীয়ে বীজ গজিব নোৱৰাকৈ মিচিং ভাষাত ‘পেনেম’ কৰে। পেনেমৰ অসমীয়া ভাবার্থ— ‘আজি মিচিং সমাজে বসুমতী আইৰ লগতে সূর্য, চন্দ্ৰ, জল, পৱন, বৰুণ দেৱতা, পূৰ্বপুৰুষ সকলোলৈকে কৌপাতত ভাত, আদা, কণী, ছাই মদ আদিৰে পূজা বা সেৱা আগবঢ়াইছোঁ। আজিৰ পৰা শস্য সিঁচিবলৈ আৰম্ভ কৰা হৈছে,
গতিকে বছৰটো খাবলৈ জোৰাকৈ ফচল পাব লাগে। শীতৰ কুঁৱলীয়ে বীজ গজিব নোৱৰাকৈ ঢাকি নাৰাখিবৰ বাবে বাঁহৰ কামীবোৰ কাটি দিয়া হৈছে। পৃথিৱী শস্য শ্যামলা হৈ সকলোফালে নদন-বদন হ’ব লাগে।’ আলি আয়ে লৃগাং উৎসৱত লৃগগদ অর্থাৎ প্রথম বীজ সিঁচাৰ নিয়ম পালন কৰোঁতে প্ৰধানকৈ লাগতিয়াল বস্তুকেইপদ হ’ল— চাৰিজোপা পিঃৰ (মেগেলা গছ), কেঃছিকেঃৰ (আদা), পৃপ্লুলু (কণী), পঃৰ আপং (ছাইমদ), চূঃপাগ্ (কপাহ), পুৰাং (কৌপাতত টোপোলা বন্ধা ভাত), কামৰ (কৌপাত), আমলি (কঠীয়া), অগ্ন (হোৰা), আচিলু-চুৰ (এটেকেলি পানী), তাকু-তাঃবাদ (দুই মূৰে জোঙা কৰি পাতলকৈ চঁচা চাৰিপাত বাঁহৰ কামী), মাতৃগ (মিচিং মিত্দা) আদি।
উৎসৱৰ নৃত্য পৰম্পৰা
আলি আয়ে লৃগাং উৎসৱত নৃত্য কৰাৰ পৰম্পৰা আছে। এই নৃত্যক ‘গুম্ৰাগ পাকচ’ বোলা হয়। কিছুমান গাঁৱত গাঁৱৰ মুখিয়ালজনৰ ঘৰৰ পৰা বিহু আৰম্ভ হয়। ইয়াৰ ‘নিতম’ (গীত)বোৰক ‘বৃঃৰা্ নিঃতম’ বোলা হয়। ইয়াৰ অৰ্থ হ’ল উৎসৱৰ গীত। ডেকা-গাভৰুসকলে পূজাথলীত ‘গুম্ৰাগ পাকচ’ কৰে। নিশা গাভৰুসকলে বিহু পাতে আৰু তাতে ‘ঐনিঃতম’ বা বিহুগীত গায়।
উৎসৱটিৰ আয়োজন
আলি আয়ে লৃগাং উপলক্ষে বিশ দিনমানৰ আগৰে পৰা মিচিং নাৰীয়ে তৈয়াৰ কৰে পঃৰ (ছাইমদ) আৰু নপপিন আপং। আপোনজন অথবা প্ৰেমিকৰ বাবে নিজ হাতেৰে সপোনৰ ফুল বাছি বৈ দিয়ে মিব’গালুগ (মিচিং চোলা), গনৰ ওগন (মিচিং ধুতি) আৰু দুমীৰ (গামোচা) আৰু নিজৰ বাবেও বৈ লয় এনে পাটৰ (মেখেলা-চাদৰ), ৰিৱি, ৰুমবুং আদি। দুহাতত জেতুকা বোলায়, গামখাৰু, দুমপুন, খোপাত পিন্ধা বগা সূতাৰে নিজে বনোৱা ফুল, মাদলি, জোনবিৰি আদি পিন্ধি গাভৰুবোৰ জাক পাতি ওলাই আহে লৃগাং ছঃমান (ডেকা-গাভৰুৱে নচা নাচ) কৰিবলৈ। অতীজতে আলি আয়ে লৃগাঙৰ দিনা ডেকা-গাভৰুৱে নচা নাচক ‘লৃগাং ছঃমান’ বুলি কোৱা হৈছিল যদিও বর্তমান এই নাচক ‘গুমৰাগ ছঃমান’ বুলি কোৱা হয়। এই গুমৰাগ ছঃমানৰ বাবে নির্দিষ্ট গীত, ঢোলৰ ছেও, পুৰণি বাদ্য লীঃলা-মাৰবাং (বৰকাঁহজাতীয় বাদ্য) আদি বাদ্য আছে। গুমৰাগ ছঃমানৰ লৃগাঙৰ দিনা গাঁৱৰ মুখ্য ব্যক্তি গাম বা গাঁওবুঢ়াৰ ঘৰতে ঘাট মাৰে। তাৰ পাছত ক্ৰমে শইকীয়া, বৰা, সাতোলা আদিৰ ঘৰত আৰু পাছত গাঁৱৰ সকলোৰে ঘৰত গুমৰাগ ছঃমান কৰে। ছঃমান কৰি পোৱা টকাৰে ডেকা-গাভৰুৱে মুৰংঘৰৰ বাবে যাৱতীয় বয়বস্তু আদি লোৱাৰ উপৰি প্ৰীতিভোজ খায়। লৃগাঙৰ পঞ্চম দিনা লৃঃলেন বা চাপলেন অর্থাৎ গেনা ভংগৰ নিয়ম কৰে। ঘৰৰ বয়োজ্যেষ্ঠজনে মৗৰম (জুইশাল) সুন্দৰকৈ মচি-কাচি লোৱাৰ পাছত জাঁকিত পঃৰ আপং অলপ দঞি-পলক সাৰোগত কৰি পূৰ্বপুৰুষসকলৰ নামত ঢালি দি গেনা ভাঙে আৰু সকলো ৰাইজৰে মংগল প্ৰাৰ্থনা কৰি লৃগাং পৰ্বৰ সামৰণি মাৰে। মাঘৰ বিহুৰ শস্য চপোৱা আৰু ব’হাগ বিহুৰ শস্য সিঁচা উৎসৱৰ লগত মিচিং সমাজৰ এই আলি-আই লৃগাং উৎসৱটিৰ সম্পৰ্ক দেখা যায়। অৱশ্যে লৃগাং উৎসৱটিৰ লগত মিচিং লোকসকলৰ জাতীয় জীৱনৰ ধৰ্ম আৰু লোক-বিশ্বাসৰ কথাও জড়িত হৈ আছে।
লোক-বিশ্বাস
মিচিংসকল সাধাৰণতে কৃষিজীৱী লোক। গতিকে আলি-আই-লৃগাং উৎসৱটিৰ জৰিয়তে কৃষিজীৱী এই মিচিং লোকসকলৰ কৃষি-সম্পৰ্কীয় চিন্তাচৰ্চা, ধ্যান-ধাৰণা, লোক-বিশ্বাস আদিৰ পূৰ্ণ প্রকাশ ঘটিছে। আলি-আই লৃগাং উৎসৱটিৰ মাজত লুকাই থকা লোকাচাৰবোৰৰ পৰা ইয়াক কঠীয়া বা শস্য সিঁচাৰ পূৰ্ব প্ৰস্তুতিমূলক উৎসৱ যেন ধাৰণা হয়। মূল উৎসৱ আৰম্ভ হোৱাৰ দুই এদিন আগৰে পৰা মিচিং গাঁৱৰ গঞা ৰাইজে লগ লাগি নদী, বিল আদিত মাছ মাৰে আৰু হাবিত চৰাই-চিৰিকটি, পহু, নল গাহৰি আদি চিকাৰ কৰে। এই মাছ, মঙহবোৰ সকলোৱে ভগাই লয়। ইয়াৰদ্বাৰা তেওঁলোকৰ ভাতৃত্ববোধ আৰু একতাৰ উমান পোৱা যায়। আলি-আই-লৃগাঙৰ দিনা অস্ত্ৰৰে বাঁহ, বেত, খেৰ আদি কোনো জীয়া বস্তু কাটিব নাপায়। কাটিলে শস্যৰ অমংগল ঘটিব। এয়া মিচিং জনসমাজৰ লোক-বিশ্বাস।
আলি-আই-লৃগাঙৰ দিনা গাঁৱৰ ৰাইজে প্রতি ঘৰলৈ গৈ প্ৰীতি ভোজন কৰে আৰু গৃহস্থৰ মংগল কামনা কৰি আশীৰ্বাদ দিয়ে ৷ ইয়াৰ বাহিৰেও সেইদিনা সমজুৱাই মিলি বিশেষ ভোজভাতৰো আয়োজন কৰে। ভোজভাতৰ বাবে প্রস্তুত কৰা খাদ্য সামগ্রীসমূহ, যেনে— মাছ, মঙহ, আপং আদি প্ৰথমতে তেওঁলোকে তেওঁলোকৰ পূজ্য ইষ্ট দেৱতা আৰু পূৰ্বপুৰুষৰ স্মৃতিত উছৰ্গা কৰে। এই উচ্চৰ্গা কৰাৰ গুৰিতেই হ’ল পূৰ্বপুৰুষসকলৰ আত্মাই যাতে কেতিয়াও কোনো ক্ষেত্রতে মনোকষ্ট নাপায়। সদায়ে তেওঁলোকে তেওঁলোকৰ সতিসন্ততিবোৰৰ মংগল কামনা কৰি থাকে।
ইয়াৰ পাছত সকলোৱে লগ লাগি সেইবোৰ আনন্দ মনেৰে ভোজন কৰে। এই বিহুত গাঁৱৰ ল’ৰা-বুঢ়াৰ পৰা আৰম্ভ কৰি জীয়ৰী-বোৱাৰী সকলোৱে ঘৰত বিশেষভাৱে তৈয়াৰ কৰা ‘গাপা’ আৰু ‘গাৰে’ পোছাক পিন্ধি বিহু নাচে। এই নৃত্যৰ লগে লগে তেওঁলোকে গীতো গাই যায়। উল্লেখ্য যে লৃগাঙত গোৱা গীত, নৃত্য, ঢোলৰ ছেও আদি মিচিং লোকসকলে তেওঁলোকৰ অন্য উৎসৱ-পাৰ্বণ আদিত কেতিয়াও পৰিৱেশন নকৰে। এনেদৰে বৃহৎ অসমীয়া জনগোষ্ঠীৰ অংশীদাৰ এই মিচিং লোকসকলে পৰম্পৰাগতভাৱে লোক-বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকৰ প্ৰধান জাতীয় উৎসৱসদৃশ এই আলিআই-লৃগাং উৎসৱটি প্ৰতি বছৰে অতি উলহ-মালহেৰে পালন কৰি আহিছে।
– মনোজ এম নেওগ